চ’ৰাঘৰ / সমকাল / দৰিদ্ৰ ছাত্ৰক সহায়ৰ বাবে আগবাঢ়ি আহক৷৷ জমিৰউদ্দিন তালুকদাৰ৷৷

দৰিদ্ৰ ছাত্ৰক সহায়ৰ বাবে আগবাঢ়ি আহক৷৷ জমিৰউদ্দিন তালুকদাৰ৷৷

যোৱা ২৫ মে’ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয় ৷ ঘোষিত ফলাফল অনুসৰি চলিত বৰ্ষত মেট্ৰিকত ৩,৪৪,২১৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হয় ৷ তাৰে ১,৮৯,১৯১ গৰাকী উত্তীৰ্ণ হয়৷ প্ৰথম বিভাগত ৬০,৯৮৭ গৰাকী, দ্বিতীয় বিভাগত ৮১,৮৫৩ গৰাকী আৰু তৃতীয় বিভাগত ৪৬,৩৫১ গৰাকী উত্তীৰ্ণ হয়৷ ৬,৪৭৭ গৰাকীয়ে ডিষ্টিংচন লাভ কৰে ৷ তাৰে শীৰ্ষ দহত ৩৫ গৰাকী ছাত্ৰই স্থান লাভ কৰে৷ চলিত বৰ্ষত উত্তীৰ্ণৰ হাৰ ৫৪·৪৪ শতাংশ৷ ১,৪৭,৯৪৪ গৰাকী ছাত্ৰ মেট্ৰিকৰ পৰীক্ষাত বিফল হয়৷ ৩,১৭৯ গৰাকী ছাত্ৰই পৰীক্ষা দিয়াৰ পৰা বিৰত থাকে৷ ৬,৬৬৮ গৰাকীৰ ফলাফল বন্ধ থাকে৷ মেট্ৰিক পৰীক্ষাত সাফল্য লাভ কৰা সকললৈ শুভেচ্ছা জ্ঞাপন কৰিলো৷ পৰীক্ষাৰ ফলাফলৰ এই বতৰত পৰীক্ষাত কৃতকাৰ্য লাভ কৰা ছাত্ৰসকলক সম্বৰ্ধনা, শুভেচ্ছা জনোৱাৰ এক ধুম উঠে৷ সফল ছাত্ৰসকলক দল-সংগঠন, সামাজিক, ৰাজনৈতিক সংগঠনৰ প্ৰতিনিধিয়ে শুভেচ্ছা জনোৱা দেখা যায় ৷ অৱশ্যে এনে শুভেচ্ছাই এই সকল ছাত্ৰক জীৱনত আগুৱাই যোৱাত প্ৰেৰণা দিয়ে ৷

ফলাফলে কঢ়িয়াই অনা এখন অন্যমুখ

প্ৰতি বছৰ মেট্ৰিক, হায়াৰ চেকেণ্ডাৰীৰ ফলাফল ঘোষণাৰ পিছত কেবাটাও চিত্ৰ সন্মুখলৈ আহে৷ খবৰ কাগজ বা টিভি চেনেলৰ জৰিয়তে এনে বহু মুখ দেখিবলৈ পাওঁ৷ প্ৰথমতে নগৰাঞ্চলৰ তুলনাত গ্ৰাম্যাঞ্চলৰ ফলাফল উন্নত, চৰকাৰী বিদ্যালয়ৰ তুলনাত বেচৰকাৰী বিদ্যালয়ৰ ফলাফল, বানে ধোৱা ধেমাজিৰ দৰে জিলাই ফলাফলত উন্নত প্ৰদৰ্শন, দুখীয়া পৰিয়ালৰ বহু মেধাৱী ছাত্ৰৰ জীৱনৰ ছবি ওলাই আহে ৷ এইবাৰো এনে অজস্ৰ মুখ ওলাই আহিছে৷ ফলাফলৰ ওপৰত বহু দিশ উন্মোচন হৈছে৷ এনে বহু মেধাৱী ছাত্ৰৰ জীৱনৰ কাহিনী শুনি আচৰিত হৈছো৷ অত্যন্ত গৰীৱ ঘৰৰ একোজন ছাত্ৰই কেনেকৈ জীৱন সংগ্ৰাম কৰি জীৱনৰ প্ৰথমটো মেধাৰ পৰীক্ষাত সফলতা আজুৰিছে৷ আমি প্ৰতিজন নাগৰিকে নিজৰ সমাজখনৰ চাৰিওকাষে চালে এনে বহু জীৱন্ত কাহিনী দেখিবলৈ পাম ৷

আমাৰ কৰণীয় কি ?

মেট্ৰিকত স্থান লাভ কৰা, ডিষ্টিংচন, ষ্টাৰ পোৱা, প্ৰথম বিভাগ লাভ কৰা ছাত্ৰক, দৰিদ্ৰ ঘৰৰ সফলতা লাভ কৰা ছাত্ৰক এতিয়া সম্বৰ্ধনা জনোৱাৰ ধুম উঠিছে৷ সকলোৱে ঘৰে ঘৰে গৈ এইসকল মেধাৱীক সম্বৰ্ধনা জনাইছে৷ কৰক, ভাল কথা৷ ময়ো কৰিছো৷ কিন্তু এইসকলক এতিয়া আচলতে প্ৰয়োজন কি? আজিৰ দিনত এনে বহু ছাত্ৰ আছে যিসকলৰ এখন ভাল স্কুলত নামভৰ্তি কৰিবলৈ টকাৰ অভাৱ৷ আৰ্থিক দুৰৱস্থাৰ হেতু এখন ভাল কলেজত নামভৰ্তি কৰিবলৈ অপাৰগ৷ এনে বহু ছাত্ৰ আছে যিসকলে মাত্ৰ এজোৰ কাপোৰেৰে মেট্ৰিক পৰীক্ষা দিছে, বহু ছাত্ৰ আছে যিসকলে এখন চাইকেলৰ অভাৱত খোজকাঢ়ি বিদ্যালয়লৈ গৈ এই সফলতা লাভ কৰিছে৷ এইসকলক এতিয়া গামোছা, জাপি দিয়াৰ পৰিৱৰ্তে আৰ্থিক সাহায্যৰ প্ৰয়োজন অত্যধিক৷ আৰু এটা কথা৷ কোনোবা ছাত্ৰই মেট্ৰিকত ৯৬ শতাংশ নম্বৰ পাই স্থান লাভ কৰিছে আৰু এজনে ৯৪ শতাংশ নম্বৰ পাইছে অথচ স্থান লাভ কৰা নাই৷ মনত ৰাখিব মেধাৰ তুলনাত এই দুয়োৰ মাজত বহু বেছি পাৰ্থক্য নাই ৷ কিন্তু আমি মাত্ৰ শীৰ্ষস্থান লাভ কৰা সকলক লৈ ব্যস্ত ৷ সেয়া হ’ব নালাগে৷

সমাজৰ দৰিদ্ৰ অথচ মেধাৱী বিদ্যাৰ্থীলৈ সহায়ৰ আহ্বান

মেট্ৰিক, হায়াৰ চেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হোৱা সমাজৰ দৰিদ্ৰ অথচ মেধাৱী ছাত্ৰসকলৰ কল্যাণৰ বাবে প্ৰতিখন সমাজ, গাঁও, মহল্লা আগবাঢ়ি আহক৷ মেধাৱী ছাত্ৰসকলক সহায়ৰ বাবে আমাৰ এই অঞ্চলত ‘আজমল সামাজিক দাতব্য ন্যাস’ (Ajmal CSR)ৰ দৰে সংস্থাই বহু পৰিমাণে কাম কৰি গৈ আছে৷ মেধাৱী অথচ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰক বিনামূলীয়াকৈ পঢ়াবলৈ সংস্থাটোৱে ‘আজমল চুপাৰ-৪০’ নামৰ এক প্ৰগ্ৰাম আৰম্ভ কৰিছে৷ এক লাখ টকাতকৈ কম বাৰ্ষিক আয় থকা পৰিয়ালৰ ৮৫ শতাংশ বা ততোধিক নম্বৰলৈ উত্তীৰ্ণ হোৱা ছাত্ৰসকলক এই আঁচনিৰ অধীনত বিনামূলীয়াকৈ পাঠদান দিয়া হয়৷ তাৰ বাবে ইচ্ছুকসকলে আজমল ফাউণ্ডেছনৰ সৈতে যোগাযোগ কৰিব পাৰে৷ ঠিক তেনেদৰে আমিও স্থানীয় পৰ্যায়ত কিছু কাম কৰিব পাৰি৷ প্ৰতিখন সমাজ বা মহল্লাৰ মানুহে একত্ৰিত হৈ নিজ নিজ গাঁও বা মহল্লাৰ এনে মেধাৱী ছাত্ৰসকলক সহায়ৰ বাবে আগবাঢ়ি আহিব পাৰে৷ এই কাম গাঁওকেন্দ্ৰিক হ’লে ভাল ৷ আজমল দাতব্য ন্যাসৰ লগতে অন্য বহু সংস্থাই সহায়ৰ কাম কৰিছে৷ ব্যক্তিগত পৰ্যায়তো হৈছে ৷ সেয়া আদৰণীয়৷ আমি নিজেও এই অভিযানত সহযাত্ৰী হোৱা সময়ৰ দাবী ৷ মোৰ দৃষ্টিত গৰিৱ ছাত্ৰৰ বাবে এখন গামোছাত কৈ এজোৰ ইউনিফৰ্ম প্ৰয়োজনীয়তা অধিক ৷ মানপত্ৰতকৈ কিতাপৰ প্ৰয়োজন৷ এই কথাবোৰলৈ সকলোৱে মন দিয়ক ৷ মই ব্যক্তিগতভাৱে গামোছা পিন্ধাই ফটো উঠাৰ বিৰোধী ৷ দুখন মান উঠাই লৈছো তাৰ বাবে ক্ষমা প্ৰাৰ্থী ৷ তাৰ সলনি নিজ নিজ এলেকাৰ দুখীয়া ছাত্ৰসকলক এখন কলেজত নামভৰ্তি কৰি দিয়াৰ গৌৰৱ অৰ্জন কৰক ৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে