দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / কথাশিল্প / নাৰী, তোমাৰ দেহৰ বাবে৷৷ কোকিল৷৷

নাৰী, তোমাৰ দেহৰ বাবে৷৷ কোকিল৷৷

দেশ কালৰ সকলো নিস্তৰংগ 
স্থিতৱস্থা বুৰ্জোৱাৰ বিপৰীতে কবিতা লিখা বাদ দি
মই এই মুহূৰ্তত কেৱল তোমাৰ শৰীৰৰ কথাকেই কবিতাত লিখিব খুজিছোঁ

দূৰ নিলগৰ পাহাৰটো মোৰ বুকুৰ মাজতেই ডাঙৰ হৈছে
সেই কথা তোমাক ক’বলৈ আছে

পৃথিৱীৰ সমস্ত ৰং ৰূপ তোমাৰ মাজতেই আছে
সকলো উপঢৌকণ, সাগৰীয় বন্দৰ,যুদ্ধ ভূমি তোমাৰ
শৰীৰতেই অাছে
সেই কথা মই ক’বলৈ অাছে

তোমাৰ শৰীৰত নদী অাছে
অাছে সাম্য মৈত্ৰী চুক্তি
বিশ্বকাপ যাদু চিনেমা
মালভূমি সমতল গুহা অৰণ্যাণি
বিপন্ন ডালিম গছ তোমাৰ মাজতেই অাছে
সেই কথা ক’বলৈ অাছে

তোমাৰ শৰীৰতেই অাছে সমাহিত মৃত্যু
দুখ সুখ অহংকাৰ বিশ্বাস অাৰু প্ৰেম
ৰহস্য মহত্ব বৈচিত্ৰ
ভাষা বৰষুণ ৰ’দ অাকাশ নীলা
সকলো অাছে
সেই কথা ক’বলৈ অাছে

তোমাৰ মাজতেই মই মোৰ পৃথিৱী বিচাৰিছো
সেই কথা ক’বলৈ অাছে
সেই কথা ক’বলৈয়ে এই কবিতা
সকলো কবিতা তোমাৰ মাজতে

কিবা এটা কোৱা হোৱা নাই
ক’বলৈ অাছে
তোমাৰ দেহেই পৃথিৱী
তোমাৰ দেহেই ৰম্যভূমি
অানকি, তোমাৰ দেহৰ ভিতৰতে অাছে সঞ্জীৱনী

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে