দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / অনুবাদ / এজন বিদ্ৰোহী কবিৰ কাহিনী৷৷ কোকিল শইকীয়া৷৷

এজন বিদ্ৰোহী কবিৰ কাহিনী৷৷ কোকিল শইকীয়া৷৷

১৯৩৫ চনত চালভাদৰ চহৰত জন্ম হোৱা কবি ৰোকে ডালতনৰ বিষয়ে ক’বলৈ ওলাইছোঁ। এটা ধনী পৰিয়ালত জন্মগ্ৰহণ কৰা ডালতনে উচ্চ শিক্ষাৰ University of Chile ত পঢ়িবলৈ যায় আৰু তাতে তেওঁ মাৰ্ক্সবাদৰ প্ৰতি আকৃষ্ট হৈ মাৰ্ক্সবাদ আৰু সমাজ বিপ্লৱ সম্পৰ্কে প্ৰচুৰ অধ্যয়ন কৰে। তাতে তেওঁ কবিতা চৰ্চাও আৰম্ভ কৰে। গৃ্হ চহৰ চালভাদৰলৈ ঘুৰি আহি ডালতনে ১৯৫৬ চনত Communist Party of El Salvador ত যোগদান কৰে। ১৯৫৯-৬০ লৈ হোৱা কৃষক অভ্যুত্থানত সক্ৰিয় অংশ গ্ৰহণ কৰি Jose Maria Lemus ৰ শাসন কালত সামৰিক বাহিনীৰ হাতত গ্ৰেপ্তাৰ হয় আৰু মৃত্যুদণ্ডৰ নিৰ্দেশ দিয়া হয় । কিন্তু আচৰিতভাবে নিৰ্ধাৰিত ফাঁচীৰ দিনাই সেই স্বৈৰ শাসকৰ পতন হয় আৰু ডালতন সাৰি যায়।

১৯৬১ চনত দেশ এৰি ডালতন মেক্সিকোলৈ যায়। তাতেই তেওঁৰ কাব্য প্ৰতিভাৰ বিকাশ ঘটে। তাৰপিছত তেওঁ কিউবালৈ যায় আৰু তাত প্ৰচুৰ পৰিমাণে কবিতা আৰু বিভিন্ন ৰাজনৈতিক প্ৰৱন্ধ প্ৰকাশ কৰি সুনাম অৰ্জন কৰে। কিউবাৰ পৰা প্যাৰাগুলৈ যায় আৰু তাত তেওঁৰ ৰাজনৈতিক বক্তৃতাই বহুতকে মোহিত কৰে।

১৯৬৫ ত তেওঁ চালভাদৰলৈ ঘুৰি আহে আৰু সেই সময়ত তাত চলি থকা সশস্ত্ৰ সংগ্ৰামত যোগ দিয়ে। প্ৰথমে তেওঁক বিপ্লৱীসকলে সামৰিক বাহিনীত ৰাখিবলৈ অস্বীকাৰ কৰিছিল যদিও ডালতনে প্ৰমাণ কৰি দিয়ে যে কবি হৈ কলম ধৰিলেও তেওঁ প্ৰয়োজনত বন্দুক ধৰিবলৈও সক্ষম । ইয়াৰ আগতে কিউবাত ডালতনে কিছুদিন সশস্ত্ৰ সংগ্ৰামৰ প্ৰশিক্ষণ লৈছিল । সেই বিপ্লৱতে ডালতোন আকৌ গ্ৰেপ্তাৰ হয় আৰু তেখেতক ফাঁচিৰ নিৰ্দেশ দি্যা হয় । কিন্তু আচৰিত ধৰণে ফাঁচিৰ নিৰ্ধাৰিত তাৰিখৰ কিছু আগতেই এটা ডাঙৰ ভুমিকম্প আহে আৰু কাৰাগাৰৰ দেৱাল খহি পৰে । তেনেকৈয়ে ডালতোনে মৃত্যুৰ পৰা পলাই সাৰিবলৈ সক্ষম হয় । তাৰ পৰা ছদ্মবেশ ধৰি আহি তেওঁ পুনৰ বিপ্লৱী সতীৰ্থসকলৰ লগত যোগাযোগ কৰি সশস্ত্ৰ সংগ্ৰামত যোগ দিয়ে । কিন্তু দুখৰ কথা এয়ে যে Peoples’s Revolutionary Armyৰ মাজত হোৱা এক অৰ্ন্তসংঘৰ্ষত ডালতনৰ মৃত্যু হয় । এইজনা বিপ্লৱী কবি তেখেতৰ ব্যক্তিত্ব , লিখনি, বিপ্লৱী সত্ত্বা আৰু বহেমিয়ান জীৱন শৈলীৰ বাবে সদায় সকলো কবি-বিপ্লৱীৰ আদৰ্শ হৈ থাকিব ।

• ডালতনৰ এটা জনপ্ৰিয় কবিতা অনুবাদ কৰিবলৈ চেষ্টা কৰিলোঁ-

তোমাক ভাল পাওঁ এই জীৱনৰ দৰে
গোলাপৰ গোন্ধৰ দৰে, নীল আকাশৰ দৰে
ব’হাগৰ মনোৰম সেউজীয়াবোৰৰ দৰে

মোৰ তেজ উথলি উঠিছে
চকুহালে মিছিকিয়াইছে
যদিও ইয়াৰ আঁৰত আছে অনন্ত চকুলো

মই বিশ্বাস কৰোঁ পৃথিৱীখন সুন্দৰ
আৰু কবিতাও, ৰুটিৰ দৰেই সকলোৰে বাবে

মোৰ শিৰাবোৰ মোৰ মাজতে শেষ হৈ যোৱা নাই
ই বৈ আছে, প্ৰসাৰিত হৈছে সেই সকলৰ মাজলৈ
যিসকলে জীৱনৰ বাবে যুঁজিছে
ভালপোৱাৰ বাবে যুঁজিছে
ৰমণীয় প্ৰকৃতিৰ বাবে
আৰু এটা কবিতাৰ বাবে, যিটো কবিতা সকলোৰে বাবে ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে