দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / কথাশিল্প / তৃতীয় জগত৷৷ মদাৰজ্যোতি৷৷

তৃতীয় জগত৷৷ মদাৰজ্যোতি৷৷

পানীপোতাত নদীয়া পাতি
গিৰিহঁতনী

সৰণ খেৰৰ উঁৱলা ছাল
চাবেক নজনা প্ৰফুল্লৰ হাতে
তমালে বন্ধা এযুগ কাল

কটা নিধক মতা,
সোঁৱৰালো তিনি বেলিৰ আগতেই
বোলো খেৰ ইকৰা আন
এতিয়া মুঠা বান্ধি উলুৰে গোটাই ল বিৰিণা
ছবছৰ আয়ুসৰ সঞ্জাত নোপোৱাকৈ

ছালৰ ফুটাৰে কোন ঘৰ-গোণাই লেখে
আকাশৰ তৰা
চৰকাৰী গৃহও উজানত নপৰা

বোলো হাত ভৰি চলা
কপাল-ফুলাখিনিও সৰকে ঘন চালনীৰেহে

এই দেশ ধোবাৰ বেশৰ
ডিটাৰ্জেন্ট পাউদাৰৰে মচিব পাৰে
কোনে কিমান কলা দাগ
তাতেই তেৰাৰ কদৰ

পৰি আছে সদৰৰ মুখত
কৃষ্ণ শুক্ল দুয়োতে ব্ৰত ভঙা অজগৰ৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে