চ’ৰাঘৰ / কথাশিল্প / হীৰেন ভট্টাচাৰ্য৷৷ মনোজ বৰপূজাৰী৷৷

হীৰেন ভট্টাচাৰ্য৷৷ মনোজ বৰপূজাৰী৷৷

কামিজৰ সীয়নিত দুখ, দুখৰ স্তুতি
মোৰ গাত হাত থ’লেই পাবা হীৰেন নামৰ কবি –

এই কবিতাফাঁকি অসমীয়া কাব্যপ্ৰেমী পঢ়ুৱৈৰ বাবে অতিকৈ চিনাকি। অসমৰ সৰ্বকালৰ জনপ্ৰিয় কবিগৰাকীৰ বহুতো কবিতাৰ পংক্তিয়ে অজস্ৰ কাব্যসুধী লোকৰ মনত গুণগুণনি তুলি আহিছে। এই কবিৰ আৰু একো নাই/এটাই মাথোঁ কামিজ/তাৰো ছিগো ছিগো চিলাই / প্ৰেম নিশ্চয় এনেকুৱাই/আৱৰণ খুলি হৃদয় জুৰায় বুলি ক’লে কবিগৰাকীৰ নামটো নোকোৱাকৈ সকলোৱে জানি যায়, – ঠিক তেনেকৈ ‘দেশ বুলি ক’লে আদেশ নালাগে/মোৰ তেজত টগবগাই উঠে/এহেজাৰ এটা ৰণুৱা ঘোঁৰা’ বুলি কোনো আন্দোলনকাৰীয়ে বেনাৰত লিখি ল’লেও ক’ব নালাগে এয়া কোনগৰাকী কবিৰ সৃষ্টি। এইজনেই হ’ল স্বভাৱ কবি ৰূপে পৰিচিত হীৰেন ভট্টাচাৰ্য। সমাজ আৰু জীৱনৰ উদযাপনেই তেওঁৰ কবিতাৰ প্ৰধান অন্বিষ্ট। ৫০ৰ দশকৰ মাজভাগৰপৰা কবিতা লিখিবলৈ আৰম্ভ কৰি তেওঁ জীৱনৰ জয়গান গাই আহিছে। জীৱনৰ স্বাৰ্থত গাইছে নিয়ম ভঙাৰ গান। ‘গানহীন মানুহৰ কল্যাণ’ তেওঁৰ বাবে পৰম বাঞ্চিত৷ সেই উদ্দেশ্য লৈয়ে তেওঁ আৰম্ভণিৰেপৰা হৈ আছে ‘আকাশৰ দুৱাৰৰখীয়া’ আৰু ‘প্ৰেমে প্ৰতিবাদে সজাগ মানুহৰ দৰে মানুহ’।

কিন্তু এই সজাগতাৰে কবি নিজে হৈ আছে যন্ত্ৰণাদগ্ধ। সেইবাবেই ‘দুখৰ স্তুতি’ তেওঁৰ বাবে অন্যতম কাব্যিক প্ৰপঞ্চ। কবিৰ ‘কামিজৰ সীয়নিত দুখ’, অনুভূতিত ‘উতলা দুখৰ’, কণ্ঠত ‘শোকৰ শ্লোক’। পাছে দুখ-শোকত তেওঁ ভাগি পৰা নাই, বৰঞ্চ নতুন প্ৰত্যয়েৰে শব্দৰ সৈতে অভিন্ন সংসাৰ পাতিছে। এই কাম তেওঁৰ বাবে অনায়াসলব্ধ ; কাৰণ শব্দৰ ওজন, স্বাদ, সকলোৱেই তেওঁৰ পৰীক্ষাত সহজে ধৰা দিয়ে। শব্দ তেওঁৰ বাবে ‘শুভংকৰ সংগীত কিম্বা উচ্চতৰ গণিত’। এইজনেই হ’ল মিতভাষী কবি হীৰেন ভট্টাচাৰ্য, যিজনে অসম উপত্যকা সাহিত্য বঁটা (২০০১) গ্ৰহণ কৰি দিয়া ভাষণত কৈছিল যে কবিতাই তেওঁৰ জীৱন আৰু জীৱিকা। তেওঁৰ দৃষ্টিত কবিতাৰ বাহিৰে কবিৰ চিনাকি নাই ; আনকি কবিগৰাকীৰ জীৱনপঞ্জীও পঢ়ুৱৈৰ বাবে অৰ্থহীন বুলি তেওঁৰ দৃঢ় ধাৰণা। তেওঁৰ এই বক্তব্যৰ অৰ্থ হ’ল কবিতা নৈৰ্ব্যক্তিক হ’ব নোৱাৰে। দেখ-দেখকৈ ই এলিয়টীয় ধাৰণাৰ বিৰুদ্ধাচৰণ কৰিছে।

পাছে হীৰেন ভট্টাচাৰ্যৰ কাব্যিক দৰ্শন যিমানে ভিন্নতৰ (সেয়ে চিত্তাকৰ্ষক) নহওক কিয়, মূলতঃ তেওঁ জনপ্ৰিয় এক স্বকীয় প্ৰকাশভংগীৰ বাবে, এক নিজা ‘ষ্টাইল’ৰ বাবে। কেৱল অসমীয়া পঢ়ুৱৈ সমাজতে নহয়, তেওঁৰ জনপ্ৰিয়তা বাংলা আৰু অন্যান্য ভাৰতীয় ভাষাৰ পঢ়ুৱৈৰ মাজতো কম নহয়। ১৯৩২ চনত যোৰহাটত জন্মগ্ৰহণ কৰা হীৰেন ভট্টাচাৰ্যৰ পিতৃ আছিল জেইলাৰ। পৰিয়ালৰ সৈতে অসমৰ ইমূৰৰপৰা সিমূৰলৈ ঘূৰি ফুৰিব লগা হোৱাত তেওঁৰ শিক্ষাজীৱন অতিবাহিত হৈছিল ডিব্ৰুগড়ৰপৰা গুৱাহাটীলৈ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ কেইবাখনো চহৰত। সেইদৰে লোক-জীৱনৰ বৈচিত্ৰ্যময় দিশবোৰ কাষৰপৰা দেখাৰ সুযোগে তেওঁৰ ভাষিক-সাংস্কৃতিক চেতনাকো ডেউকা দিছিল। দিহিঙে-দিপাঙে ঘূৰি ফুৰাৰ হেঁপাহ যেন তেওঁৰ আজন্ম লগৰী। তেনেকৈয়ে সৰ্বসাধাৰণ মানুহৰ প্ৰাণৰ ভাষাটো হীৰেন ভট্টাচাৰ্যৰ কবি সত্তাৰ অন্তৰ্গত হৈ পৰিছিল। বহু ঠাইৰ বহু মানুহৰ সংস্পৰ্শলৈ আহি তেওঁ যিমান মেল-মিটিঙলৈ গৈছে আন কোনেও সিমান যোৱা নাই বুলি তেওঁ দাবী কৰে। বিদ্যালয়ত নপঢ়া হ’লেও কিজানি অসমীয়া ভাষাটো শিকিলেহেঁতেন বুলিও তেওঁ এঠাইত কৈছিল। শব্দই ভাষাৰ মূল সম্পদ আৰু তেওঁৰ কবিতাত শব্দৰ ব্যৱহাৰে কাব্যিক ভাষাক এটা স্বকীয় গতিশীলতা আৰু জীৱনমুখী কালিকা প্ৰদান কৰিছে। বিশেষকৈ সমসাময়িক বাস্তৱতাৰ ভেটিত কবিয়ে যেতিয়া কবিতাৰ বক্তব্যত অৰ্থঘনত্ব প্ৰদান কৰে, তেতিয়া উপমা-উৎপ্ৰেক্ষাৰ প্ৰয়োগ হীৰেন ভট্টাচাৰ্যৰ কবিতাত অতিশয় ব্যঞ্জনাধৰ্মী হৈ উঠে। সুগঢ়ী স্থাপত্যৰ দৰে তেওঁৰ কবিতাৰ নিৰ্মাণ কৰে। চিত্ৰধৰ্মী ভাষা এই নিৰ্মাণত হৈ পৰে অবিচ্ছেদ্য অংশ। ‘বজ্ৰৰ বাবে থোৱা মোৰ হাড়ত অনুভৱ কৰিলোঁ বাঁহীৰ মাত’ – ভট্টাচাৰ্যৰ এই পংক্তিটোৱেই তেওঁৰ কাব্য ভাৱনাৰ স্বকীয়তা অবিমিশ্ৰ ৰূপত তুলি ধৰা নাইনে?

দৰাচলতে স্বৰাজোত্তৰ কালৰ প্ৰগতিশীল ভাবাদৰ্শ আৰু সমাজবাদী ধাৰাটোৱে তেওঁৰ কাব্য-চৰ্চাক এটা সুকীয়া আয়তন দিছিল। আৰম্ভণিতে থকা এক ৰোমাণ্টিক মংগলবোধ আৰু সামূহিক উত্তৰণৰ অভীপ্সাত স্বাভাৱিকতে লক্ষণীয় আছিল এক প্ৰগলভতা। কিন্তু ৬০-ৰ দশকৰপৰাই তেওঁ অধিক সংহত প্ৰকাশভংগী আত্মস্থ কৰি লয়। ২২ বছৰ বয়স হওঁতে তেওঁ প্ৰথম কবিতা প্ৰকাশ পোৱা দুয়োখন আলোচনী ‘আৱাহন’ আৰু ‘প্ৰবাহ’ আছিল প্ৰগতিশীল চৰিত্ৰৰ। তাৰ এটা দশক পাছতে হীৰেন ভট্টাচাৰ্য সৰ্বভাৰতীয় প্ৰগতিশীল লেখক সংঘৰ অসম শাখাৰ উপ-সভাপতি পদত অধিস্থিত হয়। ‘সময়-শাণিত তৰোৱালৰ চিকমিকনিত’ তেওঁ নতুন পৃথিৱীৰ স্বপ্ন দেখে। ৬০-৭০-ৰ দশকত তেওঁৰ কবিতাত বাংময় হৈ উঠিছিল সশস্ত্ৰ ৰাজনৈতিক সংগ্ৰামৰ কাব্যিক অনুভূতি। যথা—
‘বন্দুকতো দূৰৰে কথা /ধনু-কাড়োঁ জুৰিব নোৱাৰোঁ/ আইজনীৰ মাকৰ / ল’ৰা এটা হ’লে ভাল হয় এথোন। / খেতিয়কৰ ল’ৰাৰ বোলে / হাত বৰ পোন!’

অথবা, ‘আই, মই আজি সঁচাকৈয়ে বৰ হিস্ৰ হৈ উঠিছো মোৰ নিয়াৰিৰ কাচিখনলৈ এবাৰ চালেই বুজিব পাৰিবা কাৰ ডিঙিৰ জোখেৰে গঢ়িছোঁ।’

অকালতে ঘাতকৰ হাতত হেৰাই যোৱা অনামী সংগ্ৰামীক লৈ তেওঁ ভালেকেইটা মৰ্মস্পৰ্শী কবিতা তেতিয়াই লিখিছিল। নাজিম হিকমতৰ দৰে বিদ্ৰোহী কবিৰ সোঁৱৰণীত তেওঁ দুৰ্মদ প্ৰতিবাদৰ ভাষাৰে পৃথিৱীৰ ক্লীৱ অৱসাদ আঁতৰোৱাৰ অংগীকাৰ কৰে। বিদ্ৰোহী হেনা গাংগুলীৰ হত্যাত ব্যথিত হৃদয়েৰে তেওঁ লিখে এটা মৰ্মন্তুদ শ্লেষাত্মক ভাষাৰ কবিতা। মেক্সিম গৰ্কীৰ শতবাৰ্ষিকীত লিখা কবিতা, জ্যোতিপ্ৰসাদৰ সোঁৱৰণীত, বিষ্ণুপ্ৰসাদ ৰাভাৰ আৰোগ্য কামনাত, পুনৰ ৰাভাদেউৰ বিয়োগত, পাবলো নেৰুদাৰ স্মৰণত লিখা কবিতাৱলী আজিও অবিস্মৰণীয়। স্মৰ্তব্য যে ভাৰতীয় গণনাট্য সংঘত তেওঁ ৫০ৰ দশকতে সক্ৰিয়ভাৱে জড়িত হৈছিল। লগ পাইছিল হেমাংগ বিশ্বাস, বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে ব্যক্তিক। আদৰ্শগত কাৰণত সংঘৰ সৈতে তেওঁৰ পাছলৈ সম্পৰ্কৰ বিচ্ছেদ ঘটে৷ অৱশ্যে সমাজবাদী দৰ্শনৰপৰা তেওঁ আঁতৰি যোৱা নাছিল। স্বৰাজোত্তৰ কালৰ ৰাজনৈতিক জটিলতাই দেশৰ বাওঁপন্থী শিবিৰত বিভাজন ঘটোৱাৰ ফলশ্ৰুতি সাংস্কৃতিক ক্ষেত্ৰতো পৰিলক্ষিত হয় যদিও ভট্টাচাৰ্যৰ দৰে জনতাৰ প্ৰকৃত মুক্তিৰ অনুশীলন কৰা কবিৰ পক্ষে মূল দৃষ্টিভংগীৰ লৰচৰ হোৱা দেখা নগ’ল।

বেশ্যান্তৰিত শাসক স্বভাৱদোষত স্ফীতোদৰ বণিকৰ ক্ৰীতদাস, সন্ন্যাসে শোভা কৰে জানো কবিক, কলম যাৰ জাগৰ তৰোৱাল? কাব্যতো নহয় সহজ পণ্য, অন্য ধাতুৰে গঢ়া তাৰ বিপন্ন শৰীৰ তেজত প্ৰতিবাদ, সত্তাত বিপ্লৱ। আনকি, ৯০ৰ দশকৰ সমাজবাদী ৰাজনৈতিক শিবিৰৰ বিশ্বজোৰা সংকটেও ভট্টাচাৰ্যৰ দৰে স্থিতধী প্ৰকৃতিৰ কবিক বিপৰ্যস্ত, আত্মশ্লাঘাৰ কোলাত আচ্ছন্ন কৰিব নোৱাৰিলে। অৱশ্যে তেওঁৰ দৰে ৰৌদ্ৰ কামনাৰে অধীৰ কবিয়ে মূল্যবোধৰ অৱক্ষয়ত শংকিত, আহত হোৱাও নিতান্তই অৱধাৰিত। সেয়ে তেওঁ লিখিলে- ‘মোৰ গাত আহি পৰে কাৰ ঘনিষ্ঠ উশাহ? / মই ঘৰলৈ ওভতোঁ, প্ৰাচীন কাঁহত বাজে বাস্তৱ। / দীঘল হৈ আহে মোৰ নষ্ট ভৰিৰ খোজ।’ সন্দেহ নাই, কবিতাই তেওঁৰ জীৱন আৰু কবিতাই তেওঁৰ জীৱিকা, বাকীবোৰ ক্ষণস্থায়ী। ৫০-ৰ দশকতে হীৰেন ভট্টাচাৰ্যই কিছুদিন শিক্ষকতা কৰিছিল বোৰ্কা হাইস্কুলত। আচলতে তেওঁ পঢ়িবলৈ গৈছিল। চেহেৰা পাতিলৈ চাই প্ৰধান শিক্ষকে পঢ়ুৱাবলৈহে দায়িত্ব দিয়ে। আনুষ্ঠানিক শিক্ষাত পাছে তেওঁ কেনোকালে মন বহুৱাব নোৱাৰিলে। তদুপৰি শব্দ আৰু কলমৰ নিৰন্তৰ শ্ৰমিক হৈ থাকিলেও তেওঁ পুথিগত বিদ্যা, আনকি পুথি অধ্যয়নৰ প্ৰতিও অকণো ৰাপ নাই। যি শিকিছে বা বুজিছে, সকলো অভিজ্ঞতাৰ কষটি শিলত পৰীক্ষা কৰি লৈছে। ৫০-ৰ দশকতে তেওঁ গুৱাহাটীৰ চানমাৰিত এখন চাহ দোকানো খুলিছিল, পাছে বেছি দিন নিটিকিল। তেতিয়াই শিল্প-সংস্কৃতিমূলক আলোচনী ‘চিত্ৰবন’ৰ প্ৰকাশ আৰু সম্পাদনাৰ দায়িত্ব নিজে লৈছিল। এই নামটোৰেই পাছত তেওঁ বাসগৃহৰ চৌহদত এটা ছপাশাল প্ৰতিষ্ঠা কৰে। প্ৰথম কবিতা-সংকলনৰ প্ৰকাশ ১৯৬৮-ত, নাম ‘ৰৌদ্ৰ কামনা’ । ৬০ৰ দশকত আন দুখন মননধৰ্মী কিন্তু ক্ষণজীৱী আলোচনী তেওঁ সম্পাদনা কৰে। প্ৰয়াত ব্ৰজেন বৰুৱা আৰু দধি মহন্তৰ বিষয়ে প্ৰকাশিত জীৱনীমূলক গ্ৰন্থ দুখনৰ সম্পাদনাও তেওঁ বহন কৰে। নিজৰ কাব্য-সংকলনৰ লগতে নৱকান্ত বৰুৱা, কেশৱ মহন্ত, অজিৎ বৰুৱা আদি লব্ধপ্ৰতিষ্ঠ কবিৰ গ্ৰন্থও হীৰেন ভট্টাচাৰ্যই নিজা খৰচেৰে প্ৰকাশ কৰিছিল। আনহাতে, কেইবাখনো তেওঁৰ স্বৰচিত গীতৰ সংকলনো প্ৰকাশ পাইছে। গীত আৰু কবিতাৰ আত্মীয়তা বিচাৰি পোৱা ভট্টাচাৰ্যৰ গীত আকাশবাণীয়ে পৰিৱেশন কৰি আহিছে ১৯৬৯ চনৰপৰাই।

হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ আন এক লক্ষণীয় বৈশিষ্ট্য হ’ল ধ্বনিমাধুৰ্য। হয়তো শব্দৰ ধ্বনিময়তাক তেওঁ কবিতাৰ অংগ বুলিয়ে ভাবে। তাৰ বাবেই তেওঁ কবিতাৰ পাঠ অন্তৰেৰে ভাল পায়। ‘পাঠেই কবিতাৰ জীৱন শব্দৰ শিল্প কবিতা ছপাৰ আখৰতেই আবদ্ধ নহয়। ই যে কণ্ঠৰো শিল্প।’ তেওঁ অসম সাহিত্য সভাৰ ৫২-তম কামপুৰ অধিৱেশনৰ কবি সন্মিলনত সভাপতিত্ব কৰি এইদৰে কৈছিল. ‘সৃজনশীল পাঠে সাহিত্যৰ নতুন বাট মুকলি কৰে’ বুলি তেওঁ সাহিত্য অকাডেমি বঁটা গ্ৰহণৰ (১৯৯২) ভাষণটোত উল্লেখ কৰে। হয়তো এইবাবেই তেওঁ নিজৰ কবিতাৰ পাঠেৰে কবিতাৰ অডিঅ’ কেছেটো উলিয়াইছে।

ধ্বনিৰ বিপৰীতে চিত্ৰৰ নীৰৱ ভাষাৰ সৈতেও কবিতাৰ ওচৰ সম্বন্ধ থকাৰ বিষয়ে কবিৰ ধাৰণা যে স্বীয় তাৰ প্ৰমাণ দিয়ে ৰং-তুলিকাৰ সৈতে তেওঁৰ নিবিড়তাই। নিজে অঁকা পানীৰঙৰ ছবি আৰু কলাজেৰে নিজৰ কবিতা-সংকলনৰ বেটুপাত আৰু ভিতৰৰ পৃষ্ঠা তেওঁ সজাইছে। ‘মোৰ দেশ মোৰ প্ৰেমৰ কবিতা’ (১৯৭২), ‘বিভিন্ন দিনৰ কবিতা’ (১৯৭৪), ‘সুগন্ধি পখিলা’ (১৯৮১), ‘শইচৰ পথাৰ মানুহ’ (১৯৯১), ‘ভালপোৱাৰ বোকা-মাটি’ (১৯৯৫), ‘ভালপোৱাৰ দিকচৌ বাটেৰে’ (২০০০) আদি প্ৰায় প্ৰতিখন সংকলনৰ বহুকেইটা সংস্কৰণ প্ৰকাশ পোৱাটোৱেও তেওঁৰ জনপ্ৰিয়তা প্ৰমাণ কৰে। উল্লেখনীয় যে কবি ভট্টাচাৰ্যৰ ৰসবোধ তেওঁৰ ব্যক্তিত্বৰ আন এটা দিশ। তেওঁৰ বিচিত্ৰ ৰসিকতা, বুদ্ধিদীপ্ত হাস্যৰসাত্মক কথা আৰু টিপ্পনীবোৰে দেশৰ এগৰাকী জনপ্ৰিয় স্তম্ভ লেখক খুশৱন্ত সিঙৰ দৰে লোককো আকৃষ্ট কৰাৰ উদাহৰণ আছে৷ মূলতঃ তেওঁ কবিতাৰ এজন সাধক, যাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতো কাব্যময়। জীৱনৰ উদযাপন হ’ল তেওঁৰ কবিতাৰ সাৰবত্তা৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে