চ’ৰাঘৰ / কথাশিল্প / অনুভৱ / হেমাংগ অথবা অন্যান্য৷৷ নিজৰা ৰাজকুমাৰী৷৷

হেমাংগ অথবা অন্যান্য৷৷ নিজৰা ৰাজকুমাৰী৷৷

১১জানুৱাৰী, ২০১৮-ৰ সন্ধ্যা। কাৰোবাৰ বাবে হয়তো এটা গতানুগতিক সন্ধ্যা, কাৰোবাৰ বাবে উলাহৰ, হয়তো দুখ অথবা সৃষ্টিৰ। অাৰু মোৰ বাবে? চৈধ্যমহীয়া সন্তানৰ অচেতন ,নীলাপৰা কনমাণি শৰীৰটো বুকুত সাৱটি চিকিৎসালয়মুখী বাটত থমকি থমকি ৰোৱা সন্ধ্যাটো এজনী মাকৰ বাবে কেনে হ’ব পাৰেনো !! ভাবিছিলো অাজি মোৰ সকলো শেষ হৈ গ’ল ।প্ৰাৰ্থনা নে তেজ নিগৰি ওলাইছিল বুকুৰ পৰা, সেইকথা অাজিও বুজিব নোৱাৰো। মহানগৰীৰ এখন হস্পিতালত কনমানিজনীক সামান্য সুস্থ কৰি সেইখন হস্পিতালত বেবী অাই চি ইউ নথকাত অামি ঢাপলি মেলিছো অান এখন হস্পিতাললৈ। সমুখত মাথোঁ অন্ধকাৰ। সেই অন্ধকাৰৰ গহ্বৰৰ পৰা যেন ৰিণি ৰিণি ভাঁহি অাহিছে প্ৰাৰ্থনা-সংগীত অাৰু কেইঘন্টামান অাগৰ কনমাণিজনীৰ হাঁহি। মোৰ ডাঙৰ ছোৱালী সোণালী চৰায়ে চকুত চকুপানী লৈ কনমানিৰ ভৰি দুখন সাৱটি অাছে। অাস্থাৰ উঁহ হৈ তাইৰ দেউতাকৰ মাতটোও শুনা যেন পালো—মই অাছো ,মই অাছো …।এইবাৰ তাই মাত্ৰ এপলকৰ বাবে কান্দি উঠিল। অামি কিছু সকাহ পালো। যেন মোৰ মৃত্যু হৈছিল অাৰু তাইৰ কান্দোনেৰে হাঁওফাঁৱত অক্সিজেন ভৰাই মই জী উঠিলো। ৰাজপথত অামাৰ গাড়ীৰ সমূখত, পিছত, কাষত অনেক দুচকীয়া-চাৰিচকীয়া বাহনৰ লানি। কিন্তু মইযে চৌপাষৰ কোনো শব্দই শুনা নাই।ইমান নিজান-নিমাতনে সন্ধ্যাৰ জি এছ ৰোড? হঠাৎ ভুলে-শুদ্ধই স্মৃতিৰ পৰা উঠি অাহিছে কবিতাৰ পংক্তি—”সকলো ভাষাৰ বিৰতিত /একেই নিৰৱতাত নিজৰ সৈতে অালাপ/সকলো পৰিচ্ছদৰ ভিতৰত/একেই নগ্নতাত নিজৰ সৈতে সাক্ষাৎ…”

জীৱনৰ চূড়ান্ত অসহনীয়-যন্ত্ৰণাদায়ক মুহূতৰ্তো কিয় কাৰোবাৰ কবিতাৰ পংক্তি এটাই মনত জোনাকী পৰুৱা এটামান হ’লেও পোহৰ দি থৈ যায়? এয়াই চাগে সাহিত্যৰ সফলতা। বোধৰ প্ৰাৱল্য। জীৱনে অাহৰণ কৰা সকলো বিষয় হয়তো মগজুৰ কোঁহে কোহেঁ একে গাঢ়তাতে থাকে।পৰিৱেশ-পৰিস্থিতি অনুসৰি সেইমুহূৰ্তত দৰকাৰী বুলি ভবা বিষয়টো চাগে মগজুৱে অামাক মুহূৰ্ততে ক্ল’জ শ্বটত দেখুৱাই দিয়ে। তেতিয়া কথাখিনিহে জৰুৰী অাছিল,কবি নহয়। দুৰ্যোগৰ সময় শেষ হোৱাৰ পাছত মনলৈ অাহিছিল কবিতাটো এখন উজ্জ্বল কমলাবৰণৰ বকলাৰ কিতাপৰ অংশ অাছিল। কিতাপখন—অথবা। কবি, হেমাংগ কুমাৰ দত্ত। এসময়ত ‘অথবা’ৰ কেইবাটাও কবিতা মুখস্থ অাছিল। কাৰণ ছাত্ৰী অৱস্থাত ভাললগা কবিতাবোৰ ৰাতি দুই বজাতো কোঠাত পায়চাৰি কৰি কৰি অাওৰাই থকাৰ এটা চখ অাছিল। কবিৰঞ্জন, হীৰু দা অাদিৰ কবিতাৰে নিজক নিচুকাই থকাৰ সময় এখিনিতে অধ্যয়ন পিপাসু বন্ধু কেইজনমানৰ জৰিয়তে মোৰ হাতত পৰিছিল ‘অথবা’। ‘অথবা’ৰ কবিতাকেইটাই নতুন চিন্তা অাৰু স্বাদ দিছিল। এক কথাত অাচৰিত হৈছিলো, কবিৰ ভাৱৰ গভীৰতা অাৰু প্ৰকাশভংগীত …। সেয়া কলেজত পঢ়ি থকাৰ সময়, ২০০৩-২০০৪ মানৰ কথা। জোনাক-সন্ধ্যা ঘৰৰ ছাদত উঠি ‘অথবা’ৰ কবিতা গাইছো—”ছাদবোৰত উঠিলে বেছি কাষ চপা হয় নেকি ঈশ্বৰৰ… “৷ সেই বয়সত অামাৰ বাবে স্ৰষ্টাবোৰ ঈশ্বৰেই অাছিল। এতিয়া কথাবোৰ বেলেগ। হুবহু কবিতাটো পাহৰি যদিও মই ঈশ্বৰ বুলি অাওৰাই থাকিছিলো৷ অাচলতে হেমাংগই লিখিছিল এনেদৰে—‘ছাদবোৰত উঠিলে বেছি কাষচপা হয় নেকি অাকাশৰ/সহজেই চকু পৰে নেকি ঈশ্বৰৰ/সোনকালে অাহি পায় বৰ অাৰু অাশীৰ্বাদ/সেই সীমিত বুকুৰ প্ৰেম অাৰু /ক্ষমাৰ মহান স্পৰ্শ শেষ হৈ যায় নেকি ছাদতেই …”(মাটিৰ পৰা ছাদৰ কবিতা)।

ক’ত অাছিলো? অহ্ ছাদত। বিশ্বনাথৰ মোৰ ঘৰৰ ছাদত। ইয়াৰপৰা চানমাৰীৰ গ্ৰন্থমেলা বাকৰিলৈ জাম্প কৰো দেই। ‘অামাৰ অসম’ কাকতত সাংবাদিকতা কৰো তেতিয়া। খবৰ গোটাবলৈ এদিন সন্ধ্যা গ্ৰন্থমেলা বাকৰিত ৰৈ অাছো। মানে কাৰোবাৰ লগত কথা পাতি অাছো। মানুহজন কোন অাছিল পাহৰিলো (সম্ভৱতঃ কবি অনুপম কুমাৰ অাছিল)। তেখেতে মোক চিনাকি কৰি দিলে—এইজন হেমাংগ দত্ত দেই, কথা পাতা। দস্তুৰমত চঞ্চল হৈ উঠিলো—অথবা। ‘অথবা’ৰ কবি। তেওঁ নমস্কাৰ দিলে। এমুখ দাড়িৰে এযোৰ বুদ্ধিদীপ্ত চকু। সাধাৰণ দুই-এটাৰ বাদে ভালকৈ কথা পাতিবলৈ নাপালো, সন্ধ্যা অফিচত গৈ নিউজ লিখাৰ সময়।পাছত বহুতক বহুদিন সুধিছো—হেমাংগ দত্ত ক’ত থাকে, অাজিকালি কবিতা লিখেনে?।কাৰো পৰা সঠিক একো উত্তৰ নাপালো। এতিয়া কবি কমল কুমাৰ তাঁতীৰ উদ্যোগত ফেইচবুকত ‘অথবা’কলৈ হোৱা সঘন অালোচনাত পুলকিত হৈছো ।কবি ক’ত অাছে নাজানো, ‘অথবা’ৰ পাছত নতুন সৃষ্টিও পঢ়িবলৈ নাপালো। কিন্তু তেওঁ অসমীয়া কবিতালৈ ব্যতিক্ৰম বতাহ এছাটি বোৱাই থৈ গ’ল। অামাৰ বাবে বহু প্ৰশ্ন এৰি থৈ গ’ল। নৱকান্ত বৰুৱাই হেমাংগ দত্তৰ কবিতা সম্পৰ্কত কৈছিল—”ময়ো এই কবিতা কেইটা লেখিব পৰা উচিত অাছিল, নহ’ল, বহুত কথাই নহয়। অাপোনজনৰ বাবে বাট চাবলগীয়া হয়। মোৰ সেই অপেক্ষাই অাজি পূৰ্ণ মূল্য পাইছে। হেমাংগই কবিতাৰ যাত্ৰাপথ ক্ষুৰস্য ধাৰা বা এঁৱা সূতাৰ সাঁকো বুলিয়েই ভাবি লওক।” এঁৱা সূতাৰ সাঁকো পাৰ হৈ কবি ক’ৰবালৈ গুচি গৈছে। “কেতিয়াবা ঈশ্বৰে অনুভৱ কৰে /প্ৰয়োজন তেওঁৰ শোধিত হোৱাৰ /সময়ৰ সংক্ৰমনৰ সকলো প্ৰলেপ মচি/অাকৌ এবাৰ উজ্জ্বলকৈ নিজক চোৱাৰ” (ধৰ্মযুদ্ধ)। অথবাৰ কেইবাটাও কবিতা বাৰে বাৰে পঢ়ি পুলকিত হৈছো,অালোকিত হৈছো।অাজি অাকৌ মনত পৰিছে সোঁৱৰণি হৈ যোৱা গ্ৰন্থমেলা বাকৰিৰ সেই জীৱন্ত দড়ীয়া কবিতাটোৰ কথা … ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে