দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / কথাশিল্প / ইকুৱেশ্বন।। মানস প্ৰতিম ফুকন।।

ইকুৱেশ্বন।। মানস প্ৰতিম ফুকন।।

এটা গতানুগতিক কাহিনী

সময়ৰ পাখিলগা কাঁড়ত উঠি বছৰ বাগৰিল। ঋতুৱে ৰং সলালে, প্ৰকৃতিয়েও ন-ন ৰূপত ধৰা দিলেহি। হাঁড় কঁপোৱা শীতৰ সৈতে আলিংগনাবদ্ধ প্ৰকৃতিক মলয়াই দৌৰি আহি জনাই দিলে, ঋতুৰাজ বসন্তৰ আগমনৰ বতৰা। সেই বতৰা শ্ৰৱণ কৰি চঞ্চলা ফাগুনীৰ ভাকুটকুটনিত ঠেৰেঙা লাগি জুপুকা মাৰি বহি থকা বন-বিৰিখে সাৰ পাই উঠিল। নিজৰ নিজৰ লঠঙা দেহটোলৈ চাই লাজ লাজ অনুভৱ কৰি ন-সাজ পিন্ধিবলৈ উথপথপ লগালে সকলোৱে। পলাশ, মদাৰ, শিমলুৱে ভমকা চানেকীৰ ভমকা আঁচুৰে ফুলবচা সাজ পৰিধান কৰি ৰংচঙীয়া হৈ নিজকে একো একোজন চফল ডেকাৰূপে গঢ়ি তুলিলে। কিন্তু,নাহৰে ?…নাহৰেও ভমকাফুলীয়া শুভ্ৰতাত, হালধীয়া আঁচুবোলোৱা সুগন্ধিসনা বস্ত্ৰ-সম্ভাৰ সলোৱাৰ আগতে পলাশ আৰু মদাৰৰ সমান ন’হলেও এযোৰ জকমকীয়া ৰঙীন কাপোৰ পিন্ধি ল’লে। তাকে দেখি মাধৈ-মালতী, তগৰ, কেতেকী আদিয়ে নিজৰ নিজৰ পচন্দৰ সাজকেইযোৰত সুগন্ধি ছটিয়াই সাজিকাছি আমোলমোলাই বান্ধৱী কপৌৰ ওচৰলৈ দৌৰি আহিল। সিহঁতৰ লাস্যময়ী খিলখিলনিত, আঁহতৰ ডালত বেজাৰ মনেৰে বহি থকা কপৌজোপায়ো তত্‍ক্ষণাত লাহ-বিলাহকৈ বেণীবন্ধন কৰি লচ-পচকৈ সাজিকাছি যৌৱনমতী হৈ পৰিল। আচম্বিতে, কপৌৰ মোহনীয় ৰূপ-লাৱণ্য প্ৰত্যক্ষ কৰি বৃদ্ধ প্ৰেমিক আঁহত জোপায়ো নিজৰ বুঢ়া দেহটোত সেউজীয়া বোল সানিলে। সকলোৰে এনে আয়োজন দেখি ডাৱৰৰো মৰম উথলি উঠিল । ডাৱৰে বৰষুণৰ ছাটি মাৰি সকলোকে ধুৱাই-পখলাই চিকুন কৰি জান-জুৰি-পথাৰত ন-পানীৰে উপচাই পেলালে। সিফালে,ন-পানী পাই মাছবোৰে আক’ উলাহতে উজানত গা-এৰি দিলে। ঠিক তেতিয়াই সু-কণ্ঠী গায়িকাদ্বয় কুলি-কেতেকীয়ে পঞ্চমত সুৰৰ ৰাগিনী তুলি ফুলাম বিহুৱান পিন্ধাই আদৰি আনিলে আমাৰ সকলোৰে আদৰৰ, সকলোৰে সাদৰৰ, সকলোৰে প্ৰাণৰ আৰু আনন্দৰ এক মিঠা অনুভূতি — ব’হাগক ।
ব’হাগ আহিল-আহিল নতুন আশা,নতুন সপোন আৰু নতুন সৃষ্টিৰ বতৰা ।

এতিয়া, অগতানুগতিক কাহিনীটো

শিক্ষকে শ্ৰণীকোঠাত প্ৰৱেশ কৰিয়েই চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক চশমাৰ কাঁচৰ তলৰ চন্দ্ৰ দুটাৰে নয়নযুগল পিৰিকিয়াই সুধিলে—

” অসমৰ জাতীয় উত্‍সৱ কি ? ”
জনাকেইজনে উত্তৰ দিলে—‘‘বিহু , ছাৰ।’’
শিক্ষকে সন্তুষ্টিৰ হাঁহি মাৰি মিচিকিয়াই ক’লে—”হৈছে। বিহু অসমৰ জাতীয় উত্‍সৱ। বিহু হৈছে অসমীয়াৰ প্ৰাণৰ উত্‍সৱ । এতিয়া,তোমালোকে লিখাচোন—বিহু কেইটা আৰু কি কি ? বিহুত কি কি হয় ? কেনেদৰে পালন কৰা হয় ? কি কি খোৱা হয় ? দহশাৰী মান লিখা। যিয়েই সুন্দৰকৈ লিখিব পাৰিব তাক দহৰ ভিতৰত দহ নম্বৰ দিম।”

সময়ত সকলোৰে লিখা সম্পূৰ্ণ হ’ল। কিন্তু,কোনেও দহৰ ভিতৰত দহ নাপালে। মাত্ৰ, এটা ল’ৰাই পাইছিল—’ ন ‘ ।

স্কুল ছুটিৰ পাছত ঘৰলৈ গৈ থাকোতে সেই ‘ন’ নম্বৰ পোৱা ল’ৰাটোৱে বাটতে চিন্তা কৰিলে—”বিহু যোৱাবছৰো আহিছিল, এইবাৰো আহিছে আৰু অহা বছৰো আহিব। বিহু আহে আৰু আহি থাকিবই। সৌ ওখ বিল্ডিংটোলৈও আহে, সন্মুখত থকা সৰু জুপুৰীটোলৈও আহে। ছাৰে তৃতীয় শ্ৰেণীত থাকোতেও সুধিছিল আৰু এইবাৰো সুধিলে- অসমৰ জাতীয় উত্‍সৱ কি? অসমীয়াৰ প্ৰাণৰ উত্‍সৱ কি? বিহু যেতিয়াই আহে সৰু জুপুৰীটোৰ চিন্তা তেতিয়াই বাঢ়ে। তাৰ পাছতো স্কুলত ছাৰে সুধে— অসমৰ জাতীয় উত্‍সৱ কি? অসমীয়াৰ প্ৰাণৰ উত্‍সৱ কি ? বিহু আহিলে জুপুৰীটো আৰু বেছি সৰু হৈ যায়। ওখ বিল্ডিংটোৱে আনন্দত কিৰিলি পাৰে। জুপুৰীটোৰ গাটো হালোৱা মানুহৰ দৰে বোকালগা, সিফালে বিল্ডিংটোৰ চেহেৰা সেউজীয়া মাৰ্বল পাথৰৰ দৰে। বিল্ডিংটো ওখই ত্ৰিছ ফুটমান হ’ব। শক্তিশালী-পাহুৱাল মুখাৱয়ব। সিফালে জুপুৰীটো কেৱল পাঁচফুট। মূৰৰ চুলি অবিন্যস্ত, যেন মৰণা মৰা খেৰহে। জুপুৰীটোৰ চৌদিশে কান্ধত লোৱা তিয়নী গামোচাখনো নাই; সিফালে বিল্ডিংটো ইটা আৰু চিমেন্টেৰে নিৰ্মাণ কৰা এটা ডাঙৰ আয়তক্ষেত্ৰৰ ভিতৰত চিৰদণ্ডায়মান। বিল্ডিংটোৰ হাত-ভৰি কেইটা মজবুত,শকত-শকত, কঠিন মঙহৰ। আনহাতে জুপুকা মাৰি বহি থকা জুপুৰীটোৰ হাত-ভৰি কেইটা শুকাই যোৱা তামোল গছৰ দৰে, হয়তো কেইদিনমানৰ পিছত কাৰোবাৰ ভঁৰালৰ গাধৈত থকা বহু পুৰণি পচা নাঙলৰ দৰে হ’বগৈ।”

ল’ৰাটোৱে হঠাত্‍ জুপুৰীটোৰ মুখলৈ চালে। দেখিলে, সি চকু দুটা মুদি তললৈ চাই আছে। এইবাৰ ল’ৰাটোৱে অলপ দূৰ আগবাঢ়ি একেবাৰে কাষৰ পৰা ভালদৰে প্ৰত্যক্ষ কৰিলে, জুপুৰীটোৱে চকু মেলি আছে। চকু মেলি আছে যদিও সি যেন একো দেখি পোৱা নাই। ঘোঁৰাৰ দৰেও টোপনি যোৱা নাই। যদি জুপুৰীটো টোপনি গ’লহেঁতেন, তেন্তে নিশ্চয় বাগৰি পৰিলহেঁতেন। জুপুৰীটোৰ দুচকুৰ অভিব্যক্তিৰ পৰা ল’ৰাটোৱে খাটাংকৈ বুজিব পাৰিলে যে ‘জুপুৰীটো চিন্তাত ব্যাকুল।’ টোপটোপকৈ ওলাই আহিছে চকুপানী। জুপুৰীটো ডাৱৰীয়া হৈছে। অকস্মাত্‍ , জুপুৰীটোৰ তেনে অৱস্হা প্ৰত্যক্ষ কৰি কোনো আগ-পিচ নাভাৱি ল’ৰাটোৱে এইবাৰ তাক শ্ৰেণীকোঠাৰ শিক্ষকৰ দৰেই সুধি পেলালে— “অসমৰ জাতীয় উত্‍সৱ কি ?’’

জুপুৰীটো কিন্তু মৌন হৈয়েই ৰ’ল। যেন এটা অবুজ নীৰৱতাই ঢৌৱাইহে পেলাইছে তাৰ চকুৰ সমুখৰ চৌপাশ। তাক নিমাত হৈ থকা দেখি সেই সৰু ল’ৰাটোৱে কিছুসময় চিন্তা কৰি দুটা সমীকৰণ উলিয়ালে। যিটো দেখি হয়তো বৌদ্ধিক মহলেও তবধ মানিব—

সমীকৰণ ১. বসন্ত+কুলি+ব’হাগ+টকা= বিহু বিহু লাগিছে ।

সমীকৰণ ২. (বসন্ত+কুলি+ব’হাগ) – টকা = বিহু বিহু লগা নাই ।

এতিয়া জুপুৰীটো কোনটো সমীকৰণৰ ভিতৰত থিয় হৈ আছে ল’ৰাটোৱে বাৰুকৈয়ে বুজিলে । জুপুৰীটোৰ সৰু মগজু৷ কিন্তু বিল্ডিংটোৰ ? বিহু আহিলেও বা গ’লেও অথবা প্ৰতিবছৰে আহিলেও, জুপুৰীটোৱে কিন্তু ল’ৰাটোক কোনোদিনেই উত্তৰ দিব নোৱাৰিব৷ অন্যহাতে,সেই একেটাই প্ৰশ্ন ল’ৰাটোৱে বিল্ডিংটোক সুধিলত তাৰ ডাঙৰ মগজুটোৱে মাত্ৰ এটাই কথা ক’লে— “বিহু হৈছে মদ-মাছ-মাংস আৰু বিলাসীতাৰ উৎসৱ৷’’

এতিয়া চিন্তা কৰকচোন, মগজুৰ তুলাচনীত কোন জিকিব ? বিল্ডিংটো নে জুপুৰীটো ?
ঘৰৰ গে’টৰ মুখৰ আগত ল’ৰাটোৱে এখন বগা কাগজ পৰি থকা পালে। কাগজখনত লিখা আছিল-” This society of people whose taste has been perverted by false training.” ল’ৰাটোৱে কিন্তু একো বুজি নাপালে ।।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে