দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / কথাশিল্প / জোঁৱাই ধেমেলীয়া৷৷ টুনুজ্যোতি গগৈ৷৷

জোঁৱাই ধেমেলীয়া৷৷ টুনুজ্যোতি গগৈ৷৷

: ভঁৰালত ধান৷—ধনেশ্বৰ নিচাদেউৰ দূবৰিভৰা চোতালখনত আমি ‘হেই হেই হেইয়া, হেই হেই হেইয়া’ বুলি হুলস্থুল কৰি বৃত্তাকাৰে ঘূৰিবলৈ আৰম্ভ কৰাৰ ক্ষন্তেক পাছতেই পোনাকায়ে সুমধুৰ কণ্ঠেৰে কৈ উঠিল৷ ইতিমধ্যে মুখত এমোকোৰা হাঁহিৰে পাখৰিজনিয়ানী এপাদেউ টিনৰ দুৱাৰখন ঘেৰেংকৈ খুলি ওলাই আহে আৰু আগপিনৰ চালিখনৰ ভলুকা বাঁহৰ বিয়াগোম খুঁটা এটাত আঁউজি আমালৈ চাই ৰয়৷

: হৈছে৷ — পোনাকাইৰ প্ৰতি সমৰ্থন জনাই আমি প্ৰয়োজনতকৈ বেছি জোৰেৰে চিঞৰি উেঠাঁ আৰু ‘তাইহঁত কিজানি ওলাই আহিছে’ বুলি ভাবি দুৱাৰমুখলৈ চাই পঠিয়াও৷
: পুখুৰীত মাছ৷ – পোনাকায়ে এনেদৰে ক’লে কি নক’লে, কান্ধত পকোৱা সূতাৰ ফুলাম গামোচা এখন লৈ গজেন্দ্ৰ খোজেৰে নিচাদেৱো ওলাই আহে৷ ধেৎতেৰি, তাইহঁতহে ওলাই নাহে৷
: হৈছে৷ — আমি অধৈৰ্য্যভাৱে দুৱাৰমুখলৈ চাই-চায়ে সমস্বৰে চিঞৰি উঠোঁ৷
: বাকচত কাপোৰ-কানি৷
: হৈছে৷
: ঘৰত তিনিজনীকৈ ৰূপহী গাভৰু৷—পোনা কায়ে আমাৰ মুখলৈ চাই চকুটিপ মাৰি মিচিকিয়াই হাঁহে৷
: হৈছে….হৈছে৷–এইবাৰ আমি কিৰিলি পাৰি চিঞৰি উেঠাঁ বাবে নিচাদেউ আৰু এপাদেৱে পৰস্পৰৰ মাজত ‘ইহঁতৰ কথা শুনিছনে’ ভাবত দৃষ্টি বিনিময় কৰে৷ তেতিয়াও কিন্তু নিচাদেউৰ জীয়েককেইজনী বাহিৰলৈ ওলাই নাহেহে নাহে৷

…… ধনেশ্বৰ নিচাদেউৰ ঘৰৰ দীঘল পদূলিয়েদি সোমাই আহোঁতে মোৰ মনদমৰা স্মৃতিৰ এক মসৃণ বঁকিয়াইদি দূৰ অতীতৰ বুকুলৈ, উলাহত উতলা হৈ ঘৰে ঘৰে হুঁচৰি গাই ফুৰা চেঙেলীয়া কাললৈ দৌৰিবলৈ ধৰে৷ এৰা, নিচাদেউৰ তিনিওগৰাকী ছোৱালী অতিপাত ধুনীয়া আছিল, তাইহঁতৰ ৰূপ-যৌৱনৰ কথা দহখন গাঁৱৰ মানুহে জানিছিল৷ বৃহত্তৰ ৰংচঙী অঞ্চলত এনেকুৱা এজন ডেকা নাছিল, যি ডালিমী বা জানমণি বা আঙুৰলতাক নিজাকৈ পোৱাৰ সপোন নেদেখিছিল৷ এনেকুৱা এগৰাকী গাভৰু নাছিল, যি তাইহঁতৰ ৰূপ-যৌৱনৰ লগত নিজৰ ৰূপ-যৌৱনক তুলনা কৰি হীনমন্যতাত ভোগা নাছিল৷

ধনেশ্বৰ নিচাদেউৰ ঘৰলৈ ছোৱালী খুজিবলৈ যোৰাই যোৰাই মানুহ আহিছিল৷ তাইহঁতক বাটে-পথে দেখিলে ডেকাবোৰে কিবা নহয় কিবা এষাৰ তুলিবৰ বাবেহে অহা হয়৷ একেলগে আটাইকেইজনীৰ দৰ্শন লাভ কৰোঁ হুঁচৰি গাবলৈ অহাৰ দিনাহে, আনদিনা আহিলে তাইহঁত ভিতৰৰ পৰা ওলাই নাহে৷ ধনেশ্বৰ নিচাদেউ আমাৰ সম্পৰ্কীয় মানুহ নহয়, আমাৰ পিতাইহঁততকৈ বয়সত ডাঙৰ হোৱা বাবেই আমি নিচাদেউ বুলি সম্বোধন কৰোঁ৷ নকাৰী গাঁৱৰ পৰা উঠি আহি আমাৰ গাঁৱত বহু বছৰ পূৰ্বৰ পৰা বসবাস কৰিবলৈ লোৱা নিচাদেউৰ ছোৱালীকেইজনীক আমি কেতিয়াও ভগ্নীসূলভ দৃষ্টিৰে চোৱা নাছিলোঁ৷ অন্য দৃষ্টিৰেহে চাইছিলোঁ৷

হঠাৎ মোৰ নাকত লাগিলহি বগা গোলাপৰ আমোল-মোল গন্ধ৷ তাৰমানে গোলাপকেইজোপা এতিয়াও জী আছে, ডাল ভৰি ফুলি আগৰ দৰেই সুগ’ন্ধ বিলাই আছে৷ আগতে আমি হুঁচৰি গাবলৈ আহোঁতে নিচাদেউৰ ঘৰৰ আগপিনে এখন ফুলনি আছিল৷ গোলাপ, তগৰ, খৰিকাজাঁই, কুঞ্জলতা, কাঞ্চন ইত্যাদি বিবিধ ফুলে ফুলনিখন চকুত লগা কৰি তুলিছিল৷ সময়ৰ গতিত সেই ফুলনিখন উছন হ’লেও বগা গোলাপকেইজোপা আজিও ফুলি থকাত মোৰ মনটো ভাল লাগি গ’ল৷ মই আলফুলে ফুল এপাহ ছিঙি শুঙি চাওঁ আৰু স্মৃতিকাতৰতাত ডুব যাওঁ…

হুঁচৰি গাবলৈ আহিছোঁ ‘নিচাদেউ’
ৰঙালী বিহুটি পাই৷
ক’ৰবাত কেনেবাকৈ বেয়া নাম ওলালে
আমাক নধৰিব দায়৷৷

আমি আচলতে নিচাদেউৰ ঘৰত ‘বেয়া নাম’ গাবলৈ মানসিকভাৱে প্ৰস্তুত হৈয়ে আহোঁ৷ জানমণিহঁতৰ অনুপম ৰূপ-যৌৱনক লৈ গোৱা নামবোৰত শালীনতাৰ প্ৰভাৱ তেনেই কম থাকে৷ আমি বজোৱা ঢোল-তাল-পেঁপাৰ শব্দই, বিহুনামৰ উদ্দাম সুৰে বুঢ়া-বুঢ়ীৰ তেজৰ মাজতো আৱেগ সঞ্চাৰ কৰে৷ নিচাদেৱেই আমি গোৱা নামবোৰৰ ইংগিতলৈ মন-কাণ নিদি ঢোলৰ চাপৰে চাপৰে হাত চাপৰি বজাই মনৰ আৱেগখিনি হাঁহি হাঁহি প্ৰকাশ কৰাৰ পিছত জানমণিহঁত স্থিৰেৰে থাকিব পাৰিবনে? প্ৰণৱে ‘পদুম পাহে পাহে ফুলে লাহে লাহে, আমাৰ বিহু চাবলৈ জানমণিহঁত ওলাই নাহে’ বুলি গাবলৈ লওঁতে আমি দেখোঁ যে আমালৈ চাই চাই খিৰিকীৰ সিপাৰে তিনিখন পূৰ্ণিমাৰ জোনমুখে জুমা-জুমি কৰি আছে৷ দেহি ঐ, তাইহঁতক চকামকাকৈ দেখিয়েই বুকুখন জুৰ পৰি যায়৷ প্ৰণৱেতো আগৰ নামটো আধাতে সামৰি ৰাখি গায়েই দিয়ে—‘তেনেকৈ নাচাবি অ’ আঙুৰ-জানমণি, তোক দেখি মোৰ গা কেনেবা কেনেবা লাগিছে…৷’ সেই বয়সত গাভৰুৰ মুখ চায়ে সন্তুষ্ট হৈ থাকিব পাৰিনে? প্ৰণৱৰ মতে সি হেনো ৰূপহী গাভৰুৰ মুখলৈ নাচায়েই, আন কিবাকিবি চাই থাকোঁতেই যায়৷ লাজ আৰু জোকোৱাৰ ভয়ত বাহিৰলৈ ওলাই নহা জানমণিহঁতক বাহিৰলৈ উলিয়াই আনিবলৈ, তাইহঁতৰ পূৰ্ণ-যৌৱনা শৰীৰৰ সৌন্দৰ্য্য সুধা পান কৰিবলৈ আমি পোনা কাই আৱস্কৃত উপায়টো প্ৰয়োগ কৰোঁ৷ আমাৰ লগত হুঁচৰি গাবলৈ যোৱা সৰু ল’ৰা-ছোৱালীকেইটাক কওঁ—তহঁতে যিমান পাৰ, ফুল ছিঙি আনি চোতালত পেলাহি যা৷

ইমান আপডাল কৰি গঢ়ি তোলা ফুলনিখনত বিনা অনুমতিত কোনোবা সোমোৱাটো, ইমান ধুনীয়াকৈ ফুলি থকা ফুলবোৰ কোনোবাই ছিঙাটো জাণমণিয়ে কে-তি-য়া-ও সহ্য কৰিব নোৱাৰে৷ ফুলবোৰ তাইহঁতৰ অতি মৰমৰ বাবেই ল’ৰাবোৰক হাক দিবলৈ তিনিওজনী ওলাই আহে৷ এইবাৰ আমাক কোনে পায়৷ ‘জানমণি ঐ তোমাৰে ফুলনি বহলাই পাতিবা, ফুলনিৰ চাৰিওফালে জেওৰা ভেটিবা’ বুলি দুগুণ উৎসাহেৰে বিহু গাই আমি জানমণিহঁতলৈ অাঁৰ চকুৰে চাই পঠিয়াও৷ আমি যেন বিহু নাগাওঁ, জানমণিহঁতৰ ৰূপ-যৌৱনৰ বন্দনাহে কৰোঁ—‘হাতলৈ কি চাবা তিয়ঁহৰ জালি যেন, ভৰিৰনো কি চাবা গোট, মুখলৈ কি চাবা দোলা দাপোণ যেন, এখামোচ ককালৰ গোট৷’ ফুলনিবাৰী পৰ দি থকা জানমণিহঁতে মিচিক-মাচাককৈ হাঁহে, প্ৰতিগৰাকী গাভৰুৱেই ৰূপৰ প্ৰশংসা শুনি ভাল পায় বাবে তাইহঁতৰ মুখতো আমি প্ৰত্যক্ষ কৰোঁ গৌৰৱৰ আভা৷

ৰ’দ গৈ গৈ আবেলিৰ বেলি গধূলিৰ দেশত নীৰৱে প্ৰৱেশ কৰে, লাহে লাহে পৃথিৱীলৈ আন্ধাৰ নামি আহে৷ তথাপি, আমাৰ বিহু শেষ নহয়হে নহয়, শৰাই নুখুজি আমি ভোজন উলিওৱা বিহুহে গাওঁ, গোটেই ঘৰখনক ব্যতিব্যস্ত কৰি তুলি মজা উপভোগ কৰোঁ৷ হুঁচৰি দলক কোনেও অসন্তুষ্টি নকৰে বাবে পাখৰিজনীয়ানী এপাদেৱে ডালিমীৰ সহযোগত জা-জলপানৰ যোগাৰ কৰে৷ জা-জলপান খাই আমি পুনৰ বিহুত ধৰোঁ, জানমণিহঁতৰ প্ৰতি অনুভৱ কৰা দুৰ্বাৰ আকুলতাত অাঁৰ-বেৰ নাৰাখি প্ৰকাশ কৰোঁ ‘তামোলত বগালে বাৰী জালুক জুপি, মদাৰত বগালে পাণ, নেদেখি থাকিলে থাকিব পাৰোঁ, দেখিলে থকাটো টান৷’

: সেইটো বিজয় নহয়নে? তই দেখোন অথনিৰ পৰা ফুলজোপাৰ তলতে থৰক মাৰি ৰ’লিহি! বিহু খাবলৈ আহিছ যেতিয়া ভিতৰলৈ আহ আকৌ৷ —ধনেশ্বৰ নিচাদেউৰ মাতষাৰ শুনিহে মই বাস্তৱলৈ ফিৰি আহিলোঁ৷ নিচাদেউৰ মাতষাৰ আগতকৈ দুৰ্বল হৈ পৰিছে, ভিতৰৰ পৰা ভাঁহি আহিল এপাদেউৰ কেকনিৰ শব্দ৷

: অ’, নিচাদেউ, এপাদেউৰ গা ভাল নাই বুলি জানি খবৰ এটা লৈ যাওঁ বুলি আহিলোঁ৷

: ভালেই কৰিলি৷ তই তিনিচুকীয়াত পঢ়িবলৈ যোৱাৰ পৰা তোক নেদেখাই হ’লো৷ চাকৰি পালি বুলিও শুনিছোঁ নামৰূপত৷ গাঁৱৰে ল’ৰা, বিহুৱে-সংক্ৰান্তিয়ে আহি থাকিব লাগে৷ – নিচাদেউৰ কণ্ঠত মৰমভৰা অনুযোগ৷

: এহ, নিচাও৷ ক’তনো চাকৰি পালোঁ, কোম্পানী এটাত মূৰটো গুজি আছোঁ আৰু৷ ঘৰলৈ আহিবলৈকে সময় নোলায়৷—মই সঁচা কথাষাৰেই ক’লোঁ৷

: আহ, আহ, বহহি৷—নিচাদেৱে চ’ৰাঘৰৰ বেতৰ চকী এখনলৈ আঙুলিয়াই দিয়ে আৰু ভিতৰলৈ চাই কৈ উঠে—আইজনী অ’, বিজয় ককায়েৰ আহিছে, মাতষাৰ লগাহি আকৌ৷

মই চ’ৰাঘৰৰ চাৰিওপিনে চাই চকীখনত বহি লওঁ আৰু আইজনী অৰ্থাৎ আঙুৰলতাৰ আগমনলৈ অপেক্ষা কৰোঁ৷ তাইকতো বহুত দিন মানে বহুত বছৰেই দেখা নাই, কেনেকুৱাজনী হৈ আছে জানো? ইতিমধ্যে ডালিমী আৰু জানমণিক বিয়া দিয়া হৈছে, দুয়োজন জোঁৱায়েকে সামৰিক বিভাগত চাকৰি কৰে৷ ডালিমীহঁতৰ বিয়াৰ খবৰে বহু ডেকাৰ হৃদয় ভাঙি পেলাইছিল, তাইহঁত আনৰ হৈ যোৱা কথাষাৰ মানি ল’বলৈ কষ্ট পাইছিল৷ মই তিনিচুকীয়াত পঢ়ি থাকোঁতেই ডালিমীহঁতৰ বিয়াৰ খবৰ পাইছিলোঁ, দৰা দুজনক সৌভাগ্যৱান বুলি ভাবিছিলোঁ৷ তাইহঁতৰ বিয়াৰ খবৰে মোক ইমান বিতত কৰা নাছিল৷ কাৰণ, মই আঙুৰলতাকহে বেছি পছন্দ কৰিছিলোঁ, তাইক লৈহে মই কিছুমান ধুনীয়া ধুনীয়া সপোন দেখিছিলোঁ৷ তদুপৰি, তিনিচুকীয়া কলেজত জানমণিহঁততকৈ বহুত ধুনীয়া আৰু আবেদনময়ী আধুনিক গাভৰু দেখিছিলোঁ বাবে তাইহঁতক তেতিয়া কিবা চুক ভেকুলীৰ দৰেহে লাগিছিল৷

: বিজয়দা, ভালনে? ঘৰলৈ কেতিয়াবা আহিলে?—আঙুৰলতাৰ ইমান মিহি আৰু কোমল মাতষাৰ বহুত দিনৰ মূৰত শুনি মই অভিভুত হৈ পৰিলোঁ৷ তাই আগতকৈ ওখ হ’ল, গাটোও যেন পূৰঠ হ’ল, মুখনি আগৰ দৰেই ‘মোক খা মোক খা’ আঙুৰৰ দৰে সতেজ হৈ আছে৷ অৱশ্যে, সাজ-সজ্জাত, কথা-বতৰাত আগৰ দৰে চঞ্চলতা নাই, কিবা এক গহীন গহীন ভাব৷ মই ভাবিলোঁ, এই যাতে কোনোদিনে টাইট জিনছ, চুটি টপ পিন্ধি আৰু চুলি কাটি আধুনিকা হ’বলৈ নাযায়, সদায়ে যেন গাঁৱৰ লখিমী ছোৱালী (পিছলৈ বোৱাৰী) হৈ থাকে৷

: গৰু বিহুৰ দিনাই পালোঁহি দিয়া৷ মোৰ ভালেই, তোমাৰ?

: ভাল বুলিনো কেনেকৈ কওঁ৷ ঘৰত বেমাৰী এজনী থাকিলে মন-চন বেয়া হৈ থাকিবই৷—আঙুৰৰ কণ্ঠত বিষাদ আছে৷ তাই মুখলৈ হাঁহি এটা টানি-আজুঁৰি আনি ক’লে—আপুনি বহক দেই, মই চাহৰ যোগাৰ কৰোঁ৷

ধীৰ খোজেৰে আঙুৰলতা ভিতৰলৈ সোমাই গ’ল৷ আঙুৰলতালৈ মোৰ বেয়া লাগিল৷ ইমান ধুনীয়া ছোৱালী এজনীয়ে ইমান বেদনা বুকুত বান্ধি জীয়াই থকাটো খাপচৰা কথা যেন লাগে৷ দীৰ্ঘদিন ধৰি ককাঁলৰ বিষত ভূগি থকা এপাদেউজনীৰ বাবেই তাই বিয়া-বাৰুৰ চিন্তাও কৰিব পৰা নাই৷ নিচাদেউৰ কোনো ল’ৰা-সন্তান নাই যেতিয়া তাই বিয়া হৈ যোৱা মানেই ঘৰখন ঠেৰুহীন হৈ পৰা৷ জোঁৱাই দুজনে মাজে-সময়ে ইপদ-সিপদ দি সহায় কৰিলেও সদায়ে কাষত লাগি থাকিব নোৱাৰে৷ তদুপৰি, নিজৰ ঘৰ এখনো আছে৷ নিচাদেৱে আঙুৰৰ বাবে এজন ঘৰ জোঁৱাইৰ সন্ধানত আছে যদিও পছন্দৰ ল’ৰাহে পোৱা নাই৷ নিচাদেৱে এতিয়া হাল-কোৰ ধৰিব নোৱাৰে বাবে খেতি-মাটিবোৰ আধিত দিয়ে, ঘৰখনত তিনিটাহে প্ৰাণী, ভঁৰালৰ ধানেৰে বছৰটো জোৰেগৈ৷ তেল-নিমখৰ খৰচ চাগৈ বাৰীৰ তামোল-পাণ, আদা-জালুক বেচিয়েই উলিয়ায়৷

: আমাৰ এই আকৌ বি এ পাছ কৰিলে নহয়৷ ঘৰখন এৰি থাকিব পৰা হ’লে এইৰ কাৰণে তহঁতেই চাকৰি এটা বিচাৰি দিব পাৰিলিেহঁতেন৷— নিচাদেৱে হুমুনিয়াহ এটা বতাহত এৰি তেওঁৰ বুকুত সাঁচি ৰখা দুখৰ কথাবোৰ এটা এটাকৈ মোৰ আগত কৈ গ’ল৷ আঙুৰক বিয়া কৰাব খোজা ল’ৰাৰ হেনো অভাৱ নাই, সিহঁত ঘৰেজাঁৱাই হ’বলৈও প্ৰস্তুত৷ কিন্তু আঙুৰেহে ল’ৰাবোৰ পচন্দ নকৰে৷ তাইৰ মতে, কাম-বন নকৰি পদূলি শুঙি ফুৰা, কেৰেম-ডবা খেলি বহুমূলীয়া সময়বোৰ অপচয় কৰা, অনবৰত পৰচৰ্চাত ব্যস্ত থকা গাঁৱৰ ধদুৱা, ভঙুৱা আৰু উৰুলিপুঙাকেইটালৈ বিয়া সোমোৱাতকৈ আবিয়ৈ হৈয়ে থাকিব৷ নিচাদেৱে ক’লে—গাঁওখন আগৰ দৰে হৈ থকা নাই অ’ বিজয়৷ আমি বৰ অশান্তিৰ মাজেৰে দিনবোৰ কটাবলগীয়া হয়৷ মুখ চাবলৈ মন নোযোৱা কেইটামানে ৰাতি ৰাতি আমাৰ পদূলিমুখত উকিয়াইহি, আইজনীক লৈ বেয়া ইংগিত দিয়েহি৷

: বিজয়দা, চাহ খাওক৷— ট্ৰে এখনত চাহ আনি আঙুৰে ক’লে—পিতাইকো দিছোঁ৷

: পিঠা-পনাবোৰ লৈ যোৱাহে, কিমান খাম৷ পেট ভৰি আছে৷—প্লেটত পিঠা, লাৰু, আখৈ আদি দেখি মই ক’লোঁ৷— কেৱল চাহকাপ হ’লেই হ’ব৷

: ডেকা ল’ৰা, এইখিনিকে খাব নোৱাৰিলে কেনেকৈ হ’ব?—ভিতৰৰ পৰা ককাঁলত ধৰি ধৰি বিধ্বস্ত ৰূপত ওলাই অহা এপাদেউক দেখি মই বুকুৰ মাজত গভীৰ ব্যাথা অনুভৱ কৰিলোঁ৷ একালৰ ৰাংঢালী, সুন্দৰী আৰু কোকিলকণ্ঠী মানুহজনীক বেমাৰে একেবাৰে আধামৰা কৰি পেলাইছে, মুখত যন্ত্ৰণাৰ ছাঁ প্ৰকট হৈ পৰিছে, দুচকুত যেন শাওণৰ আকাশ এখনহে থুপ খাইছে৷ চকী এখনত বহি লৈ এপাদেৱে ক’লে— মাৰৰ ভালনে? এইবাৰ কেইকলহ সাঁজ উলিয়াইছে? আমাৰ আইজনীৰ বাপেকে টেকেলী এটাতে সাঁজ অলপ থৈছিল, তাকে এঢোক এঢোক খাই আছে৷

: মাৰ ভালেই৷ কলহৰ কথা নাজানো দেই৷ টেঙা হ’ল বুলি শুনিছোঁ, মই মুখতে দিয়া নাই৷— পকা আহোম সম্প্ৰদায়ৰ মানুহ, আগতে বিহু বুলিলেই কলহে কলহে সাঁজ থোৱা, নিজকে ‘মদ খোৱা ঘৰৰ ছোৱালী’ বুলি আনৰ আগত পৰিচয় দি ভাল পোৱা এপাদেউৰ কথাত মই অকণো আচৰিত নহৈ হাঁহি হাঁহি ক’লোঁ— এইবাৰ বিহুটো টেঙা হৈয়ে মলঙিব যেন লাগিছে৷

: খাবি নেকি অলপ?—আঙুৰলতা ভিতৰলৈ সোমাই যোৱাত নিচাদেৱে ফুচফুচাই ক’লে— বিৰাট মিঠা-চোকা হৈছে, বিহু বুলি নিচায়েৰৰ লগত এঢোক ধৰ৷

নিচাদেউৰ প্ৰস্তাৱটো অস্বীকাৰ কৰিবলৈ মন নগ’ল৷ মই নীৰৱে মূৰ দুপিওৱাত তেওঁ জুহাললৈ মাতি আনিলে৷ লগে লগে এপাদেৱো সোমাই আহিল৷ জুইকুৰা ধৰি ফুটছাইত বৰবেঙেনা এটা শলা এডালেৰে বিন্ধা কৰি ভৰাই দিলে৷ পুৱা চাগৈ কুকুৰা মাংস ৰান্ধিছিল৷ বাকী থকা অলপ প্লেট এখনত উলিয়াই থ’লে৷ ডাঙৰ কাঁহৰ বাটি দুটাত উলিয়াই অনা সাঁজখিনিৰ ঈষৎ হালধীয়া ৰং দেখিয়েই মোৰ মনটো ভাল লাগি গ’ল৷ এনেকুৱা বুঢ়া কলহৰ সাঁজ কিমান দিনৰ মূৰত যে দেখিছোঁ! দুঢোকমান পেটত পৰাৰ লগে লগে নিচাদেউৰ চকুৰ মণি বহল হৈ গ’ল, মাতষাৰো ডাঙৰ হৈ আহিল৷ তিনিবাটিমান খোৱাৰ পিছত মোৰ মুখলৈও তেজবোৰ উজাই অহাৰ দৰে লাগিল৷ তেজৰ মাজত অনুভৱ কৰিছোঁ সুখময় উত্তেজনা৷ নিচাদেৱে ক’লে—তহঁতি আগতে মোৰ ছোৱালীকেইজনীক লৈ বিহু গাইছিলি৷ আমি আকৌ তহঁতৰ বয়সত এইবুলি গাইছিলোঁ—‘লাইৰ মাজে মাজে লফা ৰুই দিছিলোঁ, কুকুৰাই খুচৰি খায়, অতিকে চেনেহৰ বহাগৰ বিহুটি, ধন দি ৰাখোঁতা নাই৷’

: পিতাই, তোৰ হ’ল আৰু হুলস্থূল কৰিবৰ! মই নকওঁনে, তোৰ অলপতে নিচা লাগে বুলি৷—আঙুৰলতাই ভিতৰৰ পৰা মাত লগালে৷ কোমলকৈ ক’লেও তাইৰ কণ্ঠত কৰ্তৃত্বৰ সুৰ আছিল৷ মই বাটিটো নিলগলৈ ঠেলি পঠিয়ালোঁ৷

: এহ আই, বিহুৰ বতৰত বিহু এফাঁকি গাবলৈ মন যাবই দেচোন৷—নিচাদেৱে মাটিৰ অৱশিষ্ট সাঁজখিনি গলাধঃকৰণ কৰি বেঙেনা পিটিকা অলপ মুখত ভৰালে আৰু খালী বাটিটো মোৰ বাটিটোৰ ওপৰত জাপি থৈ ফুচফুচাই ক’লে—আইজনীৰ খং উঠিব৷ আৰু নাখাওঁ দেই৷

: বিজয় অ’, আমাৰ আইজনীৰ বাবে ল’ৰা এটা চাবিচোন৷ তহঁতৰ লগত কাম কৰা ভাল ল’ৰা নাইনে? ধন-বিত নাথাকিলেও নাই, স্বভাৱ-চৰিত্ৰটোহে আচল কথা৷—জুহালৰ এচুকত জলকা মাৰি বহি থকা এপাদেৱে মাত লগালে৷

: তোৰ নিচিনা ল’ৰা নোলাব জানো? চাবিচোন বাপু, চাবি৷ তই আমাৰ ঘৰখনৰ অৱস্থা বুজাই কবি৷ এইৰ গতি লগাব পাৰিলে আমাৰ ডাঙৰ চিন্তা এটা দূৰ হয়৷— তামোল এটা কাটি কাটি নিচাদেৱে অনুনয়ৰ সুৰত ক’লে৷

: এহ নিচাও, মোৰ নিচিনা ল’ৰা এটা বিচাৰিলে যেতিয়া কথা এষাৰ কওঁ৷ ভুল হ’লে দায় নধৰিব৷ আঙুৰক মোলৈকে বিয়া দিয়ক৷— সাঁজৰ নিচাত মই ঘপহকৰে অন্তৰৰ কথা এষাৰেই কৈ পেলালোঁ৷

কথাষাৰ শুনি নিচাদেউ-আপাদেউ অদ্ভূত ধৰণেৰে মৌন হৈ ৰোৱাত মোৰ অনুভৱ হ’ল যে মই এনেদৰে ক’ব নালাগিছিল৷ মই শালীনতাৰ সীমা চেৰাই গ’লো নেকি? কোঠাটোত উপলব্ধ হোৱা নীৰৱতাই মোৰ নিচা টুটাই আনিলে৷ মোৰ লাজত মৰি থাকিব যেন লাগিল৷ আঙুৰলতাই বাৰু কি বুলি ভাবিছে? কি বুলি ভাবিব আকৌ— অসভ্য, নিলাজ, চৰিত্ৰহীন বুলি ভাবিছে!

: তই বৰ ডাঙৰ কথা এষাৰ কৈ পেলালি নহয়৷ এইবোৰ এনেদৰে পতা কথা নহয়৷ বাৰু, তোৰ মা-পিতাইহঁতক আমাৰ ঘৰলৈ মাতি পঠিয়াম৷ আমি আগতে আইজনীৰ মনটো লৈ লওঁ৷—এপাদেৱে ক’লে৷ এইষাৰ সাঁজৰ নিচাত কোৱা কথা নহয় বাবে মোৰ মনটো সীমাহীন আনন্দৰে ভৰি গ’ল৷ আঙুৰলতাই হয়ভৰ দিলেই হয় আৰু৷ তেতিয়া মোতকৈ আৰু পৃথিৱীত সুখী মানুহ কোনো নাথাকিব৷

মই তামোল-ছালি খাই ঘৰমুৱা হ’বলৈ সাজু হ’লো৷ আজি মই নিজৰ লগত বহুত কথা পাতিব লাগিব, বহুত ধুনীয়া ধুনীয়া কল্পনা কৰিব লাগিব৷ ভাবিলোঁ, যি কৰিলোঁ, ভালেই কৰিলোঁ৷ ঘৰ জোঁৱাই হোৱাটো ইমান লাজৰ কথা নহয়, সপোনৰ ছোৱালীজনী নিজাকৈ পামেই যেতিয়া৷ মোৰ ককাই এজন আছে বাবে মা-পিতাইহঁতৰ দায়িত্ব সিয়েই ল’ব৷ মোৰ ভাগৰ মাটিখিনিও তাকেই দি দিম৷ আৰু মইতো নিজৰ ঘৰখনলৈ একেবাৰে পিঠি নিদিওঁ৷

যাবৰ পৰত আঙুৰলতাক এবাৰ চাই যাবৰ মন গৈছে যদিও তাইক আৰু চোৱা নহ’ব৷ তাই চাগৈ শোৱা কোঠাত সোমাই কিবা ভাবি আছে৷ মই চ’ৰাঘৰত বহি জোতাযোৰ পিন্ধি থাকোঁতে নিচাদেৱে ক’লে—আইজনী, ককায়েৰ যাবলৈ ওলাইছে৷ তই উৰমাল বৈছিলি নহয়, এখন দে আকৌ৷

ৰুমালৰ আশাত নহয়, আঙুৰলতাক এবাৰ চোৱাৰ আশাত মই জোতাৰ ফিটাকেইডাল লাহে লাহে মাৰিছোঁ৷ কিছু সময়ৰ পাছতে, আহোঁ-নাহোঁকৈ আঙুৰ ওলাই আহিল৷ আৰে, তাই দেখোন ৰুমালৰ পৰিৱৰ্তে পকোৱা সূতাৰ ফুলাম গামোচা এখনেই লৈ আহিছে৷ গাভৰুৱে প্ৰিয়জনকহে ফুলাম গামোচা যাচে বুলি জানো বাবেই মোৰ এইবাৰ নিজকে অতি সুখী মানুহৰ দৰে লাগিল৷ নিচাদেউক ক’বলৈ মন গ’ল—আইজনীৰ মন ল’বলৈ আৰু কি বাকী থাকিল! তাই হিয়াখনকে দি দিলেচোন৷

মই পিছে পকেটলৈ হাতখন নি এশটকীয়া নোট এখন উলিয়াই আনিলোঁ আৰু গামোচাখন লৈ তাইৰ হাতত জোৰকৈ গুজি দিলোঁ৷ নোটখন দিওঁতে তাইৰ হাতৰ আশ্চৰ্য্য কোমল স্পৰ্শ মোৰ হাতত লাগিল৷ লগে লগে মোৰ তেজত যেন এজাক হৰিণা জঁপিয়াই উঠিল৷ আঃ স্পৰ্শৰ এই কোমলতা, কণ্ঠৰ এই মধুৰতা, ভালপোৱাৰ এই সুষমা অচিৰেই মোৰ জীৱনৰ এক দুলৰ্ভ সম্পদ হৈ পৰিব৷ মই নিচাদেউৰ ঘৰৰ পৰা ওলাই আহিবৰ সময়ত আঙুৰে শুনাকৈ ক’লোঁ—মা-দেউতা, যাওঁ দেই৷ নামৰূপলৈ যোৱাৰ আগতে আৰু এবাৰ আহিম বাৰু৷

ধনেশ্বৰ নিচাদেউৰ ঘৰৰ পৰা ওলাই আহোঁতে মোৰ নিজকে যুদ্ধ জয় কৰি অহা বীৰৰ দৰে লাগিল৷ লগৰ সমনীয়াবোৰক, ৰংচঙী অঞ্চলৰ মানুহবোৰক পাৰিলে সমগ্ৰ পৃথিৱীখনক মোৰ চিঞৰি চিঞৰি জনাই দিবলৈ মন গ’ল যে আঙুৰলতাই মোক ভাল পায়, তাইৰে মোৰ বিয়া হ’ব৷ মই ভাবি শাহুআই আৰু শহুৰ দেউতাক ‘মা-দেউতা’ বুলি সম্বোধন কৰা বাবে সিহঁতে মনত চাগৈ লাজ-মিশ্ৰিত ৰং পাইছে৷ মোৰ গাবলৈ মন গ’ল সেই বিহু ফাকি, যি ফাকি বিহু চেঙেলীয়াকালত আঙুৰহঁতৰ ঘৰত হুঁচৰি মাৰিবলৈ আহি গাইছিলোঁ—

বাঁহৰ তলে তলে বাঁহীটি বজালোঁ
শাহুৱে শুনকহি বুলি৷
শাহু আয়ে শুনিলে মিচিকীয়াই হাঁহিলে
জোঁৱাই ধেমেলীয়া বুলি৷৷

(ৰচনা কাল : ২০০৬ চন)

এটা মন্তব্য

  1. hundor,nibhaj axomiya golpo eta porhilu

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে