চ’ৰাঘৰ / কথাশিল্প / অসমীয়া কবিতাত বিহু (হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ বিশেষ উল্লেখেৰে এক সংক্ষিপ্ত আলোচনা)৷৷ মৃদুল মৰাণ৷৷

অসমীয়া কবিতাত বিহু (হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ বিশেষ উল্লেখেৰে এক সংক্ষিপ্ত আলোচনা)৷৷ মৃদুল মৰাণ৷৷

অসমীয়া কবিতাত বিহুঃ

বিহু অসমৰ জাতীয় উৎসৱ। বিহুক বাদ দি অসমৰ কথা ভাবিব নোৱাৰি। সাহিত্যিকৰ সৃষ্টি ভৌগোলিক আৰু সামাজিক পৰিৱেশৰ পৰা নিলগত থাকিব নোৱাৰে। সেইবাবেই অসমীয়া কবিসকলে বিহু আৰু ইয়াৰ লগত জড়িত বিভিন্ন প্ৰসংগবোৰক এৰাই চলা নাই। অৱশ্যে সকলো সময়তে দৃষ্টিভংগী একে হৈ থকা নাই আৰু দৃষ্টিভংগীৰ পৰিৱৰ্তন হোৱাটোৱেই স্বাভাৱিক। কবিতাৰ আংগিকৰ পৰিৱৰ্তনেও বিহুৰ ৰূপ-বৈচিত্ৰ্য প্ৰকাশলৈ বিচিত্ৰতা আনিছে।

চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘নতুন বছৰ’ নামৰ কবিতাত প্ৰত্যক্ষ ৰূপত বিহু বা বিহুগীতৰ চিত্ৰ নাই যদিও নতুন বছৰৰ আগমনে প্ৰকৃতিলৈ অনা পৰিৱৰ্তনৰ ছবি প্ৰকাশ কৰা হৈছে। লক্ষ্মীনাথ বেজবৰুৱাৰ মতে জোন, ধান আৰু ম’ৰা চৰায়ে যিদৰে ক্ৰমে শৰৎ, হেমন্ত আৰু বৰ্ষাক আদৰি আনে, সেইদৰে ‘বিহু ডাঙৰীয়া’ই নতুন বছৰক আদৰি আনে। ৰঘুনাথ চৌধাৰীৰ ‘ব’হাগীৰ বিয়া’ কবিতাত বসন্তকালত প্ৰকৃতি জগতলৈ অহা আনন্দ-উছাহৰ এখন বহল ছবি পোৱা যায়। ‘ব’হাগীৰ বিয়া’ বিহগী কবি ৰঘুনাথ চৌধাৰীৰ বসন্তকালৰ নৱ সাজেৰে সজ্জিত হোৱা প্ৰকৃতিৰ অভিনৱ ৰূপ। গাভৰু জীয়াৰী ব’হাগীৰ বিয়াৰ ৰহণ চৰাবলৈ প্ৰকৃতি জগত সাজোন-কাচোনত ব্যস্ত। ন সাজোন-কাচোনেৰে সাজি-কাচি প্ৰকৃতি জগতৰ গছ-গছনি, চৰাই-চিৰকতি উলাহত উতলা। (১) দুৰ্গেশ্বৰ শৰ্মাৰ ‘বিহু’, ‘বসন্ত’ আদি কবিতাত বসন্তৰ আগমনে পাহাৰে-ভৈয়ামে সৃষ্টি কৰা সুমধুৰ সংগীতৰ কথা আছে। নলিনীবালা দেৱীৰ কবিতাত বাসন্তী সৌন্দৰ্যৰ মাজত সুপ্ত হৈ থকা মানৱ জীৱনৰ কথা আছে। অম্বিকাগিৰি ৰায়চৌধুৰীৰ বাবে বিহু কেৱল নতুন বছৰক আদৰাৰ উৎসৱ নহয়, ই হ’ল অন্তৰৰ ধূলি-মাকতিবোৰ ধুই অন্তৰবোৰক নতুন ৰূপ দিয়াৰো সময়। গণেশ গগৈৰ কবিতাত ৰঙতে ৰাঙলী হৈ অহা নাচনীৰ মুখত বিহুগীতহীনতাৰ কথা প্ৰকাশ পাইছে। হাতত জেতুকাৰ বোল, ওঁঠত মিচিকি হাঁহি, খোপাত মালতী ফুল পিন্ধি অহা গাভৰুৰ মুখত বিহুগীত নুশুনি কবি স্তম্ভিত হৈ পৰিছে। দেৱকান্ত বৰুৱাই বিহুৰ উলহ-মালহৰ মাজতে ভৰি থোৱা জীৱনৰ ভুল পথবোৰলৈ মনত পেলাইছে। ৰোমাণ্টিক যুগৰ কবিসকলৰ ৰচনাত ঘাইকৈ বসন্তৰ সৌন্দৰ্যৰ চিত্ৰ প্ৰকাশিত হৈছে। অৱশ্যে ৰায়চৌধুৰীৰ সময়ৰ পৰা বিহুক নকৈ চোৱাৰ চেষ্টা আৰম্ভ হৈছে।

আধুনিক কবিসকল কেৱল বিহুৰ ৰূপ-সৌন্দৰ্যৰ প্ৰকাশতে মজি থকা নাই। তেওঁলোকে বিহুক বাস্তৱ পৃথিৱীখনৰ সমুখত থৈ চাবৰ যত্ন কৰিছে। হেম বৰুৱাই বিহুৰ আনন্দ-উলাহত মতলীয়া হ’ব পৰা নাই। কাৰণ, ‘‘শান্তিৰ কপৌজনীৰ ডেউকাত বাৰুদৰ গোন্ধ।” এনে পৰিৱেশত বিহুৱতী গাভৰু, নাহৰ-কপৌ ফুলৰ সুবাসত নিজক বিলীন কৰি দিব পাৰি জানো? ক’ব পাৰি― “হেম বৰুৱাৰ ‘বিহুৰ দিনৰ গান’ বিক্ষিপ্ত জীৱনৰ চলন্ত টিপ্পনী।”(২) অমূল্য বৰুৱাৰ কবিতাত সামাজিক অসমতা দূৰ কৰি সমতাপূৰ্ণ পৃথিৱী প্ৰতিষ্ঠাৰ স্বপ্ন প্ৰকাশিত হৈছে―

        “মোক লাগে এই আনন্দ

        মোক লাগে এই

        গীতৰ সুৰে সুৰে

        নাচোনৰ চেৱে চেৱে

        এক হৈ যোৱা

        বিশ্বৰ জনতাৰ প্ৰাণৰ বান্ধনি।”

        -আজি আমাৰ বিহু

হেম বৰুৱাৰ কবিতাত বিহুক কেন্দ্ৰ কৰি আশাবাদ আৰু প্ৰেৰণাৰ কথা ফুটি উঠিছে। যেনে

(ক)     “শীতৰ অন্তত আকৌ আহিব নিলাজী ফাগুন

        ব’হাগী বিহু ৰাঙলী দিন।”

(খ)     “তোমাৰ মৰমত চেনাই ঐ

        দিখৌ নৈ এৰিব পাৰোঁ মই

        আৰু বহুত নৈ সাঁতুৰি আহিব পাৰোঁ।”

এইদৰে অসমীয়া কবিতাত বিহু বিষয়ক চিত্ৰৰ বিকাশ আৰু পৰিৱৰ্তন লক্ষ্য কৰা যায়। আধুনিক কবিসকলে বসন্ত আৰু বিহুৰ স্বাভাৱিক সৌন্দৰ্য প্ৰকাশতে কেৱল ব্যস্ত হৈ থকা নাই। কল্পনাৰ আৱেষ্টনীৰ পৰা কিছু ফালৰি কাটি বাস্তৱ পৃথিৱীখনৰ পৃষ্ঠভূমিতো ইয়াক চোৱাৰ যত্ন কৰিছে।

হীৰেন ভট্টাচাৰ্যৰ কবিতাত বসন্তৰ ছবিঃ

এই প্ৰবন্ধত হীৰেন ভট্টাচাৰ্যৰ কবিতাত বসন্ত/ব’হাগ সম্পৰ্কে আলোচনা কৰা হৈছে। আলোচনাৰ পৰিসৰ প্ৰধানকৈ বিষয়(Theme) বিশ্লেষণৰ মাজতে সীমাৱদ্ধ। পাঠ(Text)সমূহ কবিৰ ‘হীৰেন ভট্টাচাৰ্যৰ কবিতা’ শীৰ্ষক সংকলনৰ পৰা লোৱা হৈছে।

হীৰেন ভট্টাচাৰ্য ‘সুগন্ধি পখিলা’ৰ কবি। ‘হীৰুদা’― এই আপোন শব্দেৰে তেওঁ কবিতা ভালপোৱা মানুহৰ প্ৰাণে প্ৰাণে। ভট্টাচাৰ্যৰ প্ৰথম কবিতা পুথি ‘ৰৌদ্ৰ কামনা’। ইয়াৰ পাছত প্ৰকাশিত হয় মোৰ দেশ আৰু মোৰ প্ৰেমৰ কবিতা, কবিতাৰ ৰ’দ, সুগন্ধি পখিলা, শইচৰ পথাৰ মানুহ, ভালপোৱাৰ বোকা মাটি, ভালপোৱাৰ দিকচৌ বাটেৰে, সুগন্ধি শিপা, কবিতাৰ ডাল-পাত, শিপাৰ পৰা পাতলৈকে আদি অনেক কাব্যগ্ৰন্থ। এওঁৰ কবিতাৰ বিষয়বস্তু বিচিত্ৰ। প্ৰেম, দেশপ্ৰেম, নিসংগতা, দুখ, প্ৰকৃতিৰ সৌন্দৰ্য, বিদ্ৰোহী চেতনা আদি অনেক বিষয়ে তেওঁৰ কবিতাত ঠাই পাইছে। কম কথাৰেই বহুতো অনুভূতি প্ৰকাশ কৰাৰ দক্ষতা কবিগৰাকীৰ বিশেষভাৱে আছে।

বসন্ত ঋতুৰ নিজা ৰং আৰু ৰূপ আছে। মাটিৰ মানুহ মাত্ৰেই সেই ৰং আৰু ৰূপত মোহিত হয়। শইচ, পথাৰ, মানুহৰ কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ মাজত বসন্ত ঋতুৰ সেই সৌন্দৰ্যৰ অভিব্যক্তি আছে। বসন্তৰ সৌন্দৰ্যত বিমুগ্ধ হোৱাৰ কথা আছে। বসন্ত মানেই যেন এচেৰেঙা সোণোৱালী ৰ’দ, জেতুকা পাতৰ ৰং। তেওঁৰ বাবে বসন্তৰ কুমলীয়া ৰ’দজাক শিৰৰ এচমকা সেন্দূৰ আৰু আঙুলিৰ জেতুকাৰ ৰঙবোৰ সন্ধিয়াৰ আকাশৰ সমস্ত হেঙুলীয়া।

(ক) “মই খিৰিকীখন খুলি দিলো।

স্তব্ধতাৰ নিৰ্জন পোহৰত আমি

আকৌ মুখামুখি হ’লোঃ শিৰৰ সেন্দূৰেৰে সুন্দৰ

আকাশৰ মুখত জিলিকি উঠিছে

সোণোৱালী ব’হাগ।”

-ব’হাগ (৩)

(খ) “আহা! কি সুন্দৰ এই ব’হাগ

কি যে মায়াৱী তাৰ লাৱনি দুখনি হাত!!”

-ব’হাগ (৪)

(গ) “তুমি আঙুলিত জেতুকা বোলালে

ঘৰমুৱা নাৱে হেঙুলীয়া পাল তোলে।”

-জোনাকী-মন (৫)

উপমাৰ সাৰ্থক প্ৰয়োগে ভট্টাচাৰ্যৰ ব’হাগক অন্য এক সৌন্দৰ্য প্ৰদান কৰিছে―

(ক) “অঙঠাৰ দৰে ৰঙা চ’তৰ ৰাতিৰ জোন”

-হাতত হাঁচতি মোৰ মাধৈমালতী (৬)

(খ) “তুমি আঙুলিত জেতুকা বোলালে

ঘৰমুৱা নাৱে হেঙুলীয়া পাল তোলে।”

-জোনাকী-মন (৭)

বসন্ত প্ৰেমৰ ঋতু, ব’হাগ প্ৰেমৰ মাহ। তাতে প্ৰেম ভট্টাচাৰ্যৰ কবিতাৰ এটা ঘাই বৈশিষ্ট্য। “ভট্টাচাৰ্যৰ কবিতা প্ৰেমসৰ্বস্ব। এই প্ৰেম পৃথিৱী বিয়পা। প্ৰেমাস্পদৰ পৰা আৰম্ভ কৰি স্বদেশ, নদী, জান-জুৰি আৰু সমগ্ৰ বিশ্বৰ শোষিত আৰু বঞ্চিত সকললৈকে এই প্ৰেম বিয়পি গৈছে।”(৮) তেওঁৰ বসন্ত বিষয়ক কবিতাখিনিৰ মাজতো প্ৰেমৰ উপস্থিতি লক্ষ্য কৰা যায়। কবিৰ বিশ্বাস― চম্পক ফুলৰ আধা গঁথা মালাধাৰিক বসন্তই পূৰ্ণতা দিব। দুখৰ পকনীয়াতে সুখৰ উঁহ বিচৰাত কবি পাকৈত। সেয়েহে কবিয়ে কাঁইটীয়া কেতেকী ফুলৰ সুবাস বিচাৰে―

(ক) “তোমাৰ শুৱনি কোঠা হৈ বতাহ

ৰ’দৰ স’তে হাত ধৰাধৰি কৰি আহি

মোৰ নিচেই কাষত বহিল, পিঠিত আঙুলি বুলাই,

মোৰ কান্ধত মূৰ থৈ দুহাতেৰে মেলি ধৰিলে

চম্পক ফুলৰ আধা গঁথা মালাধাৰিঃ

আলোকিত ৰামধেনুৰ দৰে।”

-বসন্তৰ এদিন(৯)

(খ) “কি ফুল ফুলিছে? বতাহত উৰি আহে ৰেণু…

আৰু মই?

দূৰত বহি বিচাৰিছোঁ কি?

 ফুলৰ সুবাস?

ফুলৰ সুবাস! সোণোৱালী ফুলৰ সুবাস।

কি ফুল ফুলিছে? কেতেকী!”

-কি ফুল ফুলিছে(১০)

অসমীয়া সমাজ-জীৱনত বসন্ত ঋতু মানেই ঢোল-পেঁপাৰ মাত, চেনেহৰ ৰঙালী বিহু। ঢোল-পেঁপাৰ মাতত, ৰাতি বিহুৰ সুৰত গাওঁবোৰত উখল-মাখলৰ সৃষ্টি হয়। অৱশ্যে যেতিয়াই-তেতিয়াই ঢোল বোৱা নিষেধ। লোকবিশ্বাস অনুসৰি শাওণ মাহত ঢোল বালে শস্যত পোক লাগে। এনে লোকবিশ্বাসৰ প্ৰসংগও হীৰেন ভট্টাচাৰ্যৰ কবিতাত পোৱা যায়। যেনে―

“শাওণত ঢোল বালে শইচত লাগে বোলে পোক।”

-নিনাও(১১)

হেৰাই যাব ধৰা ৰাতিবিহুৰ এখন প্ৰেমময় চিত্ৰ ভট্টাচাৰ্যৰ কবিতাত বৰ্তমান―

“পোহৰে হাত মেলি হালধি ল’লে,

আখৈফুটীয়া তৰাবোৰ এতিয়া বৰ একোটা হ’ল

চিনিবই নোৱাৰি,

জুমেৰে ফুৰিছে মেঘে-বৰষুণে ৰাতি।

 ৰাতি ঢোলৰ মাতৰ শিয়া গজে,

পেঁপাৰ মাতে পোখা মেলে;

ৰাতি বোকা ভঙা মনে

দিচৈয়ে দিচাঙে শুনে বিহুৰ বিননি।

 মেঘে-বৰষুণে গোটেই ৰাতি।”

-ৰাতি বিহু(১২)

দুখবোধ হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ এটি ঘাই সুৰ। কিন্তু তেওঁ সেই দুখক দুখ হিচাপে লোৱা নাই, দুখৰ ভৰত কোঙা হৈ পৰা নাই। দুখৰ মাজতেই বিচাৰি পাইছে সুখৰ সোণ-হালধীয়া ৰ’দ। “দুখ, যন্ত্ৰণা, হতাশা একেলগ কৰি জীৱনৰ মধুৰ সুৰা প্ৰস্তুত কৰা কবি”(১৩) তেওঁ। তেওঁ দুখৰ দায়িত্বশীল পিতা। সেয়েহে দুখক আলফুলকৈ কোলাত লৈছে, বাৰে বাৰে নিচুকাইছে। কবীন ফুকনৰ মতে, “ভট্টাচাৰ্যৰ ভালেমান কবিতাত কবিয়ে দুখৰ অনুভূতিক ৰগৰ তুলিব পৰাকৈ কছৰৎ কৰোৱা যেন লাগে।”(১৪) এনে কাৰণতে তেওঁৰ কাব্যিক চেতনাই ‘দুৰ্যোগৰ দুৰ্বিপাকেই/ মোৰ ব’হাগ’ ধৰণৰ সিদ্ধান্তৰ দিশে গতি কৰিছে। বসন্তৰ ফুলৰ কোমলতাতকৈ কাঁইটৰ সৈতেহে তেওঁ আত্মীয়তা অনুভৱ কৰিছে। দুখৰ সঠিক ঠিকনা বিচাৰি বসন্তলৈ অপেক্ষা কৰিছে। তাৰ নিদৰ্শন ‘কতনা ব’হাগ’, ‘বসন্তৰ স্তৱক’ আদি কবিতাত পোৱা যায়। যেনে―

(ক) “মেঘৰ মাজেৰেও

বগাই আহে

সোণোৱালী সাপ!

সহজ কথাত

দুৰ্যোগৰ দুৰ্বিপাকেই

মোৰ ব’হাগ।”

-কতনা ব’হাগ (১৫)

(খ)“এতিয়া বসন্তকাল

ফুলতকৈ কাঁইটেই ভাল।”

-বসন্তৰ স্তৱক(১৬)

(গ) “বসন্তৰ সৌ ৰঙা বাকচটোত

আজি মই হেমন্ততে লিখা চিঠিখন দি থৈ আহিছোঁ,

দুখৰ সঠিক ঠিকনা বসন্তই জানোচা জানে…”

-অন্য পাণ্ডুলিপি(১৭)

বিহুৰ চিত্ৰৰ মাজেদি কবিয়ে অসমৰ জটিল সময় এছোৱাৰ কথাও তুলি ধৰিছে। স্বাধীনতাৰ স্বপ্নই মতলীয়া কৰা বিহুবলীয়া অনেক ডেকা হেৰাই যোৱাৰ কথা প্ৰকাশিত হৈছে ‘মৃত্য’ নামৰ কবিতাত―

“কুলি চৰাইজনী সিঞাৰি-সিঞাৰি

ল’ৰাটো গ’ল যে

গ’লেই

 দ’লনিৰ মাজত জাহ গ’ল বেলি।

 মোৰ বিহুৱা-পেঁপাৰ তিনিটা বিন্ধাত

সাইলাখ সেই

ল’ৰাটো

 শুই আছে যে

শুলেই।  ”

-মৃত্যু(১৮)

‘কবিৰ হাতৰ ছবি’ কবিতাটোত ‘চেনিমৰা বাগিচাৰ চিঠি’ৰ যি প্ৰসংগ অনা হৈছে, সেয়া বিহুগীতৰ পৰা বুটলি অনা হৈছে―

“জুনুক কৰি বাজিল জুনুকা।

‘চেনিমৰা বাগিচাৰ চিঠি’ লৈ কোবাল খোজেৰে

গুচি গ’ল ডাকোৱাল।

গছে-গছে হেঁপাহৰ ৰঙীণ-ৰুমাল!”

-কবিৰ হাতৰ ছবি(১৯)

বিহুগীতত আছে―

“তিতিকি তিতাফুল যোৰহাটৰ গোলাপফুল

চেনিমৰা বাগিচাৰ চিঠি;

চিঠিৰে ভিতৰত কথা দি পঠিয়াম

আমালৈ নিদিবা পিঠি।”(২০)

‘হাতত হাঁচতি মোৰ মাধৈমালতী’ শীৰ্ষক কবিতাটোৰ মাজতো বিহুগীতৰ প্ৰয়োগ দেখা যায়। আন কিছুমান কবিতাত আকৌ বিহুগীতৰ ধ্বনি-বৈচিত্ৰ্য চকুত পৰে। যেনে―

(ক) “ক’তে গৈ আছিলা বিহু ধেমেলীয়া

হাতত হাঁচতি লৈ…”

 -হাতত হাঁচতি মোৰ মাধৈমালতী(২১)

(খ)খুন্দ খাই থকা ডাৱৰৰ সিপাৰে

  কি বিজুলীয়াই অ’ সৰুমাই কিনো বিজুলীয়াই যায়…’

-বিহু-বাকৰিৰ গান(২২)

এদিন ফাগুণে ৰঙা কৰি থৈ যোৱা শিমলুৰ ডালত বেঙেনাবোৰ পূৰঠ হয়। বাসন্তী বতাহত সেইবোৰ ফাট মেলে আৰু বতাহত বিয়পি পৰে শুকুলা তুলা। উৰি উৰি শিমলু তুলাবোৰে আকাশ চুব বিচাৰে। আকাশেদি উৰি যোৱা বনৰীয়া হাঁহৰ ডেউকাত কেতিয়াবা বন্দী হৈ পৰে। এনে এখন মনোমোহা চিত্ৰ ভট্টাচাৰ্যৰ কবিতাত বৰ্তমান―

“বনৰীয়া হাঁহজাকৰ ডেউকাত

শিমলু তুলাৰ আঁহ লাগি আহিছে।”

-বতাহত বিহু(২৩) 

কেতিয়াবা বসন্তৰ বৰষুণজাক সময়মতে নাহে। আহিবলগীয়া সেউজীয়াবোৰো ক’ৰবাত থমকি ৰয়। বতাহত বিয়পি পৰে কেৱল বিষাদ―

“পাছবাৰীত ম’লিয়াই থকা আমকিডালৰো পাত-চোত নাই

সৰি পৰিছে মুজুৰা কলিবোৰ

বতাহত বিনাইছে বিষাদ।”

-ছাটি-ফুটি কৰি আছে ডাৱৰ(২৪)

এনেকুৱা পৰিস্থিতিবোৰ চাই চাই কবিৰ আমনি লাগে। দেহে-প্ৰাণে কামনা কৰে বৰষুণ এজাকৰ। তাঁত বোৱাৰ শব্দত, মহুৰাৰ মাতত জানোচা বৰষুণ এজাক আহেই― কবিয়ে কাণ উনাই শুনিব বিচাৰে সেই শব্দ, সেই মাত; কিন্তু সকলোত খৰাং। চেনায়ে হয়তো বিহুৱান বোৱাই নাই। সেয়ে সেই শব্দ আৰু মাতৰ অবৰ্তমানত কবিয়ে লিখিছে―

“বৰষুণ এজাক আহিবলৈকে ডাৱৰৰ ছাঁটোকে নাই। তাঁত বোৱাৰ

শব্দত, মহুৰাৰ মাতৰ জানোচা বৰষুণ এজাক আহেই

তই বাৰু বিহুৱান বৈছ নে, মহুৰাৰ মাতকে দেখোন শুনা নাই…”

-চ’তফুৰা গান(২৫)

কেতিয়াবা আকৌ বৰষুণজাক আহিব খুজিয়ো আহিব নোৱাৰে। বতাহে আন ক’ৰবালৈ উৰুৱাই লৈ যায়। এনে অৱস্থাৰ এখন সুন্দৰ চিত্ৰ ‘বিহু-বাকৰিৰ গান’ কবিতাত পোৱা যায়―

“আজি ৰাতিপুৱাৰে পৰা

আকাশখনে পোহাৰি চুপতি কৰি আছে।

পিঠিয়ে পিঠিয়ে লাগি থকা ল’ৰামতীয়া ডাৱৰবোৰ

বৰষুণ দিওঁ দিওঁ কৰি দূৰলৈ উৰি গৈছে।”

-বিহু-বাকৰিৰ গান(২৬)

কবি আশাবাদী। তেওঁ জানে― সদায়েই সেই ৰ’দ, সেই খৰাং কেতিয়াও নাথাকে। ডেকা-গাভৰুৰ হাঁহিত, যৌৱনৰ গীত-মাত-নাচৰ পৰশত সেই বিষাদ-দিনৰ অৱসান অতি সোনকালেই হ’ব, সেউজীয়া সপোনবোৰে ডেউকা মেলি উৰিব। বিহুৰ গীত আৰু নৃত্যৰ লগত জড়িত হৈ থকা উৰ্বৰা বিশ্বাসৰ প্ৰসংগ তেওঁৰ আশাবাদৰ প্ৰতিফলন ঘটা কবিতাত সুপ্ত―

“চ’তৰ ৰ’দে ডেই-পুৰি নিছে গোটেইখন

আঁহতৰ তলে তলে অনাই-বনাই ফুৰিছে বিহু-লগা দুপৰৰ ছাঁ

আজি ৰাতি এই বাটেৰেই

সূত-লাহি বিহুৱান হাতৰ টিপতে লৈ বৰদৈ-সৰুদৈচিলাহঁত আহিব

দুকাষে গছ-লতা সেউজীয়া সপনোৰ দুখন-ডেউকা…

-এটা বিহুৱা কবিতা(২৭)

কবিৰ এই আশা বেছিপৰলৈ আশা হৈ থকা নাই, সি অতি সোনকালেই বাস্তৱলৈ গতি কৰিছে। বৰষুণজাক আকাশৰ পৰা নামি আহিছে। গছবোৰে দকৈ উশাহ লৈছে, চ’তৰ মাটিৰ গোন্ধ চৌদিশে বিয়পি পৰিছে। গছৰ ডালত কুঁহিপাত ঠুঁটিয়াবলৈ আৰম্ভ কৰিছে, চৰাইৰ গীতত আকাশ মুখৰ হৈ উঠিছে―

(ক)“কালি ৰাতি গছৰ শিপালৈকে বৰষুণ’

চ’তৰ মাটিৰ গোন্ধ গছৰ গোটেই গাত, পাতৰ ৰ’দ

যেনিবা হাতৰ হালধি!”

-বসন্ত বিলাস(২৮)

(খ)“পাতে সৰাল দিয়া গছৰ ডালে ডালে আকৌ নতুন পাত ঠুঁটিয়াইছে

কোনোবাই ক’ৰবাত অকলশৰে দীঘল দীঘলকৈ বিহু বিনাইছে

খোপাতে গেজেংফুল…

 বুঢ়াচাপৰ মাৰি ফুলপানীছিগাৰ ঢুলীয়া আলিমূৰলৈ জাকেৰে ওলাই আহিছে।

বনে-বিৰিখে পখিয়াপখি কৰি  ডেও দি থকা হেঁটুলুকা, পাতসীয়া, বাঢ়ৈটোকা

ৰং-বিৰঙৰ গাওঁফুৰা এই চৰাইবোৰ

ঢোলৰ মাত শুনি ভুৰুংকৈ উৰি থিতাতে কোনোবাখিনি পালেগৈ।

 

হাবিৰ ওপৰে চ’তিয়াচ’তি কৰি চৌফালে বনাই ফুৰিছে

চিকুণ-কুমলীয়া চৰাইৰ জাকৰুৱা মাত।”

-হাবি-বিহু (২৯)

হেঁপাহৰ বৰষুণজাক আহিল। কেতেকী ফুলৰ সুবাসে, ঢোলৰ শব্দই হৃদয়ত খলকনি তুলিলে। কবিৰ এটাই আশা― প্ৰেমৰ পৃথিৱীখনত ভালপোৱাৰ এসুঁতি ধাৰ চিৰকালে বৈ থাকক―

“উজাই আহিছে কেতেকীজোপাৰ কাঁইটীয়া বুকুত

খু-দুৱাই থকা ফুলপাহৰ সাঁচতীয়া গোন্ধ

ভৰ দুপৰীয়া চ’তৰ এই ৰিঙা পথাৰখনৰে

কোনোবা দুৰণিবটীয়াই ঢোল বাই খলকনি তুলিছে বতাহত,

তোলৈ বৰকৈ মনত পৰিছে সৰুমাই,

পাঁজিকটা সূতাৰ দৰে তোৰ কথাই গুণগুণকৈ মনলৈ আহি আছে

সেই দুপৰৰ পৰা,

দিলীহ-দৰিকাৰ নিছিগাধাৰে বৈ যাওক

আমাৰ ভালপোৱাৰ এসুঁতি জীয়াই থাকো মানে…”

-ভালপোৱাৰ এসুঁতি, পৃ. ২২৫

কবিয়ে বিচাৰে কুলিৰ মাতত সঁচাকৈয়ে ‘বসন্ত’ আহক, তাৰ লাহী ডেউকাই সমাজ-জীৱনৰ কুঁৱলী আঁতৰাওক―

“কালি ৰাতি খুব খুব কুঁৱলী পৰিছিল।

পাহাৰতলিত

এটা চৰায়ে ওৰে ৰাতি

গান গাই আকাশখনক কন্দুৱাইছিল।

এটা চৰাইৰ

মাতত বসন্ত অহা হ’লে!

তাৰ লাহী ডেউকাই

কুঁৱলী আঁতৰাব পৰা হ’লে!”

-বসন্তৰ গান(৩০)

সামৰণিঃ

এই চমু আলোচনাৰ অন্তত হীৰেন ভট্টাচাৰ্যৰ কবিতাত বসন্ত/ব’হাগ সম্পৰ্কীয় এইকেইটা দিশ বিশেষভাৱে দেখা গ’ল―

  • বসন্ত ঋতুৰ স্বকীয় সৌন্দৰ্য তুলি ধৰাৰ বিশেষ প্ৰয়াস ভট্টাচাৰ্যৰ কবিতাত দেখা যায়। মিতবাকেৰেই তেওঁ বসন্তৰ সৌন্দৰ্য সুন্দৰকৈ ফুটাই তুলিছে।
  • সুকোমল প্ৰেমৰ অনুভূতিয়ে হীৰেন ভট্টাচাৰ্যৰ বসন্ত/ব’হাগ বিষয়ক কবিতাখিনিক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।
  • এই বিষয়ক কবিতাখিনিত কবিৰ চিৰন্তন দুখবোধ আৰু সেই দুখক স্বাভাৱিক প্ৰাপ্তি বুলি মানি লোৱাৰ কথা প্ৰকাশ পাইছে।
  • কবিৰ চিৰন্তন আশাবাদৰ প্ৰকাশো বসন্ত/ব’হাগ বিষয়ক কবিতাখিনিত লক্ষ্য কৰা যায়।
  • গীতিধৰ্মিতা আৰু ব্যঞ্জনাময় ভাষাৰ প্ৰয়োগে ভট্টাচাৰ্যৰ বসন্ত/ব’হাগ বিষয়ক কবিতাখিনিক এক বিশেষ সৌন্দৰ্য প্ৰদান কৰিছে। বনগীত-বিহুগীতৰ ব্যঞ্জনাময় ধ্বনি-বৈচিত্ৰ্যৰ প্ৰলেপ এটাও এই কবিতাখিনিৰ মাজেৰে লক্ষ্য কৰিব পাৰি।

তথ্য-সূত্ৰ 

[১] নন্দ তালুকদাৰ, কবি আৰু কবিতা, পৃ. ৭৫

[২] উল্লিখিত, পৃ. ৭৭

[৩] হীৰেন ভট্টাচাৰ্য, হীৰেন ভট্টাচাৰ্যৰ কবিতা, পৃ. ২২

[৪] উল্লিখিত, পৃ. ২২

[৫] উল্লিখিত, পৃ. ১১২

[৬] উল্লিখিত, পৃ. ১৯৬

[৭] উল্লিখিত, পৃ. ১১২

[৮] উপেন্দ্ৰনাথ শৰ্মা, সাহিত্যঃ ৰোমাণ্টিক আৰু আধুনিক, পৃ. ১৯

[৯] হীৰেন ভট্টাচাৰ্য, উল্লিখিত গ্ৰন্থ, পৃ. ৯৪

[১০] উল্লিখিত, পৃ. ৯১

[১১] উল্লিখিত, পৃ. ১৬৭

[১২] উল্লিখিত, পৃ. ১৭৩

[১৩] কৰবী ডেকা হাজৰিকা, অসমীয়া কবি আৰু কবিতা, পৃ. ১২৪

[১৪] কবীন ফুকন, ‘আধুনিক অসমীয়া কবিতাঃ প্ৰকৃতি আৰু পটভূমি’, হোমেন বৰগোহাঞি (সম্পা.), অসমীয়া সাহিত্যৰ বুৰঞ্জী (ষষ্ঠ খণ্ড), পৃ. ৩৬৩

[১৫] হীৰেন ভট্টাচাৰ্য, উল্লিখিত গ্ৰন্থ, পৃ. ৩৮

[১৬] উল্লিখিত, পৃ. ৪০

[১৭] উল্লিখিত, পৃ. ১৩৬

[১৮] উল্লিখিত, পৃ. ১০৫

[১৯] উল্লিখিত, পৃ. ১২৩

[২০] লীলা গগৈ, বিহুগীত আৰু বনঘোষা, পৃ. ১৭৭

[২১] হীৰেন ভট্টাচাৰ্য, উল্লিখিত গ্ৰন্থ, পৃ. ১৯৬

[২২] উল্লিখিত, পৃ. ২০০

[২৩] উল্লিখিত, পৃ. ৩০০

[২৪] উল্লিখিত, পৃ. ২৯১

[২৫] উল্লিখিত, পৃ. ২৭১

[২৬] উল্লিখিত, পৃ. ২০০

[২৭] উল্লিখিত, পৃ. ২৪৫

[২৮] উল্লিখিত, পৃ. ১২৫

[২৯] উল্লিখিত, পৃ. ২০২

[৩০] উল্লিখিত, পৃ. ১৫

গ্ৰন্থপঞ্জী

গগৈ, লীলা : বিহুগীত আৰু বনঘোষা, বনলতা, ডিব্ৰুগড়, বনলতা সংস্কৰণঃ নৱেম্বৰ, ২০০৮

তালুকদাৰ, নন্দ : কবি আৰু কবিতা, বনলতা, গুৱাহাটী, পৰিৱৰ্দ্ধিত সংস্কৰণঃ জানুৱাৰী, ২০০৬

পূজাৰী, অৰ্চনা (সম্পা.) :অসমীয়া কবিতাৰ বিচাৰ-বিশ্লেষণ, জ্যোতি প্ৰকাশন, গুৱাহাটী, দ্বিতীয় প্ৰকাশঃ ১ আগষ্ট, ২০০৬

ফুকন, কবীন: ‘আধুনিক অসমীয়া কবিতাঃ প্ৰকৃতি আৰু পটভূমি’, হোমেন বৰগোহাঞি (সম্পা.), অসমীয়া সাহিত্যৰ বুৰঞ্জী (ষষ্ঠ খণ্ড), আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা, গুৱাহাটী, দ্বিতীয় প্ৰকাশঃ ২০১২, পৃ. ৩০১-৩৭৬

ভট্টাচাৰ্য, হীৰেন :হীৰেন ভট্টাচাৰ্যৰ কবিতা (১৯৫৭-২০১০), ভৱানী প্ৰিণ্ট এণ্ড পাব্লিকেশ্যনচ্, গুৱাহাটী, দ্বিতীয় মুদ্ৰণঃ ২০১১

শৰ্মা, উপেন্দ্ৰনাথ:সাহিত্যঃ আধুনিক আৰু ৰোমাণ্টিক, নটসূৰ্য ফণী শৰ্মা সোঁৱৰণী সমিতি, গুৱাহাটী, প্ৰথম প্ৰকাশঃ ৩১ জুলাই, ২০০২

শৰ্মা, সত্যেন্দ্ৰনাথ:অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সৌমাৰ প্ৰকাশ, গুৱাহাটী, দশম সংস্কৰণঃ জুন, ২০১১ (পুনৰ মুদ্ৰণ)

হাজৰিকা, কৰবী ডেকা:অসমীয়া কবি আৰু কবিতা, বনলতা, ডিব্ৰুগড়, দ্বিতীয় বনলতা সংস্কৰণঃ ২০১১

এটা মন্তব্য

  1. বহুত ভাল লাগিল।সুন্দৰ বিশ্লেষণ মৃদুল দা।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে