চ’ৰাঘৰ / কথাশিল্প / অনুভৱ / ফুলি থাকক ব’হাগৰ ফুল৷৷ টুনুজ্যোতি গগৈ৷৷

ফুলি থাকক ব’হাগৰ ফুল৷৷ টুনুজ্যোতি গগৈ৷৷

কবি নৱকান্ত বৰুৱাই ‘পৃথিৱীৰ প্ৰথম যৌৱন’ নেদেখাৰ বাবে আক্ষেপ কৰিছিল৷ কবিৰ দৰে আমাৰো কেতিয়াবা ব’হাগৰ নিভাঁজ ৰূপটো নেদেখাৰ বাবে আক্ষেপ হয়৷ বিহুনামবোৰত শুনিবলৈ-পঢ়িবলৈ পোৱা কুমাৰী প্ৰকৃতি অথবা লোকজীৱনৰ সেই মনোৰম দৃশ্যবোৰ – ‘চটাই পৰেবতৰ টিং’ বগাই বগাই চেনেহীলৈ কপৌফুল বিচাৰি অনা, যুৰীয়া হাতীকো বলাব পৰা পাহোৱাল ডেকাটি; গচকত যঁতৰ ভাঙি থৈ বিহুলৈ যোৱা ৰচকী নাচনীজনী, চিৰি লুইতলৈ চাই চাই চিৰিপ চিৰিপ কৰি কাপোৰ ধোৱা, ‘হাত মেলি হালধি, ভৰি মেলি তেল’ ঘহাঁ বা ‘থুৰিয়াই থুৰিয়াই’ তামোল কটা ডেকেৰীজনী ইত্যাদি– আমাৰ দেখাৰ সৌভাগ্য নহ’ল৷ তথাপি, এই কথাত আশ্বস্ত হওঁ যে আমি সোণালী শৈশৱ অতিবাহিত কৰাৰ পাছতহে অৰ্থাৎ বিংশ শতিকাৰ শেষৰফালেহে বিশ্বায়ন অথবা যান্ত্ৰিকতাৰ বতাহে ধীৰে ধীৰে অসমৰ গাঁও-ভুঁই চুই গৈছিল৷ বৰ্তমান ফেইচ-বুক, হোৱাটছ এপ আদি নব্য গণমাধ্যমৰ জৰিয়তে বিহুৰ শুভেচ্ছা জনোৱা বা দূৰদৰ্শনত বিহু সন্মিলনৰ পোনপটীয়া সম্প্ৰচাৰ দৰ্শন কৰা প্ৰজন্মটোতকৈ আমাৰ প্ৰজন্মটো যেন তুলনামূলকভাৱে অলপ বেছি সৌভাগ্যবান৷ কাৰণ, বিহুৰ নিভাঁজ ৰূপটো নেদেখিলেও আমি দেখিছিলোঁ –শীতৰ বতৰত লঠঙা হৈ পৰা ঘৰৰ চৌপাশৰ হাবিবোৰৰ সৰু-বৰ গছবোৰত ওলোৱা ৰঙা ৰঙা কুঁহিপাতবোৰ (সেই হাবিবোৰ এতিয়া ৰূপান্তৰ হ’ল চাহ বাগিছালৈ), গাঁৱৰ জীয়ৰী-বোৱাৰীৰ ঢেকীশাল বা তাঁতশালৰ ব্যস্ততাবোৰ (এতিয়াতো গাঁৱত ঢেকী নাই বুলিয়েই ক’ব পাৰি), চেমনীয়াসকলে তৰাগছ-মাখিয়তী-টংলতি-আমৰলি বাহ বিচাৰি ফুৰা দৃশ্যবোৰ (এতিয়া ইবোৰ দুস্প্ৰাপ্য হ’ল), ডেকাসকলে ঘৰে ঘৰে গোৱা হুঁচৰিবোৰ, হাবিৰ এচুকত গাভৰুহঁতৰ গছতলৰ বিহুবোৰ…৷ সেই যে বিহুলৈ বুলি মা-পেহীহঁতে পৰম হেঁপাহেৰে জুটিয়ে জুটিয়ে গামোচা বৈছিল আৰু গামোচাবোৰত ৰঙা আঁচুৰে সৰু সৰু ফুল তুলিছিল – সেই ফুলবোৰ আছিল সুখৰ, আনন্দৰ আৰু প্ৰাপ্তিৰ৷ মায়ে বোৱা বিহুৱানৰ ৰঙা ৰঙা সৰু সৰু ফুলবোৰৰ দৰেই আমাৰ স্মৃতিৰ অৰণ্যত ফুলি আছে দূৰ অতীতৰ বিহুকেন্দ্ৰিক কেতবোৰ ফুল – স্মৃতিৰ কপৌফুল৷

স্মৃতিৰ অৰণ্যত ব’হাগ ৰমক-জমক কপৌফুল হৈ হালি-জালি ফুলি থকা বাবেই চাগে যান্ত্ৰিকতা তথা আধুনিকতাই চেপি-খুন্দি পেলোৱা আৰু প্ৰকৃতিৰ পৰা বিচ্ছিন্ন হৈ পৰা ব’হাগৰ আধুনিক ৰূপটোৱে আমাক হতাশ কৰে৷ নখ বাঢ়ি বাঢ়ি বিহুৰ বতৰত লগোৱা জেতুকাৰ ৰং কমি অহাৰ দৰে শৈশৱ-কৈশোৰত বিহু বুলিলেই যি পাৰভঙা আৱেগ-উৎসাহ-আনন্দ-শিহৰণ অনুভৱ কৰিছিলো; সেই আৱেগ, সেই উৎসাহ, সেই আনন্দ, সেই শিহৰণ মহানাগৰিক জীৱনৰ ব্যস্ততা-নিস্তৰংগতাই কমাই আনিছে৷ গছতলৰ গাভৰুৰ নাচ দেখি যি শিহৰণ অনুভৱ কৰিছিলো, সেই শিহৰণ দূৰদৰ্শনৰ পৰ্দা বা বিহু সন্মিলনীৰ মঞ্চত কৃত্ৰিম প্ৰসাধনেৰে সজ্জিত নাচনীৰ নাচ দেখি অনুভৱ নকৰো৷ দীঘল চুলীয়া বা টিকনিধাৰী গায়কৰ মাইক্ৰফোনেৰে ভাহি অহা বিহুসুৰীয়া গীতে সিমান উদ্বেলিত নকৰে, যিমান উদ্বেলিত কৰিছিল সুখেশ্বৰ নিচাদেউৰ সুললিত কন্ঠৰ বিহু এফাকিয়ে– ‘পিৰীতি নামৰে তিনিটি আখৰে/ কোনে কাটি গ’লে শিলত/ নজহে নপমে মৰিচা নপৰে/ জিলিকে বুকুৱা বিলত৷’ দামী বিলাতী সুৰাই দেহ-মনত সেই ৰাগী লগাব নোৱাৰে, যি ৰাগী আইতাই সযতনেৰে থোৱা সাঁজ কলহৰ দুবাটি খায়েই অনুভৱ কৰিছিেলা৷ এতিয়া আৰু ভাবিবলৈ মন নায়ায়– হীৰু দাই কোৱাৰ দৰে–‘কাঁইটীয়া গোলাপৰ’ ডালে ‘বতাহত দোঁ খাই আহি/ ছিঙি নিবহি যেন/ মোৰ কলিজাৰ এফাল৷’ নিষ্ঠুৰ জীৱন সংগ্ৰামে কাঢ়ি লৈ গৈছে সেই কাব্যগন্ধী মধুৰ অনুভৱ৷

‘ৰামধেনু যুগ’ৰ কবি প্ৰফুল্ল ভূঞাই ‘বিহু’ শীৰ্ষক কবিতাটিত কৈছিল–‘সৰু সৰু গাঁওবোৰ প্ৰাণেৰে উপচি গ’ল/ আৰু তাৰ সৰু সৰু প্ৰাণবোৰ/ আনন্দত ফুল হ’ল– বহাগৰ ফুল,/ পথাৰ মুখৰ হ’ল/ বিহু নাম, টকা আৰু পেঁপাৰ মাতত / জীৱনত যেন এইবাৰ প্ৰথম শুনিলো গান / সুৰ আৰু প্ৰাণ তাত ইমান নিবিড়৷’ সঁচা ক’বলৈ গ’লে, যান্ত্ৰিকতা বা আধুনিকতাই স্পৰ্শ কৰিব নোৱাৰা গাঁৱৰ সহজ-সৰল সৰু সৰু প্ৰাণবোৰেই ৰূপ-ৰস-গন্ধ-স্পৰ্শৰ বিশাল আয়োজনেৰে ফুলাই তুলিছিল ব’হাগৰ ফুল৷ সেই ব’হাগৰ ফুলৰ মাজতেই প্ৰোথিত হৈ আছিল গণজীৱনৰ সাহস আৰু সাংস্কৃতিক ঐতিহ্য৷ আমাৰ বিশ্বাস নহয় যে লাখটকীয়া বাজেটৰ বিহু সন্মিলনে বা বৈদ্যুতিন মাধ্যমৰ ৰংচঙীয়া অনুষ্ঠানে তেনেকুৱা ব’হাগৰ ফুল ফুলাব পাৰিব৷ সৰু সৰু চহা প্ৰাণবোৰ ব’হাগৰ ফুল হৈ ফুলি থকালৈকেহে গণজীৱনৰ সাহস আৰু সাংস্কৃতিক ঐতিহ্য জ্যোতিষ্মান হৈ থাকিব, তাৰ লগে লগে সুৰক্ষিত হৈ থাকিব অসমীয়া জাতিৰ অস্তিত্ব৷ এই সময় জাতীয় আত্মপ্ৰত্যয় জাগ্ৰত কৰি তোলাৰ সময়৷ সেই আত্মপ্ৰত্যয় জাগ্ৰত কৰি তুলিব পাৰে ভূপেন হাজৰিকাৰ গীতে–
‘…সৌবোৰ ঠোঁট যেন তেজহে সনা/শেন যেন লাগিছে চকুৰে নমনা
অসমীয়াই এইবোৰ ভাবি চাবৰ/ব’হাগেই বতৰ কিজানি..

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে