দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / কথাশিল্প / জীবনানন্দৰ বনলতা সেন : এটি পৰ্যালোচনা ৷৷ টুনুজ্যোতি গগৈ৷৷

জীবনানন্দৰ বনলতা সেন : এটি পৰ্যালোচনা ৷৷ টুনুজ্যোতি গগৈ৷৷

আধুনিক বাংলা সাহিত্যৰ গৌৰৱোজ্জ্বল ৰবীন্দ্ৰযুগৰ কবি হৈয়ো ৰবীন্দ্ৰনাথৰ সৰ্বগ্ৰাসী প্ৰভাৱৰ পৰা মুক্ত, অথচ আকাশলংঘী কাব্য প্ৰতিভাৰে আধুনিক বাংলা কবিতাৰ ইতিহাসত এক নতুন দিগন্ত উন্মোচন কৰোতা, কবিতা সৃষ্টিৰ ক্ষেত্ৰত আপোন জীৱনৰ স্বপ্ন-স্মৃতি-যন্ত্ৰণা-সংশয়ৰ লগতে চৌপাশৰ ৰূপে-ৰঙেৰে ভৰা পৰিৱেশৰ সৈতে একান্ত ‘মইময়তা’ৰে নিকট সম্পৰ্ক গঢ়ি তোলা জীবনানন্দৰ কবিতাৰাশিক বিংশ তথা একবিংশ শতিকাৰ এন্দুৰ চঞ্চল মানৱৰ বেদনাৰ সাৰ্থক প্ৰতিনিধি বুলি ক’লেও মিছা কোৱা নহ’ব নিশ্চয়৷ জীৱনক গভীৰ অন্তৰ্দৃষ্টিৰে পৰ্যবেক্ষণ কৰা জীবনানন্দৰ স্পৰ্শকাতৰ সংবেদনশীলতা আৰু সুতীব্ৰ আনুভূতিক চৈতন্যই তেওঁৰ কবিতাক অৱশ্যে পঠনীয় কৰি তুলিছে৷ হয়, জীবনানন্দ এগৰাকী প্ৰেমৰ কবি, কিন্তু তেওঁৰ প্ৰেমৰ কবিতাবোৰত অগতানুগতিক, অস্থিৰ, অপূৰ্ব, পলায়নমান অনুভৱে এক নতুন মাত্ৰা প্ৰদান কৰিছে৷ চিনাকি ঘৰুৱা শব্দ, চিনাকি প্ৰতীক আৰু চিনাকি চিত্ৰকল্পৰ সুষম সমন্বয় ঘটাই কবিতা লিখা জীবনানন্দৰ কবিতাত যেন ৰৈ ৰৈ বাজি উঠে মৃত্যু চেতনাৰ কৰুণ কোমল সুৰ– নিৰ্জনতা আৰু নৈৰাশ্যৰ আবেগ মধুৰ সুৰ৷

বহুমুখী প্ৰতিভাসম্পন্ন কবি-সাহিতি্যক জীবননানন্দক ‘সব্যসাচী’ৰ লগত তুলনা কৰিব পাৰি৷ আজি জীবনানন্দৰ সৃষ্টিৰাশিক লৈ বিভিন্ন ধৰণৰ চিন্তা-চৰ্চা, সমালোচনাৰ জোঁৱাৰ পৰিলক্ষিত হ’লেও জীৱিতকালত তেওঁ কঠোৰ সমালোচনা, কেৱল দুই-এক সংবেদনশীল সম্পাদক-সমালোচকৰ সদ উৎসাহ, কিছু তৰুণ ভক্তৰ মুগ্ধতাৰ বাহিৰে একো পোৱা নাছিল৷ কোনোৱে তেওঁক ‘খামখেয়ালি’ বুলি, কোনোৱে তেওঁক গতানুগতিক কাব্য স্ৰোতৰ বিপৰীতে সাঁতোৰ মেলা বাবে ‘ৰীতি বিৰোধী’ কবি বুলিও অভিহিত কৰিছিল৷ কিন্তু, বিস্ময়ৰ কথা যে জন অৰণ্য কলকাতাৰ চলন্ত ট্ৰামৰ চকাৰ তলত তেওঁৰ জীৱন ছন্দৰ তাঁৰডাল ছিগি যোৱাৰ পাছতে উপেক্ষিত, বঞ্চিত জীবনানন্দ একে ৰাতিৰ ভিতৰতে যশ-খ্যাতি-বিৰল সন্মানৰ অধিকাৰী হৈ পৰিল৷ তেওঁৰ খচৰা ৰূপৰ তথা বাতিল স্তৰৰ অনেক অপ্ৰকাশিত ৰচনাই বন্ধ বাকচৰ পৰা ওলাই প্ৰকাশৰ মুখ দেখিবলৈ সক্ষম হ’ল৷ সেই ৰচনাসমূহ যে কেৱল কবিতাই হয়, তেনে নহয়–গল্প, উপন্যাস, বিভিন্ন প্ৰবন্ধ আদিও সেইবোৰৰ মাজত পোৱা গৈছিল৷ এই বিচিত্ৰ ৰচনাৰাশি প্ৰকাশ হোৱাৰ লগে লগে পাঠক সমাজেও এক নতুন স্বাদৰ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ’ল৷

যি কি নহওক, আমি জীবনানন্দৰ বহুমুখী সাহিত্য-প্ৰতিভাৰ বিষয়ে বহুল আলোচনালৈ নগৈ, কেৱল তেওঁক অক্ষয়-অব্যয় খ্যাতি প্ৰদান কৰা ‘বনলতা সেন’ শীৰ্ষক কবিতাটিৰ বিষয়েহে আলোচনা আগবঢ়াব বিচাৰিছো৷ বাংলা কবিতাৰ কেৱল স্বৰবৰ্ণ পঢ়োতা জনেও এয়া জানে যে মৌলিক চিন্তাধাৰা সম্পন্ন জীবনানন্দৰ ‘বনলতা সেন’ নামৰ কবিতাটি বাংলা সাহিত্যৰ এক অমূল্য সম্পদ৷

জীবনানন্দৰ ‘বনলতা সেন’ৰ বিষয়ে আলোচনা কৰিবলৈ গৈ অনুভৱ হয় যে তেওঁৰ ‘তুমি’ ময় কবিতাৰ ‘সুদৰ্শনা’, ‘সুৰঞ্জনা’, ‘অৰুণিমা স্যানাল’, ‘শ্যামলী’, ‘সবিতা’ ইত্যাদি নাৰীৰ দৰেই ‘বনলতা’ও অন্য এগৰাকী সুন্দৰী নাৰী৷ প্ৰথম দৃষ্টিত ‘বনলতা সেন’ক এগৰাকী ছায়া-মায়া স্বপ্ন সুন্দৰী যেন লাগিলেও আচলতে তাই তেনে নহয়, নাটোৰৰ এই নাৰী গৰাকী জীৱন সাঁথৰৰ অন্য এক নামহে৷ জীবনানন্দৰ ভগ্নপ্ৰায়, ব্যথাভৰা অশান্ত জীৱনক শান্তিৰ মৃদুল বা দিয়া, শূন্যময় জীৱনক প্ৰাপ্তিৰে উপচাই দিব পৰা ৰূপহী ‘বনলতা সেন’ৰ কেশ বিদিশাৰ নিশাৰ ঘনঘোৰ অন্ধকাৰৰ দৰে, দুননয় পক্ষীৰ নীড়ৰ দৰেই৷ মুখত শ্ৰাবন্তীৰ কাৰুকাৰ্যৰে– অন্য অৰ্থত বিন্দু বিন্দুকৈ অপাৰ সৌন্দৰ্যৰ সুষমা আহৰণ কৰি বনলতা মূৰ্তমান হৈ পৰিছে এক নজিৰবিহীন ৰূপত৷

এইখিনিতে দুটিমান প্ৰয়োজনীয় কথা কৈ লওঁ৷ প্ৰতিজন মানুহৰেই মনৰ মাজত এখন অনন্য পৃথিৱী লুকাই থাকিলেও সকলোৱে কবি হওঁ বুলিয়েই হ’ব নোৱাৰে৷ কবিৰ অনুভৱ শান্তি বা কল্পনাৰাজিৰ লগত সাধাৰণ মানুহৰ অনুভৱ শক্তি বা কল্পনা শক্তিক তুলনা কৰিব নোৱাৰি৷ সেয়ে কোৱা হয় যে কবি ঈশ্বৰৰ সৃষ্টি৷ আলোচ্য কবি জীবনানন্দ উপলব্ধিৰ গভীৰতা, আৱেগৰ প্ৰাধন্য আৰু ভাবৰ মনোহাৰিত্বই তেওঁৰ কবিতাসমূহক যেন জটিল চিত্ৰকল্প, ব্যঞ্জনা, প্ৰতীকবাদ, দাঁতভঙা শব্দৰ সমাহাৰেৰে কবিতা লিখা কবিসকলৰ বাবে সাৱধান বাণী কৰি তুলিছে৷ অৱশ্যে সাৰ্থক আধুনিক কবিতাত ৰূপ তথা ৰসৰ দুৰ্বোধ্যতা থাকিলেও সামগ্ৰিক উপলব্ধি আৰু সাৰ্বজনীন আবেদনে পাঠকক মোহিত কৰি ৰাখে৷ ইংৰাজী কবি এলিয়েটৰ ‘ৱেষ্টলেণ্ড’ এটা দুৰ্বোধ্য কবিতা যদিও ইংৰাজী জনা কবিতাপ্ৰেমীসকলে ইয়াক পঢ়ে কেৱল কবিতাটিৰ সাংগীতিক লয়ৰ বাবেই৷ সাংগীতিক লয়েৰে মুখৰিত ‘বনলতা সেন’ কবিতাটি এনে কাৰণতেই সৰ্বজনপ্ৰিয়৷ অসমীয়া কবি দেৱকান্ত বৰুৱাৰ ‘সাগৰ দেখিছা’, মহেন্দ্ৰ বৰাৰ ‘জাতিস্মৰ’ ইত্যাদি কবিতা সহজে বুজিব নোৱাৰিলেও সাংগীতিক মাধুৰ্যই এই কবিতাবোৰক জনপ্ৰিয় কৰি তুলিছে৷

অভিনৱ সৌন্দৰ্য আৰু মহত্বৰ সমাহাৰেৰে জ্যোতিস্মান হৈ উঠা ‘বনলতা সেন’ কবিতাটিক লৈ সমালোচকসকলৰ ব্যাখ্যাৰ শেষ নাই৷ কবিতাটিৰ দুটিমান স্তৱকতেই ঐতিহ্যচেতনা, ভৌগোলিক চেতনা, জাতিস্মৰ অনুভৱ, তৃষ্ঞাতুৰ মন, অতিবাস্তববাদ, ৰোমাণ্টিক উপলব্ধি, নিঃসংগবোধ, আধুনিক মন ইত্যাদি উজলি উঠিছে৷ এক অনন্ত বিস্ময়, কবিৰ মানস কন্যা বনলতা সেন হয়তো পুৰাতন সংস্কৃতি আৰু সভ্যতাৰ জীয়া প্ৰতিমা–শৈল্পিক ভাস্কৰ্য৷

কবিতাটিত কবিৰ কল্পনাৰ ঘোঁৰাই লেকাম চিঙি চেকুৰ মেলিছে সিংহল সাগৰৰ পৰা মলয় সাগৰ, বিম্বিসাৰ অশোকৰ ধূসৰ জগত কিম্বা বিদৰ্ভ নগৰীৰ অচিন জগতলৈ৷ পৰিব্ৰাজকৰ দৰেই কবিৰ এই বিচৰণে প্ৰতিফলিত কৰিছে আধুনিক মনৰ ভ্ৰান্তি, নৈৰাশ্য, বিষাদ ইত্যাদি৷ এই অশান্ত জৰ্জৰ বেদনা বিধুৰ জীৱনৰ সন্ধিয়াপৰত ‘বনলতা সেন’ সমগ্ৰ চৈতন্যৰ উৰ্ধৰ এক সত্তা– যি ‘দুদণ্ড’ শান্তি দিব পাৰে, ‘দারুচিনি দ্বীপ’ৰ মাজৰ ‘পাখির নীড়ের মতো চোখ’ তোলা এই ‘বনলতা সেন’৷ এনেকুৱাও হ’ব পাৰে যে বনলতা জীৱনোপলব্ধিৰে ৰূপান্তৰ মাথোঁ৷ শান্তিৰ নীড়ত এধানি আশ্ৰয় দিব বিচৰা, ‘এতদিন কোথায় ছিলেন’ বুলি হৃদয় কঁপোৱা প্ৰশ্নবান নিক্ষেপ কৰা ‘বনলতা সেন’ত জীৱন আৰু কল্পনাৰ সীমনা স্পষ্ট হৈছে৷ বনলতা সেনক তেজ-মঙহৰ নাৰী বুলি নাভাবি এক কল্পিত নাৰী সত্তা বুলি ভাবিলেও সম্ভৱতঃ কবিৰ ‘সুৰঞ্জনা’, ‘সুচেতনা’ আদিতকৈ ‘বনলতা’ক অধিক গুৰুত্ব দিব লাগিব৷

অৱশ্যে ‘সুচেতনা’, ‘মৃণালীনি’ আদি নাৰী কবিৰ প্ৰেমিকাই নে জীৱনৰ কোনো এক কেঁকুৰিত লগ পোৱা, জীৱনক সেউজীয়া কৰি ৰাখিব খোজা ক্ষন্তেকীয়া প্ৰেৰণাৰ প্ৰতীক, সেয়া বুজিব নোৱাৰি৷ তেনেদৰে, বনলতাৰ মনৰ খবৰো সহজে নাপাওঁ–জীবনানন্দৰ অনুভৱৰ খণ্ডিত অভিব্যক্তি, বিচিত্ৰ অভিজ্ঞতাই বনলতা সেনৰ এখন ধূসৰ ছবিেহ আমাৰ সন্মুখত দাঙি ধৰে৷ কোনো সমালোচকৰ মতে, বনলতা সেন অতিবাস্তৱবাদৰ প্ৰলেপেৰে প্ৰজ্জ্বলিত হৈ উঠা এক অচিন পৃথিৱীৰ বাসিন্দা৷ এৰা, জীৱনৰ সফেন সাগৰৰ দাৰু চিনি দ্বীপৰ দৰেই তেওঁৰ ৰহস্যময় উপস্থিতিয়ে এখন মায়াময় পৃথিৱীৰ নিৰ্মাণ কৰে৷ জীবনানন্দই চৌদিশে জীৱনৰ সাগৰ সফেন বুলি নিজৰ কালান্তিক মনটোৰ পৰিচয় দিয়াৰ লগতে চৰাই বাঁহৰ দৰে শান্ত-স্নিগ্ধ দুচকুক আশ্ৰয়ৰ স্থলী হিচাপে কল্পনা কৰি যি অনুভৱৰ দক্ষতা দেখুৱালে, সি আক্ষৰিক অৰ্থতেই বিস্ময়কৰ৷

জীবনানন্দৰ কবিতাত শ্যেলী, কীটছ আদিৰ প্ৰভাৱ পৰিছে বুলি বহুতে কয়৷ প্ৰায় সংখ্যক কবি-সাহিত্যিক অন্য কবি-সাহিতি্যকৰ দ্বাৰা প্ৰভাৱান্বিত হয় বাবে এই মন্তব্যত কোনো অস্বাভাৱিকতা নাই৷ কিন্তু, আপোন মৌলিক প্ৰতিভাৰে গৰ্বিত জীবনানন্দৰ সৃষ্টিৰাজিত সেই প্ৰভাৱ ধৰা পেলাবলৈ টান৷ এয়াও অকপটে ক’ব লাগিব যে ‘বনলতা সেন’ৰ অনন্য আৰু একক পৃথিৱীৰ গভীৰতাত অবগাহন কৰাৰ ইচ্ছা থাকিলেও কবিৰ গভীৰ অনুভূতিক লেখনিৰ মাধ্যমেদি চিত্ৰিত কৰাৰ সামৰ্থ্য আমাৰ নাই৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে