দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / কথাশিল্প / কথাবোৰ ৷৷ যোজনা পাঠক৷৷

কথাবোৰ ৷৷ যোজনা পাঠক৷৷

কিছুমান কথা
অনৱৰতে কঢ়িয়াই লৈ ফুৰা যায়

কথাবোৰত থাকে
প্ৰতিখোজৰ
সেউজীয়া ৰঙা আৰু কজলাৰঙী পাঠ

আৰু
বহু নপঢ়া পাঠ

নপঢ়া পাঠেও
চিঙিব পাৰে আঁত

থাউকতে কাঢ়িব পাৰে
পলসুৱা জীৱনৰ মাত

হেৰাই বহুযোজন বাট৷৷

এটা মন্তব্য

  1. মানুহৰ জীৱনৰ সচা অভিজ্ঞতা বৰ্ণনাৰে এটি সুন্দৰ কবিতা। পঢ়ি ভাল লাগিল।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে