দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / কথাশিল্প / অতিথিখানা৷৷ মানস প্ৰতিম ফুকন ৷৷

অতিথিখানা৷৷ মানস প্ৰতিম ফুকন ৷৷

এজন নিৰাশ্ৰয় বাটৰুৱাই কোনো এঘৰ মানুহৰ ঘৰত ৰাতিটো থাকিবলৈ বিচাৰিলে। ঘৰৰ গিৰিহঁতে তাক হাতেৰে ইংগিত দি ক’লে ,” যা যা এইটো অতিথিখানা নহয় ।”

বাটৰুৱাৰ মনত বৰকৈ লাগিল । সি গম্ভীৰ হৈ অলপপৰ ভাবিলে। পাছত টান মাতেৰে ক’লে,” মোৰ মতে এইটোৱেই অতিথিখানা।”

বাটৰুৱাৰ কথা শুনি গিৰিহঁতে এইবাৰ প্ৰচণ্ড খঙেৰে কৈ উঠিল,” এইটো মোৰ ঘৰ। ইয়াত মোৰ অধিকাৰ আছে। তই কি পাগল কথা ক’বলৈ আহিছ’।”

বাটৰুৱাই বিনীতভাৱে ক’লে, ” আপোনাক মই বুজাই দিব পাৰোঁ, কিন্তু আগেয়ে আপুনি মোৰ তিনিটা প্ৰশ্নৰ উত্তৰ দিবনে?”

গিৰিহঁতে ক’লে, “বাৰু সুধি যা, মোৰ আপত্তি নাই।”

বাটৰুৱাই প্ৰশ্ন কৰিলে,” আপোনাৰ আগেয়ে এই ঘৰত কোন আছিল ?”

গিৰিহঁতে উত্তৰ দিলে,” মোৰ দেউতা আছিল ।”

” এতিয়া? ”

” মই নিজে আছোঁ ।”

“ভৱিষ্যতে কোন থাকিব ?”

” মোৰ ল’ৰা থাকিব।”

গিৰিহঁতৰ কথা শুনি বাটৰুৱাই মিচিকিয়াই হাঁহিবলৈ ধৰিলে । আৰু লাহেকৈ ক’লে – ” ভাল কথা। এইটোৱেই মই বিচাৰিছিলোঁ । আপুনি যি উত্তৰ দিলে তাৰ পৰাই প্ৰমাণ হ’ল যে – এই ঘৰটো এটা বৃহত্‍ অতিথিখানা ।।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে