দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / কথাশিল্প / জয়মতী সম্পৰ্কে কিছু কথা৷৷ জিতেন বেজবৰুৱা৷৷

জয়মতী সম্পৰ্কে কিছু কথা৷৷ জিতেন বেজবৰুৱা৷৷

এইটো বিদ্যায়তনিকভাৱে প্ৰতিষ্ঠিত সত্য যে জয়মতী চৰিত্ৰটো তথা জীৱন-কাহিনীটো সম্পৰ্কে পৰ্যাপ্ত ঐতিহাসিক সমলৰ অভাৱ। পুৰণি বুৰঞ্জীসমূহত চৰিত্ৰটোৰ কোনো উল্লেখ পোৱা নাযায়। এই সংক্ৰান্তত জে. এম. ফ’ষ্টাৰে কাশীনাথ তামুলীফুকনৰ বুৰঞ্জীখনৰ যিটো আৰম্ভণিৰ সংস্কৰণৰ কথা উল্লেখ কৰিছে সেইটোও পাবলৈ নাই। সেইবাবে চৰিত্ৰটো তথা তৎকেন্দ্ৰিক কাহিনীটোৱে সময়ে সময়ে বিতৰ্কৰ সৃষ্টি কৰি আহিছে। (‘The Comprehensive History of Assam’, vol. II, p. 251) আমি জনাত লক্ষ্মীনাথ তামুলীয়ে ‘আৱেগ বনাম ইতিহাস’ গ্ৰন্থত এই সম্পৰ্কে বহলাই আলোচনা কৰিছে, কিন্তু আমাৰ হাতত গ্ৰন্থখন নথকাৰ বাবে সবিশেষ আলোচনা কৰিব পৰা নাযাব। পিছে আমাৰ উদ্দেশ্য জয়মতীৰ ঐতিহাসিক সত্যতা নিৰূপণ কৰা নহয়, আমাৰ উদ্দেশ্য হ’ল অসমীয়া জাতীয়তাবাদৰ বিকাশৰ প্ৰক্ৰিয়াত জাতীয় বীৰাংগণা হিচাপে কিদৰে জয়মতী প্ৰতীকটোৰ নিৰ্মাণ কৰা হৈছিল তাৰ দুটামান দিশ উন্মোচন কৰা, আৰু তাৰ বিনিৰ্মাণৰ মাজেৰে অসমীয়া জাতীয় জীৱনৰ অভ্যন্তৰৰ দ্বন্দ্বসমূহৰ ওপৰত কিদৰে আলোকপাত কৰিব পাৰি তাৰ কিছু চেষ্টা কৰা।

খুব চমুকৈ ক’বলৈ গ’লে, জাতীয়তাবাদৰ নিৰ্মাণ প্ৰক্ৰিয়াত অন্যান্য প্ৰপঞ্চৰ দৰে জাতীয় বীৰ-বীৰাংগণাৰ নিৰ্মাণ তথা প্ৰক্ষেপণ এক অপৰিহাৰ্য গুৰুত্বপূৰ্ণ পদক্ষেপ। ভাৰতবৰ্ষত জাতীয়তাবাদৰ বিকাশৰ লগে লগে ঊনবিংশ শতিকাৰ দ্বিতীয়াৰ্ধৰপৰা বিভিন্ন প্ৰদেশত এনে বীৰ-বীৰাংগণাৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ সূচনা হৈছিল। কিন্তু জাতীয়তাবাদৰ ৰাজনীতিৰ দৰেই এই সাংস্কৃতিক ৰাজনীতিৰ প্ৰক্ৰিয়াটোও আছিল সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজৰ দ্বন্দ্বৰে মুখৰ, প্ৰতিযোগিতা-জৰ্জৰ, বিতৰ্কমূলক ক্ষেত্ৰ। উদাহৰণস্বৰূপে, মহাৰাষ্ট্ৰত সৰ্বপ্ৰথম শিৱাজীক ‘আৱিষ্কাৰ’ কৰিছিল জোতিবা ফুলেই – সেই শিৱাজী আছিল দলিত-শূদ্ৰসকলৰ লগৰীয়া তথা প্ৰতিনিধিস্বৰূপ। শিৱাজীক ‘ব্যৱহাৰ’ কৰিব বিচৰা ব্ৰাহ্মণ্যবাদী প্ৰচেষ্টাৰ বিৰুদ্ধে ফুলেই গৰজি উঠিছিল। কিন্তু বাল গংগাধৰ তিলক আদিৰ নেতাৰ নেতৃত্বত শিৱাজীয়ে ক্ৰমাৎ এজন ব্ৰাহ্মণ্যবাদৰ সুৰক্ষাকাৰী সাম্প্ৰদায়িক হিন্দু বীৰ হিচাপে প্ৰতিষ্ঠিত হৈছিল। তেওঁলোকে আনকি শিৱাজীৰ ইষ্টদেৱতা গণেশ আৰু ভবানীৰ পূজাও জনপ্ৰিয় কৰি তুলিছিল। শিৱাজীৰ বৰ্ণবাদী আত্মসাৎকৰণ প্ৰকৃততে মহাৰাষ্ট্ৰৰ জাতীয় ৰাজনীতিৰ এক গুৰুত্বপূৰ্ণ সূচক : এনে প্ৰক্ৰিয়াৰ ফলস্বৰূপে তাৰ ৰাজনীতিত ব্ৰাহ্মণ্যবাদী-সাম্প্ৰদায়িক আৰু দলিত, এই দুটা সমান্তৰাল ধাৰাৰ সৃষ্টি হৈছিল যাৰ মাজৰ দ্বন্দ্ব আজিও বিদ্যমান। শিৱাজী তথা হিন্দু বীৰপূজাৰ এই পৰম্পৰাৰ আমদানি বংগদেশলৈও ঘটিছিল, এই ক্ষেত্ৰত বংকিমচন্দ্ৰৰ অৱদান সৰ্বজনজ্ঞাত। বংগৰ নিম্নবৰ্ণ হিন্দু আৰু বিশেষকৈ মুছলমানসকলক জাতীয় আন্দোলনে বৰকৈ আকৰ্ষণ নকৰাৰ এটা প্ৰধান কাৰণ আছিল এই হিন্দুধৰ্মীয় ব্যঞ্জনাময় জাতীয়তাবাদ। ঠিক একেদৰে, অসময়ৰ লাচিত আৰু জয়মতীও আছিল উত্থানশীল অসমীয়া জাতীয়তাবাদৰ প্ৰক্ৰিয়াত জন্মপ্ৰাপ্ত বীৰ-বীৰাংগণা। অসমৰ এই দুই বীৰ-বীৰাংগণা তথা বংগ-মহাৰাষ্ট্ৰৰ শিৱাজীলৈ লক্ষ্য কৰিলে এটা উমৈহতীয়া বৈশিষ্ট্য চকুত পৰে : সেয়া হ’ল, এই প্ৰতীকসমূহ জাতীয় আৱেগ সঞ্চাৰকাৰী, কিন্তু একে সময়তে ইয়াৰ কোনোটোৱেই ব্ৰিটিছবিৰোধী নহয়। এয়া আছিল দ্বিধাগ্ৰস্ত জাতীয় মধ্যশ্ৰেণীসমূহৰ সাধাৰণ চৰিত্ৰ : ব্ৰিটিছবিৰোধী চৰিত্ৰ (ধৰক, পিয়লি-মণিৰাম) একোটাক জাতীয় বীৰ হিচাপে দাঙি ধৰাটো তেওঁলোকৰ বাবে নিৰাপদ নাছিল। লাচিত বৰফুকনক দাঙি ধৰা সূৰ্যকুমাৰ ভূঞা যেনেকৈ ব্ৰিটিছৰ অনুগত আছিল, প্ৰথম বিশ্বযুদ্ধৰ সময়তে লাচিতক নায়ক কৰি ‘চক্ৰধ্বজসিংহ’ লিখা লক্ষ্মীনাথ বেজবৰুৱায়ো একেদৰে বিশ্বযুদ্ধত অসমীয়া লোকে সোৎসাহে ব্ৰিটিছক সহায় কৰিব লাগে বুলি আহ্বান জনাইছিল।

জয়মতীক প্ৰথম তুলি ধৰিছিল ব্ৰাহ্মণ্যবাদী ভাবধাৰাৰ সাহিত্যিক ৰত্নেশ্বৰ মহন্তই। তেওঁৰ মানত জয়মতী আছিল পতিভক্তা, পতিৰ বাবে প্ৰাণ বিসৰ্জন দিব পৰা ‘সতী’ হিন্দু নাৰী, ঠিক সীতা-সাৱিত্ৰীৰ দৰে। বিংশ শতিকাৰ দ্বিতীয় দশকৰপৰা জয়মতীৰ কাহিনীয়ে অসমৰ সমাজত ক্ৰমবৰ্ধমান জনপ্ৰিয়তা লাভ কৰিবলৈ ধৰে। ১৯১৪ চনত শিৱসাগৰত প্ৰথমবাৰৰ বাবে জয়মতী উৎসৱ পালিত হয়। ক’বলৈ গ’লে, ৰত্নেশ্বৰ মহন্তই অংকন কৰা জয়মতীৰ ব্ৰাহ্মণ্যবাদী সংস্কৰণটোৱেই মূলতঃ প্ৰভাৱশালী আছিল। কিন্তু পদ্মনাথ গোহাঞিবৰুৱাই দাঙি ধৰা সংস্কৰণটো আছিল কিছু বেলেগ। গোহাঞিবৰুৱাৰ জীৱন আৰু সাহিত্যকৰ্মত দুটা সমান্তৰাল পৰিচিতিৰ সহাৱস্থান দেখিবলৈ পোৱা যায় : আহোম আৰু অসমীয়া। স্বাভাৱিকতেই তেওঁৰ জয়মতীগৰাকীও আছিল এগৰাকী আহোম ৰমণী, এগৰাকী অসমীয়া নাৰী। পৰৱৰ্তী কালত জয়মতীক কেন্দ্ৰ কৰি আহোম-বৰ্ণহিন্দু বিবাদ তীব্ৰ হৈ উঠে, সেয়া আনকি আজিও দেখিবলৈ পোৱা যায়। জয়মতীক জাতীয় বীৰাংগণাৰূপে সম্পূৰ্ণ প্ৰগতিশীল ৰূপত অংকন কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ চিনেমাত। জয়মতী ছবিৰ ইংৰাজী নামটো আছিল Princess Joymoti or Satyagrahi. ৰাষ্ট্ৰৰ নিপীড়নৰ বিৰুদ্ধে জয়মতী হৈ উঠিল গান্ধীবাদী প্ৰতিবাদৰ প্ৰতিমূৰ্তি। এইসমূহ প্ৰসংগত ডঃ দেৱব্ৰত শৰ্মাই তেওঁৰ ‘অসমীয়া জাতিগঠন প্ৰক্ৰিয়া আৰু জাতীয়-জনগোষ্ঠীগত অনুষ্ঠানসমূহ’ গ্ৰন্থত তথ্যসহকাৰে আলোচনা আগ বঢ়াইছে।

জাতীয় বীৰ-বীৰাংগণাৰ চৰিত্ৰগত বৈশিষ্ট্য কেনেধৰণৰ, এইসমূহ কিদৰে নিৰ্মিত হয় আৰু এইসমূহে জাতীয় জাগৰণত কিদৰে সহায় কৰে? জাতীয়তাবাদ সম্পৰ্কে প্ৰসিদ্ধ পণ্ডিত এন্থনি স্মিথে ‘Ethno-symbolism and Nationalism: A Cultural Approach’ গ্ৰন্থত লিখিছে যে ‘the cults of the hero and the genius help to open windows into the inner world of nationalist ideas and relations’. (পৃ. ৭০) ইউৰোপৰ বিভিন্ন জাতীয়তাবাদৰ বীৰ-নিৰ্মাণ প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা আগ বঢ়াই স্মিথে ইয়াৰ তাৎপৰ্য সম্পৰ্কে এনেদৰে উল্লেখ কৰিছে : ‘The hero and heroine embodied the innate virtue and ‘true essence’ of the nation, and it was his or her exemplum virtutis that could help to restore a sense of dignity to downtrodden peoples and inspire and mobilize them to resist oppression and fight for self-rule. As embodiments of the national spirit and the national Will in action, canons of heroes, heroines and geniuses became the most prized instruments, and possessions, for the forging of nations and their sense of selfworth.’ (পৃ. ৬৯) জয়মতী প্ৰতীকটোৰ ক্ষেত্ৰতো স্মিথৰ এই ব্যাখ্যা সম্পূৰ্ণৰূপে প্ৰযোজ্য।

ব্ৰিটিছ সাম্ৰাজ্যবাদৰ পদানত ভাৰতবৰ্ষত হীনমন্যতাগ্ৰস্ত মধ্যশ্ৰেণীয়ে সাংস্কৃতিক জাতীয়তাবাদৰ মাধ্যমেৰে অতীতৰ গৌৰৱোজ্জ্বল ইতিহাসৰ সোঁৱৰণ কৰি এহাতে জাতীয় হীনমন্যতাৰ মনস্তাত্ত্বিক ক্ষতিপূৰণ লাভ কৰিছিল আৰু আনহাতে জাতীয় জাগৰণৰ বাবে ভিত্তি স্থাপন কৰিছিল। এই গৌৰৱোজ্জ্বল ইতিহাসৰ নিৰ্মাণত স্বাভাৱিকতেই বস্তুনিষ্ঠতাতকৈ জাতীয় আৱেগ তথা ৰোমাণ্টিকতাই প্ৰাধান্য বিস্তাৰ কৰিছিল। স্মিথেও উল্লেখ কৰিছে যে অতীত সম্পৰ্কীয় ৰোমাণ্টিকতাবাদে জাতীয়তাবাদীসকলক ৰাজনৈতিক জাগৰণৰ বাবে শক্তিশালী অস্ত্ৰৰ যোগান ধৰিছিল। জয়মতীৰ জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত মূল ভূমিকা লোৱাসকলৰ ভিতৰত সূৰ্যকুমাৰ ভূঞা আছিল নামজ্বলা বুৰঞ্জীবিদ। কিন্তু তেওঁৰ গ্ৰন্থসমূহত দেখা যায় যে ইতিহাস আৰু কল্পকথা-কল্পকাহিনীৰ মাজত তেওঁ বিশেষ পাৰ্থক্য ৰখা নাছিল : তেওঁৰ ভালেখিনি ঐতিহাসিক সৃষ্টিয়েই অৰ্ধ-ঐতিহাসিক আৰু অৰ্ধ-কাল্পনিক। ‘Lachit Barphukan and His Times’খন যেনেকৈ কাল্পনিক সংলাপাদিৰে ভৰপূৰ, ঠিক তেনেকৈয়ে ‘জয়মতী উপাখ্যান’খনো এখন ছদ্মবেশী বুৰঞ্জীপুথি – অথচ পুথিখনৰ ক’তোৱে উল্লেখ কৰা হোৱা নাই যে আধুনিক লেখক এজনে ৰচনা কৰা সেয়া এক কল্পকাহিনী। ইতিহাসবিদ কুমকুম চেটাৰ্জীয়ে এনেধৰণৰ ঐতিহাসিক ৰচনাসমূহক ‘জনপ্ৰিয় আৰু ৰোমাণ্টিক ইতিহাস’ বুলি অভিহিত কৰিছে। চেটাৰ্জীৰ প্ৰসংগ উল্লেখ কৰি জয়ীতা শৰ্মাই এই সম্পৰ্কে লিখিছে : ‘. . . they combined and commingled fragments of historical “fact” with stories and accounts of cultural value and antiquity to better inspire and rejuvenate readers.’ (‘Empire’s Garden: Assam and the Making of India’, p. 224)

জয়মতী সম্পৰ্কীয় ঐতিহাসিক ৰচনাসমূহত থাকিলেও সাহিত্যিক সৃষ্টিৰাজিত এনে বাদ-বিবাদৰ থল নাই। লক্ষ্মীনাথ বেজবৰুৱাই ‘জয়মতী কুঁৱৰী’ নাটকৰ প্ৰথম তাঙৰণৰ (১৯১৫ চন) পাতনিত স্পষ্টভাৱে লিখিছে : ‘. . . তথাপি একাষাৰ কথা কোৱাৰ সকাম যে নাট্য কাব্যহে, বুৰঞ্জী নহয়; কাৰণ বহুতে এইটো নুবুজে। সমাজনীতি বা ৰাজনীতিৰ সৈতেও নাটৰ সম্বন্ধ নাই। . . . চিৰকলীয়া সত্য আৰু সকলো দেশৰ সকলো মানুহৰ সাধাৰণ সম্পত্তি মহৎ প্ৰবৃত্তিবোৰ উদগোৱাটোহে নাটৰ কাৰ্য। . . . . . . কল্পনা ৰাজ্যৰ মায়াকুঁৱৰীসকলৰ খেলেৰে সৈতে বুৰঞ্জীৰ ঘটনা ইয়াত সানমিহলি। . . .’ (নগেন শইকীয়া সম্পাদিত ‘বেজবৰুৱা ৰচনাৱলী’, তৃতীয় খণ্ড, পৃ. ৪৫২) নীলমণি ফুকন সম্পাদিত ‘দৈনিক বাতৰি’ত প্ৰকাশিত ‘জ্যোতিপ্ৰসাদৰ ‘জয়মতী’’ শীৰ্ষক লেখাতো তেওঁ জ্যোতিপ্ৰসাদৰ ‘জয়মতী’ ছবিৰ প্ৰসংগত একে কথাকে সজোৰে দোহাৰিছে : ‘. . . মই কৈ কৈ হাৰিলো যে কাব্য বা নাটক বা আজিকালি প্ৰচলিত ফিল্মত প্ৰকৃত বুৰঞ্জী বা ইতিহাস কোনো বিচক্ষণ লোকে নিবিচাৰে। . . .’ (ডঃ হীৰেন গোহাঁই সম্পাদিত ‘জ্যোতিপ্ৰসাদ ৰচনাৱলী’, সপ্তম সংস্কৰণ, পৃ. ৯২১)

কিন্তু ইতিহাস হওক বা নহওক, তেওঁলোকৰ এইসমূহ সাহিত্যিক প্ৰচেষ্টাৰ আঁৰত যে মানুহৰ মাজত ‘মহৎ প্ৰবৃত্তি’সমূহ উদগোৱাৰ উদ্দেশ্য লুকাই আছিল সেয়া নিঃসন্দেহ। ওপৰৰ উদ্ধৃতিত ‘মহৎ প্ৰবৃত্তি’ বুলি নিশ্চয় সামাজিক প্ৰমূল্য আৰু প্ৰধানকৈ দেশাত্মবোধকে বুজোৱা হৈছে। একে বছৰতে প্ৰকাশিত ‘চক্ৰধ্বজ সিংহ’ নাটকৰ পাতনিত তেওঁ লিখা এটা বাক্যত সেয়া অধিক স্পষ্ট হৈ পৰিছে : ‘. . . এই কিতাপ ৰচনা কৰাৰ মোৰ ঘাই উদ্দেশ্য – অসমৰ অতীত গৌৰৱ-কাহিনী নাটৰ আকাৰেৰে আজিকালিৰ অসমীয়াৰ আগত প্ৰচাৰ কৰাটোহে, নাট লেখি যহ আৰ্জিবলৈ যোৱাটো নহয়। . . .’ (‘বেজবৰুৱা ৰচনাৱলী’, পৃ. ৪০১)

এতিয়া আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ বোলছবিৰ কাহিনীৰ প্ৰসংগলৈ যাওঁ। বেজবৰুৱাৰ নাটকখনৰপৰা ভালেমান সালসলনি কৰি কৰি জয়মতীৰ কাহিনীটো গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি ‘জয়মতী আখ্যান’ নামৰ ক্ষুদ্ৰ টোকাত জ্যোতিপ্ৰসাদে লিখিছে : ‘. . . জয়মতীৰ যি কাহিনী জোনাকী কাকতত ৰত্নেশ্বৰ মহন্তই লিখিছিল সেই কাহিনীকেই সাহিত্য-গুৰু পদ্মনাথ আৰু সাহিত্যৰথী বেজবৰুৱাই আলম লৈ নাটক লিখি গৈছে। সেই কাহিনীয়েই জনসাধাৰণৰ মাজতো প্ৰচলিত হৈ আছে। তুংখুঙীয়া বুৰঞ্জীয়েও প্ৰায় সেই কাহিনীকেই সমৰ্থন কৰে। . . .’ মন কৰিব যে তুংখুঙীয়া বুৰঞ্জীৰ প্ৰসংগত তেওঁ ‘প্ৰায়’ শব্দটো প্ৰয়োগ কৰিছে। জয়ীতা শৰ্মাই জনোৱা মতে, সেই বুৰঞ্জীত জয়মতীৰ নাম উল্লেখ নাই, কেৱল ‘গদাৰ মানুহজনী’ – এইধৰণেহে উল্লেখ আছে। (পূৰ্বোক্ত গ্ৰন্থ, পৃ. ২৭০) সি যি নহওক, টোকাটোত জ্যোতিপ্ৰসাদে এই লৈ বেজবৰুৱা আৰু ৰজনীকান্ত বৰদলৈৰ মাজত হোৱা আলোচনা-বিলোচনা হোৱাৰ কথা উল্লেখ কৰি ‘জয়মতী’ ছবিৰ কাহিনীৰ ক্ষেত্ৰত বাণীকান্ত কাকতি আৰু সূৰ্যকুমাৰ ভূঞাৰ পৰামৰ্শ লোৱাৰ কথাও কৈছে। (‘জ্যোতিপ্ৰসাদ ৰচনাৱলী’, পৃ. ৮৬৩)

এই আলোচনাখিনিৰপৰা এটা কথা স্পষ্ট হয় যে জয়মতী কাহিনীৰ জনপ্ৰিয় যিটো ৰূপ বিংশ শতিকাৰ প্ৰথমকেইটা দশকত দৃঢ়ভাৱে প্ৰতিষ্ঠিত হৈছিল আৰু যিটো বৰ্তমানো প্ৰচলিত তাৰ নিৰ্মাণত ইতিহাসতকৈ জাতীয় আৱেগ আৰু কল্পনাই প্ৰধান ভূমিকা পালন কৰিছিল। এই জাতীয় আৱেগ আৰু কল্পনাৰ স্বৰূপ বুজিবলৈ আমি পুনৰ বেজবৰুৱাৰ সহায় ল’ব পাৰো। জ্যোতিপ্ৰসাদৰ বোলছবিখনক লৈ সমালোচনা চলাৰ সময়ত তেওঁ জ্যোতিপ্ৰসাদলৈ সাহস যোগাই লিখা এখন চিঠিত লিখিছিল : ‘. . . হৰকান্ত বুৰঞ্জী বেদবাক্য বুলি ধৰাটো একেবাৰেই ভুল। তেওঁ নাজানি বা ভালকৈ নাজানি জয়মতীৰ কথা লেখিছে, ইত্যাদি মোৰ প্ৰবন্ধত দেখুৱাইছো। অসমীয়া মানুহৰ ইমান ডাঙৰ imagination নাছিল, যে জয়মতীৰ ঘটনাত ইমানকৈ সাজি সদিয়াৰপৰা ধুবুৰীলৈকে প্ৰচাৰ কৰিছিল। হৰকান্তৰ জয়মতীৰ একো নাই। সেই জয়মতী এজনী ordinary তিৰুতা। মোৰ কিতাপত লেখা জয়মতী কাহিনীয়েই Universally admitted and known fact, অথবা জয়সাগৰ, জয়দৌলবোৰ অসাৰ্থক। . . . . . . মই কিন্তু গদাপাণিক নগা বিশেষো (বেশেৰে?) জেৰেঙালৈ অনাহেঁতেন ভাল পালোহেঁতেন সেইটো সত্য ঘটনা। তাৰ বাহিৰে গদাপাণি কেতিয়া নিষ্কলংক hero নহয় আৰু হ’বও নোৱাৰে। মোৰ প্ৰবন্ধত দেখুৱাইছো। জয়মতীহে ideal নেত্ৰী heroine . . . ’ (পূৰ্বোক্ত গ্ৰন্থ, পৃ. ৯১৫)

৩২-০৭-১৯৩৫ তাৰিখে লিখা বেজবৰুৱাৰ এই পত্ৰাংশৰপৰা কেইবাটাও কথা বুজিব পাৰি। ‘জয়মতী কুঁৱৰী’ নাটকৰ পাতনিত নাটকখন বুৰঞ্জীৰ ঘটনা আৰু কল্পনাৰ সানমিহলি বুলি কোৱাৰ বিপৰীতে এই চিঠিত তেওঁ দৃঢ়তাৰে ঘোষণা কৰিছে যে সেই কাহিনীটোৱেই সৰ্বজনস্বীকৃত আৰু প্ৰতিষ্ঠিত। এনেকৈয়ে জাতীয় বীৰ-বীৰাংগণা আৰম্ভণিতে কল্পনা হ’লেও সোনকালেই সি প্ৰতিষ্ঠিত সত্যত পৰিণত হয়। দ্বিতীয়তে, জয়মতী এগৰাকী সাধাৰণ তিৰোতা হ’বই নোৱাৰে। যদি তেনে হয় তেন্তে অসমীয়াৰ জাতীয় গৌৰৱ ধূলিসাৎ হৈ যাব – ‘জয়সাগৰ, জয়দৌলবোৰ অসাৰ্থক’ হৈ পৰিব। তৃতীয়তে, জয়মতীক আদৰ্শায়িত বীৰাংগণা সজোৱাৰ স্বাৰ্থত ইয়াত গদাপাণিক নিষ্কলংক নায়ক হোৱাৰ সম্ভাৱনাকণৰপৰাও দূৰত ৰখা হৈছে। নায়ক হ’ব পাৰে লাচিতহে, গদাপাণি নহয় – একমাত্ৰ নিষ্প্ৰভ গদাপাণিৰ বিপৰীতেহে জয়মতীৰ মাহাত্ম্য সম্পূৰ্ণৰূপে উজলাই তোলা সম্ভৱ।

জাতীয় বীৰাংগণাৰ চৰিত্ৰ কেনেধৰণৰ হ’ব পাৰে সেয়া বুজিবলৈ আমি জ্যোতিপ্ৰসাদৰ বোলছবিত সন্নিৱিষ্ট ‘লুইতৰে পানী যাবি অ’ বৈ’ গীতটো আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘জয়া নাই জয়া নাই’ শীৰ্ষক গীতটোৰ উদাহৰণ ল’ব পাৰো। জাতীয় জীৱনটোৰপৰা পৃথক কোনো অস্তিত্ব জাতীয় বীৰ-বীৰাংগণাৰ নাথাকে – তেওঁলোকৰ অশৰীৰী অস্তিত্ব জাতীয় জীৱনৰ সৰ্বত্ৰ বিৰাজমান হৈ থাকে, জাতীয় ভূখণ্ডৰ প্ৰতিটো ধূলি-বালিত তেওঁলোকৰ প্ৰাণ নিহিত হৈ থাকে, জাতীয় গৌৰৱৰ প্ৰতীকসমূহে অহৰহ সোঁৱৰাই থাকে তেওঁলোকৰ অমৰ কাহিনী। সেইবাবেই –
‘জয়সাগৰৰ বুকুৰ মাজত উঠে চকুলোৰে ধল
মলয়াই তোলে হিয়াভগা সুৰ কৰুণ বিননি ৰোল
জয়া নাই জয়া নাই
অসমী আইৰ চেনেহৰ জী
সতী জয়মতী নাই।’
লুইতৰ পানীয়ে কঢ়িয়াই লৈ ফুৰে জয়াৰ কাহিনী –
‘জয়াৰে কীৰিতি দেশে বিদেশে
সাগৰে নগৰে ফুৰিবি কৈ।’
জাতীয় বীৰ-বীৰাংগণাৰ জীৱনগাথা দৈনন্দিন জীৱনৰ তুচ্ছতাত আবদ্ধ নহয়, সেয়া হ’ল মহাকাব্যিক আয়তনত বিস্তৃত আৰু দৈৱিক মহিমাৰে উদ্ভাসিত।
‘মাটিৰে দেহাটি এৰি জয়মতী জয়মতী
জ্যোতিৰে দেহাটি লৈ
যাউতিযুগীয়া কীৰিতি ৰাখিলা
চানেকি জগতলৈ।’
একেদৰে -‘জয়দেউলৰ শিলত বুলালে সোণৰ গৰিমা বোল . . .’। জয়মতীয়ে মাটিৰ দেহা ত্যাগ কৰি জ্যোতিৰ দেহা গ্ৰহণ কৰিছে আৰু জাতীয় জীৱনটোকো সোণৰ গৰিমাৰে বুলাই ধন্য কৰিছে।

দুয়োটা গীততে শোকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। জ্যোতিপ্ৰসাদৰ গীতটোৰ শেষত আহ্বান জনোৱা হৈছে : ‘অসমৰ জীয়ৰী অসমৰ বোৱাৰী/এটুপি চকুলো যোৱা পেলাই।’ আনহাতে, শেষত ‘আজিও জয়া ইয়াতেই আছে/নুতুলিবা তেনে ৰোল’ বুলি কৈছে যদিও বিষ্ণুপ্ৰসাদৰ গীতটো শোকেৰে চপচপীয়া। এই শোকৰ চৰিত্ৰ কেনেকুৱা? ‘আজিও কুলিয়ে কলচীত বহি তোলে বিননিৰ ৰোল’ – এয়া হ’ল এক জাতীয় শোক। এয়া কোনো বিৰহ বেদনা, দুখৰ প্ৰকাশ নতুবা অসহায় বিলাপ নহয়। এই শোক হ’ল জাতিৰ আত্ম-আৱিষ্কাৰৰ প্ৰকাশ, এই চকুপানী হ’ল জাতিৰ সঞ্জীৱনী জল যাৰ পৰশত জাতিটো পুনৰুজ্জীৱিত হৈ উঠিব।

এইখিনিতে আমি জ্যোতিপ্ৰসাদৰ ‘জয়মতীৰ আত্মাৰ উক্তি’ শীৰ্ষক স্বগতোক্তিধৰ্মী কবিতাটোৰ কিয়দংশ উল্লেখ কৰো (‘জ্যোতিপ্ৰসাদ ৰচনাৱলী’, পৃ. ৬৩৪) :
‘জগাবলে’ নিষ্পেষিত দলিত ধৰিত্ৰী,
প্ৰতিৰোধ কৰিবলে’, পাশৱীয় শকতিৰ উন্মত্ত বিলাস
অমোঘ শকতি লৈ আঁচলত মোৰ
জাগো অহোৰাত্ৰি।’
‘দেখিছনে অসমীয়া
দেখিছনে ভাৰতৰ দলিত মানৱে
দেখিছনে পৃথিৱীৰ দেশ বিদেশৰ
শক্তিহীন আৰ্ত সৱে?
আছো মই আজিও জীয়াই
অজেয় আতমা লৈ
মৃত্যুহীনা মই
কলিৰ প্ৰদীপ হৈ অসমৰ কোলা শুৱাই,
চালে দেখিবি মোক জয়সাগৰত
পূৰ্ণিমাৰ নিশাই নিশাই।’
এই কবিতাত জয়মতী কেৱল জাতীয় জাগৰণৰ প্ৰতীক হৈ নাথাকি দলিত-নিপীড়িত জনগণৰ শোষণবিৰোধী সংগ্ৰামৰ প্ৰতিমূৰ্তিও হৈ পৰিছে, জাতীয় ভূখণ্ডৰ পৰিসীমা অতিক্ৰমি জয়মতীয়ে লাভ কৰিছে ভাৰতজোৰা আৰু বিশ্বজোৰা ব্যাপ্তি। এনেকৈয়ে প্ৰগতিশীল জাতীয়তাবাদে জাতীয় আত্মপ্ৰতিষ্ঠাৰ সমান্তৰালভাৱে শোষিত জনগণৰ মাজত জগাই তোলে শোষণমুক্তিৰ স্বপ্ন। এইখিনিতে এন্থনি স্মিথৰ উপৰোক্ত বক্তব্য মনত পেলাব পাৰি।

কবিতাটোৰ শেষত জয়মতীয়ে কৈছে : ‘ময়ে মহাসতী / মই পুণ্যৱতী / ধ্ৰুৱতাৰকা সম জ্বলন্ত জ্যোতি’। একেদৰে বিষ্ণুপ্ৰসাদেও ‘সতী জয়মতী’ বুলি গীতটোত কৈছে। ‘জ্যোতিপ্ৰসাদ’ নামৰ কবিতাটোতো তেওঁ ‘জয়মতী’ ছবি সম্পৰ্কত লিখিছে : ‘ৰূপালী পটত/ জয়জয়কাৰে কৰি সতী জয়মতী/ আদৰ্শ ৰমণী মহাসতী . . .’। (বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ’, প্ৰথম খণ্ড, পৃ. ১৫৯) – এই ‘সতীত্ব’ৰ স্বৰূপটো কেনেকুৱা, ইয়াৰ সৈতে হিন্দুধৰ্মীয়-ব্ৰাহ্মণ্যবাদী সতীত্বৰ পাৰ্থক্য কেনেধৰণৰ? আমি কৈ আহিছো যে ৰত্নেশ্বৰ মহন্তৰ ‘সতী জয়মতী’গৰাকীৰ সতীত্ব হ’ল সীতা-সাৱিত্ৰীৰ সতীত্ব। ইয়াৰ সৈতে প্ৰগতিশীল জ্যোতিপ্ৰসাদ আৰু বিষ্ণুপ্ৰসাদৰ পাৰ্থক্য আছেনে? এটা কথা ঠিক যে সৰ্বভাৰতীয় প্ৰেক্ষাপটৰ দৰেই অসমীয়া সাংস্কৃতিক জাতীয়তাবাদো আছিল বৈষ্ণৱবাদী উপাদানেৰে ব্যঞ্জনাময়। আনহাতে, জ্যোতিপ্ৰসাদ আৰু বিষ্ণুপ্ৰসাদ দুয়োজনেই জীৱন আৰু চিন্তাৰ বিভিন্ন স্তৰত বৈষ্ণৱবাদৰদ্বাৰা গভীৰভাৱে প্ৰভাৱিত, শংকৰদেৱৰ প্ৰতি কিছু দূৰলৈ গুৰুবাদী মনোভাবেৰে আচ্ছন্ন – যদিও এই ক্ষেত্ৰত দুয়োৰে দৃষ্টিভংগী আছিল মূলতঃ সাংস্কৃতিক। এইবিলাক প্ৰসংগত বহল আলোচনা ইতিমধ্যে হৈছে। সি যি নহওক, জ্যোতিপ্ৰসাদ-বিষ্ণুপ্ৰসাদৰ ক্ষেত্ৰত জয়মতীৰ সতীত্বৰ ধাৰণাটো বৈষ্ণৱবাদৰপৰা ঘটা সাংস্কৃতিক সংক্ৰমণ হিচাপে ব্যাখ্যা কৰিব পৰা যায়। কিন্তু আমাৰ বোধেৰে ই বিষয়টোৰ জটিলতা কমোৱাতকৈ বঢ়াইহে তুলিব। কিয়নো সতীত্বৰ প্ৰশ্নটো বাদ দিলেও জ্যোতিপ্ৰসাদ-বিষ্ণুপ্ৰসাদৰ ৰচনাৰাজিত ধৰ্মীয় ভাষা আৰু প্ৰতীকীবাদৰ উপস্থিতি ইমান ব্যাপক যে তাক নিছক ‘ধৰ্মৰ অবৈধ অনুপ্ৰবেশ’ আখ্যাৰে সামৰি থোৱা অসম্ভৱ। ইয়াৰ বাবে আমি জাতীয়তাবাদৰ আন এক চৰিত্ৰলৈ লক্ষ্য কৰিব লাগিব।

প্ৰথমে ৰ’জাৰ্ছ ব্ৰুবেকাৰে উত্থাপন কৰা এটা প্ৰশ্ন উল্লেখ কৰা যাওক : ‘First, what is religious about the religious or religiously tinged language, narratives, tropes, or images that are used to frame or color nation- or country-talk? Consider the political uses of the language of ‘sacredness’. When state representatives or nationalists speak of ‘sacred’ ideals, ‘sacred’ territory, or ‘sacred’ causes, does this signal an intertwining of religion and nation (or state)? Or can it be considered simply one of many ways in which originally religious language can be used metaphorically in other domains?’ (‘Religion and Nationalism: Four Approaches’ in ‘Nations and Nationalism’, 2011) নক’লেও হ’ব যে এই প্ৰশ্নৰ সহজ আৰু চিধাচিধি উত্তৰ এটা দিয়াটো টান, ব্ৰুবেকাৰেও দিয়া নাই। ধৰ্ম আৰু জাতীয়তাবাদৰ সম্পৰ্ক এক অত্যন্ত জটিল বিষয়। কিন্তু জাতি সম্পৰ্কীয় আধুনিকতাবাদী চিন্তা-চৰ্চাত সাধাৰণতে এটা ছেকুলাৰবাদী পক্ষপাতিতা (secularist bias) দেখা যায় য’ত ধৰ্মক তেনেই অৱজ্ঞা কৰা হয় বা জাতীয়তাবাদেৰে প্ৰতিষ্ঠাপিত কৰা হয়। শেহতীয়াভাৱে এন্থনি স্মিথ, ব্ৰুবেকাৰ, এড্ৰিয়ান হেষ্টিংছ, ভান ডাৰ ভিৰ আদি বিভিন্ন পণ্ডিতৰ গৱেষণাই এই পক্ষপাতিতা অতিক্ৰম কৰি ধৰ্ম আৰু জাতীয়তাবাদৰ মাজৰ বিভিন্নধৰণৰ আন্তঃসম্পৰ্ক আৰু বিনিময়ৰ চৰিত্ৰ উন্মোচন কৰিবলৈ সক্ষম হৈছে। সি যি নহওক, কোনো জাতীয়তাবাদত ধৰ্মীয় উপাদান থাকিব পাৰে বা কোনো জাতীয়তাবাদ ধৰ্মভিত্তিক হ’ব পাৰে বুলি আমি জানো – এই দুয়ো ক্ষেত্ৰতে ধৰ্ম আৰু জাতীয়তাবাদক পৃথক আৰু ভিন্ন সত্তা বুলি ধৰি লোৱা হয়। কিন্তু উপৰোক্ত দুইধৰণৰ সম্পৰ্কৰ উপৰি ধৰ্ম আৰু জাতীয়তাবাদৰ মাজত এক জৈৱিক সম্পৰ্ক আছে যিটো প্ৰায় সকলোধৰণৰ জাতীয়তাবাদৰ মাজতে পৰিলক্ষিত হয় – যাক আমি ছেকুলাৰ জাতীয়তাবাদ বোলো তাৰ মাজতো। সমাজৰ ঐতিহাসিক বিকাশৰ প্ৰক্ৰিয়াত ভাষা আৰু ধৰ্মৰ বিকাশৰ মাজত অংগাংগী আৰু পৰিপূৰক সম্পৰ্ক আছে যাৰ ফলস্বৰূপে ধৰ্মীয় ভাষা আৰু প্ৰতীকীবাদ সমাজত সৰ্বব্যাপ্ত ৰূপত বিৰাজমান হৈ থাকে। এনে কাৰণতে ধৰ্ম-সংক্ৰমিত ভাষা আৰু ছেকুলাৰ ভাষাৰ মাজত কটকটীয়া সীমাৰেখা টনাটো বৰ সহজ নহয়। সি যি নহওক, ধৰ্মই ‘. . . supplies myths, metaphors and symbols that are central to the discursive or iconic representation of the nation . . .’ কিন্তু জাতীয়তাবাদে ধৰ্মৰ এই উপাদানসমূহ গ্ৰহণ কৰে secularization কৰি লৈ – অৰ্থাৎ ধৰ্মই যোগান ধৰা হ’লেও এই মিথ, উপমা আৰু প্ৰতীকসমূহ ধৰ্মীয় হৈ নাথাকে, সিবোৰে গ্ৰহণ কৰে ছেকুলাৰ অৱতাৰ। জাতিৰ পৱিত্ৰতাৰ ধাৰণাটোও তেনে এটা ধাৰণা। জাতিৰ যিটো ভূখণ্ড (যাক মাতৃভূমি বুলি কোৱা যায়) সেয়া কেৱল ‘আমাৰ’ ভূখণ্ডই নহয়, সেয়া হ’ল ‘পৱিত্ৰ’ ভূখণ্ড। মাতৃভূমিয়ে পৱিত্ৰতা অৰ্জন কৰে বিভিন্নধৰণে : পৌৰাণিক যুগৰ ঈশ্বৰৰ অৱতাৰ, সাধু, সন্তৰ অৱতৰণ আৰু কৰ্মৰাজিৰ মাধ্যমেৰে, অতীতৰ বীৰপুৰুষৰ বীৰত্ব আৰু সতী নাৰীৰ সতীত্বৰ মাধ্যমেৰে। (স্মিথৰ পূৰ্বোক্ত গ্ৰন্থ, পৃ. ৯৪; একে লেখকৰে ‘National Identity’ দ্ৰষ্টব্য)

এতিয়া আমি পুনৰ বিষ্ণুপ্ৰসাদৰ আলোচ্য গীতটোৰ প্ৰসংগলৈ উভতি যাব বিচাৰিছো :
‘তেজৰ টোপাল চকুলো ওলাল
নয়নৰ পাহি ফালি
কলিজাৰ চাকি জ্বালিলে দীপালী
বুকুৰ অগনি জ্বালি
পাৰত সাজিলে স্মৃতিৰ দেউল
প্ৰেমৰ সুৰভি ঢালি
স্বামীকো ৰাখিলে দেশকো তৰিলে
নিজকেই দিলে বলি’।
ইয়াত দেশৰ হকে জয়মতীৰ ত্যাগক মহিমান্বিত ৰূপত তুলি ধৰা হৈছে। ত্যাগ জাতীয়তাবাদৰ এটা মূল বস্তু : কিয়নো ত্যাগৰ মাধ্যমেৰেই অতীতৰ বীৰ-বীৰাংগণাই পৱিত্ৰ মাতৃভূমিক গৌৰৱমণ্ডিত ৰূপত আমাৰ হাতত গতাই দিছে, আৰু আজিৰ সন্তানসকলৰ ত্যাগৰ মাজেৰেই জাতিয়ে আত্ম-আৱিষ্কাৰ কৰিব লাগিব, আত্মপ্ৰতিষ্ঠা কৰিব লাগিব। আমাৰ বাবে জাতীয় ত্যাগৰ বাট ৰাজনীতিৰ নানা জটিলতা আৰু দ্বন্দ্ব-বিবাদেৰে পৰিপূৰ্ণ, কিন্তু অতীতৰ জাতীয় বীৰ-বীৰাংগণাসকলৰ ত্যাগ তেনে সকলো জঞ্জালৰপৰা মুক্ত। সেইসকলৰ ত্যাগ আৰু ছহিদি ঐহিক তুচ্ছতা-সীমাবদ্ধতাৰপৰা মুক্ত, আধিদৈৱিক; তেওঁলোকৰ যন্ত্ৰণা-বেদনাও দৈহিক নহয়, কাব্যিক। সেইবাবেই তেনে ত্যাগৰ বৰ্ণনাও বিমূৰ্ত। আনহাতে, জাতি তথা দেশৰ সত্তাটোৰ সৈতে জাতীয় বীৰ-বীৰাংগণাসকলৰ সম্পৰ্কটো তেনেই নিকট, ব্যক্তিগত – তেওঁলোকে পোনপটীয়াভাৱে জাতিৰ বেদীত ত্যাগৰ অৰ্ঘ অৰ্পণ কৰে।

এতিয়া আমি জয়মতী প্ৰতীকৰ আন দুটামান সমাজতাত্ত্বিক আৰু ৰাজনৈতিক দিশ থোৰতে উল্লেখ কৰিব খুজিছো। অসমৰ উচ্চবৰ্ণ-প্ৰধান মধ্যশ্ৰেণীয়ে নিজৰ পৰিচিতি নিৰ্মাণ কৰিছিল সৰ্বভাৰতীয় হিন্দু সংস্কৃতিৰ সৈতে নিজৰ একাত্মতা আৱিষ্কাৰৰ মাধ্যমেৰে,আৰু অসমৰ জনজাতীয় সমাজ তথা আদিবাসী চাহ বনুৱা,অভিবাসী মুছলমানসকলৰ বিপৰীতে নিজক থিয় কৰাই। এই মধ্যশ্ৰেণীটোৰ বাবে তেওঁলোক নিজে আছিল সংস্কৃত আৰু উচ্চ আৰ্য সভ্যতাৰ অংশ,কিন্তু জনজাতিবিলাক,আদিবাসী আদিসকল আছিল নীচ, ‘আদিম’, ‘সৰলতা’ৰ প্ৰতিমূৰ্তি। সেই সময়ৰ ঘাই সাহিত্যিকসকলৰ গল্প-কবিতা-উপন্যাসত এই জনজাতীয়-আদিবাসী ‘অন্য’টোৰ কল্পস্বৰ্গীয় উপস্থাপন ওপচি আছে। বেজবৰুৱাৰ জয়মতী আৰু জ্যোতিপ্ৰসাদৰ জয়মতী উভয়তে এনে ছবি দেখা যায় : জয়মতী হ’ল আদৰ্শনীয় নাৰী আৰু অসমীয়া জাতিৰ নায়িকা,কিন্তু ডালিমী? ডালিমী হ’ল প্ৰকৃতিৰ মাজত উমলি ফুৰা নিভাঁজ সৰলতাৰ প্ৰতিমূৰ্তি যি সংসাৰৰ একো আওভাও নাজানে। এই প্ৰতিমূৰ্তিৰ কোনো ইতিহাস নাথাকে,নাথাকে কোনো যুক্তি – যি মাত্ৰ আদিমতাৰ বোজা কঢ়িয়াই লৈ ফুৰে।

দেখা যায় যে বেজবৰুৱা আৰু জ্যোতিপ্ৰসাদ দুইজনৰ বাবেই জয়মতী আৰু ডালিমী দুটা একে সময়তে মুখামুখি আৰু কেন্দ্ৰীয় চৰিত্ৰ আছিল; গদাপাণিকে ধৰি অন্যান্য চৰিত্ৰসমূহৰ গুৰুত্ব আছিল প্ৰান্তীয়। বেজবৰুৱাই ডালিমীৰ চৰিত্ৰত দান কৰিছিল কাব্যিক মহিমা, আনহাতে জয়মতী চৰিত্ৰত দান কৰিছিল ইতিহাস আৰু জাতীয় জাগৰণৰ দায়িত্ব : পাৰ্থক্যটো সেইখিনিতে। ১৯৩৫ চনৰ ১০ মাৰ্চত কলিকতাৰ ৰাওলাত মহলত ‘জয়মতী’ ছবিৰ উদ্বোধনী অনুষ্ঠানত দিয়া মুখ্য অতিথিৰ ভাষণত তেওঁ কৈছিল :
‘. . . মুঠতে ক’ব পাৰি যে জয়মতী ফিল্মত ভাৱৰীয়া-ভাৱৰীয়ানীয়ে সপ্তদশ শতিকাৰ অসমক এই ফিল্মত পুনৰ্জীৱন দি দেখুৱালে সতীৰ সতীত্বৰ সনাতন তেজ, প্ৰকৃত বীৰৰ দুৰ্জয় মহিমা পোহৰাই দিলে। মোৰ নাটখনৰ সৰহভাগ মানুহ আৰু তেওঁলোকৰ চৰিত্ৰ ঐতিহাসিক, কিন্তু ডালিমীক, মোৰ মানসপটৰ বাহিৰে কেতিয়াবা ভবা নাছিলো যে ইহজনমত দেখিবলৈ পাম, কিন্তু ডালিমীক মোৰ জয়মতী ফিল্মৰ ডালিমীয়ে মোৰ সপোন দিঠক কৰিলে। মোৰ মনৰ চিত্ৰপটত থকা সেই চঞ্চল, সৰল, আনন্দময়ী, প্ৰকৃতিৰ জীয়ৰী, এঘাৰ বছৰীয়া ডালিমীক মই ফিল্মত সোঁশৰীৰে পখিলাটিৰ দৰে উৰা, ফুৰা দেখিলো। যিটি ছোৱালীয়ে জয়মতী ফিল্মত মোৰ মানস প্ৰতিমা ডালিমীক মোৰ চকুৰ আগত থিয় কৰি দিলে, সেই ভাৱৰীয়ানী ছোৱালীটিক মই লগ পোৱাহেঁতেন তাইৰ মূৰত হাত দি আশীৰ্বাদ দিলোহেঁতেন। আশা কৰো চিত্ৰলেখা মুভিটোনৰ গৰাকীয়ে মোৰ আশীৰ্বাদ-নিৰ্মালি ফুলপাহি তাইৰ খোপাৰ বনফুলত একাষে গুজি দিব।’ (‘বেজবৰুৱা ৰচনাৱলী’, পঞ্চম খণ্ড, পৃ. ২১৫)
এই বক্তব্যত জয়মতীৰপৰা ডালিমীলৈ যাওঁতে কি কিধৰণৰ পৰিবৰ্তন ঘটিছে চাওক : দেশাত্মবোধদীপ্ত গাম্ভীৰ্যৰপৰা গতি কৰিছে ৰোমাণ্টিক কাব্যিকতালৈ, ভাষাটোৱে গতি কৰিছে গহীন তৎসম শব্দৰাজিৰপৰা সৰল দেশজ শব্দৰাজিলৈ। এয়া প্ৰকৃততে দৃষ্টিভংগীগত পৰিবৰ্তনৰে সূচক।

‘জয়মতী’ ছবিৰ উপৰি জ্যোতিপ্ৰসাদৰ কবিতা-নাটকত জনজাতীয় সমাজৰ চিত্ৰণতো এই দৃষ্টিভংগী ফুটি উঠিছে। অৱশ্যে ডঃ হীৰেন গোহাঁয়ে ‘জ্যোতিপ্ৰসাদৰ “কাৰেঙৰ লিগিৰী” (ৰোমাণ্টিক বিপ্লৱবাদৰ সমস্যা)’ শীৰ্ষক ৰচনাত ইয়াৰ কিছু ভিন্ন ব্যাখ্যা দিছে। সুন্দৰ কোঁৱৰ চৰিত্ৰৰ মাজেদি প্ৰকাশ পোৱা ‘আত্মকেন্দ্ৰিক আদৰ্শসম্ভূত বিপ্লৱবাদ’ৰ অন্তৰ্দ্বন্দ্ব সম্পৰ্কে আলোচনাৰ এঠাইত তেওঁ লিখিছে :
‘নাগাপাহাৰৰ কল্পৰূপো এই ৰোমাণ্টিক বিপ্লৱবাদৰে অন্য দিশ। সমাজৰ সুপ্ৰাচীন সত্তাৰ মেৰপাকত সোমাই ৰোমাণ্টিক বিপ্লৱবাদ যেতিয়া বিৱশ হয়, বিপ্লৱৰ ভয়াৱহ মূল্য আৰু বিপদৰ আশংকাত যেতিয়া কৰ্মপ্ৰেৰণা স্তব্ধ হয়, তেতিয়া এনে এখন ইতিহাসৰ অতীত, সময়ৰ সাঁচ নবহা আদিম আৰু অকৃত্ৰিম মানৱ সমাজৰ কল্পনাত সি আশ্ৰয় লয়। নাচি-বাগি দিন কটোৱা নগা-নাগিনীৰ ছবিৰে ৰোমাণ্টিক বিপ্লৱবাদে ইতিহাসক, সংসাৰ জঁটক বুঢ়া আঙুলি দেখুৱায়। ই যেন অভ্ৰষ্ট মানৱ সমাজ আৰু প্ৰকৃত মানৱ-মনৰ দৰ্পণ – যি জীৱন ঘূৰাই পাবলৈ ৰোমাণ্টিক বিপ্লৱবাদীয়ে বিদ্ৰোহ কৰে।’ (‘হীৰেন গোহাঁই ৰচনাৱলী’, প্ৰথম খণ্ড, পৃ. ৬৯৩)

আমাৰ প্ৰশ্ন হ’ল : জ্যোতিপ্ৰসাদৰ এই দৃষ্টিভংগী আৰু বেজবৰুৱাৰ দৃষ্টিভংগীৰ মাজৰ পাৰ্থক্য কোনখিনিত? ডঃ গোহাঁইৰ পৰ্যবেক্ষণে বেজবৰুৱা বা অন্যান্যসকলৰ সদৃশ দৃষ্টিভংগীৰ ব্যাখ্যা আগ বঢ়াব পাৰিবনে? সি যি নহওক, সামগ্ৰিকভাৱে এটা কথা দৃঢ়তাৰে ক’ব পাৰি যে জয়মতী প্ৰতীকটোৰ মাধ্যমেৰে এফালেদি জাতীয় সংস্কৃতিৰ ওপৰত বৰ্ণবাদী মতাদৰ্শগত আধিপত্য যিদৰে প্ৰতিষ্ঠা কৰিব বিচৰা হৈছিল,ঠিক সেইদৰে অসমীয়া জাতীয় পৰিচয়টোক অসমৰ জনজাতীয় সমাজ,আদিবাসী-মুছলমানসকলৰপৰা পৃথক ৰূপত দাঙি ধৰিবলৈও চেষ্টা কৰা হৈছিল।

জয়মতী প্ৰতীকৰ লৈংগিক তথা যৌনিক আয়তনটো মন কৰিবলগীয়া। জয়মতীৰ নিৰ্মাণত ঐতিহাসিক উৎসৰ সমানেই, বা তাতোকৈ বেছি পৰিমাণেহে, অৱদান যোগাইছিল উজনি অসমৰ নাৰীসমাজত মুখে মুখে প্ৰচলিত জয়মতী সম্পৰ্কীয় বালাড আৰু সাধুকথাসমূহে। এই বালাড-সাধুকথাসমূহৰপৰা সমল গ্ৰহণ কৰি তাৰ যোগ-বিয়োগ ঘটাই সাহিত্যিকসকলে জয়মতীৰ এটা ষ্টেণ্ডাৰ্ড কাহিনী নিৰ্মাণ কৰিছিল। কিন্তু সাহিত্যিকসকলে তাৰ উৎস হিচাপে ইতিহাসৰ কথাহে কৈছিল, মৌখিক উৎসৰ কথা কোনোকালে স্বীকাৰ কৰা নাছিল। পাছত সেই জয়মতীৰ কাহিনীকে নাৰীসমাজৰ বাবে আদৰ্শনীয় ৰূপে দাঙি ধৰা হৈছিল। (জয়ীতা শৰ্মাৰ পূৰ্বোক্ত গ্ৰন্থ, পৃ. ২২৬) আনহাতে, বৰ্ণহিন্দুপ্ৰধান মধ্যশ্ৰেণীটোৱে নাৰীৰ ওপৰত নতুনকৈ ধৰ্মীয় অনুশাসন জাপি দিছিল। সতীত্ব আৰু পতিভক্তি নাৰীৰ বাবে আদৰ্শনীয় হৈ উঠাৰ লগতে মৰ্যাদাৰ সূচকত পৰিণত হৈছিল। উদাহৰণস্বৰূপে, জয়মতীৰ কাহিনী লিখা ৰত্নেশ্বৰ মহন্তই নাৰী-পুৰুষে মুকলিমনে উদযাপন কৰা বিহুৰ প্ৰতি উৎকট ঘৃণাৰ মনোভাব পোষণ কৰিছিল। এনে প্ৰেক্ষাপটত জয়মতীৰ সতীত্বৰ কাহিনীয়ে অসমীয়া নাৰীসত্তাৰ নিৰ্মাণত আদৰ্শৰ ভূমিকা পালন কৰিছিল। কিন্তু এনেবোৰ সীমাবদ্ধতাৰ মাজতো জয়মতীয়ে অসমীয়া নাৰীৰ জাগৰণত যথেষ্ট উৎসাহ যোগাইছিল। জয়মতীৰ উত্থান আছিল ৰাজহুৱা জীৱন তথা জাতীয় ৰাজনীতিত নাৰীৰ প্ৰৱেশৰ সমসাময়িক। ঘৰৰ ভিতৰৰপৰা সমাজলৈ ওলাই অহা নাৰীসকলে জয়মতীৰ মাজত নিজৰ মনৰ ভাষা বিচাৰি পাইছিল। বিংশ শতিকাৰ দ্বিতীয় দশকৰপৰা জয়মতী উৎসৱে জনপ্ৰিয়তা লাভ কৰিছিল। ইয়াৰ প্ৰতি নাৰীসমাজৰ সঁহাৰি আছিল অভূতপূৰ্ব, ইয়াক কেন্দ্ৰ কৰিয়েই তেওঁলোকৰ মাজত ৰচিত হৈছিল বৃহৎ পৰিমাণৰ সাহিত্যৰাজি। প্ৰথম অসমীয়া মহিলা আলোচনী ‘ঘৰ জেউতি’য়ে প্ৰতি বছৰে জয়মতীৰ বিষয়ে ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰিছিল – নব্য শিক্ষিত মহিলাসমাজে দলে-বলে সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।

স্বাধীনতা সংগ্ৰামত নামি পৰা নাৰীসমাজক প্ৰেৰণাৰ লগতে প্ৰতিবাদৰ ভাষাও যোগান ধৰিছিল জয়মতীয়ে। কিন্তু জাতীয়তাবাদী-গান্ধীবাদী ৰাজনৈতিক বাগধাৰাত নাৰীৰ স্থান আছিল প্ৰান্তীয়। সি নাৰীক চাৰিবেৰৰ মাজৰপৰা ৰাজনৈতিক আন্দোলনলৈ উলিয়াই নিছিল সঁচা, কিন্তু নাৰীক সক্ৰিয় নেতৃত্বদায়ী ভূমিকা পালন কৰিবলৈ দিয়া নাছিল। ৰাজহুৱা জীৱনত নাৰীৰ অংশগ্ৰহণ আছিল চৰ্তসাপেক্ষ আৰু সীমাবদ্ধ – ‘সুৰক্ষিত’ আৰু ‘মৰ্যাদাসম্পন্ন’ এক পৰিসৰৰ ভিতৰত আবদ্ধ ৰখা হৈছিল নাৰীৰ বিচৰণ। জয়মতীৰ নিষ্ক্ৰিয় প্ৰতিৰোধ আছিল এই স্থিতিৰে সূচক। এই সংকীৰ্ণতাৰ পৰিধি ভাঙি জ্যোতিপ্ৰসাদে নিৰ্মাণ কৰিছিল লভিতাক। লভিতা আছিল প্ৰকৃতাৰ্থত মুক্তমনা আধুনিক অসমীয়া নাৰী, স্বাধীনতা সংগ্ৰামত তেওঁৰ অংশগ্ৰহণ আছিল সক্ৰিয় আৰু নেতৃত্বদায়ী – যি স্পষ্ট ভাষাৰে ঘোষণা কৰিব পাৰিছিল যে তেওঁ গান্ধীৰ খাতাত নাম লিখোৱা নাই। এনেকৈয়ে অসমীয়া নাৰীৰ উত্তৰণ ঘটিছিল জয়মতীৰপৰা লভিতালৈ।

(ৰচনাকাল : ১৩ ফেব্ৰুৱাৰি, ২০১৫)

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে