দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / কথাশিল্প / দিৰৈ পাৰৰ সোণামতী ৷৷ টুনুজ্যোতি গগৈ৷৷
সংলগ্ন ছবিখন মঞ্জু বৰাই জয়মতীক লৈ নিৰ্মাণ কৰা চলচ্চিত্ৰৰখনৰ স্থিৰচিত্ৰ

দিৰৈ পাৰৰ সোণামতী ৷৷ টুনুজ্যোতি গগৈ৷৷

কঁপি কঁপি জ্বলিব চকলঙৰ এশ এগছি চাকি৷ চাকিৰ পোহৰত উজলি উঠিব ভলুকাৰ কুন্দত কটা মুখ৷ ম-লুঙে অহৰহ উচ্চাৰণ কৰিব মাংগলিক মন্ত্ৰ৷ পিতাক ভদৰামে তাইক প্ৰিয়তমৰ হাতত সম্প্ৰদান কৰিব৷ তাই কাষৰ শৰাইত থোৱা হেংদান আৰু কৱচ বস্ত্ৰ প্ৰিয়তমক অৰ্পণ কৰি ক’ব–

: এই হেংদানেৰে তুমি নিজৰ দেশ, নিজৰ পত্নী-পুত্ৰ আৰু নিজৰ ঐশ্বৰ্য ৰক্ষা কৰিবলৈ সমৰ্থ হোৱা৷ এই বস্ত্ৰ অক্ষয় কৱচ স্বৰূপে পৰিধান কৰি তুমি অজয় হোৱা৷

নিজৰ চকলঙৰ দৃশ্য কল্পনা কৰিলেই এক অভিনৱ সুখানুভূতিৰে ভৰি আহে সোণামতীৰ মন৷ দিৰৈ পাৰৰ এই ঘৰ এৰি বকতাৰ বোৱাৰী হ’বলৈ আৰু বেছি দিন নাই৷ ঘৰ এখন ধৰিব পৰাকৈ তাই সকলো বনেই নিয়াৰিকৈ শিকি থৈছে৷ ৰুব জানে, তুলিব জানে৷ গামোচাত ফুল তুলিব জানে, এৰী চাদৰ ব’ব জানে৷ থ’ব জানে সাঁজৰ কলহ, জুতি লগাই ৰান্ধিব জানে কুকুৰাৰ মঙহ৷ আৰু জানে ডাঙৰক মান ধৰিব, মিঠা বচনেৰে পৰক আপোন কৰিব৷

চকলঙৰ সেই ৰাতি তাইৰ বাবে বহু প্ৰতীক্ষাৰ ৰাতি৷ সেই ৰাতিয়েই তাই ইমান দিনে নিজৰ বুলি ভাবি থকা ভলুকাক একেবাৰে নিজাকৈ পাব৷ প্ৰাপ্তিৰ আনন্দেৰে তাই ঋদ্ধ হ’ব৷ অৱশ্যে, ওপজা ঘৰখন চিৰদিনলৈ এৰি যোৱাৰ দুখে তাইক কন্দুৱাবও৷ বৰ কষ্ট হ’ব মৰমৰ ভাই ৰমাইক বিদায় জনাবলৈ৷ কিন্তু, সংসাৰৰ নিয়ম মানি তাইতো এই ঘৰ এৰি যাবই লাগিব৷ তাইহঁত হ’ল পদুম পাতৰ জিৰণীয়া আৰু উৰণীয়া মৌ!

পিছফালৰ পিৰালিত পাৰি থোৱা চাম কাঠৰ পীৰাখনত বহি আৰু কাকৈয়ে মূৰৰ চুলি আঁচুৰি আঁচুৰি সোণামতীয়ে ভাবে, তাই অপৰ্ণ কৰা হেংদানেৰে ভলুকাই বাৰু আসাম দেশক ৰইখা কৰিব পাৰিবনে? অকলে নোৱাৰিব ছাগৈ! চুলিকফাৰ ভয়ত গোবৰ ৰজাৰ নুমলীয়া পো তথা প্ৰবল প্ৰতাপী গদাপানিয়েই দিহিঙে-দিপাঙে পলাই ফুৰিব লগীয়া হৈছে, তেনেস্থলত ভলুকানো কোন কূটা! বঙালৰ সৈতে ৰণ লগা হ’লে সিও তাই একে ৰাতিৰ ভিতৰত বৈ দিয়া কৱচ কাপোৰ পিন্ধি গ’ল হয়৷ তাইৰ বিশ্বাস আছে, সি শতৰুৰ বিৰুদ্ধে মহাপৰাক্ৰমেৰেই যুঁজিব৷

চ্যু-কা-ফাই সাত ৰাজ সামৰি গঢ়ি থৈ যোৱা আৰু বীৰ লাচিতে অসীম পৰাক্ৰমেৰে মোগলৰ হাঁতোৰাৰ পৰা ৰইখা কৰি থৈ যোৱা আসাম দেশখনৰ ভৱিষ্যত যে কি হ’বগৈ! সোণামতীয়ে বতাহত দীঘল হুমুনিয়াহ এটা এৰি পিতাকৰ কথাবোৰেই মনৰ মাজত পাগুলে৷ পিতাকৰ মতে, আহোম ৰাজতন্ত্ৰৰ ডা-ডাঙৰীয়াসকলৰ ক্ষমতাৰ অপ-ব্যৱহাৰৰ বাবেই দেশখনত অশান্তি-অস্থিৰতা বৃদ্ধি পাইছে৷ মোগলৰ সৈতে ৰণ হোৱাৰ বাবে ৰজা আৰু প্ৰধান ডা-ডাঙৰীয়াসকল গুৱাহাটীলৈ যোৱাত ক্ষমতালোভী বিষয়াসকলে গড়গাঁৱত নানা ধৰণৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল৷

তাই পিতাকৰ মুখেৰে শুনিছে, পিছলৈ বৰবৰুৱা খিতাপ পোৱা ডেবেৰা হাজৰিকাই আহোম ৰাজতন্ত্ৰক নিজৰ ইচ্ছামতে পৰিচালনা কৰাৰ স্বাৰ্থত উদয়াদিত্য সিংহ, চ্যু-ক্লন-ফা, তিপমীয়া ৰহা, তুংখঙীয়া কোঁৱৰ আৰু চুহুঙক নানা কূট-কৌশলেৰে হত্যা কৰিছিল৷ এশ গৰু মাৰিলে বাঘৰো মৰণ বাবে এদিন আতন বুঢ়াগোহাঁইৰ হাতত নিহত হ’ল ডেবেৰা৷ উলুৰ লগত বগৰী পোৰাদি প্ৰাণনাশ হ’ল গোবৰ ৰজাৰ৷ আতন বুঢ়াগোহাঁয়ে বোলে চুজিনফা আৰু চুডৈফাক নামত ৰজা পাতি নিজে ৰাজ কাৰ্য চলাইছিল৷ চুলিকফাই তেওঁৰ ক্ষমতা খৰ্ব কৰিবলৈ গৈ আঁকোৱালি ল’লে অকাল মৃত্যু৷ সেই ক্ষমতালোভী বুঢ়াগোঁহাই আৰু তেওঁ পতা ৰজা চুডৈফা নিহত হ’ব লগা হ’ল আন এগৰাকী ক্ষমতালোভী বিষয়া লালুকসোলা বৰফুকন হাতত৷

এতিয়া আসাম দেশত লালুকসোলাৰ ৰাজত্ব৷ ক্ষমতাৰ লোভত গুৱাহাটীক মোগলৰ হাতত এৰি দিবলৈ কুণ্ঠাবোধ নকৰা লালুকসোলাই বুঢ়াগোহাঁই খিতাপ লৈ ৰজা পাতিলে চামগুৰি ফৈদৰ চুলিকফাক৷ ১৪ বছৰীয়া ৰজালৈ নিজৰ পাঁচ বছৰীয়া কন্যাক বিয়া দি লালুকসোলা হৈ পৰিছে দেশৰ হৰ্তা-কৰ্তা৷ লালুকসোলাই নিজৰ ক্ষমতা অটুট ৰখাৰ স্বাৰ্থত চুলিকফাৰ হতুৱাই ঘূণীয়া কৰিছে ৰজা হোৱাৰ যোগ্যতা থকা কোঁৱৰবোৰক৷ ভাগ্য ভাল, গদাপানি পলাই সাৰিল!

লালুকসোলাৰ নাম উচ্চাৰণ কৰাৰ লগে লগে তাইৰ মন খং আৰু ক্ষোভেৰে ভৰি পৰে৷ আহোম ৰাজবংশৰ শলিতা নুমুৱাইহে লাগে! পিছে, গদাপানিৰ নাম উচ্চাৰণ কৰিলে দুচকু নতুন আশা আৰু প্ৰত্যয়েৰে জলমলাই উঠে৷ তুংখঙীয়া ফৈদৰ এই ৰাজেকাঁৱৰজনৰ ওপৰতে নিৰ্ভৰ কৰিছে আহোম ৰাজবংশৰ ভৱিষ্যত৷ সাধাৰণ পৰজাই বিশ্বাস কৰে, সিহে লালুকসোলাৰ অতপালি ৰোধ কৰি¸ দেশলৈ শান্তি ফিৰাই আনিব পাৰিব৷ সকলোৱে বিচাৰিছে এই অস্থিৰতা আৰু অশান্তিৰ অৱসান৷

: আই সোণামতী, ক’লৈ গ’ল অ’ এইজনী? –ভিতৰৰ পৰা ভাহি আহে পিতাকৰ মাত৷ তাৰ ছাগৈ বৰ চালনীখন গুঁঠি শেষ হ’ল!

: মই ইয়াতে আছো পিতাই, পিৰালিত৷ – তাই বহাৰ পৰাই সহাঁৰি জনায়৷

: অ’ তই আছ! মই আকৌ বহু দেৰি তোৰ মাত নুশুনি তই পথাৰলৈ গ’লি বুলি ভাবিছিলোঁ৷ পথাৰলৈ যাব নালাগে আই, দিনকাল ভাল নহয়৷ ৰমাই ক’লৈ গ’ল নো?

: ক’ৰবাত টাংগুটি খেলি আছেগৈ! – তাই চমুকৈ উত্তৰ দি মেলা চুলিখিনি মুঠি মাৰি উধনীয়া খোপা এটা বান্ধে৷ দুপৰীয়া ভাত সাঁজৰ জা-যোগাৰ কৰিবলৈ হ’লেই নহয়৷ পুৱাই খুতুৰা শাক তুলি থৈছে, তাৰেই জোল এখন কৰিব৷ ৰঙালাওৰ ভাজি এখন কৰিব আৰু কলহত জীয়ন দি থোৱা মাগুৰ মাছ তিনিটা খৰিকাত দিব৷ অমিতাৰ খাৰ এখন, লাইপাত মুচৰা আৰু পাতত দিয়া তিতাফুলৰ সৈতে পোৰা আলু পিটিকা অকণতো লাগিবই৷ দুপৰীয়াৰ সাঁজ এনেদৰেই খাব৷ ৰাতিলৈহে কুকুৰা বা শুকান গাহৰি মঙহৰ আঞ্জা ৰান্ধিব৷

বেলা বাঢ়ি আহিছে৷ ঘৰৰ ছালৰ ছাঁই চুলেহি তাঁতশালৰ ককৰা৷ অইন দিনা হোৱা হ’লে এই সময়খিনি তাই দিৰৈ পাৰৰ পথাৰতেই কটালেহেঁতেন৷ ধানবোৰ পকিবলৈ ধৰিছে, টুনী চৰাই আৰু ডালশলীয়া-নিগনিৰ উপদ্ৰবো বাঢ়িছে৷ পুহৰ ভিতৰতে খেতি চপাব নোৱাৰিলে পকোৱা সূতাৰ গামোচা, চেলেং চাদৰ, খনীয়া চাদৰ আদি ব’বলৈ সময় আটকীয়া হ’বগৈ৷ অহা ব’হাগতে তাইৰ চকলং বাবে চ’তৰ আগে আগে সকলো বন কৰি আজৰি হ’ব লগিব৷ পিছে, এইকেইদিন পথাৰলৈ দাৱনী যাবই ভয় কৰা হৈছে৷ অহুকাণে পহুকাণে দিৰৈ পাৰৰ ৰাইজে শুনিছে, গদাপানি এইপিনেই ক’ৰবাত লুকাই আছে৷ গদাক বিচাৰি ইপিনে-সিপিনে পিয়াপি দি ফুৰিছে লালুকসোলাৰ চৰ৷

তাই দেখোন আজি ঘৰত মনেই বহুৱাব পৰা নাই! খুতুৰা শাক কাটিবলৈ গৈ কটাৰীৰে আঙুলিকে কাটি ল’লে৷ আই ঐ, চি চি কৈ বৈ আহিছে তেজ৷ তাই ততা-তয়াকৈ কটা আঙুলিটো ফটাকানিৰে বান্ধি ল’লে আৰু আঙুলি কাটি পোৱা বাবে ভলুকাৰ ওপৰতে খং উঠিলে৷ দুপৰ ভাগত তাৰ মাতষাৰ নুশুনাৰ বাবেইতো তাই আখলত মন বহুৱাব পৰা নাই৷ অইনদিনা এনেকুৱা সময়ত তাই পথাৰত ধান দাই থাকিলে ভলুকাই দূৰৈৰ পৰা, তাই শুনাকৈ, বিহু নাম গাই–

: দিৰৈৰ সিপাৰে কোনে জুই দিলে

ওপৰে উৰি গ’ল ছাঁই

মোৰনো হিয়াত কোনে জুই জ্বলালে

বিচনী ধৰোঁতা নাই৷

তাৰ বিহু শুনিলে তাইৰ বুকুৰ উশাহবোৰ ঘন হৈ আহে৷ তাইৰো কিবা এষাৰ গাবলৈ মন গ’লেও পথাৰখন দাৱনীৰে ভৰি থকাৰ বাবে একো গাব নোৱাৰে৷

উধানত জুই ভৰাই তাই ৰোমন্থন কৰে ভলুকাৰে প্ৰথম হিয়া-দিয়া-নিয়া কৰা দিনবোৰ৷ প্ৰথম যৌৱনৰ সেই মন উৰোঁ উৰোঁ কৰা সময়ছোৱাত তাই দিৰৈৰ বুকুৱেদি নাও মেলি সখী সেউতীৰ ঘৰলৈ যাওঁতে পাৰে পাৰে ম’হ চৰাই ফুৰা ভলুকাই বিহুনাম গাই মনৰ ভাব প্ৰকাশ কৰে৷ কিবা যাদু আছে ভলুকাৰ মাতত, সুহুৰিত আৰু উকিত, যিবোৰ শুনিলে খৰ হৈ আহে তেজৰ গতি৷ ভলুকাৰ মাতষাৰ শুনাৰ আশাতে সঘনাই যোৱা হয় সেউতীৰ ঘৰলৈ৷ কেৱল ভলুকাই নহয়, তাইৰ মন পাবৰ বাবে গাঁৱৰ আৰু বহু পাহুৱাল ডেকাই চেষ্টা কৰিছিল৷ পিছে, তাই মনে-চিতে ভাল পালে ভলুকাকহে৷ কেতিয়াবা সুযোগ-সুবিধা পালে তাক গাই শুনোৱায়–

: দিৰৈ নৈ এৰিব পাৰো ঐ চেনাইধন

দিহিং নৈ এৰিব পাৰো৷

তোমাক চেনাইধন এৰিব নোৱাৰো

নেখায়ো থাকিব পাৰোঁ৷ ’

: পিতাই, তই পুখুৰীত গাতো তিয়াই নাহনো কিয়? মই ভাতৰ চৰু জুইৰ পৰা নমালোঁৱেই৷ ৰমাইকো মাতি আনিবি৷ –গৰম ফুটছাঁইত আলু দুটা ভৰাই সোণামতীয়ে পিতাকক চিঞৰি ক’লে৷

: গৈছোঁ আই, গৈছোঁ৷ – কাঠি-কামীৰ কাম সামৰি পিতাক বহাৰ পৰা উঠিল৷ বৰ পুখুৰীলৈ যাবৰ বাবে নঙলা-জপনা খোলাৰ শব্দ তাইৰ কাণত পৰিল৷

পিতাক ওলাই যোৱাৰ লগে লগে ঘৰখন তাইৰ বৰ নিমাওমাও যেন লগিল৷ আগতে এনেকুৱা নিমাওমাও পৰিৱেশ তাই ভালেই পাইছিল৷ এনেকুৱা পৰিবেশত ভলুকাৰ কথা ভাবিব পাৰি আৰু মনৰ আনন্দত গান এটা গুণগুণাব পাৰি৷ পিছে, তাইৰ আজি অকলে ঘৰত থাকি ভাল লগা নাই৷ দিন-কাল বেয়া বাবেই ঘৰত অকলে থাকিবলৈ ভয় লগা হৈছে৷ ক’বতো নোৱাৰি ভুটুংকৈ ওলাবহি পাৰে লালুকসোলাৰ চৰ!

গদাপানি ক’ত বা লুকাই আছে? বহল লাই পাত কেইখিলা বাটি এটাত মোচৰি মোচৰি সোণামতীয়ে গদাপানিৰ গা-গাঁৰি কল্পনা কৰিবলৈ ধৰিলে৷ তাই আনৰ মুখেৰে শুনিছে, গদাপানি এজন ওখ-পাখ, আটিল দেহৰ বলবান পুৰুষ৷ সি হেনো এদোণ চাউলৰ ভাত, ঊনষাঠি ব্যঞ্জন এসাঁজতে খায়৷ অকলে খাব পাৰে এটা মজলীয়া আকৃতিৰ বৰা বা দামুৰি, একলহ সাঁজপানী, এথোক আঠিয়া কল ইত্যাদি৷ সেই গদাপানিয়ে এতিয়া চাগৈ পলৰীয়া জীৱন কটাই পেট মাৰি থাকিব লগা হৈছে৷ পৰৰ ঘৰততো নিজৰ ঘৰৰ দৰে দহৰম-মহৰম কৰি খাব নোৱাৰিব৷ সি যেন দেশৰ পৰজাগণৰ স্বাৰ্থত এই দুখ-কষ্ট সহিবলৈ শকতি লাভ কৰে৷ নহ’লে লালুকসোলাৰ মইমতালিত কোনেও এসাঁজ সুখেৰে খাব নোৱাৰা হ’ব৷

এই সময়খিনিত জয়াই বাৰু কি কৰিছে? লাইথেপেনা বৰগোহাঁইৰ জী, গদাপানিৰ পত্নী আৰু দুটি পোৰ মাতৃ জয়মতীৰ কথা ভাবিলে বুকুখন বিষাই যায় তাইৰ৷ চুলিকফা আৰু লালুকসোলাৰ ভয়ত গদাপানি দিহিঙে-দিপাঙে পলাই ফুৰাৰ পৰা তাইতো লাই-লেচাইক বুকুৰ মাজত সাৱটি অকলশৰেই দিনবোৰ কটাব লগা হৈছে৷ ঘৰত লগুৱা-লিকচৌ থাকিলেও ঘাই মানুহজন নাথাকিলে নিশ্চয় সকলোখন খালী খালী লাগে৷ জয়াক চাগৈ গদাপাণিৰ বতৰা সুধি সুধি চুলিকফাৰ চাওদাঙহঁতে ঘনাই আমনি কৰিবলৈ লৈছে৷ চাওদাংহঁতৰ অত্যাচাৰ সহ্য কৰিবলৈ জয়াক চোমদেৱে শকতি দিয়ক৷ তাই কেনেবাকৈ পেটৰ কথা কৈ দিলে দেশখনেই ৰসাতলে যাব৷

সোণামতীয়ে ৰান্ধি-বাঢ়ি শেষ কৰি আৰু বানকাঁহীৰ লগতে মাইহাং বাটিকেইটা আওখালি ভাবে, এদিন মাদুৰী নগৰৰ লাইথেপেনা বৰগোঁহাইৰ বৰঘৰতো কঁপি কঁপি জ্বলিছিল এশ এগছি চাকি৷ সেই চাকিৰ পবিত্ৰ আৰু স্নিগ্ধ পোহৰত জয়মতীয়েও হেংদান আৰু কৱচ বস্ত্ৰ গদাপাণিক অৰ্পণ কৰি দেশ, পত্নী তথা নিজৰ ঐশ্বৰ্য ৰক্ষা কৰিবলৈ আহ্বান জনাইছিল৷ গদাপানিয়ে কেতিয়াও জয়াৰ আহ্বানক উপেক্ষা কৰিব নোৱাৰিব৷ সি নিশ্চয় আসাম দেশলৈ শান্তি ঘূৰাই আনিব পাৰিব৷

: ঘৰত কোন আছে? পিঁয়াহত আতুৰ হৈ পৰিছোঁ৷ পানী এবাটি পাম নেকি? – ঘৰৰ আগপিনৰ পৰা ভাহি আহিল কোনো অচিন পুৰুষৰ গুৰু-গম্ভীৰ মাত৷

অভ্যাগতৰ মাত শুনি সোণামতীৰ ভাৱনাত যতি পৰিল৷ পিয়াঁহত আতুৰ হৈ পৰাজনলৈ তাইৰ বুকুত অদ্ভুত মমতা জাগিল৷ ভাবিলে, কলহৰ পানী নিয়াতকৈ ৰহী সাঁজকে এবাটি লৈ যোৱা হওক৷ পিয়াহো পলাব, তৃপ্তও হ’ব৷ ধোঁৱাচাঙৰ পৰা সাঁজৰ কলহটো নমাই তাই মাইহাং বাটি এটাত বাকিলে আৰু পোৰা মাছৰ এচকল লোণ এচিকুটৰ সৈতে কলপাতত লৈ বাজলৈ ওলাই গ’ল৷

পানী পতাত ৰৈ থকা ওখ-পাখ পুৰুষজনক দেখি সোণামতী আচৰিত হ’ল৷ চিকন-পাটৰ চুৰিয়া, চাটনৰ চোলা পৰিহিত অভ্যাগতৰ কঁকালত এখন সোণীয়া হেংদাং৷ তাইৰ বুজিবলৈ বাকী নাথাকিল, ৰাজকীয় চেহেৰাৰ এই পুৰুষজনেই গদাপানি, যাৰ কথা ইমান দিনে শুনিহে আহিছিলে৷ আনন্দ আৰু বিস্ময়ত তাই বাটিটো আগ্ৰহেৰে গদাপানিলৈ আগবঢ়াই দিলে৷

ৰহী সাঁজ বাটি দেখি গদাৰ মুখত বিয়পি পৰিল এটি সন্তুষ্টিৰ হাঁহি৷ তাইলৈ কৃতজ্ঞতাৰ চাৱনিৰে চাই পঠিয়ালে আৰু বাটিটো হাতত লৈ সাঁজখিনি গলাধঃকৰণ কৰিলে৷ মুহূৰ্তৰ ভিতৰতে বাটিটো খালী কৰি গদাই তাইলৈ মৰম লগাকৈ চাই পঠিয়ালে আৰু মুখেৰে কিবা এষাৰ ক’ব বিচাৰিলে৷

: খট…খট…খট…খট…খট…

নাতিদূৰৰ পৰা ভাহি আহে দ্ৰুত বেগী ঘোঁৰাৰ খোজৰ শব্দ৷ আতংকিত হৈ পৰে গদা, সেয়া যে লালুকসোলাৰ চৰৰ ঘোঁৰাৰ খোজৰ শব্দ৷ ইফালে-সিফালে চাই পঠিয়াই সি পিছফালেদি খৰখোজেৰে পলাই যায়৷ যোৱাৰ আগতে কয় –

: সুদিন আহিলে আকৌ লগ পাম এদিন৷

গদাপানি যোৱাৰ ফালে সোণামতীয়ে হেঁপাহেৰে চাই ৰয়৷ ভলুকাৰ মুখখন মনৰ পৰা আঁতৰাই ৰাখি ভাবে, গদাৰ চকুযুৰিয়ে বাৰু তাইক কিবা ক’ব খুজিছিল নেকি? ইমান আকুলতাৰে চোৱাৰ একো কাৰণেইতো থাকিব নোৱাৰে! গদাপানিৰ এগৰাকী ধৰ্ম পত্নী আছে, লাই-লেচাই নামৰ দুটি পো আছে, ইমানৰ পাছতো কিয় সি তাইলৈ এনেদৰে চাই পঠিয়াইছিল? একো ভাবিব নোৱাৰা হৈ পৰে তাই৷ স্থানুৰ দৰে ৰৈ আকৌ এবাৰ কল্পনা কৰে নিজৰ চকলঙৰ দৃশ্য৷ কঁপি কঁপি জ্বলিব এশ এগছি চাকি৷ চাকিৰ পোহৰত উজলি উঠিব ভলুকাৰ নে গদাপানিৰ মুখ? এই উত্তৰ তাইৰ কাষত নাই৷

: গদাপানি কোনপালে পলাই গ’ল তপৰাই ক? – ঘোঁৰাত উঠি আহি চোতালত হাজিৰ হোৱা লালুকসোলাৰ চৰে সোণামতীক কঠুৱা স্বৰেৰে সুধিলে৷ তাই মিছা মতাৰ কোনো সুযোগ নাপালে, হাতৰ বাতিটোৱেই গদাক অলপ আগতে লগপোৱাৰ কথা প্ৰমাণ কৰিলে৷ পিছে, আসাম দেশৰ ভৱিষ্যতৰ স্বাৰ্থত, পৰজাগণৰ মংগলৰ স্বাৰ্থত তাই নিৰুত্তৰ হৈ ৰ’ল৷ গদাপানিক ধৰাই দি তাই লালুকসোলাৰ অতপালি স্থায়ী কৰিব নিবিচাৰে৷

: এই পাখৰীয়ে একো নকয়৷ ধৰ এইক৷ – আনজন চৰে নিমাতী সোণামতীৰ বাওঁ হাতত ধৰি প্ৰথমজন চৰক তাইৰ সোঁহাতত ধৰিবলৈ চকুৰে ইংগিত দিলে৷ তাইৰ হাতত ধৰি দুয়োজনে ঘোঁৰা চেকুৰাই দিয়াত তাই মাটিত চুঁচৰি গ’ল৷ গদাপানি পলাই যোৱা পথটো দেখুৱাই দিয়া হ’লে তাইক হয়তো সিহঁতে এৰি দিলেহেঁতেন৷ পিছে, তাইৰ দেশৰ স্বাৰ্থত সকলো কষ্ট সহ্য কৰিবলৈ সাজু হ’ল৷

লালুকসোলাৰ নিৰ্দয় চৰে তাইক চোঁচৰাই লৈ গ’ল দিৰৈ পাৰৰ সোণালী ধাননিৰ মাজেৰে৷ উভালি পৰিল ভৰিৰ নখ, ছিগিল গাৰ ছাল৷ সৰ্বশৰীৰ লুতুৰি-পুতুৰি হ’ল তেজেৰে৷ অসহ্য যন্ত্ৰণাত চিঞৰ-বাখৰ লগাই তাই কঁপাই তুলিল দিৰৈৰ আকাশ-বতাহ৷ চকুৰ সন্মুখত ভাহি আহিল মৃত মাক, পিতা ভদৰাম, ভায়েক ৰমাই, প্ৰিয়তম ভলুকা আদিৰ মুখ৷ ভাহি আহিল গদাপানিৰ মুখো৷

সোণামতীৰ মৰণকাতৰ চিঞৰ শুনিলে গা ধুই ঘৰমুৱা হোৱা ভদৰামে৷ উদভ্ৰান্তৰ দৰে ইফালে-সিফালে দৌৰিবলৈ ধৰিলে সি৷ শুনিলে ভাই ৰমায়ো৷ একো বুজিব নোৱাৰি চিঞৰি চিঞৰি কান্দি উঠিল সি৷ ঘৰৰ বাজ হ’ল দিৰৈৰ পাৰৰ সকলো মানুহ৷ সকলোৰে মুখত অঁকা আছে এটাই মাথোঁ প্ৰশ্নঃ ক’ত, কি হৈছে· কোনে এনেদৰে চিঞৰি চিঞৰি কান্দিছে?

সোণামতীৰ চিঞৰ কাণত পৰিল গদাপানিৰো৷ প্ৰচণ্ড খঙত সি উুলিয়াই ল’লে কঁকালৰ হেংদান৷ তাৰ বাবেইতো এই গাভৰুজনীয়ে অকথ্য নিৰ্যাতনৰ সন্মুখীন হৈছে৷ পিছ ক্ষণতে মনত পৰে দেশবাসীৰ প্ৰতি থকা তাৰ দায়িত্বৰ কথা, জয়াক দি অহা প্ৰতিশ্ৰুতিৰ কথা৷ অশেষ কৃতজ্ঞতাত মূৰ দোঁ খাই তাৰ প্ৰাণ ৰক্ষা কৰা এদিনৰ চিনাকি গাভৰুজনীৰ প্ৰতি৷ আকৌ এবাৰ সংকল্পবদ্ধ হয় দেশমাতৃক চুলিকফা-লালুকসোলাৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ৷ এই নাৰীৰ দেশপ্ৰেম আৰু মানসিক দৃঢ়তাক অথলে পঠিয়াব নোৱাৰে সি৷

চাওদাঙে চোঁচৰাই নিয়া সোণামতীৰ মৰণকাতৰ চিঞৰ এসময়ত স্তব্ধ হৈ পৰিল৷ দিৰৈ নৈৰ পাৰত নিষ্ঠুৰ চাওদাঙে শুৱাই দিলে তাইৰ দেহ, যি দেহৰ পৰা বাজ হৈছিল প্ৰাণবায়ু৷ মাটিৰ দেহ এৰি সোণামতীয়ে দেশৰ বাবে আঁকোৱালি ল’লে জ্যোতিৰ দেহ৷ কঁপি কঁপি আৰু নজ্বলিল চকলঙৰ এশ এগছি চাকি৷ ভলুকাক অৰ্পণ কৰা নহ’ল হেংদান আৰু কৱচ কাপোৰ৷ (ৰচনা কালঃ ২০০৭)

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে