দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / কথাশিল্প / বমি ৷৷ টুনুজ্যোতি গগৈ৷৷

বমি ৷৷ টুনুজ্যোতি গগৈ৷৷

: ওৱাক… ওৱাক…ওৱাক৷ – মহীকান্তৰ ঘৰৰ পদূলিমুখত ৰৈ, নঙলা খুঁটা এটাত ধৰি লৈ জীৱেশ্বৰে বঁতিয়াইছিল৷ মদৰ নিচাত অপ্ৰকৃতিস্থ হৈ পৰা জীৱেশ্বৰৰ কাণ্ড-কাৰখানা ঘৰৰ পিৰালিৰ পৰা প্ৰত্যক্ষ কৰি মহীকান্তৰ ঘৈণীয়েক মালতীৰ মুখখন প্ৰচণ্ড খঙত ৰঙা পৰিছিল, মুহূৰ্তৰ ভিতৰত তাইৰ দুচকু যেন ভমভমাই জ্বলিহে উঠিব৷ প্ৰায় তিনিমিনিট সময় বমি কৰি জীৱেশ্বৰে দোৰোল খোৱা জিভাৰে, মালতীয়ে শুনাকৈ কৈছিল– ছোৱালীজনী’ ঘঅলৈ গৈছিলুং বুইছ৷ আই ঐ, কি আদ’-সাদ’ ! মই পীয়াখনত বহিছুংহে, জঙাইক ডেকেওৱা কুকুআ এজনী মায়িবলৈ ক’লেই নহয়৷ সি খেদি খেদি কুকুআ এজনী মায়ে মানে আইকণে কলহত গঅমপানী ঢালিলেই নহয়৷ নকবি ঐ জয়া’ মাক, কুকুআ মাংচ’ লগত ঠিকচে খালুং৷ বআ চাউল’ কলহতো, তালুলৈকে নিচা ধয়িলে৷

: আও টেটুঁ’ গুয়িলৈকে খোৱা বুলি পঅমান দিবলৈকে হ’বলা হজম নোহোৱাখিনি আমা’ পদূলি মুখত উলিয়াই দিলিহি৷ এতিয়া সেই খেয়েচসোপা অমুকীয়ে চাফা কয়ি ময়িব লাগিব৷ চিকৌ কটা৷ ভালে ভালে চকু’ আগ’ পআ আঁত’ হ’ দেই, নহ’লে মেখেলাই কোবাই নাক-মুখ সমান কয়ি দিম৷

: ওৱাক…ওৱাক…ওৱাক৷– মুখৰা তিৰী হিচাপে গোটেই গাঁৱখনতে পৰিচিত মালতীৰ বকনি শেষ হ’বলৈ নাপালেই, জীৱেশ্বৰে পুনৰ সশেব্দ বমি কৰি উঠিল৷ কি ঘৃণনীয়ভাৱে তাৰ মুখেদি ওলাই আহিছিল অজীৰ্ণ সাঁজপানী, মাংসৰ টুকুৰা, কেচাঁ জলকীয়া, দাইল, ভাত ইত্যাদি ! ছিঃ প্ৰচুৰ ঘৃণা আৰু খঙত মালতীৰ নাক-মুখ কোঁচ খাই গ’ল৷

: ছিঃ ছিঃ এই হতচই হোৱাটোৱে গোটেইখন নঅক কয়ি পেলালে৷ ঘৈণীয়েক কৈ দেগৈ যা, এইসোপা চাফা কয়িবলৈ৷ ইস বান্দঈজনী’ ভেম কি চাবা, যেনিবা অজাৰ পটেচয়ীহে, মাতিবই নোখোজে৷ ইপিনে গিয়ীয়েকে লোক’ ঘঅৰ পদূলিমুখত বতিয়াই ফুয়িব৷ ঐ তই গলিনে ইয়া’ পআ, যা বুলিছুং নহয়৷– মালতীৰ লাওপাত-কচুপাত হেন মুখখন এবাৰ খোল খালে সহজে জাপ নাখায়৷ মেখেলা কোঁচাই, সংসাৰৰ অশ্লীল মাত-কথাক সহায়কাৰী হিচাপে ব্যৱহাৰ কৰি দীঘলীয়াকৈ বকনি জুৰিলে তাই৷ কিন্তু, সেই বকনি জীৱেশ্বৰৰ বাবে অশ্ৰুত হৈ ৰ’ল৷ প্ৰচণ্ড বমি কৰাৰ পাছত মানুহজন ইমানেই দুৰ্বল হৈ পৰিল যে তাইৰ সুতীক্ষ্ন শেলৰ দৰে বাক্যবান, হুমকি আদিক অগ্ৰাহ্য কৰি সি পদূলি মুখতে মৰা গৰুৰ দৰে শুই পৰিল৷ তাৰ মুখৰ চাৰিও কাষে উৰিব ধৰিলে অলেখ মাখি, ওঁঠলৈকে বগাই আহিলে পৰুৱাৰ দীঘল শাৰী৷

ককটেল ইয়াকে কয় নেকি? প্ৰান্তিকৰ চৌখিন বৈঠকখানাত বহি অনুৰাগে ভাবে, কককোলাৰ লগত ভদকা মিলাই গলাধঃকৰণ কৰিলে দেখোন অসম্ভৱ নিচা ধৰে৷ ধীৰে ধীৰে সি পাহৰি পেলাইছে পৃথিৱীখনৰ অস্তিত্ব, বৈঠকখানাৰ সুশোভন আচবাব, পেইণ্টিং ইত্যাদি নেদেখা হৈ পৰিছে, তাৰ এখন সপোনৰ সৰগত বহি থকা যেন লাগিছে৷ বমি আহিব খুজিছে নেকি? ক্ৰমশঃ চেতনা লুপ্ত হৈ অহাৰ পাছতো সি বমিৰ তীব্ৰতা অনুভৱ কৰে, ভাতৰ ওপৰত ককটেল খোৱাৰ বাবেই চাগৈ পেটৰ পৰা সকলোবোৰ ওলাই আহিব খুজিছে, যি কোনো মুহূৰ্তত সি প্ৰান্তিকৰ চৌখিন বৈঠকখানাৰ তেজৰঙা কাৰ্পেটৰ ওপৰত বঁতিয়াই দিব পাৰে৷ বমিৰ তীব্ৰতা অনুভৱ কৰাৰ সময়তেই তাৰ চাৎকৈ মহীকান্তৰ পদূলি মুখত মদ্যপ জীৱেশ্বৰে বঁতিয়াই থকাৰ বীভৎস দৃশ্যটোলৈ মনত পৰে, কাণৰ কাষত অনুৰণিত হয় মুখৰা তিৰী মালতীৰ অবাইচ গালি-শপনিবোৰ৷ সি প্ৰান্তিকৰ অনুপস্থিতিত তাৰ সুন্দৰী পত্নী প্ৰস্তুতিৰ সন্মুখত যদি এই তেজৰঙা কাৰ্পেটৰ ওপৰতে বমি কৰি দিয়ে, তেন্তে তাই কি তাক মালতীৰ দৰেই গালি-শপনি পাৰিব? ইমান সুন্দৰী মানুহজনীৰ মুখৰ পৰা ইমান অবাইচ কথাবোৰ ওলাই আহিব জানো? নাহে, যিহেতু তাই শিক্ষিতা ছোৱালী, তাই নিশ্চয় তাক ক্ষমা কৰি দিব, সি সুস্থতা অনুভৱ কৰাৰ পিছত তাক মদ খোৱাটো বেয়া বুলি বুজাব; আৰু সি, অপৰাধীৰ দৰে, লাজত অবনত হৈ সেই পৰামৰ্শ শুনিব৷

বুজে, মদ্যপান যে এক বদভ্যাস, ই যে মানুহৰ মান-সন্মান মাটিৰ লগত মিলাই দিয়ে, সেইবোৰ কথা সি বঢ়িয়াকৈ বুজি পায়৷ সৰুতে জীৱেশ্বৰক দেখিলেই তাৰ খঙে মূৰৰ চুলিৰ আগ পাইছিলগৈ, স্কুলৰ পৰা উভতি আহি সি মহীকান্তৰ পদূলিমুখত বমি কৰি থকা জীৱেশ্বৰক দেখি অধৈৰ্য হৈ পৰিছিল, পোকৰত এটা মস্ত গোৰ সোধাও যেন লাগিছিল৷ সি সৰুৰে পৰা মদ্যপ মানুহৰ বহুৱালি দেখি আহিছে, মদে মানুহক কিমান তললৈ নমাই নিয়ে বা মদে একোখন ভৰা ঘৰ কেনেকৈ টোকোনা কৰি পেলায়, সেইবোৰ উপলব্ধি কৰিছে৷ সি কলিতা সম্প্ৰদায়ৰ ল’ৰা– তাৰ দেউতাকে নিচাজাতীয় দ্ৰব্য মুখত দিয়া নাছিল, সুযোগ পালেই মদৰ অপকাৰিতাৰ বিষয়ে মানুহক বুজাইছিল৷ সিও জীৱনত কোনোদিন মদ্যপান নকৰো বুলি মনে মনে প্ৰতিজ্ঞা কৰিছিল, দেউতাকৰ আদৰ্শৰে ডাঙৰ হোৱাৰ কথা ভাৱিছিল৷ কিন্তু, কলেজত পঢ়িবলৈ আহি মেচত থাকিবলৈ লোৱাৰ পাছত তাৰ মনত মদ্যপানক লৈ শুভাশুভৰ তুমুল যুদ্ধ আৰম্ভ হৈছিল– এপিনে মেচমেট প্ৰান্তিক, প্ৰদ্যুৎ, মিণ্টুহঁতে মদ খাবলৈ জোৰ দিওঁতে সি মদৰ প্ৰতি তীব্ৰ আকৰ্ষণ অনুভৱ কৰিছিল আৰু আনপিনে তাৰ চকুৰ সন্মুখত অহৰহ ভাহি আছিল পিউৰিটান দেউতাকৰ গুৰু গম্ভীৰ মুখখন৷ প্ৰান্তিকে কয়–‘আৰে তই মৰদ নহয় নেকি অ’৷ মদ নেখাৱ নহয়, মেখেলা পিন্ধিবি বুজিছ, মেখেলা পিন্ধিবি৷’ সি খঙে-অপমানে জৰ্জৰিত হৈ শুনি থাকে মিণ্টুৰ তাচ্ছিল্য–‘তই এটা কাম কৰিবি, আমি মদ খোৱাৰ সময়ত তই গিলাছত গাখীৰ বাকি ল’বি৷ ছলি হৈ আছতো !’

এদিন সি নিজৰ পৌৰষত্ব প্ৰমাণ কৰিবৰ বাবেই, জীৱনৰ নিষিদ্ধ অথচ তীব্ৰ ৰোমাঞ্চকৰ সোৱাদ বিচাৰিয়েই মদৰ গিলাচত চুমুক দিছিল৷ বুকুৰ ভিতৰখন জ্বলি যোৱা যেন লাগিছিল, ধীৰে ধীৰে তেজৰ মাজত ফুলি উঠিছিল সহস্ৰ গোলাপ৷ সেইদিনা সি প্ৰান্তিকহঁতৰ লগত সুৰত সুৰ মিলাই গাইছিল–‘সুৰাত মগন ভয়াল ৰাতি৷ চন্দ্ৰ-তৰা থাপ মাৰি আনি থেকেচি পেলাবৰ হ’ল৷’

সুদীৰ্ঘ সাত বছৰৰ মূৰত সি প্ৰান্তিকৰ সৈতে ‘এসাঁজ’ নামৰ ধাবাখনত সুৰাপান কৰিলে৷ ইমান দিনৰ মূৰত, দুই কলেজীয়া বন্ধু লগ হ’ল যেতিয়া পেগৰ সংখ্যাও স্বাভাৱিকতে বাঢ়ি গ’ল৷ বাঢ়িবই, কলেজীয়া দিনৰ স্মৃতিচাৰণেৰে অন্তৰংগ আলাপক সৰস কৰি তুলিবৰ বাবেই দুয়ো জানি-শুনিও হিচাপতকৈ বেছি ধৰিলে৷ এই সাত বছৰত প্ৰান্তিকে গুৱাহাটীত বিভিন্ন ধৰণৰ ব্যৱসায়েৰে ঘৰ-মাটি কৰিলে, জাপানী পুতলাৰ দৰে এজনী সুন্দৰীক বিয়া কৰালে, জীৱনক প্ৰাপ্তিৰে ওপচাই পেলালে৷ ইয়াৰ পৰিৱৰ্তে এই সময়ছোৱাত অনুৰাগে তেনে কোনো উন্নতি কৰিব পৰা নাই– কলেজীয়া শিক্ষা শেষ কৰি ঘৰলৈ গুছি যোৱাৰ পিছত পিতৃৰ অন্ন ধ্বংস কৰি বহি আছে, য’ত- ত’ত চাকৰিৰ সন্ধান কৰিছে আৰু আজি বেংকৰ ইণ্টাৰভিউ এটা দিবলৈ আহি হঠাৎ প্ৰান্তিকক ছয় মাইলত লগ পাই গ’ল৷

লাহে লাহে নিচা বাঢ়ি অহাৰ লগে লগে তাৰ বমিৰ অনুভৱো প্ৰকট হৈ পৰিছে৷ এই প্ৰান্তিকটো তাক ঘৰত বহুৱাই থৈ বজাৰ কৰিবলৈ ওলাই গ’ল বাবে সি যথেষ্ট অস্বস্তি অনুভৱ কৰিছে, এদিনৰ চিনাকি প্ৰস্তুতিক টেঙা এচকল খুজিবলৈয়ো লাজ লাগিছে৷ প্ৰস্তুতিয়ে হয়তো তাৰ অৱস্থাৰ বিষয়ে গম পাইছে বাবেই একো কথা সোধা নাই, তাক শান্তিৰে চোফাত বহি থাকিবলৈ সুযোগ দিছে৷

: ওৱাক… ওৱাক… ওৱাক…৷– বৰ পুখুৰীৰ পাৰত বহি লৈ অকণ কাই ভাৰোক ভাৰোক কৈ বঁতিয়াইছিল৷ বমিৰ লগত ওলাই আহিছিল ৰঙাবৰণীয়া বিলাতী সুৰা, কেঁচা বুটৰ গুৰি, কটা পিঁয়াজ আৰু জলকীয়া৷ অনুৰাগে নিশা বাহিৰ ফুৰিবলৈ আহি, অনন্ত নিৰ্জনতাই আৱৰি ৰখা বৰ পুখুৰীৰ পাৰত অকণ কাইক তেনে ৰূপত দেখি ইমানেই আচৰিত হৈছিল যে সন্মুখত বাঘ এটা দেখা হ’লেও সিমান আচৰিত নহ’লেহঁতেন৷ টৰ্চৰ পোহৰত উদ্ভাসিত হৈছিল অকণ কাইৰ বিধ্বস্ত ৰূপ–মূৰৰ চুলিবোৰ আউল-বাউল, দুচকু অসম্ভৱ ধৰণেৰে ৰঙা পৰি গৈছে, কাপোৰ-কানি সোত-মোচ খাইছে৷ অকণ কাইক গাঁৱৰ মানুহবোৰে অতি ভাল ল’ৰা বুলিয়েই জানে– স্বভাৱ চৰিত্ৰত নম্ৰ আৰু সৰবৰাহী, পঢ়া-শুনাত চোকা, দহক এষাৰ সজ কথা ক’ব পৰা, কোনোদিনে মদ্যপান নকৰা সেই ল’ৰাজনে মদৰ ৰাগীত তেনেদৰে বেহুচ হৈ বমি কৰি থাকিলে মানুহ আচৰিত হোৱাৰ বিষয়েই৷

: অকণ কাই কি হ’ল? বঁতিয়াইছ যে!– অনুৰাগে কাষলৈ গৈ সুধিছিল৷
: এহ, আজি অলপ ধৰিলোঁ ভাই৷ ঘৰত মদ খোৱা বুলি গম পালে গালি পাৰিবতো, সেয়ে মুখত আঙুলি মাৰি খোৱাখিনি উলিয়াই দিছো৷– অকণ কাই সেহাই সেহাই কৈছিল৷
: তই আকৌ কিহৰ দুখত মদ খালি? তোক গোটেই গাঁওখনে ভালপায়, সমীহ কৰে৷ তই এনেকুৱা কাম কৰিব নালাগিছিলে৷
: চাল্লা, চোঁৱৰৰ বাচ্ছা, তই (অশ্লীল)মোক লেচন দিবলৈ আহিছ হাঁ৷ ফাৰ্ষ্ট ক্লাচ লৈ বি এ পাছ কৰিও চাকৰি নাপালে, মনে ভালপোৱা ছোৱালীজনী আনৰ হৈ গ’লে মদ নাখাই কি গাখীৰ খাম? গাখীৰ খাই দুখ পাহৰিব পৰা হ’লে গাখীৰেই খালো হয় বুজিছ৷ অল্ড ফাদাৰে গালি পাৰে, মই হেনো তেখেতৰ তেজ খাবলৈহে জীয়াই আছোঁ৷ আছোঁ যদি আছোঁ আৰু, সিহঁতৰ তেজ খাইহে মৰিম চাল্লা৷

অকণ কাই পুনৰ মধ্যমা আৰু তৰ্জনী আঙুলি দুটা খাদ্যনলীত ভৰাবলৈ ধৰিলে৷ পিছ মুহূৰ্ততেই নলীনাদ বহাওঁতে পাইপেৰে বোকা-পানী ওলাই অহাৰ দৰে তাৰ মুখেদি বমি ওলাই আহিল, বমিৰ টেঙা টেঙা দুৰ্গন্ধই অনুৰাগৰ নাক কোঁচ খুৱাই দিলে৷ সি সেই স্থান ত্যাগ কৰাই ভাল বুলি ভাবি গুছি আহিব লওঁতই অকণ কাই মাত লগালে৷
: ঐ ৰ’৷ ক’ত যাৱ? ঘিণ লাগিছে তোৰ? শুন, তই পকা থেকেৰাৰ গুটি খাই বমি কৰোঁতে মই তোক নিমখ পানী খুৱাইছিলো নে নাই? চাল্লা কুকুৰ, সৱ পাহৰি গ’লি৷ ভাই, মদক মানুহে মিছাতে বেয়া বস্তু বুলি কয়৷ ই বিৰাট বিৰাট ভাল বস্তু, মদ খালে দুখ-যন্ত্ৰণা পাহৰি থাকিব পাৰি, নিজৰ পৰা পলাই যাব পাৰি ৷ (অশ্লীল) অকণক চিনি পোৱা নাই, চাৰা দুনীয়া মেচ মাৰি জ্বলাই পেলাম বাপেকে৷
: দুনীয়াখন মেচ মাৰি জ্বলাবলৈ হ’লে বহুত কেৰাচিন তেল লাগিব নহয়৷– অনুৰাগে বুৰ্বকৰ দৰে কৈছিল৷
: কি ক’লি বেহুদা? কেৰাচিন তেল লাগিব৷ ইমান বেৰসিক হ’লে নহ’বতো! ব’ল, তই মোক ঘৰত থৈ আহিবি, মই ভাল ল’ৰাৰ দৰে ঘৰলৈ যাওঁ৷

ইউৰেকা! অকণ কাইৰ কথা মনত পৰাৰ লগে লগে অনুৰাগে ভাবিলে, টয়লেটলৈ গৈ সি দেখোন বমি কৰি আহিব পাৰে, প্ৰয়োজন হ’লে মুখত আঙুলি মাৰি পেটত জমা হৈ থকা ককটেল বাহিৰ কৰি দিব পাৰে৷ প্ৰস্তুতিয়ে তাক মাতবোল কৰা নাই, নীৰৱে আলোচনী এখন মেলি পঢ়ি আছে, মাজে মাজে তালৈ আঁৰ চকুৰে চাই পঠিয়াইছে৷ তাই ছাগৈ তাৰ অৱস্থা বুজি পাইছে, মনে মনে ভীষণ অসন্তুষ্ট হৈছে৷ অপৰাধীৰ দৰে সি চোফাখনৰ পৰা থিয় হ’ল৷
: বন্ধুৱনী বাথৰূমলৈ যাওঁ৷ কোনপিনে আছে?–সি স্বাভাৱিকভাৱে থিয় হ’বলৈ চেষ্টা কৰিলেও সন্মুখৰ পিনে ঈষৎ হালি পৰিল৷ মাতষাৰো কি বেসুৰা হৈ পৰিছে?
: অ’ এইফালে আহক৷– লয়লাস খোজেৰে প্ৰস্তুতিয়ে তাক বাথৰূমৰ পিনে বাট দেখুৱাই নিলে৷ সি থৰক-বৰক খোজেৰে তাইক অনুকৰণ কৰি যাওঁতে অসভ্যৰ দৰে ভাবিলে– তাইৰ খোজৰ তালে তালে বৰ লোভনীয়ভাবে গুৰু নিতম্বদ্বয় নাচি উঠে, উৰো-নুৰোকৈ উৰে চেম্পুধন্য খোলা চুলিকোচা৷ সি উৰুৰ মাজভাগত অনুভৱ কৰে ঈষৎ উষ্ণতা৷
: ওৱাক৷–খোজ কঢ়াৰ বাবেই হয়তো তাৰ বমি ওলাই আহিব খুজিছে, সি ল’ৰাল’ৰিকৈ মুখখন সোপা মাৰি ধৰে৷ ছিঃ নাকৰ বিন্ধাইদি ওলাই আহিল দুটামান অজীৰ্ণ ভাত ! ভাগ্য ভাল, প্ৰস্তুতিয়ে বমিৰ সেই শব্দ, সেই দৃশ্য নেদেখিলে৷ সি বাথৰূম সংলগ্ন টয়লেটত সোমাই লৈ কমোদৰ ওপৰত ভাৰোক ভাৰোককৈ বমি কৰিবলৈ ধৰিলে, লগে লগে যেন ইমান সময় ভুগি থকা অস্বস্তি আৰু নিচাও তাৰ মগজুৰ পৰা বাহিৰ হৈ গ’ল৷ সি অকণ কাইৰ দৰে মুখত পুনৰ আঙুলি মাৰিবলৈ ধৰিলে৷ এইবাৰ প্ৰান্তিকৰ লগত ধাবাত খোৱা সকলোবোৰ বস্তুৱেই ওলাই আহিল৷

খোলা শ্বাৱাৰৰ পানী বাগৰি গৈছে তাৰ নগ্ন শৰীৰৰ ওপৰেদি, এক অভিনৱ শীতলতাই তাক সুখাপ্লুত কৰি তুলিছে, গাত সুগন্ধি চাবোন ঘঁহি ঘঁহি সি নিজকে নিকা আৰু সতেজ কৰি তুলিব খুজিছে৷ শ্বাৱাৰৰ বহু পানী তাৰ শৰীৰৰ ওপৰেদি বাগৰি গ’ল, নিজকে পৰিস্কাৰ হোৱা যেন অনুভৱ কৰি সি শ্বাৱাৰ বন্ধ কৰি টাৱেলেৰে গাটো মচিবলৈ ধৰিলে৷ হঠাৎ প্ৰান্তিকৰ ঘৰৰ কোনোবা এটা কোঠাৰ পৰা ভাহি আহিল ‘নায়ক’ কথাছবিৰ গান–‘নায়ক হ’ব খুজি খলনায়ক হ’লি, কিনো বিধি সকৰুণ৷’ কিছু চিন্তিত হৈ ভাবে সি, এই গানে কি তাৰ জীৱন স্বপ্নক ব্যংগ কৰিছে? সিতো এজন নায়কেই – নায়ক ঠিক নহয়, এজন মদ্যপান নকৰা, সৎ পথত চলা, সকলোৰে শ্ৰদ্ধা আৰু সমীহৰ পাত্ৰ, আৰ্থিকভাৱে স্বচ্ছল, আদৰ্শবান আৰু লেখৰ মানুহ হ’ব বিচাৰিছিল৷ ভাবিছিল, পঢ়া-শুনাবোৰ কৰাৰ পিছত চাকৰি কৰিব আৰু মাক-দেউতাকক সুখী কৰি তুলিব, এগৰাকী সুন্দৰী নাৰীক নিজৰ কৰি ল’ব, সৰগৰ পাৰিজাত এপাহ ফুলি উঠিব ইত্যাদি৷ কিন্তু সেইবোৰতো একোৱেই হ’ব নোৱাৰিলে – কলেজ এৰাৰ পিছত কেৱল এটা চাকৰিৰ সন্ধানত অলেখ দৰ্খাস্ত লিখিলে, শতাধিক ইণ্টাৰভিউত বহিলে, বহু বিষয়া-কৰ্মচাৰীৰ কাষত নতজানু হৈ ৰ’লগৈ, অথচ চাকৰি হ’লে পোৱা নাই৷ মাক-দেউতাকৰ দৃষ্টিত সি এটা অপদাৰ্থৰ বাহিৰে একো নহয়, ওচৰ-চুবুৰীয়াৰ দৃষ্টিতো সি আদৰ্শবান যুৱক নহয়৷ এনে ধৰণৰ হতাশা আৰু নীচাত্মিকাই মদৰ প্ৰতি তাৰ আসক্তি বঢ়াই নিলে৷

কিছু প্ৰকৃতিস্থ হৈ বাথৰূমৰ পৰা ওলাই আহে সি, কৰ্ণ কুহৰত গুমগুমাই বাজি থাকে জুবিনৰ গান৷ দেখে, প্ৰস্তুতিয়ে ওঁঠত হাঁহিৰ বৰষুণ সিঁচি, হাতত নেমুৰ চৰবত এগিলাছ লৈ তাৰ বাবে ৰৈ আছে৷ লাজত তাৰ মৰি যাম যেন লাগিল, তাই নিশ্চয় তাৰ বমিৰ শব্দ শুনিলে আৰু সেয়ে নিচা আঁতৰাবৰ বাবে নেমুৰ চৰবত কৰিলে৷ মুখেৰে একো নকৈ সি চৰবত গিলাচ গলাধঃকৰণ কৰিলে৷

: আপুনি অলপ ৰেষ্ট লওক, মই বিচনাখন ঠিক কৰি থৈছোঁ৷ – তাই শোৱনি কোঠা এটাৰ পিনে আঙুলিয়াই দিলে৷

বিছনাত বাগৰ দিয়াৰ লগে লগে প্ৰস্তুতিয়ে ডেকৰ চুইচটো অফ কৰি দিলে৷ ফেনৰ শব্দৰ বাহিৰে আৰু একো শব্দই যেন পৃথিৱীত নাই৷ প্ৰস্তুতিৰ প্ৰতি তাৰ মন-হৃদয় কৃতজ্ঞতাৰে ভৰি যায়৷ ভাবে, প্ৰান্তিক ছাগৈ এইক লৈ সুখী, ইমান সাদৰী মানুক এগৰাকীক পোৱাটো ভাগ্যৰে কথা৷ এনে ভাগ্যৰ পৰা সি নিৰ্মমভাৱে বঞ্চিত – এই আদৰ, এই সুখ, এই ভালপোৱা তাৰ জীৱনলৈ হয়তো কোনোদিন নাহিব৷ হঠাৎ তাৰ মনত পৰে কলেজত পঢ়ি থাকোতে লগ পোৱা অন্তৰালৈ৷ স্মৃতিৰ ৰুদ্ধ দ্বাৰ খুলি উভতি আহে আনন্দ-যন্ত্ৰণাৰে ভৰা প্ৰেমময় অতীত৷ অন্তৰাৰ সৈতে সি কলেজত কেতিয়া, কেনেদৰে চিনাকি হৈছিল, সেইবোৰ স্মৃতি পাহৰি গ’লেও এটা কথা পাহৰি যোৱা নাই৷

ছেমিমে কেনেবাকৈ গম পাইছিল, সেইদিনা তাৰ বাৰ্থডে বুলি৷ গতিকে, তাক জোকে ধৰা দি ধৰিলে–পাৰ্টি খুৱাব লাগিব৷ সি তাইক কেণ্টিনলৈ লগ ধৰাত তাই অন্তৰা, হেমাশ্ৰীহঁতকো লগত লৈ গৈছিল৷ তাৰ পইচাৰে পিয়াঁজী, চিঙৰা, কফি আদি খোৱাৰ পিছত চেমিমে কৈছিল–‘ঐ এওঁৰ আজি বাৰ্থডে, তোমালোকে এতিয়া উইছ কৰা৷ ই কনজুচে তোমালোকক কেণ্টিনলৈ আনিব খোজা নাছিল৷ মইহে আনিলো৷ এওঁক পেজেণ্ট-ছেজেণ্ট দিব নালাগে, মুখেৰে শুভ কামনা জনালেই হ’ল৷’

: এহ, হয় নেকি? আমি অনিমন্ত্ৰিত ভাবে পাৰ্টি খালোঁ৷ দিয়া, তোমাৰ হাতখন দিয়া৷-আশ্চৰ্যসুন্দৰী অন্তৰাই তাৰ হাতদুখন আঁজুৰি নি মুখৰ তলত ৰাখি কৈছিল–খোৱাখিনি বমি কৰি দিওঁ দেই৷ ওৱাক….ওৱাক৷

জীৱনত প্ৰথমবাৰৰ বাবে সি অনুভৱ কৰিছিল যে এগৰাকী সুন্দৰী গাভৰুৰ স্পৰ্শত কিবা যাদু থাকে, মুহূৰ্তৰ ভিতৰতে যেন তেজৰ মাজত হেজাৰ হেজাৰ গোলাপ ফুলি উঠে৷ আঃ ইমান কোমল, ইমান মসৃণ আছিল তাইৰ দুহাতৰ মঙহ৷ সি তন্ময় হৈ চাই ৰৈছিল তাইৰ পূৰ্ণিমাৰ জোন মুখ, বৈ পৰা অলকা, সাগৰৰ নীলা ভৰা দুচকু, থেকেৰা গছৰ কুঁহিৰ দৰে দুওঁঠ৷ বুকুখন যেন মুৰ্হূ মুৰ্হূ উত্তেজনাত কঁপি উঠিছিল, তাৰ সুখৰ অত্যাচাৰত মৰি থাকিম যেন লাগিছিল৷ তেওঁলোকৰ কাণ্ড-কাৰখানা প্ৰত্যক্ষ কৰি ছেমিমে কৈছিল–‘এই অনুৰাগ, তুমি আৰু এটা পাৰ্টি খুৱাব লাগিব৷ আজিৰ জন্ম দিনটোতে তোমাক মই নতুন জন্মৰ সুবিধা দিলোঁ৷’

নতুন জন্ম? হয় হয়, সেয়াতো নতুন জন্মই আছিল, অন্তৰাৰ দুহাতত নতুনকৈ জন্ম লৈ সি এখন স্বপ্নময় জগতত প্ৰৱেশ কৰিছিল৷ কলেজ কেণ্টিন, দীঘলীপুখুৰী পাৰ, উমানন্দৰ কাষৰ উৰ্বশী শিলাখণ্ড, ডিষ্ট্ৰিক লাইব্ৰেৰী আদিতো সিহঁতৰ প্ৰেমৰ ৰং বিয়পিছিল৷ অন্তৰাৰ প্ৰেমময় স্পৰ্শ, বুকুভৰা মৰম, সৰ্ব উপৰি সান্নিধ্যৰ অবিহনে সি অকলে জীয়াই থাকিব নোৱাৰিম বুলি ভাৱিছিল৷ কিন্তু, কলেজীয়া প্ৰেমত সাধাৰণতে যি হয়, সিহঁতৰ ক্ষেত্ৰতো সেয়াই হ’ল – আজীৱন তাৰ গাৰ কাষে কাষে লাগি থাকিম বুলি প্ৰতিশ্ৰুতি দিয়া ছোৱালীজনী এদিন অতি সহজভাবেই তাৰ মনৰ ফৰিংফুটা জোনাকত আন্ধাৰৰ ৰং সানি আঁতৰি গ’ল, পুনৰ্জন্মৰে ঋদ্ধ হোৱা যুৱকজন বিচ্ছেদ আৰু ব্যৰ্থতাৰ যন্ত্ৰণাৰে অৰ্ধমৃত হ’ল৷ সেই অপূৰ্ণ প্ৰেমৰ স্মৃতি বুকুত বান্ধি সি গাঁৱৰ ঘৰলৈ গুছি আহিছিল, বহু নিশা উজাগৰে পাৰ কৰিছিল৷ সেই অন্তৰাই ক’ত, কি কৰি আছে, সি একোৱেই নাজানে, প্ৰচণ্ড অভিমানে সেই খবৰবোৰ ৰখাৰ মানসিক প্ৰস্তুতি নোহোৱা কৰিলে৷ তথাপি, মনলৈ বাৰে বাৰে উভতি আহে তাই তাৰ হাত দুখনত ধৰি বমি কৰিব খোজা দৃশ্যটো৷

কিয় এনেকুৱা হয় তাৰ জীৱনত? কিয় সি নায়ক হ’বলৈ গৈ খলনায়ক হ’ল? কিয় সি আকণ্ঠ মদ্যপান কৰি প্ৰেমহীন বেকাৰ জীৱনৰ সমস্ত তিক্ত-বিৰক্ত যন্ত্ৰণা পাহৰি যোৱাৰ ব্যৰ্থ চেষ্টা কৰিব লাগে? কিয় সি মানুহৰ সন্মুখত নীচাত্মিকাত ভুগিব লাগে? বিচনাত শুই শুই অনুৰাগে ভাবে–পেটৰ অজীৰ্ণ মদ, খাদ্য বস্তুবোৰ বমি কৰি উলিয়াই দিয়াৰ দৰে (বা নিজেই ওলাই অহাৰ দৰে) সেই আত্মক্ষয়ী স্মৃতি, ব্যৰ্থতা, যন্ত্ৰণা, হতাশাৰঅনুভৱবোৰো উলিয়াই দিব পৰা হ’লে (বা মনৰ পৰা নিজেই ওলাই অহা হ’লে) সি নিৰুদ্বেগভাবে, সুখেৰে জীয়াই থাকিব পাৰিল হয়৷ বিছনাখনত প্ৰচণ্ড ঢকা এটা মাৰি সি নিজকে কয়– ‘পেটৰ পৰা মদ, ভাত, দাইল ওলাহ আহিবলৈ ৰাস্তা আছে, মনৰ পৰা অন্তৰাৰ স্মৃতি, বেকাৰ লাইফৰ যন্ত্ৰণা ওলাই অহাৰ ৰাস্তাহে নাই৷ চাল্লা, ননচেন্স ঈশ্বৰ, কি ঘণ্টা মানুহ সৰজিলি? কমছে কম, স্মৃতিয়ে বঁতিয়াব পৰা টেকনিক এটা ৰাখিব লাগিছিল৷

(ৰচনা কালঃ২০০৬)

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে