দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / কথাশিল্প / বেজবৰুৱাৰ সাধুকথাত নাৰী চৰিত্ৰ৷৷ সীমা ভূঞা৷৷

বেজবৰুৱাৰ সাধুকথাত নাৰী চৰিত্ৰ৷৷ সীমা ভূঞা৷৷

সাধাৰণতে সাধুকথা বুলিলে কেৱল শিশুৰ উপযোগী ৰচনাকে বুজা যায়৷ পুৰণি কালৰপৰা প্ৰচলিত হৈ থকা সাধুকথাবোৰত একোটা জাতিৰ আচাৰ-আচৰণ, ধ্যান-ধাৰণা, ৰীতি-নীতি, চিন্তা-কল্পনা আদিৰ প্ৰতিফলন দেখা যায়৷ অৰ্থাৎ, একোটা জাতিৰ জাতীয় জীৱনৰ সামগ্ৰিক স্বৰূপ সাধুকথাত নিহিত হৈ থাকিব পাৰে৷ সেয়ে, অসমীয়া জনসমাজত প্ৰচলিত সাধুকথাবোৰতো স্বাভাৱিকতে অসমীয়া সমাজৰ বিভিন্ন দিশ সম্পৃক্ত হৈ আছে৷ অসমীয়া সমাজত মৌখিক যুগৰপৰা প্ৰবাহিত হৈ অহা সাধুকথাবোৰক লিখিত আৰু প্ৰকাশিত ৰূপ প্ৰদানত লক্ষ্মীনাথ বেজবৰুৱাৰ ভূমিকা উল্লেখনীয়৷ বিভিন্ন জনৰ মুখৰ পৰা সংগ্ৰহ কৰি নিজা সৃষ্টিশীলতাৰে বহু সাধুকথা নতুন ৰূপত প্ৰকাশ কৰাৰ উপৰি সম্পূৰ্ণ নিজা উদ্ভাৱনাৰেও লক্ষ্মীনাথ বেজবৰুৱাই বহুতো সাধুকথা ৰচনা কৰিছিল৷ লক্ষ্যণীয়ভাৱে, অন্যান্য সাহিত্যৰাজিৰ দৰে সাধুকথাৰ মাজতো লক্ষ্মীনাথ বেজবৰুৱাৰ স্বকীয় ৰচনাশৈলী বা প্ৰকাশভংগীৰ ঠাঁচ ৰক্ষিত হৈছে৷ তদুপৰি, অন্যান্য সৃষ্টিশীল সাহিত্যৰাজিৰ দৰে সাধুকথাতো বেজবৰুৱাই চৰিত্ৰ সৃষ্টিত গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে৷ এইক্ষেত্ৰত সাধুকথাৰ মাজত নাৰী চৰিত্ৰৰ বিচিত্ৰ স্বৰূপ বিশেষভাৱে লক্ষ্য কৰা যায়৷ সেইবাবে, এই আলোচনাত লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ আৰু ‘ককাদেউতা আৰু নাতিল’ৰা’ এই দুখন পুথি সামৰি লৈ সাধুকথাত নাৰী চৰিত্ৰৰ চাৰিত্ৰিক দিশ, নাৰীৰ স্থিতি তথা বৰ্তমান সময়তো সাধুৰ নাৰী চৰিত্ৰবোৰৰ গ্ৰহণযোগ্যতা বা প্ৰাসংগিকতা থকা দিশ আদি সম্পৰ্কে বিচাৰ-বিশ্লেষণৰ চেষ্টা কৰা হৈছে৷

অসমীয়া জনসমাজত মৌখিক ৰূপত প্ৰচলিত হৈ অহা সাধুকথাবোৰক লিখিত আৰু প্ৰকাশিত ৰূপ প্ৰদান কৰি অসমীয়া লোকসাহিত্য আৰু শিশু সাহিত্যক প্ৰভাৱিত কৰাত লক্ষ্মীনাথ বেজবৰুৱাৰ ভূমিকা গুৰুত্বপূৰ্ণ৷ বেজবৰুৱাৰ এই সাধুবোৰৰ স্বকীয় মূল্য থকাৰ উপৰি অসমীয়া চুটি গল্পৰ পূৰ্বৱতী নিদৰ্শন হিচাপেও এইবোৰৰ মূল্য অনস্বীকাৰ্য৷

বেজবৰুৱাৰদ্বাৰা ৰচিত সাধুকথাৰ পুথি তিনিখন –‘বুঢ়ী আইৰ সাধু’ (১৯১২ চন), ‘ককাদেউতা আৰু নাতিল’ৰা’ (১৯১৩ চন) আৰু ‘জুনুকা’ (১৯১৩ চন)৷

‘বুঢ়ী আইৰ সাধু’ মুঠ ত্ৰিশটা সাধুৰ সমষ্টি৷ ‘বান্দৰ আৰু শিয়াল’, ‘তেজীমলা’, ‘সৰৱজান’, ‘কুকুৰীকণা’, ‘চিলনীৰ জীয়েকৰ সাধু’ আদিকে ধৰি ইয়াৰ প্ৰতিটো সাধুৱেই বহুপঠিত আৰু জনপ্ৰিয় সাধু৷ ‘ককাদেউতাৰ আৰু নাতিল’ৰা’ ২৯ টা সাধুৰ সমষ্টি৷ ককাকে নাতিয়েকক সাধু কোৱাৰ আৰ্হিৰে পুথিখনৰ সাধুবোৰ উপস্থাপন কৰা হৈছে৷ শিশুক মনোৰঞ্জনৰ লগতে নীতিশিক্ষা প্ৰদানৰ উদ্দেশ্যে ৰচিত এই সাধুবোৰৰ ভিতৰত ‘নোমল আৰু সোণপাহী’, ‘বামুণ আৰু বামুণী’, ‘দেৱাঙ্গভূষণ বস্ত্ৰ’, ‘শাঁখিনা আৰু শাঁখিনী’ আদি উল্লেখযোগ্য৷

‘জুনুকা’ মুঠ দহটা সাধুৰ সমষ্টি৷ গদ্য আৰু পদ্য উভয়তে সাধুবোৰ প্ৰকাশ কৰা হৈছে৷ বেজবৰুৱাৰ সাধুকথাৰ চৰিত্ৰবোৰ মানৱ চৰিত্ৰৰ উপৰি প্ৰকৃতি জগত তথা অলৌকিক জগতৰ পৰাও আহিছে৷ সেয়ে মানুহৰ চৰিত্ৰৰ সমানে কুকুৰ, মেকুৰী, বান্দৰ, শিয়াল, ফুল গছ, ঔ-টেঙা, ভেকুলী, মাছ, কাছ, আনকি অলৌকিক জগতৰ ভূত-প্ৰেত, ৰাক্ষস আদিও বেজবৰুৱাৰ সাধুৰ চৰিত্ৰ৷ এই সকলোবোৰ চৰিত্ৰ বেজবৰুৱাৰ সাধুৰ মাজত জীৱন্ত হৈ উঠিছে৷

সাধুকথাবোৰ কোনো এখন ঠাইৰ সৃষ্টি নহয়৷ মুখ বাগৰাৰ মাধ্যমেৰে হওক বা আন প্ৰকাৰেই হওক সাধুবোৰ এখন ঠাইৰপৰা আন এখন ঠাইলৈ প্ৰবাহিত হৈ থাকে৷ সেয়ে বিশ্বৰ বিভিন্ন ঠাইৰ সাধুৰ মাজত বহু সাদৃশ্য লক্ষ্য কৰা যায়৷ বেজবৰুৱাই একক সৃষ্টিশীলতাৰে সাধুকথা ৰচনা কৰাৰ লগতে পূৰ্বৰে পৰা এনেদৰে প্ৰবাহিত হৈ অহা সাধুকো প্ৰকাশিত ৰূপ দিছে৷ কিন্তু, তাকে কৰোঁতে সম্পূৰ্ণ নিজা প্ৰকাশভংগীৰে, নিভাঁজ অসমীয়া ভাষাৰে এইবোৰ উপস্থাপন কৰিছে৷ প্ৰবাদ-প্ৰবচন, ফকৰা-যোজনা, পটন্তৰ আদিৰে জতুৱা ঠাঁচৰ কথনভংগীৰে সাধুকথাবোৰৰ ভাষা আকৰ্ষণীয় হৈ উঠিছে৷ গতিকে বেজবৰুৱাৰ সাধুৰ ভাষাত থলুৱা আৰু ঘৰুৱা প্ৰকাশভংগী লক্ষ্য কৰা যায়৷

সি যি নহওক, বেজবৰুৱাৰ সাধুবোৰ শিশুৰ মনোৰঞ্জন আৰু শিশুৰ শিক্ষাৰ অংগ৷ বেজবৰুৱাই নিজে ‘বুঢ়ী আইৰ সাধু’ৰ পাতনিত উল্লেখ কৰিছে– ‘সাধুকথা মানে সজ কথা বা সাধু-সন্তৰ উপদেশ বাক্য বুলি আদিৰ পৰাই অসমীয়াই ভাবি আহিছে৷ ইয়াৰ পৰা এইটো স্পষ্টকৈ বুজিব পাৰি যে এইবিধ মনোজ্ঞ মৌখিক উপকথাৰে পুৰণি কালত অসমত জ্ঞানবৃদ্ধসকলে লোকক আৰু নিজৰ ল’ৰা-ছোৱালীক সজ উপদেশ আৰু নীতিশিক্ষা দিছিল, সেই দেখিয়ে ইয়াৰ নাম সাধুকথা দিছিল৷’ বেজবৰুৱায়ো এই নীতি অনুসৰণ কৰি নিজৰ সাধুবোৰৰ যোগেদি শিশুক বিভিন্ন দিশৰ শিক্ষা প্ৰদানৰ প্ৰয়াস কৰিছিল বুলি বুজিব পাৰি৷ মুঠতে বেজবৰুৱাৰ সাধুবোৰ অসমীয়া লোকসাহিত্য আৰু শিশু সাহিত্যৰ গুৰুত্বপূৰ্ণ অংশ বুলি ক’ব পাৰি৷

লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাত নাৰী চৰিত্ৰঃ 

লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ পৰিচয়সূচক আলোকপাতৰ পৰা দেখা যায় যে বেজবৰুৱাৰ সাধুকথাত প্ৰকৃতি জগত আৰু অলৌকিক জগতৰ বিভিন্ন চৰিত্ৰৰ লগতে বহু গুৰুত্বপূৰ্ণ মানৱ চৰিত্ৰকো একাকাৰ কৰিছে৷ বহুতো সাধুত নাৰী চৰিত্ৰকে প্ৰধান চৰিত্ৰৰ ভূমিকাত অৱতীৰ্ণ কৰা পৰিলক্ষিত হৈছে৷ শিশু-কিশোৰীৰ পৰা যুৱতী, বিবাহিতা নাৰী আনকি বৃদ্ধা নাৰীৰ চৰিত্ৰও অৰ্থাৎ বিভিন্ন বয়সৰ নাৰীৰ চৰিত্ৰ বেজবৰুৱাৰ সাধুত অংকিত হৈছে৷ মন কৰিবলগীয়া যে বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ পুথিৰ অধিক সংখ্যক সাধুত নাৰী চৰিত্ৰই প্ৰধান চৰিত্ৰ৷ নাৰীকেন্দ্ৰিক এনে সাধুবোৰ হ’ল–‘তেজীমলা’, ‘চিলনীৰ জীয়েকৰ সাধু’, ‘তুলা আৰু তেজা’, ‘চম্পাৱতী’, ‘পানেশৈ’, ‘কাঞ্চনী’ আদি৷ এইবোৰ সাধুত নাৰীয়ে গীত-মাত গোৱা, ৰন্ধা-বঢ়া কৰা, তাঁত বোৱা, জাকৈ বোৱা আদি কাৰ্যৰ উল্লেখ আছে৷ অন্যান্য সাধুবোৰৰ মাজতো নাৰী চৰিত্ৰৰ উল্লেখ আৰু নাৰীৰ বিভিন্ন কাৰ্যকলাপ পৰিস্ফুট হৈছে৷ এই দিশলৈ লক্ষ্য ৰাখি আলোäনাটিত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুত প্ৰতিফলিত নাৰীৰ চাৰিত্ৰিক দিশ আৰু নাৰীৰ স্থিতি– এই দুটা বহল ভাগত ভাগ কৰি আলোচনা কৰিবলৈ লোৱা হৈছে৷

বেজবৰুৱাৰ সাধুকথাত প্ৰতিফলিত নাৰীৰ চাৰিত্ৰিক দিশঃ

‘বুঢ়ী আইৰ সাধু আৰু ‘ককাদেউতা আৰু নাতিল’ৰা’– লক্ষ্মীনাথ বেজবৰুৱাৰ এই দুখন সাধু পুথিত সন্নিৱিষ্ট বহুতো সাধুত সচৰাচৰ নাৰী চৰিত্ৰত প্ৰতিফলিত দিশবোৰৰ দৰে বহুবোৰ দিশৰ উমান পোৱা যায়৷ নাৰীৰ সততা, সহিষ্ণুতা, ত্যাগ আদি গুণবোৰৰ উপৰি নাৰীৰ ঈৰ্ষা, সন্দেহপৰায়ণতা আদিৰ দৰে দিশবোৰৰ আভাসে¸া সাধুবোৰত প্ৰতিফলিত হৈছে৷ গতিকে ইয়াত নাৰীৰ ইতিবাচক চাৰিত্ৰিক দিশ আৰু নেতিবাচক চাৰিত্ৰিক দিশ এই দুটা ভাগত বাগ কৰি আলোচনা কৰিবলৈ লোৱা হৈছে৷

নাৰী চৰিত্ৰৰ ইতিবাচক দিশঃ

সততা আৰু ত্যাগ
বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ৰ ‘কাঞ্চনী’ সাধুটোৰ মুখ্য চৰিত্ৰ কাঞ্চনী নাৰীৰ সততা আৰু ত্যাগৰ অপূৰ্ব নিদৰ্শন৷ কাঞ্চনীৰ মাতৃৰ চৰিত্ৰটোতো সমানেই সততা আৰোপ কৰা হৈছে৷ কাঞ্চনীৰ মাকে এদিন তাঁত বৈ থােßঁাতে বাৰে বাৰে হাতৰ পৰা সৰি পৰা মাকোটো ওচৰতে শুই থকা কুকুৰটোৱে তুলি দিয়াত ধেমালিতে নিজৰ কন্যা সন্তান জন্ম হ’লে তালৈকে বিয়া দিয়াৰ কথা কৈছিল৷ কিন্তু সেইগৰাকী নাৰীয়ে এদিন ধেমালিতে কোৱা কথাষাৰো হেৰ-ফেৰ নকৰি পিছত নিজৰ জীয়েকক কুকুৰলৈ বিয়া দিছে৷ সেইদৰে কাঞ্চনীয়েও মাকৰ কথা ৰাখি কুকুৰলৈ বিয়া হোৱাত মান্তি হৈছে আৰু তাকে নিজৰ পতি হিচাপে সেৱা-শুশ্ৰুষা কৰিছে৷ কাঞ্চনীয়ে নিজৰ চৰিত্ৰ নিকা কৰি ৰখাৰ প্ৰতি সদায় সচেতন আছিল৷ সেয়ে, এদিন কুকুৰটোক গা ধুৱাই থাকোঁতে তাৰ কাণত থকা কাঁইটডাল আঁতৰাই দিয়াত সি এটা ডেকা মানুহ হৈ উঠাত মনত অপাৰ আনন্দ পোৱাৰ পিছতো নিজৰ নিকা চৰিত্ৰ অক্ষুন্ন ৰখাৰ বাবেই কাঞ্চনীয়ে সেই আনন্দতে উটি-ভাহি যোৱা নাই৷ বৰঞ্চ তাই কুকুৰৰ পৰা মানুহ হোৱা নিজৰ গিৰিয়েকক কৈছে– ‘মই যদি তোমাক এইদৰে আমাৰ ঘৰলৈ লৈ যাওঁ, তেন্তে মোৰ বোপাই, আই আৰু ওচৰ-চুবুৰীয়া আন মানুহে ভাবিব মই কুকুৰটো মাৰি ক’ৰবাৰ ডেকা ল’ৰা এটা লগ লগাই লৈ গৈছো বুলি৷ তেতিয়া বৰ বদনামৰ কথা হ’ব৷ আৰু মই আচল কথা ভাঙি ক’লেও বিশ্বাস নকৰে৷ সেই দেখি তোমাৰ কাণৰ সঁতাত আকৌ এই কাঁইটটো মাৰি দিওঁ, দি তোমাক আকৌ কুকুৰ কৰি ঘৰলৈ লৈ যাওঁ৷’

‘কাঞ্চনী’ৰ চৰিত্ৰটো নাৰীৰ ত্যাগৰো এক নিদৰ্শন হিচাপে ধৰা দিছে৷ নিজৰ স্বামীক ৰজাই শালত দিয়াৰ কথা জানিব পাৰি তাঁতৰ পাতৰপৰা উঠি গৈ তাই নিজৰ জীৱনকো তুচ্চ কৰি গিৰিয়েকৰ লগতে শালত মূৰটো সুমুৱাই দিছে৷ এগৰাকী পতিব্ৰতা আদৰ্শনাৰীৰ দৰে তাই গিৰিয়েকক সেৱা কৰি তেওঁৰ লগতে সমানে মৃতু্যমুখলৈ আগবাঢ়ি গৈছে৷ অৰ্থাৎ, নিজৰ আদৰ্শৰ বাবে তাই নিজৰ জীৱন পৰ্যন্ত ত্যাগ কৰিবলৈ কুণ্ঠাবোধ নকৰিলে৷ কাঞ্চনী চৰিত্ৰটো এনেদৰেই আদৰ্শ ভাৰতীয় নাৰীৰ দৰে সততা আৰু ত্যাগৰ প্ৰতিভু হিচপে ‘বুঢ়ী আইৰ সাধু’ত আজিও জীৱন্ত হৈ আছে৷

সাহসিকতা
লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ বহুতো সাধুত নাৰী চৰিত্ৰক সাহসী নাৰীৰ ৰূপত উপস্থাপিত কৰা হৈছে৷ তেনে চৰিত্ৰৰ ভিতৰত ‘ককাদেউতা আৰু নাতি ল’ৰা’ পুথিৰ ‘নোমল আৰু সোণপাহী’ সাধুৰ সোণপাহী চৰিত্ৰটো উল্লেখযোগ্য৷ এগৰাকী নাৰী হোৱাৰ পিছতো নিজৰ সাহসৰ বলতে সোণপাহীয়ে পৰিস্থিতিৰ পাকচক্ৰত পৰি নিজৰ সৰ্বস্ব হেৰুৱাই দিশহাৰা হোৱা সত্বেও সকলো বাধা-বিঘিনি অতিক্ৰম কৰিব পাৰিছিল৷ তেওঁক অকলশৰীয়া পাই সেই সুযোগ গ্ৰহণ কৰি অপকাৰ কৰিব খোজা ডকাইতৰ ওপৰত প্ৰতিশোধ লোৱাৰ সাহস কৰিব পাৰিছিল৷ সোণপাহীয়ে আনকি পুৰুষৰ বেশত ৰজা হৈ এখন দেশো শাসন কৰিছিল৷ এয়া সকলো তেওঁৰ সাহসৰ বাবেই সম্ভৱ হৈছিল৷ সোণপাহীৰ বুদ্ধিমত্তা আৰু সাহ¿সকতাৰ ফলস্বৰূপে তাই হেৰুওৱা স্বামী নোমল আৰু তাই হেৰুওৱা ঘৰখন ঘূৰাই পাবলৈ সক্ষম হৈছিল৷

বুদ্ধিমত্তা
বেজবৰুৱাই বহুতো সাধুত নাৰীক বুদ্ধিমতী ৰূপত উপস্থাপিত কৰিছে৷ ‘বুঢ়ী আৰু শিয়াল’ সাধুৰ বুঢ়ীজনী এনে এগৰাকী বুদ্ধিমতী নাৰী৷ নিজৰ বুদ্ধি আৰু সকলো বিপদৰ মুখামুখি হ’ব পৰাৰ সক্ষমতাৰ বাবেই বুঢ়ীয়ে শিয়ালৰ মুখত পৰাৰ সম্ভাৱ্য বিপদৰ কথা জানিও জীয়েকৰ ঘৰলৈ গৈছে আৰু বুদ্ধিৰ বলতে শিয়ালৰ মুখত পৰিও আসন্ন মৃত্যুৰ মুখৰপৰা বাচি আহিব পাৰিছে৷ সেইদৰে, ‘কটা যোৱা নাক খাৰণি দি ঢাক’ সাধুৰ নাৰী চৰিত্ৰ এটাতো একেই বুদ্ধিমত্তা আৰোপ কৰা হৈছে৷ বুদ্ধিৰ বলতে বেয়া মানুহৰ মুখত পৰিও সেই নাৰীয়ে পুৰুষৰ বেশেৰে ঘোঁৰাত উঠি পলাই আহিবলৈ সক্ষম হৈছে৷ তদুপৰি, বেৰৰ জলঙাৰে নাকটো সুমুৱাই ঘৰুৱা কথা-বতৰা শুনি থকা সেই অসৎ উদ্দেশ্যৰ মানুহটোৰ নাকটো কাটি ‘কটা যোৱা নাক খাৰণি দি ঢাক’ বুলি খাৰণিৰে নাকটো লিপি বেৰৰ লগত সমান কৰি দিছিল৷ এনেবোৰ দিশৰপৰা নাৰীৰ বুদ্ধিমত্তা, যি কোনো পৰিস্থিতিৰ সন্মুখীন হ’ব পৰাৰ সক্ষমতা আদিৰ উমান পাব পৰা যায়৷

নাৰীৰ সঞ্চয়স্পৃহা
‘বুঢ়ী আইৰ সাধু’ৰ ‘লখিমী তিৰোতা’ সাধুটোত নাৰীৰ সঞ্চয়স্পৃহাৰ সুন্দৰ প্ৰতিফলন ঘটিছে৷ সাধুটোত নাৰী গৰাকীয়ে ইমানেই বস্তু সাঁচি ৰাখে যে শুকান গোবৰডোখৰকো পেলাই দিব নোখোজে৷ সাধুটোৰ নাৰীগৰাকীৰ দৰে বহু নাৰীৰে সঞ্চয়ৰ প্ৰতি আগ্ৰহ থকা দেখা যায়৷ সাধুটোত যি কোনো বস্তু সাঁচি থ’ব খোজা নাৰীগৰাকীৰ জৰিয়তে সমগ্ৰ নাৰী জাতিৰে এই চাৰিত্ৰিক দিশটোৰ আভাস দিছে৷

সৰলতা
সৰলতা নাৰীৰ এটা অন্যতম চাৰিত্ৰিক দিশ৷ বেজবৰুৱাৰ সাধুবোৰৰ ভিতৰত ‘চিলনীৰ জীয়েকৰ সাধু’ ত এই সৰলতা পৰিস্ফুট হৈছে৷ চিলনীৰ জীয়েকৰ সৰলতাক দুৰ্বলতা বুলি গণ্য কৰি সতিনীয়েকহঁতে তাইৰ নানা অপকাৰ কৰিব পাৰিছিল৷ কিন্তু মনৰ সৰলতাৰ বাবে আৰু আনৰ প্ৰতি একো অন্যায় ভাৱ নথকাৰ বাবে সতিনীয়েকহঁতৰ সেই অপকাৰেও তাইৰ বিশেষ ক্ষতি কৰিব নোৱাৰিলে৷

‘তুলা আৰু তেজা’ সাধুৰ তেজা চৰিত্ৰটোৰ কোনো কোনো অংশত তেনেধৰণৰ সৰলতা বিচাৰি পোৱা যায়৷ কাৰণ সকলো সময়তে তেজাৰ অপকাৰ কৰিব খোজা মাহীয়েকৰ কু অভিপ্ৰায়ক তাই নিজৰ সৰলতাৰে চাইছে৷ মাহীয়েকৰ জীয়েক তুলাই কু-উদ্দেশ্য সিদ্ধিৰ বাবে তেজাৰ আ-অলংকাৰবোৰ খোজাত মনৰ সৰলতাৰে তেজাই কৈছে– ‘পিন্ধা, পিন্ধি চোৱা, কিনো হ’ল পিন্ধিলে৷”– এইবুলি তেজাই নিজৰ হাতৰ কাণৰ অলংকাৰবোৰ সোলকাই তুলাক পিন্ধাই দিলে৷ এই সাধুটোতো সৰলতাৰ বাবে বিপদত পৰাৰ পিছতো তেজাই বিপদৰ পৰা উদ্ধাৰ পাইছে৷

‘তুলা আৰু তেজা’ৰ তেজা চৰিত্ৰটো আনৰদ্বাৰা পৰিচালিত হোৱা এটা চৰিত্ৰ যেন লাগিলেও তেজাই নাৰী হ’লেও তাইৰ পুৰুষৰ সমানে থকা সম্পত্তিৰ অধিকাৰৰ ক্ষেত্ৰত সচেতন হৈ নিজৰ স্থিতি বৰ্তাই ৰাখিছিল৷ সেয়ে তাইক বিয়া দি উলিওৱাৰ সময়ত ‘আইৰে দিনৰে ছকুৰি জপা তাৰে তিনিকুৰি মইহে পাওঁ, আইৰে দিনৰে ছকুৰি পেৰা তাৰে তিনিকুৰি মইহে পাওঁ, আইৰে দিনৰে ছকুৰি বাতি তাৰে তিনিকুৰি মইহে পাওঁ– এনেদৰে প্ৰতিটো বস্তুৰে সমভাগ বিচৰাটো লক্ষ্যণীয়৷

কৰ্মনিপুণতা
নাৰীয়ে ৰন্ধা-বঢ়া কৰাৰ উপৰিও তাঁত বোৱা, মাছ ধৰা আদি বিভিন্ন কৰ্ম কৰাৰ উল্লেখ বেজবৰুৱাৰ সাধুবোৰত পোৱা গৈছে৷ সৰৱজানৰ ঘৈণীয়েক আৰু তীখৰৰ বায়েক চুটিবায়ে পিঠা ভজা, তুলা-তেজাৰ মাকহঁতে জাকৈৰে মাছ ধৰা সোণপাহী, কাঞ্চনী, তেজা আদিয়ে তাঁত লগোৱাৰ বৰ্ণনাৰ পৰাই নাৰীৰ কমীÇ স্বৰূপ প্ৰকাশ পাইছে৷

নাৰীৰ নেতিবাচক চাৰিত্ৰিক দিশঃ
বেজবৰুৱাৰ সাধুবোৰত নাৰী চৰিত্ৰৰ ইতিবাচক দিশবোৰ যেনেকৈ চিত্ৰিত হৈছে, সেইদৰে নাৰীৰ চৰিত্ৰৰ নেতিবাচক দিশবোৰো প্ৰতিফলিত হৈছে৷ এনে শিবোৰৰ বিতৰত নাৰীৰ ঈৰ্ষা, সন্দেহ, খং-ৰাগ, ধন -সম্পত্তিৰ আক্ৰোশ আদিয়েই প্ৰধান৷ এইবোৰ এগৰাকী নাৰীক কেনেদৰে নিষ্ঠুৰ আৰু কঠোৰ কৰি তুলিছে তাৰ উদাহৰণ বেজবৰুৱাৰ সাধুবোৰত বিচাৰি চালেই পোৱা যায়৷

নাৰী চৰিত্ৰৰ ঈৰ্ষাপৰায়ণতাৰ সুন্দৰ প্ৰতিফলন ঘটা কেইটামান সাধু হ’ল– চম্পাৱতী, তেজীমলা, তুলা আৰু তেজা, চিলনীৰ জীয়েকৰ সাধুত সতিনীয়েকহঁতে চিলনীজনীক মৰিয়াই মৰিয়াই মাৰি পেলোৱা আদি নিষ্ঠুৰ কাৰ্যবোৰ নাৰীৰ ঈৰ্ষাপৰায়ণতাৰ বাবেই সংঘটিত হৈছে৷

ইয়াৰে চম্পাৱতী সাধুটোত নাৰীৰ আ-অলংকাৰ, কানি কাপোৰ আদিৰ প্ৰতি থকা অত্যধিক মোহ প্ৰকাশিত হৈছে৷ কাৰণ অজগৰে চম্পাক অলংকাৰ পিন্ধোৱা দেখি ঈৰ্ষাত ৰ’ব নোৱাৰি এলাগীয়ে নিজৰ জীয়েককে অলংকাৰৰ আশাত এটা জীয়া সাপলৈ আগবঢ়াই দিয়াৰ উল্লেখ আছে৷ ‘ককাদেউতা আৰু নাতি ল’ৰা’ৰ অন্তৰ্গত ‘বামুণ আৰু বামুণী’ সাধুৰ বামুনীৰ চৰিত্ৰটোতো ধন-সম্পত্তিৰ প্ৰতি অত্যধিক লালসা দেখা গৈছে৷ ধন-সম্পত্তি আনি দিব নোৱৰাৰ বাবেই বামুনীয়ে বামুনক নিতৌ টান কথা শুনাই থাকে৷ টকা ঘটাৰ বাবে অসৎ পদ্ধতিৰ আশ্ৰয় ল’বলৈ বামুনক বামুনীয়েই উপদেশ দিছে এনেদৰে– ‘আমাৰ ৰজাৰ ঘৰলৈকে যোৱাচোন, দেশৰ অতবোৰ বামুনে গৈ চোলোখ মাতি ৰজাক আশীÇবাদ কৰি পইচা আনিব লাগিছে, তুমিহে নোৱাৰা গৈ সঁচাই-মিছাই চোলোখ এটা মাতি এজোলোকা আশীÇবাদ দি পাই-পইচা গোটাচেৰেক আনিব নোৱাৰানে· [ বেজবৰুৱা৷ পৃষ্ঠা–৩২]

নাৰীৰ অসন্তোষীয়া মানসিকতাৰ প্ৰসংগও বেজবৰুৱাৰ সাধুত উল্লেখিত হৈছে৷ চম্পাৱতীৰ চৰিত্ৰতে এই দিশটোৰ উমান পোৱা যায়৷ নিজে বিচৰা ধৰণে সকলো পোৱাৰ পিছতো তাতকৈ অধিক বিচৰা মানসিকতাই চম্পালৈ বিপদ কঢ়িয়াই আনিছিল৷ কাৰণ, সাপৰ পৰা এজন দেৱতাক পতিৰূপে পোৱাৰ পিছতো ৰাক্ষসী বুঢীৰ কথা শুনি চম্পাই গিৰিয়েকৰ মুখৰ ভিতৰত পৃথিৱীখন এবাৰ চাবলৈ জেদ ধৰিছিল৷ আনকি গিৰিয়েকে ‘মোক লাগেনে পৃথিৱী চাবা’ বুলি সোধোতে চম্পাই ‘তোমাকো লাগে পৃথিৱীকো চাম’ বুলিহে উত্তৰ দিছিল৷ নিজে পোৱাখিনিত সন্তুষ্ট নাথাকি অধিক বিচৰাৰ বাবেই চম্পাৰ গিৰিয়েক তাইক এৰি দেৱতা হৈ বহু বছৰৰ বাবে স্বৰ্গলৈ যাব লগা হৈছিল৷

নাৰীৰ মেল মৰা স্বভাৱ আৰু সৰু কথা এটাকে ডাঙৰ কৰি কথা বিয়পাই দিয়াৰ দৰে স্বভাৱৰ আভাস ‘সৰৱজান’ৰ ঘৈণীয়েকৰ চৰিত্ৰত পোৱা যায়৷ ঘৰখনত ঘটা সৰু কথা এটাকে পানী আনিবলৈ যোৱাৰ ছলত ইজনীয়ে সিজনীক কোৱা-কুই কৰি শেষত ৰজাৰ কাণতো সৰৱজানৰ কথা পৰিছিলগৈ৷ সৰৱজানৰ ঘৈণীয়েকৰ চৰিত্ৰতে নাৰীৰ কেতবোৰ চতুৰালি ধৰা পৰিছে৷ পিঠা সৰহকৈ খোৱাৰ লোভত সৰৱজানৰ সৈতে কথা বান্ধি পিছদিনা পুৱা দেৰিলৈকে শুই নুঠা ঘৈণীয়েকজনীৰ চৰিত্ৰত এগৰাকী আপোনপেটীয়া নাৰীৰ চৰিত্ৰও ফুটি উঠিছে৷ কাৰণ, তিনিকুৰি পিঠা মনে মনে খোৱাৰ পিছতো তাই গিৰিয়েকৰ সৈতে পিঠাৰ সমভাগ নকৰি সৰহ পিঠা খোৱাৰ চতুৰালি কৰিছিল৷ এনেদৰেই বেজবৰুৱাৰ সাধুত নাৰী চৰিত্ৰৰ নেতিবাচক দিশবোৰ চিত্ৰিত হৈছে৷

বেজবৰুৱাৰ সাধুকথাত প্ৰতিফলিত নাৰী চৰিত্ৰৰ সামাজিক স্থিতিঃ
বেজবৰুৱাৰদ্বাৰা ৰচিত সাধুবোৰত প্ৰতিফলিত সমকালীন সমাজত নাৰীৰ চৰিত্ৰৰ স্থিতিৰ বিষয়ে বিচাৰ কৰিলে দেখা যায় কোনো কোনো সাধুত নাৰী চৰিত্ৰই সবল স্থিতি পৰিগ্ৰহ কৰিছে আৰু কোনো সাধুত নাৰীৰ স্থিতি একেবাৰে দুৰ্বল৷ ‘মেকুৰীৰ জীয়েকৰ সাধু’, ‘তেজীমলা’, ‘চিলনীৰ জীয়েকৰ সাধু’, ‘তুলা আৰু তেজা’, ‘চম্পাৱতী’ আদি বহুতো সাধুত একেজন সাউদে চিলনীৰ জীয়েকক ধৰি সৰ্বমুঠ সাতগৰাকী নাৰীক পত্নীৰূপে গ্ৰহণ কৰিছে৷ অৰ্থাৎ, সাধুকথাবোৰত প্ৰতিফলিত সমাজখনত পুৰুষে নিজৰ ইচ্ছামতে নাৰীক ব্যৱহাৰ কৰিব পাৰিছিল আৰু এয়াই সেইখন সমাজৰ নিয়ম আছিল৷ কিন্তু, ‘তুলা আৰু তেজা’ সাধুত ৰজাই বিয়া কৰিবলৈ ওলোৱাত সতিনীগৰাকী প্ৰতিবাদী নাৰীৰ ৰূপত আত্মপ্ৰকাশ কৰিছে৷ ৰাণীয়ে নিজৰ কাৰ্যকলাপৰদ্বাৰা তেজাৰ ওপৰতে সেই ক্ষোভ উজাৰি একপ্ৰকাৰে প্ৰকাশ্যে বিদ্ৰোহ ঘোষণা কৰিছে৷

‘ককাদেউতা আৰু নাতিল’ৰা’ সাধুপুথিখনত সন্নিৱিষ্ট ‘শঁখিনা আৰু শঁখিনী’ নামৰ সাধুটোত এগৰাকী নাৰীক শঁখিনী সজাই গঞা ৰাইজে নানা নিৰ্যাতন চলাই অকলশৰে হাবিত এৰি থৈ অহাৰ উল্লেখ আছে৷ গাঁৱত হোৱা সকলো অপায় অমংগলৰ বাবে সেইগৰাকী নাৰীক জগৰীয়া কৰি তাইক মিছাকৈয়ে শাঁখিনী সজোৱা হৈছে৷ অৱশ্যে সাধুটোত এগৰাকী পুৰুষকো শঁখিনা হিচাপে অংকিত কৰা হৈছে৷ এয়া বৰ্তমান সময়ত ভয়াবহ ৰূপ ধাৰণ কৰা ডাইনী হত্যাৰ নামান্তৰ বুলিব পাৰি৷

বেজবৰুৱাই বহুতো সাধুত নাৰীক সবল ৰূপত উপস্থাপন কৰিছে৷ ‘নোমল আৰু সোণপাহী’, ‘কটা যোৱা নাক খাৰণি দি ঢাক’, আদি নাৰীগৰাকীক অতি সাহসী ৰূপত উপস্থাপন কৰিছে৷ ‘নোমল আৰু সোণপাহী’ সাধুৰ সোণপাহী ঘৰখনৰ সৰু বোৱাৰী হিচাপে অতি আদৰৰ আছিল৷ কোনোদিন টান কাম বন বা কষ্ট কৰি নোপোৱা সোণপাহী চৰিত্ৰটোৱে পৰিস্থিতিৰ পাকচক্ৰত পৰি সকলো পৰিস্থিতিৰে মুখামুখি হ’ব পৰাৰ সক্ষমতা অৰ্জন কৰিছে৷ সাধুটোত প্ৰথমাৱস্থাত সোণপাহী চৰিত্ৰত আৰোপ কৰা লখিমী বোৱাৰীৰ পৰিধি অতিক্ৰমি এগাকী সাহসী আৰু সবল নাৰী চৰিত্ৰলৈ অগ্ৰসৰ হৈছে৷ সেইবাবেই নিজৰ সৰ্বস্ব হেৰুওৱাৰ পিছতো তাই অকলেই সকলো বিপদৰ সন্মুখীন হৈ শেষত এখন দেশৰ শাসনভাৰো নিজৰ হাতলৈ আনিবলৈ সমৰ্থ হৈছে৷ সেইদৰে, কটা যোৱা নাক খাৰণি দি ঢাক সাধুৰ সাহসী নাৰী চৰিত্ৰটোও ঘৰখনৰ নুমলীয়া বোৱাৰী আছিল৷ এজন অচিনাকি পুৰুষে বুধি কৰি তাইক পলুৱাই নিয়াৰ পিছতো তাই বুধিৰে পুৰুষৰ সাজ পিন্ধি ঘোঁৰাত উঠি তাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছে আৰু পিছত সেই পুৰুষৰ নাক কাটি তাৰ অপৰাধৰ উচিত শাস্তিত বিহিব পাৰিছে৷

এনেদৰে চালে দেখা যায়, বেজবৰুৱাৰ সাধুবোৰৰ কিছুমানত যি দৰে নাৰীক অৱলা দুৰ্বলা ৰূপত অংকন কৰা হৈছে, তাৰ সমান্তৰালকৈ সাহসী আৰু সবল নাৰী চৰিত্ৰও চিত্ৰিত কৰা হৈছে৷ ঘাইকৈ শিশুক মনোৰঞ্জন আৰু উপদেশ বা শিক্ষা প্ৰদানৰ উদ্দেশ্য ৰচিত হোৱাৰ বাবে কাহিনীৰ প্ৰয়োজনতহে যে এইদৰে নাৰী চৰিত্ৰ সমূহক উপস্থাপিত কৰা হৈছে, সেয়া দোহৰা নিস্প্ৰোয়জন৷

বেজবৰুৱাৰ সাধুকথাৰনাৰীৰ চৰিত্ৰসমূহৰ গ্ৰহণযোগ্যতাঃ
বেজবৰুৱাৰ সাধুকথাৰ নাৰী চৰিত্ৰসমূহৰ গ্ৰহণযোগ্যতা সৰ্ম্পকে বিচাৰ কৰাৰ আগতে এইটো স্পষ্ট কৰাৰ প্ৰয়োজন যে, সাধুকথা মনেসজা কল্পনাভিত্তিক ৰচনা৷ ইয়াত কল্পনাই ঢুকি পোৱলৈকে সকলো কথাই সম্ভৱপৰ হ’ব পাৰে৷ তথাপি শিশুৰ শিক্ষা প্ৰদানৰ দিশটোও ইয়াত জড়িত হৈ থকাৰ বাবে কিছুমান দিশৰ গ্ৰহণযোগ্যতা বিচাৰ কৰি চোৱাটো প্ৰয়োজনীয় হৈ পৰে৷

সাধৰণভাৱে চালে দেখা যায়, যিবোৰ দিশে সমাজক উচিত শিক্ষা দি আহিছে, সেইবোৰ দিশ যিকোনো সময়ৰ বাবেই গ্ৰহণযোগ্য ৰূপে বিবেচিত হৈ থাকে৷ অহিংসা, দয়া, ক্ষমা, প্ৰেম আদিৰ লগতে সত্যৰ জয়, অসত্যৰ পৰাজৰ্য় দুৰ্নীতিৰ দমন, সাংস্কৃতিৰ প্ৰতিষ্ঠা আদি এনেধৰণৰ দিশ৷ বেজবৰুৱাৰ সাধুৰ নাৰী চৰিত্ৰবোৰতো এনে কিছুমান দিশ পোৱা যায়, যিবোৰ চিৰকালৰ বাবে প্ৰাসংগিক হৈ থাকিব৷ উদাহৰণস্বৰূপে, কাঞ্চনী চৰিত্ৰত আৰোপ প্ৰেম আৰু ত্যাগৰ ছবিৰ কথা ক’ব পাৰি৷ সামান্য এটা কুকুৰকো নিজৰ পতি হিচাপে গ্ৰহণ কৰাটো সাধুকথাতহে সম্ভৱ হৈছে যদিও তাৰ মাজত কাঞ্চনী আৰু মাকৰ চৰিত্ৰত জীৱ-জন্তুৰ প্ৰতি থকা প্ৰেম আৰু সমভাৱৰ প্ৰতিফলন ঘটিছে৷ জীৱ-জন্তুক মানুহৰ দৰে সম দৃষ্টিৰে চোৱা এই মানসিকতাৰ প্ৰাসংগিকতা সদায় থাকিব৷ সেইদৰে সোণপাহী চৰিত্ৰৰ সাহস, সাহসেৰে শিয়ালৰ মুখামুখি হোৱা বুঢ়ীজনীৰ বুদ্ধিমত্তা আদি গুণবোৰৰো গ্ৰহণযোগ্যতা আছে৷

সাধুকথা হ’লেও যিবোৰ দিশে শিশুৰ মনত বিৰূপ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা থাকে, তেনেবোৰ দিশৰে গ্ৰহণযোগ্যতা সন্দৰ্ভত সন্দেহ আহি পৰে৷ উদাহৰণস্বৰূপে, তেজীমলা মাহীমাকৰ চৰিত্ৰত আৰোপ কৰা নিষ্ঠুৰতা, কঠোৰতাই বহুসময়ত শিশুৰ মনত বিৰূপ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ মাহীমাকে তেজীমলাক কৰা নানা শাৰীৰিক-মানসিক নিৰ্যাতনে সেইগৰাকী নাৰীক এগৰাকী হৃদয়হীনা পাষাণ নাৰীলৈ পৰ্যবসিত কৰিছে৷ গতিকে মাহীমাকৰ তেজীমলাৰ প্ৰতি যিবোৰ আচৰণ, সেইবোৰ কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে৷ সেইদৰে বামুণীয়ে বামুণক ধন-সম্পত্তি গোটাই দিব নোৱাৰাৰ বাবেই সঁচাই মিছাই শ্লোক মাতি অসৎ পদ্ধতিৰে ধন ঘটাৰ যি পৰামৰ্শ দিছিল, সেয়াও নাৰী চৰিত্ৰৰ গ্ৰহণযোগ্য দিশ নহয়৷ আ-অলংকাৰ সাজ-কাপোৰৰ প্ৰতি অত্যধিক দুৰ্বলতা নাৰী চৰিত্ৰৰ এটা প্ৰধান দিশ৷ এই দুৰ্বলতাৰ বাবেই চম্পাৱতীৰ মাহীমাকৰ জীয়েক মৃতু্যমুখত পৰিছিল৷

গতিকে, নাৰী চৰিত্ৰত আৰোপিত যিবোৰ দিশে সমাজলৈ ইতিবাচক বাৰ্তা কঢ়িয়াই অনাৰ সম্ভাৱনা আছে৷ সেইবোৰ দিশৰ গ্ৰহণযোগ্যতা সদায় থকিব আৰু নেতিবাচক প্ৰভাৱ পেলোৱা দিশবোৰৰ গ্ৰহণযোগ্যতা থাকিব নোৱাৰে৷ বেজবৰুৱাৰ সাধুকথাৰ নাৰী চৰিত্ৰৰ ক্ষেত্ৰতো সাধাৰণভাৱে এই কথাষাৰেই প্ৰযোজ্য৷ কিন্তু, সধুকথাৰ বেলিকা কেতিয়াবা প্ৰয়োজন সাপেক্ষে ইয়াৰ ব্যতিক্ৰম ধৰণেও নাৰী চৰিত্ৰ উপস্থাপিত হ’ব পাৰে আৰু বেজবৰুৱায়ো সেই ধৰণেই সাধুৰ মাজত নাৰী চৰিত্ৰসমূহ চিত্ৰিত কৰিছে বুলি ক’ব পাৰি৷

উপসংহাৰ

‘লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাত নাৰী চৰিত্ৰঃ এটি বিশ্লেষণাত্মক অধ্যয়ন’ শীৰ্ষক বিষয়টো উপস্থাপনৰ অন্তত কেতবোৰ সিদ্ধান্তত উপনীত হ’ব পৰা যায়৷ সেই সমূহ তলত দাঙি ধৰা হ’ল–
‘লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত বহুতো সাধুত নাৰী চৰিত্ৰকেই প্ৰধান চৰিত্ৰ হিচাপে চিত্ৰিত কৰা হৈছে৷ নাৰীৰ নামেৰেই নামকৰণ কৰা এনে সাধুৰ ভিতৰত পানেশৈ, কাঞ্চনী, তেজীমলা, চম্পাৱতী আদি উল্লেখযোগ্য৷ নাৰীকেন্দ্ৰিক এই সাধুবোৰৰ উপৰি অন্যান্য সাধুৰ মাজতো নাৰী চৰিত্ৰৰ উল্লেখ আৰু বিচিত্ৰ কাৰ্যকলাপৰ বৰ্ণনা পোৱা গৈছে৷

বেজবৰুৱাৰ সাধুৰ নাৰী চৰিত্ৰবোৰ বিচিত্ৰ চাৰিত্ৰিক দিশৰ অধিকাৰী৷ প্ৰেম, ত্যাগ আদি নাৰীৰ স্বভাৱজাত গুণবোৰৰ সমানে নাৰীৰৰ ঈৰ্ষা, সন্দেহ, আদি নেতিবাচক চাৰিত্ৰিক দিশবোৰৰো সাধুকথাত প্ৰতিফলন ঘটিছে৷ নাৰীৰ সাহস বুদ্ধিমত্তা, কৰ্মনিপুনতা আদিৰ সমান্তৰালকৈ নাৰী চৰিত্ৰৰ নিষ্ঠুৰতাও সাধুবোৰত প্ৰকাশ পাইছে৷

বেজবৰুৱাৰ সাধুকথাত প্ৰতিফলিত সমকালীন সমাজখনত নাৰীৰ সবল আৰু দুৰ্বল– দুই ধৰণৰ স্থিতিয়েই দেখা যায়৷ পিতৃগৃহৰ সম্পত্তিৰ ক্ষেত্ৰত ল’ৰা সন্তানৰ সমানে কন্যা সন্তানৰ অধিকাৰৰ ক্ষেত্ৰত ‘তেজা’ নামৰ নাৰী চৰিত্ৰটোৰ সচেতনতাই সেই চৰিত্ৰটোৰ স্থিতি বজাই ৰখাত সহায় কৰাতো এই ক্ষেত্ৰত এটা মন কৰিবলগীয়া দিশ৷

বেজবৰুৱাৰ সাধুকথাত নাৰী চৰিত্ৰৰ গ্ৰহণযোগ্যতা থকা দিশবোৰলৈ লক্ষ্য কৰিলে দেখা যায় প্ৰেম, ত্যাগ, সততা, সত্যবাদিতা আদিৰ দৰে দিশবোৰ সকলো সময়ৰ বাবে প্ৰাসংগিকৰূপে বিবেচিত হৈছে৷ কাৰণ এ¿বোৰ দিশে সমাজলৈ ইতিবাচক বাৰ্তা কঢ়িয়াই আনে৷ কিন্তু ঈৰ্ষাপৰায়ণতা, নিষ্ঠুৰতা, সন্দেহ পৰায়ণতা আদিৰ দৰে নেতিবাচক দিশবোৰৰ গ্ৰহণযোগ্যতা থাকিব নোৱাৰে৷ বিশেষকৈ তেজীমলাৰ মাহীমাকৰ চৰিত্ৰত আৰোপিত নিষ্ঠুৰতাই শিশুৰ মনত বিৰূপ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি৷

‘বুঢ়ী আইৰ সাধু’ আৰু ককাদেউতা আৰু নাতিল’ৰা সাধুপুথি দুখনত সন্নিবিষ্ট সাধুবোৰত বহু নাৰী চৰিত্ৰ পৰম্পৰাগত আদৰ্শবাদী নাৰীৰে ৰূপত উপস্থাপিত হৈছে যদিও, কোনো কোনো নাৰী চৰিত্ৰই সেই পৰম্পৰাৰ পৰিধি অতিক্ৰমি প্ৰতিবাদী নাৰীৰ ৰূপত আত্মপ্ৰকাশ কৰাৰ প্ৰয়াস কৰিছে৷ মুঠতে বেজবৰুৱাৰ সাধুকথাত নাৰীচৰিত্ৰই বিচিত্ৰ স্বৰূপ পৰিগ্ৰহ কৰিছে৷

প্ৰসংগ টোকাঃ
বেজবৰুৱা, লক্ষ্মীনাথ৷ বুঢ়ী আইৰ সাধু৷ গুৱাহাটীঃ জ্যোতি প্ৰকাশ, ৰজ্ঝৰ2৷ পৃঃ 32৷ মুদ্ৰিত৷

গ্ৰন্থপঞ্জী
মুখ্য উৎসঃ
বেজবৰুৱা, লক্ষ্মীনাথ৷ বুঢ়ী আইৰ সাধু৷ গুৱাহাটীঃ জ্যোতি প্ৰকাশ৷ মুদ্ৰিত৷
— ককাদেউতা আৰু নাতিল’ৰা৷ গুৱাহাটীঃ জ্যোতি প্ৰকাশন৷ মুদ্ৰিত৷

গৌণ উৎসঃ
কটকী, প্ৰফুল্ল৷ সাহিত্যৰথী৷ পাণবজাৰ, গুৱাহাটীঃ জ্যোতি প্ৰকাশন, পাণবজাৰ, দ্বিতীয় প্ৰকাশ৷ মুদ্ৰিত৷
গোস্বামী, প্ৰফুল্লদত্ত৷ অসমীয়া জনসাহিত্য৷ óাণবজাৰ, গুৱাহাটীঃ বাণী প্ৰকাশ, ৰজ্ঝচ্ছ্ৰজ্জ্ব৷ মুদ্ৰিত৷
ডেকা হাজৰিকা, কৰবী৷ অসমীয়া সাহিত্যৰ ৰূপ ৰস৷ নতুন বজাৰ, ডিব্ৰুগড়ঃ বনলতা, দ্বিপৰিৱৰ্ধিত সংস্কৰণ৷ মুদ্ৰিত৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে