দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / অনুবাদ / বিবাহৰ প্ৰয়োজনীয়তা এতিয়াও আছেনে? ৷৷ মূল ৰচনাঃ তচলিমা নাছৰিণ, অনুবাদঃ অৱনী বুঢ়াগোহাঁই৷৷ ।

বিবাহৰ প্ৰয়োজনীয়তা এতিয়াও আছেনে? ৷৷ মূল ৰচনাঃ তচলিমা নাছৰিণ, অনুবাদঃ অৱনী বুঢ়াগোহাঁই৷৷ ।

মানুহে বিয়া কৰায় কিয় ?

নির্বিঘ্নে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ, সন্তান জন্ম দিবলৈ…কিন্তু ইয়াৰ বাবেতো বিয়াৰ দৰ্কাৰ নপৰে ! মানুহৰ বাদে পৃথিৱীৰ অন্য কোনো প্ৰাণীৰ মাজত বিয়াৰ কোনো ৰীতি নাই, কিন্তু সিহঁতে সুন্দৰভাবে একেলগে বাস কৰিছে, সন্তান জন্ম দিছে, খাটি-খুটি সন্তানক ডাঙৰ দীঘল কৰিছে। পৰস্পৰৰ প্ৰতি বিশ্বস্ত থাকিবলৈও বিয়া কৰাটো জৰুৰী নহয়। অনেক প্ৰাণী আছে, যিবিলাকে যৌৱনৰ আৰম্ভণিতে নিজা সংগী বাছি লয়, তেনে সংগী লৈয়ে সুন্দৰকৈ সুখে শান্তিৰে বাকী জীৱনটো কটাই দিয়ে। আন কাৰোবাৰ বাবে লোভ নকৰে, আন কাৰো সৈতে পুনৰ নতুনকৈ সংসাৰ পতাৰ কোনো সপোন নেদেখে।

বিশ্বাস কৰিব নোৱাৰা ভাবে বিশ্বাসী, একগামী। যিমান দূৰতেই নাথাকক, যেইখন সমুদ্ৰৰ সিপাৰেই নাথাকক, যিমান বয়সেই নাবাঢ়ক, ঘৰলৈ ঘূৰি আহি পুৰণি সংগীকেই চুমা খায়, তাইৰ বুকুতেই মুৰ গুঁজে৷ পৰকীয়া কাক কয়, বহুগামিতা কাক কয়, বিশ্বাসঘাতকতা কাক কয়… নাজানে ।

এলবাট্রোচ, ৰাজহাঁহ, ক’লা শগুণ, ঈগল, কাছমুখীয়া পাৰচৰাই, ডিক-ডিক হৰিণা, বনেটপিন্ধা হাঙৰ, গিবন, ফ্রেঞ্চ এঞ্জেলফিছ, ছাঁইৰঙী কুকুৰনেচীয়া, … ইহঁতৰ কথা কৈছো ।

মানুহে বিয়া কৰায়, একেলগে সুখে-শান্তিৰে গোটেই জীৱনটো কটোৱাৰ বাবে৷ কিন্তু কিমানজনে পাৰে বাৰু ? বেছি ভাগ বিয়াই হয় ভাঙি যায়, নহয় টিকি থাকিলেও তাত ভালপোৱাৰ নাম-গোন্ধো নাথাকে। কোনোমতে টিকি থাকে সন্তানৰ অসুবিধাৰ দোহাই দি, অৰ্থনৈতিক মেৰুদণ্ড ভাঙি যোৱাৰ চিন্তাত, অথবা অন্য মানুহে কি ক’ব, এই ভাবি। কিন্তু এনে টিকি থকাক সঁচাই টিকি থকা বুলি জানো ক’ব পাৰি? ঘৰত পত্নীক ৰাখি বা স্বামীক ৰাখি, অন্য ব্যক্তিৰ সতে সুন্দৰভাবে সম্পৰ্ক গঢ়িছে আজিৰ মানুহে। যদি সেই সম্পৰ্ক ভাগিছে তেন্তে পুনৰ নতুন সম্পৰ্ক গঢ়ি উঠিছে। মানুহ ডিঙি চুটি ঈগল নহয়, মানুহ ক’লা শগুণ নহয়। একগামিতা মানুহৰ চৰিত্ৰত নাই। মানুহ বহুগামী। মানুহ বহুগামী বুলি কিন্তু দৃঢ়তা সহকাৰে, হলফ কৰি কব নোৱাৰি। মানুহ আচলতে জটিল আৰু বিচিত্ৰ। একগামী, বহুগামী, অসমকামী, সমকামী, উভকামী– মানুহ অসংখ্য বিধৰ। নতুন ক’ৰবাত অভ্যস্ত হ’বলৈ, পুৰণি স্বভাৱ সলনি কৰাৰ ক্ষেত্ৰতো মানুহৰ সমকক্ষ আৰু কোনো নাই ।

প্ৰায় সকলো ধৰ্মই বিবাহক পুৰুষ নাৰীৰ ‘পবিত্ৰ মিলন’ বুলি ঘোষণা কৰিছে। ঈশ্বৰে হেনো আগতেই সংগী নিৰ্বাচন কৰি থয় বোলে। স্বামী আৰু স্ত্ৰীৰ মাজত অন্য যিয়েই ঘটক, বিচ্ছেদ যেন নঘটে, তাক ঈশ্বৰে সতৰ্ক কৰি দিছে। কিনো হ’ল পিছে! প্ৰচণ্ড ঈশ্বৰ ভক্তসকলেও আজিকালি আৰু ঈশ্বৰৰ এই উপদেশ নামানে। ঈশ্বৰৰ দ্বাৰা নিৰ্বাচিত সংগীৰ লগত বিচ্ছেদ লৈ নিজৰ দ্বাৰা সংগী নিৰ্বাচন কৰে। মানে, ‘মেচ্ছমেকাৰ’ হিচাবে ঈশ্বৰ যে পূৰা মাৰ খাই গ’ল, সেই খবৰ আজি কোনেনো নাজানে ।

বেছিভাগ ধৰ্মই বিয়া সম্পৰ্কত নিজৰ আধিপত্য বজাই ৰখাৰ চেষ্টা কৰিছে। বয়স, লিংগ, জাত-পাত, বিশ্বাস কি হোৱা উচিত, স্বামী-স্ত্রীৰ কর্তব্য আৰু দায়িত্বই বা কি হোৱা উচিত; এনেধৰণৰ কথাবোৰেৰে বিস্তৰ উপদেশ দিছে, কঠোৰ কঠোৰ নিয়মও তৈয়াৰ কৰা হৈছে। বিয়া যদিও এক ব্যক্তিগত কথা, কিন্তু ইয়াক ধৰি বান্ধি সামাজিক কৰি পেলোৱা হৈছে। পুৰুষক নকৰিলেও, নাৰীক কৰি পেলোৱা হৈছে সামাজিক সম্পত্তি। বিয়াৰ আগত ছোৱালীজনীয়ে কাৰোবাৰ সৈতে প্ৰেম কৰিছিলনে নাই, ঠিকঠাক হিচাবত কুমাৰী হৈ আছেনে নাই, বিয়াৰ পাচত স্বামীৰ বাহিৰে অন্য কাৰোবাৰ সৈতে সম্পর্ক গঢ়িছেনে নাই, কাৰ লগত ঘৰৰ পৰা ওলাই বাহিৰলৈ গৈছে, কেতিয়া ঘূৰি আহিল, বাহিৰৰ কোনো মতা মানুহ ঘৰত সোমাইছে নেকি, এই কথাবোৰ কেৱল ঘৰৰ মানুহেই নহয়, বাহিৰা মানুহেও লক্ষ্য কৰি থকাৰ অলেখ উদাহৰণ আছে।

সমাজৰ দহজনে দেখি আছে বুলিয়েই পাণৰ পৰা চুণকণ খহিলেই ছোৱালীবোৰক লৈ সমাজৰ আগত মুখ দেখুৱাব নোৱাৰা হয় ককাই-ভাই, মাক-দেউতাকহঁত, দদাই- বৰদেউতাকহঁত । কিছু সমাজত ছোৱালীক মাৰি পেলায়ো “সন্মান” ৰক্ষা কৰে ।

সভ্য, শিক্ষিত, বিশ্বৰ পৰা বিয়া প্ৰায় উঠি যোৱাৰ অৱস্থা। অৱশ্যে কিছুসংখ্যক লোকে এতিয়াও বিয়া পাতি আছে ! এভাৰেষ্ট আছে বুলিয়েই যেনেকৈ বহু লোকে এভাৰেষ্টত উঠে, বিয়াৰ নিয়ম এটা আছে বুলিয়েই বিয়া পাতে। বিয়াৰ ‘ৰিৱাজ’টো গুছি গলে আৰু বিয়া নাপাতিব। যি প্রথা চলি আছে, অধিকাংশ লোকে সেই প্রথাকেই চলাই লৈ যায়। আৰু, যাৰ প্রচলন নাই, তাক চলাই নিবলৈ খুব কম সংখ্যকেহে উদ্যোগ লয়।

অনেক প্ৰেমিক-প্ৰেমিকাই বিয়াত নবহিও বছৰৰ পাচত বছৰ সুন্দৰভাবে সংসাৰ কৰি আছে। বিয়া নাপাতিও সন্তান জন্ম দিছে। বিয়াৰ পিতৃতান্ত্ৰিক চৰিত্ৰ লৈ অনেক ঠাট্টা মস্কৰাও হৈছে । কিন্তু ধৰ্ম যেনেকৈ মিছা প্ৰমাণিত হোৱাৰ পাছতো টিকি আছে, বিয়াও এই ধৰ্মৰ দৰেই। যুক্তিহীন, কিন্তু টিকি আছে। কুসংস্কাৰ যিদৰে হাজাৰ বছৰ ধৰি বাচি থাকে ! তত্ৰাচ, সেইবোৰৰ লাহে লাহে বিলুপ্তিও ঘটে এদিন। ঠিক বিয়াৰো এদিন বিলুপ্তি ঘটিব ।

উত্তৰ য়ুৰোপৰ দেশবোৰত বিবাহৰ অন্তৰালত অৱশ্যে গোপন কাৰণ এটাও আছে; বিয়া কৰালে টেক্স কম দিব লাগে, সন্তানসকলৰ ভৰণপোষণ ৰাষ্ট্ৰই দিয়ে। মানুহে বিয়া কৰাব এৰি দিছে, ল’ৰাছোৱালী বৃদ্ধি কৰাৰ বাবেও কাৰো আগ্ৰহ নাই, আৰু বিয়াৰ নিয়মটো যদি ভাগি যায়, সন্তান উৎপাদন যি হাৰত কমিছে আৰু বেছি কমি যাব, উত্তৰ য়ুৰোপীয়ৰ অস্তিত্বই ভবিষ্যতে নাথাকিব, এই ভয়তেই বিয়াত উৎসাহ দিবৰ বাবে তাৰ চৰকাৰে টেক্স কমোৱাৰ লোভ মানুহৰ মুৰৰ ওপৰত ওলমাই দিছে। সুযোগ সুবিধাৰ আশাত বিয়া পাতিছে কিছুমানে, কিন্তু বেছি ভাগ মানুহেই অকলশৰে থাকে নাইবা বিবাহ বহিৰ্ভূতভাবে একেলগে বাস কৰে ।

ষাঠিৰ দশকৰ শেষৰ ফালে সমাজৰ বাধা নিষেধ উপেক্ষা কৰি জাকে জাকে মানুহ ওলাই আহিছিল পুৰণি ৰাজনীতি আৰু পুৰণি সমাজব্যবস্থাক আমূল বদলাই পেলাবৰ বাবে। ভাল ছোৱালী হ’বলৈ হ’লে কৌমাৰ্য্, সতীত্ব, মাতৃত্ব ইত্যাদি বজায় ৰাখিব লাগিব — পুৰণি এই ধাৰণাটোৰ গাতো কোৰৰ চাব বহিছিল। নীতি-নিয়মৰ ওপৰত প্ৰতিষ্ঠিত বিয়া কৰাতো বন্ধ কৰি দিছিল, সেইদিনবিলাকৰ হিপিসকলে। ( উদাহৰণ : দেৱ আনন্দৰ”হৰে ৰামা হৰে কৃষ্ণা”……অনুবাদক) বহুতে একেঘৰতে বাস কৰিছিল, সকলোৰে সৈতে সকলোৰে চেক্স হৈছিল, ল’ৰা-ছোৱালীবোৰ হলে সকলোৱে মিলি দেখা-শুনা কৰিছিল। সেই ‘কমিউন’ জীবনটো পিছে বেছি বছৰ নিটিকিল। হিপিসকল যদি জয়ী হ’লহেতেন আজি বিয়া শব্দটো ইতিহাসৰ পাতত় স্থান পালেহেঁতেন, সমাজত নহয় ।

অনেক কবি, সাহিত্যিক, দার্শনিকে বিয়াৰ সম্পর্কে মন্তব্য কৰিছে৷ বিয়া এটা অৰ্থহীন বস্তু, সেইটো বেছ বুদ্ধিমত্তাৰে বুজায়ো দিছে। “নিজৰ বিয়া আৰু অন্তেষ্টিক্রিয়াৰ মাজত পার্থক্য এটাই, বিয়াৰ ফুলবোৰৰ গোন্ধ ল’ব পাৰা, আৰু অন্তেষ্টিৰ ফুলবোৰৰ গোন্ধ পাব নোৱাৰা।” অস্কাৰ ৱাইল্ডে কৈছিল, “সকলো সময়তে প্রেম ভালপোৱাত ডুবি থকা উচিত। সেইবাবেই কেতিয়াও বিয়া কৰা উচিত নহয় ।”

কেথেৰিন হেপবাৰ্ণ সেই সময়তো নাৰী পুৰুষে একেটা ঘৰতে বাস কৰাৰ পক্ষপাতি নাছিল। তেওঁ কৈছিল, “এগৰাকী নাৰী আৰু এজন পুৰুষে পৰষ্পৰৰ সকলোবোৰ কথা পছন্দ কৰিছেনে? যদি এনেবোৰ ঘটনা ঘটি থাকে, তেন্তে সকলোতকৈ ভাল হব, তেওঁলোক যদি একে চুবুৰীতে থাকে, মাজে মাজেহে যেন দেখা হয় !” ইয়াকো কৈছিল, “এজন মানুহে অপছন্দ কৰিব বুলি ভয় কৰি যদি বহুত পুৰুষৰ প্রেমক তুচ্ছ কৰিব খোজা, তেনেহ’লে যোৱা, আৰু গৈয়ে বিয়া কৰোৱা”।

কেইজনমান ব্যক্তিয়ে সুন্দৰ সুন্দৰ মন্তব্য কৰিছে। “বিয়া বোলা বিষয়টো চমৎকাৰ আবিষ্কাৰ, যেনেদৰে চাইকেল মেৰামত কৰা যন্ত্ৰটোও চমৎকাৰ আবিষ্কাৰ ।”

“বিয়া হ’ল এটা সঁজা, সঁজাৰ বাহিৰৰ মানুহবোৰ সঁজাৰ ভিতৰত সোমোৱাৰ বাবে বিয়াকুল, আৰু ভিতৰৰ মানুহবোৰ সঁজাৰ বাহিৰ ওলাবলৈ বিয়াকুল।”

“বিয়া কেৱল সেই মানুহবোৰৰ বাবে, যিবোৰে অকলে শুবলৈ ভয় কৰে ।”

সকলো মন্তব্যই যে বিয়াৰ বিপক্ষে, সেয়া নহয় । পক্ষেও কিছুলোকে মন্তব্য কৰা দেখা যায় । যেনে:

“যদি এনেকুৱা কোনো ধনকুবেৰ পুৰুষক দেখা পাওঁ, যিজনে প্ৰতিজ্ঞা কৰিব তেওঁৰ সম্পত্তিৰ আধা অংশ মোৰ নামত লিখি দিব, লিখি দিয়াৰ এবছৰৰ পাছত মৰি যাব,তেন্তে তেওঁক মই নিশ্চয় বিয়া কৰাম।”

অন্য কেইজনমানে কৈছে, “বিয়া এটা চমৎকাৰ ইন্সটিটিউট, কিন্তু কোনেনো ইন্সটিটিউচনত বাস কৰিবলৈ যাব।”
“প্ৰেমিকৰ স্নায়ুতন্ত্র গোটেইখিনি উলিয়াই আনিলে যিটো পৰি থাকিব, সেইটোৱেই হ’ল স্বামী”।

“বিয়া হ’ল এবিধ ঘোচ, ঘৰৰ চাকৰণিয়ে নিজকে যাতে ভাবিব পাৰে ঘৰৰ মালিক বুলি ” ফৰাচী লেখক বালজাকে কৈছিল, “বেছি ভাগ স্বামীক দেখিলেই মোৰ সেই ওৰাং-ওটাংটোৰ কথা মনে পৰে, যিটোৱে খুব বেহালা বজোৱাৰ চেষ্টা কৰিছিল “।

(২)

পাশ্চাত্যত যিসময়ত হিপি বিপ্লব, নাৰী স্বাধীনতাৰ আন্দোলন, প্ৰাচ্যত তেতিয়াও নাৰীৰ হাতে-ভৰিয়ে অদৃশ্য শিকলি, যৌনাঙ্গত অদৃশ্য সতীত্ববন্ধনী। বিয়া কথাটো যি কাৰণৰ বাবে আৰম্ভ হৈছিল, প্ৰাচ্যৰ সৰহভাগ পুৰুষে আজিও সেই কাৰণেই বিয়া পাতে। এখন জৰায়ুৰ প্ৰয়োজন, যিখন জৰায়ুত এজন নিৰ্দিষ্ট পুৰুষৰ ঔৰসজাত সন্তান ধাৰণ কৰিব লাগিব। পিতৃত্বৰ নিশ্চয়তাই হ’ল বিয়াৰ মূল উদ্দেশ্য। পুৰুষৰ স্বার্থত, পুৰুষক বিয়া পাতি, পুৰুষতান্ত্রিক ব্যবস্থা হাজাৰ বছৰ ধৰি টিকাই ৰাখিছে এই ছোৱালীবোৰে। যদি সিহঁতে ঘূৰি ধৰিলেহেতেন, পুৰুষতন্ত্ৰৰ প্ৰকাণ্ড বেলুনটো কেতিয়াবাই চেপেটা লাগিলহেঁতেন।

বঙালী সমাজত দেখিছো, বিয়াৰ পাছৰ পৰাই ছোৱালীহঁতৰ পাখিবোৰ গুৰি চপাই কাটি পেলোৱা হয়। নিজৰ ঘৰ-দুৱাৰ, আত্মীয়স্বজন, বন্ধুবান্ধব, পৰিবেশ-প্ৰতিবেশী, নগৰ-চহৰ সকলো এৰি দিব লগা হয় মহিলাসকলে। নিজৰ নামৰ শেষত স্বামীৰ উপাধি লগাই ল’ব লগা হয়। শহুৰৰ ঘৰত বাস কৰিব লগা হয়। ছোৱালী প্ৰাপ্তবয়স্ক হলেও, শিক্ষিত হলেও, তাই চাকৰি কৰিবনে নকৰে, সেই সিদ্ধান্ত লয় গিৰিয়েকে অথবা গিৰিয়েকৰ আত্মীয় স্বজনে। এসময়ত প্ৰচলিত আছিলেই, কিন্তু আজিও বহুতে কয়, ” বিয়াৰ পাছত কিন্তু চাকৰি কৰাটো নচলিব” ! সতী-সাৱিত্রী হৈ থাকিবৰ বাবে ঘৰত থকাতো ভাল, ঘৰৰ কাম-বন কৰিব, ঘৰৰ সকলোৰে আলপৈচান ধৰিব, ল’ৰা-ছোৱালী ডাঙৰ দীঘল কৰিব !

গ্ল’ৰিয়া স্টাইনেমে এটা চমৎকাৰ কথা কৈছিল, “সেইগৰাকীয়েই স্বাধীন ছোৱালী, যি বিয়াৰ আগেয়ে যৌন সম্পর্ক কৰে, আৰু বিয়াৰ পাছত চাকৰি “। অধিকাংশ বঙালী ছোৱালীয়ে স্বাধীনতাৰ সঠিক অর্থই নাজানে৷

কলিকতাত় স্বামী-স্ত্রীবোৰৰ প্রেমহীন সম্পর্কবোৰ দেখি চক্ খাই উঠোঁ মাজে মাজে। প্রায়ে সুধিছিলো, “বিবাহিত সম্পৰ্কটো যদি ভাঙিব বিচাৰা, ভাঙি যাবলৈ দিয়া, জোৰ কৰি চিধাকৈ ৰখাৰ প্ৰয়োজন বা কি?”
ভাল কোনো উত্তৰ কেতিয়াও কাৰো পৰা নাপালোঁ। অসুখী এক জীবনচৰ্য্যাত বহুদিন থাকোতে থাকোতে মাইকী মানুহবোৰ অভ্যস্ত হৈ যায় । যিটো সন্তানৰ বাবে বিয়াখন তাপলি মাৰি ৰখা হৈছিল, সেই সন্তানে সংসাৰৰ অশান্তি দেখি দেখি ডাঙৰ হয়। এনে এখন সংসাৰত সন্তান ডাঙৰ হ’বলগীয়া হোৱাত, লাভতকৈ ক্ষতিৰ মাত্ৰা হয় বেছি।

আচলতে, নাৰীৰ অর্থনৈতিক স্বনির্ভৰতা আৰু নিৰাপত্তা সমাজত নাথাকিলে অকলে থকা বা অকলে সন্তান মানুহ কৰাটো দুৰূহ কাম। কিন্তু সেইবুলি কি অত্যাচাৰী স্বামীৰ লগত আপোচ কৰিব লাগিব ! পত্নী নির্যাতন আৰু পত্নী হত্যা যি হাৰত বাঢ়িছে, সেইবোৰ দেখি গা শিয়ঁৰি উঠে। পুৰুষতন্ত্রৰ বীভৎস নাৰীবিদ্বেষ আৰু নাৰীঘৃণা সমাজত কি উৎকট ভাবেই যে প্ৰকাশ নাপায় ! যি সমাজত শিক্ষিত, স্বনির্ভৰ, সচেতন নাৰীৰ সংখ্যা বেছি, সেই সমাজত বিচ্ছেদৰ সংখ্যাটোও বেছি, তাত বিবাহৰ সংখ্যা কম। ভাৰতীয় উপমহাদেশত অবশ্যে উপার্জনহীন পৰনির্ভৰ নাৰীৰ দৰে পুৰুষতন্ত্রৰ মন্ত্র মানি চলা স্বনির্ভৰ শিক্ষিত ছোৱালীবোৰেও অত্যাচাৰী অথবা বহুগামী স্বামীৰ লগত সংসাৰ কৰি আছে চকু-মুখ বন্ধ কৰি কৰি। এনে এখন সমাজত বিবাহ কাণ্ডটো হ’ল, পুৰুষৰ ক্ষেত্ৰত আৰ্জন, নাৰীৰ ক্ষেত্ৰত বিসৰ্জন ।

বিয়াই হয়তো কাৰোবাক একাকীত্বৰ পৰা মুক্তি দিয়ে, কিন্তু কাৰোবাৰ ভৰিত পিন্ধাই দিয়ে লোৰ শিকলি। এতিয়াও সমাজত দেধাৰ বৰ্বৰতা চলে, চলে জাতি-বৰ্ণ-গোষ্ঠীৰ হিচাব নিকাচ, এজনী নাৰী তাই নিতান্তই এক যৌনসামগ্ৰী, ক্রীতদাসী আৰু সন্তান উৎপাদনৰ যন্ত্ৰ হিচাপে ব্যবহাৰযোগ্য, সন্তান, বিশেষকৈ ল’ৰাসন্তান জন্মদিওঁতা, কন্যাভ্রুণক জন্ম হবলৈ নিদিয়া, জন্মিলেও পুতি পেলোৱা, ল’ৰা সন্তান জন্ম নিদিলে খেদি দিয়া, তালাক, পুনর্বিবাহ।

নিয়ম মানি চলা মানুহ যিদৰে বহুত পোৱা যায়, নিয়ম ভঙা মানুহো সেইদৰে বহুত আছে। মানুহ যিমানে সভ্য হৈছে, বিবাহৰ সাতামপুৰুষীয়া নিয়মবোৰো সিমানেই ভাগি ভাগি ভূপতিত হৈ পৰিছে। আঙুলি মূৰত লিখিবপৰা মানুহেহে সমাজখন সলায়। সকলোৱে দল বান্ধি সমাজক নসলায়। বেছি ভাগ মানুহেই বৰঞ্চ দল বান্ধি প্ৰাচীন ৰীতি নীতিকহে শক্তিশালী হাতেৰে আঁকোৱালি ৰাখে। বিয়াৰ পাছত ছোৱালীয়ে চাকৰি বাকৰি, ব্যৱসায় বাণিজ্য কৰা নচলিব, স্বামীৰ আদেশ নিষেধ এইবোৰ অমান্য কৰা নচলিব, বিধবা বিবাহ নচলিব — এই নিয়মবোৰ প্রাচ্যৰ কিছুমান সাহসী নাৰীয়ে এতিয়া আৰু মানি নলয় ।

বিয়াত এতিয়া বিৱৰ্তন ঘটিছে। বিয়াৰ উদ্দেশ্য সলনি হৈছে, ধৰণকৰণ সলনি হৈছে। পাশ্চাত্যত, য’ত নাৰীৰ স্বাধীনতা আৰু অধিকাৰৰ সংগ্রাম দীর্ঘকাল জুৰি চলিছে আৰু শেষ পর্যন্ত মহিলাসকলৰ বেছিভাগেই সমানাধিকাৰ ভোগ কৰিছে, তাত বিয়া এতিয়া আৰু সন্তানৰ পিতৃ পৰিচয়ৰ নিশ্চয়তাৰ বাবে নহয়, মহিলাৰ দ্বাৰা সংসাৰ আৰু সন্তান আলপৈচানৰ কাম, বুদ্ধি আৰু কৌশল খটুৱাই কৰি লোৱাও নহয়। সন্তান নজন্মিলেও কোনো ক্ষতি নাই। সম্পর্ক আৰু সংসাৰ সুখময় কৰিবৰ বাবে যি বস্তুৰ সকলোতকৈ বেছি প্ৰয়োজন, সেইটো হ’ল পৰস্পৰৰ প্ৰতি ভালপোৱা আৰু শ্রদ্ধাবোধ। এই দুটা থাকিলেই মানুহ পৰস্পৰৰ প্রতি বিশ্বস্ত থাকে। বিয়াই যদি বিশ্বস্ততাক মুঠিত ৰাখিব পাৰিলেহেতেন, তেনেহলে ইমানবোৰ পৰকীয়া সম্পৰ্ক গঢ়ি নুঠিলহেঁতেন ।

বিয়া মূলত: যৌন সংগমৰ লাইচেঞ্চ। এই লাইচেঞ্চকে ঢাক ঢোল পিটি জনোৱা হয়। এক নিতান্তই প্ৰাচীন, পিতৃতান্ত্রিক, অযৌক্তিক এটা প্ৰথা। এই প্ৰথাটো চিৰদিন জীৱিত থাকিব লগাৰ কোনো কাৰণ নাই। বহু প্ৰথা আজি মৰি গ’ল বা মৃত্যুশয্যাত আছে, যিদৰে সতীদাহ, যিদৰে ডাইনী-হত্যা, সংখ্যাহীন বিয়া, নিজৰ আত্মীয়ৰ ভিতৰত বিয়া। অর্থহীন অনেক প্রথাই ভয় দেখুৱাই, বোধশক্তিৰ লোপ কৰাই, চলাই ৰখা হৈছে ঠিকেই , কিন্তু ডাঙৰ জনগোষ্ঠীৰ মাজত যদিহে প্ৰথাৰ ব্যৱহাৰ নাথাকে, তেনে প্ৰথা লাহে লাহে মৰি যাবলৈ বাধ্য। যিহেতু শতাব্দী ধৰি প্ৰমাণ হৈ আহিছে যে সম্পৰ্ক ধৰি ৰখাৰ ক্ষেত্ৰত বিয়াই কোনো নিৰ্ণায়ক ভূমিকা পালন নকৰে, সেয়ে ইয়াৰ ভবিষ্যত খুব উজ্বল নহয়।

বিবৰ্তনৰ বাবে আমাৰ নেজ খহি পৰিছে প্ৰয়োজন নাই বুলি। বিবৰ্তনে আমাৰ সমাজৰ পৰা বিবাহ নামৰ অপ্রয়োজনীয় সংস্কাৰ এটি দূৰ নকৰিব সি কেনে ধৰণৰ কথা? একালৰ দার্শনিক নীৎসে, কান্ট, হেগেল প্রবল নাৰীবিৰোধী আছিল। দৰ্শনশাস্ত্ৰৰো বিবর্তন ঘটিছে, নাৰীৰ প্রতি এনে তীব্র ঘৃণা কঢ়িয়াই আজিকালি দার্শনিক হবলৈ যোৱাৰ কোনো উপায়ো নাই।

নাৰীৰ প্রতি ঘৃণাৰ কাৰণেই জন্ম পাইছে পুৰুষতন্ত্র। পুৰুষতন্ত্রই জন্ম দিছে অজস্ৰ নাৰীবিৰোধী প্রথা, তাৰে মাজত বিয়াও এটা। আমি ইয়াৰ মাজতেই দেখিছোঁ সভ্য সমাজত বিয়া কমি গৈছে। অসভ্য-অশিক্ষিত-সমাজত বিয়াৰ প্রথা চলি আছে। কিন্তু এখন সমাজ তো চিৰকাল অসভ্য আৰু অশিক্ষিত হৈ নাথাকে ! সমাজো বিবর্তিত হয়। সমাজ যে সভ্য হৈছে কেতিয়া বুজিম ? যেতিয়া দেখিম যে নাৰী আৰু ধর্ষিতা হোৱা নাই , নির্যাতিতা হোৱা নাই, পুৰুষৰ দাসী বা ক্রীতদাসী বা যৌনদাসী, একোৱেই হোৱা নাই নাৰী, গভীৰ প্রেমত পৰি একেলগে বাস কৰিছে কিন্তু বিয়া, নৈব নৈব চ, অথবা ‘বিয়া’ নামৰ বস্তুটোৱেই বিলুপ্ত হৈ গৈছে, __ তেতিয়া !

বিয়াৰ বিপক্ষে সৰব হৈছে অলেখ নাৰীবাদী লেখক। আন্দ্রিয়া ডৰকিনেতো স্পষ্ট ভাষাত কৈছে, বিয়া কেৱল ধর্ষণ কৰাৰ বাবে  আৰু এজনৰ বেছ চমৎকাৰ উক্তি, বিয়া নিতান্তই এটা ‘ইনটিমেট কল’নাইজেচন’। বহুত মানুহেই ভাবে, বিবাহ নামৰ বাধা দূৰ নহ’লে মহিলাৰ সঁচা অৰ্থত স্বাধীনতা অসম্ভৱ। প্রায় সকলো নাৰীবাদীয়ে বিশ্বাস কৰিছিল, এতিয়াও অনেকেই কৰে যে পুৰুষতন্ত্র টিকি থাকিবলৈ বিবাহ বেছ এটি অসাধাৰণ প্রথা। নাৰীবাদীসকলৰ কোনোবাই কোনোবাই প্রেমক লৈও প্রশ্ন তুলিছে, প্রেম নেকি একধৰণৰ ৰাজনৈতিক ষড়যন্ত্র, ছোৱালীবোৰে সেই ষড়যন্ত্রৰ চিকাৰ হৈ বিয়া কৰে অর্থাৎ শত্রুৰ ওচৰত আত্মসমর্পণ কৰিবলৈ বাধ্য হয়। নাৰীবাদীসকলৰ ওচৰত ‘বিয়া’ ইমান আপত্তিকৰ নহ’লহেতেন, যদিহে পত্নীৰ ভূমিকা বান্দী বেটীৰ দৰে নহ’লহেঁতেন।

গ্লৰিয়া স্টাইনেমক এবাৰ সুধিছিলো, ” তুমি যে বিয়াৰ বিৰুদ্ধে অতবোৰ গীত গাইছা, শেষত নিজেই বুঢ়া বয়সত বিয়া এখন কৰি পেলালা, কাৰণটো কি ?” গ্লৰিয়াই যি বন্ধুজনক বিয়া কৰাইছিল, তেওঁ হেনো বৰ ডাঙৰ অসুখত ভূগিছিল, বিবাহিত হ’লে তাইৰ স্বামী হিচাপে স্বাস্থ্য বীমা পাবলৈ সুবিধা হব তেওঁৰ, সেই কাৰণেই বিয়া কৰিলে। গ্লৰিয়াৰ ঠাইত যদি মই হ’লোহেঁতেন, বন্ধুজনক সহায় কৰাৰ বিকল্প ব্যবস্থা ললোঁহেতেন, কিন্তু বিয়া নামৰ পুৰুষতান্ত্রিক ব্যবস্থাৰ লগত কোনোপধ্যেই আপোচ নকৰিলোঁহেতেন। বিয়া জীৱনত মই কৰা নাই সেয়া নহয়, কৰিছোঁ, সেইসময়ত কৰিছোঁ যেতিয়া নাজানিছিলো যে বিয়া আচলতে নাৰীৰ ওপৰত পুৰুষৰ প্রভুত্ব কায়েম ৰখাৰ এখন সামাজিক চুক্তিপত্রৰ বাদে আন একো নহয়। কোনো কোনোৱে উজুটি খোৱাৰ আগতে শিকে, কোনো কোনোৱে আকৌ উজুটি খোৱাৰ পাছত শিকে। মোৰ যেনিবা খুন্দা খাই শিকা হ’ল। কিন্তু শিকা তো হ’ল। কিমান মানুহক দিনেৰাতিয়ে দেখিছো, একো ঘটনাই সিহঁতক কোনোধৰণৰ শিক্ষা দিব নোৱাৰে ।

যেতিয়া সভ্য অ-সমকামীবোৰে বিয়াৰ মুঠি ফালি ওলাই আহিছে, সেইসময়ত সভ্য সমকামীহঁতে বিয়াৰ অধিকাৰৰ বাবে আন্দোলন কৰিছে। সভ্য দেশবোৰে লাহে লাহে সমকামীসকলক বিয়া কৰাৰ অধিকাৰ দিছে। সভ্য মানুহবোৰৰ যিবোৰে বিবাহত বিশ্বাস নাৰাখে, তেওঁলোকেও সমকামীসকলৰ বিয়াৰ অধিকাৰৰ পক্ষে আছে, যিহেতু সমকামীসকলৰ বিয়াৰ কথাটো সমাজৰ বেছিভাগ লোকে মানি নলয়। সমকামীসকলৰ বিয়া সমর্থন কৰা মানে, ধর্মৰ শাসনক আৰু ৰক্ষণশীল সমাজৰ ৰঙা চকুক মধ্যমা আঙুলি ডাঙি দেখুওৱা। এই কথা ঠিক, সমকামীহঁতৰ বিয়াত সম-অধিকাৰৰ সম্ভাবনা অ-সমকামীবোৰতকৈ বেছি কাৰণ সিহঁতৰ মাজত লিংগ-বৈষম্যৰ কোনো বান্ধোন নাই। তথাপি এটা কথা ঠিক, এসময়ত যেতিয়া সমকামীহঁতৰ বিয়া অ-সমকামীবোৰৰ বিয়াৰ দৰে সাধাৰণ কথা হৈ উঠিব, তেতিয়া সমকামীহঁতেও, যিসকল আজি বিয়াৰ বাবে বেপৰোৱা হৈ উঠিছে, অর্থহীন এই বিয়া ব্যবস্থাটোৰ বিৰুদ্ধে মুখ খুলিব। বিয়া নামৰ অপ্রয়োজনীয় এটা প্ৰথা এদিন মৰি পৰি থাকিব । অনাগত দিনৰ সমাজবিজ্ঞানীয়ে ইতিহাস খান্দি বিয়াৰ ফছিল আবিস্কাৰ কৰিব, আলোকিত মানুহক শুনাব পুৰণি দিনৰ সাধুকথা ।

“পৃথিৱীত এটা যুগ আছিল, সেই যুগৰ নাম আছিল অন্ধকাৰ যুগ। সেই অন্ধকাৰ যুগত এটা প্রথা সৰ্বতিকাল জুৰি টিকি আছিল, প্রথাটোৰ নাম দিছিল- বিয়া।” বিয়া কি বস্তু আৰু তাৰ কিয় প্ৰয়োজন, এইবিলাক বুজাবলৈ গলে পুৰুষতন্ত্রৰ প্রসংগ উঠিব, তেতিয়া নিশ্চয় ভবিষ্যতৰ সেই মানুহবোৰৰ গা কঁপি উঠিব বীভৎস এখন সমাজ কল্পনা কৰি ।

ইউটোপিয়া ? ঠিক আছে, ইউটোপিয়াই হওক !!

এটা মন্তব্য

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে