চ’ৰাঘৰ / কথাশিল্প / অনুভৱ / সুনীল গংগোপাধ্যায়ৰ নীৰাৰ প্ৰসংগৰে ৷৷ টুনুজ্যোতি গগৈ ৷৷

সুনীল গংগোপাধ্যায়ৰ নীৰাৰ প্ৰসংগৰে ৷৷ টুনুজ্যোতি গগৈ ৷৷

স্বাতী গংগোপাধ্যায় নীৰা নাছিল : যি নীৰাৰ অসুখ হ’লে সমগ্ৰ কলকাতা চহৰেই অসুখী হৈ পৰে, যি নীৰাৰ নিস্পাপ আনন স্পৰ্শ কৰা কবিৰ হাতে কোনো অপকৰ্ম কৰিব নোৱাৰে…৷ ‘বিমূঢ় যুগেৰ বিভ্ৰান্ত কবি’ জীৱনানন্দৰ বনলতা সেনৰ পাছত সুনীল গংগোপাধ্যায়ৰ নীৰাই কেৱল বাংলা সাহিত্য ৰসিকৰে নহয়, বিশ্বৰ ভিন্ন প্ৰান্তৰ অন্যান্য সাহিত্য ৰসিকৰো মন-হৃদয় গভীৰভাৱে স্পৰ্শ কৰি গ’ল৷ সেই নীৰানো কোন জানিব বিচাৰি কবিৰ অনেক অনুৰাগীয়ে সম্ভৱতঃ কবিপত্নীকো মাজে-সময়ে মিঠা আমনি কৰে৷ সেয়ে কবিৰ কায়িক প্ৰস্থানৰ পাছত তেওঁৰ পত্নী স্বাতীয়ে আকৌ এবাৰ ক’ব লগা হ’ ল : নীৰা কেৱল এটি নাৰী চৰিত্ৰ নহয়, সেই চৰিত্ৰ বহু নাৰীৰ সংমিশ্ৰিত ৰূপ৷

এৰা, যি গৰাকী কবি-সাহিত্যিকৰ সোঁৱে-বাঁৱে সকলো সময়তে ভিৰ কৰি থাকে অলেখ মহিলা গুণগ্ৰাহী (এসময়ত প্ৰখ্যাত বাংলা আলোচনী ‘দেশ’ৰ সম্পাদনাৰে জড়িত সুনীল গংগোপাধ্যায় দেশৰ কাৰ্যালয়লৈ নহা কেইদিন বোলে মহিলা দৰ্শনাৰ্থীৰ সংখ্যাও চকুত লগাকৈ কমি গৈছিল), সেই গৰাকী কবিয়ে জীৱনৰ বিভিন্ন মুহূৰ্তত বিভিন্ন নাৰীৰ সান্নিধ্যলৈ আহিছিল আৰু সৃষ্টিৰ অমল প্ৰেৰণাস্বৰূপ সেই গুণমুগ্ধা, বিদূষী, সুন্দৰী নাৰীসকলৰ তিলোত্তমা ৰূপেই আছিল নীৰা৷

বেদৰ যুগৰ পৰা অহা বিদূষী নাৰী গাৰ্গী, মহাকাব্যৰ পৃষ্ঠাৰ পৰা অহা পতিব্ৰতা নাৰী জানকীৰ আৰ্হিয়ে সুৰ-সুৰা-সুন্দৰীত আচ্ছন্ন, আধুনিক মনৰ নাস্তিক কবি সুনীলৰ সৃজন-মননত কোনো সাঁচ নবহোৱাটোৱেই স্বাভাৱিক, তেওঁৰ মনত সাঁচ বহুৱাইছিল আধুনিক শিক্ষাৰে শিক্ষিতা, প্ৰেম সম্পৰ্কত শুচিবায়ুহীন, উদাৰমনা কুৰি শতিকাৰ সম্ভ্ৰান্ত নাৰীয়েহে, যি কবিক প্ৰদান কৰিব পাৰে ক্ষণিকৰ বাবে হ’লেও মানসিক আশ্ৰয়, পূৰ্ণতাৰ মাদকতা অথবা স্মৃতিমেদুৰ জীৱন প্ৰেৰণা৷ নীৰা যেন কেৱল এক নিৰ্দিষ্ট নামেই নহয়, ই স্বপ্ন-স্মৃতি-প্ৰেম-আৰ্তিৰ চিত্ৰল প্ৰতীক৷

প্ৰসংগতঃ আমাৰ ঘৰুৱা কবি নৱ বৰুৱাৰ অৰুন্ধতীৰ ক্ষেত্ৰটো একে কথাই ক’ব পাৰি৷ ‘মনত পৰেনে অৰুন্ধতী’ পঠনৰ লগে লগে চকুৰ আগত ভাহি উঠে এগৰাকী আধুনিকা, আকৰ্ষণীয়া, শিক্ষিতা, শান্ত-শিষ্ট নাৰীৰ ছবি৷ ৰোমান্টিক যুগৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ মাধুৰী, লক্ষ্মীনাথ বেজবৰুৱাৰ মালতী বা গণেশ গগৈৰ ৰূপজ্যোতিৰ সৈতে তুলনা কৰিব নোৱৰা অৰুন্ধতী কেৱল কবিৰ আনন্দৰ উৎস নহয়, ‘তেওঁ সুন্দৰকৈ খোপা বান্ধে, খোপাত আবেলি ফুল গুঁজি লয়, যথেষ্ট অসম্ভৱ পৰিস্থিতিৰ মাজতো তেওঁ এক শান্ত, সমাহিত, সৌন্দৰ্যময়, বুজন মানুহৰ দৰে ক্ৰিয়া-প্ৰতিক্ৰিয়া কৰে৷'[দত্ত, ৰত্নাঃ প্ৰসঙ্গঃ নাৰী, পৃষ্ঠাঃ ২৮]

বিয়াত বহাৰ পূৰ্বে স্বাতীয়ে জানিছিল : সুনীল গংগোপাধ্যায়ে মদ খাই, মাতলামি কৰে, বাটে-ঘাটে পৰি থাকে, লুঙি এখন পিন্ধিয়েই বজাৰ-সমাৰ কৰে, আৰ্থিক অৱস্থাও সচ্ছল নহয় ইত্যাদি৷ ইমানবোৰ জনাৰ পাছতো, ঘৰ-ঘৰোৱাহৰ প্ৰচণ্ড বাধাৰ পাছতো তেওঁ সুনীলৰ সৈতে নিজে আগ-ভাগ লৈয়ে বিবাহপাশত আৱদ্ধ হৈছিল৷ মানুহ সুনীলতকৈ লেখক সুনীলে হয়তো স্বাতীক বিমুদ্ধ কৰিছিল, যাৰবাবে সকলো সংঘাত নেওচি তেওঁৰ সৈতে সুখে-দুখে সাংসৰিক জীৱনৰ পাতনি মেলিলে৷

আধুনিক ভাৰতীয় সমাজে প্ৰাক-বিবাহ কালৰ যুৱক-যুৱতীৰ প্ৰেমক সহানুভূতিৰ দৃষ্টিৰে চালেও বিবাহ-বৰ্হিভূত প্ৰেমক সামাজিক শৃংখলাৰ স্বাৰ্থতে সহানুভূতিৰ দৃষ্টিৰে নাচায়৷ বিবাহ-বিচ্ছেদ নোহোৱাকৈ বিবাহ-বহিভূত প্ৰেমক টিকাই ৰখাৰ সামাজিক পৰিৱেশ ভাৰতবৰ্ষত এতিয়াও সৃষ্টি হোৱা নাই৷ এনোবোৰ কাৰণতে, প্ৰায়বোৰ শিক্ষিত নাৰী-পুৰুষে বিবাহৰ পাছত অন্য পুৰুষ বা অন্য নাৰীৰ প্ৰতি আকৰ্ষিত হ’লেও, মনৰ বা দেহৰ দাবীক দমাই ৰাখিবলৈ বাধ্য হয়৷ দমাই ৰাখিব নোৱাৰিলেই সৃষ্টি হ’ব পাৰে পয়মাল৷ কিন্তু, সুনীলৰ দৰে কবি-সাহিতি্যক এজনৰ বাবে হৃদয়ৰ দুৱাৰত অৰ্গল লগাই থোৱাটো জানো সম্ভৱ?

বিবাহৰ পাছতো অন্য নাৰীৰ প্ৰতি হৃদয়ৰ দুৱাৰ মুক্ত কৰি ৰখা কবিজনাৰ সম্পৰ্কত তেওঁৰ পত্নীয়ে লেখিছে–‘সুনীল ছিল রমণীমোহন৷ মেয়েদর কাছে ভারী প্ৰিয়, একথা সবাই জানে৷ মেয়েেদর ওর জীবনে এসেছে৷ আমি ছাড়াও অন্য নারীর প্ৰতি সে অনুরক্ত হয়েছে, তা আমিও জানি৷ কিন্তু একটা জিনিস আমি ভুলতে পারনা, অ্যাডমায়ার করি৷ যদি অন্য কোনও নারীকে ওর ভাল লেগেও থাকে, ও আমাকে কখনও তার সম্পৰ্কে কোনও কথা বলেনি৷ আমি রাগ করেছি, কারও নাম করে প্ৰশ্ন করেছি ওকে৷ কিন্তু ও কখনও আমাকে কারও নাম বলেনি৷ আমি মানুষ, আমারও অভিমান হত৷ অনেকভাৱে আমি রাগ দেখিয়েছি, ক্ষোভ প্ৰকাশ করেছি৷’ [উদাসীনঃ দেশ, ২ নৱেম্বৰ, ২০১২]

ইমানৰ পাছতো সুনীল-স্বাতীৰ মাজত বিবাহ-বিচ্ছেদ নঘটিল৷ ‘আনন্দ বজাৰ পত্ৰিকা’ত এসময়ত বিভিন্ন নিৱদ্ধ লিখা স্বাতীয়ে উপলব্ধি কৰিছিল যে সংসাৰী হৈয়ো তেওঁৰ স্বামী আছিল একধৰণৰ সন্ন্যাসী, অহৰহ মানুহৰ মাজত থাকিও সুনীলে একাকীত্বত ভুগিছিল আৰু অন্য নাৰীৰ লগত সম্পৰ্ক গঢ়ি তুলিলেও পত্নীৰ প্ৰতি ভালপোৱা অলপো কমা নাছিল৷

এজন লেখকৰ মানসিক চাহিদাক অন্তঃকৰণেৰে উপলব্ধি কৰিব পৰা স্বাতীৰ দৰে উদাৰমনা পত্নী ভাৰতীয় সমাজত খুব কমেই পোৱা যাব৷ স্বাতীয়ে হয়তো ভাবিছিল : ষোল্লশ শতিকাৰ শেষৰ ফালে বিবাহ-বৰ্হিভূত প্ৰেমক লৈয়ে ইংৰাজী সাহিত্যত সৃষ্টি হৈছিল অলেখ অবিস্মৰণীয় ছনেট৷ এজন ৰূপহ যুৱক আৰু এগৰাকী কৃষ্ণাংগী মহিলাৰ প্ৰতি শ্যেক্সপিয়েৰে আকৰ্ষণ অনুভৱ নকৰা হ’লে ইংৰাজী সাহিত্যৰ অমূল্য সম্পদ তেওঁৰ ছনেটবোৰেই সৃষ্টি নহ’লহেঁতেন৷ কৃষ্ণাংগী নাৰী গৰাকীক লৈ লিখা শ্যেক্সপিয়েৰৰ ছনেটবোৰত মূৰ্ত হৈ উঠিছিল প্ৰবল যৌন চেতনা, আনন্দ, গ্লানি, বিষাদ ইত্যাদি৷ তেনেদৰে পৰকীয়া প্ৰেমক আধাৰ কৰিয়েই সমৃদ্ধ হৈ উঠিছিল প্ৰাচীন বাংলা সাহিত্য, তেনে ক্ষেত্ৰত সুনীলৰ দৰে ভৱিষ্যদ্ৰষ্টা কবি এগৰাকীক পৰকীয়া প্ৰেমে উদ্বেলিত নকৰিবনে?

প্ৰাচীন বাংলা সাহিত্যৰ পৰকীয়া প্ৰেমৰ বিষয়ে ডঃ বাণীকান্ত কাকতিয়ে কৈছে–‘গীত-গোবিন্দত যি পদ্মাৱতীৰ উল্লেখ আছে, তেওঁৰ লগত পণ্ডিতসকলে জয়দেৱৰ স্বামী-স্ত্ৰী সম্বন্ধ নেদেখে৷…জয়দেৱৰ পিছৰ বৈষ্ণৱ সাধকসকলেও পৰকীয়া ৰতি সাধনা কৰিছিল৷ চণ্ডীদাসে ৰামী নামৰ ধুবুনীৰ প্ৰতি, বিদ্যাপতিয়ে শিৱসিংহ ৰজাৰ ৰাণী লছিমাৰ প্ৰতি, ৰায় ৰামানন্দই জগন্নাথৰ দেৱদাসীৰ প্ৰতি, শ্ৰীৰূপ গোস্বামীয়ে মীৰাবাইৰ প্ৰতি, বিশ্বমংগলে চিন্তামণিৰ প্ৰতি পৰকীয়া ৰতি প্ৰকাশ কৰিছিল বুলি প্ৰবাদ-পৰম্পৰা চলি আহিছে৷’ [বাণীকান্ত ৰচনাৱলী, পৃষ্ঠাঃ২৮]

বহুতো পণ্ডিতে ক’ব খোজে ৰাধা-কৃষ্ণৰ পৰকীয়া প্ৰেম কাহিনী বাংলা কবিৰে সৃষ্টি, অন্যান্য ভাৰতীয় পৌৰাণিক সাহিত্যত ৰাধাৰ নামোল্লেখ পৰ্যন্ত নাই৷ আমাৰ শংকৰদেৱেও সামাজিক ব্যভিচাৰ সৃষ্টি হোৱাৰ আশংকা কৰিয়েই হয়তো ৰাধা চৰিত্ৰটো কাব্য-নাটক আদিৰ পৰা নিলগাই ৰাখিছিল৷ কিন্তু, বৈধই হওক বা অবৈধই হওক, প্ৰেমৰ জয়গান গোৱাত বাংলা কবি-সাহিত্যিকসকল সদায় আগৰণুৱা আছিল৷ বহু অসমীয়া সাহিত্যিকেই আত্মজীৱনী লিখিছে যদিও সুনীলৰ দৰে আত্মজীৱনী লিখাৰ সাহস কাৰোৱেই হোৱা নাই, হৃদয়ৰ গোপন সত্য প্ৰকাশৰ ক্ষেত্ৰত সমাজ-সংস্কাৰৰ কথা ভাবি থমকি ৰ’ব লগা হয়৷ ব্যতিক্ৰম মাথোন মামণি ৰয়ছম গোস্বামী, যি বিবাহ বহিভূত সম্পৰ্কৰ কথা, প্ৰেমিকৰে ৰাত্ৰিযাপন কৰাৰ কথা সাহসেৰে ব্যক্ত কৰিব পাৰিছিল৷

সুনীল গঙ্গোপাধ্যায়ৰ ‘হঠাৎ নীৰাৰ জন্যে’, ‘সেই মুহূৰ্তে নীৰা’ আদি কাব্য সংকলন পঠনৰ পাছত আমি যেতিয়া তেওঁৰ ‘আত্মপ্ৰকাশ’, ‘সৰল সত্য’ আদি পঢ়িবলৈ লওঁ, তেতিয়া একোটা দীঘল কবিতা পঢ়া যেনেই লাগিছিল৷ সুনীলৰ নদীময় গদ্যশৈলীয়ে আমাক এনেদৰে মুগ্ধ কৰি ৰাখিছিল যে তেওঁৰ একোখন উপন্যাস একে ৰাতিতে পঢ়ি শেষ কৰাৰ অভিজ্ঞতাও আছে৷ এতিয়া হয়তো সুনীলৰ কাহিনীৰ মায়াই আগৰ দৰে আচ্ছন্ন নকৰে, বৰং কিছুমান লেখা পঢ়ি বিৰক্তহে হওঁ৷ তথাপি, তেওঁৰ বৰ্ণাঢ্য জীৱনে–তেওঁৰ সৃষ্টিশীল ৰচনাৰাজিয়ে উন্মোচন কৰি যোৱা সত্যবোৰ আমাৰ বাবে সদায় প্ৰাসংগিক হৈ থাকিব৷

প্ৰিয় বাংলা লেখকজনৰ প্ৰথম মৃত্যু বাৰ্ষিকীত আমি তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনালোঁ৷

(ৰচনা কাল ঃ ২০১৩)

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে