চ’ৰাঘৰ / ক্ৰীড়াংগন / অসম আৰু অসমৰ ক্ৰীড়া : এটি অৱলোকন৷৷ সুমন্ত কাকতি৷৷

অসম আৰু অসমৰ ক্ৰীড়া : এটি অৱলোকন৷৷ সুমন্ত কাকতি৷৷

অসমীয়া হিচাপে অন্তিমবাৰৰ বাবে সকলোৱে গৌৰৱ কৰি উলাহত ফাটি পৰাৰ অন্তিমটো সুযোগ আহিছিল অসমে ২০০৭ চনত ৰাষ্ট্ৰীয় ক্ৰীড়াত ফুটবলত স্বৰ্ণ পদক পোৱাৰ ক্ষণত, এইটো সুযোগ বাৰে বাৰে অসমবাসী ৰাইজৰ বাবে আহিলে আনন্দৰ সীমা নাথাকিলেহেঁতেন৷ মুলসুঁতিৰ ভাৰতীয়ৰ তুচ্ছ্- তাচ্ছিল্যৰ প্ৰতি এইবিধ হ’লহেঁতেন আমাৰ শানিত অস্ত্ৰ ! ফাইনেলতকৈয়ো ভাল লাগিছিল যেতিয়া অসমে বংগক ৪-০ ত হৰুৱাইছিল, স্বৰ্ণপদকৰ নায়ক গলৰক্ষক উৰন্ত গোবিন্দ বড়ো, দুৰন্ত ষ্ট্ৰাইকাৰ সংঞ্জীৱা ৰংপি(২০০৬ চনৰ বৰদলৈ ট্ৰফীৰ ফাইনেলত এওঁ দিয়া গলটোৰ  বিৱৰণী ৰেডীঅত শুনি পাগল হৈছিলোঁ), থৈবা সিং, মিণ্টু বড়ো, বিৰ্জৱ মুছাহাৰী  (এ‍ৱেঁই বংগক  হেডাৰেৰে গলটো দি জিভা উলিয়াই বন্য উল্লাস প্ৰদৰ্শন কৰি বংগীয় ফুটবল জাত্যাভিমানক উপলুঙা কৰিছিল)  আদি খেলুৱৈবোৰ কত হেৰাল কোনোৱে খবৰ নেৰাখিলে৷
 স্বৰ্ণপদক দখল কৰিলেও অসম দলটোৱে চৰকাৰৰ ফালৰ পৰা কোনো উপযুক্ত সঁহাৰি পোৱা নাছিল৷ মহাৰাষ্ট্ৰৰ লগত ৪-১ ত জিকা খেলখন গুৱাহাটী ক্ৰীড়া সন্থাৰ পৰা ধাৰ কৰা জাৰ্চীৰে খেলিবলগা হৈছিল৷ চৰকাৰৰ পৰা পোৱা বুটৰ  অৱস্থা আছিল অতিকে তথৈবচ !
 ফুটবলৰ সমন্বিতে অসমৰ ক্ৰীড়াৰ বিষয়টো অসম সংক্ৰান্তত চলা বিতৰ্ক আৰু আলোচনাৰ পৰা সকলোৰে মন-মগজুত, চিন্তা চেতনাত বিস্তাৰিত হোৱাৰ সময় আহিছে৷ অসমীয়াত্ব এতিয়া গভীৰ সংকটত, অসমীয়াৰ সম্পদৰ অধিকাৰ বহিৰাগতৰ হাতত, অসমৰ অৰ্থনীতিৰ ভাগ্যনিয়ন্তা অকল বহিৰাগত পুঁজিপতি, আমাৰ স্বাভিমান গামোচাও তৈয়াৰ হয় কোনো অচিন কাৰখানাত, আমাৰ খাদ্যাভাসো অন্যৰ পৰা আমদানিকৃত৷ তদুপৰি স্বাধীন অসমৰ স্বপ্ন এতিয়া অতি ধূসৰ, বাৰুদৰ গোন্ধত অসমীয়া সমাজ-জীৱনত গভীৰ অৱক্ষয় পৰিলক্ষিত হৈছে৷ শক্তিশালী ৰাষ্ট্ৰযন্ত্ৰ থকাৰ পৰিপেক্ষিতত এই মুক্তি সংগ্ৰাম বাস্তৱত ৰূপায়িত হ’ব নোৱাৰে৷ অসমীয়াৰ জাতি-মাটিৰ গৌৰৱ ৰাজনৈতিক দলবোৰে অজস্ৰ সীমাবদ্ধতাৰ বাবে ৰক্ষা বহন কৰিব নোৱাৰে, তেন্তে আমি অসমীয়া হিচাপে গৌৰৱ কৰাৰ থল ক’ত থাকিল?
 অৱশ্যেই আছে৷ উত্তৰ হল ফুটবল আৰু এথলেটিকছ, বস্কিং৷ অসমৰ গ্ৰাম্যাঞ্চল অজস্ৰ ক্ৰীড়া সম্ভাৱনাৰে ভৰপূৰ৷ জনজাতীয় ফুটবল খেলুৱৈসকল জন্মগত যুঁজাৰু, সহজতে হাৰ মানিবৰ বাবে ইচ্ছুক নহয়৷ শাৰীৰিকভাৱে অতি শক্তিশালী, মানসিক ভাৱেও তেঁওলোক অত্যন্ত বুদ্ধিমত্তাৰ অধিকাৰী৷ অসমৰ পূৰ্ববংগীয় মুছলমান নাগৰিকবোৰ কাবাদী আৰু এথেলেটিকছত যথেষ্ট প্ৰতিভাশালী৷ ৰংয়িঙতো অসমৰ খেলুৱৈৰ অযুত সম্ভাৱনা লুকাই আছে৷ নাছিফা ছাদিক জুনিয়ৰ এছিয়ান চেম্পিয়ন নিম্নতম সুবিধাৰ মাজেৰেই সৃষ্টি হৈছে৷ উপযুক্ত সুবিধা পালে অসম ৰয়িঙৰ শক্তিকেন্দ্ৰ হৈ পৰিব বুলি আশা কৰিব পাৰি৷ ইপিনে, ইতিমধ্যেই গুৱাহাটীৰ অভিজাত স্কুলবোৰে প্ৰণালীবদ্ধ প্ৰশিক্ষণৰ জৰিয়তে দবাখেলৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ ফলত ভাল দবাৰুৰ জন্ম দিব পাৰিছে৷ ভলীবলতো অসমৰ গ্ৰামাঞ্চলত প্ৰচুৰ প্ৰতিভা লুকাই আছে৷ অসমৰ অপ্ৰশিক্ষণপ্ৰাপ্ত খেলুৱৈয়ে উচ্চপ্ৰশিক্ষণপ্ৰাপ্ত ৰেলৱে/ বিএছ এফ দলক কেনেকৈ পৰ্য্যুদস্ত কৰিছিল তাৰ মই চাক্ষুস সাক্ষী আছিলোঁ৷ এখন খেলত গোৱালপাৰাৰ ভিতৰুৱা গাঁৱৰ হিমাংশু দাস নামৰ মধ্য উচ্চতাৰ স্মেচাৰ এজনে অকলেই ৰেলৱে’ দলক  ঢোকে ঢোকে পানী খুৱাইছিল৷ অসমৰ অনেক যুৱকেই খেলৰ জৰিয়তে সেনাবাহিনীত সন্মান সহকাৰে নিযুক্তি লাভ কৰিছে৷ গতিকে উচ্চ প্ৰশিক্ষণ পালে অসমৰ যুৱক কিমান দুৰ্ধৰ্ষ হৈ উঠিব পাৰে, সেয়া সহজেই অনুমেয়৷ অভিজিৎ ভট্টাচাৰ্য্য আৰু স্বাক্ষৰ তালুকদাৰৰ পিছত অসমে ৰাষ্ট্ৰীয় স্তৰত প্ৰতিনিধিত্ব কৰিব পৰাকৈ অন্য প্ৰতিভাৰ সৃস্টি কৰিব পৰা নাই৷ এই ক্ষেত্ৰত প্ৰতিভাৰ অভাৱতকৈ চৰকাৰী অৱহেলাহে বেছি দায়ী৷ বক্সিঙত অসম অন্যতম পাৱাৰ হাউচত পৰিণত হ’ব পাৰে৷ অংকুশিতা বড়ো, যমুনা বড়ো, শিৱ থাপা আদি এইক্ষেত্ৰত অন্যতম পথিকৃৎ৷ কিছুবছৰ পুৰ্বে অসম ভ্ৰমণলৈ অহা ভাৰতৰ বিখ্যাত বেডমিণ্টন খেলুৱৈ চেতন আনন্দে অসমৰ খেলুৱৈৰ শাৰীৰিক গঠন চীনৰ খেলুৱৈৰ লেখীয়া বুলি ব্যক্ত কৰিছিল৷ গতিকে অসমৰ পৰা বেডমিণ্টনত ভাল খেলুৱৈ ওলোৱাৰ সম্ভাৱনা তেঁও ব্যক্ত কৰিছিল৷ স্বাভাৱিকতেই অসম বেডমিণ্টনৰ উল্লেখনীয় উৰ্বৰ ভূমি হব পাৰে৷ ইতিমধ্যেই অস্মিতা চলিহাই ৰাস্ট্ৰীয় পৰ্য্যায়ত খ্যাতি অৰ্জন কৰিছে৷ স্মৰ্তব্য যে অলিম্পিয়ান দীপাংকৰ ভট্টাচাৰ্যৰ প্ৰশিক্ষণেৰে পুষ্ট হৈয়ে অশ্বিনী পুনাপ্পাই ভাৰতক  বহুকেইটা আন্তজাৰ্তিক পদক উপহাৰ দিছিল৷ গতিকে নিজৰ মুলকত তেঁও যে অন্য অশ্বিনী পুনাপ্পাৰ জন্ম দিব পাৰিব, সেয়া ভাবিবৰ নিশ্চয় থল আছে !
অসমত ক্ৰিকেটৰ প্ৰতিভাও যথেষ্ট৷ অসমৰ বেগীবলাৰে চেগোচেৰোগাকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত ভাল প্ৰদৰ্শন কৰি আহিছে৷ অনুপ ঘটক, আবু নেচীম, সুজয় তৰফদাৰ, কৃষ্ণ দাস, অৰূপ দাস  আদিবোৰ জ্বলন্ত নাম৷ কিন্তু এইবোৰ খেলুৱৈ এচাম ক্লাৱৰ ঐকান্তিক নিঃস্বাৰ্থ চেষ্টাৰ ফচল৷ বৰপেটাৰ শিৱশংকৰ ক্লাৱ ইয়াৰ বাবে ধন্যবাদৰ পাত্ৰ! কিন্ত অসম ক্ৰিকেট সংন্থাৰ অৱদান এইক্ষেত্ৰত নগণ্য৷ বেগী বলাৰৰ প্ৰাচুৰ্য থাকিলেও অসমৰ পৰা এতিয়ালৈকে নাম কৰিব পৰাকৈ ভাল বেটছমেন ওলোৱা নাই৷ ভাল বেটছমেনৰ অভাৱতেই অসমে ৰঞ্জিট্ৰফীত মুখথেকেচা খাব লগা হয়৷ আশা কৰো, চৰকাৰে আন্তঃগাঁথনি উন্নত কৰি ভাল প্ৰশিক্ষক নিযুক্তি দি অনাগত সময়ত বিৰাট কোহলী ,ৰোহিত শৰ্মাৰ  লেখীয়া সম্ভাৱনাৰ জন্ম দিব !

 ইয়াৰ বাবে লাগিব সুসংহত প্ৰণালীবদ্ধ এটা গাঁঠনি, জিলা পৰ্যায়ৰ লগতে মহকুমা, পঞ্চায়ত পৰ্যায়ৰ গাঁঠনি প্ৰস্তুত কৰি আগবাঢ়িব লাগিব৷ এই  নীতিক বাস্তৱত ৰূপায়িত কৰিবৰ বাবে চৰকাৰী কৰ্তৃপক্ষই অচিৰেই স্থানীয় ক্লাৱৰ লগত চুক্তি কৰি উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে৷ অসমৰ অৰ্ধেক সংখ্যক বিদ্যালয়ৰ নিজা খেলপথাৰ আছে ৷ তাত সামান্যভাৱেই আন্তঃগাঁথনি উন্নত কৰি চেণ্টাৰ অৱ এক্সিলেঞ্চ স্থাপন কৰিব পৰা যায়৷ মহাবিদ্যালয়সমূহেও বিশ্ববিদ্যালয় অনুদান আয়োগৰ সাহায্য লাভ কৰি উন্নতমানৰ ইন্দোৰ ষ্টেডিয়াম সাজিছে৷ ইয়াৰ পৰাও নিয়মীয়া অনুশীলন আৰু প্ৰশিক্ষণৰ যোগেদি ভৱিষ্যতে উন্নত মানৰ খেলুৱৈ সৃষ্টি হ’ব পাৰে ! অসমৰ ক্ৰীড়া ক্ষেত্ৰত প্ৰতিভা সৃষ্টি নোহোৱাৰ অন্যতম কাৰণ হৈছে জিলা ক্ৰীড়া সংস্থাবোৰত দুৰ্নীতিৰ পয়োভৰ৷ অচিৰেই সংস্থাবোৰৰ ক্ষমতা আৰু পুঁজি কৰ্তন কৰি স্থানীয় ক্লাৱ বা বিদ্যালয়লৈ স্থানান্তৰ কৰিব লাগিব, তেতিয়াহে ভৱিষ্যতে খেলুৱৈ সৃষ্টিৰ সোণালী পথৰ নিৰ্মাণ হ’ব ! এনেকুৱা গাঁঠনি এটাৰ অস্তিত্ব থাকিলেহে খেলুৱৈৰ নিয়মীয়া উৎপাদন হ’ব৷ কেৱল উৎপাদন হ’লেই নহ’ব, হাৰিয়ানাৰ দৰে খেলুৱৈক সংস্থাপন কৰাৰ নীতি ল’ৱ লাগিব৷ কোৱা বাহুল্য যে জয়ন্ত তালুকদাৰৰ দৰে খেলুৱৈয়ে  উপযুক্ত চাকৰি নোপোৱাৰ পৰিপেক্ষিতত অন্য ৰাজ্যৰ হৈ খেলিবলৈ বাধ্য  হৈছিল৷ তেনে পৰিস্থিতিৰ দুনাই উদ্ভৱ হব দিব নালাগিব৷ ভাল গাঠনি এটা থকাৰ বাবেই বোম্বাই চহৰে ভাৰতীয় দলক খেলুৱৈ যোগান ধৰি আছিল৷ উপযুক্ত গাঠনি থকাৰ বাবেই মণিপুৰ দলৰ খেলুৱৈ নহ’লে ভাৰতীয় হকী দল গঠন নহয়, বক্সিঙৰ কথা নকওৱেই যেনিবা৷ কোঠাজিত সিং আৰু চিংলাস্তানা ভাৰতীয় হকীৰ অনন্য সম্পদ৷ ফুটবলতো এতিয়া মণিপুৰৰ খেলুৱৈৰ একাধিপত্য৷ চুবুৰীয়া ৰাজ্যৰ পৰা শিক্ষা লৈ অসমে যদি ক্ৰীড়াৰ উপযুক্ত গাঁঠনি প্ৰস্তুত কৰি বাস্তৱত ফলৱৰ্তী কৰাৰ প্ৰচেষ্টা চলায়, তেন্তে অসমীয়াৰ জাতীয় আবেগ, স্বাভিমান, শৌৰ্য-বীৰ্য প্ৰকাশৰ বাবে ক্ৰীড়া হ’ব উপযুক্ত অস্ত্ৰ !

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে