চ’ৰাঘৰ / কথাশিল্প / অনুভৱ / মোৰ ভাবৰ বুৰবুৰণি ৷৷ ডঃ গণেশ শৰ্মা ঠাকুৰ৷৷

মোৰ ভাবৰ বুৰবুৰণি ৷৷ ডঃ গণেশ শৰ্মা ঠাকুৰ৷৷

অভিজ্ঞতা চিৰ প্ৰবাহিত নদীৰ দৰে৷ আমৃত্যু মানুহৰ অভিজ্ঞতা থাকে অবিৰাম গতিত৷ অৱশ্যে, সকলোৰে ক্ষেত্ৰত এইটো প্ৰযোজ্য নহয়, অভিজ্ঞতা আহৰণৰ ক্ষমতা হ্ৰাস হ’লে বা লীন হ’লে জীৱিত অৱস্থাতো অভিজ্ঞতাৰ হীনদেঢ়ি হয়৷ শয্যাশায়ী অথৰ্ব এজনৰো অভিজ্ঞতা হয়, হয়তো সেয়া অপ্ৰকাশিত বা অব্যক্ত হৈয়েই ৰয়৷

মেলে-মিটিঙে, কথাই-বতৰাই, কৰ্ম জীৱনত, যাত্ৰাপথত মন কৰিছোঁ যে অভিজ্ঞতাৰ কথা কোৱাজনক শ্ৰোতাই সন্দেহৰ চকুৰেও চায়৷ অৱশ্যে, অভিজ্ঞতাবোৰৰ বিৱৰণ দিয়া জনে সেইখিনি উপলব্ধি কৰিব নোৱাৰে৷ অভিজ্ঞতা সময় সাপেক্ষ৷ শ্ৰোতাসকলে এতিয়া ‘তাহানিৰ ৰামো নাই, অযোধ্যাও নাই’ মানসতাৰে শুনি যায়৷ ধৰি লওক, এজন বক্তাই আজিৰ পৰা পঞ্চাশ বছৰ বা তাৰো আগৰ অভিজ্ঞতাৰ কথা কৈ অনৰ্গল বক্তৃতা দিছে৷ সেয়া বহুত ক্ষেত্ৰত বক্তাজনৰ লগত শ্ৰোতাৰ সাময়িক এক সম্পৰ্কতে শেষ৷ সাক্ষাৎকাৰ বিলাকত যে প্ৰশ্নকৰ্তাৰ উত্তৰত ব্যক্তিজনে অভিজ্ঞতাবোৰ কৈ যায়, সেইবিলাকৰ ব্যৱহাৰিক জীৱনত, শৈক্ষিক জীৱনত বা আন কৰ্মময় জীৱনত বিশেষ কামত নেলাগিলেও ব্যক্তিজনলৈ তাৎক্ষণিক শ্ৰদ্ধাজনিত এক শিহৰণ জাগে৷

চল্লিছ-পঞ্চাশৰ দশকত কামাখ্যা ধামলৈ মেখেলা উজোৱা খটখটিয়েদি যোৱা, তাহানিতে শ্বিলঙলৈ ঘোঁৰা গাড়ীৰে যোৱা আদি অভিজ্ঞতাবোৰৰ আদৰ এতিয়া কম৷ বৰ্তমান পৰিস্থিতিত সেইখিনি এক ক্ষণিক আনন্দৰ খোৰাক বা প্ৰচলিত ভাষাত ‘জমনি’৷ বৃটিছৰ আমোলত পাঠশালালৈ ঘৰৰ পৰা ঢাৰি বা কঠ লৈ যোৱা অভিজ্ঞতাৰ কথা ক’লে, টিফিনত লোকৰ ঘৰৰ বাৰীয়ে বাৰীয়ে আম, বগৰী, খেজুৰ বিচাৰি ফুৰা অভিজ্ঞতাবোৰ আজিৰ শিশুহঁতে কাছ-শহাৰ গল্পৰ আমোদ নোপোৱাৰ দৰে হ’ব৷ কাৰণ, বহুত নগৰীয়া শিশুক কাছৰ সমাৰ্থক ইংৰাজী শব্দটো ক’ব লাগিব৷ গতিকে, এইবোৰ অভিজ্ঞতাৰ বিবৰণ দি খুউব এটা লাভ নহয়৷

এই প্ৰসংগতে অলপতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ব বিভাগে প্ৰখ্যাত নৃতত্ববিদ ডঃ ধীৰেন্দ্ৰ নাথ মজুমদাৰৰ স্মৃতিচাৰণ অনুষ্ঠান এটিৰ আয়োজন কৰিছিল ৰাজ্যিক সংগ্ৰাহলয়ৰ আলোচনা কক্ষত৷ মোকো সেই অনুষ্ঠানলৈ নিমন্ত্ৰিত অতিথি হিচাবে নিমন্ত্ৰণ জনাইছিল৷ ডঃ মজুমদাৰৰ লগত হোৱা দুকুৰি বছৰীয়া সান্নিধ্যৰ বিষয়ে আৰু তেওঁৰ নিভাঁজ যথাৰ্থ ক্ষেত্ৰ-অধ্যয়নৰ বিষয়ে মই মোৰ বক্তৃতাত ক’লোঁ৷ সৰহ সংখ্যক স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে নীৰৱে শুনিলে৷ কিন্তু, নৃতাত্বিক ক্ষেত্ৰ অধ্যয়নৰ বিষয়ে পুৰণি ষ্টাইলৰ ক্ষেত্ৰ অধ্যয়নৰ যে এতিয়া গুৰুত্ব নাই যেনহে উপলব্ধ হ’ল৷ গৱেষণা সংক্ৰান্তত আমাৰ ওচৰলৈ অহা গৱেষকসকলৰ প্ৰতিও একেই ধাৰণা হৈছিল৷

এৰি অহা দিনবোৰৰ অভিজ্ঞতাৰ মাপকাঠিৰে বৰ্তমানৰ মূল্যবোধক জুখিব নোৱাৰি৷ প্ৰখ্যাত আইনজ্ঞ হলিৰাম ডেকাই ‘ৰামধেনু’ৰ ত্ৰয়োদশ বছৰৰ তৃতীয় সংখ্যাৰ ওকালতি শীৰ্ষক প্ৰবন্ধত লিখিছিল– ‘চল্লিশ বছৰৰ আগৰ চাহ বাগিচাৰ মেনেজাৰ এজনে যদি সেই দিনৰ অভিজ্ঞতাৰ কথা কয়, আজিৰ চাহ বাগিচাৰ মেনেজাৰ বা মালিকৰ বেছি কামত নাহিব৷ আজি ক’ব লাগিব শ্ৰমিকৰ হাতত প্ৰাণ যোৱা ইটাখুলিৰ আৰু আন আন হতভাগ্য মেনেজাৰৰ অভিজ্ঞতাৰ কথা বা আনবোৰ সামাজিক বা অৰ্থনৈতিক সংঘাতৰ কথা৷ বনুৱাৰ ছোৱালী বিচাৰি গৈ বাপেকক গুলীয়াই মৰা মেনেজাৰৰ কথা, শ্ৰমিক মেনেজাৰৰ গোৰ খাই মৰাৰ কথা এতিয়া ক’লে সেই অভিজ্ঞতাৰ দাম নিচেই কম হ’ব৷’

অভিজ্ঞতা এতিয়া প্ৰধানকৈ কিতাপৰ পাতত লিপিবদ্ধ সাহিত্যৰ বিষয়বস্তু৷ বিজ্ঞান আৰু তথ্য প্ৰযুক্তিয়ে আনকি আজিৰ পৰা কুৰি বছৰৰ অভিজ্ঞতাৰো নতুন মূল্যাংকন কৰিছে৷ যোৱা শতিকাৰ মাজভাগত জন্ম হোৱা সৰহ ভাগ পিতৃ-মাতৃয়ে এই কথা উপলব্ধি কৰিছে৷ আমি ডেকা কালত এনেকৈ কৰিছিলো, এনেকৈ পিন্ধিছিলো বা খাইছিলো, শিক্ষাগুৰু-সন্মানিতজনক এনেকৈ শ্ৰদ্ধা কৰিছিলো বুলি বক্তৃতা আৰম্ভ কৰো, তেন্তে এতিয়াৰ যুৱ প্ৰজন্মই পুতৌ মিশ্ৰিত হাঁহি মাৰিব৷ স্বয়ং মহাত্মা গান্ধীৰ সপোনৰ ৰামৰাজ্যত এতিয়া গোলকীয়কৰণৰ, ভোগবাদীৰ হাস্য উল্লাস৷ নতুনত্ব অহাতো স্বাভাৱিক আৰু ইয়াক উলাই কৰিবও নোৱাৰি৷ সেইখিনি অভিজ্ঞতাৰে সংপৃক্ত কৰি ল’লে হয়তো আজিৰ বৈপৰীত্যৰ দোমোজাত ককবকাই থকা সমস্যাসমূহৰ সমাধান বিচাৰি পোৱা গ’লহেঁতেন৷ এয়া যুগৰ প্ৰভাৱ আৰু যুগধৰ্ম মানি চলিবই লাগিব৷ ক্ষোভিত হোৱাৰ অৱকাশ নাই৷ উপনিষদৰ বাণীৰে ‘চৰৈৱতি চৰৈৱতি৷’

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে