চ’ৰাঘৰ / কথাশিল্প / অনুভৱ / এজন নীৰৱ কাব্য সাধক প্ৰদীপ শইকীয়া ৷৷ নীলাভ সৌৰভ৷৷

এজন নীৰৱ কাব্য সাধক প্ৰদীপ শইকীয়া ৷৷ নীলাভ সৌৰভ৷৷

ভোগবাদত আক্রান্ত আজিৰ সমাজ জীৱনত পৃথিৱীৰ প্রাচীনতম কলা হিচাপে স্বীকৃত কবিতাও যেন পণ্য হৈ পৰিছে৷ এনে প্ৰসংগক লৈয়ে কথাবতৰা হৈছিলোঁ নগাঁও জিলাৰ ৰণথলী গাঁৱত জন্মগ্রহণ কৰা এজন প্রচাৰ বিমুখ কবি প্রদীপ শইকীয়া(১৯৬১)ৰ সৈতে। তেখেতে কবিতাৰ পৃথিৱীত খোজ দিয়াৰ আঁৰৰ কাৰণ ব্যাখ্যা কৰি কৈছিল—‘কবিতাৰ প্রতি মোৰ তেনে কোনো আকৰ্ষণ নাছিল। কলেজীয়া দিনবোৰতো পাঠ্যপুথিৰ কবিতাৰ বাদে মই কোনো কবিতা পঢ়াই নাছিলোঁ। পিছে শৈশৱৰে পৰা, ছবি আৰু ৰঙৰ প্রতি আছিল দুৰ্বাৰ আকৰ্ষণ। কলেজৰ দিনবোৰতো ছবিহে আঁকিছিলোঁ। এজন চিত্রকৰ হোৱাৰ সপোন দেখিছিলোঁ। মোৰ দেউতা আছিল এজন সুদক্ষ শিল্পী। বৰ সুন্দৰ ছবি আঁকিছিল তেখেতে। ছবিৰ বাহিৰেও দেউতাই বৰ ভাল বাঁহী বজাইছিল। দেউতাৰ অংকিত ছবিৰ বিষয়ে ডঃ ভবেন্দ্রনাথ শইকীয়াই তেখেতৰ ‘জীৱন বৃত্ত’ত লিখি থৈ গৈছে । দেউতা ভঃ শইকীয়াৰ সহপাঠী আছিল। উত্তৰাধিকাৰী সূত্রেই হয়তো মোৰো তেজত প্রৱাহিত হৈ আছিল ছবি, ৰং, সুৰ, কথা। আমাৰ বৃহৎ পৰিয়ালটো আছিল বৰ্ণময় শিল্প সংস্কৃতিৰ পূজক-সেৱক। প্রায় ৭০ বছৰ আগতেই মোৰ এজন ককাদেউতাই কলিকতা অনাতাঁৰ কেন্দ্রত বাঁহী বজাইছিল। মোৰ ককাদেউতা আছিল আঠজন । খুৰা বৰদেউতাও আছিল অনেক। প্রায় সকলোৱেই ঠিক কিবা নহয় কিবা প্রকাৰে সংস্কৃতিৰ জগতখনৰ লগত জড়িত আছিল। কাঠৰ মূৰ্তি, মাটিৰ প্রতিমা সজা, ছবি অঁকা, গান গোৱা, বাদ্য বজোৱা, অভিনয় এইবোৰৰ উপৰিও পৰিয়ালটি আছিল উচ্চ চিন্তা আৰু প্রকৃত শিল্পৰ অনুশীলনত ব্রতী। তাহানিতে দেউতা, বৰদেউতাসকলে কলিকতাৰ পৰা “Reader’s Digest” আনি পঢ়িছিল। সেইবোৰ মোৰ লগত এতিয়াও আছে। ঘৰখন আছিল সাহিত্য, দৰ্শন, শিল্প, জ্যোতিষ সম্পৰ্কীয় কিতাপৰ পুৰণি ভঁড়াল স্বৰূপ। চিত্রকৰ হোৱাৰ আজন্ম সপোন মোৰ সপোন হৈয়ে থাকিল। সৌভাগ্যবশতঃ আমাৰ অতি শ্রদ্ধাৰ শিল্পী প্রণৱ বৰুৱা দাদাৰ সান্নিধ্যলৈ অহাৰ পিছত ছবি আৰু জগতখনৰ কতযে কথা শিকিবলৈ সুযোগ পাইছিলোঁ। এসময়ত ‘কল্লোল’ৰ ছাত্রও আছিলোঁ। পিছে মই জীৱনৰ ছবি অঁকাৰ আগতেই ,জীৱনে মোৰ ছবি আঁকিলে। এদিনৰ কথা, এখন বিশাল জলাহৰ মাজেদি আবেলি সময়ত ৰিণিকি ৰিণিকি দেখা মোৰ মোমাইদেউৰ গাঁওখনলৈ গৈ আছিলোঁ। অকলশৰে। লাহে লাহে গধূলিটো নামি আহিছিল । দূৰৈত ৰঙা হৈ নুমাব খোজা বেলিটোৱে এক অপৰূপ ৰূপ লৈ গোটেইখন কিবা এক বিমূৰ্ত ছবি যেন কৰি পেলাইছিল। মই থিয় হৈ আঁকিলোঁ আন্ধাৰ হৈ নোযোৱালৈকে। হঠাৎ মনলৈ আহিল এটা কথা। এই মুহূৰ্তটো ধৰি ৰাখিবলৈ মোৰ হাতত ৰং ,পেঞ্চিলো নাই। যদি মই এই ছবিখন শব্দৰে ধৰি ৰাখিব পাৰিলোঁহেঁতেন ! সেয়াই আৰম্ভনি কবিতাৰ। তাৰ পিছৰে পৰা সকলো সময়তে মোৰ বেগত কাগজ কলম লৈ ফুৰিছিলোঁ। য’লৈকে যাওঁ, যিয়েই নকৰোঁ, ভাব আহিলেই টুকি থওঁ এশাৰী বা এটা দুটা শব্দ। এনেকৈয়েই মই শব্দৰ প্রেমত পৰিলোঁ নিজৰ অজানিতে। লাহে লাহে ছবিবোৰে সাজ পিন্ধিলে শব্দৰ। শব্দৰ মাজতেই বিচাৰি পালোঁ ৰূপক বৰ্ণময় পৃথিৱীৰ।’’

কবিৰ দায়বদ্ধতা সম্পৰ্কে তেখেতৰ অভিমত–‘‘জীৱনানন্দইতো কৈয়েই গৈছে, সকলো কবি নহয়। কোনো কোনোহে কবি। ‘কবি’ শব্দটো সাধাৰণ শব্দ নহয়। যদিও আমি কবিতা লিখোঁ, সেইবোৰ কবিতানে? মই নিজকে কেতিয়াও কবি বুলি নাভাবোঁ। লাজ পাওঁ। কবিতা এটা লিখা বৰ সহজ কাম নহয়। বৰ যন্ত্রণাদায়ক। ই এক সম্ভ্রান্ত আৰু অতি সুক্ষ্ম কলা। ভয় লাগে শব্দবোৰ চুবলৈ। জানোচা, মৰ্যদা হানি হয় শব্দৰ। ৰেণু সৰি পৰে পখিলাৰ পাখিৰ। কবিতা এক তপস্যালব্ধ বস্তু। Serious সাধনা নহ’লে কবিতা টুলুঙা হয়। গভীৰ অধ্যয়ন, অভিজ্ঞতা, নিজস্ব দৃষ্টি আৰু আত্মদৰ্শন নহ’লে ভাল কবিতা লিখিব পাৰি বুলি বিশ্বাস নহয়। মই আজিলৈ এটাও কবিতা লিখিব পৰা নাই। সদা অতৃপ্ত আৰু যন্ত্রণাদগ্ধ এটা অধ্যায় কঢ়িয়াই লৈ ফুৰিছোঁ দিবা- ৰাত্রি। বৰ্তমান সময়ত কবিতা চৰ্চাৰ ক্ষেত্রত বহু তৰুণৰ কথা মন কৰিছোঁ। ভাবাবেগ, যৌৱনৰ উচ্ছাস আৰু প্রায় এক গতানুগতিক চিন্তাৰ প্রতিফলন হৈছে প্রায়সকলৰ কবিতাত। গভীৰ কথাতকৈ টুলুঙা সুৰ আৰু বিষয়বস্তুৰ প্রতি যেন কবিসকল বেছি আগ্রহী। সস্তীয়া জনপ্রিয়তা, যশ-মান আদিৰ প্রতি বেছি লালায়িত যেন অনুভৱ হয়। যিবোৰ কবিতাৰ মাজেৰে শব্দৰ মাজেৰে পাঠকে Explore কৰিবলৈ সুবিধা নাপায়, সেইবোৰ কবিতা ক্ষণস্থায়ী হয়। মই গভীৰ মননশীল কবিতাহে শিৰত তুলি লওঁ। .আৰু শিপা? শিপা নেমেলিলেতো গছেই নোলাব। ফুল ফুলা দূৰৰ কথা। শিপা- মাটি লাগিবই। নহ’লে ডেউকা মেলি অনন্তলৈ যোৱাৰ ভিত্তিয়েই নাথাকিব।’

বিশ্ব সাহিত্যৰ সৈতে নিজ ভাষা সাহিত্যৰ তুলনামূলক অধ্যয়নৰ প্ৰাসংগিকতা সম্পৰ্কে তেখেতে কয় যে আমাৰ ভাষাৰ সাহিত্য বা অন্য ভাৰতীয় ভাষাৰ সাহিত্যৰ অধ্যয়ন কৰিবই লাগিব, অনুবাদৰ যোগেদি হ’লেও। নহ’লে বিশ্বসাহিত্য বা আন ভাৰতীয় ভাষা সমূহতনো কি হৈ আছে ,আমি নাজানিম৷ বিশ্ব সাহিত্যৰ সৈতে নিজ ভাষা সাহিত্যক তুলনামূলক অধ্যয়নৰ প্রাসংগিকতা আছে। মহান লেখকসকলৰ চিন্তা আৰু সৃষ্টিয়ে সৃষ্টি কৰা জগতখনক আমি স্পৰ্শ অথবা দৰ্শন কৰিব পাৰিব লাগিব। জীৱন সম্বন্ধে কিছুকথাৰ আঁত ধৰি তেখেতে কয়–‘‘ জীৱন সম্পৰ্কে সাধাৰণ ধাৰণা হ’ল, বেদান্ত সূত্রৰ প্রথমতেই কোৱা সেই ‘‘অথাতো ব্রহ্ম জিজ্ঞাসা’’। মই কোন, ক’ৰ পৰা আহিছোঁ ,ক’লৈ যামগৈ? এই অচিন্ত্য ব্রহ্মাণ্ডৰ কত অজানা এতিয়াও পোহৰলৈ অহাই নাই। দৃশ্যমান বিশ্ব প্রকৃতিকনো আমি কিমানকণ জানো? নিজক জানিবলৈকে সময়ৰ হিচাবত জীৱনটো বৰ ছুটি । মই এক সাধাৰণ গুড়ি পৰুৱা মাথোঁ। অনন্ত ৰহস্যৰ মাজত দিক্ হাৰা, চিৰ বিষাদবদন এক কণমানি চৰাই। আকাশ কিমান বহল নাজানো। কিমান ওখ কোনো ধাৰণা নাই। মই এক অসহায় প্রতিধ্বনিৰ টুকুৰা এটা। তথাপি কওঁ, জীৱন বৰ সুন্দৰ, প্রকৃতি সুন্দৰ ,আমি যে জীয়াই আছোঁ শব্দময় পৃথিৱীও, সিও সুন্দৰ।’’

বৰ্তমান ভোগবাদী সংস্কৃতিৰ গ্রাসত আজিৰ মানুহৰ মাজৰ পৰা পুৰাতন প্রেমৰ ধাৰণা বা সংজ্ঞা কেনেদৰে পৰিবৰ্তিত হৈছে ? ইয়াৰ সম্ভাব্য ফলশ্রুতি সম্পৰ্কে কবিৰ ধাৰণা কি? এই প্ৰশ্নৰ উত্তৰত তেওঁ কয়– ‘‘প্রকৃততে আমি যে প্রেম বুলি কওঁ , ই প্রেম নহয় ‘কাম’হে। কামনাৰ পৰা উদ্ভৱ হোৱা দৈহিক মানসিক তাড়নাহে। Spiritualজগতৰ চিৰন্তন অচিন্ত্য প্রেমৰ বিস্তৃত প্রতিফলনেই হ’ল প্রেম। যাক আমি পাৰ্থিৱ জগতৰ প্রেম বুলি কওঁ। এতিয়া দৈহিক ক্ষুধা নিবাৰণৰ বাবে তথাকথিত উন্নত সভ্য সমাজে বৰ সহজেই সকলো সুবিধা লাভ কৰাৰ পথ প্রশস্ত হৈ উঠিছে। এইবোৰ বৰ অস্থায়ী প্রেম (?)। এতিয়া আৰু জংকী- পানেইৰ দিন নাই। উমৰ খয়ামো Out dated হৈ উঠিছে । কিম্ ধিক্ মিতি। দেহাত্মবোধৰ চিন্তাই গ্রাস কৰিছে সমস্ত জগত। এজন কবি যিহেতু সমাজৰে এজন, তেনেক্ষেত্রত তেওঁৰ কবিতাত ভৱিষ্যৎ সমাজৰ ছবি , ধ্বনি -প্রতিধ্বনি স্বাভাৱিকভাবেই থাকিব।’’

তেখেতৰ মতে কবিতাই প্রেমৰ চিৰন্তন সৌন্দৰ্য, মাধুৰ্য ধৰি ৰাখিব পাৰে। জীৱনত প্রেমৰ আসনেই সুকীয়া। প্রেমবিহীনতা মানেই অন্ধকাৰ। আজিৰ কবিতাই প্রেমৰ জ্যোতিস্মান ৰূপটোৰ প্রতিফলন ঘটাব পাৰে। য’ত উদ্ভাসিত হৈ উঠিব পাৰে এটা মুহূৰ্তৰ ভিতৰত অনন্ত মহাকালৰ পদধ্বনি, সৌন্দৰ্যৰ অপাৰ বিস্ময় আৰু প্রেমৰ ৰহস্যময়তা। ভোগবাদ কবিতাৰ ক্ষেত্রলৈও প্রসাৰিত হোৱাৰ সম্পৰ্কে তেখেতে দোহাৰে যে এতিয়া সমগ্র বিশ্বই ভোগবাদৰ কবলত। কলা-সংস্কৃতিও সাৰি যাব পৰা নাই। ভোগবাদৰ অদৃশ্য হাঁতোৰাত আৱদ্ধ সকলো প্রায় পণ্যলৈ ৰূপান্তৰিত হৈছে। বৰ্তমান আত্মিক জিজ্ঞাসাতকৈ ভোগবাদৰ সাহিত্য অধিক জনপ্রিয়। এতিয়াৰ মানুহে গভীৰ কথা ভাবিবলৈ, আৰোহণ কৰিবলৈ ভাল নাপায়। তাতকৈ সস্তীয়া কথাবোৰত মগ্ন হ’বলৈহে ভাল পায়। এতিয়া সাহিত্য পণ্য সামগ্রীলৈ ৰূপান্তৰিত হৈছে। বিশ্ব সাহিত্যৰ ক্ষেত্রতো প্রায় এনে কথা প্রযোজ্য। কিন্তু তাৰমাজতো ব্যতিক্রম নোহোৱা নহয়। সাম্প্রতিক অসমীয়া কবিতাৰ ক্ষেত্রখনলৈ চালেও দেখা যাব যে তৰল দেহাত্মবোধৰ ভোগাদৰ্শৰ কবিতাৰ জনপ্রিয়তা বেছি।

কবি শইকীয়াৰ সাধনাৰ পৃথিৱীখন কেৱল কবিতাতে সীমাবদ্ধ নহয়, কবিতাৰ উপৰি তেখেতৰ প্রিয় বিষয় হ’ল-ভাৰতীয় দৰ্শন, প্রাচীন বুৰঞ্জী আৰু পুৰাতত্ব। তেখেতে অসমৰ তথা ভাৰতৰ বিভিন্ন পুৰাতাত্বিক স্থানসমূহলৈ অধ্যয়নৰ বাবে গৈছে। বুৰঞ্জী অধ্যয়নৰ লগতে মিউজিয়ামসমূহো পৰ্যবেক্ষণ কৰিছে। তেখেতে কয়, ‘‘বিশেষকৈ প্রাচীন প্রস্তৰৰ ভাস্কৰ্যসমূহৰ প্রতি কিবা এক সন্মোহনত, তাড়নাত মই দিহিঙে দিপাঙে ঘূৰি ফুৰোঁ। পুৰণি শিলামূৰ্তিবোৰ বিচাৰি কিবা এক প্রশান্তি পাওঁ প্রাচীনতাৰ স্পৰ্শত। প্রাচ্যদৰ্শন মোৰ প্রিয় বিষয়। মাজতে কেইবাবছৰ ধৰি মই এই দাৰ্শনিক কিতাপবোৰকে অধ্যয়ন কৰিছিলোঁ। আনকি কেইবাবছৰ ধৰি মই কবিতাও লিখা নাছিলোঁ। পাৰ্থিৱ বিষয়ৰ প্রতি একদম অনীহা আছিল। বৰ্তমান মই পুৰাতত্বৰ ভিত্তিত কিছু কাম কৰি আছোঁ। চিত্রকলায়ো মোক ঘূৰাই ফুৰে। ছবি , বুৰঞ্জী, পুৰাতত্বৰ ভিত্তিত নতুন কেইটামান কাম কৰি আছোঁ। তদুপৰি অসমৰ লোকসংস্কৃতিৰ ভিত্তিত কিছু নতুন কাম কৰি আছোঁ। তদুপৰি অসমৰ লোকসংস্কৃতিৰ ভিত্তিত কিছু কাম কৰিছোঁ। লোকসংস্কৃতি, লোককথা মোৰ অতি প্রিয় বিষয়। আমাৰ অসমৰ বিচিত্র বৰ্ণিল লোকসংস্কৃতিয়ে মোক সদায়ে আকৰ্ষিত কৰি আহিছে।” নৱপ্রজন্মৰ কবিসকলক তেখেতে ক্ষণিক জনপ্রিয়তাৰ বাবে কাম কৰাতকৈ, কবিতাৰ ক্ষেত্রত Serious অধ্যয়নশীলতাৰে কবিতাক এক ধ্যানৰ বস্তু বুলি শ্রদ্ধাসহকাৰে গ্রহণ কৰাৰ কথা কয়। কাৰণ কবিতা চৰ্চা এক তপস্যাহে।

প্রিয় কবিৰ বিষয়ে উল্লেখ কৰি তেখেতে একাধিক কবিৰ কথা কয়। আনন্দ অথবা বেদনাৰ মুহূৰ্তত , তেখেতে সেই পূজ্যসকলৰ কবিতাক বুকুত লৈ ফুৰে। নিজৰ প্রসংগত কবিৰ অভিমত, ‘‘ মই এক সাধাৰণ মানুহ। মহান কবিসকলৰ কবিতা ইসদায়েই মোক আশ্বৰ্ষৰ আনন্দ আৰু বিষাদ দি আহিছে। যি বিষাদৰ মাজত মই বিচাৰি পাওঁ মোক। এখন উজ্বল বিষাদময় পৃথিৱীক। মনত পৰে, ১৯৮৫ চনত জাগীৰোডত শ্রদ্ধেয় নৱকান্ত বৰুৱাদেৱৰ সঞ্চালনাত এখনি কবি সন্মিলন হৈছিল। তাতে হীৰুদাই মোৰ হাতত ধৰি কৈছিল, ‘Be a man first’ মই কবি নহয় কিন্তু মানুহ হ’বলৈ চেষ্টা কৰি আছোঁ। ’’

৷৷ প্রদীপ শইকীয়াৰ এটি কবিতা৷৷

সেন্দূৰ খোৱা মাছ

খোজ দিওঁতেই অদৃশ্য
ওলমি থকা সাঁকো এখন
.
সুমথিৰা এটাৰে
সূৰ্যলৈ হাত মেলা এখন খিৰিকি
.
একেটা জাপিৰ তলত
সাবটা-সাবটিকৈ তিনিকুৰা জুই
.
একেখন খেৰৰ বিছনাত
সুহুৰিয়াই থকা তিনিজনী মানুহ
.
চকুৱে আঙুলিয়ালেই ফটাকাণিৰ
তিনিটা মুখবন্ধা পুতলা
.
মায়া পৃথিৱীৰ পোহৰত
একুৱাৰিয়ামত জাগন দিয়া
.
সেন্দূৰ খোৱা
তিনিটা মাছ৷৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে