দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / অনুবাদ / পাহাৰৰ শৃংগত ৷৷ মূল : সুনীল গঙ্গোপাধ্যায়, অনুবাদ : কৌশিক দাস৷৷

পাহাৰৰ শৃংগত ৷৷ মূল : সুনীল গঙ্গোপাধ্যায়, অনুবাদ : কৌশিক দাস৷৷

বহুদিনৰ পৰাই মোৰ এখন পাহাৰ কিনাৰ চখ্‌।
কিন্তু পাহাৰ কোনে বিক্ৰী কৰে সেইটো নাজানোঁ।
যদি তেওঁক লগ পালোঁহেতেন,
দাম কোনো হেঙাৰ নহ’লেহেতেন।
মোৰ নিজস্ব এখন নৈ আছে,
সেইখন দি দিলোঁহেতেন পাহাৰখনৰ বিনিময়ত।

কোনেনো নাজানে, পাহাৰতকৈ নৈৰ দাম বেছি।
পাহাৰ স্থাণু, নদী বহমান।
তথাপি মই নৈৰ সলনি পাহাৰখনহে কিনিলোঁহেতেন।
কাৰণ মই ঠগ খাবলৈ বিচাৰোঁ।

নৈখনো অৱশ্যে কিনিছিলোঁ এটা দ্বীপৰ বিনিময়ত।
ল’ৰালিত মোৰ সৰু, কণমাণি
সুন্দৰ দ্বীপ এটা আছিল।
তাত আছিল অসংখ্য পখিলা।
শৈশৱত দ্বীপটো আছিল মোৰ বৰ প্রিয়।

মোৰ যৌৱনত দ্বীপটো‌
মোৰ বাবে জোখত সৰু যেন লাগিছিল।
প্রবহমান চঞ্চল তম্বী নৈখন বৰ পচন্দ হ’ল মোৰ।

বন্ধুসকলে ক’লে, ইমান সৰু
এটা দ্বীপৰ সলনি ইমান ডাঙৰ
এখন নৈ পালি তই?
মজাকে জিকি গলি দে!

তেতিয়া জয়ৰ আনন্দত মই বিহ্বল হৈছিলোঁ।
তেতিয়া সঁচাই মই ভাল পাইছিলোঁ নৈখনক।
নৈখনে মোৰ বহুত প্রশ্নৰ উত্তৰ দিছিল।
যেনে, কোৱাচোন, আজি সন্ধিয়া
বৰষুণ হ’বনে?
নৈখনে কৈছিল, আজিতো ইয়াত দক্ষিণৰ গৰম বতাহ।
মাথোন এটি সৰু দ্বীপত বৰষুণ,
কেনে প্রৱল বৰষুণ, যেন এটা উৎসৱ!

মই সেইটো দ্বীপলৈ আৰু উভতিব নোৱাৰোঁ,
নৈখনে জানিছিল! সকলোৱে জানে।
শৈশৱলৈ আৰু উভতিব নোৱাৰি।

এতিয়া মই এখন পাহাৰ কিনিবলৈ বিছাৰোঁ।
সেই পাহাৰতলিৰ কাষতে থাকিব
গহন অৰণ্য, মই সেই অৰণ্য পাৰ হৈ যাম,
তাৰপাছত মাথোন ৰুক্ষ কঠিন পাহাৰ।
একেবাৰে টিঙত, পাহাৰৰ শৃংগৰ
নিচেই কাষত আকাশ, তলত বিপুল পৃথিৱী,
চৰাচৰত তীব্র নিৰ্জনতা।

মোৰ কণ্ঠ তাত কোনেও নুশুনিব।
মই মাত্র দহোটা দিশৰ উদ্দেশ্যে ক’ম,
প্রত্যেক মানুহেই অহংকাৰী, ইয়াত মই নি:সংগ-
ইয়াত মোৰ কোনো অহংকাৰ নাই।
ইয়াত জয়ী হোৱাৰ সলনি ক্ষমা খুজিবলৈ ভাল লাগে।
হে দহো দিশ, মই কোনো দোষ কৰা নাই।
মোক ক্ষমা কৰা।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে