দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / সমকাল / ইণ্ডিয়ান ৰিয়েলিটি শ্ব’ৰ অন্ধকাৰ দিশ ৷৷ ধ্ৰুৱজ্যোতি ধনন্তৰি৷৷

ইণ্ডিয়ান ৰিয়েলিটি শ্ব’ৰ অন্ধকাৰ দিশ ৷৷ ধ্ৰুৱজ্যোতি ধনন্তৰি৷৷

ৰিয়েলিটি শ্ব’বোৰ যে প্ৰকৃততে ৰিয়েল নহয়, সেই কথা অধিকাংশ লোকেই বিশ্বাস কৰিবলৈ টান পায়। অথচ সময়ে সময়ে ভালেসংখ্যাক লোকে ৰিয়েলিটি শ্ব’বোৰৰ আঁৰৰ কাহিনী ৰাজহুৱা কৰি আহিছে। ৰিয়েলিটি শ্ব’বোৰ একাধিক বিতৰ্কতো সোমাই আহিছে। কিন্তু উক্ত বিতৰ্কবোৰ ইয়াৰ মন্ত্ৰমুগ্ধ দৰ্শকসকলক ভবাই তুলিব পৰাকৈ যথেষ্ট নাছিল। শেহতীয়াকৈ চুমা বিতৰ্কই সকলোকে সচেষ্ট কৰি তুলিছে। কিন্তু সেয়া কেৱল চুমাক লৈয়ে সীমাৱদ্ধ হৈ ৰৈছে বা সীমাৱদ্ধ কৰি ৰখা হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ টিভি চেনেলসমূহেও বিষয়টোক চুমাতে আৱদ্ধ কৰি ৰাখিছে।

চুমাৰ পৰিৱৰ্তে ৰিয়েলিটি শ্ব’ৰ ভিতৰভাগলৈ সোমাই গ’লে প্ৰথমেই বিপদত পৰিব নিউজ চেনেলবোৰৰ মালিক পক্ষ। কিয়নো অধিকাংশ নিউজ চেনেলৰ সৈতে যুক্ত হৈ থাকে এণ্টাৰটেইণ্টমেণ্ট চেনেল আৰু এই এণ্টাৰটেইন্টমেণ্ট চেনেলকেইটাৰ পৰা যিমান উপাৰ্জন হয় সিমান উপাৰ্জন নিউজ চেনেলৰ পৰা নহয়। যি নহওক, এতিয়া আহিছো আচল কথালৈ। ৰিয়েলিটি শ্ব’বোৰ প্ৰকৃততে ৰিয়েল নে? ইয়াৰ উত্তৰ হৈছে নহয়। ৰিয়েলিটি শ্ব’বোৰো একপ্ৰকাৰ ছিৰিয়েল সদৃশ হৈ পৰিছে। ছিৰিয়েল বা ডকুমেণ্টৰিত স্ক্ৰীপ্ট থাকে। স্ক্ৰীপ্ট অনুযায়ী আগবাঢ়ে কাহিনী। ৰিয়েলিটি শ্ব’বোৰক আনস্ক্ৰীপ্টেড বুলি ভবা হয়। পিছে বৰ্তমান ৰিয়েলিটি শ্ব’তহে ছিৰিয়েল বা ডকুমেণ্টৰিতকৈয়ো ভালতকৈয়ো ভাল (দৰ্শক ধৰি ৰাখিব পৰা) স্ক্ৰীপ্টৰ প্ৰয়োজন হৈ পৰিছে। আৰু এই স্ক্ৰীপ্টেড শ্ব’ত ভাগ লোৱা কনটেষ্টটেণ্টৰ পৰা আৰম্ভ কৰি একেবাৰে এংকৰ-জাজ সকলোকে একো একোটা অবাস্তৱ চৰিত্ৰলৈ ৰূপান্তৰিত কৰি আহিছে। অৰ্থাৎ সহজ কথাত ক’বলৈ গ’লে বহুতে ভবাৰ দৰে ৰিয়েলিটি শ্ব’বোৰ ৰিয়েল নহয়, সেয়া হৈছে দৰ্শক আনকি প্ৰতিযোগীসকলেও সহজে ধৰিব নোৱৰা এখন বাণিজ্যিক নাটক।

আহিছো অনলাইন ভোটিং বিষয়টোলৈ। এই অনলাইন ভোটিঙৰ বিশ্বাসযোগ্যতাকলৈ বিভিন্ন সময়ত প্ৰশ্ন উত্থাপিত হৈছে। অলপতে চলচিত্ৰ নিৰ্মাতা সুজিত ছিৰকাৰে এই প্ৰসংগৰ অৱতাৰণা কৰি কোনো এটা নিৰ্দিষ্ট ৰিয়েলিটি শ্ব’ৰ নাম উল্লেখ নকৰাকৈ কৈছে যে টিভি স্ক্ৰীণত দেখা পোৱা শ্ব’বোৰৰ অনলাইন ভোটিং সম্পূৰ্ণৰূপে ভুৱা হয়। দৰ্শকে ভোট ঠিকেই দিয়ে যদিও স্ক্ৰীপ্ট অনুযায়ীহে ভোটিং পাৰ্চেণ্টেজ স্ক্ৰীণত দেখুউৱা হয়। কিয়নো দৰ্শকে ভোট দিয়া মতে শ্ব’ চলাবলৈ হ’লে কম মাৰ্কেট ভ্যেলু থকা কনটেষ্টটেণ্টকো জয়ী কৰাবলগীয়া হ’ব পাৰে। ফলত শ্ব’ৰ টিআৰপি হ্ৰাস পোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

আন এটা গুৰুত্বপূৰ্ণ বিষয়। ৰিয়েলিটি শ্ব’বোৰৰ মূল উদ্দেশ্য কি– টেলেন্ট ছাৰ্চ নে মাৰ্কেট ছাৰ্চ? এটা কথা আমি সকলোৱে জনা উচিত যে এণ্টাৰটেণ্টমেন্ট চেনেলকেইটাৰ মালিকে সমাজ সেৱা কৰিবলৈ বহু কৰ্মচাৰীক দা-দৰমহা দি চেনেল খোলা নাই। চেনেল খুলিছে ব্যৱসায়িক লাভালাভৰ বাবে। গতিকে টেলেণ্ট চাৰ্ছৰ এখন আৱৰণ লগাই এই শ্ব’বোৰৰ জৰিয়তে চেনেলবোৰে মাৰ্কেটহে ছাৰ্চ কৰে। সেয়ে প্ৰতিটো এপিছডতে অধিক আকৰ্ষণীয় স্ক্ৰীপ্টৰ জৰিয়তে কেনেকৈ টিআৰপি বৃদ্ধি কৰিব পাৰি সেয়া বিশ্লেষণ কৰিবলৈ এটা বিশেষ টীমক প্ৰতি মুহূৰ্ততে সাজু কৰি ৰখা হয়।

কথা হ’ল, এই ৰিয়েলিটি শ্ব’বোৰ কণকণ শিশুসকলৰ বাবে ভাল নে কাল? প্ৰথম দৃষ্টিত নিশ্চিতভাৱেই এয়া ভাল যেনেই লাগিব। পিছে ভালকৈ চালে দেখা যায় যে এনে শ্ব’বোৰৰ ভাগ লোৱা শিশুসকলৰ পৰৱৰ্তী জীৱন ভয়াৱহ হৈ উঠাৰ সম্ভাৱনাহে অধিক। বৰ্তমান সমগ্ৰ দেশতে বিভিন্ন স্থানীয় আৰু ৰাষ্ট্ৰীয় দুয়োটা পৰ্যায়তে একাধিক ৰিয়েলিটি শ্ব’ অনুষ্ঠিত হয়। এনে ৰিয়েলিটি শ্ব’বোৰে প্ৰতি বছৰে জন্ম দিয়ে একাধিক ইনষ্টেণ্ট ষ্টাৰৰ। এনে ইনষ্টেণ্ট ষ্টাৰক আমি হঠাৎ মাটি ফুটি ওলোৱা তাৰকা বুলি অভিহিত কৰিলেও ভুল কোৱা নহ’ব যেন লাগে। কেইমাহমানৰ ভিতৰতে হঠাৎ ষ্টাৰ হৈ পৰাৰ পিছত কণকণ শিশুসকলে এখন মায়াময় পৃথিৱীত প্ৰৱেশ কৰে। পিছে সেই মায়াময় পৰিৱেশ গোটেই জীৱনজুৰি নাথাকে। অতিশীঘ্ৰেই মায়াময় পৰিৱেশৰ পৰা মাটি ফুটি ওলোৱা তাৰকাসকল বাস্তৱৰ মুখামুখি হ’বলগীয়াত পৰে। আৰু তেতিয়াই সৃষ্টি হয় সমস্যাৰ। এনে পৰিস্থিতিত বহুতৰে অৱস্থা মাটিত সৰি পৰা ধূমকেতু সদৃশ হৈ পৰাৰ সম্ভাৱনা থাকে। কিয়নো প্ৰতিবছৰে নতুন নতুন ষ্টাৰ সৃষ্টি হৈ থাকে আৰু পুৰণি ষ্টাৰবোৰ গুৰুত্বহীন হৈ গৈ থাকে। তাৰ মাজতে পঢ়া-শুনাৰ কথা থাকে। গতিকে বহু গুৰুত্ব পাই পাই গুৰুত্বহীন হৈ পৰাৰ ফলত মনোজগতত কি প্ৰভাৱ পৰিব পৰে সেয়া বহলাই কোৱাৰ প্ৰয়োজন নিশ্চয় নাই।

এনেবোৰ কাৰণতে ৰিয়েলিটি শ্ব’ৰ জাজ হৈয়ো জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ছানুৱে শিশুসকলৰ অংশগ্ৰহণৰে আয়োজন কৰা ৰিয়েলিটি শ্ব’ নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰিছে। একেই দাবী উত্থাপন কৰিছে সুজিত ছিৰকাৰেও। এই সন্দৰ্ভত ২০১১ চনত নেশ্যনেল কমিছন ফৰ দ্য প্ৰটেকশ্যন অব চাইল্ড ৰাইটছে শিশুসকলে ভাগ লোৱা টিভি শ্ব’বোৰৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ গাইডলাইন নিৰ্ধাৰণ কৰি দিছিল। কিন্তু তেনে গাইডলাইন গাইডলাইন হৈয়ে ৰৈছে বাবেই শেহতীয়াকৈ পাপনে চুমা খোৱা জাতীয় বিতৰ্কৰ উদ্ভৱ হ’বলৈ পাইছে।

বিশ্বাস কৰিবলৈ কঠিন হ’লেও এয়া সত্য যে এনে শ্ব’সমূহত কনটেষ্টটেণ্টসকলৰ জ্ঞাতসাৰে বা অজ্ঞাতেই বহু নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ আহিছে যদিও সেইবোৰ পোহৰলৈ নহাকৈ থাকি যায়। ইয়াৰ মূল কাৰণ হৈছে গোপনীয়তা ৰক্ষাৰ চৰ্ত। এই চৰ্ত অনুযায়ী কনটেষ্টটেণ্টসকলে শ্ব’ৰ শ্বুটিং চলি থকা সময়ৰ কথা ৰাজহুৱা কৰিব নোৱাৰে। গোপনীয়তা ৰক্ষাৰ এনে চৰ্ত মানিলেহে শ্ব’ত ভাগ ল’বলৈ দিয়া হয়। আনকি চূড়ান্ত বিজয়ী হোৱাৰ পিছতো গোপনীয়তা ৰক্ষাৰ চৰ্ত হিচাপে একাধিক চৰ্ত মানি ল’বলগীয়া হয় প্ৰতিযোগীসকলে।

ভইচ কিডছকে আদি কৰি একাধিক শিশু অংশগ্ৰহণকাৰীৰ ৰিয়েলিটি শ্ব’ত দেখা যায় যে শিশুসকলক হষ্ট আৰু জাজে অবান্তৰ আৰু বয়সৰ অনুপযোগী প্ৰশ্ন কৰে। ৮-১০ বছৰীয়া শিশুটিকো বায়ফ্ৰেইণ্ড-গাৰ্লফ্ৰেইণ্ড আছেনে নাই সেয়া সোধা হয়। কণকণ ল’ৰাবোৰক ফিমেল জাজ বা গেষ্টৰ বিষয়ে কি ৰোমাণ্টিক ফিল হৈছে সেয়া ক’বলৈ বাধ্য কৰোৱা হয়। আনকি এটি ৮ বছৰীয়া ল’ৰাক এটা ৰিয়েলিটি শ্ব’ত আণ্ডাৰপেণ্ট নিপিন্ধা ল’ৰা হিচাপে পৰিচয় কৰাই দি স্কাৰ্ট পিন্ধাই দি ছোৱালী সজাই গান গাবলৈ বাধ্য কৰোৱা হৈছিল। এটি ১৩ বছৰীয়া ল’ৰাক আকৌ ৰাছিয়ান ফিমেল গেষ্ট এগৰাকীৰে ফুলৰ থোপা এক্সছেঞ্জ কৰাবলৈ কৈ বিয়া পতা সদৃশ কথাৰ অৱতাৰণা কৰিছিল। ধেমালিৰ নাম লৈ কৰা এনেধৰণৰ অদ্ভূত কাণ্ড-কাৰখানাবোৰো নিশ্চয় পাপনে নাবালিকাগৰাকীক চুমা খোৱা সদৃশ নিৰ্যাতনতকৈ কম নিৰ্যাতন নহয়। একেদৰে কণ কণ শিশুসকলক বয়সৰ অনুপযোগী অতি ৰোমাণ্টিক গীত গাবলৈ দিয়াটোও একপ্ৰকাৰৰ নিৰ্যাতন বুলিব পাৰি।

বিগত বৰ্ষত পৰিচালক, কলা নিৰ্দেশক অমল গুপ্তাই পোহৰলৈ আনিছিল ৰিয়েলিটি শ্ব’ৰ এটি আন্ধাৰ দিশ। কিন্তু এই আন্ধাৰ দিশটোক লৈ সংবাদ মাধ্যমে কোনোধৰণৰ চৰ্চা নকৰিলে। ছ’চিয়েল মিডিয়াতো বিষয়টোৱে সিমান গুৰুত্ব নাপালে। গুপ্তাই এখন ৰাষ্ট্ৰীয় কাকতৰ সৈতে হোৱা সাক্ষাৎকাৰত জনোৱা মতে, প্ৰতিযোগীসকলৰ অধিকাংশকে অভিভাৱকৰ সৈতে সস্তীয়া হোটেলত ৰখা হয়। সেইকেইদিনত প্ৰত্যেক দিনা পুৱাই কণকণ প্ৰতিযোগীসকল ৰিহাৰ্চেলৰ বাবে ষ্টুডিঅ’লৈ যাবলগীয়া হয়। ৰিহাৰ্চেলৰ নামত শিশুসকলক স্বাভাৱিক কাম-কাজৰ পৰা আঁতৰাই ৰখা হয় আৰু ঘণ্টাৰ পিছত ঘণ্টা ধৰি শ্বুটিং কৰিবলৈ বাধ্য কৰোৱা হয়। আনকি কোনো কোনো সময়ত নন-এয়াৰকনডিশ্যনেল ৰুমতো ৰখা হয় বুলি অভিযোগ তুলিছে পৰিচালকগৰাকীয়ে।

কেৱল সিমানেই নহয়। এটা শ্ব’ত সংঘটিত হৈছিল এটি লোমহৰ্ষক ঘটনা। এজন দৃষ্টিহীন চেমনীয়াই এটি ছিংগিং কনটেষ্টৰ চূড়ান্ত পৰ্যায় পাইছিল। মূল ৰাউণ্ডৰ শ্বুটিঙৰ দিনা বহু সময় ধৰি স্ক্ৰীপ্ট অনুযায়ী প্ৰেকটিছ কৰিবলৈ দিয়া হৈছিল প্ৰতিযোগীজনক। ৰেকৰ্ডিঙৰ সময় আছিল নিশা ১ বজা। কিন্তু দুৰ্ভাগ্যজনকভাৱে গোটেই দিনটো ৰিহাৰ্চেল কৰি কৰি শ্বুটিঙৰ সময়লৈকে চিৰদিনৰ বাবে হেৰুৱাই পেলাইছিল কণ্ঠ। ঘটনাই বিষম ৰূপ ল’ব পাৰে বুলি নিশাৰ ভিতৰতে স্ক্ৰীপ্ট সলনি কৰি শ্ব’টোৰ কাহিনী নতুন কৰা হৈছিল। লগতে দৃষ্টিহীন চেমনীয়াটিৰ অভিভাৱকক ধনৰ বিনিময়ত মুখ বন্ধ কৰি ৰাখিছিল। পৰিয়ালৰ লোকে কোনোধৰণৰ অভিযোগ নকৰাত এই ভয়ংকৰ কথা কথা সংবাদ মাধ্যমৰ আঁৰতে ৰৈ যায়।

বহু সময়ত দেখা যায় যে প্ৰতিভাৱান প্ৰতিযোগী এজনো মূল ৰাউণ্ড পোৱাৰ আগতে বাহিৰ হৈ যায়। কিন্তু কিয়? ইয়াৰ কাৰণ হৈছে মাৰ্কেট ভ্যেলু। মাৰ্কেট ভ্যেলু একমাত্ৰ টেলেণ্টৰ ওপৰতে নিৰ্ভৰ নকৰে। মাৰ্কেট ভ্যেলু নিৰ্ভৰ কৰে টিআৰপিৰ ওপৰত। সেয়ে যিবোৰ প্ৰতিযোগীৰ টিআৰপি অধিক হোৱাৰ উমান পোৱা হয় তেনে প্ৰতিযোগীক টেলেণ্টেড নহ’লেও স্ক্ৰীপ্টৰ জৰিয়তে দৰ্শকৰ সমুখত টেলেণ্টেডকৈ উপস্থাপন কৰে শ্ব’ৰ প্ৰডিউচাৰে তথা সম্পূৰ্ণ টীমটোৱে। আনকি টিআৰপিৰ প্ৰতি লক্ষ্য ৰাখি একাধিক এপিছডৰ বাবে প্ৰতিযোগীসকলক সম্পূৰ্ণৰূপে অভিনয় কৰিবলৈ দিয়া হয়। এনে অভিনয়ত দৰ্শকৰ সন্মুখত দাঙি ধৰা হয় একো একোটা আৱেগিক কাহিনী।

এইবাৰ আহিছো বিচাৰকৰ প্ৰসংগলৈ। বহুতেই ভাবে যে ৰিয়েলিটি শ্ব’বোৰত বিচাৰকসকলে নিজৰ মতেৰে নম্বৰ দিয়ে। পিছে সেই ধাৰণা ভুল। বিচাৰকসকলেও শ্ব’বোৰত স্ক্ৰীপ্ট অনুযায়ীহে কাম কৰে। বিচাৰকৰ হাঁহি, কান্দো কান্দো যেন কৰা মুখ, ইস-আস এই সকলোবোৰেই হৈছে কৃত্ৰিম। কিমান নম্বৰ দিব সেয়াও হয় স্ক্ৰীপ্ট অনুযায়ী। কোনজন বিচাৰকে কোনজন প্ৰতিযোগীক কি ক’ব, কি সুধিব সেই সকলোবোৰেই চিনেমাৰ কাহিনীৰ দৰে পূৰ্বপৰিকল্পিত। আনকি তাত হাত চাপৰি বজোৱা, সুঁহুৰি বজোৱা দৰ্শকসকলো হৈছে ক্ৰিউ মেম্বাৰ।

এনেকৈয়ে ৰিয়েলিটি শ্ব’বোৰে মনোৰঞ্জন প্ৰদানৰ নামত দৰ্শকসকলক মূৰ্খ সজাই আহিছে। মূৰ্খ সজাই আহিছে প্ৰতিযোগী তথা প্ৰতিযোগীৰ অভিভাৱকসকলকো। আনকি অডিশ্যনৰ নামতো টিআৰপিকহে গুৰুত্ব দিয়ে শ্ব’ৰ প্ৰডিউচাৰ এণ্ড হিজ টীমটোৱে। অডিশ্যনৰ প্ৰক্ৰিয়াবোৰো সমানেই বিসংগতিপূৰ্ণ। বহু সময়ত অডিশ্যনৰ পৰিৱৰ্তে দেশৰ ভিন্ন প্ৰান্তক বিভিন্ন চাৰ্কোলত ভাগ কৰি একাংশ এজেণ্ট নিয়োগ কৰে চেনেলবোৰে। উক্ত এজেণ্টবোৰৰ সহায়ত ভাল কাহিনী সম্ভৱ হোৱাৰ সম্ভাৱনা থকা প্ৰতিযোগীসকলক ভুৱা অডিশ্যনৰ জৰিয়তে স্থান দিয়া হয়। ডেন্স শ্ব’বোৰত একাংশ আগশাৰীৰ ডেন্স স্কুলৰ সৈতে গোপন বুজাবুজি হোৱাৰ কথাও শেহতীয়াকৈ পোহৰলৈ আহিছে। এনেকৈয়ে চলি আহিছে ইণ্ডিয়ান ৰিয়েলিটি শ্ব’বোৰ। প্ৰতিবছৰে কিদৰে পূৰ্বতকৈ অধিক টিআৰপি পাব পৰা যায় তাৰ বাবে শ্ব’বোৰত কি নতুন নতুন টুইষ্ট দিব পাৰি সেই লৈয়ো একো একোটা মাৰ্কেটিং টীমে কাম কৰি গৈছে দিনে-নিশাই। সেয়ে দৰ্শকসকলৰ বাবে প্ৰতিটো শ্ব’ হৈ উঠে অধিক উপভোগ্য। আনকি শ্ব’বোৰৰ বাবে এনেকৈ স্ক্ৰীপ্ট লিখা হয় যাতে দৰ্শকসকল ইয়াৰ প্ৰতি আসক্ত হৈ পৰে।

ইণ্ডিয়ান ৰিয়েলিটি শ্ব’বোৰহে যে এনেকৈ চলিছে সেয়া নহয়। বিশ্বৰ প্ৰায়বোৰ ৰিয়েলিটি শ্ব’ এতিয়া এনেকৈ চলিবলৈ বাধ্য হৈ পৰিছে। ইয়াৰ কাৰণ হৈছে দৰ্শকক ধৰি ৰখাৰ প্ৰতিযোগিতা। অৱশ্যে আমেৰিকা, ইংলেণ্ড আদি দেশত শিশুৰ ৰিয়েলিটি শ্ব’বোৰে নিৰ্দিষ্ট গাইডলাইন মানি চলা দেখা যায়। বাকী শ্ব’বোৰৰ অধিকাংশই হৈছে উন্নত প্ৰযুক্তিৰ কেমেৰা, ষ্টুডিঅ’ এফেক্টছ, গ্ৰাফিক্স আৰু এডিটিঙৰ সমাহাৰ। এনে উন্নত প্ৰযুক্তিৰ সমাহাৰৰ বাবেই ডিছকভাৰী, হিষ্টৰী টিভি, ফক্স লাইফৰ দৰে আন্তঃৰাষ্ট্ৰীয় চেনেলসমূহৰ ৰিয়েলিটি শ্ব’ যেনে মেন ভাৰ্ছেছ ৱাইল্ড, ফিচিং ইম্পচিবল, পন ষ্টাৰ্ছ আদিবোৰ আমাৰ চকুৰ সমুখত ১০০ শতাংশ জেনুইন হৈ ধৰা দিয়ে।

ৰিয়েলিটি শ্ব’বোৰ সম্পূৰ্ণ ৰিয়েল নহ’ল বুলি যে আমি চাব নালাগে তেনে কথা নহয়। মনোৰঞ্জনৰ বাবে চিনেমা চোৱাৰ দৰেকৈ শ্ব’বোৰ আমি চাব পাৰো। কিন্তু সেয়া চাই সম্পূৰ্ণ সঁচা বুলি ভাবি ল’লে সাধু কথা পঢ়ি পৃথিৱীখন ভেকুলীয়ে মূৰত দাঙি লৈ থকা বুলি বিশ্বাস কৰাৰ দৰে হ’ব।

শেষত আমি ইয়াকে ক’ব পাৰো যে প্ৰাপ্তবয়স্ক লোকে অংশগ্ৰহণ কৰা ৰিয়েলিটি শ্ব’বোৰ ফেক হ’লেও আমাৰ আপত্তি কৰিবলগীয়া বিশেষ নাই। কিন্তু শিশু অংশগ্ৰহণ কৰা শ্ব’বোৰে নিৰ্দিষ্ট গাইডলাইন মানি চলা ভাল। তাৰ বাবে চৰকাৰে শীঘ্ৰে নতুন আইন প্ৰণয়ন কৰা উচিত। অন্যথা ইয়াৰ পৰা যি সুদূৰপ্ৰসাৰী বিৰূপ প্ৰভাৱ পৰিব তাৰ পৰা ৰক্ষা পাবলৈ আমাক বহু সময়ৰ প্ৰয়োজন হ’ব। ইতিমধ্যে বিৰূপ প্ৰভাৱ পৰিবলৈ লোৱা দেখা গৈছেই। এনে বিৰূপ প্ৰভাৱৰ অংশ হিচাপ আমি দেখিবলৈ পাইছো যে অধিকাংশ পিতৃ-মাতৃয়ে এতিয়া নিজৰ সন্তানক ৰিয়েলিটি শ্ব’সমূহলৈ প্ৰেৰণৰ সপোন দেখিবলৈ লৈছে। আমি আশা কৰিম যেন এনে ভুল সপোনৰ পিছত দৌৰাৰ পৰিৱৰ্তে নিজৰ সন্তানক প্ৰকৃতাৰ্থত প্ৰতিভাৱান কৰি তুলিবলৈকেহে যেন যত্নৱান হয়। নহ’লে ক্ষন্তেকীয়া জনপ্ৰিয়তা অৰ্জনৰ ফলত হিতে বিপৰীত হোৱাৰ সম্ভাৱনাই অধিক।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে