চ’ৰাঘৰ / শিল্প / চলচ্চিত্ৰ / “Loving Vincent” – কথাছবিৰ নতুন কনচেপ্ট ৷৷ মুকুল মাধৱ বৈশ্য৷৷

“Loving Vincent” – কথাছবিৰ নতুন কনচেপ্ট ৷৷ মুকুল মাধৱ বৈশ্য৷৷

ভিনচেণ্ট ভেন গঘ কোননো বুলিলে আজিৰ পৃথিৱীত প্ৰশ্নটো কিবা খাপচাৰা যেন লাগে। তেওঁ চিত্ৰকৰ, তেওঁ শিল্পী নে তেওঁ মানৱ মনৰ বিশ্লেষক – কোনটো শাৰীত তেওঁক প্ৰতিষ্ঠা কৰিব পৰা যাব সেইটোৱেই এটা জটিল সমস্যা। তেওঁ কি আঁকিছিল, তেওঁ কি বুজাব বিচাৰিছিল, তেওঁ কি মনোজগতত বাস কৰিছিল – এই আটাইবোৰেই একো একোটা গৱেষণাৰ বিষয়। সেয়ে ভেন গঘক চিনি নোপোৱাটো এটা আচৰিত কথা। ছান ফ্লাৱাৰৰ পৰা আৰম্ভ কৰি পটেট’ ইটাৰ্চৰ মাজেৰে গৈ ষ্টাৰি নাইটত শেষ হোৱা বহু চিত্ৰকৰ্মৰ জন্মদাতা ভেন গঘে ছবি আঁকিছিল নে ফ্ৰয়েডৰ ছাইক’এনালাইচিচ ৰং-তুলিকাৰে কেনভাচত পৰীক্ষা-নিৰীক্ষা কৰিছিল বুজিবলৈ আজিও জটিল। তাতোকৈ জটিল লাগে যেতিয়া ভেন গঘৰ শিল্পকৰ্মক চেলুলায়ডত চলাই লৈ গ’ল, শ জন নতুন চিত্ৰকৰে একেলগে ভেন গঘৰ ছবিবোৰ আঁকি কেমেৰাৰ মাজেৰে চলাই নি ছবিবোৰক প্ৰাণবন্ত কৰি তুলিলে। ভেন গঘৰ ছবিবোৰ আৰু চৰিত্ৰবোৰ পথত ঘূৰি ফুৰিছে, ছবিবোৰৰ সমলবোৰ লৰচৰ কৰিছে – বাঃ, অপূৰ্ব। এইয়াই কথাছবিৰ ধাৰা, ইয়াকেই বোলে কথাছবিত নতুনত্ব, নতুন কনচেপ্ট আৰু নতুন পৰীক্ষা। আৰু এয়াই সেই ভেন গঘৰ চিত্ৰকৰ্মৰ ওপৰত নতুন কথাছবিখন, যাৰ নাম – “Loving Vincent”।

Loving Vincent এটা সাত বছৰীয়া প্ৰকল্প, পৰিচালক ড’ৰ’টা কবিয়েলা আৰু হুগ ৱেলমেনৰ এটা সপোনৰ বাস্তৱ ৰূপান্তৰ। এশ পঁচিশজন চিত্ৰশিল্পী আৰু ৬২, ৪৫০ হাতে অকাঁ পেইণ্টিঙৰ ফ্ৰেমচ্- উদ্দেশ্য ভেন গঘৰ শিল্প শৈলী আৰু শিল্প নিপুণতাক বাস্তৱৰ পৃথিৱীখনলৈ টানি অনা। এক অনবদ্য ধাৰণা, এক অনবদ্য প্ৰচেষ্টা আৰু এক অমূল্য সৃষ্টি।

Loving Vincent, ২০১৭ চনৰ এখন বহুমূলীয়া কথাছবি, এখন নতুন চিন্তাৰ কথা ছবি, এক নতুন পৰীক্ষাৰ কথাছবি। এনে চিন্তাই কথাছবি বোলা এই সৃষ্টিৰ পৃথিৱীখনক সদায়েই আগুৱাই লৈ গৈছে আৰু আগুৱাই নি থাকিব। দৰ্শকৰূপে আমাৰ এটাই দায়িত্ব – কথাছবিৰ এই নতুন ধাৰাবোৰ, সৃষ্টিবোৰক আমি আগ্ৰহেৰে গ্ৰহণ কৰিব লাগিব, আলোচনা-সমালোচনা কৰিব লাগিব, ধাৰা গ্ৰহণ কৰিব লাগিব আৰু কথাছবিৰ দৰে মহান কলাক আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰিব পাৰিব লাগিব। কথাছবি চাই ভাল পোৱা দৰ্শকসকলে এই কথাছবিখন অতি আদৰেৰে গ্ৰহণ কৰিব পাৰে, ই আপোনালোকক বিমুখ নকৰে।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে