চ’ৰাঘৰ / ৰসবিতান / আৰ এছ এছৰ সপক্ষে ৷৷ জিতেন বেজবৰুৱা৷৷

আৰ এছ এছৰ সপক্ষে ৷৷ জিতেন বেজবৰুৱা৷৷

আপোনাসৱে কিয় ইমান আৰ এছ এছক বেয়া পায় বুজিব নোৱাৰো। মই ভাবো, এয়া অজ্ঞতা নতুবা বিদ্বেষৰ ফলত হৈছে। মাথাটো অলপ ঠাণ্ডা কৰি গোলৱালকাৰজী বা দীনদয়ালজী বা শ্যামাপ্ৰসাদজীৰ ৰচনা দুখনমান পঢ়কচোন – আপোনাৰ ভুল ভাগিব। আগতে মোৰো কিছু ভুল ধাৰণা আছিল, কিন্তু সেই মহান চিন্তাবিদসকলৰ ৰচনাৰাজি পঢ়াৰ পাছত আৰু আৰ এছ এছৰ দৰ্শন অন্তঃকৰণেৰে উপলব্ধি কৰাৰ পাছত সেই ভুল ধাৰণা আঁতৰি গ’ল। এতিয়াতো মই ভাবো যে কেৱল অসম কিয়, সমগ্ৰ ভাৰতৰে জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলো লোকৰ বাবেই শেষ ভৰসা হ’ল আৰ এছ এছ।

অসমীয়া জাতি আৰু ভাষা-সংস্কৃতিৰ ৰক্ষা যদি কোনোবাই কৰিব পাৰে, তেন্তে সেয়া হ’ল কেৱল আৰ এছ এছ। জাতীয় সংগঠন বুলি ফিতাহি মাৰি থকাবিলাকে ইমান দিনে কি ঘেণ্টাটো কৰিলে আপোনালোকে দেখিলে নহয়। আৰু অসমীয়া জাতি, ভাষা-সংস্কৃতি বুলি চিঞৰ-বাখৰখন কৰি থাকিবলৈ ইমাননো কিটো আছে? আচল বস্তুটো হ’ল ভাৰতীয় জাতি আৰু ভাৰতীয় সংস্কৃতি। তেনেহ’লে ইয়াৰ মাজত অসমীয়াত্বনো কোনখিনিত? বজাৰৰ কিছুমান প্ৰডাক্ট যে বেলেগ বেলেগ ফ্লেভাৰ থকা পোৱা যায় (উদাহৰণ এটা দিবলৈ গৈ থমকি ৰ’লো, ভাৰতীয় সংস্কাৰে বাধা দিলে) – এইটো বোলে ষ্ট্ৰবেৰি ফ্লেভাৰ, এইটো বোলে বানানা ফ্লেভাৰ। কিন্তু ভিতৰৰ মালটোতো একেটাই। সেই মালটোৱেই হ’ল ভাৰতীয় জাতি বা সংস্কৃতি। বাকী ফ্লেভাৰবিলাক হ’ল অসমীয়া, বাঙালী আদি। গতিকে আমি অসমীয়া, বাঙালী কৰি নাথাকি আচল বস্তুটো বুজিবলৈ চেষ্টা কৰিব লাগে। কিন্তু অসমীয়া চুক ভেকুলিবিলাকে ক’ত বুজিব ভাৰতীয়ত্বৰ কথা? অসমীয়া অসমীয়া কৰি কৰি, মাহীআইৰ চকু চিঞৰি চিঞৰি তেওঁলোকে আন একো নেদেখা হ’ল আজিকালি। ক’ত মাহীআইৰ চকুৰে চোৱা দেখিলাহে? যদি আছিলো, সেয়া আছিল কংগ্ৰেছ যুগৰ কথা। এতিয়া আৰু সেই দিন নাই। কোন প্ৰধানমন্ত্ৰীৰ মুখত ‘জয় আই অসম’ বুলি শুনিছিলা হে, কোন প্ৰধানমন্ত্ৰীয়ে ‘সৰ্বহাৰাৰ সৰ্বস্ব ফিৰাই আনিম, সোণৰ অসম গঢ়িম’ গাইছিল, কাৰ মুখত শংকৰদেৱ-লাচিতৰ গুণ-গৰিমাৰ কথা ইমানকৈ শুনিছিলা? তাৰ পাছতো আকৌ মাহীআইৰ চকুৰ কথা ক’বলৈ আহে? কিন্তু মহান ভাৰতীয় জাতি আৰু সংস্কৃতিৰ কথা শংকৰদেৱে তাহানিতেই বুজি পাইছিল। সেইবাবেই তেওঁ ‘ধন্য ধন্য ভাৰতবৰিষে’ বুলি কৈছিল – ‘ধন্য ধন্য অসম’ বুলি কৈছিল জানো? তেতিয়া যদি ভাৰতত আৰ এছ এছ থাকিলেহেঁতেন তেন্তে শংকৰদেৱে নিশ্চয়কৈ বৌদ্ধিক প্ৰমুখ বা প্ৰান্তীয় প্ৰচাৰক জাতীয় কিবা দায়িত্বত থাকিলেহেঁতেন। আমাৰ হিন্দু বীৰ লাচিত বৰফুকনেও ভাৰত মাতাৰ ৰক্ষাৰ বাবে বিদেশী মোগলৰ সৈতে কম সাহসেৰে যুঁজা নাছিল। গংগা মাতাৰ বন্দনা কৰা ভূপেন হাজৰিকাই এই কথা উপলব্ধি কৰিয়েই শেষ বয়সত আৰ এছ এছত নহ’লেও বিজেপিত যোগদান কৰিছিল। এইবোৰ কথা মোহনজীয়েও কৈছে, কৃষ্ণগোপালজীয়েও কৈছে। তাৰ পাছতো বুজি নোপোৱাটোহে আচৰিত কথা। আনহাতে চাওক শংকৰদেৱে কি লিখিছিল – কুকুৰ শৃগাল গৰ্দভৰো আত্মা ৰাম। তাৰ মানে এই সকলোতে ৰাম ব্যাপ্ত হৈ আছে। তেতিয়াহ’লে ৰাম মন্দিৰ নবনাই কি বনাব লাগে? কিন্তু খাৰখোৱা অসমীয়াকেইটাই এইবোৰ একো বুজি নাপায়। তেওঁলোকে ইয়াৰপৰা এটা কথাই মাত্ৰ বুজি পালে আৰু সেইকাৰণে শিয়াল এটা ক’ৰবাত দেখিলেই খেদা মাৰি যায় – ৰামক প্ৰণাম কৰিবলৈ।

অসমীয়াই আৰ এছ এছৰপৰা শিকিবলগা দেধাৰ কথা আছে। কেলেহুৱা-কানীয়া অসমীয়াকেইটাই কিবা কাম শৃংখলাবদ্ধভাৱে আৰু সময়মতে কৰি পাইছেনে? কিন্তু আৰ এছ এছক চাওক। গুৱাহাটীত ইমান ডাঙৰ হিন্দু সমাবেশ পাতি গ’ল। ক’ৰবাত কিবা খেলিমেলি, দেৰি, গণ্ডগোল হোৱা দেখিলেনে? নাই। কিন্তু এই কথাটোকে দুই-এক চেনেল-পেপাৰৰ বাদে আন কোনেও বুজিকে নাপালে। ক’ত বুজি পাব? কেৱল শৃংখলাবদ্ধতা, নিয়মানুবৰ্তিতাই নহয় – আৰ এছ এছৰপৰা আমি শিকিবলগীয়া আছে ধৰ্ম, নৈতিকতা, ভাৰতীয় সংস্কাৰ, আধ্যাত্মিকতা। কিন্তু সবাতোকৈ ওপৰত আন এটা বস্তু শিকিবলগীয়া, সেইটো হ’ল দেশপ্ৰেম। প্ৰতিজন আৰ এছ এছৰ কেডাৰেই যেন এই সকলোবোৰ গুণৰ জীৱন্ত প্ৰতিমূৰ্তিহে। এই সকলোবোৰ ভাবি-গুণিয়েই মই নিজে সোনকালেই আৰ এছ এছত যোগদান কৰাৰ চিন্তা কৰি আছো। আপোনালোকেও চিন্তা কৰক। দেৰি নকৰাই ভাল, জাতি-সংস্কৃতি ৰক্ষাৰ কথা আছে।

আৰু আৰ এছ এছৰ বিৰুদ্ধে কুৎসা ৰটনাকাৰীসকলৰ অভিযোগবোৰনো কি? বোলে হিন্দুত্ব বেয়া। হিন্দুত্বক বেয়া বুলি ক’ব পাৰে মূৰ্খবিলাকেহে। এইটো এটা জীৱন দৰ্শনহে, ধৰ্ম নহয় নহয়। আচলতে ভাৰতীয়ত্বই হ’ল হিন্দুত্ব, ভাৰতীয় মানেই হিন্দু। গতিকে ভাৰতত বসবাস কৰা জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো লোকেই হিন্দু। লুইতপৰীয়া হিন্দু সমাবেশত আমাৰ মুখ্যমন্ত্ৰীয়েও দঢ়াই দঢ়াই সেই কথা কৈছে, যে অসমৰ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে, পাহাৰ-ভৈয়াম সকলোৰে উন্নতি আৰু সমন্বয়ৰ বাবেহে এই সমাবেশখন পতা হৈছে। আকৌ কিছুমানে কয় বোলে, আৰ এছ এছে মুছলমানক বেয়া পায়। কোনোবাই এটা প্ৰমাণ দিয়কচোন পাৰে যদি। আৰ এছ এছে সদায় হিন্দু-মুছলমানৰ সমন্বয়ৰ পক্ষেই কাম কৰি আহিছে। কিছুমান মুছলমান আৰু দেশদ্ৰোহী ছেকুলাৰ-বাঁওপন্থীয়েহে কথাটো বুজি নাপায়। আৰু গোলৱালকাৰৰ যিখন কিতাপত ভাৰতৰ অহিন্দু অধিবাসীসকলক হিন্দু ধৰ্ম-সংস্কৃতি গ্ৰহণ নকৰিলে নাগৰিক অধিকাৰো দিয়া নহ’ব বুলি কোৱা হৈছে, সেইখনতো আৰ এছ এছ বহু বছৰ আগতেই বৰ্জন (disown) কৰা বুলি ঘোষণা কৰিছে। কিছুমানে কয় বোলে, আৰ এছ এছ হিংসাত বিশ্বাসী। সেইটোতো পাক্কা মিছা কথা। জন্মলগ্নৰেপৰা আৰ এছ এছে সদায় অহিংসাত বিশ্বাস কৰি আহিছে আৰু অহিংসা ধৰ্ম পালন কৰি আহিছে। এইবিলাক মিছা কথা গাই থকা ফটুৱা বাঁওপন্থীকেইটাক সোধকচোন, ষ্টেলিনে কিমান মানুহ মাৰিছিল। আৰ এছ এছে কেতিয়া ক’ত কাক মাৰিছে হে? বৰঞ্চ কেৰালাত কমিউনিষ্টৰ হাতত মাৰ খাইছেহে। অৱশ্যে দুই-এক আৰ এছ এছ নেতাই কেতিয়াবা ক’ৰবাত নোকোৱা নহয় যে অমুকক মাৰিব লাগে, অমুকক মাৰিলে ইমান টকা দিম ইত্যাদি ইত্যাদি। কিন্তু কুৎসা ৰটনা কৰাবিলাকে এইটো কথাও বুজি নাপায় যে মানুহৰ প্ৰাইভেট আৰু পাব্লিক বুলি দুটা বেলেগ বেলেগ বস্তু আছে। যিটো কথা প্ৰাইভেট, সেইটোতো পাব্লিক হ’ব নোৱাৰে। এইধৰণৰ যিমান মাৰিম-কাটিম কথা, সেই আটাইবোৰেই সেই কোৱা মানুহবিলাকৰ প্ৰাইভেট কথা। তাৰ লগত যে আৰ এছ এছৰ কোনো সম্পৰ্ক নাই সেইটো কি বুজাই দিব লাগিব নেকি? তেনেকুৱা কথা মোহনজীয়ে ক’লেও সেয়া তেওঁৰ প্ৰাইভেট কথাই হ’ব। আৰু এটা স্বয়ংক্ৰিয় ব্যৱস্থা আৰ এছ এছত আছে। যদি কোনোবাই নক’বলগীয়া কথা কয়, তেন্তে তেওঁৰ আৰ এছ এছৰ সদস্যপদ তথা সংগঠনটোৰ সৈতে সম্পৰ্ক তৎমুহূৰ্ততে নিজে নিজে নাইকিয়া হৈ যাব। ধৰক, জগদম্বা মলে নকৰিবলগীয়া কাম এটা কৰিলে। গতিকে তৎক্ষণাৎ তেওঁ আৰ এছ এছৰ সদস্য নোহোৱা হৈ পৰিল। এইটো কোনোবাই কৰিব নালাগে – একদম অটোমেটিক ছিষ্টেম। ইয়াক কোনেও বাধা দিব নোৱাৰে। আনকি এবাৰ আৰ এছ এছৰ মুখপত্ৰ ‘পাঞ্চজন্য’ৰে সংগঠনটোৰ সৈতে কোনো সম্পৰ্ক নাইকিয়া হৈ গৈছিল এনেকুৱা কাৰণতে। পাছত যেনিবা কিবা প্ৰকাৰে আকৌ সম্পৰ্কটো ঘূৰাই অনা হ’ল। এই ব্যৱস্থাটো নুবুজাবিলাকে চিঞৰ-বাখৰ কৰিবই। সি যি নহওক, প্ৰাইভেট কথাটো প্ৰাইভেট বুলি বুজিবলৈ ইমান একো মাথা নালাগে দিয়ক। এইবোৰ মানুহে কোনবোৰ কথা পাব্লিক ইণ্টাৰেষ্ট থকা সেইটোও বুজি নাপায়। কোনোবা পশ্চিমীয়া সংস্কৃতিৰ মাজত ডুব যোৱা বিপথগামী যুৱক-যুৱতীয়ে যদি ৰাজহুৱা স্থানত প্ৰেম-পিৰীতিৰ পোহাৰ মেলে, একদম চুমা খাই দিয়ে, তেন্তে সেইটোতো ডাঙৰ পাব্লিক ইণ্টাৰেষ্টৰ বিষয়। কাৰণ তেনে অপসংস্কৃতিয়ে আমাৰ মহান ভাৰতীয় সংস্কৃতিৰ পতন ঘটাব। সেইবাবে তেনে বিপথগামী যুৱক-যুৱতীক দুই-এচাট লগোৱাটো প্ৰতিজন দেশপ্ৰেমিক ভাৰতীয়ৰে কৰ্তব্য। বা ধৰক, কোনোবাই লাভ জিহাদ কৰিব খুজিলে সেইটো বাধা দিয়াটো প্ৰতিজন আত্মগৌৰৱ থকা হিন্দুৰে দায়িত্ব। কিছুমানে আকৌ অভিযোগ কৰে যে আৰ এছ এছৰ মানুহে গান্ধীক হত্যা কৰিছিল। হেৰৌ, গডছেজীয়ে আদালতত দিয়া ভাষণটো শুনা নাই জানো? সেইটো আজিকালি কিতাপতো পায়, ইউটিউবতো পায়। সেইটোত গডছেজীয়ে ইমান যুক্তিপূৰ্ণভাৱে কোৱাৰ পাছতো কাৰোবাৰ প্ৰশ্ন কৰিবলগা থাকেনে? হত্যা কৰাৰ সময়ত গডছেজী আৰ এছ এছত নাছিল, আগতেই সংগঠন এৰি গৈছিল। তাৰ পাছতো বহুতে মিছা অভিযোগ দি থাকে, আৰ এছ এছেহে গান্ধীক মাৰিলে বুলি। নুৰানি বোলা ছেকুলাৰ উকীল এটা আছে দেই – বৰ আৰ এছ এছক গালি পাৰি থাকে। এবাৰ এই মিছা কথাটো পেপাৰত লিখিলে নহয়। আৰু আৰ এছ এছে জানো চাই থাকিব, বাপেকে মানহানিৰ গোচৰ লগাই দিলে। ৰাহুল বাবাৰো একে দশা হোৱা নাই জানো? সেইবাবে এই মিছা কথাটো ৰিপিট কৰি থাকিব নালাগে। গডছেজী আৰ এছ এছৰ মানুহ নাছিল যদিও মই কিন্তু তেওঁৰ ভাষণটো শুনি বৰ ভাল পালো, একদম মন্ত্ৰমুগ্ধ হৈ গ’লো। আৰে, এইবিলাক কথা দেখোন অত বছৰে আমাৰপৰা লুকুৱাই ৰখা হৈছিল। কিয়? কিয়? ছেকুলাৰ-বাঁওপন্থী লেখক-বুৰঞ্জীবিদবিলাকে স্বাধীনতাৰ পাছত ইমানটা দশক মিছা কথা লিখি লিখি মানুহৰ মগজ ধোলাই কৰি দিছে। কিন্তু এতিয়া তেওঁলোকৰ আচল স্বৰূপ ওলাই পৰিছে। এই দেশতে খাব, থাকিব, কিন্তু মনত কেৱল পাকিস্তানৰ চিন্তা – গাড্ডাৰ চব। মই ভাবো যে ছেকুলাৰ-বাঁওপন্থীবিলাকে ইমান দিনে লিখি অহা জাবৰসোপা চব বেন কৰি দিব লাগে। আৰু নতুনকৈ আইন এখন কৰিব লাগে যাতে তেওঁলোকে ভৱিষ্যতে নতুন একো লিখিবই নোৱাৰে। সি যি নহওক, গডছেজীৰ ভাষণটো শুনি মই ভাৰতৰ ইতিহাস সম্পৰ্কে নতুনকৈ উপলব্ধি কৰিলো। গান্ধীজী গান্ধীজী বুলি আমি যে ইমান হুলস্থূল কৰি থাকো, তেওঁনো কি কৰিছিল ভাৰত বিভাজন কৰাৰ বাদে, পাকিস্তানৰ হকে কাম কৰাৰ বাদে? চাফ-চিকুণতাৰ কথাটো ঠিকেই আছে বাৰু, স্বচ্ছ ভাৰত কৰা দৰকাৰ। কিন্তু পাকিস্তানপ্ৰীতিক কোনোপধ্যেই মানি ল’ব নোৱাৰো। আৰু নেহৰুকতো মই আগৰেপৰাই দেখিব নোৱাৰো। লেডি মাউণ্টবেটেনৰ সৈতে লিলিমাই কৰাৰ বাদে তেওঁ কি কৰিলে হে লাইফত? অসমকতো গুডবাইয়েই দি দিলে ১৯৬২ত। ছেকুলাৰ-বাঁওপন্থীবিলাকে ঢাকি ৰখা এই আচল সত্যবোৰ আজি ক্ৰমাৎ মুকলি হৈ গৈছে। কিছুমানে আকৌ চিঞৰি থাকে যে আৰ এছ এছে হেনো পলিটিক্স কৰে? ক’ত দেখিলাহে? আৰ এছ এছ এটা বিশুদ্ধ সাংস্কৃতিক সংগঠন। হ’ব পাৰে সি বিজেপিৰ সৈতে একেটা সংঘ পৰিবাৰৰ অংগ, হ’ব পাৰে বিজেপিৰ প্ৰায়বিলাক নেতা তাৰপৰা অহা, হ’ব পাৰে তাৰ মেল-মিটিঙত বিজেপিৰ নেতা-মন্ত্ৰী ভৰি থাকে, হ’ব পাৰে বিজেপিৰ নেতা-মন্ত্ৰীয়ে নাগপুৰত গৈ নিজৰ কামৰ খতিয়ান দাঙি ধৰে – কিন্তু সেইবুলিয়েই বিজেপিৰ সৈতে আৰ এছ এছৰ সম্পৰ্ক থাকিবনে? সেইবুলিয়েই আৰ এছ এছে পলিটিক্স কৰা বুলি ক’ব পাৰিনে? আচলতে আৰ এছ এছৰ সৈতে সম্পৰ্ক ৰখাটো বিজেপিৰ নেতা-মন্ত্ৰীৰ প্ৰাইভেট কথা, তাত সংগঠনটোৰ কি দোষ?

অৱশ্যে আজিকালি অসমৰ মানুহে ক্ৰমাৎ আৰ এছ এছৰ মহান ঐতিহ্যৰ মোল বুজিব পৰা হৈছে। জাতীয়-ধৰ্মীয় সংগঠনবিলাকেও কথাটো জানি সংগঠনটোৰ সৈতে সম্পৰ্ক কৰিবলৈ লৈছে। সাংবাদিক, লেখক, বুদ্ধিজীৱী, শিল্পীসকলেও এই মহান সংগঠনৰ অংশীদাৰ হ’বলৈ লৈছে। কিন্তু মোৰ মতে, এনেকৈ অলপ-অচৰপকৈ, চুচুক-চামাককৈ, গোপনে গোপনে কিয়? কিয়? ভাৰতীয়ত্বৰ সৈতে, দেশপ্ৰেমৰ সৈতে, আধ্যাত্মিকতাৰ সৈতে আমি সগৌৰৱে থিয় দিব লাগে। অসমৰ, অসমীয়া জাতি আৰু ভাষা-সংস্কৃতিৰ যদি মংগল বিচাৰে, তেন্তে বুকু ফিন্দাই গৈ আৰ এছ এছত যোগদান কৰক। সাংবাদিক, লেখক, বুদ্ধিজীৱী, শিল্পীসকলে প্ৰত্যেকই আৰ এছ এছৰপৰা একোখন চাৰ্টিফিকেট লিখাই লোৱাৰ ব্যৱস্থা কৰিব লাগে, যাতে দেখিলেই গম পোৱা যায় বোলে এইজন চাৰ্টিফাইড সাংবাদিক বা শিল্পী। তেতিয়া দেশপ্ৰেমিক আৰু দেশদ্ৰোহী বাছি উলিয়াবলৈ সহজ হ’ব। আনহাতে, দল-সংগঠনবিলাকৰ নেতাবিলাকে কিয় অকল নিজে ব্যক্তিগতভাৱে আৰ এছ এছৰ সৈতে সম্পৰ্ক ৰাখিছে? আপোনালোকে দেশৰ-সমাজৰ কল্যাণ নিবিচাৰে নেকি? যদি বিচাৰে, তেন্তে আপোনালোকৰ সংগঠনবিলাকক ডিৰেক্ট আৰ এছ এছৰ সৈতে চামিল কৰি দিয়ক। তেতিয়া আৰ এছ এছৰ ভিতৰতে অমুক ছাত্ৰ শাখা, তমুক জাতীয় শাখা টাইপত এই সংগঠনবোৰ থাকিব পাৰিব। যিসকল ধৰ্মীয় নেতৃবৃন্দই আৰ এছ এছৰ সৈতে অলপীয়া সম্পৰ্ক বৰ্তাই ৰাখিছে, সেইসকলেও নিজৰ নিজৰ সংগঠন, সংঘ, সত্ৰবিলাক অতি সোনকালেই আৰ এছ এছৰ সৈতে চামিল কৰাৰ ব্যৱস্থা কৰক। বোলে আৰ এছ এছৰ অসম শাখাৰ অমুক সত্ৰ, বা তমুক সংঘ। আশা কৰিছো, সেই দিন অসমলৈ সোনকালেই আহক। তাহানিৰ ঢেকিয়াল ফুকনৰ দৰেই মই প্ৰাৰ্থনা কৰিছো – হে কৃপাময় জগদিশ্বৰ, অসমীয়া জাতিটোক সোনকালেই ভাৰতীয়ত্বৰ বহল সাগৰত বিলীন কৰি দিয়া।

আৰু অসমত আৰ এছ এছক সমালোচনা কৰা প্ৰাণী আছেগৈনো কোন? বাঁওপন্থী দেশদ্ৰোহীকেইটাৰ কথা আজিনো কোনে শুনে? সেইকেইটা জ’কাৰত পৰিণত হৈছে। কেৱল আছেগৈ অখিল। এই চীনৰ দালালজনৰ স্বৰূপ বুজিবলৈ কাৰো বাকী নাই। কৃষক নেতা মানে কি হে? যিজনে খেতিবাতি কৰে, কোনবিধ শস্য কৰিলে ভাল হয়, কোনবিধ বীজ ভাল, কোনবিধ সাৰ ভাল সেইবোৰ কৃষকক জনোৱাজনহে কৃষক নেতা। এওঁৰ আকৌ সেইবোৰ ধাণ্ডা নাই, খালী বিজেপি-আৰ এছ এছ কৰি থাকে। কোটি কোটি টকা ঘটি লৈ বাহিৰত দুখীয়া দেখায়, ৰাতি গুৱাহাটীত ছুট-বুট কৰি ৰয়েল এনফিল্ড লৈ টহল দি ফুৰে আৰু দিনত হাৱাই ছেণ্ডেল পিন্ধি দেখায়। মইতো কওঁ যে তেওঁক লাইফ টাইম জে’লত ভৰাই থৈ দিব লাগে। অৱশ্যে এতিয়া গোচৰৰ অলপ অভাৱ হৈছে যেন লাগিছে। এন এছ এ লগাওঁতে বহুত গোচৰ খৰচ কৰি দিলে যে। লাহেকৈ গোট খাই যাব। এটা ব্যৱস্থা কৰিব লাগে – অসমৰ চুকে-কোণে য’তেই হাঁহ-কুকুৰা চুৰিৰপৰা মাৰ্ডাৰলৈকে যিমান গোচৰ ৰুজু হয় সেই সকলোতে অখিলৰ নামটো ভৰাই দিবলৈ দিব লাগে। তেতিয়া তেওঁক অনন্ত কাললৈ জে’লত ভৰাই ৰাখিব পৰা যাব আৰু অসমত অশান্তিও নাথাকিব। আৰু আমাৰ শ্ৰেষ্ঠ মন্ত্ৰীজনক মাৰিব খোজা ছুপাৰি কিলাৰ দুটা যে, সিহঁতে ইমান ডাঙৰ ডাঙৰ নেতালৈ ইমান ফোন মাৰিলে, লাইফত অখিললৈ মিছড কল এটাও মাৰিব নেলাগেনে বাৰু? তেতিয়া অন্ততঃ ভাল কেছ এটা হ’লহেঁতেন। (আৰু ছুপাৰি কিলাৰ কেছটো কি হ’লগৈ বাৰু? পাঁচ কোটি টকাটো যেনিবা মেনেজ হৈ গ’ল, পাঁচজনমানে মিলি দিব। কিন্তু কেনেকৈ আৰু কিহেৰে মাৰিব খুজিছিল সেইটোও জানিব লাগিছিল ইমান দিনে। দা-কুঠাৰ লৈ মাৰিব নে মদৰ বটল মূৰত মাৰিব খুজিছিল? নে পাকিস্তানৰ হাত আছে?) সি যি নহওক, এই অখিল বোলা ডিষ্টাৰ্বিং ফেক্টৰটো আঁতৰ নকৰিলে অসমত আৰ এছ এছে শান্তিৰে কাম কৰি থকা দিগদাৰ। আৰু আৰ এছ এছৰ অগ্ৰগতি থমকি ৰ’লে অসম তথা অসমীয়া জাতিৰ ভৱিষ্যতো অন্ধকাৰ। গতিকে তাৰ ব্যৱস্থা সোনকালেই কৰিব লাগে।

জয় হিন্দ! ভাৰত মাতা কি জয়!!

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে