দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / ইত্যাদি / কমৰেড অনিল কুমাৰ বৰুৱাৰ জীৱনাদৰ্শ ৷৷ পূৰ্ণ কাকতি৷৷

কমৰেড অনিল কুমাৰ বৰুৱাৰ জীৱনাদৰ্শ ৷৷ পূৰ্ণ কাকতি৷৷

নবীনসকলৰ জ্ঞাতাৰ্থে দুখৰ কথাষাৰ পুনঃ পুনঃ কবলগীয়া হয় যে অনিল কুমাৰ বৰুৱাক ১৯৯৮ চনৰ ১১ ফেব্ৰুৱাৰীত নাহৰকটীয়াৰ নাহৰণিত সাধাৰণ এখন মহিলাৰ নিৰ্বাচনী সভাত ভাষণ দি থাকোতে তেনেই ওচৰৰ পৰা আলফাই গুলীয়াই হত্যা কৰিছিল। সেই সময়ত তেখেত চিপিআই(এম-এল)ৰ ৰাজ্যিক সম্পাদক আছিল আৰু দলৰ হৈ ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰাৰ্থীত্ব দিছিল। সেই সময়ত বৃত্তিগতভাৱে তেখেত তিনিচুকীয়া মহাবিদ্যালয়ৰ গণিত বিভাগৰ মূৰব্বী অধ্যাপক আছিল। তেখেত অসম কলেজ শিক্ষক সন্থাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক আৰু সদৌ অসম জনসাংস্কৃতিক পৰিষদৰ প্ৰাক্তন প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক। নিৰ্বাচনত অংশ গ্ৰহণৰ কল্পিত দোষত তেখেত চহিদ হোৱাৰ ফলত জনগণৰ কি এক অপূৰণীয় ক্ষতি হল তাক বুজাইহে বুজিছে।

সেই দুঃসহ সময়ে ইতিমধ্যে ২০ বছৰ অতিক্ৰম কৰিছে। আজি জ্যোতি দিৱস বা বিষ্ণু ৰাভা দিৱসৰ দৰে বহলভাৱে অনিল বৰুৱাৰ দিৱস পতা নহয়, কিন্তু এই গৰাকী ব্যক্তিয়ে এই সকল পূৰ্বজৰ চিন্তা-চৰ্চাক অধিক সংহত ৰূপত জনগণৰ মাজলৈ লৈ যোৱাৰ প্ৰচেষ্টাত ব্ৰতী আছিল। কোনোবাই হয়তো মানুহজনক জানিবলৈ, তেখেতৰ সম্পৰ্কে গৱেষণা কৰিবলৈ তেখেতৰ ৰচনা সম্ভাৰ বিচাৰিব পাৰে। গতিকে আমি তাৰ ওপৰতহে কিছু কথা দাঙি ধৰিব বিচাৰিছো।

শংকৰদেৱে কৈছিল – কীৰ্তন দশম মোৰ মূৰ্তিৰ সমান। সাধাৰণভাৱে ক’বলৈ গলে একোজন ব্যক্তিৰ জীৱন কালত ৰচনা কৰি যোৱা সাহিত্যৰাজি তেওঁৰ জীৱন দৰ্শনৰ প্ৰতিভূ স্বৰূপ। কিন্তু সমাজত এনে কিছুমান ব্যক্তি আছে, যি সকলৰ জীৱন আদৰ্শনীয় হ’লেও তেওঁলোকৰ সৃষ্টিৰাজি পৰিমাণগত ভাৱে কম হোৱা বাবে সি তেওঁলোকৰ সামগ্ৰিক জীৱনক প্ৰতিফলিত নকৰিবও পাৰে। অনিল কুমাৰ বৰুৱাৰ জীৱনৰ ক্ষেত্ৰতো এই কথাই খাটে। আচলতে অনিল কুমাৰ বৰুৱাৰ জীৱন সংগ্ৰামেই তেওঁৰ বাণী। জনজীৱনৰ কোঁহে কোঁহে সোমাই তেওঁলোকক সংগঠিত আৰু জাগ্ৰত কৰি তোলাৰ উদ্দেশ্যে যাৰ জীৱন উৎসৰ্গিত, সেইজন ব্যক্তিৰ জীৱন পৰিক্ৰমাৰ সামগ্ৰিক প্ৰকাশ তেওঁৰ সাহিত্যৰাজিত বিচৰাতকৈ তেওঁৰ জীৱন যাত্ৰা, কৰ্মৰাজি আৰু মৌখিক বক্তব্যৰ মাজতহে বিচাৰিব লাগিব। বৰুৱাদেৱৰ সৰল অনাড়ম্বৰ জীৱন যাত্ৰা বহুতে দেখিছে, সভাই-সমিতিয়ে তেখেতে দাঙি ধৰা ওজস্বী মৌখিক বক্তব্য সমসাময়িক ব্যক্তি বিশেষৰ স্মৃতিত অংকিত হৈ আছে, কিন্তু তাক বাণীবদ্ধ কৰি নৰখা বাবে বা সেইসকলৰ মুখৰ পৰা কথাবোৰ সংগ্ৰহ নকৰা বাবে এটুকুৰা সংগ্ৰামী ইতিহাস হেৰাই যাব আৰু তাক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাতো সম্ভৱ হৈ নুঠিব।

সেয়ে আমাৰ মনত অংকিত তেখেতৰ বিভিন্ন সময়ৰ বাণীবোৰ যুকিয়াবলৈ চেষ্টা কৰিছো।

অনিল কুমাৰ বৰুৱাই কৈছিল যে জনগণৰ মুক্তিৰ বাণী কঢ়িওৱা সাহিত্যৰ সংখ্যা কম নহয়। যুগে যুগে তেনেকুৱা সাহিত্যৰ সৃষ্টি কৰা লোকৰ সংখ্যাও কম নহয়। কিন্তু শোষিত, নিপীড়িত শ্ৰেণীৰ সাধাৰণ ৰাইজে কাহানিবা সেই সাহিত্য অধ্যয়ন কৰি, শত্ৰু-মিত্ৰ বুজি সমাজ পৰিবৰ্তনৰ বাবে সংগ্ৰাম কৰিবলৈ ওলাই আহিব সি কেতিয়াও সম্ভৱ নহয়। বাস্তৱিকতে হাতে-কামে লাগি দৈহিকভাৱে ৰাইজৰ মাজত সোমাই তেওঁলোকক সংগঠিত আৰু সচেতন কৰি তুলিবই লাগিব। সমাজ পৰিবৰ্তনৰ পথ আলোকিত কৰিবৰ বাবেহে সাহিত্যৰ প্ৰয়োজন, সাহিত্যই নিজে নিজে সংগঠকৰ দায়িত্ব পালন কৰিব নোৱাৰে। পূৰ্বজ সকলৰ আৰ্হিৰে ভৱিষ্যতেও সাহিত্য সৃষ্টি কৰিবলৈ বহু লিখক-সাহিত্যিক ওলাই আহিব। কিন্তু সংগঠকৰ সংখ্যা দুখ লগাকৈ কম। সেয়ে তেখেত নিজে সাহিত্য সৃষ্টি কৰি জীৱনৰ মহামূল্যবান সময় খৰচ কৰাতকৈ নিজে সংগঠকৰ দায়িত্ব চমজি লৈছিল, সংগঠক গঢ়ি তোলাত অহোপুৰুষাৰ্থ কৰিছিল আৰু গাঁৱে-ভূঞে-বাগিছাৰ শ্ৰমিজীৱী জনগণৰ মাজত নিজক বিলাই দি সংগঠকৰ এক আদৰ্শ দাঙি ধৰিছিল।

সেই বুলি লিখা-মেলা কামত একেবাৰে হাত দাঙি দিছিল সেইটোও নহয়। প্ৰতিটো ৰাজনৈতিক-সামাজিক ইছ্যুত পাৰ্টিৰ বক্তব্য দাঙি ধৰিবলৈ ভালে সংখ্যক প্ৰচাৰ পত্ৰ লিখিছিল। অসম আন্দোলনৰ পৰা জনসাংস্কৃতিক আন্দোলনলৈ, ব্যক্তি-সন্ত্ৰাসৰ পৰা ৰাষ্ট্ৰ সন্ত্ৰাসৰ বিৰোধিতা কৰালৈকে বিভিন্ন সময়ত সংগঠনৰ নামত প্ৰচাৰিত সমসাময়িক প্ৰচাৰ পত্ৰবোৰৰ অধিকাংশই আমি অনিল কুমাৰ বৰুৱাৰ সৃষ্টি বুলি স্বীকৃতি দিবই লাগিব। তদুপৰি অত্যন্ত প্ৰয়োজনৰ তাগিদাত তেনেই সীমিত সংখ্যক প্ৰবন্ধ লিখি থৈ গৈছে।

অন্যহাতে নিজে সাহিত্য সৃষ্টি নকৰিলেও, যি সকলে সাহিত্যৰ ক্ষেত্ৰতখনত নিজকে নিয়োজিত কৰি আছে সেইসকলক নতুনৰ পথ আলোকিত কৰিব পৰাকৈ সাহিত্য ৰচনাত মনোনিৱেশ কৰিবলৈ পৰামৰ্শ দিছিল। যাত্ৰাপথত যাকে যতে লগ পাইছিল নিৰ্দিষ্ট দিক্নিৰ্দেশনাত সাহিত্য সৃষ্টি কৰি যাবলৈ প্ৰেৰণা দিছিল। আমাকো পাৰ্টি সাহিত্য আৰু অন্যান্য সাহিত্য পঢ়িবলৈ, উপলব্ধিখিনি লিখি যাবলৈ পৰামৰ্শ দিছিল। আজিও আমি সমাজৰ শুভ হওক বুলি যি যৎসামান্য কাম-কাজ কৰিছো, তাৰ বাবে পঢ়া-শুনা কৰা বা লিখা-মেলাৰ চেষ্টা কৰি আছো, সমাজৰ ৰূপান্তৰৰ ক্ষেত্ৰত কিবা কৰিব পাৰি নেকি তাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছো, এখন নতুন পৃথিৱীৰ সপোন কঢ়িয়াই ফুৰিছো, এখন উন্নততৰ সমাজৰ সংজ্ঞা বিচাৰি ফুৰিছো, তাত, আনক প্ৰেৰণা যোগোৱাত সিদ্ধহস্ত অনিল কুমাৰ বৰুৱাৰ প্ৰেৰণাই সৰ্বাধিক।

তেখেতৰ কঠোৰ জীৱন সংগ্ৰামত তেখেতৰ জীৱনৰ বাণী বিচাৰি চাওঁচোন। তেখেত শোষিত জনগণৰ মুক্তিৰ বাবে এক পৰিবৰ্তনকামী শিবিৰ বিচাৰি ভাৰতৰ কমিউনিষ্ট পাৰ্টি(মাৰ্ক্সবাদী-লেনিনবাদী)ৰ সদস্য-ভুক্ত হৈছিল। অকল সদস্য হোৱাই নহয়, দলৰ আদৰ্শক বহুদূৰ আগুৱাই লৈ যোৱাত ক্ৰীড়নক হৈ পৰিছিল। দ্বান্দ্বিক বস্তুবাদী দৰ্শনৰ আলোকত শ্ৰমিক-কৃষকক সংগঠিত কৰাৰ বাবে তেখেতলোকৰ জুপুৰিয়ে জুপুৰিয়ে সভা-সমিতি পাতি সকলোকে সেই পৰিবৰ্তনকামী শিবিৰৰ একো একোটি শাখা-প্ৰশাখাত পৰিণত কৰিছিল। মুঠতে খাওঁতে, শোওঁতে, উঠোতে, বহোঁতে নিৰন্তৰে তাকে চিন্তা কৰি আছিল। দাৰ্শনিক তত্বটো জনগণক সহজে বুজাবলৈ, শোষক-শোষিতৰ দ্বন্দ্ব প্ৰকট কৰি তুলিবলৈ উপমা বিচাৰি, তেখেতলোকৰ মুখত অন্যায়-অবিচাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ ভাষা দিবলৈ উপযুক্ত শব্দ বিচাৰি বিভিন্ন গল্প, কবিতা, উপন্যাস অধ্যয়ন কৰিছিল। জনগণৰ ভাষাকে আয়ত্ব কৰি তেওঁলোককে বুজাবলৈ চেষ্টা কৰিছিল। নিজৰ বুকুৰ জুইকুৰাৰে শ্ৰমজীৱী মানুহৰ বুকুৱে বুকুৱে বেদনাৰ শিখাবোৰ জ্বলাই ফুৰোতে অৱধাৰিতভাৱেই তেখেত এখন শোষণহীন সমাজৰ স্বপ্নদ্ৰষ্টা হৈ পৰিছিল। তেখেত আছিল এটুকুৰা তপ্ত তীখাৰ দৰে, তেওঁৰ গতিশীল ভাৱনাক যি সকলে বুজি পাইছিল সেইসকলে নিজকো উত্তপ্ত কৰি তেওঁৰ চৌপাশে সমৱেত হৈছিল।

১৯৮১। তিনিচুকীয়াৰ বৰদলৈ নগৰত ভিন্ন বিভাগৰ আমি চাৰিজন চাকৰিয়াল যুৱকে একেলগে এটা মেছ কৰি আছিলো। আটাইকেইজন ব্যক্তি একেলগ হোৱাৰো মূলতে কেটেলিষ্ট হিচাপে কাম কৰিছিল সেই বাওঁপন্থী আদৰ্শই। সেই সময়ৰ অসমৰ সংগ্ৰামী সাংস্কৃতিক আৰু ৰাজনৈতিক যোগাযোগৰ ক্ষেত্ৰত সেই মেছটোৱে আগবঢ়োৱা অনন্য সেৱাৰ কথা বহুতৰ নিশ্চয় মনত আছে।

ইণ্ডিয়ান পিপলচ ফ্ৰণ্ট(আইপিএফ), চিপিআই(এম-এল)ৰ সৰ্বক্ষণীয়া আৰু সদৌ অসম জনসাংস্কৃতিক পৰিষদৰ বিভিন্ন সাংগঠনিক কাম-কাজৰ বাবে অসমৰ বিভিন্ন ঠাইৰ পৰা অহা কৰ্মীসকলৰো কেন্দ্ৰস্থল হৈ পৰিছিল সেই মেছটো। সেই আদৰ্শৰ বীজ সিঁচোতাৰ ভিতৰত অন্যতম আছিল অনিল কুমাৰ বৰুৱা। মেছটোলৈ তেখেতৰ আছিল অবাধ আহ-যাহ, আলোচনা কৰিছিল বিভিন্ন বিষয়ে, অধ্যয়ন কৰিছিল বিভিন্ন গ্ৰন্থ আৰু বিলাই দিছিল লব্ধ জ্ঞানৰ অনাবিল পোহৰ।

আমাক কৈছিল যে জনগণৰ ওচৰ চাপিবলৈ তেওঁলোকৰ ভাষা আয়ত্ব কৰাটো অতি প্ৰয়োজন। নিজেও লোক-ভাষাৰ সমলস্বৰূপ লোক-সাহিত্যসমূহ অধ্যয়নত যথেষ্ট গুৰুত্ব দিছিল। কেতিয়াবা আমাৰ আগত চীনা বাওঁপন্থী সাহিত্যই এই দিশটোত কেনেকৈ সুন্দৰভাৱে আলোকিত কৰিছে তাৰ উদাহৰণ দাঙি ধৰিছিল আৰু চীনা সাহিত্য নিজে অধ্যয়ন কৰা উপৰিও আমাকো অধ্যয়ন কৰিবলৈ দঢ়াই দঢ়াই কৈছিল। এতিয়াও তেখেতে যোগান ধৰা চাইনিজ লিটাৰেচাৰ কিতাপ আমাৰ ওচৰত পোৱা যাব।

সেয়ে হ’লেও, এটা কথাত তেখেত দৃঢ় আছিল যে সৃষ্টিশীল সাহিত্য শ্লগানধৰ্মী হ’লে নহ’ব। সাহিত্যই তাৰ স্বাভাৱিক নান্দনিক গুণ বজাই ৰাখিব লাগিব। অৱশ্যে ই বক্তব্যপ্ৰধান হ’ব পাৰে, আৰু সমাজলৈ একোটি বাণী কঢ়িয়াই আনিব লাগিব। সাহিত্য অধ্যয়ন কৰিবলৈ যোৱা প্ৰত্যেকেই তেওঁলোকৰ হৃদয়ত ভৱিষ্যতৰ সমাজ বাস্তৱক উন্নততৰ অৱস্থালৈ ধাৱমান কৰোৱাৰ, মানৱ সমাজক নতুন কিবা দি যোৱাৰ প্ৰতিশ্ৰুতি ৰোপন কৰি ল’ব লাগিব। অন্যথা একমাত্ৰ শব্দৰ চমক দেখুওৱা সাহিত্য ভৱিষ্যতৰ বাবে অপ্ৰাসংগিক বুলি বিবেচিত হোৱাটো অৱধাৰিত।

সৃষ্টিশীল সাহিত্য হিচাপে তেখেতে বিভিন্ন সময়ত ফঁটা কাগজতে লিখি যোৱা কবিতাৰ সংকলন দুটা মৰণোত্তৰ কালত প্ৰকাশ কৰা হৈছে। পাহৰা ক্ষণৰ গীত নামেৰে এখন গীতৰ চিডি গুণমুগ্ধ শিল্পীয়ে প্ৰস্তুত কৰি উলিয়াইছে। তদুপৰি বিভিন্ন সময়ত সাময়িক প্ৰয়োজনত (ইছ্যু)ত আৰু বিবেকৰ চিৰন্তন তাগিদাত বিভিন্ন সময়ত লিখি থৈ যোৱা প্ৰবন্ধসমূহৰ এটা সংকলন প্ৰকাশ কৰি উলিওৱা হৈছে। তাৰ বাদে গল্প, উপন্যাস নাই বুলিয়েই আমি জানো। এখনেই নাটকৰ নাম শুনিছিলো – ধলফাট, সেইখন তিনিচুকীয়াত অভিনীত হৈছিল বুলিও কোৱা শুনিছিলো, কিন্তু তাকো চৰ্মচক্ষুৰে দেখাৰ সৌভাগ্য হোৱা নাই।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে