চ’ৰাঘৰ / ধাৰাবাহিক / ইতিহাস / শংকৰদেৱৰ বিষয়ে নতুন চিন্তা-চৰ্চা ৷৷ টুনুজ্যোতি গগৈ৷৷

শংকৰদেৱৰ বিষয়ে নতুন চিন্তা-চৰ্চা ৷৷ টুনুজ্যোতি গগৈ৷৷

আপাত দৃষ্টিত চাবলৈ গ’লে শংকৰদেৱৰ বিষয়ে নতুনকৈ আলোচনা কৰিবলৈ একো বাকী নাই৷ লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, জ্ঞাননাথ বৰাৰ পৰা মহেশ্বৰ নেওগ, সত্যেন্দ্ৰনাথ শৰ্মালৈকে অলেখ বিদ্বান আৰু ধীমান ব্যক্তি, গৱেষক-পণ্ডিতে মধ্যযুগত অসম ভূমিত জন্মগ্ৰহণ কৰা বিৰল প্ৰতিভাসম্পন্ন ঐতিহাসিক পুৰুষ– একাধাৰে ধৰ্মগুৰু, দাৰ্শনিক, পণ্ডিত, নাট্যকাৰ, অভিনেতা, পৰিচালক, সংগীতকাৰ, উদ্ভাৱক শংকৰদেৱৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে, তেওঁ প্ৰতিনিধিত্ব কৰা সময়ছোৱাৰ বিষয়ে আৰু তেওঁৰ সুদূৰ প্ৰসাৰী আদৰ্শৰ বিষয়ে বিস্তৃত আলোচনা-গৱেষণা কৰি থৈ গৈছে৷ তেনে আলোচনা-গৱেষণাত শংকৰদেৱৰ জীৱন-কৰ্মৰাজি সম্পৰ্কীয় অলেখ বহুমূলীয়া তথ্যই উদঘাটিত হৈছে আৰু সিবোৰে শংকৰদেৱৰ ব্যক্তিত্ব আৰু বৈদগ্ধক মহালোকিত কৰি তুলিছে৷ শংকৰদেৱ চৰ্চাৰ এই নমস্য পথিকৃৎসকলৰ গৰিষ্ঠসংখ্যকেই শংকৰদেৱৰ জীৱনাদৰ্শৰ দ্বাৰা বিপুলভাৱে প্ৰভাৱন্বিত হৈছিল বাবে স্বাভাৱিকতে তেওঁলোকৰ শংকৰদেৱ সম্পৰ্কীয় ঐকান্তিক অধ্যয়ন-চৰ্চাৰ মূল্যবান ফচলসমূহত বহু ক্ষেত্ৰত ভকতি বিগলিত আৱেগৰ ছিটিকনিও পৰিলক্ষিত হয়৷ শংকৰদেৱ চৰ্চাৰ পথিকৃৎ লক্ষ্মীনাথ বেজবৰুৱাই তেওঁৰ ‘মহাপুৰুষ শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ’ নামৰ পুথিখনত তন্ময় আৰু ভক্তি গদগদ মনোভাৱেৰেহে শংকৰদেৱৰ প্ৰকৃত জীৱন-চিত্ৰ অংকন কৰিব পাৰি বুলি মন্তব্যই দি গৈছে৷

শংকৰদেৱক নতুন দৃষ্টিৰে চাবলৈ বিচাৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই৷ জ্যোতিপ্ৰসাদে শংকৰদেৱক কেৱল এজন ধৰ্ম সংস্কাৰকৰ শাৰীত ৰাখি থ’লেই বা তেওঁৰ কবিত্ব-প্ৰতিভাৰ বিষয়ে আধা ডুখৰীয়া আলোচনা কৰিলেই তেওঁৰ মহাপ্ৰতিভাক ভালদৰে বুজি পোৱা নাযাব বুলি সকীয়াই দিছিল৷ সুখৰ বিষয় যে শংকৰদেৱ চৰ্চাৰ গতানুগতিক ধাৰাটোৰ বিপৰীতে বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা তেওঁৰ আদৰ্শ আৰু কৰ্মৰাজিৰ নিৰ্মোহ আৰু যুক্তিনিষ্ঠ মূল্যায়নৰ সদৰ্থক প্ৰচেষ্টাও এচাম প্ৰগতিশীল শিবিৰৰ ব্যক্তিয়ে চলাই আহিছে৷ অনিল ৰায়চৌধুৰী, ডঃ হীৰেন গোহাঁই, ডঃ শিৱনাথ বৰ্মন, ডঃ অমলেন্দু গুহ, শশী শৰ্মা আদি চিন্তাশীল ব্যক্তিসকলে শংকৰদেৱক কেৱল এগৰাকী ধৰ্মগুৰু হিচাবে নহয়, তৎকালীন আৰ্থ-সামাজিক পৰিৱেশে গঢ় দিয়া এগৰাকী তেজ-মঙহৰ সৰ্বগুণাকৰ ব্যক্তি হিচাবে তেওঁৰ জীৱন আৰু কৰ্মৰাজিৰ নিৰ্মোহ আলোচনা কৰিছে৷ শংকৰদেৱৰ ৰচনা সম্ভাৰত উপলব্ধ আধুনিক জীৱনৰ জিজ্ঞাসা আৰু চিন্তাৰ অনুকূল উপাদানো পোহৰলৈ আনিছে৷ এনে আলোচনা-বিলোচনাই শংকৰদেৱৰ কেতবোৰ সীমাবদ্ধতাও উন্মোচিত নকৰা নহয়৷

শংকৰদেৱ সম্পৰ্কীয় এই পূৰ্বৱতী অধ্যয়ন-গৱেষণাবোৰে শংকৰদেৱক অসমৰ সমাজ জীৱনৰ চিৰ বন্দিত ব্যক্তি ৰূপে প্ৰতিষ্ঠা কৰি থৈ যোৱাৰ পাছতো বা শংকৰদেৱৰ জীৱন আৰু কৰ্মৰাজিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সযত্ন প্ৰয়াস চলাৰ সময়তো শেহতীয়াভাৱে একাংশ ব্ৰাহ্মণ্যবাদী চিন্তাৰ উত্তৰসুৰী আৰু জনগোষ্ঠীয় আত্মপৰিচয় সন্ধানীসকলৰ মাজত তীব্ৰ শংকৰ বিদ্বেষ সৃষ্টি হোৱাও পৰিলক্ষিত হৈছে৷ উদাহৰণস্বৰূপে, কিছু বছৰ পূৰ্বে শংকৰদেৱক কুৎসা ৰটনা কৰি প্ৰণয়ন কৰা ‘শংকৰ বিভ্ৰাট’ শীৰ্ষক গ্ৰন্থখনৰ কথা আৰু যোৱা ২০১২ চনত ‘কীৰ্তনঘোষা’ৰ এফাকি ব্ৰজাৱলী পদ্যই বড়ো জনগোষ্ঠীক অৱমাননা কৰা বুলি অভিযোগ তুলি বিশ্ব বড়ো ঐতিহাসিক সমাজ নামৰ সংগঠনটোৱে অসম চৰকাৰৰ ওচৰত ‘কীৰ্তনঘোষা’ আৰু ‘নামঘোষা’ নিষিদ্ধকৰণৰ দাবী তোলাৰ কথা ক’ব পাৰি৷ ফেইচ-বুকৰ দৰে নব্য গণ মাধ্যমতো শংকৰদেৱক কুৎসা ৰটনা কৰি দিয়া বহু মন্তব্যই আমাৰ দৃষ্টিগোচৰ হৈছে৷ এনেধৰণৰ বিদ্বেষ-ৰটনা¸ই শংকৰদেৱৰ গুণ-গৰিমাক অকণো লাঘব কৰিব নোৱাৰে বুলি বহুতে এই প্ৰসংগবোৰ এৰাই চলিব বিচাৰিলেও বা শংকৰ বিদ্বেষীসকলক কঠোৰ ভাষাৰে গৰিহণা দিয়েই দায়িত্ব সামৰিলেও আমি ভাবো যে এয়া সহজে এৰাই চলা বা গৰিহণা দিয়েই দায়িত্ব সামৰাৰ প্ৰসংগ নহয়৷ এই শংকৰ বিদ্বেষৰ অাঁৰৰ কাৰণসমূহো যুক্তিনিষ্ঠভাৱে ফঁহিয়াই চাই প্ৰকৃত সত্য উদঘাটনৰ প্ৰয়োজনীয়তা আছে৷

সেইদৰে, শংকৰদেৱৰ জীৱনাদৰ্শ অসমৰ সমাজ জীৱনত গভীৰ আৰু ব্যাপক বুলি কথাই কথাই কৈ অহাৰ (বা ‘অন্য দেৱ দেৱী নকৰিবা সেৱা, নাখাইবা প্ৰসাদো তাৰ’ বুলি শংকৰদেৱে কোন কাহানিবাই কৈ যোৱাৰ) পাছতো অসমত এতিয়াও কিয় ভিন্ন দেৱ-দেৱতাক পূজা কৰি বলিশাল নিৰীহ জন্তুৰ তেজেৰে ভিজাই পেলোৱা হয়, অসমৰ বহু জনজাতীয় লোকে কিয় শংকৰী ধৰ্মৰ পৰিৱৰ্তে খ্ৰীষ্টান ধৰ্মৰ প্ৰতিহে বেছি আকৰ্ষিত হৈছে – ইয়াৰ অাঁৰৰ কাৰণবোৰ বিচাৰ কৰাৰ সময় সমাগত৷ অসমীয়া ধ্ৰুপদী সংস্কৃতিৰ প্ৰাণকেন্দ্ৰস্বৰূপ মাজুলীত গীৰ্জাঘৰৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰকসকলক সমালোচনা কৰাতকৈ স্থানীয় সত্ৰাধিকাৰসকলৰ ৰক্ষণশীল কৰ্মকাণ্ডকহে নিৰ্মোহভাবে সমালোচনা কৰাটো প্ৰয়োজন হৈ পৰিছে৷

দেখা গৈছে যে বহু অসমীয়া মধ্যবিত্তই জীৱন সংগ্ৰামত তিক্ত-বিৰক্ত হৈ মোক্ষৰ সন্ধানেৰে কোনো আধুনিক ‘ঠাকুৰ’ বা ‘বাবা’ৰহে শৰণাপন্ন হৈছে, শংকৰী ধৰ্মৰ মাজত তেওঁলোকে মোক্ষৰ সন্ধান কৰা নাই৷ আজিৰ নগৰীয়া মধ্যবিত্তই নামঘৰলৈ যাবলৈ কোনো আগ্ৰহ প্ৰকাশ নকৰে; অথচ তেওঁলোকে পাৰ্ক, নৈশ ক্লাব আদিলৈ নিয়মিতভাবেই যায়৷ তেওঁলোকক ‘বৰগীত’ বা ‘ভাওনা’তকৈ বেছি আকৰ্ষণ কৰে আধুনিক সংগীত বা চলচ্চিত্ৰইহে৷ এই মধ্যবিত্তীয় মানসিকতাক একেষাৰে ভৎৰ্সনা কৰা বা এইবোৰ দেখি-শুনি আক্ষেপকৰাৰ বিশেষ যুক্তিও নাই৷ কাৰণ, আধুনিক শিক্ষাৰে শিক্ষিতসকলে ঈশ্বৰ নামৰ এক কাল্পনিক সত্তাক বন্দনা কৰিবৰ বাবে নামঘৰলৈ যোৱাতকৈ কিছু মানসিক প্ৰশান্তিৰ বাবে পাৰ্কলৈ যোৱাটো কেতিয়াও নিন্দনীয় হ’ব নোৱাৰে৷ জীৱন আৰু জীৱিকাৰ নিষ্ঠুৰ সংগ্ৰামত অষ্টপ্ৰহৰ ব্যস্ত আধুনিক মানুহ এজনক ‘কীৰ্তন’, ‘নামঘোষা’ পঠন-পাঠনে বা ‘ভাওনা’ দৰ্শনে জীয়াই থকাৰ যিমান প্ৰেৰণা-সাহস যোগাব, ততোকৈ শতগুণে বেছি প্ৰেৰণা-সাহস যোগাব বাস্তৱ পটভূমিত লিখিত-নিৰ্মিত উপন্যাস-চলচ্চিত্ৰ একোখনেহে৷ তেন্তে, এই শিক্ষিত আধুনিক ব্যক্তিসকলৰ বাবে বা ধৰ্মীয় ৰীতি-নীতিৰ উৰ্ধত থাকিব বিচৰা বিজ্ঞানমনস্ক নাস্তিক তথা বাস্তৱবাদীসকলৰ বাবে শংকৰদেৱৰ জীৱনাদৰ্শ তেনেই অপ্ৰাসংগিক নেকি? ঠিক এনেধৰণৰ কিছু প্ৰশ্নবোধক চিহ্ন মনত অাঁকিয়েই শংকৰদেৱ সম্পৰ্কীয় কিছু আলোচনা কৰিব বিচাৰিছোঁ৷

শেহতীয়াভাৱে ভাৰতীয় জাতীয়তাবাদক শক্তিশালী কৰাৰ নামত বৈদিক ধৰ্ম-সংস্কৃতিকেই ৰাষ্ট্ৰীয় ধৰ্ম-সংস্কৃতি বুলি জ্ঞান কৰা ভাৰতীয় ৰাজনীতিৰ এক আধিপত্যকামী শক্তিয়ে সেই ধৰ্ম আৰু সংস্কৃতি মূলতঃ অবৈদিক ভাষা-ধৰ্ম-সংস্কৃতিৰ ভেটিত এক ঐতিহাসিক সমন্বয়ৰ প্ৰক্ৰিয়াৰ মাজেৰে ক্ষুদ্ৰ জনগোষ্ঠীসমূহক লৈ গঠিত অসমীয়া জাতীয়তাবাদৰ ওপৰত বিভিন্ন কৌশলেৰে জাপি দিব বিচাৰিছে৷ এনে জটিল সন্ধিক্ষণতে আমি স্মৰণ কৰিব বিচাৰিছোঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এক প্ৰাসংগিক মন্তব্য – ‘শ্ৰীমন্ত শঙ্কৰ আমাৰ সংস্কৃতিৰ গুৰু৷ আজিৰপৰা পাঁচশ বছৰ আগতেই এখেতে আমাক যি সাংস্কৃতিক আদৰ্শ দিলে, আজি এই নতুন দিনত আমি সেই সাংস্কৃতিক আদৰ্শকেই ধৰি নতুন দিনৰ নতুন পৃথিৱীলৈ যাত্ৰা কৰিব পাৰিম নে নোৱাৰোঁ? ইয়াকেই আজি শ্ৰীমন্ত শঙ্কৰে দি যোৱা সাংস্কৃতিক আদৰ্শক আমি নতুন পোহৰত সূক্ষ্মভাৱে বিশ্লেষণ কৰি চাই– সেই মতেই আগুৱাব লাগিব৷ সেইকাৰণেই শ্ৰীমন্ত শঙ্কৰে দিয়া সংস্কৃতিটোনো কি তাক আমি বুজিবলৈ প্ৰথমতেই চেষ্টা কৰিব লাগিব৷’ [শিল্পীৰ পৃথিৱী, জ্যোতিপ্ৰসাদ ৰচনাৱলী, সপ্তম সংস্কৰণ, মুখ্য সম্পাদকঃ ডঃ হীৰেন গোঁহাই, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, ২০০৭, পৃঃ ৪৫৯]

জ্যোতিপ্ৰসাদৰ মতে– ‘শ্ৰীমন্ত শঙ্কৰে দিয়া সংস্কৃতিৰ নাম হৈছে কৃষ্ণ৷ কৃষ্ণ শব্দৰ বৈয়াকৰণিক অৰ্থ হৈছে সংস্কৃতি৷ আজি আমি ভাৰতীয়ই, ইউৰোপীয়, মঙ্গোলীয়ই, গণতান্ত্ৰিকে, জনতান্ত্ৰিকে যাক সংস্কৃতি বুলি কওঁ – পুৰণি ভাৰতত থকা হিন্দু সংস্কৃতি গঢ়া আৰু সেই মতে চলা ভাৰতৰ মানুহখিনিয়ে সংস্কৃতিক কৃষ্ণ বুলি নাম দিছিল আৰু কৃষ্ণ বুলি উপাসনা পূজা আৰু কৃষ্ণই দেখুৱা আদৰ্শমতে মানৱ জীৱনত আগবাঢ়িছিল৷ ভাৰতত সত্য, ত্ৰেতা যুগ পাৰ হৈ দ্বাপৰত আহি ভাৰতীয় সংস্কৃতিয়ে যি ৰূপ ধৰিলে – সেই ৰূপটোৱেই হৈছে কৃষ্ণ৷ সেই ভাৰতীয় মহান ঐতিহ্যকেই – সেই ঐতিহ্যৰ কৃষ্ণৰূপী সংস্কৃতিকেই শ্ৰীমন্ত শঙ্কৰে উপনিষদ ভাগৱতৰ পৰা উলিয়াই আনি অৰ্থাৎ ব্ৰাহ্মণ্য সংস্কৃতিকেই সেই যুগৰ উপযোগী ৰূপত আমাক দি থৈ গ’ল৷ আৰু তেওঁ নিজে নিজৰ জীৱনত সেই কৃষ্ণ আদৰ্শকেই জীৱনৰ তেওঁৰ সকলো ক্ষেত্ৰতে প্ৰকাশ কৰি দি গ’ল৷’ [উল্লিখিত ৰচনা, পৃঃ ৪৫৯]

এই মন্তব্যটি পঢ়ি বহুতে জ্যোতিপ্ৰসাদক বৈদিক ঐতিহ্য আৰু পৰম্পৰাৰ উপাসক বুলিয়েই অভিহিত কৰিব পাৰে৷ (এচাম পণ্ডিত-গৱেষকেতো তেওঁক গেৰুৱা ঐতিহ্যবাদী হিচাপেই মূল্যায়ন কৰিবলৈ চেষ্টা চলায়েই আছে৷) কিন্তু, ‘কৃষ্ণ’ যে এটা মূলতঃ প্ৰতীক বা ধাৰণা, সেয়া তেওঁ বাৰে বাৰে স্পষ্ট কৰি দি নিজৰ চিন্তাক পুৰাতন ধৰ্মীয় চিন্তাৰ পৰা পৃথক বুলি প্ৰমাণ কৰি গৈছে৷ সেইদৰে, শংকৰদেৱে নিজৰ জীৱন কালত দৃস্কৃতিৰ বিৰুদ্ধে প্ৰত্যক্ষ অভিযান নচলোৱাৰ প্ৰসংগ উনুকিয়াই জ্যোতিপ্ৰসাদে তেওঁৰ পুৰাতন ধ্যান-ধাৰণাৰ সৈতে নিজৰ জীৱনৰ অভিজ্ঞতাই আনি দিয়া এক নতুন উপলব্ধিৰ সংঘাতৰো আভাস দিছে৷ জ্যোতিৰ সেই নতুন উপলব্ধিৰ অাঁৰত আছিল সমাজবাদী চিন্তা-চৰ্চাৰ প্ৰতি জন্মা আগ্ৰহ৷ জ্যোতিপ্ৰসাদ মৃত্যুৰ কিছু বছৰ আগৰপৰা বাঁওপন্থী ভাবাদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল আৰু তেওঁৰ চিন্তা-চৰ্চাও পূৰ্বতকৈ অধিক গণমুখী হৈ পৰিছিল৷

সি যি নহওক, শংকৰদেৱক নতুনকৈ আৱিষ্কাৰ কৰাৰ পাছত বিলাতত ‘যি বিচাৰি গৈছিলোঁ, ঘূৰি আহি দেখোন ঘৰতে পালোঁ’ বুলি অকপটে স্বীকাৰ কৰা জ্যোতিপ্ৰসাদে যথাৰ্থভাৱেই উপলব্ধি কৰিছিল যে শংকৰদেৱে ‘ভগৱান’ অৰ্থাৎ ‘কৃষ্ণ’ক এক বিশেষ সত্যৰ ৰূপত প্ৰতিষ্ঠা কৰাই নহয়, সেই সত্যৰ প্ৰতি জনসাধাৰণক আকৰ্ষিত কৰি অসমৰ মানুহক এক বিশেষ জীৱনচৰ্যাৰ সন্ধান দিছিল৷ সেই জীৱনচৰ্যা ইমানেই গভীৰ আৰু ব্যাপ্ত আছিল যে ব্ৰিটিছসকল অসমলৈ অহাৰ পাছতো অসমীয়া সমাজৰ গাঁথনিত ইংৰাজী সভ্যতা-সংস্কৃতিৰ বিশেষ প্ৰভাৱ পৰা নাছিল৷

লক্ষ্যণীয় যে জ্যেতিপ্ৰসাদে মহান আৰু প্ৰাচীন বুলি অভিহিত কৰা ভাৰতীয় ঐতিহ্যৰ কেতবোৰ অভিশপ্ত আৰু আমানুষিক ধাৰা (জাত-পাত, অস্পৃশ্যতা, লিংগ বৈষম্য, ধৰ্মীয় সংকীৰ্ণতা আদি)ৰ সুযোগ লৈয়ে বিট্ৰিছ ঔপনিৱেশেকে দুশ বছৰ ধৰি ভাৰতীয় জনগণৰ ওপৰত শোষণ-দমন চলাই গৈছিল৷ ব্ৰিটিছ শাসকবৃন্দই তেওঁলোকৰ ঔপনিৱেশিক স্বাৰ্থত বিশেষ বাধাৰ সৃষ্টি কৰিব নোৱৰা কেতবোৰ কুসংস্কাৰ-অন্ধবিশ্বাসৰ (যেনে– সতীদাহ প্ৰথা, বাল্য বিবাহ আদি) বিৰোধিতা কৰিলেও ভাৰতবাসীক মানসিকভাৱে পংগু কৰি ৰখা আচাৰ-অনুষ্ঠানসমূহৰ মূলোচ্ছেদ কৰিব বিচৰা নাছিল৷ স্বাধীনোত্তৰ দেশীয় চৰকাৰসমূহেও ক্ষমতাৰ বাঘজৰী দীৰ্ঘদিনলৈ ধৰি ৰখাৰ স্বাৰ্থতে ভাৰতীয় ঐতিহ্যৰ নেতিবাচক সংস্কাৰসমূহ জীয়াই ৰাখিব বিচাৰিলে৷

আজিৰ তাৰিখতো জনসাধাৰণ প্ৰকৃত ৰাজনৈতিক জ্ঞানেৰে সচেতন হৈ নিজৰ প্ৰাপ্য-অধিকাৰৰ প্ৰশ্নত জাগি উঠিব বুলি ভাবিয়েই চৰকাৰেই হওক বা দেশী-বিদেশী পুঁজিপতি-ভূস্বামী-উচ্চ শিক্ষিত প্ৰভাৱশালী ব্যক্তি আদিয়েই হওক আবিল অতীতৰ সংস্কাৰসমূহ নিঃশেষ হৈ যোৱাটো নিবিচাৰে৷ অৰ্থাৎ প্ৰচলিত শাসন ব্যৱস্থাই বিচাৰে যে জনসাধাৰণ জাত-পাত, ধৰ্মীয় গোড়ামি, উৎসৱ-পাৰ্বণ আদিতে ব্যস্ত হৈ থাকি ৰাজনৈতিকভাৱে অপূৰঠ হৈ থাকক৷ এনে এক বন্ধ্যাময় সমাজ ব্যৱস্থাত জীৱনৰ সাৰ্বিক বিকাশৰ স্বপ্ন দেখা অসমৰ খাটিখোৱা জনসাধাৰণক যে শংকৰদেৱৰ জীৱনাদৰ্শ অথবা তেওঁৰ চিন্তা-চৰ্চাই মুক্তিৰ পথ দেখুৱালৈ সক্ষম হ’ব, সেয়া জ্যোতিপ্ৰসাদ বা তেওঁৰ পৰৱৰ্তী প্ৰজন্মৰ অন্যান্য প্ৰগতিশীল চিন্তাবিদসকলে কৈ গৈছে৷

পাহৰিলে নহ’ব যে শংকৰদেৱ আছিল মধ্যযুগৰ ক্ষণজন্মা ব্যক্তি – তেওঁ তৎকালীন অৰ্ধসামন্ততান্ত্ৰিক সামাজিক পৰিস্থিতি আৰু হিন্দু শাক্ত তান্ত্ৰিকতা তথা বৌদ্ধ সহজীয়া তান্ত্ৰিকতাই শ্বাসৰুদ্ধ কৰা ধৰ্মীয় পৰিৱেশ অধ্যয়ন কৰি নিৰক্ষৰ অসমীয়া সমাজখনত নতুন সংস্কৃতিৰ নতুন পোহৰ বিলাবলৈ চলোৱা প্ৰয়াসতে তেওঁৰ প্ৰগতিশীল মানসতাৰ উমান পাব পাৰি৷ প্ৰাক্ শংকৰ কালত বহুলভাৱে প্ৰচলিত ব্ৰাহ্মণ্য ধৰ্মত সকলোৰে সম অধিকাৰ আৰু সম মৰ্যাদা নাছিল, কেৱল পুৰোহিতসকলেহে ধৰ্ম-কৰ্মৰ অধিকাৰ লাভ কৰিছিল৷ সেইদৰে, প্ৰাচীন জড়োপাসক জনগোষ্ঠীসমূহৰ জীৱন যাত্ৰাৰ মাজত প্ৰশংসনীয় সামূহিক দায়বদ্ধতা পৰিলক্ষিত হ’লেও তেওঁলোকৰ মাজত কেতবোৰ অপৰিশীলিত বিশ্বাস আৰু অমানুষিক সংস্কাৰো পৰিলক্ষিত হৈছিল৷ তেনে এক সামজিক পটভূমিত অসমৰ সমাজ জীৱনত বহু গভীৰলৈ শিপাই ধৰা ধৰ্মীয় বিকাৰ, জাত-পাত, অস্পৃশ্যতা, অমানুষিকতা আদি দূৰ কৰিবৰ বাবে শংকৰদেৱে উপনিষদ-ভাগৱতৰ পাতত আবদ্ধ হৈ থকা ব্ৰাহ্মণ্য সংস্কৃতিক সেই যুগৰ উপযোগী ৰূপত গঢ় দিয়াটোৱেই অৰ্থাৎ একশৰণীয়া নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাটোৱেই আছিল তেওঁৰ বৈপ্লৱিক চিন্তা-কৰ্মৰ নিদৰ্শন৷ তেওঁ ধৰ্ম প্ৰচাৰক হিচাবে শ্ৰমজীৱী জনসাধাৰণৰ মাজৰ পৰা নিজক নিলগাই ৰাখি আৰু মাতব্বৰী কৰি নিস্কৰ্মা বিলাসী জীৱন কটোৱাৰ পৰিৱৰ্তে পাৰস্পৰিক সমন্বয় আৰু সংহতিৰ অভাৱত ছেদেলি-ভেদেলি হৈ থকা সমাজখনৰ সকলো বৈষম্য তথা অসহিষ্ণুতাৰ ভাৱ দূৰ কৰি এক জাতীয় চেতনাৰ জাগৰণ আনিব বিচাৰিছিল৷

সময়ে সময়ে বৰ্ণবাদী চিন্তাৰ উত্তৰসুৰী আৰু জনগোষ্ঠীয় আত্মপৰিচয় সন্ধানীসকলে শংকৰদেৱৰ কৰ্মৰাজিৰ বিৰুদ্ধাচাৰণ কৰাৰ প্ৰসংগ স্থানান্তৰত উল্লেখ কৰি আহিছোঁ৷ শংকৰদেৱক ‘ব্ৰাহ্মণ বিদ্বেষী’ বুলি অভিহিত কৰাসকলে তেওঁৰ জীৱন আৰু কৰ্মৰাজি পুংখানুপুংখভাৱে বিশ্লেষণ কৰি চালে বুজিব যে তেওঁ বৰ্ণবাদ বা ব্ৰাহ্মণ্যবাদৰহে বিৰোধী আছিল, ব্ৰাহ্মণ লোকৰ নহয়৷ পুৰোহিত শ্ৰেণী আৰু বৰ্ণ-বিভাজনৰ প্ৰাধান্য থকা ব্ৰাহ্মণ্যধৰ্মৰ বিৰোধিতাৰে নামধৰ্মৰ ‘শ্ৰৱণ-কীৰ্তন’ৰ দুৱাৰ সকলোৰে বাবে মুকলি কৰি দিয়াটো কেতিয়াও ব্ৰাহ্মণ বিদ্বেষ হ’ব নোৱাৰে৷ তেওঁ স্পষ্ট ভাষাৰেই কৈছিল–
ব্ৰাহ্মণসবক দ্বেষ কৰিবাক
আমাৰ নোহে উচিত৷
কৃষ্ণৰ ভকতি পথক বিপ্ৰৰ
মুখতে কৰো বিদিত৷৷

অৱশ্যে, এইবোৰ জানি-শুনিও শংকৰদেৱক ‘ব্ৰাহ্মণ বিদ্বেষী’ বুলি তলে তলে প্ৰচাৰ চলোৱা বৰ্ণবাদী চিন্তাৰ উত্তৰসুৰীসকলে যে বৰ্ণবাদৰ পুনৰুত্থানেৰে নিজৰ ৰাজনৈতিক আৰু সামাজিক প্ৰভাব বিস্তাৰ কৰিব বিচাৰিছে, তাত সন্দেহ নাই৷ পৰিতাপৰ বিষয় যে এক সৰ্বভাৰতীয় উগ্ৰ সাম্প্ৰদায়িক¸ ধৰ্মীয় সংগঠনৰ ভগ্নী প্ৰতিষ্ঠানে আজীৱন ব্ৰাহ্মণ্যবাদৰ বিৰোধিতা কৰি যোৱা শংকৰদেৱৰ নামতেই কেইবা বছৰ পূৰ্বৰ পৰা শ শ শিক্ষানুষ্ঠান গঢ় দি অসমত ব্ৰাহ্মণ্য সংস্কৃতি প্ৰচাৰ-প্ৰসাৰৰ চেষ্টা তলসুঁতীয়াকৈ চলাই আহিছিল৷ শেহতীয়াকৈ উক্ত সংগঠনটোৰ আশীষপুষ্ট ৰাজনৈতিক দলটোৱে (যাক আমি ভাৰতীয় ৰাজনীতিৰ এক আধিপত্যকামী শক্তি বুলি পূৰ্বে অভিহিত কৰিছোঁ) অসমত চৰকাৰ গঠন কৰাৰ পাছৰ পৰাই শংকৰদেৱৰ প্ৰগতিশীল আদৰ্শক অংগুষ্ঠ দেখুৱাই ব্ৰাহ্মণ্যবাদ প্ৰচাৰ-প্ৰসাৰৰ বাবে মুকলিভাৱেই বিভিন্ন কাম-কাজ চলাই গৈছে আৰু তেনে কাম-কাজত হিন্দুত্ববাদী দলটোক এচাম তথাকথিত শংকৰী সংস্কৃতিৰ অনুৰাগীয়েও সহায়-সহযোগ কৰিছে !

সঁচা ক’বলৈ গ’লে, এই সময়ছোৱাত শংকৰদেৱ প্ৰচাৰিত ধৰ্মৰ প্ৰকৃত সাৰমৰ্ম হেৰাই যোৱাৰ উপক্ৰম হৈছে৷ তেওঁৰ উদাৰনৈতিক মনোভাৱ, গণতান্ত্ৰিক চিন্তাধাৰা, পাৰস্পৰিক সহানুভূতিত আস্থা আদি বিৰল গুণসমূহৰ ঠাইত সংকীৰ্ণ মানসতা, বিভেদকামী চিন্তাধাৰা, পাৰস্পৰিক অসহিষ্ণুতা আদিেহ মূৰ দাঙি উঠিছে৷ শংকৰপন্থী আৰু হৰিদেৱপন্থী-দামোদৰদেৱপন্থীৰ মাজত সংঘাত আগতকৈ বৃদ্ধি পাইছে৷ আনকি, শংকৰীসকলৰ মাজতো মনোমালিন্য বৃদ্ধি পাইছে৷ নলিনীধৰ ভট্টাচাৰ্যৰ মতে– ‘ইয়াৰ মূল কাৰণ বৈষ্ণৱ-ধৰ্মৰ সাৰমৰ্ম নহয়, ইয়াৰ মূলতে আছে বৈষ্ণৱ ধৰ্মীয় কৰ্মকাণ্ডৰ কিছুমান ৰূপ৷ শিষ্যসকলে মহাপুৰুষসকলৰ প্ৰচাৰিত ধৰ্মৰ সাৰমৰ্মৰ ঐক্যলৈ নেযায়, কিবা এটা কাৰণত সৰু-সুৰা প্ৰাৰ্থনা-পদ্ধতি বা অন্যান্য ৰীতি-নীতি লৈয়ে বিভিন্ন সম্প্ৰদায়ৰ মাজত ৰোষৰ সৃষ্টি হৈছে৷ এই আচাৰ-সৰ্বস্বতা শুভ লক্ষণ নহয়৷ ইয়াত আধুনিক মনৰ পৰিচয় নাই৷’ [আধুনিক মন আৰু শংকৰদেৱ, গৰীয়সী, সম্পাদকঃ চন্দ্ৰপ্ৰসাদ শইকীয়া, পঞ্চম সংখ্যা, দ্বাদশ সংখ্যা, ১৯৯৮, পৃঃ ১২৫]

চাওলুং ছ্যু-কা-ফাই ৰাজনৈতিকভাৱে আৰু শংকৰদেৱে সাংস্কৃতিকভাৱে অসমীয়া জাতিগঠনৰ এক সুদূৰপ্ৰসাৰী প্ৰক্ৰিয়া আৰম্ভ কৰিছিল৷ কিন্তু, জাতি গঠনৰ সেই ঐতিহাসিক প্ৰক্ৰিয়াক অসমৰ ভিন্ন জনগোষ্ঠীসমূেহ স্বাধীনতাৰ পৰৱৰ্তী কালৰ পৰা আত্মনিয়ন্ত্ৰণৰ দাবীত চলাই অহা পৃথকতাবাদী সংগ্ৰামবোৰে পদে পদে বাধাগ্ৰস্ত কৰা পৰিলক্ষিত হৈছে৷ দেখা গৈছে যে জনগোষ্ঠী বিশেষে আত্ম পৰিচয়ক সবল কৰি তোলাৰ স্বাৰ্থতেই যুগ যুগ ধৰি পালন কৰি অহা হিন্দু বা শংকৰী ধৰ্ম ত্যাগ কৰি পূৰ্বৰ স্বধৰ্মলৈ প্ৰত্যাৱৰ্তন কৰিছে৷ এনে প্ৰেক্ষাপটতে অসমৰ সমাজ জীৱনত ‘জগতগুৰু’ হিচাবে বন্দিত শংকৰদেৱো বিশেষ জনগোষ্ঠীৰ অগ্ৰণী প্ৰতিনিধিৰ দ্বাৰা নিন্দিত বা সমালোচিত হ’বলগীয়া হৈছে৷ এই আপাহতে জনগোষ্ঠীয় জাগৰণৰ অঁাৰৰ কাৰণসমূহ আলোচনা কৰাটো প্ৰয়োজন হৈ পৰিছে৷

স্মৰণীয় যে ঔপনিৱেশিক ব্ৰিটিছ আমোলত শিক্ষা-দীক্ষাত আগবাঢ়ি যোৱা বৰ্ণহিন্দুসকলে যৎকিঞ্চিৎ চৰকাৰী সা-সুবিধাৰ সিংহভাগ দখল কৰাৰ ফলত হেঁচা খাই থকা আন সম্প্ৰদায়সমূহৰ মাজত অসন্তোষ আৰু ক্ষোভৰ উদ্ৰেক হৈছিল৷ সেই অসন্তোষ-ক্ষোভক বৰ্ণহিন্দু নেতাসকলৰ উপৰি ব্ৰিটিছ প্ৰশাসনে অলপো গুৰুত্ব দিয়া নাছিল৷ ফলত পিছপৰা জনগোষ্ঠীসমূহৰ মাজত গোষ্ঠীবাদ বা দলিত চেতনা বৃদ্ধি পাইছিল৷ ব্ৰিটিছ আমোলত পোনপ্ৰথমে গোষ্ঠীগত চেতনাৰে জাগ্ৰত হৈছিল পূৰ্বৰ ৰাজকীয় গৌৰৱ হেৰুৱাই ভৱিষ্যতৰ চিন্তাত মুজুৰা পৰি থকা আহোম জনগোষ্ঠী৷ আৰ্য জাত্যভিমানী বৰ্ণবাদীসকলে ৰাজ্যখনৰ প্ৰশাসনীয় কাম-কাজত সহায় কৰিবলৈ অহা একাংশ বঙালী আমোলাৰ লগ লাগি আহোম জনগোষ্ঠীটোক পদে পদে বিভিন্ন প্ৰকাৰে দলিত কৰিব বিচৰা বাবেই তেওঁলোকৰ মাজত গোষ্ঠীচেতনা জাগ্ৰত হৈছিল৷ পূৰ্বে আহোম ৰাজঘৰৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা সত্ৰানুষ্ঠানসমূেহ ‘ৰিপুঞ্জয় স্মৃতি’ আৰু ‘সৰ্বজ্ঞান মঞ্জুৰী’ৰ দৰে কল্পনাপ্ৰসূত পুথি প্ৰণয়নেৰে আহোমসকলৰ লগতে অষ্ট্ৰীয়-মংগোলীয় জনগোষ্ঠীসমূহক সামাজিকভাৱে স্তৰীকৃত আৰ্য জাত-পাতৰ একেবাৰে নিম্ন খলপালৈ প্ৰক্ষেপ কৰি অৰ্থাৎ ‘শূদিৰ’ৰ স্থানত বহুৱাই প্ৰকাৰন্তৰে অপমানেই কৰিছিল৷ তেনে এক সন্ধিক্ষণতে আৰ্থিক-সামাজিক-মানসিকভাৱে পশ্চাদমুখী হোৱা সাধাৰণ আহোম ৰাইজৰ মাজত স্বাভিমান জগাই তুলিবলৈ পদ্মনাথ গোহাঞি বৰুৱা, ৰাধাকান্ত সন্দিকৈ আদিৰ প্ৰচেষ্টাত ১৮৯৩ চনত সদৌ অসম আহোম সভা গঠিত হৈছিল৷ আহোম জনগোষ্ঠীৰ আত্ম জাগৰণৰ দৃষ্টান্ত গ্ৰহণ কৰি অসমৰ অন্যান্য মংগোলীয়-তিব্বতবৰ্মী জনগোষ্ঠীসমূেহও ১৯৩৪ চনত ট্ৰাইবেল লীগ গঠন কৰিছিল৷

লক্ষ্যণীয় যে এই জনগোষ্ঠীসমূহৰ মাজত গোষ্ঠীগত বা দলিত চেতনা বৃদ্ধি পালেও অসমীয়া পৰিচয় কোনেও ত্যাগ কৰিব বিচৰা নাছিল৷ আহোমসকলৰ সুকীয়া পৰিচয় ভিত্তিত উন্নয়নৰ দাবী উত্থাপন কৰা পদ্মনাথ গোহাঞিবৰুৱাই স্পষ্টভাৱেই কৈছিল – ‘তেওঁ যদি বাৰ অনা অসমীয়া, চাৰি অনা আহোম’৷ সেইদৰে, ১৯৩৫ চনত ছাইমন কমিছনৰ আগত বড়োসকলে আৰ্জি পেচ কৰোঁতে বড়োসকলৰ নিজস্ব সাম্প্ৰদায়িক সমস্যাবোৰ ব্ৰিটিছ চৰকাৰৰ আগত উত্থাপন কৰিও দোহাৰিছিল যে তেওঁলোক অসমৰে অসমীয়াই৷ এই দুটা উদাহৰণেই প্ৰমাণ কৰে যে জনগোষ্ঠীসমূহৰ আত্মসবলীকৰণৰ প্ৰয়াস অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ অন্তৰায় কাহানিও নাছিল৷

পৰিসাহৰ বিষয় যে তৎকালীন সমাজ জীৱনৰ কেতবোৰ বিভ্ৰান্তি আৰু অৰ্ধসত্যৰ কণকঠীয়া পৰৱৰ্তী কালতো নাশ কৰিব নিবিচৰাৰ ফলতেই অসমীয়া জাতিৰ বিকাশপ্ৰক্ৰিয়া ক্ৰমশঃ স্থবিৰ হৈ আহিল৷ ১৯৬৮ চনত অসম বিধানসভাৰ আলোচনাত শেষবাৰৰ বাবে ভাগ লৈ মেঘালয়ৰ প্ৰথমজনা মুখ্যমন্ত্ৰী কেপ্টেইন ডব্লিউ এ চাংমাই স্পষ্টভাষাৰে কৈছিল–‘আমি জনজাতিসকলে যদি ভাৰতীয় মূল সুঁতিত মিলিব লাগে, তেন্তে অন্য কোনো গৌণসুঁতিৰ জৰিয়তে কিয় যাব লাগে· আমি দেখোন পোনে পোনেই ভাৰতীয় মূল সুঁতিলৈ যাব পাৰোঁ৷’ কথাষাৰ বৰ তাৎপৰ্যপূৰ্ণ৷ তথাকথিত মূলসুঁতিৰ আৰ্যাভিমানী ভাৰতীয় বা অসমীয়াসকলৰ অধিপাত্যকামী মানসতাই যে বিংশ শতিকাতো তথাকথিত উপসুঁতিৰ অৰ্থাৎ তিব্বতবৰ্মী মংগোলীয় জনগোষ্ঠীসমূহক তিক্ত-বিৰক্ত কৰি আহিছিল, সেয়া এ চাংমাৰ বক্তব্যতে স্পষ্ট হৈ পৰে৷

পাহৰীয়া জনজাতিসকলৰ দৰে এনে এক উপলব্ধি প্ৰকাশ কৰিবৰ বাবে অসমৰ ভৈয়ামৰ জনজাতিসকলৰ বাবে যথেষ্ট সময়ৰ প্ৰয়োজন হৈছিল৷ কিয়নো, বেছি সংখ্যক পাহৰীয়া জনজাতিয়ে খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হৈ ইংৰাজী আধুনিক শিক্ষাৰ প্ৰভাৱত আত্মোত্থানৰ বাবে উদ্বুদ্ধ হোৱাৰ পৰিৱেশ লাভ কৰিছিল৷ ইয়াৰ বিপৰীতে ভৈয়ামৰ জনজাতিসকলে হিন্দুধৰ্মৰ স্তৰীকৃত সামাজিক জখলাৰ নিম্নস্থানত অৱস্থান কৰি আত্ম উত্থানৰ যি বাট সন্ধান কৰিবলৈ বাধ্য হৈছিল, সেই বাট আছিল আত্মপলায়ণ আৰু অধোগতিৰহে৷ ধৰ্মীয় প্ৰতিনিধিসকলে জনজাতিসকলৰ বাবে সামাজিক জখলাৰে নিম্ন স্থানৰ পৰা উচ্চ স্থানলৈ উধোৱাৰ কিছু বিধান ৰাখিছিল৷ সেই বিধান অনুসৰিয়েই অবিভক্ত নগাঁও, শোণিতপুৰ, কাৰ্বি আংলং, দৰং, কামৰূপ আদি জিলাৰ তিৱা, কাৰ্বি, ৰাভা আদি জনগোষ্ঠীৰ হেজাৰ হেজাৰ লোকে অৰ্থনৈতিক স্বাৱলম্বিতাৰ প্ৰতি পিঠি দি কেৱল সামাজিক মান-মৰ্যাদা আহৰণৰ স্বাৰ্থত ‘উদ্ধাৰ’ পাই প্ৰথমে ‘সৰুকোচ’লৈ উন্নীত হ’ল৷ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত চিৰি-চেহেৰাত মংগোলীয়ত্বৰ চিহ্ন নথকা কোনো মহিলাৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ লগে লগেই ‘বৰকোচ’লৈ উন্নীত হৈছিল৷ এনেদৰে ‘বৰকোচ’ৰ পৰা ‘সৰু কলিতা’লৈ, ‘সৰু কলিতা’ৰ পৰা’ৰ কলিতা’লৈ আৰু ‘বৰ কলিতা’ৰ পৰা ‘কায়স্থ’লৈ উন্নীত হোৱাৰ যি দীৰ্ঘম্যাদী বিধান উপলব্ধ হৈছিল, সেই বিধানে জাতিভেদ প্ৰথাক বেছি শক্তিশালীহে কৰি তুলিলে৷ কাৰণ, ‘সৰুকোচ’লৈ উদ্ধাৰ পোৱাজনেও পূৰ্বৰ নিজৰ জনগোষ্ঠীটোকে ঘৃণা কৰাৰ বা হীন চকুৰে চোৱাৰ এক অমানুষিক প্ৰথা উদ্ভৱ হ’ল৷

ইতিমধ্যে স্বাধীন ভাৰত চৰকাৰৰ নিজা সংবিধান গৃহীত হ’ল৷ সংবিধানত অবিভক্ত অসমৰ অবিকশিত জাতি-সত্তাবোৰক জনজাতি ৰূপে স্বীকৃতি দি ষষ্ঠ অনুসূচীভুক্ত কৰা হ’ল৷ তথাকথিত মূলসুঁতিৰ অসমীয়াৰ অধিপাত্যকামী আচৰণত অতিষ্ঠ পাহাৰীয়া জনজাতিসকলে নিজকে সুকীয়া জাতি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ উঠি-পৰি লাগিল আৰু কালক্ৰমত স্বীকৃতিও লাভ কৰিলে৷ পাহাৰীয়া জনজাতিসকলে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ লাভ কৰাৰ সময়তহে অসমৰ ভৈয়ামৰ জনজাতিসকল যেন টোপনিৰ পৰা সাৰ পাই উঠিল৷ অত বছৰে হিন্দু ধৰ্মৰ নিম্ন স্থান নিৰ্বিবাদে মানি অহা জনগোষ্ঠীসমূহে বুজি পালে যে নিজস্ব কৃষ্টি-পৰম্পৰা বা ধৰ্মীয় পৰিচয় ত্যাগ কৰি হিন্দু ধৰ্মৰ কঠোৰ শৃংখলাত আত্মোত্তৰণৰ স্বপ্ন দেখি একো লাভ নাই, আত্মোত্তৰণৰ বাবে প্ৰয়োজন অৰ্থনৈতিক-সামাজিক-সাংস্কৃতিক স্বাধীনতা আৰু বিকাশ৷ তেওঁলোকে হিন্দু ধৰ্ম নিয়ন্ত্ৰিত সামাজিক অন্যায়-অবিচাৰৰ বিৰুদ্ধে প্ৰথমে ক্ষীণ স্বৰে আৰু বৰ্তমান উচ্চ স্বৰে মাত দিবলৈ ধৰিলে আৰু পাছলৈ লিপি, ভাষাৰ মাধ্যম, নিবনুৱা সমস্যা সমাধান আদিৰ দাবীত সক্ৰিয় হৈ উঠিল৷ ইয়াৰ লগে লগে হিন্দু ধৰ্মৰ সামাজিক জখলাৰে নিম্নৰ পৰা উচ্চলৈ উধোৱাৰ অবিজ্ঞানসন্মত প্ৰক্ৰিয়াটো বাধাগ্ৰস্ত হ’ল আৰু জাতিভেদ প্ৰথাও বহু পৰিমাণে শিথিল হৈ আহিল৷ লক্ষ্যণীয় যে মধ্য আৰু নামনি অসমত হিন্দু ধৰ্ম গ্ৰহণ কৰা জনগোষ্ঠীবোৰে জাতিভেদৰ খলপাত প্ৰৱেশ কৰি নিজৰ গোষ্ঠী পৰিচয় হেৰুৱালেও উজনি অসমত হিন্দু ধৰ্ম গ্ৰহণ কৰা আহোম, মটক আদিয়ে নিজৰ গোষ্ঠী পৰিচয় হেৰুওৱা নাছিল৷

অসমৰ জনগোষ্ঠীয় জাগৰণৰ ইতিহাস অধ্যয়ন কৰিলে স্পষ্ট হয় যে জনগোষ্ঠীসমূহ দলিত-শোষিত হৈ থকাৰ এক অন্যতম কাৰণ আছিল ব্ৰাহ্মণ্য ধৰ্ম অথবা বৰ্ণবাদ৷ এইখিনিতে মেদিনী চৌধুৰীৰ এটি মন্তব্য প্ৰণিধানযোগ্য –‘শংকৰদেৱে অসমত যি ধৰ্ম প্ৰচাৰ কৰিছিল সেইটো ব্ৰাহ্মণ্য ধৰ্মই আছিল৷ বেদ-আধাৰিত ব্ৰাহ্মণ্য ধৰ্ম৷ সেই সময়ত ভাৰতবৰ্ষৰ উত্তৰ-পূবৰ এই অঞ্চলটোত প্ৰাধান্য লাভ কৰা ব্ৰাহ্মণ্য ধৰ্মৰ নতুন সংস্কৃত ৰূপ বৈষ্ণৱ ধৰ্মৰে প্ৰচাৰ কৰিছিল তেওঁ৷ সেই ধৰ্মৰ ইয়াত স্থানীয় নাম দিয়া হৈছিল কামৰূপীয় ভাগৱতী ধৰ্ম বা একশৰণ নাম ধৰ্ম৷ কিন্তু ইয়াৰ অন্তৰালত উদ্দেশ্য আছিল একেটাই–হিন্দুত্বৰ প্ৰাধান্য বিস্তাৰ৷’ [ভক্তিধৰ্মৰ পটভূমি আৰু শঙ্কৰদেৱ, গৰীয়সী, পঞ্চম সংখ্যা, দ্বাদশ সংখ্যা, সম্পাদকঃ চন্দ্ৰপ্ৰসাদ শইকীয়া, ১৯৯৮, পৃঃ ১৬৩]

চৌধুৰীয়ে একেটা প্ৰবন্ধতে কৈছে – ‘… যেহেতু অসমৰ প্ৰাচীন গোষ্ঠীসমূহ ভাৰতীয় সনাতন ধৰ্মব্যৱস্থাৰ বাহিৰত আছিল, এই গোষ্ঠীসমূহৰ জনসাধাৰণে ব্ৰাহ্মণ প্ৰদৰ্শিত বেদান্ত পথ আৰু শংকৰদেৱ প্ৰদৰ্শিত বেদান্ত পথৰ মাজত কোনোধৰণৰ প্ৰভেদ বা বৈষম্য দেখা নাছিল৷ সেই অৱস্থা আজিও বহুলাংশে বিদ্যমান৷’

চৌধুৰীৰ মন্তব্যৰ খেও ধৰি ক’ব পাৰি যে ব্ৰাহ্মণ্যধৰ্মৰ অমানুষিক বৰ্ণবাদ (উগ্ৰ হিন্দুত্ববাদ?) আৰু নৱ বৈষ্ণৱ ধৰ্মৰ আপেক্ষিক উদাৰতাবাদৰ মাজৰ প্ৰভেদ আৰু শংকৰদেৱৰ বৈপ্লৱিক দৃষ্টিভংগীৰ মৰ্ম অনুধাৱন কৰিবলৈ সক্ষম নোহোৱা একাংশ জনগোষ্ঠীয় লোকেই শংকৰদেৱৰ প্ৰতি বিষোদগাৰ প্ৰকাশ কৰে৷ তেওঁলোকে এনেদৰেও ভাবিব পাৰে যে একশৰণীয়া বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰা জনগোষ্ঠীসমূহৰ বেছিভাগেই নিজৰ পূৰ্বৰ ৰীতি-নীতি ত্যাগ কৰি বৈষ্ণৱ ধৰ্মৰ ৰীতি-নীতি গ্ৰহণ কৰাৰ ফলত তেওঁলোকৰ সংস্কৃতিনিৰ্ভৰ আত্ম পৰিচয় সংকটাপন্ন হৈ পৰিছে৷ শংকৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্মটোক তেওঁৰ অনুগামীসকলে সময়ে সময়ে সংযোজন-বিযোজন কৰি নৱৰূপ দিয়া হ’লে অৰ্থাৎ জনগোষ্ঠীসমূহৰ পৰম্পৰাগত ৰীতি-নীতি কিছুমানকো ধৰ্মটোৰ অন্তৰ্ভুক্ত কৰা হ’লে এনে অবাঞ্চিত পৰিৱেশৰ উদ্ভৱ নহ’লেহঁতেন৷ উচ্চ কুলজ আৰু অন্ত্যজৰ মাজত থকা বৃহৎ ব্যৱধান দূৰীকৰণেৰে ‘বৈষ্ণৱত নাহি জাতি-অজাতি বিচাৰ’ বুলি ঘোষণা কৰা, চণ্ডালে হৰি কীৰ্তন কৰাটো নিন্দনীয় বুলি ভবাসকলকহে নিন্দা আৰু শাস্তিৰ যোগ্য বুলি ৰায় দিয়া এজন প্ৰগতিশীল সমাজসংস্কাৰৰ অনুগামীসকলে এনেধৰণৰ বৈপ্লৱিক পদক্ষেপ গ্ৰহণ কৰাটো প্ৰয়োজনো আছিল৷ শংকৰদেৱৰ দিনত অৱহেলিত-দলিত জনগোষ্ঠীসকলে আত্ম পৰিচয়ৰ সন্ধান কৰা হ’লে তেওঁ এই পদক্ষেপেই ল’লেেহঁতেন৷ কিয়নো, তেওঁ ‘অসম কছাৰী, খাছী, গাৰো, মিৰি, যৱন কংক গোৱাল, ৰজক-তুৰুক’ সকলোকে সম মৰ্যাদা প্ৰদান কৰি অসমীয়া জাতিক আগুৱাই নিব বিচাৰিছিল৷ শংকৰদেৱৰ সমকালীন সামাজিক-ৰাজনৈতিক পটভূমিৰ বিষয়ে অৱগত নোহোৱাকৈ তেওঁক অযথা সমালোচনা-নিন্দা কৰাটো গ্ৰহণযোগ্য হ’ব নোৱাৰে৷

সি যি নহওক, শংকৰ প্ৰতিভাৰ পুনৰুত্থানৰ লক্ষ্যৰে প্ৰতিথযশা কথাশিল্পীয়ে শংকৰদেৱৰ জীৱন আৰু কৰ্মৰাজিৰ আধাৰত মানবিশিষ্ট উপন্যাস লিখিছে, দায়বদ্ধ পৰিচালকে চলচ্চিত্ৰ নিৰ্মাণ কৰিছে, শংকৰ সংঘই বিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপন কৰিছে, শিক্ষাসদীসমাজে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ পাঠ্যক্ৰমত শংকৰী সাহিত্যক অন্তৰ্ভুক্ত কৰিছে, শংকৰ জন্মোৎসৱ জাকজমকতাৰে পতা হৈছে; তৎসত্বেও অসমৰ মধ্যবিত্ত সমাজ আৰু নতুন প্ৰজন্ম শংকৰদেৱৰ আদৰ্শৰ প্ৰতি, শংকৰদেৱৰ সাহিত্য-সংস্কৃতিৰাজিৰ প্ৰতি আকৰ্ষিত হৈছে বুলি ক’ব নোৱাৰি৷ এনে পৰিস্থিতিত শংকৰদেৱৰ সাহিত্য-সংস্কৃতিক নতুন ৰূপত, আধুনিক প্ৰযুক্তি কৌশলৰ সহায়ত পৰিৱেশন কৰাটো সময়ৰ দাবী ৰূপেই বিবেচিত হৈছে৷ তেওঁ শাস্ত্ৰীয় পৰিৱেশ্য কলাক লৌকিক জীৱনৰ উপযোগীকৈ নৱৰূপ দান কৰি অভূতপূৰ্ব চিন্তাৰ পৰিচয় দিয়ালৈ চাই তেওঁৰ সৃষ্টি সম্ভাৰকো নিশ্চয় নৱৰূপ দিব পাৰি৷

বিৰিঞ্চি কুমাৰ বৰুৱাই জাতীয় নাট্যশাল বুলি অভিহিত কৰা নামঘৰত যে কেৱল নামপ্ৰসংগ, ভাওনা বা গায়ন-বায়নৰ আখৰাই চলিব লাগিব, তেনে বাধ্যবাধকতা থকা উচিত নহয়; অসমৰ গাঁৱে-ভূঁয়ে অৱস্থিত নামঘৰবোৰৰ প্ৰাংগণত পুথিভঁঁৰাল, ব্যায়মগাৰ আদি স্থাপন হোৱাৰ লগতে মননশীল আধুনিক নাট, ৰুচিশীল চিনেমা আদিও প্ৰদৰ্শিত হওক৷ এনে হ’লে শিক্ষিত ব্যক্তিসকলৰ লগতে নতুন প্ৰজন্ম নামঘৰলৈ যাবলৈ উৎসাহিত হ’ব আৰু নামঘৰৰ ভিতৰত খোৱা-বোৱা, পৰকীয়া প্ৰেমৰ আলোচনা কৰা ভকত কেইজনেও আধুনিক পৃথিৱীখনৰ দুই-এটা নতুন কথা শিকিব৷ শংকৰদেৱৰ নাটকেইখনৰ আধাৰত ভ্ৰাম্যমানৰ নাটক, চলচ্চিত্ৰ, ধাৰাবাহিক আদি নিৰ্মাণ কৰিব পাৰি নেকি, সেয়াও চিন্তা-চৰ্চা কৰা উচিত৷ শেইক্সপীয়েৰৰ নাটক ভাওনাৰ আৰ্হিত প্ৰদৰ্শিত হ’ব পাৰে যেতিয়া শংকৰদেৱৰ নাটকো নিশ্চয় ভ্ৰাম্যমানৰ মঞ্চত নতুন আংগিক আৰু নতুন ৰূপত প্ৰদৰ্শিত হ’ব পাৰে৷

বৰ্তমান সময়ত ধৰ্ম নিতান্তই এক ভাৱবাদী ধাৰণা আৰু ই সমাজ পৰিৱৰ্তনৰ বাবে এক অপ্ৰয়োজনীয় আহিলা হিচাপে পৰিগণিত হৈছে৷ ঊনবিংশ শতিকাৰ মহান চিন্তাবিদ কাৰ্ল মাৰ্ক্সে ধৰ্মক ‘সীমাবদ্ধ অৱস্থাৰ আত্মা’ বা ‘জনসাধাৰণৰ বাবে আফিংসদৃশ’ বুলি কোৱাৰ দৰে লেনিনেও কৈছিল–‘Religion is one of the forms of spiritual oppression which everywhere weighs down heavily upon the masses of the people, over burdened by their perpetual work for others, by want and isolation. Impotence of the exploited classes in their struggle against the exploiters just as inevitably gives rise to the belief in a better life after death as impotence of the savage in his battle with nature gives rise to belief in gods, devils, miracles, and the like. Those who toil and live in want all their lives are taught by religion to be submissive and patient while here on earth, and to take comfort in the hope of a heavenly reward. But those who live by the labour of others are taught by religion to practise charity while on earth, thus offering them a very cheap way of justifying their entire existence as exploiters and selling them at a moderate price tickets to well-being in heaven. Religion is opium for the people. Religion is a sort of spiritual booze, in which the slaves of capital drown their human image, their demand for a life more or less worthy of man.’ [Socialism and Religion, Lenin Collected Works, Progress Publishers, 1965, Moscow, Volume 10, p-83)

লেনিনৰ এই বিজ্ঞানসন্মত ব্যাখ্যা মানি লৈয়ো ক’ব লাগিব যে মধ্যযুগীয় সমাজখনত শংকৰদেৱৰ বাবে ধৰ্ম আছিল সমাজ পৰিৱৰ্তনৰ বাবে এক উপযোগী আহিলা৷ তেওঁৰ দ্বাৰা প্ৰচাৰিত আপেক্ষিকভাৱে প্ৰগতিশীল ধৰ্মটোৱে অসমীয়া মানুহক কেৱল ব্যক্তিগতভাৱে সুস্থ আৰু মুক্ত জীৱন যাপনৰ আধাৰকে দি যোৱা নাই, দি গ’ল সংহত সামাজিক জীৱন যাপনৰো আধাৰ৷ লগতে দি গ’ল গভীৰ মানৱীয় মূল্যবোধ আৰু এক নতুন শিল্পবোধ৷ শংকৰদেৱে উপলব্ধি কৰিছিল সমাজ আৰু সংস্কৃতি পৰিৱৰ্তনশীল৷ তেওঁ পুৰণি সমাজ ব্যৱস্থাক সলাই এখন নতুন সমাজ গঢ়িবৰ বাবে পুৰণি ধ্যান-ধাৰণাৰ অপ্ৰয়োজনীয় আৰু অমানৱীয় উপাদানখিনি ত্যাগ কৰাৰ পৰিৱৰ্তে নতুন যুগৰ সৈতে খাপ খোৱা উপাদানখিনি গ্ৰহণ কৰি এক নতুন সংস্কৃতিৰ পোষকতা কৰিছিল৷ শংকৰদেৱৰ এই বৈপ্লৱিক আদৰ্শ অনুসৰণ কৰিয়েই আজিৰ অসমীয়াই মধ্যযুগত নতুন যেন লাগিলেও সময়ৰ সোঁতত পুৰণি আৰু প্ৰগতিবিৰোধী হৈ পৰা ধৰ্মীয় ধ্যান-ধাৰণাবোৰ ত্যাগ কৰি সময়োপযোগী নতুন সংস্কৃতিক আদৰি ল’ব লাগিব৷ জ্যোতিপ্ৰসাদেও কৈছিল যে নতুন যুগত শংকৰদেৱে দি যোৱা সাংস্কৃতিক সম্পদতকৈ তেওঁৰ বৈপ্লৱিক মনোবৃত্তি আৰু সংস্কৃতি সৃষ্টিৰ দৃষ্টিকহে আদৰি লোৱা প্ৰয়োজন৷ সন্দেহ নাই, শংকৰদেৱৰ প্ৰগতিশীল দৃষ্টিভংগী গ্ৰহণ কৰিব নোৱাৰিলে আধুনিক আৰু ভাবীকালৰ প্ৰজন্মই শংকৰদেৱৰ সাংস্কৃতিক সম্পদৰাজিৰ যথাযথ মূল্যায়নো কৰিব নোৱৰিব৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে