চ’ৰাঘৰ / কথাশিল্প / অনুভৱ / আদিবাসী সখী, দুগিলাচ তাড়ি আৰু অলপ স্মৃতি ৷৷ ৰীতা খনিকৰ৷৷

আদিবাসী সখী, দুগিলাচ তাড়ি আৰু অলপ স্মৃতি ৷৷ ৰীতা খনিকৰ৷৷

শান্তি নিকেতনত পঢ়িবলৈ যোৱাৰ পাছত পুৱাই পুৱাই দূৰ দূৰণিৰ আদিবাসী গাঁওবোৰলৈ গৈ স্কেচিং কৰাটো আমাৰ এৰাব নোৱাৰা দৈনন্দিন জীৱনৰ অংগ আছিল। তাৰ সহজ সৰল গ্ৰাম্য জীৱন, নৈসৰ্গিক দৃশ্যসমূহ, ওখ-চাপৰ বিশাল বিস্তীৰ্ণ পথাৰবোৰৰ কাষে কাষে বৈ যোৱা সৰু সৰু নদী কেইখন আমাৰ অধ্যয়নৰ বিষয়বস্তু আছিল।

শীতকালত নিচেই পুৱাই সেইবোৰ গাঁৱৰ আদিবাসী মানুহবোৰে শাৰী শাৰীকৈ থিয় দি থকা খেজুৰ গছবোৰত ৰস সংগ্ৰহ কৰিবলৈ ওলোমাই থোৱা পাত্ৰবোৰৰ পৰা খেজুৰৰ ৰস সংগ্ৰহ কৰে। আমি মাজে মাজে খেজুৰৰ ৰস খাবলৈ বিচাৰিলে ৰং মনেৰে মাটিৰ গিলাচত এগিলাচকৈ আগবঢ়াই দিয়ে। খেজুৰ গছৰ পৰা ৰস সংগ্ৰহ কৰিবলৈ তেওঁলোকে আগদিনাই গছডালৰ বিশেষ অংগত কটাৰীৰে কাটি তাৰ তলত টেকেলীৰ দৰে পাত্ৰ বান্ধি থৈ আহে, গোটেই নিশা সেই কটা অংশৰ পৰা টোপা টোপে খেজুৰৰ ৰস নিগৰি পাত্ৰটোত পৰে। পিছদিনা পুৱা তেওঁলোকে সেই ৰস সংগ্ৰহ কৰে। খেজুৰৰ সেই ৰসক পগাই পগাই তেওঁলোকে খেজুৰৰ গুৰ তৈয়াৰ কৰি বিক্ৰী কৰে৷ তাৰে কিছু অংশ ৰসেৰে নিজৰ দৈনন্দিন জীৱনৰ জীৱনদায়িনী তেওঁলোকৰ স্থানীয় সুৰা “তাড়ি” প্ৰস্তুত কৰে। এনেও খেজুৰৰ ৰসবোৰ বেলিৰ চোক বাঢ়ি অহাৰ লগে লগে টেঙা হৈ পাছলৈ সুৰালৈ পৰিণত হয়গৈ। একেবাৰে পুৱতি নিশা সংগ্ৰহ কৰা ৰস মৌ মিঠা আৰু পুষ্টিকৰ হয়।

আমি, বিশেষকৈ মই কোনোদিনেই তাড়িৰ সোৱাদ লৈ পোৱা নাছিলোঁ। লগৰ দুজনমান বন্ধুৱে পিছে খাইছিল। সেইবোৰ গাঁৱলৈ স্কেচিং কৰিবলৈ গৈ গৈ এগৰাকী চাওতলী বোৱাৰীৰ লগত মোৰ বৰ ভাল বন্ধুত্ব গঢ়ি উঠে। কেতিয়াবা তাই মই ছবি অাঁকি থকা ঠাইতে মোক পিতলৰ গিলাচত ৰঙা গৰম চাহ এগিলাচ আৰু পিয়াঁজ জলকীয়া তেল সনা মুড়িৰ ঠোঙা এটা দি গৈছিলহি। পুৱা পাঁচ বজাতে হোষ্টেলৰ পৰা স্কেচিং কৰিবলৈ ওলাই আহি ছয়মান বজাত ভোক লাগি আহিছিল। সেই সময়ত তাই দিয়া সেই ৰঙা চাহ আৰু মুড়ি খিনিক অমৃত খোৱাদি খাইছিলোঁ।

মই মাজে মাজে তাইৰ দুবছৰীয়া লৰাটোৰ বাবে মৰ্টন বা সৰু খেলনা লৈ গৈছিলোঁ।

তাত, সেই পৰিবেশত ছবি আঁকি থাকোঁতে মন কৰিছিলোঁ যে তেওঁলোক বৰ কঠোৰ পৰিশ্ৰম কৰিব পৰা মানুহ। দিনটো ইটো-সিটো কামত নিজকে ব্যস্ত কৰি ৰাখে। জাৰকালি মাকহঁতে কেঁচুৱাক খুৱাই বুৱাই ঘৰৰ সন্মুখত সৰু খাটিয়া এখনত পেলাই থৈ দৈনন্দিন কামত লাগি যায়। বগাই ফুৰিব পৰাবোৰে মাটিয়ে বালিয়ে কুকুৰ, কুকুৰাবোৰৰ লগত খেলি থাকে। আমিবোৰে তাকেই চাই চাই ছবি আঁকো। কেতিয়াবা খেজুৰৰ ৰস পগোৱা চাওঁ। সিহঁতে নিজৰ মাজতে সিহঁতৰ ভাষাত কথা পাতি হাঁহে। চাওতালী ভাষা আমাৰ বোধগম্য নাছিল। পিছে কোনোদিনেই আমি সিহঁতৰ ঘৰৰ চোতাল গৰকি পোৱা নাছিলোঁ। মাটিৰ দেৱালেৰে আৱৰা থাকিছিল সিহঁতৰ ঘৰবোৰ। আমাৰ কৌতুহল আছিল যদিও আমাৰ শিক্ষাগুৰুসকলে আমাক সাৱধান কৰি দিছিল যে যেতিয়ালৈকে কোনোবা চাওতালী লোকে আমাক নিজেই ঘৰৰ ভিতৰলৈ আমন্ত্ৰণ নকৰে, তেতিয়ালৈকে আমি যেন নিজেই ভিতৰলৈ নোসোমাওঁ।

নিজৰ পৰম্পৰা আৰু গোপনীয়তাক লৈ সেই আদিবাসীসকল বৰ সচেতন আছিল। পৰাপক্ষত নিজৰ ভিতৰচ’ৰা অনা আদিবাসীক দেখুৱাব নিবিচাৰিছিল। মই অন্তৰেৰে শ্ৰদ্ধা কৰিছিলোঁ তেওঁলোকৰ সেই মানসিকতাক। পিছে মোক হতভম্ব কৰি এদিন মোৰ সেই চাওতালী বান্ধবীয়ে মোক তাইৰ ঘৰলৈ দুপৰীয়াৰ সাঁজৰ বাবে নিমন্ত্ৰণ কৰিলে। শান্তি নিকেতনত বুধবাৰটোহে সেই সময়ত কবিগুৰুৰ আদেশ অনুসাৰে বন্ধৰ দিন আছিল। দেওবাৰবোৰ আমাৰ দৰে বন্ধ বাৰ নাছিল। দেওবাৰেও আমাৰ কলেজ ইউনিভাৰ্চিটি খোলা থাকিছিল। মোক বান্ধবী গৰাকীয়ে বুধবাৰ এটাত ভাত খাবলৈ মাতিলে। লগতে মোক সুধিও ল’লে, মই ছাগলীৰ মাংস খাওঁ নে নাখাওঁ। মই খাওঁ বুলি জনালত বৰ সুখী হ’ল। আজলী জনীয়ে বহুত সংকোচেৰে সুধিছিল, আমাৰ ঘৰত ভাত খাবলৈ ঘিন কৰিবা নেকি? মই তাইক আশ্বস্ত কৰি জনাইছিলোঁ যে সেইবোৰ ঘিন বা নাপায়ৰ পৰা মই বহুত দূৰৈত।

নিৰ্দিষ্ট দিনা মই গা পা ধুই দুপৰীয়াৰ ভাত সাঁজ খাবলৈ আমাৰ হোষ্টেলৰ পৰা দহ কিলোমিটাৰ দূৰৈৰ বান্ধবীৰ ঘৰলৈ ওলালো। লগত নিছিলোঁ ডাঙৰ ৰসগোল্লাৰ টেকেলী এটা ( শান্তি নিকেতনত সেই সময়ত ৰসগোল্লা আদি মিঠাই সৰহকৈ নিবলৈ হ’লে মাটিৰ কলহত দিছিল।) খালী হাতেৰে কাৰোবাৰ ঘৰলৈ যাবলৈ বেয়াও লাগে নহয়। তাতে সেই মানুহবোৰৰ বাবে মিঠাই বস্তুটো বিলাসিতা মাত্ৰ। নিজেই কিনি নাখায়। খাবই বা কেনেকৈ? দিনটোৰ পৰিশ্ৰমেৰে দিনটোলৈ জোৰে হে।

মই যেতিয়া বান্ধবীৰ ঘৰ পালোগৈ, তাই তেতিয়া ঘৰৰ সন্মুখৰ চোতালত থকা চৌকাত ৰন্ধা-বঢ়াত ব্যস্ত। মিঠাইৰ টেকেলী তাইৰ হাতত গটাই দি মই তাই আগবঢ়াই দিয়া মূঢ়া এটাত বহি চাৰিওফালে চকু ফুৰাই চালোঁ। নিকাকৈ মাটিৰে লিপি থোৱা, ফু মাৰি ভাত খাব পৰা চোতাল৷ গছ এজোপাৰ তলত মুকলিকৈ সাজি লোৱা ধূনীয়া মাটিৰ চৌকাত তাই সেই সময়ত মাটিৰ পাত্ৰ দুটাত কিবা ৰান্ধি আছে। চাৰিওফালে ভোক লগাই দিয়া মিঠা গোন্ধ এটা উৰি ফুৰিছে। অদূৰত ঘৰৰ পিৰালিৰ দুটা খুঁটাত বান্ধি থোৱা ঝোলনাত তাইৰ ল’ৰাটো নিদ্ৰামগ্ন। কুকুৰা এজনীয়ে দহটামান পোৱালি লৈ সগৰ্বে পাতৰ দম এটাত খাদ্য বিচাৰি চৰি ফুৰিছে। নাজানো কিয়, পৰিবেশটো বৰ ভাল লাগি গল।

এই সকলোবোৰ তন্ময় হৈ চাই থাকোঁতে হঠাৎ তাইৰ মাতত মোৰ তন্ময়তা ভাঙিল। তাই গছৰ ডাঙৰ পাত এখিলাত ৰঙালাও আৰু বেঙেনাৰে ভজা বৰ দুটামান মোলৈ আগবঢ়াই দি খাবলৈ কৈ অলপ চাপৰি ঘৰৰ ভিতৰ সোমাল। ওলাই আহিল হাতত মাটিৰ গিলাচ এটা লৈ। মোৰ ওচৰত গিলাচটো থৈ তাই ক’লে, এয়া তাড়ি, ঘৰলৈ অহা আলহীক তাড়ি যঁচাটো সিহঁতৰ পৰম্পৰা। মই খাওঁ নে নাখাওঁ সুধিলে। মই বোলোঁ, ‘খাই পোৱা নাই অ’ সখী। আমাৰ অসমতো পিছে আমাৰ মানুহৰ ঘৰত চাউলৰ পৰা এবিধ বনাই। দুই এবাৰ তাৰ সোৱাদ লৈ পাইছোঁ, পিছে এনেকৈ গিলাচ ভৰ্তি কৰি নহয়।” মোৰ কথা শুনি তাই হাঁহিত বাগৰি পৰিল। হাঁহি হাঁহিয়েই ক’লে, ‘এগিলাচত নিচা নধৰে। খোৱা খোৱা। ময়ো তোমাৰ লগত খাওঁ ৰ’বা। তেতিয়ালৈকে মাংস সিজি যাব আৰু মোৰ মানুহটোও আহি পাবহি দুপৰীয়াৰ ভাত খাবলৈ।’ অগত্যা গিলাচৰ ৰস খিনিত সোহা মাৰিলোঁ।

ইটো সিটো কথা পাতি পাতি কেতিয়ানো মই দুগিলাচ তাড়ি গলাধঃকৰণ কৰিলোঁ গমেই নাপালোঁ। ইতিমধ্যে তাইৰ মানুহজন আহি ওলাইছিল। তাই ঘৰৰ বাৰান্দাতে কঠ পাৰি আমাক খাবলৈ মাতিলে। চিকচিকাই থকা কাঁহৰ থাল-বাতিত তাই আমাক ভাত-আঞ্জা যতনাই দিলে। শুকান মাছৰ জ্বলা চাটনি, ঔটেঙাৰ জ্বলা মিঠা আচাৰ, প্ৰকাণ্ড কাঁহৰ বাতি এটাত মাংস, সামান্য ৰঙচুৱা ডাঙৰ ডাঙৰ উহোৱা চাউলৰ ভাত। ইম্মান যে সোৱাদ লগা হৈছিল সেই ভাতসাঁজ। হোষ্টেলৰ একঘেয়ামী ভাত খাই খাই জিভাই সোৱাদ বোলা কথাটো পাহৰিয়েই গৈছিল। সেই সময়ত সেই ভাতসাজ সচাঁকৈ অমৃত সম আছিল মোৰ বাবে।

ভাত-পানী খাই তাইৰ গিৰিয়েক পুনৰ কামলৈ ওলাই গ’ল। চুৱা বাচন-বৰ্তনবোৰ সামৰি তাই চোতালৰ এচুকত থকা কুঁৱাৰ পাৰত ছাঁইৰে ধুলে। আটাইবোৰ বাচন ধুই মেলি ৰ’দ পোৱাকৈ চোতালতে পাতি থোৱা চাং এখনত শুকাবলৈ মেলি দিলে। ৰন্ধা চৌকাটো পুনৰ মাটিৰে ধুনীয়াকৈ লেপিলে৷ তাৰ পাছত মোৰ ওচৰত পানৰ টেমাটো লৈ বহিলহি। মোৰ ইতিমধ্যে কিছু নিচা লাগিছিল। তাই মোক পিৰালিতে থকা খাটিয়াখনত কিছুসময় জিৰাবলৈ কৈ গাই গৰুকেইটা আনিবলৈ বুলি ওলাই গ’ল। নিচাৰ কোৱত কিমান পৰ শুলোঁ নাজানো, তাতে তৃপ্তিৰে ভূৰি ভোজন কৰিছিলোঁ। হঠাৎ ভৰিত কিবা এটা বগাই থকা যেন লগাত খকমককৈ সাৰ পাই গলোঁ। চকু মেলি ভৰিৰ ফাললৈ চাই দেখিলোঁ, তাই মোৰ ভৰি দুটা নিজৰ কোলাত লৈ কিবা লগাই আছে। আচৰিত হৈ সুধিলোঁ, বোলোঁ কি কৰিছা সখী? তাই বোলে, একো নাই… আলহী আহিলে আলহী যদি নাৰী হয় তেন্তে সিহঁতে হেনোঁ ভৰিত আলতা লগাই দিয়ে, বিদায় দিয়াৰ আগে আগে। কোনোবাই মোৰ ভৰি চুলে মই বৰ বেয়া পাইছিলোঁ, কিন্তু সেই সৰলমতীয়া আদিবাসী সখীজনীৰ আন্তৰিকতাক বাধা দিব নোৱাৰিলোঁ।

সিদিনা মই আনকালে পিন্ধি থকাৰ দৰেই টি চাৰ্ট আৰু জিন্সৰ পেন্ট পিন্ধি গৈছিলোঁ। তাতে চাইকেল চলাই। তাইৰ আলতা লগোৱা হলত নিজৰ ভৰি হাল দেখি নিজেই চিনি পোৱা নাছিলোঁ। সেই দুটা যেন মোৰ ভৰি নহয়, ক’ৰবাৰ বেংগলী ন’ কইনা এজনীৰহে আলতা বোলোৱা ভৰি। তাতে তাই পিন্ধাই দিছিল সৰু মিহি ৰূপৰ ভৰিৰ পায়েল এযোৰ। সেই নিভাঁজ আন্তৰিকতা পূৰ্ণ মৰমত মই যেন গলিহে পৰিম। দুচকু পানীৰে ভৰি পৰিছিল।

মোৰ বিদায় লোৱাৰ সময় হৈ আহিছিল৷ কাৰণ সন্ধিয়া নামি আহিছিল। তাই দৌৰা দৌৰিকৈ মোক জোৰকৈ এগিলাচ চাহ খোৱাইহে পঠালে। তাড়িৰ নিচা তেতিয়াও ৰিম ৰিমকৈ লাগি আছিল বাবে চাহ খাবলৈ মনটো নাছিল৷ কিন্তু তাই বেয়া পাব বুলিয়েই চাহ গিলাচ খালোঁ। উভটি অহাৰ বেলিকা কোলাত কেঁচুৱাটোক লৈ তাই সৰলতাৰে ভৰা হাঁহিৰে মোক বিদায় দিলে। লগতে চাইকেলৰ হেণ্ডেলত বান্ধি দিলে মাটিৰ সৰু পাত্ৰ এটাত কিছু মাংসৰ তৰকাৰী। ৰাতি খাবৰ বাবে।

মই চাইকেল যাত্ৰা আৰম্ভ কৰিলোঁ কিছু টলং ভটংকৈ। চাইকেলৰ পেডেল মৰা নিজৰ কইনাৰ ৰূপ লোৱা ভৰি দুটালৈ চাই মোৰ ভীষণ হাঁহি উঠিছিল। জিন্স পেন্ট পিন্ধা এই দুটা ভৰি দেখিলে ৰাস্তাৰ মানুহে বাৰু কি ক’ব? বাটে বাটে সুঁৱৰি আহিলোঁ, লগতে উপলব্ধি কৰিলোঁ যে বাকী বঙালী সমাজে চোতালৰ পৰাই বিদায় দিয়া, সৰু নীচ জাতি বুলি গণ্য কৰা এই সকল আদিবাসী আমাতকৈও বহুগুণে পৰিস্কাৰ পৰিচন্ন৷ হ’ব পাৰে মাটিৰ ঘৰ, কিন্তু আন বহুত ধনী মানুহতকৈও এওঁলোক বেছিহে ধনী। সখীৰ ঘৰত থকা অৱস্থাত মই এটাও মাখি কতো নেদেখিলোঁ। সকলো বাচন বৰ্তন নতুনকৈ কিনাৰ দৰে চকচকীয়া। নিকাকৈ ৰখা ঘৰৰ পৰিবেশ। খাদ্য সামগ্ৰী বনোৱাৰ বিধিও স্বাস্থ্যসন্মত। বৰং তাত থকা অৱস্থাত বহু বাঙালী পৰিয়ালতহে মই পৰিচন্নতা নেদেখিলোঁ। সঁচাকৈ, মই সিদিনা এটা পৰিপূৰ্ণ মন লৈ হোষ্টেললৈ উভতিছিলো।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে