দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / কথাশিল্প / প্ৰেমৰ স্তৱক ৷৷ নীলাভ সৌৰভ ৷৷

প্ৰেমৰ স্তৱক ৷৷ নীলাভ সৌৰভ ৷৷

১.
প্ৰেমৰ পোহৰ বিচাৰি
নিজৰেই আন্ধাৰত শুই থাকো ৷
.
প্ৰেম আন্ধাৰ নে পোহৰ
তেওঁ মোক সুধে
মই তেওঁক সুধি থাকো ৷৷

২ .
কেইখন প্ৰাচীৰৰ তেওঁৰ ঘৰ
তাৰ পাছতো জানো নিৰাপদ
পোহৰ৷

৩.
পোহৰ বিচাৰিলে
এহেজাৰ চকু তেওঁৰ দুৱাৰলৈ উৰে,
সেই চকুৱে নিজৰ আন্ধাৰ
নিজৰ ছাঁটোত লৈ ফুৰে ৷
.
পোহৰ পালে ছাঁ পোহৰ হয় নে –
তেওঁ মোৰ চকুৰ পৰা পলাই –
পোহৰৰ কথা ক’লে,
তেওঁ বুলি নিজকে চাই থাকো
আন্ধাৰতে অকলে৷

৪.
স্পৰ্শ আকুল পল এটা সৰে
সকলো আন্ধাৰ হৈ যায় বুলি
তেওঁ মোৰ হাতত নধৰে,
পবিত্ৰতা বুলি কি আছে
যদি পোহৰতো মন নভৰে৷

৫.
পোহৰ কাক বোলে
মই তেওঁক সুধিলোঁ
তেওঁ মোক নোসুধিলে৷

৬.
এদিন তেওঁ ভুলতে পোহৰ বিচাৰি পালে
মই চুব খুজিলো পোহৰৰ ওঁঠ
তেওঁ আঙুলিয়াই দিলে আন্ধাৰৰ ফালে৷

৭.
চৌপাশৰ পোহৰে নেদেখিবলৈ ঘৰ এখন কৰি
তেওঁ নিজক পোহৰালে
চৌপাশৰ আন্ধাৰৰ দোহাই দি
তেওঁ নিজক লুকুৱালে,
পোহৰে সুধিলে -কেনে আছা
তেওঁ নিজৰেই আন্ধাৰ বুকুখন দেখুৱালে ৷

৮ .
তেওঁক ক’লো মোক পোহৰৰ এটা স্তম্ভ লাগে
তেওঁ আন্ধাৰৰ ভাষ্কৰ্যত টোকৰ মাৰি চালে – নাভাগে
তেওঁ গুচি গ’ল আন্ধাৰৰ ফালে
মই যি বাটে গুচি আহিলো
আন্ধাৰ নে আন্ধাৰ পোহৰ
– তেওঁ ঘুৰিও নাচালে ৷

৯ .
গীতৰ পোহৰত তেওঁ জানো কি শুনে
কবিতাৰ পোহৰত ডুবি মোকো ডুবালে
মই সুধিলো পোহৰ অকনমান দিবা
তেওঁৰ হাঁহিত মই ধূসৰ হৈ পৰিলো
তেওঁ যেন পোহৰ দেখাই নাই কোনোকালে

১০.
পোহৰলৈ বাট বিচাৰি নিজৰ আন্ধাৰত
তেওঁ একো উৱাদিহ নাপাই মোকেই ক’লে –
তুমি এন্ধাৰৰ হৈ যোৱা
মই চাই থাকিলো তেওঁৰ ফালে
তেওঁ নিজৰ আন্ধাৰত নিজকো নেদেখিলে
আন্ধাৰ মাথোঁ পোহৰৰ শতৰু
পোহৰো আন্ধাৰৰ
মইও ক’তো নিলিখিলো
তেৱোঁ ক’তো নিলিখিলে৷৷

( সংলগ্ন ছবি কবিৰ দ্বাৰা অংকিত)

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে