দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / কথাশিল্প / মধুচন্দ্ৰিকা ৷৷ পৰী পাৰবীন ৷৷

মধুচন্দ্ৰিকা ৷৷ পৰী পাৰবীন ৷৷

দৃশ্যাংশ ১:

“পিঠিত এইটো কি দাগ লগাই ল’লি উৰ্ণী?”, উৰ্ণীৰ ডিঙিৰ পিছফালৰ ব্লাউজৰ ৰচীডালত গাঁথি মাৰি দি মাহীয়েকৰ ছোৱালী ঝৰ্ণাই টিপ্পনি মাৰিলে।

“কি লাগিলনো অ’? চাওঁ মোহাৰি দেচোন”, উৰ্ণীয়ে আইনাখনত পিঠি দি ঘূৰি ঘূৰি চাবলৈ ধৰিলে। একোকে দেখা নাই তাই।

“মোহাৰি দিলে নাযায় অ’ সোণজনী। হ’ব দে ওৰণি লৈ থাকিবি”, কাণসমনীয়া সখীজনীয়ে বাকী কেইজনীলৈ চাই চকু টিপিয়াই দিলে । লগে লগে ড্ৰেছিং ৰূমটো হাঁহিৰে গিৰ্জনি মাৰি উঠিল।

“পিছে উৰ্ণীবা, হনিমুন কৰিবলৈ ক’লৈ যাম বুলি ভাবিছা ?” সেন্দূৰ এচিকুট পৰি ৰঙা পৰা নাকটোত চিকুটি দি ভনীয়েক দিশাই মাত লগালে।

আঠমঙলা খাবলৈ যোৱাৰ দিনাই লগৰকিজনীয়ে তাইক হাৰাশাস্তি কৰি দিছিল। ক’লৈ যাবি হনিমুন কৰিবলৈ, কেইদিনৰ বাবে যাবি ইত্যাদি বিভিন্ন প্ৰশ্ন সিহঁতৰ।

বি এ পাছ কৰোতেই বিয়া হৈ গ’ল তাইৰ। দৰা দেখনিয়াৰ। দৰা শিক্ষিত। দৰা চাকৰিয়াল। দৰাৰ ঘৰ গজগজীয়া। তাই বহুত ভাগ্যতহে এনে ঘৰ পাইছে। বিয়া মানেই সপোন। বিয়া মানেই সৰগত পাৰিজাত ফুলাৰ আখৰা। সেই আখৰাত বেলিফুলত কোমল পক ধৰে। সেই আখৰাত জোনাক ফাটি পৰে। এৰা। তাই সপোনহে দেখিব পাৰে। চাদৰৰ আঁচল ককালত গুজি ৰাতিপুৱাই ৰান্ধনিশালত জীৱন সংগ্ৰামৰ শক্তি তৈয়াৰ কৰে।

দৃশ্যাংশ ২:

“বোৱাৰী, চেনী নিদিয়া চাহ একাপ।”
“হয় দেউতা, দিছো ।”

“বোৱাৰী, মোলৈ গাখীৰ-চেনী বেছিকৈ দি কাঢ়াকৈ একাপ দিবাচোন”।
“হয় মা, দি আছো ।“

“হৌৰা, মোক খাবলৈ দিয়া দেই । আঠবজাতে অফিচ পাবগৈ লাগে ।“,
“টেবুল সজাইছো। আপুনি বহি দিয়ক” ।

“বৌ, নেমু এফাল কাটি দিবানেকি ? লগতে গৰম পানী এগিলাচ।”
“ৰবা পিংকী । কটাৰীখন বৰ ধাৰ। তুমি নুচুবা। হাত কাটিব” ।

“বৌ অ’। কামবোৰ থোৱা আৰু। ব’লা আজি নহ’লে চিনেমা এখনকে চাই আহো। দেৱদাসখন খুব ভাল হৈছে বুলি শুনিছো”, সেইটো সৰু দেওৰ ।

তাৰ পিছত সৰু দেওৰ আৰু পিংকীৰ মাজত কথাৰ কটা কটি আৰম্ভ হৈ যায় ।

“তোৰ নিচিনা ট্ৰেজেদি নাই নহয় বৌৰ যে ঘৰৰ কাম এৰি দেৱদাসলৈ ঢাপলি মেলিব ।আৰু গলেও তোৰ লগত কিয় যাব ? দাদাৰ লগত যাব” ।

কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়াল স্বামী। টকা পইচাৰ অভাৱ নাই। সময়ৰ অৱশ্যেই অভাৱ। তথাপি তাইক ৰাতিকৈ সুধিছিল, “ভন্টিহঁতৰ লগতে তুমিও চিনেমা চাবলৈ যাব পাৰিলাহেঁতেন ।”

“আপুনি নাথাকিলে যাবলৈ বেয়া লাগে” ।

“অ হয় নেকি ? কাইলৈ ওলাবা। আমি দুয়োটাই যাম”।

পিছদিনাখনো যোৱা নহয়গৈ তাইৰ। সেইদিনা আলহী আহে। তাৰ পিছৰদিনাও যোৱা নহয়গৈ। সেইদিনা পিংকীৰ গাটো ভাল নালাগে ।তাৰ পিছৰ দিনা যাবলৈ তাইৰ নিজৰে মন নাযায় । শহুৰেকে এঘন্টাৰ মূৰে মূৰে ফিকা চাহ খায়। তিনিঘণ্টা তাইৰ বাবে বহুত সময় ।

দৃশ্যাংশ ৩:

“বৌ, বিয়াৰ পাছত আমি মানালীলৈ যাম”, কেইদিনমানৰ পিছত হ’বলগীয়া বিয়াখনৰ সপোনত ব্যস্ত হৈ পৰা ননদ পিংকীয়ে আজিকালি ফোনটো লৈ ৰাতিৰ ৰাতিটো ব্যস্ত থাকে। ফোনত পতা কথাবোৰৰ ভাগ কিছুমান বৌয়েকক দিয়েহি।

“বোৱাৰী, দেউতাৰাই বিছনা লোৱাৰ আগতে নাতি এটাৰ লগত খেলিবলৈ মন”, সেলেঙী বোঁৱাই শাহুৱেকে ধেমেলীয়া সুৰত কোৱা কথাষাৰত লাজে ৰঙা কৰে তাইৰ দুগাল। ওঁঠযোৰ টিপি তাই শোৱনি কোঠালৈ দৌৰি আহে । মনত পৰে আগৰাতিৰ কথাবোৰ।

“কিবা এটা লাগে উৰ্ণী। ঘৰে বাহিৰে কণমানি এটিয়ে কলকলাই থাকিব। মাৰ সপোনো সেইটোৱেই”, তাইৰ থুতৰিৰ তিলটো চুই চুই তেওঁ শুনা নুশুনা মাতেৰে দোভাগ ৰাতিৰ ৰাগ টানে । লাজুকী লতাৰ দৰে জঁই পৰি যায় তাই ।সেই ৰাতিয়েই তাই লাহেকৈ উলিয়াইছিল কথাটো, “ফুৰিবলৈ গৈ আহো নেকি ? তাৰ পিছত প্লেন কৰিম” ।

কিছুপৰ চিন্তা কৰে তেওঁ, “ওম । ঠিকেই । আমাৰ দেখোন কলৈকো যোৱাই হোৱা নাই। ছুটি ল’ম ৰবা । তাৰ পিছতে কিন্তু !!”, বুলি দুষ্টালি হাঁহি এটা এৰে তাইলৈ ।

পোন্ধৰ দিনৰ জোখেৰে বেগ পত্ৰ সাজু কৰি উঠে মানে, ঝৰ্ণাই ফোন কৰে তাইক, “মোলৈ কিবা লৈ আনিবি দেই ঊৰ্ণীবা ”। ভনীয়েক দিশাৰো তালিকাখন দীঘল হৈ যায়।

কিটচেনৰ চেলফত বহি আপেল এটা কামুৰি লৈ দেওৰেকে কয়, “এইকেইদিন মাছৰ আঞ্জা সেৰেকা সেৰেকা লাগিব বৌ। পিংকীয়ে যিহে ৰান্ধিব । বানপানীত সাঁতুৰি সাঁতুৰি মাছ বিচাৰিব লাগিব। নহ’লে বৌ তুমি যাব নালাগে দিয়া। দাদাক অকলেই পঠিয়াই দিয়া”।

তাই ঘোপাকৈ চাই পঠিয়ায় দেওৰজনলৈ। সৰু ভায়েকৰ দৰে তাইৰ লগত ধেমালী কৰি থকা দেওৰজনে মাছৰ আঞ্জাখন সেৰেকা পাব। কিছু চিন্তাত পৰে তাই। কেনেকৈ যে লোকৰ ঘৰখন ইমান আপোন হৈ পৰিছে ! কষ্ট পাব ঘৰখনে। তাই এদিন নহলেই কষ্ট পায় সিহঁতে। আকৌ ৰাতিকৈ স্বামীৰ বুকুত কথা সলায়,“এইবাৰ নহ’লে টিকেট কেনচেল কৰি দিয়ক। সৰুপোনাৰ পৰীক্ষা আছে। দিগদাৰ হ’ব সিহঁতৰ”।

উদং পিঠিখনত সপোনটোৱে বাগৰ দিয়েহি। এখন নদী, এখন অৰণ্য আৰু এখন পাহাৰ। নিচাত ডুবি থাকিব সময় । চিপচিপীয়া বৰষূণজাকত সিহঁত দুয়োটা দৌৰি আহি অৰণ্যৰ জুপুৰিটোত আশ্ৰয় লবহি। জুই একুৰাই তাইৰ তিতি থকা চুলিকোচা শুকুৱাই লয় মানে তাইৰ বুকুৰ জুইকুৰা দপদপকৈ জ্বলি উঠিব । চিগাৰেটটো ওঁঠত গুজি সি বাহিৰলৈ চাই ৰ’ব । তাই তিতা কাপোৰযোৰ সলাই ৰিহাখন মেৰিয়াই লব। সুলকিব খোজা ৰিহাৰ আঁচলত পিনটো মাৰিবলৈ লৈ তালৈ চাই ৰ’ব তাই। তাইৰ চাৱনিত বলীয়া হ’বনে তেওঁ ? কিহে উন্মাদ কৰিব প্ৰিয়জনক ? তাইলৈ নাচাই পাহাৰখনলৈ চাই চাই যে তেওঁ ডাঁৱৰৰ সতে কথা পাতি থাকে। কিহে উন্মাদ কৰে তেওঁক ? জ্বলন্ত চিগাৰেটটো শেষ হ’বলৈ লৈ যে তেওঁৰ আঙুলি পোৰে। যি দহনে পোৰে তাইৰ বুকু। আবেগৰ ইমান ভৰ ! ইমান ভৰ তাই চম্ভালিব নোৱাৰে। তাইৰ বুকুৰ অৰণ্যখন তেওঁ শেষৰাতিলৈ সামৰি থয়।

দৃশ্যাংশ ৪:

আইতাকৰ কোলা, ককায়েকৰ পাটি, দেওৰৰ কান্ধ বাগৰি মৌমন পাঁচবছৰীয়াটো হ’লগৈ। পিংকীৰ মধুচন্দ্ৰিকাৰ ফটোবোৰ মৌমনে এলবামৰ পৰা উলিয়াই মাকক কয়, “মা মোকো লৈ যাবানে তালৈ” ?
“যাম দিয়া বাবাটো। আমি একেলগে যাম এইবাৰ” , দেউতাকে আহি কেতিয়ানো মৌমনক কোলাত তুলি লয় তাই গমকে নাপায়। অফিচৰ পৰা আহি পোৱা দেউতাকলৈ বুলি লুচি ভাজিৰ প্লেটখন লৈ আহি তাই দেখা পায়, পুতেকে দেউতাকক ঘোঁৰা বনাই নিজে ওপৰত উঠি লৈছে ।“বাবাটো , এতিয়া দেতাক খাবলৈ দিয়া। আকৌ খেলিব দেই তোমাৰ লগত”, তাই টপটপকৈ চুমা এটা আঁকি দিয়ে তাৰ গালত।

ঘৰৰ দেহলাও, জিউধনটো ক্ৰমান্বয়ে ডাঙৰ হৈ আহে। এদিনীয়া জ্বৰতে শহুৰেকে পাটী লয়। কাঁহি কাঁহি শাহুৱেকজনীও দুৰ্বল হৈ পৰে । দেওৰেকৰ মাছৰ আঞ্জাৰ বাবে তাই চিন্তা কৰিব লগা নহয়। বেলেগ ঘৰ, বেলেগ কাহিনীৰ আবৰ্তত সোমাই পৰে সি। মৌমনক সংগ দিবলৈ জুমন আহে। টাকুৰী ঘূৰাদি ঘূৰি ফুৰে তাই। মানুহজনৰ মাজতে ট্ৰেন্সফাৰ হয়। অকলে তাইৰ আৰু দিগদাৰ হয়। ল’ৰাৰ স্কুল, টিউচন, শাহুৱেকৰ কাঁহটোৰ লগত ব্যস্ত থাকোতে তাইৰ সপোনবোৰ নিতাল মাৰি পৰি থাকে। পুৱতিৰে পৰা ৰাতি এপৰলৈকে সপোনটোৱে নেখেদে তাইক । দোভাগ ৰাতি সপোনটো তাইৰ সতে একাত্ম সহবাসত নিমগ্ন হয়। এখন নদী, এখন অৰণ্য আৰু এখন পাহাৰ । সপোনটো সামৰিবলৈকো কেতিয়াবা প্ৰিয়জন বহুত দূৰৈত থাকে। ক্ৰমাৎ খিংখিঙীয়া হৈ উঠে তাই । ঘড়ীৰ কাঁটাত বান্ধি থোৱা থাকে ব্যস্ত সময় । সপোনৰ ৰাগীবোৰে ওফোন্দনিৰ মেলা পাতে । ঝৰ্ণাৰ মধুচন্দ্ৰিকাৰ ফটো, পিংকীৰ মধুচন্দ্ৰিকাৰ ফটোবোৰ দেখি তাই ক্ৰমাৎ অস্তিত্বহীনতাত ভোগে। সকলোৰে বাবে তাই। তাইৰ বাবে কোন? কথাটো কাৰো চকুত নপৰাকৈ থকা নাছিল। এই যে গেজেংকৈ দিয়া মাতষাৰ, হকে বিহকে ওফন্দি উঠা মুখ, ৰান্ধনিশালত ক্ৰমাৎ বাঢ়ি অহা হেতাৰ চৰক চৰক শব্দ এইবোৰ আন কাৰো নহলেও মানুহজনৰ চকুত ভালকৈয়ে পৰিছিল।

ৰিটায়াৰমেন্টৰ কিছুদিন আগতে তেওঁ সুধি পেলালে,“হৌৰা, তোমাৰ কি হৈছে হয়নে? অনবৰতে যুদ্ধংদেহী মনোভাৱ লৈ কিয় থাকা আজিকালি ? আগতেতো এনে নাছিলা ?”, কথাষাৰ শুনি তাইৰ খং অভিমান দুগুণে চৰে ।
“আচ্চা। আপুনি মোৰ নামটো কওকচোন”, তাইৰ প্ৰশ্নত তেওঁ থতমত খাই যায় । কি নাম আছিল তেওঁৰ, কি আছিল উৰ্মি নে উৰ্ণী ঠিক কৰিব নোৱাৰি গলহেকাৰি মাৰে ।

তাই আকৌ উভটি ধৰে, “নোৱাৰে বুইছে নোৱাৰে। মোৰ অস্তিত্ব কেৱল হেতাকেইখনত, তাৰ বাহিৰে মোৰ কিবা অস্তিত্ব আছে বুলি আপুনি গণ্যই নকৰে”, তাইৰ চকু-নাক পানীৰে একাকাৰ হয়।

“আহ হা, কি হৈছে মোক খুলি কোৱাচোন”, কেতিয়াও নেদেখা সজল চকুযুৰিয়ে তেওঁকো বিতত কৰি তোলে ।

তাইৰ অভিমান দুগুণে চৰে। এবাৰলৈ যদি তেওঁ বুজি পালেহেঁতেন, কি সৰু কথা এটিৰ বাবে তাইৰ মুখৰ আয়তন বাঢ়িছে, এবাৰলৈ যদি তেওঁ এবাৰ শুনিব বিচাৰিলেহেঁতেন। এটা মাত্ৰ সৰু সপোন, এখন নদী, এখন অৰণ্য আৰু এখন পাহাৰ- কিশোৰ কিশোৰীৰ দৰে এহাল যুগলবন্দী। খুলি নকয় তাই । ক’বইবা কিয় ? তাই যদি জানিব পাৰে, মানুহজনে কোনখিনি সময়ত কাঢ়াকৈ গাখীৰ চাহকাপ বিচাৰিছে, কোনখিনি সময়ত ফিকা চাহকাপহে বিচাৰিছে, তেওঁও জনা উচিত তাইৰ এটি মাত্ৰ সপোনৰ কথা ।

দৃশ্যাংশ ৫:

আজিকালি ভাগৰবোৰ বৰকৈ লাগে তাইৰ। মাজতে অলপদিন বেমাৰতো পৰিল তাই। অস্তিত্বহীনতাৰ শংকাত তাই ৰাতিবোৰ দীঘল হৈ পৰিবলৈ ধৰিলে । বিপৰীতে বাঢ়ি আহিল ক্লান্তি, অনিদ্ৰা, হতাশা।

বৰ ক্ষন্তেকীয়া জীৱনটো। কলৈকো যোৱাও নহ’ল । ঘৰৰ চাৰিবেৰৰ মাজতে যৌৱন পাৰ হ’ল। চুলিৰ ৰূপালী চুলিখিনি ঢাকিবলৈ তাইৰ দেওবাৰৰ ৰাতিপুৱাবোৰ ব্যস্ত হৈ পৰে। মৌমন, জুমন চাকৰিসূত্ৰে অসমৰ বাহিৰলৈ ঢাপলি মেলিলে। শাহুৱেকৰ-শহুৰেকৰ কাহানিবাই মৃত্যু ঘটিল। দেওৰজন পত্নী-পুত্ৰ লৈ ব্যস্ত হৈ পৰিল। দুমহলীয়া বিশাল ঘৰটোত পৰি থাকে সিহঁত দুটি প্ৰাণী। উৰ্ণী আৰু তাইৰ অৱসৰপ্ৰাপ্ত স্বামী।

মৌমনেই দিলে আইডিয়াটো। “মা তুমি এবাৰো বাহিৰলৈ অহা নাই। এইবাৰ ইয়ালৈ আহিবলৈ প্লেন কৰা । মইতো ইয়াত আছোৱেই” ।তাৰ পাছৰ কথাবোৰ খৰতকীয়া। সপোনটো সঁজাল ধৰি উঠিল। সেই যে চাদৰৰ আঁচলটো টানি পিন মাৰি লোৱা দৃশ্যটো, চিগাৰেটৰ জুইয়ে প্ৰিয়জনৰ আঙুলি পোৰোতে হোৱা তাইৰ বুকুৰ দহনটো, ভৰ আবেগক চম্ভালিব নোৱাৰা যৌৱন সামৰিবলৈ তাইৰ লাহী দেহা সাৱটি তাইৰ প্ৰিয়পুৰুষ ।

একেই অনুভুতি, একেই আকুলতা, নিসংগতাবোৰক ভেটা দিব পৰা এটা সন্ধ্যাৰ অন্বেষণত মুখৰিত হৈ পৰে পঞ্চাশবছৰীয়া হিয়া। সুধিবলৈ মন যায় মৌমনক, তাত নদী এখন আছেনে? অৰণ্য আছেনে ? আছেনে এখন পাহাৰ ? সোধা নহয় তাইৰ। বৰঞ্চ স্বামীয়ে সোঁৱৰাই দিয়ে,
“হৌৰা, এৰী চাদৰখন ভৰাই ল’বা দেই” ।
“হৌৰা, ঊলৰ টূপীটোও লৈ ল’বা দেই” ।

ৰিহাখন ল’বনে তাই? ল’ব, কিয় নল’ব ? মৌমনে কৈছে, তাত এখন নদী আছে, এখন পাহাৰ আছে, অৰণ্যৰ মাজত এটা চাংঘৰ আছে । আসঃ তাইৰ সপোনটোৱে যে দেও দি নাচে । কিদৰে বুজায় তেওঁক? ৰিহা সুলকিব খোজোতে বাহিৰৰ ডাৱৰখিনিৰ সতে কথা পাতি ৰোৱা বমভোলা মানুহজন তেওঁ । দাপোনত মুখখন চাই লয়। ধুনীয়া। এই বয়সতো ধুনীয়া তাই । চুলিখিনিহে মাথোঁ …

দৃশ্যাংশ ৬:

এখন অৰণ্য, তাৰ মাজত এটা জুপুৰী ঘৰ। পাহাৰৰ সিপাৰে ফুলৰ মেলা। নদীখনৰ চাপৰিত কহুৱা এডৰা। তাৰ মাজেৰে বাঘে পানী খোৱা ঘাট। আত্মহাৰা হৈ পৰিছে তাই। দৃষ্টিৰ পৰিসৰ বিয়পি সেউজীয়া কেৱল সেউজীয়া। সেউজীয়া চুমিছে, সেউজীয়া জুমিছে, সেউজীয়াবোৰ বুকুত সানি লৈছে। পাহাৰৰ সিপাৰে অৱশ্যে ৰঙৰ মেলা। এই ফুলৰ সুবাস ল’বলৈকে বুলি সিহঁত তিনিওটাই ৰাতিপুৱাই পদযাত্ৰা আৰম্ভ কৰিলে।

অলপ দূৰ ওপৰলৈ উঠি যাওঁতেই তাই অনুভৱ কৰিছে, কিবা এটা ভাল লগা নাই। মনৰ উত্তেজনাখিনিৰ লগত যেন শৰীৰে সংগত কৰা নাই। পানী এগিলাচ দৰকাৰ হৈছিল তাইক।

“মৌমন”, পাহাৰত ঠেকা খাই ঘূৰি আহিল তাইৰ মাতৰ কৰুণ সুৰ ।কোনেও নুশুনে। মৌমনহঁত বহুত দূৰ পালেগৈ ।

“হেৰি শুনিছে”, নুশুনিলে তেখেতেও। গৰম টুপীটো পিন্ধি তেখেতেও আপোনমনে গৈ থাকিল। তাইহে পৰা নাই। ভাগৰটো বৰ সোনকালে লাগে তাইৰ। পাহাৰৰ এঢলীয়া দাঁতিতে তাতে বহি দিলে । সিহঁত ঘূৰি অহালৈকে ৰৈ দিয়াই ভাল এই ভাৱত। শীতল বা’ এছাটিয়ে তাইক চুই গ’ল । তাৰ লগে লগেই মেঘ ওন্দোলাই নামি আহিল কিনকিনকৈ বৰষুণ এজাক। বৰষুণজাকে তাইৰ শৰীৰটো কঁপাই তুলিলে। চিগাৰেটৰ ধোঁৱাত আছন্ন সময়খিনিৰ নিচাখিনিক ফেৰ মাৰিব পৰাকৈ একুৰা জুই আৰু সুলকিব খোজা ৰিহাৰ আঁচলত চেফটি পিন মাৰি মাৰি চকুত ৰাগী সনা সপোনৰ প্ৰিয়পুৰুষজনৰ ঠিকনাই বৰষুণৰ সোঁতত পাহাৰৰ ওপৰৰ পৰা নামনিৰে বৈ আহি তাইৰ বুকুত বাট হেৰুৱালে । আত্মপ্ৰেমেৰে ভৰি পৰিল তাইৰ সমগ্ৰ সত্তা , ঠিক যেন তিনিমহীয়া কেঁচুৱাটিয়ে নিজৰ আঙুলিটো চুপি চুপি আত্মহাৰা হৈ থকাৰ দৰেই…

গুণগুণনি এটাই সুৰ তুলি ঢৌ খেলিলে বৰষুণ জাকৰ সৈতে,

“মে থোৰী দেৰ জী তো লুঁ
নসে কী ঘোঁট পি তো লুঁ”

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে