দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / ইত্যাদি / কিছু ব্যক্তিগত : কিছু সামাজিক ৷৷ মনোৰম গগৈ ৷৷

কিছু ব্যক্তিগত : কিছু সামাজিক ৷৷ মনোৰম গগৈ ৷৷

নিজে ভাল হোৱাৰ প্ৰথম খোজ!

–দেউতা ভালে আছে?
—আচুং আউ কিবাকৈ! কোননো?
—মই গুৱাহাটীৰ পৰা আহিছোঁ। আপোনালোকৰ আলহী!
—অ’ হয় নেকি! চকুৰে নেদেখোঁ অ’! ইয়াতে বহি আচুং!
—দেউতা, আপোনাৰ বয়স এতিয়া কিমান?
—-মোৰ বয়স? কিমান হ’বনো! চায়ি কুয়ি ছবছৰ কোনোমতে পা কৰিচুং আউ!
—দিনটো বাৰু এনেকৈ বহি থাকে! ৰাতি টোপনি আহেনে?
—ক’তনো আহে! বুঢ়ীজনী মআৰ পআ টোপনি নাহেই! সদায় এটুপি খাব লাগেই! (অশ্লীল) আন একো নাপালে চুলাইকে মায়ি শুই দিওঁ! এটুপি নামায়িলে টোপনি ক’ত আহিব? যি টি কথাবো মনলৈ আহি থাকে অ’!

সাপেখাতীলৈ যাওঁতে ৰাজীৱে ৰে’লৰ পৰা পোনে পোনে তাৰ ঘৰলৈকে লৈ গ’ল! গা ধুবলৈ পিচ চোতাললৈ যাওঁতে দেখিলোঁ তাৰ ককাকে পিৰালিতে বহি খৰাহি এটা বান্ধি আছে। মানুহজনক দেখিলেই ধৰিব পাৰি, চকুৰে তেওঁ নেদেখে! গা-পা ধুই উঠি তেখেতৰ ওচৰত বহি কথা পাতিলোঁ। কেৱল খেতি-বাতি কৰিয়েই তিনিটাকৈ ল’ৰাক পঢ়ুৱাই মানুহ কৰিলে যদিও তেওঁৰ বিশেষ আনুষ্ঠানিক শিক্ষা নাই।

ৰাজীৱৰ ঘৰত তিল পিঠা, ঘিলা পিঠাৰে চাহ খালোঁ। চিৰা-গাখীৰেৰে জলপান। তাৰ পিচত দুপৰীয়া কুকুৰাৰ মঙহ, শুকতি মাছ, গৰৈ আৰু কাৱৈ মাছ পোৰাৰে এসাজ সুস্বাদু ভাত। মন কৰিলোঁ, চাউলৰ পৰা কুকুৰা-মাছলৈকে সকলোবোৰ স্থানীয়। পিঠা-পনা, চিৰা জলপান ,গাখীৰৰ কথা নক’লেও হ’ব। ৰাজীৱহঁতৰ ঘৰৰ ওচৰতে নাতিদূৰত ক্ষুদ্ৰ চাহ খেতিয়ক সোমেশ্বৰ ফুকনৰ ঘৰ। ফুকন ডাঙৰীয়াই ১৯৭৬ চনতে বাৰীত এনেয়ে পৰি থকা বাম মাটিখিনিত চাহ পুলি ৰুইছিল। কেঁচা পাত ওচৰৰ ডাঙৰ বাগিছাৰ কলঘৰত বেচি উপাৰ্জনৰ বাট উলিয়াইছিল। এতিয়া ফুকনদেৱ এগৰাকী প্ৰতিষ্ঠিত ক্ষুদ্ৰ চাহ খেতিয়ক। ১৯৮৭ চনত গঠন হোৱা অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সৈতে প্ৰতিষ্ঠা কালৰে পৰা তেখেত জড়িত হৈ আহিছে। শেহতীয়াভাৱে তেখেতে নিজৰ প্ৰায় ৪৫ বিঘাৰ চাহ বাৰীখনৰ ২১ বিঘাক সম্পূৰ্ণ জৈৱিক চাহ বাৰীলৈ ৰূপান্তৰিত কৰি সেই বাৰীৰ চাহপাতখিনিৰে নিজেই “গ্ৰীন টী” অৰ্থাৎ সেউজীয়া চাহ প্ৰস্তুত কৰি “আত্মনৰ্ভৰশীল অসমীয়া”ৰ এক আদৰ্শনীয় উদাহৰণ দাঙি ধৰিছে। ফুকন ডাঙৰীয়াৰ “য়শৰাজ গ্ৰীন টী” এতিয়া দেশে-বিদেশে সমাদৃত।

আকৌ ৰাজীৱহঁতৰ ঘৰৰ খাদ্য-তালিকাৰ কথালৈ আহোঁ। পুৱাৰ চাহকাপ যদি সোমেশ্বৰ ফুকনৰ নিচিনাকৈ ৰাজীৱহঁতেও যদি নিজৰ চাহবাৰীখনৰ পৰাই প্ৰস্তুত কৰা সেউজীয়া চাহ হ’লহেঁতেন (ৰাজীৱহঁতৰো এখন চাহবাৰী আছে) তেন্তে আহোম ৰাজশাসনৰ দৰেই এতিয়াও ৰাজীৱহঁতৰ ঘৰখন সম্পূৰ্ণ স্বনিৰ্ভৰ অৰ্থনীতিৰ গৰাকী হ’ব পাৰিলেহেঁতেন। কেৱল ৰাজীৱহঁতৰ ঘৰেই কিয়, অসমৰ গাঁৱত এতিয়াও যি অপৰ্যাপ্ত ভূমিসম্পদ আছে, সেইখিনিক পৰিকল্পিতভাৱে সদ্ব্যৱহাৰ কৰিলে নিশ্চিতভাৱেই আমি অসমবাসীয়ে নিজে নিজেই এক সমৃদ্ধিশালী অৰ্থনীতিৰ গৰাকী হ’ব পাৰিম।

ৰাজীৱে মোক ক’লে, তেওঁ আমাৰ সৈতে কাম কৰিব খোজে। অসমৰ নতুন প্ৰজন্মৰ মাজত সুস্থ কৰ্ম-সংস্কৃতিৰ বীজ ৰোপণ কৰি থলুৱা অৰ্থনীতিক সমৃদ্ধিশালী কৰাৰ লক্ষ্য-উদ্দেশ্য লৈ আমি আৰম্ভ কৰা “থলগিৰি: অসমীয়া হোৱাৰ গৌৰৱ”ৰ সৈতে তেৱোঁ জড়িত হ’ব খোজে!

ৰাজীৱৰ এই ইচ্ছাক মই অন্ত:কৰণেৰে আদৰণি জনাইছোঁ। কেৱল আদৰণি জনোৱাই নহয়, অসমৰ নিজৰ সম্পদেৰে নিজৰ ভৱিষ্যৎ নিজে গঢ়াৰ ৰাজীৱৰ এই আগ্ৰহক মই সন্মান জনাইছোঁ।

আমি বহুত আন্দোলন কৰিলোঁ। অহিংস, সশস্ত্ৰ এই আন্দোলনবোৰৰ নামত যোৱা চাৰি দশক ধৰি গঢ় লৈ উঠা অজস্ৰ ‘জাতীয়’ সংগঠনে ডকা-হকা দি , গুণ্ডাগিৰি কৰি বহু কোটি টকাৰ চান্দাও তুলিলোঁ। এই “চান্দা দুষ্কৃতি”য়ে আমাৰ বহু ক্ষতি কৰিছে। আমাৰ ডেকা শক্তিৰ চৰিত্ৰ নষ্ট কৰিছে। আমাৰ স্বভাৱজাত পৰম্পৰাগত কৰ্মস্পৃহা তথা কৰ্মসংস্কৃতিও ই ধূলিৰ লগত মিলাই’দিছে। এক কৰ্মতৎপৰ, সমৃদ্ধিশালী, স্বাভিমানী জাতিৰ এই স্খলন চকু মুদি চাই থাকিব নোৱাৰি। সেইবাবেই আমাৰ সীমিত পৰিসৰতে, বহু বাধা-বিঘিনিৰ মাজত , সৰুকৈ কিন্তু অতি সুচিন্তিত আৰু সুপৰিকল্পিতভাৱে আৰম্ভ কৰিছোঁ ‘থলগিৰি’ৰ এই অভিযান। এই অভিযান সাফল্যমণ্ডিত কৰিবলৈ আমাক অসমৰ নতুন প্ৰজন্মৰ উদ্যমী , সৎ, অসমক মনে-প্ৰাণে ভাল পোৱা ডেকা-গাভৰুৰ আন্তৰিক অংশগ্ৰহণ লাগিবই! লাগিব জ্যেষ্ঠজনৰ আশিৰ্বাদ, দিহা-পৰামৰ্শ।

অন্যায়-অনীতিৰ বিৰুদ্ধে, শোষণ-নিষ্পেষণৰ বিৰুদ্ধে প্ৰতিবাদ/ আন্দোলনৰ নিশ্চিতভাৱেই আমাক প্ৰয়োজন আছে। কিন্তু আন্দোলনবোৰ সততা আৰু মূল্যবোধৰ আধাৰত পৰিচালিত হ’লেহে ৰাইজে তাৰ সুফল পাব। এনে আন্দোলনবোৰ পৰিচালিত কৰিবলৈ প্ৰয়োজন হোৱা ধনখিনি আমি বেলেগক ডকা-হকা দি সংগ্ৰহ কৰাৰ পৰিৱৰ্তে যদি নিজৰ উপাৰ্জনৰ পৰা দিব পাৰোঁ আৰু যদি অসমৰ ৰাইজক বিশ্বাসত লৈ, লগত লৈ ব্যৱস্থা পৰিৱৰ্তনৰ বাবে এক ঐক্যৱদ্ধ, শক্তিশালী আন্দোলন আৰম্ভ কৰিব পাৰোঁ তেন্তে মোৰ দৃঢ়বিশ্বাস যে তাৰ পৰা অসমৰ প্ৰতটো জনগোষ্ঠীৰ প্ৰতিজন লোকেই উপকৃত হ’ব।

আহক, নিজৰ ভৱিষ্যতৰ স্বাৰ্থত, নিজৰ সন্তান তথা আমাৰ ভৱিষ্যত প্ৰজন্মবোৰৰ স্বাৰ্থত আমাৰ সুবিধাবাদী অৱস্থানৰ পৰা আমি ওলাই আহোঁ! কৰ্মসংস্কৃতিৰ আধাৰত এক শক্তিশালী অৰ্থনৈতিক তৎপৰতাৰ অংশীদাৰ হওঁ। আহক আমি আন্তৰিকতাৰে আৰম্ভ কৰোঁ সুদূৰপ্ৰসাৰী প্ৰভাৱ থকা চৰিত্ৰ গঢ়াৰ এক আন্দোলন।

তেতিয়া আমি বিশ্ববিখ্যাত দাৰ্শনিক কাৰ্লাইলৰ সুৰত সুৰ মিলাই দৃঢ়তাৰে ক’ব পাৰিম:”প্ৰথমে নিজে ভাল হোৱা! দেখিবা, পৃথিৱীৰ পৰা এজন বেয়া মানুহ নোহোৱা হৈছে!”

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে