চ’ৰাঘৰ / কথাশিল্প / ৰঙা ৷৷ কোকিল শইকীয়া ৷৷

ৰঙা ৷৷ কোকিল শইকীয়া ৷৷

 

পুৱাই এন্ধাৰৰ মাজৰ পৰা ওলাই অহা
অথবা সন্ধিয়া এন্ধাৰৰ মাজত বুৰ যোৱা
বেলিটোৰ ৰং ৰঙা

সৰুতে মিঠাই মৰ্টন, বেট-বল খুজি
দেউতাক আমনি কৰাৰ সময়ত
অথবা পঢ়ি থকাৰ দিনত
পৰীক্ষাত কম নম্বৰ পোৱাৰ সময়ত
দেউতাৰ চকুহালৰ ৰং আছিল ৰঙা

ৰঙা মানেই এপাহ গোলাপ
আৰু কাঁইট
ৰঙা ৰঙা ৰঙা
ভালপোৱাৰ আৱেগ ৰঙা

মই এটা বিষণ্ণ মানুহ
আমাৰ মায়ে আকৌ ৰঙীয়াল মানুহহে ভাল পায়

ৰঙা মানেই
অধিকাৰ আঁজুৰি আনিব খোজা
এটা কলম আৰু বন্দুকধাৰী সত্তা

ৰঙা এটা শ্ল’গান
ৰঙা অভিবাদন
ৰঙা কাৰ্পেট
ৰঙা নিচান
‘লাকী বিড়ি’ত মেৰিয়াই থোৱা সূতাডালৰ ৰং ৰঙা

তামোলৰ পিক লগা বুঢ়ী মানুহজনী
ৰাতিপুৱা বিচনাৰ পৰা উঠি অহা
নতুন বোৱাৰীজনী
ৰঙা ৰঙা ৰঙা

প্ৰিয় ৰং
সেন্দূৰীয়া আপেলটো
সেন্দূৰীয়া আমটোও
দুখনি গাখীৰতী গাল

আন কিছু ক্ষেত্ৰত
ৰঙাৰ প্ৰতি আছে বিৰাগ
নাৰীক পত্নী কৰি বান্ধি ৰখা ৰঙা সেন্দুৰকণ
ৰঙা লাইটত গাড়ী খন

আৰু প্ৰিয়
আৰু প্ৰিয়… ৰঙাজান
অহ্ .. সন্ধিয়া হ’লেই
জীৱন উৎসৱত সুৰধ্বনি তোলা
বিষাদ উদযাপনৰ
ৰঙা পানীকণ৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে