চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / ব্ৰেণ্ডেড সামগ্ৰী ৷৷ প্ৰাঞ্জল অনুভৱী ৷৷

ব্ৰেণ্ডেড সামগ্ৰী ৷৷ প্ৰাঞ্জল অনুভৱী ৷৷

ৰাতিপুৱা শুই উঠিয়েই আমি প্ৰতিদিনে এখন বিজ্ঞাপন জগতৰ মুখামুখি হওঁ। পেপাৰত বিজ্ঞাপন, আলোচনীত বিজ্ঞাপন, টিভিৰ পৰ্দাত বিজ্ঞাপন, বিজ্ঞাপন ৰেডিঅ’ এফ এম’ত। পদূলি মূৰৰ পৰাই শাৰী শাৰী প্ৰকাণ্ড প্ৰকাণ্ড হোৰ্ডিং। সুন্দৰী অৰ্ধনগ্ন নাৰীৰ লয়লাস ভংগিমা! দুহাত প্ৰসাৰিত কৰি আপোনাক আমন্ত্ৰণ জনাইছে – আহক, আমাৰ ব্ৰেণ্ডৰ সামগ্ৰী কিনক। আমাৰ তেল ব্যৱহাৰ কৰিলে আপোনাৰ চুলি নসৰিব (?) তপা মূৰত গজি উঠিব একোচা সুন্দৰ ঘন, ক‘লা চুলি (?) দীঘল কেশবিন্যাসেৰে আপুনি হৈ পৰিব অনিন্দ্য সুন্দৰী (?)৷ আহক, আহক- আমাৰ চাবোন কিনিক আৰু সকলো বেমাৰৰ পৰা হাত সাৰক৷ ইমান ফেন ! চাওক, কি নিখুঁত ভাবে পৰিস্কাৰ কৰি দিয়ে আপোনাৰ কাপোৰ ! চক গইয়ে ক্যা কলাৰ বাবু ! এই ক্ৰীমটো ব্যৱহাৰ কৰক। আপুনি নিশ্চিত ভাবে ছলমান খানৰ দৰে ধুনীয়া হৈ পৰিব। আপুনি আমাৰ এই প্ৰডাক্ট কিনিকচোন– আপোনাৰ ল’ৰা এদিন শচীন টেণ্ডুলকাৰৰ দৰে ক্ৰিকেট খেলিব পাৰিব। অন্য নহ’লেও মিলখা সিঙৰ দৌৰিব পৰাতো খাটাং !
.
ফটিকা খাই নিচাগ্ৰস্ত হৈ পৰা মানুহৰ দৰে ৰাতিপুৱাতে বিজ্ঞাপনৰ দোজ খাই, প্ৰতিনিয়ত আমি নিচাগ্ৰস্ত হৈ পৰো । কোনটো কোম্পানীৰ সামগ্ৰী কিনিম কোনটোৰ নিকিনিম আমি বিভ্ৰান্ত হৈ পৰো আৰু এটা সময়ত অতি জনপ্ৰিয় হৈ পৰা ব্ৰেণ্ডেদ সামগ্ৰী বিধ কিনিবলৈ আমি শ্বপিং মললৈ দৌৰ মাৰোঁ । উচ্ছ দামত ক্ৰয় কৰোঁ সেই সামগ্ৰী । আমাৰ মনত অহৰহ এটা কথাই ক্ৰিয়া কৰি থাকে – ব্ৰেণ্ডেদ সামগ্ৰী মানেই ভাল! যাৰ ফলত বহু সময়ত উৎকৃষ্ট সামগ্ৰীবিধো কেতিয়াবা আমাৰ দৃষ্টিৰ অগোচৰে থাকি যায়। কিম্বা ব্ৰেণ্ডেদ সামগ্ৰীৰ হেঁচাত চেপেটা লাগি পৰি থাকে দোকান কিম্বা শ্বপিং মলৰ কোনোবা এটা চুকত! এই ধৰনৰ ব্ৰেণ্ডেড চিন্তা-চৰ্চাই কেৱল আমাক দৈনন্দিন ব্যৱহৃত সামগ্ৰীয়ে গ্ৰাস কৰা নাই। প্ৰভাৱ বিস্তাৰ কৰিছে সৃজনীমূলক কামবোৰৰ ওপৰতো। আমাৰ ব্যক্তিগত ৰুচি-অভিৰুচিৰ ওপৰতো। সেয়ে কোনো এজন জনপ্ৰিয় চিত্ৰ পৰিচালকৰ ছবি ৰিলিজ হ’লেই আমি প্ৰথম দিনাই প্ৰথমটো শ্বো চাবলৈ লৰা-ঢপৰা লগাওঁ। পপুলাৰ গায়কৰ গান এটা বাটে-পথে অনবৰত বাজি থকা আমি শুনিবলৈ পাওঁ। তাৰ কথাবোৰ, শব্দবোৰ ‘হেৰি’য়ে হওক লাগিলে। জনপ্ৰিয় সাহিত্যিকজনৰ কিতাপখন হেজাৰ কপি বিক্ৰি হৈ যায় এটা দিনত! কিন্তু সকলো জনপ্ৰিয় চলচিত্ৰ নিৰ্মাতাৰ সকলো ছবিয়ে ভাল (সফল !) হয় জানো? পপুলাৰ গায়কৰ সকলো গানেই হিট হয় জানো? এগৰাকী লদ্ধপ্ৰতিষ্ঠিত লেখকৰ সকলো কিতাপেই সমানে পঠনযোগ্য উঠেনে? নহয়। কিন্তু আমি ছবিখন চাবলৈ লৰা-ধপৰা কৰোঁ, গান ডাউনল’ড কৰোঁ কিম্বা কিনি আনো চিডি। লদ্ধপ্ৰতিষ্ঠিত লেখকগৰাকীৰ নতুন কিতাপখনৰ প্ৰথম সংস্কৰণৰ কপিটো সংগ্ৰহ কৰিবলৈ আমি উত্ৰাৱল হৈ পৰো। কিয়নো সেইবোৰ ব্ৰেণ্ডেদ সামগ্ৰী ।

যাৰ হেঁচাত চেপেটা লাগি পৰি থকা শ্বপিংমল.দোকানৰ সামগ্ৰীবোৰৰ দৰে ক’ৰবাত অগোচৰে থাকি যায় আপাতঃদৃষ্টিত কম জনপ্ৰিয় বা অখ্যাত পৰিচালকৰ এখন সুন্দৰ ছবি ! ভাল এটা গান ! নতুন লেখকৰ মনোগ্ৰাহী এখন কিতাপ !

 

এটা মন্তব্য

  1. হয় ! আমি যেন একোটা গিনিপিগ ! বহুজাতিক Companey বিলাকৰ ৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে