চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / ভোগবাদ আৰু অসুখী মনবোৰ ৷৷ দেৱাঞ্জন বৰঠাকুৰ৷৷ 

ভোগবাদ আৰু অসুখী মনবোৰ ৷৷ দেৱাঞ্জন বৰঠাকুৰ৷৷ 

আজি আমেৰিকানসকলৰ হাতত পূৰ্বতকৈ দুগুণ সংখ্যক গাড়ী আছে, ধন-সম্পত্তিও বাঢ়িছে৷ কিন্তু সেই অনুপাতে সুখ বাঢ়িছেনে? কেৱল আমেৰিকা কিয়, আমাৰ অসমতো ভোগবাদী মানসিকতাই মানুহক বান্ধি পেলাইছে৷ যেন অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ মানুহক বাধ্য কৰা হৈছে৷ ভোগবাদৰ লগত অৱধাৰিতভাৱেই আহে বস্তুবাদৰ কথা৷ ইয়াত কাৰ্ল মাৰ্ক্সৰ ধাৰণাও উল্লেখনীয়৷ তেওঁ কৈছিল, “Commodity Fetishism“ ৰ কথা ৷ আজি দুমহলীয়া কাইলৈ তিনিমহলীয়া ঘৰ বনাম ৷ সেইখন গাড়ী কিনিম বজাৰত নতুন ব্ৰেণ্ড আহিছে মবাইল ফোনৰ, সেয়া ক্রয় কৰাটো জৰুৰী৷ মাৰ্ক্সৰ মতে, এই ফেটিছিজম বা ভোগবাদী মানসিকতাৰ বাবেই পুঁজিবাদ আগবাঢ়িছে আৰু বনুৱাক কেনেকৈ নিস্পেষণ কৰা হৈছে সেই কথা অলক্ষিতে উপেক্ষিত হৈ ৰৈছে৷

ভোগবাদে আমাক অসুখী কৰে৷ বজাৰত নতুন মবাইল এটা ওলাইছে৷ তাক কিনিবলৈ আমাৰো মন লিকলিকাব আৰু সেই মবাইলটো কিনাৰ সামৰ্থ গোটাবলৈ হয়তো আমি অহুপূৰুষাৰ্থ কৰিম৷ এই কেতিয়াও শেষ নোহোৱা প্ৰক্ৰিয়াটোত আমি হেৰুৱাই পেলাম সুখ আৰু জীয়াই থকাৰ ছন্দ৷ ’ভোগবাদ’ক জীয়াই ৰখাৰ বাবে ব্যৱসায়ী আৰু মনোবিজ্ঞানীসকলে মানুহৰ প্ৰয়োজন আৰু আকাংক্ষাবোৰক অধিক প্ৰৱল কৰাৰ চেষ্টাত ব্রতী আছিল আৰু আজিও আছে ৷
.
আনহাতে অতিসূক্ষ্মবাদ বা Minimalism এক প্ৰকাৰৰ জীৱন প্ৰক্ৰিয়া, যি ভোগবাদৰ সম্পূৰ্ণ বিপৰীত দিশত অৱস্থান কৰে৷ এই কথা কোৱা হয় যে ভোগবাদী আৰু বস্তুবাদী মানুহতকৈ অতিসূক্ষ্মবাদী ব্যক্তি সকল বেছি সুখী ৷ তেনে এই মিনিমেলিজম নো কি হয় ? ই হৈছে এক প্ৰকাৰৰ জীৱন শৈলী, য’ত এজন ব্যক্তিয়ে অতি কম সংখ্যক বস্তুৰে নিজৰ প্ৰয়োজনবোৰ পূৰ কৰাৰ চেষ্টা কৰে৷ ধৰা হ’ল, পাব্লিক পৰিবহণ যিহেতু গুৱাহাটীত ভাল, সেয়ে গুৱাহাটীৰ নাগৰিকে এখন গাড়ী নিকিনাকৈও সুন্দৰ ভাৱে ইঠাইৰ পৰা সিঠাইলৈ অহা যোৱা কৰিব পাৰে৷ ঠিক তেনেকৈ অপ্ৰয়োজনীয় ভাৱে তিনি মহলীয়া অট্টালিকা সজাৰ সলনি সৰুকৈ কম খৰছতে এটা ঘৰ সজাব পৰা যায়৷ এতিয়া গাড়ীখন চুৰি হোৱাৰ চিন্তা, অট্টালিকা সাজোতে লোৱা ঋণ পৰিশোধ কৰিব নোৱাৰাৰ চিন্তাৰ পৰা আপুনি মুক্ত৷ অৰ্থাৎ এজন বস্তুবাদী, ভোগবাদী ব্যক্তিতকৈ আপুনি বেছি সুখী৷ জাপানৰ দৰে দেশত এই ‘মিনিমেলিজম’ৰ প্ৰয়োগ বহুল ভাৱে মানুহে নিজৰ জীৱনৰ লগতে কলা-সংস্কৃতি সকলোতে কৰিছে৷ জাপানৰ ’ৱাবি চাবি’ এক জীৱন দৰ্শন, য’ত নশ্বৰতা আৰু ত্রুটিপূর্ণতাক প্ৰাধান্য দিয়া হয়৷ হয়তো আপোনাৰ ড্ৰয়িং ৰুমত আপুনি ধুনীয়া ধুনীয়া মূৰ্তি কেইটামান সজাই ভাল পাব৷ কিন্তু ’ৱাবি চাবি’ দৰ্শনত হয়তো ভগা মূৰ্তিকেইটাৰ মাজতহে সৌন্দৰ্যৰ অৱস্থিতি দৰ্শকৰ পৰিলক্ষিত হ’ব৷ পশ্চিমীয়া নিৰ্ভুলতাৰ বিপৰীতে , জাপানিজ দৰ্শনত ত্রুটিপূর্ণতাৰ মাজত সৌন্দৰ্যবোধ বিচৰাৰ কথা কোৱা হৈছে৷ সেয়ে পশ্চিমীয়া ভোগবাদৰ বিপৰীতে ’মিনিমেলিজম’ক পূবত, বিশেষকৈ জাপানত প্ৰাধান্য দিয়া হৈছিল৷ যিমানেই কম সম্পত্তিৰ গৰাকী হ’ব পৰা যায় সিমানেই সুখৰ নিদ্ৰা এজন ব্যক্তিয়ে আহৰণ কৰিব পাৰে৷ আজিৰ অসমীয়া মানুহৰ গাড়ী ক্রয়, দুই তিনি মহলাৰ অট্টালিকা বনোৱাৰ প্রতিযোগিতা ভোগবাদী মানসিকতাৰেই এক নিদৰ্শন৷ অৱশ্যে “পিয়েৰ প্ৰেছাৰ“ আন এক অনুঘটক৷ “ বৰুৱাই চোন নতুন গাড়ী এখন ল’লে, আমিও এই বিহুতে এখন নিকিনিলে লাজ কাণ ক’ত থাকিব বাৰু ? বিহুৰ হেনো অফাৰো চলি আছে“ ৷ এই অফাৰ পূঁজিপতি গোষ্ঠীৰ মানুহক প্ৰলোভিত কৰাৰ এক কৌশলৰ বাদে আন একো নহয়৷ পশ্চিমীয়া দেশত গৱেষণাৰ এক বুজন অংশ কেৱল ভোগবাদে সৃষ্টি কৰা বজাৰৰ চাহিদা পূৰণৰ বাবেই সৃষ্ট৷ উদাহৰণ হিচাপে আই ফ’ন মবাইলৰ নতুন নতুন সংস্কৰণ ওলাই আহে প্ৰত্যেক বছৰেই৷ অত্যাধুনিক প্ৰযুক্তিৰ সমাহাৰেৰে মানুহৰ মন এনেকৈ ভুলোৱা হয় যে মানুহজনে কেইবাহাজাৰ টকা খৰছ কৰি মবাইলটো কিনিবলৈ মানসিক ভাৱে বাধ্য হৈ পৰে অৱচেতন ভাৱে প্ৰভাৱিত হৈ ৷ বিজ্ঞাপন বোৰো মানুহক প্ৰলোভিত কৰাৰেই এটা কৌশল ৷

মহাত্মা গান্ধীয়ে কৈছিল, “প্ৰকৃতিয়ে মানুহৰ ’প্ৰয়োজন’ বোৰ পূৰণ কৰিবৰ বাবে যথেষ্ট দিছে, কিন্তু ’লোভ’ৰ পৰিতৃপ্তিৰ বাবে নহয়“ ৷ অৱশ্যে ম্যাগনান ম্যাকল্লফ্লিনে এনেকৈও কৈছে, “তুমি যে লুভীয়া তাৰ বাবে তুমি সুখী হোৱা, এনে নোহোৱাহ’লে দেশৰ অৰ্থনীতি ধ্বংস হ’লহেঁতেন৷“ লোভ আৰু ভোগবাদ দুয়ো যেনেকৈ মানুহৰ অসুখৰ কাৰণ, ঠিক তেনেকৈ ই যেন সামাজিক প্ৰগতিৰ বাবে প্ৰয়োজনীয় এক ঋণাত্মক আধাৰ ৷ প্রতিযোগিতা নাথাকিলে মানুহৰ কৰ্মস্পৃহাও কমি যায়৷ হয়তো ভোগবাদে অনা প্রতিযোগিতাৰ অবিহনে প্ৰযুক্তিৰ দ্ৰুত বিকাশ যেন সম্ভৱ ন’হব এনে ধাৰণা হয়৷ এই ধাৰণা অমূলক নহয় ৷ আজি প্ৰায়বোৰ দেশেই দ্ৰুত উদ্যোগিকীকৰণৰ বাবে প্ৰকল্প হাতত লৈছে৷ বিশ্বৰ বজাৰ দখল কৰাৰ বাবে এক অঘোষিত প্ৰতিযোগিতাত সকলো নামি পৰিছে ৷ “ভোগেই তৃপ্তি ” এই ধাৰণা কিমান দূৰলৈ শিপাইছে ক’ব নোৱাৰি, কিন্তু অৱধাৰিত ভাৱেই ই আমাৰ জীৱনটোক নিয়ন্ত্ৰণ কৰিছে৷ অনিয়ন্ত্ৰিত ভোগবাদে মানৱীয় মূল্যবোধৰ অৱক্ষয় আনিছে ৷ আজি পশ্চিমীয়া দেশত পূঁজিপতি মঙহৰ উদ্যোগবোৰে অপ্ৰয়োজনীয়ভাৱে লাখ লাখ জন্তুৰ হত্যা কৰিছে আৰু মানুহক সুন্দৰ বিজ্ঞাপনেৰে এই প্ৰডাক্টবোৰ কিনিবলৈ প্ৰলোভিত কৰিছে৷ ভোগবাদ লাগে নে নালাগে? এটা জটিল প্ৰশ্ন, হয়তো আমি নিজে এই বিষয়ে বিচাৰ কৰি চাব পাৰিম সময়ত৷ জীৱনত যিবোৰ বস্তু ন’হলেও আমি জীয়াই থাকিব পাৰোঁ সুন্দৰ ভাৱে সেইবোৰৰ পৰা আঁতৰি থকাটোৱেই হয়তো সুখী হোৱাৰ প্ৰধান চৰ্ত ৷ যিমানেই আমি ‘ভোগেই তৃপ্তি‘ এনে ধাৰণাৰে পৰিবেষ্টিত হৈ থাকিম, প্ৰকৃত মনৰ সুখৰ পৰা আমি আঁতৰি থাকিম৷ প্ৰলোভন চাৰিওফালে থাকিবই, মানসিক ভাৱে আমি সৱল হ’ব লাগিব যে ভোগবাদী চিন্তাধাৰাক আমি প্রশ্রয় নিদিওঁ৷ হয়তো জাপানীসকলৰ দৰে অলপতে সন্তুষ্ট হোৱাৰ এটা মানসিকতা আমি গঢ়ি তুলিব পাৰিলে, ভোগবাদী সংস্কৃতিৰ আগ্ৰাসন সত্বেও আমি হেৰুৱাই পেলোৱা সুখবোৰ আকৌ বিচাৰি পাম ৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে