মঙ্গলবাৰ , জুলাই 17 2018
দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / কথাশিল্প /  জল ৰং ৷৷ ৰাকেশধিৰ মেধি ৷৷

 জল ৰং ৷৷ ৰাকেশধিৰ মেধি ৷৷

কুঁৱলী সনা পুৱাটোত ছাঁ পৰিছে
ধোঁৱাৰঙী
চৰাইজনী মিলি আছে৷ তুলিকাই অঁকা !
গছপাত এখিলাত বহি আমৰলি পৰুৱাটোৱে
ৰ’দৰ গান জুৰে
.
কুঁৱলী সনা পুৱাটোত পুখুৰীৰ পাৰটো নমনি
পানীত ভেঁটফুলৰ গেজেপনি
মানুহৰ দীঘল ছাঁ পানীত নিবিয়পে
.
নেতা পালিনেতা আৰু আমাৰ সূতমল দোকানী
হাজিৰ হয় ইন্দিৰা আৱাস যোজনাৰ দালানৰ চোতালত
দুৰ্ভাগ্যবশতঃ তাত দাপোন নাই
.
কুঁৱলী সনা পুৱাটো
আচলতে সুবিধাবাদীসকলৰ বাবে সুবিধাজনক
তাত জলৰঙৰ বহিঃপ্ৰকাশ নঘটে৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে