চ’ৰাঘৰ / ধাৰাবাহিক / ইতিহাস / বিষ্ণু ৰাভা – বৃহত্তৰ অসমীয়ালৈ বহু দূৰ৷৷ হেমৰাজ ৰাভা৷৷

বিষ্ণু ৰাভা – বৃহত্তৰ অসমীয়ালৈ বহু দূৰ৷৷ হেমৰাজ ৰাভা৷৷

সপোন? হয় সপোন। কিন্তু কিছুমান অলীক সপোনে মানুহৰ মনত বিভ্রান্তিৰ সৃষ্টি কৰাটো স্বাভাবিক। অসমত হয়তো কোনোৱে আদিম যুগৰ পৰাই সমগ্র অসমৰ জনগোষ্ঠীসকলক লৈ এক বৃহৎ অসমীয়া জাতি গঠন কৰাৰ সপোন দেখিছিল। প্রতিটো যুগত প্রতিটো প্রজন্মৰ মুখতে মাথোঁ এক বৃহৎ জাতি গঠন কৰাৰ কথা শুনি আহোঁ । অকল অসমেই নহয়, সমগ্র উত্তৰ-পূৰ্বাঞ্চলৰ সৰু-ডাঙৰ জনগোষ্ঠীক লৈ এক জাতি গঠন কৰাৰ সপোন দেখাৰ কথা আমি শুনি আহিছোঁ আৰু ঠিক তেনেদৰে আমি অধিকাংশই মনত সেই আশা পুহি আহিছোঁ । কিন্তু, এই প্রক্রিয়াৰ বাবে এনে নেতা বা সংগঠনৰ ওপৰত দায়িত্ব প্রদান কৰোঁ; যিসকলে পাছলৈ গৈ ক্ষমতাৰ লোভতেই হওক বা অৰ্থ সম্পত্তিৰ লোভতেই হওক – এই সংগঠিত জাতিটোক পুনৰ আগৰ অৱস্থালৈ নি মাউৰাৰ দৰে দিক্ বিহীন কৰি পেলাই থয়। আকৌ আমাৰ দৰে এচামৰ চকুত ভাহি উঠে সেই পুৰণি সপোন।
.
তেনে সপোন দেখা বহুজনৰ ভিতৰত এজন আছিল কলাগুৰু বিষ্ণু প্রসাদ ৰাভা। ১৮২৬ চনৰ পাছত অসমলৈ পূৰ্ববংগ আৰু পশ্চিম বংগৰ পৰা অহা বঙালীসকলৰ লগতে আহিছিল তেওঁলোকৰ বহু বুদ্ধিজীৱী। তেওঁলোকৰ উচ্চ জাক জমকীয়া সংস্কৃতিয়ে অসমৰ বহু থলুৱা জনগোষ্ঠীক আকৰ্ষিত কৰিছিল। ফলত বহুলোেক নিজৰ থলুৱা পুৰণিকলীয়া কৃষ্টি-সংস্কৃতি ত্যাগ কৰি, আনকি নিজৰ বংশানুক্রমে ব্যৱহাৰ কৰি অহা উপাধিকো ত্যাগ কৰি বঙালীলৈ ৰূপান্তৰিত হয়। ইয়াৰ বিশেষ প্রভাৱ পৰিছিল কাছাৰ অঞ্চলত। উচ্চ সংস্কৃতি-সাহিত্যৰ দ্বাৰা প্রভাবিত হোৱাৰ লগতে সেইসময়ৰ শাসক ইংৰাজৰ আনুগত্য পাবলৈ এই ৰূপান্তকৰণৰ প্রক্রিয়া ক্রমে দ্রুত হ’বলৈ ধৰিলে। ইয়াৰ উপৰি ত্রিপুৰা, উত্তৰ বাংলাদেশ আৰু পশ্চিম অসম তথা উত্তৰবংগৰ বহু থলুৱা জনগোষ্ঠীৰ ওপৰতো এই প্রক্রিয়াৰ প্রভাৱ পৰে।
.
তেতিয়াই এই প্রক্রিয়াত শংকিত হৈ কলিকতাত পঢ়ি থকা কেইজনমান অসমীয়া যুৱকে ইয়াক প্রতিৰোধ কৰাৰ মানসিকতাৰে ১৮৮৮ চনৰ ২৫ আগষ্টত ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ জন্ম দিয়ে। শিৱৰাম শৰ্মা বৰদলৈ, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্র গোস্বামী, কণকলাল বৰুৱা, লক্ষ্মীপ্রসাদ চলিহা, তীৰ্থনাথ কাকতি, চন্দ্রকমল বেজবৰুৱা, গুণীন্দ্রনাথ বৰুৱাকে আদি কৰি কেইবাজনো ব্যক্তিয়ে বিশ্বত অসমীয়া ভাষা আৰু জাতিক এক সুকীয়া স্থান দিয়াৰ প্রয়াসেৰে এই অনুষ্ঠানটো জন্ম দিয়ে। এই যুগৰ পৰাই অসমীয়া ভাষাত সুকীয়া আৰু আধুনিক সাহিত্যৰ প্রচলন হ’বলৈ আৰম্ভ কৰে। ইয়াৰ আগতে ৰামায়ণ- মহাভাৰতৰ কাহিনীৰ ওপৰতেই সাহিত্যচৰ্চা হৈছিল যদিও ভিন ভিন জনগোষ্ঠীৰ ভাষাত মুখে মুখে কিছু লোক কাহিনী প্রচলিত আছিল। যদিও এওঁলোকে অসমীয়াত সাহিত্যৰ প্রচলন কৰিছিল, পৈণত বঙালী সাহিত্যৰ লগত ফেৰ মাৰিব পৰা নাছিল। শৰৎ চেটাৰ্জী, ৰবীন্দ্রনাথ ঠাকুৰৰ দৰে সাহিত্যিকসকলে তেওঁলোকৰ সৃষ্টিৰাজিৰে কেৱল অসমৰ জনগোষ্ঠীৰ মাজতেই নহয়, সমগ্র ভাৰততে প্রভাৱ পেলাইছিল। সেয়েহে অঃ ভাঃ উঃ সাঃ সভাৰ ব্যক্তিসকলৰ আপ্রাণ চেষ্টাৰ পাছতো অসমীয়া ভাষাৰ প্রসাৰ আৰু অসমীয়া জাতি গঠনৰ প্রক্রিয়াসমূহ শামুকীয়া গতিৰে ধাবমান হৈছিল। ইয়াৰ আগতে যদিও সাহিত্য চৰ্চা হৈছিল, কিন্তু সেয়া আছিল ব্রজাৱলী ভাষাত আৰু বিশেষ ধৰ্ম প্রচাৰৰ অৰ্থেহে। গতিকে সেই ভাষাৰ সাহিত্য সকলোৱে অধ্যয়ন কৰা নাছিল। তদুপৰি ১৮২৬ চনৰ আগতে তাহানিৰ অসমত মূল ভাষা হিচাবে দুটা ভাষাহে চলিছিল। এটা ৰজাই ব্যৱহাৰ কৰা ভাষা আৰু আনটো মন্দিৰবোৰৰ মালিকবোৰে জমিদাৰ চৰিত্রৰে ব্যৱহাৰ কৰা ভাষা। ফলত মন্দিৰবোৰৰ হাজাৰ হাজাৰ বিঘা ভূমিত বসবাস কৰা প্রজাই ৰায়ত হিচাপে জমিদাৰৰ ভাষা আৰু প্রজা হিচাবে ৰজাৰ ভাষা ব্যৱহাৰ কৰিব লগীয়া হৈছিল। আনপিনে জমিদাৰী শোষণ আৰু এই শোষণত ৰাজবিষয়াবোৰৰ সহায়-সহযোগে তেনে ভাষাৰ প্রতি প্রজাবোৰৰ মনত বিতৃষ্ণা জন্মাইছিল। ফলত তেওঁলোকে মাতৃভাষা ত্যাগ কৰিব বিচৰা নাছিল। সেই জমিদাৰী প্রথা চলিছিল পৰোক্ষভাবে বিশেষ ধৰ্মৰ নামতহে ।
.
অসমীয়া জাতি গঠনত আটাইতকৈ ভয়াবহ আছিল বৰ্ণবাদ। অসমত উচ্চ বৰ্ণ বা নিম্নবৰ্ণ ভাগ কেনেকৈ হ’ল বুজা নাযায়। এচামে উচ্চবৰ্ণৰ প্রমাণ পত্র কেনেকৈ আৰু ক’ত পালে বুজা টান। ফলত তেনে বিভেদে সুচিন্তাৰে আগবাঢ়ি অহা ব্যক্তিসকলকো থলুৱা জনগোষ্ঠীবোৰে অতি সহজভাবে আৰু বিশ্বাসেৰে ল’ব পৰা নাছিল। এই বৰ্ণবাদে অসমীয়া জাতি গঠন বিঘ্নিত কৰি তুলিছিল। তথাপি, সমগ্র উত্তৰ পূৰ্বাঞ্চলৰ জনগোষ্ঠীক একত্রিত কৰি বিশ্বত এক সুকীয়া অসমীয়া জাতি গঠন কৰাৰ প্রয়াসেৰে ১৯১৭চন আসাম সাহিত্য সভাৰ জন্ম দিয়া হয়। থলুৱা জনগোষ্ঠীৰ সাহিত্যিক পদ্মনাথ গোহাঞি বৰুৱাক সভাপতি হিচাপে লৈ এই অনুষ্ঠানটি জন্ম দিয়া হয়। প্রাথমিক অৱস্থাত এই অনুষ্ঠানটিয়ে বিভিন্ন ৰুচিৰ সাহিত্য সৃষ্টিৰে জনগোষ্ঠীয় লোকসকলক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ফলত অসমীয়াৰ মাজত বিশেষকৈ সমূহ জনগোষ্ঠীক লৈ সংগঠিত অসমীয়াৰ মাজত এই অনুষ্ঠানটি হিয়াৰ আমঠু হৈ পৰিল। ১৯২৬ চনত যেতিয়া লক্ষ্মীনাথ বেজবৰুৱা আসাম সাহিত্য সভাৰ সভাপতি হ’ল, তেতিয়া অসমীয়া সংস্কৃতিত সাহিত্যৰ লগতে সংগীতৰ ওপৰতো বিশেষভাবে প্রাধান্য দিয়া হ’ল।
.
এইখিনি সময়তেই আনন্দিৰাম দাস, পাৰ্বতী প্রসাদ বৰুৱা, বিষ্ণুপ্রসাদ ৰাভাই সংগীতেৰে জনগোষ্ঠীসমূহক অসমীয়া জাতিটোৰ প্রতি আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল। এইখিনি সময়তেই অসমীয়া সংগীতৰ স্থান তুংগত উঠিছিল। সেই সময়ত অসমীয়া জাতি গঠনৰ বাবে গীতবোৰ থলুৱা সংস্কৃতি বা জাতীয় প্রেমৰ আধাৰত বেছিকৈ ৰচিত হৈছিল। কিন্তু এই অনুষ্ঠানবোৰে সাহিত্য-সংস্কৃতিক যিদৰে প্রাধান্য দিছিল, ঠিক তেনেদৰে সমাজ সংস্কাৰক গুৰুত্ব আৰোপ কৰা নাছিল। এসময়ত নিজ সম্প্রদায়ৰ ৰজাবোৰে নিৰ্মাণ কৰা মঠ-মন্দিৰবোৰত নিজৰেই প্রবেশ নিষিদ্ধ আছিল বা সেই মন্দিৰবোৰত পূজাৰ প্রসাদৰ বাবে হাত পাতিলে দুই ফুট ওপৰৰ পৰা প্রসাদ দিয়া হৈছিল৷ তেতিয়া অসমৰ থলুৱা জনগোষ্ঠীবোৰে হীনমন্যতাত ভুগিবলৈ আৰম্ভ কৰে। আনকি তেওঁলোকে অস্পৃশ্যতাৰ দৰে কালগ্রহৰ গ্রাসত সোমাই পৰিছিল। তেতিয়াই অসমত খ্রীষ্টান মিছনাৰীৰ প্রবেশ এই জনগোষ্ঠীবোৰক টানি নিবলৈ ধৰিলে ।
.
এনেতে চাহ বাগিছাৰ শ্রমিক হিচাবে ইংৰাজে উৰিষ্যা, উত্তৰ ভাৰতৰ লোকসলক অনাৰ লগতে সেনাবাহিনীত অন্তৰ্ভূক্তিৰ বাবে নেপালী সম্প্রদায়ৰ লোকক আমদানি কৰিব ধৰিলে। বনুৱা হিচাবে বিহাৰৰ লোকসকলকো আনিবলৈ ধৰিলে। তেতিয়াই আগতেই অসমীয়ালৈ ৰূপান্তৰিত হোৱা উত্তৰ ভাৰতৰ লোকসকলে নতুনকৈ অহা এইসকলক লৈ এটি পৃথক শিবিৰৰ সৃষ্টি কৰিলে। কিন্তু গোৰ্খাসকলে অসমৰ জনগোষ্ঠীসকলৰ লগত এক সামাজিক মিলনৰ প্রৱণতা দেখুৱাত তেওঁলোকক অৱজ্ঞা কৰা হ’ল। ফলত চাহ শ্রমিকসকলক চাহ জনগোষ্ঠী নামেৰে অসমীয়া জাতিত অন্তৰ্ভুক্তিৰ বাবে প্রয়াস কৰা হ’ল। কিন্তু তেওঁলোককো অসমৰ থলুৱা জনগোষ্ঠীৰ দৰে হীন চকুৰে চোৱাত তেওঁলোকো খৃষ্টান ধৰ্মৰ প্রতি আকৰ্ষিত হৈ সেই ধৰ্মলৈ যাবলৈ ধৰিলে। তাৰ পাছত তলে তলে অসমৰ পুৰণি জনগোষ্ঠীবোৰে নিজ নিজ জাতিসত্বাৰ বিষয়ে সজাগ হ’বলৈ ধৰিলে। ফলত এই জনগোষ্ঠীবোৰ সংগঠিত অসমীয়া জাতিৰ পৰা ফালৰি কাটিবলৈ ধৰিলে।
.
১৯৪৪ চনত ‘‘আসাম সাহিত্য সভা’’ ‘‘অসম সাহিত্য সভা’’ হ’ল। তাৰপৰাই বিষ্ণুৰাভাহঁতৰ দৰে শিল্পীবোৰক কিছু অৱজ্ঞাৰ চকুৰে চোৱা হ’ল। তেতিয়া সৃষ্টিশীল শিল্পীসকলে নিজৰ কাঠামো বিচাৰি ভাৰতীয় গণ নাট্য সংঘৰ দৰে অনুষ্ঠানলৈ গমন কৰিবলৈ ধৰিলে। তদুপৰি জনগোষ্ঠীৰ অধিকাংশ লোকে পুৰণি ভূমি সংস্কাৰৰ বাবে কমিউনিষ্ট আন্দোলনত যোগদান দিবলৈ ধৰিলে। তেওঁলোকে ভাৰতৰ স্বাধীনতা সংগ্রামৰ সমান্তৰালকৈ ভূমি সংস্কাৰৰ বাবেও সংগ্রাম কৰিবলগীয়া হৈছিল। তথাপিও বৃহৎ অসমীয়া জাতিৰ সপোন দেখা কোনো সংগঠনেই অসমৰ কলংকজনিত প্রথাবোৰ সংস্কাৰ কৰিবৰ বাবে ভাবিবলৈ ইচ্ছা অথবা সাহ কৰা নাছিল।
.
ভাৰত স্বাধীন হ’ল। সংবিধানে সংৰক্ষণৰ ব্যৱস্থা কৰিলে। উত্তৰ-পূৰ্বাঞ্চলৰ সকলো জনগোষ্ঠীৰ বাবে এশ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰিলেহেঁতেন। ভাৰতৰ স্বাধীনতাক এশ শতাংশ মানি ল’বলৈ অমান্তি হোৱা তাহানিৰ অসমৰ জনগোষ্ঠীসমূহক সন্তুষ্ট কৰিবলৈ এই ব্যৱস্থা নকৰি আংশিক জনগোষ্ঠীৰ বাবে সংৰক্ষণৰ সুবিধা দি অসমৰ জনগোষ্ঠীসকলৰ মাজত এক প্রকাৰ বিভাজন নীতি প্রয়োগ কৰিলে। ১৯৫১ চনত বড়োসকলে বড়ো সাহিত্য সভা গঠন কৰি অৱজ্ঞা, হীনতাৰ প্রত্যক্ষভাবে বিৰোধ কৰি অসমীয়া জাতিৰ পৰা আতৰি যাবলৈ ধৰিলে। কাৰণ সংৰক্ষণ পালেও শাসনৰ ক্ষমতা সংৰক্ষিত জনগোষ্ঠীসকলৰ হাতত তেতিয়াও নাছিল আৰু আজিও নাই। ইতিমধ্যে পাহাৰীয়া ৰাজ্যবোৰে পৃথক ৰাজ্যৰ বাবে আন্দোলন আৰম্ভ কৰি দিলে। আনকি তেওঁলোকৰ অধিকাংশই খৃষ্টান ধৰ্ম গ্রহণ কৰি নিজৰ প্রতিবাদ সাব্যস্ত কৰিলে। আটাইতকৈ ডাঙৰ কথাটো হ’ল যি সময়ত ভিন ভিন ধৰ্মৰ হ’লেও অন্য ৰাজ্যত বিহাৰী, গুজৰাটী, বঙালী ইত্যাদি হৈয়ে থাকে, সেই সময়ত অসমত আন ধৰ্ম্মলৈ ৰূপান্তৰিত হ’লেই অসমীয়া নোহোৱা হৈ পৰাটো পৰিতাপৰ কথা হৈ পৰিল।
.
১৯৭১ চনত বাংলাদেশৰ যুদ্ধ আৰম্ভ হ’ল। বাংলাদেশৰ পৰা হাজাৰ হাজাৰ শৰণাৰ্থী অসমলৈ প্রৱজিত হ’ল। সেই শৰণাৰ্থীসকলক ঘূৰাই পঠোৱাৰ বাবে দাবী কৰাৰ সলনি তেওঁলোকক ন-অসমীয়া হিচাবে নামাকৰণ কৰি মানৱতাৰ দোহাই দি অসমৰ ভূমিত সংস্থাপনৰহে দাবী জনোৱাত জনগোষ্ঠীসমূহ শংকিত হৈ পৰিল। এয়া যে থলুৱা জনগোষ্ঠীসমূহক অসমতেই সংখ্যালঘূত পৰিণত কৰাৰ ষড়যন্ত্র, সেয়া তেওঁলোকে বুজি পাইছিল। চেগা চেৰেকাকৈ তেওঁলোকে প্রতিবাদ কৰি আহিছিল।

বিশেষকৈ ট্রাইবেল্ট বেল্ট আৰু ব্লকত তেওঁলোকক সংস্থাপন দিয়াৰ বিৰোধিতা কৰি আহিছিল যদিও তেওঁলোকৰ প্রতিবাদক আওকাণ কৰি অহা হৈছিল। ইতিমধ্যে ছখন জিলাই পূৰ্ণাংগ ৰাজ্য লাভ কৰিলে। সেই পাহাৰীয়া ৰাজ্যৰ লোকসকলে আগতে ভৈয়ামৰ লোকসকলৰ লগত একেলগে থাকি কোনো সংঘাত নোহোৱাকৈ চাকৰি, খেতি বা ব্যৱসায় কৰি আছিল। তেওঁলোকে নিজ নিজ ৰাজ্য পোৱাৰ পাছত পাহাৰীয়া লোকসকলক তেওঁলোকৰ নিজৰ নতুন ৰাজ্যলৈ ঘূৰি যাবলৈ বাধ্য কৰালে মানসিকভাবে নিৰ্যাতন দি। তেওঁলোক গ’ল, কিন্তু তেওঁলোকৰ সেই ডফলা গাঁও, গাৰো গাঁও, মণিপুৰী বস্তি লেখীয়া গাঁওবোৰ অসমতেই থাকি গ’ল। কিন্তু তেনে ব্যৱহাৰ পশ্চিমীয়া ৰাজ্যৰ লোকসকলৰ প্রতি দেখুওৱা পৰিলক্ষিত নহ’ল। ইতিমধ্যে অসমত মুছলমান ধৰ্মৰ প্রসাৰ ঘটাত ন-অসমীয়া হিচাবে বসবাস কৰা বাংলাদেশীসকলৰ ওপৰত সন্দেহ কৰা হ’ল। তেতিয়াই বাংলাদেশী খেদোৱা আন্দোলন আৰম্ভ হ’ল। শেষত চুক্তিও হ’ল। কিন্তু এসময়ত তেওঁলোকক সংস্থাপন দিয়াৰ বাবে প্রতিবাদ কৰা জনগোষ্ঠীয় সম্প্রদায়বোৰক বাংলাদেশী হিচাবে আখ্যা দিয়া মুছলমানসকলৰ মূল শত্রু হিচাবে ষড়যন্ত্রমূলক পৰিচয় ডাঙি ধৰাত এই জনগোষ্ঠী আৰু মুছলমানসকলৰ মাজত প্রায়েই সংঘাত হ’বলৈ ধৰিলে৷ এই সংঘাতৰ ফলত খাটিখোৱা মুছলমানসকল আৰু জনগোষ্ঠীয় সম্প্রদায়বোৰৰ আৰ্থিক অৱস্থা দিনক দিনে অৱনমিত হ’বলৈ ধৰিলে ।
.
এনেদৰেই এসময়ৰ আমাৰ মহাপুৰুষসকলে সপোন দেখা বৰ অসমীয়া জাতিটো জহি-খহি শেষ হ’বলৈ ধৰিলে। যিসকলে নিজকে অসমীয়া বুলি দাবী কৰি অৱশিষ্ট হিচাবে আছে, তেওঁলোকেও নেতৃত্ব বহন কৰাসকলৰ বিশ্বাসঘাতকতাৰ বলি হোৱাৰ শংকাত ভুগিবলগা হৈছে। ইতিমধ্যে নামনি অসম আৰু উজনি অসম হিচাবে নতুনকৈ বিভাজন নীতি প্রয়োগ আৰম্ভ হৈছেই। ২০১৬ চনৰ নিৰ্বাচনী ভাষণত এজন অসমৰ ৰাজনৈতিক নেতাই বঙালী, বিহাৰী, নেপালী, চাহ জনগোষ্ঠীয় লোকসকলক লৈ এটা নতুন অসমীয়া জাতি গঠন কৰাৰ উচটনিমূলক ভাষণ দিয়াটোৱেই অসমৰ থলুৱা জনগোষ্ঠীসকলক অৱজ্ঞাৰে সম্পূৰ্ণ নস্যাৎ কৰা বুলি ভবাৰ থল আছে৷ আমি অংক এটা কৰি উঠাৰ পাছত অংকৰ কিতাপখনৰ পিছপিনে থকা উত্তৰাৱলী চাই যেতিয়া গম পাওঁ অংকটোৰ উত্তৰটো ভুল হৈছে, তেতিয়া উত্তৰটোকেই সহায় হিচাবে লৈ অংকটো পুনৰ কৰিবলৈ আৰম্ভ কৰোঁ আৰু অংকটোৰ কোন শাৰীত ভুল হৈছে সেয়া বিচাৰি উলিয়াবলৈ সমৰ্থ হওঁ। ঠিক তেনেদৰে আজি অসমৰ জনগোষ্ঠীসকলে হেজাৰবাৰ চেষ্টা কৰিও ঐক্যবদ্ধ হ’ব নোৱাৰাটোত নিশ্চয় আমাৰ সমাজ ইতিহাসৰ কোনোবাখিনিত ভুল ৰৈ গৈছে। এইক্ষেত্রত আনকি ক্ষমতালোভী বুলি বদনাম পোৱা বদন বৰফুকনে নিজে ক্ষমতা পোৱাৰ আশাত ইংৰাজক নানি কিয় মানক আনিছিল, তাকো নতুনকৈ বিশ্লেষণ কৰি চোৱাৰ সময় সমাগত। তেওঁ নিশ্চয় নেপালৰ ইতিহাস অধ্যয়ন কৰিছিল। যি নেপালত উত্তৰ ভাৰতীয় লোকৰ প্রব্ৰজনৰ বাবে কিৰাট, লিম্বু, মগৰসকল সংখ্যালঘূত পৰিণত হৈ আজি অস্তিত্ব ৰক্ষাৰ বাবে যুঁজিবলগীয়া হৈছে। সেয়া সম্ভৱ বৰফুকনে লক্ষ্য কৰিছিল। এয়া অৱশ্যে মোৰ অনুমানহে।

যি কি নহওক, আজি সমগ্র উত্তৰ পূৰ্বাঞ্চলৰ জনগোষ্ঠী ঐক্যবদ্ধ হৈ এক সুকীয়া ভাষা-সংস্কৃতি সৃষ্টি কৰি আমাৰ ভাৰতবৰ্ষৰ লগতে সমগ্র বিশ্বৰ সাহিত্য-সংস্কৃতি-সভ্যতাৰ জগতত অৱদান আগবঢ়োৱাৰ প্রয়াস কৰাটো নিতান্ত প্রয়োজন হৈ পৰিছে। নহ’লে আজিৰ তুচ্ছ বৈষয়িক ভোগ বিলাসত ৰত আমি চিঞৰি চিঞৰি স্বীকাৰ কৰিব লাগিব –‘‘ বিষ্ণুৰাভা! বৃহত্তৰ অসমীয়া জাতিলৈ বহু দূৰ ।’’

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে