বৃহস্পতিবাৰ , জুলাই 19 2018
চ’ৰাঘৰ / কথাশিল্প / জুই জ্বলা বতাহৰ বা ( বিদ্যুৎ ৰঞ্জন দাস )

জুই জ্বলা বতাহৰ বা ( বিদ্যুৎ ৰঞ্জন দাস )

ফুটা-নুফুটা আধাফুটা মাতেৰে
অবোধ শিশুটিয়ে মাকৰ মুখলৈ চাই
জুই জুই বুলি চিঞৰে

ৰূপালী চুলিৰ নাৰ্ছ এগৰাকী চোঁ মাৰি চিলা হৈ আহি
শিশুটি কোচত লৈ বুকুৰ উম যাঁচে
তাক শুৱাবলৈ দহবাৰ শিয়ালৰ কাণ কাটে

তেজৰ ডোঙাত পৰি থকা
মাকৰ নিথৰ দেহলৈ চাই
শিশুটিৰ জুই লগা চিঞৰটো দুগুণে চৰে
নিৰুপায় নাৰ্চজনীয়ে বাৰীতে বগৰী ৰোৱে

অতৰ্কিতে নাৰ্চজনীয়ে অনুভৱ কৰে
তাইৰ গজালি নেমেলা বুকুৰ বাগিচাত
শিশুটিয়ে মুখ গুজি চলাথ কৰিছে মৌ

তাই মনতে ভাৱে…
তাৰ মাকৰ কপালত ট টকৈ জ্বলি থকা জুইকুৰা-
সৌভাগ্যৱতীৰ নাম
অতপৰে চিঞৰে দহি নিয়া জুইকুৰা-
ভোকৰ নাম
আৰু মোৰ উদং বুকুত বিচাৰি ফুৰা জুইকুৰাৰ-
কি নাম?

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে