চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / ভোগবাদ আৰু সামাজিক নৈতিকতা৷৷ কিশোৰী মোহন পাল৷৷

ভোগবাদ আৰু সামাজিক নৈতিকতা৷৷ কিশোৰী মোহন পাল৷৷

কেইমাহমান আগতে গুৱাহাটীৰ এখন বৃদ্ধাশ্রমত এগৰাকী বৃদ্ধাৰ মৃত্যু হয়। তেওঁৰ উচ্চ শিক্ষিত পুত্র-পত্নী সহিতে মাতৃৰ মৃত্যুৰ খবৰ পাই লগে লগে বৃদ্ধাশ্রমত উপস্থিত হ’ল। লগত তেওঁ লৈ অহা শ্রমিকৰ হতুৱাই মাতৃৰ শৱ নৱগ্রহ শ্মশানলৈ নি মৃতদেহ সৎকাৰ কৰে। অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰাৰ সময়ত এইগৰাকী পুত্রই আমাৰ সমাজৰ প্রচলিত সামাজিক তথা ধৰ্মীয় নিয়মৰ প্রতি অংগুষ্ঠ প্রদৰ্শন কৰি মাতৃৰ পদযুগল তথা শৰীৰ স্পৰ্শ নকৰিলে। তেওঁৰ পত্নী তথা পুত্র কন্যায়েও সেই একেই পথকে অনুসৰণ কৰিলে। তেওঁলোকৰ সামান্যতম সৌজন্যকণো দেখা নগ’ল, এনেকি চকুলোও নোলাল। আনহাতে, আশ্রমবাসীসকলে পুষ্পাঞ্জলি আগবঢ়াই বৃদ্ধাগৰাকীৰ নিস্পন্দ দেহ স্পৰ্শ কৰি তেওঁক অকৃত্রিম শ্রদ্ধাৰে শেষ বিদায় জনালে। এইদৰে আজিৰ ভোগবাদত হাতোৰাত সম্প্রতি নিৰ্মমভাবে ভূলুণ্ঠিত হৈছে মানৱতা।
.
সম্প্রতি ভোগবাদৰ প্রভাৱত একান্নৱৰ্তী পৰিয়ালত ভাঙোন ধৰিছে। শিক্ষানুষ্ঠান আৰু সমাজত গুৰু শিষ্যৰ মধুৰ সম্বন্ধত আউল লাগিছে। বাটে-পথে বয়স্কজন অনুজৰ হাতত লাঞ্চিত হৈছে। সমাজত মাদক দ্রব্যৰ পয়োভৰ বাঢ়িছে। চাকৰিৰ বেচা কিনা হৈছে; ধৰ্ষণ হত্যাকাণ্ড হৈছে। ধৰ্মৰ লাইখুঁটা লৰিছে, তথাকথিত ধৰ্মৰ কাণ্ডাৰীয়ে ধৰ্মৰ আফিং খুৱাই বৃহত্তৰ জনতাক অপৰাধৰ জালেৰে মেৰিয়াই পেলাইছে। এইদৰে ভোগবাদী সমাজৰ বিভিন্ন নিকৃষ্ট প্রতিচ্ছবি সম্বন্ধে বৰ্ণনা কৰি এখন গ্রন্থ ৰচনা কৰিলেও এই বিষয়ক কথন-বৰ্ণন ওৰ নহ’ব যেন।
.
এতিয়া আঁহো ভোগবাদ শব্দৰ সংজ্ঞালৈ। আমাৰ দৰে যৎসামান্য জ্ঞান বুদ্ধিৰ লোকৰ পক্ষে ভোগবাদৰ দৰে এক ধাৰণাৰ সংজ্ঞা ডাঙি ধৰাটো দুৰূহ কিন্তু শব্দটোৰ অভিধা, ব্যঞ্জনা আৰু লক্ষণা সম্পৰ্কে কিছু অনুভৱ ব্যক্ত কৰাৰ ন্যুনতম ক্ষমতা নিশ্চয় আছে। সেই ধাৰণা অনুসৰি ধনৰ বিনিময়ত জীৱনৰ সুখ স্বাচ্ছন্দ্য ক্রয় কৰাকে ভোগবাদ বোলা হয়। এই সুখ স্বাচ্ছন্দ্যক শোষণনিৰ্ভৰ শ্রেণীভিত্তিক সমাজব্যৱস্থাত পণ্য বুলিব পাৰি। ইয়াত মানবীয় প্রমূল্যক একাষৰীয়াকৈ ৰখা হয়। ইয়াৰ ইংৰাজী প্রতিশব্দ Consumerism হ’লেও ই কেতিয়াও Materialism শব্দৰ সমাৰ্থক নহয়।
.
চাবাৰ্ক দৰ্শনে কৈছে, ‘ ঋণং কৃত্বা ঘৃতং পিবেৎ ’ অৰ্থাৎ ধাৰ কৰি হ’লেও ঘী খাব লাগে । ইয়াৰ অৰ্থ কিন্তু এনে নহয় যে, সেই ধাৰ আমি কেতিয়াও পৰিশোধ কৰিবই নালাগে। এনে হ’লে এজন লোক ধৰুৱা বুলি সমাজত বদনামী হ’ব। এই ব্যাধি সোৰোপা মানুহেৰে ভৰা এটা জাতিসত্বাৰ (Nationality)ৰ ক্ষেত্রত দেখা দিলে এই জাতিটো ‘ধাৰখোৱা’ জাতি বুলি বদনাম ৰৈ যাব। প্রকৃততে চাৰ্বাক দৰ্শনে উপৰোক্ত বাক্যৰে মানুহক স্বাস্থ্যৰ বিষয়ত গুৰুত্ব প্রদান কৰি বিজ্ঞানমনস্ক হ’বলৈহে আহ্বান জনাইছে। সেইদৰে অসমীয়া বস্তুবাদ শব্দৰ প্রতিশব্দ Materialism. এই Materialism বুলি ক’লে আমি Dialeetical Materialism অৰ্থাৎ দ্বন্দ্বমূলক বস্তুবাদ বুলি বুজিব লাগিব । এই তত্ত্বই আমাক বৈজ্ঞানিকভাবে সমাজৰ তত্ত্ব উদ্ঘাটন কৰিবলৈ সমৰ্থ কৰিছে। গতিকে আমাক বিশ্ববীক্ষণ কৰিবলৈ সমৰ্থ কৰা এই Materialism শব্দটো কেতিয়াও Consumerism অৰ্থাৎ ভোগবাদ হ’ব নোৱাৰে। উত্তৰ আধুনিক যুগৰ নিৰ্মম ভোগবাদৰ পৰিঘটনাক সামৰি সাহিত্যত উত্তৰ আধুনিকতাবাদ তত্ত্বৰ সৃষ্টি হৈছে। মানবীয় প্রমূল্যবোধক একাষৰীয়াকৈ ৰাখি নিষ্ঠুৰ সমাজ বাস্তৱৰ প্রতিফলন কৰাটো এই তত্ত্বৰ মূলকথা।
.
ভোগবাদে আমাৰ সংস্কৃতিক কেনেদৰে বিপৰ্যস্ত কৰিছে, সেইবিষয়ে আমাৰ জ্ঞাত। টি আৰ পি আৰু চেনেল বিহুৱে অসমীয়াৰ প্রাণৰ বিহুটোৰ ওপৰত আধিপত্য চলাইছে। গ্রাম্য সংস্কৃতি, দেশৰ মাটি ,পানী, নাঙল সংস্কৃতি আদিৰ লগত সম্পৰ্ক নথকা এচাম সোৰোপা দুষ্কৃতিকাৰীৰ সহযোগত ভোগালী বিহুৰ মজিয়াত বিহুগীত নাচে অনুপ্রবেশ কৰি অসমভূমি ৰজন জনাইছে। লাখ লাখ টকাৰ বিনিময়ত সভ্যতা সংস্কৃতিৰ ধাক ঢোল বজাই বিভিন্ন আৰ্হিৰ ভেলাঘৰ সজাই পৰৰ মূৰত কঠাল ভাঙি খোৱা পুঁজিপতিয়ে লুইতপৰীয়া সংস্কৃতিৰ শ্মশান যাত্রাৰ পথ মুকলি কৰিছে। এই দুষ্কৃতি অচিৰেই বন্ধ হোৱা উচিত। এইখিনিতে এটা প্রশ্ন আহি পৰে, যদি মাঘৰবিহুত বিহুঢোল বজাই বিহু মাৰিব পাৰি কাতিবিহুত কিয় নোৱাৰি? এই অপপ্রচাৰে কণ কণ ছাত্র ছাত্রী তথা উঠি অহা নবপ্রজন্মৰ মনত কেনে বিৰূপ প্রভাব বিস্তাৰ কৰিছে সেয়া ভাবিলেই ভয় লগা কথা। কাইলৈ যদি অসমীয়াৰ বিহু কেইটা বুলি সুধিলে কোনো ছাত্রই পৰীক্ষাবহীত উত্তৰ লিখে – বিহু চাৰিটা। ৰঙালী , কঙালী, ভোগালী আৰু চতুৰ্থটো টি আৰ পি বা চেনেল বিহু তাতো ভুল দেখিবলগা একো নাথাকিবগৈ।
নহয়নে ?

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে