চ’ৰাঘৰ / অনুবাদ / স্বাধীনতা আৰু দেশ বিভাজন ৷৷ মূল : সুচেতা মহাজন, অনুবাদ : জিতেন বেজবৰুৱা)

স্বাধীনতা আৰু দেশ বিভাজন ৷৷ মূল : সুচেতা মহাজন, অনুবাদ : জিতেন বেজবৰুৱা)

 

(বিপান চন্দ্ৰ, মৃদুলা মুখাৰ্জী, আদিত্য মুখাৰ্জী, সুচেতা মহাজন আৰু কে. এন. পানিক্কাৰৰদ্বাৰা যুটীয়াভাৱে লিখিত ‘India’s Struggle for Independence’ গ্ৰন্থৰ দুটামান অধ্যায়ৰ অনুবাদ পৃথক পৃথক ৰূপত পাঠকসমাজলৈ আগ বঢ়োৱা হ’ল। অনুবাদৰ সময় ২০১৪ চনৰ প্ৰথমভাগ। এই অনুবাদ-কাৰ্য উক্ত গ্ৰন্থখন অসমীয়া ভাষালৈ অনুবাদ কৰাৰ এক যুটীয়া প্ৰজেক্টৰ অংশবিশেষ, যাৰ মূল স্বত্ব এটা প্ৰকাশন গোষ্ঠীৰ হাতত ন্যস্ত। আমি একমাত্ৰ সাম্প্ৰতিক সামাজিক প্ৰয়োজনৰ প্ৰতি দৃষ্টি ৰাখি গ্ৰন্থখনৰ কিছুসংখ্যক অধ্যায় পাঠকসমাজৰ ওচৰত দাঙি ধৰিলো। গতিকে এই পাঠসমূহ বৈদ্যুতিন মাধ্যমৰ বাদে প্ৰিণ্ট বা আন কোনো মাধ্যমত প্ৰকাশৰ বাবে অনুমতি দিব পৰা নাযাব। ৰেফাৰেন্সসমূহ ইয়াত দিয়া হোৱা নাই। – অনুবাদক)

১৯৪৭ চনৰ ১৫ আগষ্টৰ প্ৰকৃত ঘটনাৰ পৰস্পৰবিৰোধী চৰিত্ৰই আজিও সীমান্তৰ উভয় দিশৰ ইতিহাসবিদসকলক বিহ্বল কৰি তোলে আৰু জনসাধাৰণক যন্ত্ৰণাক্লিষ্ট কৰি তোলে। বহু কষ্টৰ মাজেৰে অতি মূল্যৱান স্বাধীনতা অৰ্জিত হৈছিল বছৰৰ পিছত বছৰ ধৰি সুদীৰ্ঘ, গৌৰৱমণ্ডিত সংগ্ৰামৰ ফলস্বৰূপে। কিন্তু ৰক্তাক্ত, ট্ৰেজিক দেশ বিভাজনে উদীয়মান স্বাধীন জাতিটোৰ গাঁথনিটোকে চূৰ্ণ-বিচূৰ্ণ কৰি পেলাইছিল। এইখিনিতে দুটা প্ৰশ্ন উঠে : ব্ৰিটিছসকলে শেষপৰ্যন্ত কিয় ভাৰত ত্যাগ কৰিছিল? কংগ্ৰেছেইবা কি কাৰণে মানি লৈছিল দেশ বিভাজন?

সাম্ৰাজ্যবাদী উত্তৰটো হ’ল, ভাৰতীয় জনসাধাৰণক স্বশাসনত সহায়তা কৰাৰ উদ্দেশ্যে ব্ৰিটেইনে স্বনিৰ্দিষ্ট কৰ্তব্য সম্পূৰ্ণৰূপে পালন কৰাৰ বাবেই ভাৰত স্বাধীন হৈছিল। যুগ যুগান্ত ধৰি হিন্দু আৰু মুছলমানসকলৰ মাজত বিৰোধ বিৰাজিত আছিল; কিধৰণে আৰু কাৰ হাতত ক্ষমতা হস্তান্তৰ কৰা হ’ব সেই বিষয়ে দুয়োটা সম্প্ৰদায় একমত হ’ব পৰা নাছিল – আৰু এই ব্যৰ্থতাৰেই দুৰ্ভাগ্যজনক পৰিণতি হ’ল ভাৰত বিভাজন। ৰেডিকেল উত্তৰটো হ’ল, ১৯৪৬-৪৭ চনৰ গণসংগ্ৰামৰ ফলস্বৰূপেই শেষপৰ্যন্ত স্বাধীনতা আদায় কৰা সম্ভৱ হৈছিল আৰু সেই সংগ্ৰামত অনেক কমিউনিষ্টে অংশগ্ৰহণ কৰিছিল, প্ৰায় ক্ষেত্ৰতেই নেতা হিচাপে। কিন্তু কংগ্ৰেছৰ বুৰ্জোৱা নেতাসকলে বৈপ্লৱিক অভ্যুত্থানত ভীত-সন্ত্ৰস্ত হৈ সাম্ৰাজ্যবাদী শক্তিৰ সৈতে আপোচ কৰি নিজৰ হাতলৈ ক্ষমতা হস্তান্তৰ কৰে, আৰু জাতিটোৱে তাৰ মূল্য ভৰিবলগা হয় দেশ বিভাজনৰ জৰিয়তে।

পৰম্পৰাগত ধৰ্মীয় সংঘাত বা পাৰ্থিৱ লালসাৰ ফলত নিষ্ফল হৈ পৰিছিল এইসমূহ মহান পৰিকল্পনা বা বৈপ্লৱিক আকাংক্ষা – এই কথাটো দেখাত খুবেই আকৰ্ষণীয় যদিও ই গম্ভীৰ বাস্তৱতাক আলোকিত কৰাৰ সলনি বৰং দুৰ্বোধ্যহে কৰি তোলে। প্ৰকৃতপক্ষে, স্বাধীনতা-দেশ বিভাজনৰ দ্বৈততাই কংগ্ৰেছৰ নেতৃত্বত পৰিচালিত সাম্ৰাজ্যবাদ-বিৰোধী আন্দোলনৰ সাফল্য-ব্যৰ্থতাৰ দ্বিবিভাজনকে প্ৰতিফলিত কৰে। কংগ্ৰেছৰ সন্মুখত আছিল দ্বিমুখী কৰ্তব্য : নানা শ্ৰেণী, সম্প্ৰদায়, গোষ্ঠী আৰু অঞ্চলক এটা জাতিত পৰিণত কৰা আৰু সেই উদীয়মান জাতিৰ বাবে ব্ৰিটিছ শাসকসকলৰ হাতৰপৰা স্বাধীনতা অৰ্জন কৰা। কংগ্ৰেছে ব্ৰিটিছক ভাৰত ত্যাগ কৰিবলৈ বাধ্য কৰাৰ বাবে চাপ সৃষ্টি কৰাৰ পক্ষে পৰ্যাপ্ত জাতীয়তাবাদী চেতনা গঢ়ি তোলাত সফল হৈছিল যদিও জাতিটোক ঐক্যবদ্ধ কৰাৰ ক্ষেত্ৰত, বিশেষকৈ মুছলমানসকলক এই জাতিৰ অখণ্ড অংশত পৰিণত কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছিল। জাতীয় আন্দোলনৰ সাফল্য আৰু ব্যৰ্থতাৰ এই দ্বন্দ্বই প্ৰতিফলিত হৈছে আন এটা দ্বন্দ্বৰ মাজেদি – দেশ বিভাজনৰ মাজেদি স্বাধীনতা লাভ।
……………………………………………………..

ভাৰতীয় সমাজৰ ওপৰত বৌদ্ধিক নেতৃত্ব প্ৰতিষ্ঠাৰ সংগ্ৰামত জাতীয়তাবাদী শক্তিসমূহৰ সাফল্য বেছ স্পষ্ট হৈ উঠিছিল দ্বিতীয় বিশ্বযুদ্ধৰ সামৰণিৰ পিনে। ব্ৰিটিছ শাসকসকলে হিটলাৰৰ বিৰুদ্ধে যুদ্ধত বিজয় লাভ কৰিছিল, কিন্তু ভাৰতৰ যুদ্ধত পৰাজয় বৰণ কৰিছিল। ব্ৰিটিছৰাজৰ ছায়া যিমান দূৰলৈ বিস্তাৰিত হৈছিল, জাতীয় আন্দোলনৰ ক্ষেত্ৰ আছিল তাতকৈ বহু বেছি প্ৰসাৰিত। যিসমূহ অঞ্চল ইমানদিনে ৰাজনীতি-সচেতন হৈ উঠা নাছিল আৰু যিসমূহ গোষ্ঠী ইমানদিনে ৰাজনীতি-বিমুখ আছিল, সেইসকলো আজাদ হিন্দ ফৌজৰ বিচাৰক কেন্দ্ৰ কৰি গঢ়ি উঠা আন্দোলনৰ সময়ত দেশৰ বাকী অংশৰ সৈতে চামিল হৈছিল। আগৰ অধ্যায়ত কৈ অহাৰ দৰে, আমোলাতন্ত্ৰ আৰু সশস্ত্ৰ বাহিনীৰ লোকসকলে প্ৰকাশ্যে সভা-সমিতিত যোগদান কৰিছিল, অৰ্থসাহায্য যোগাইছিল, কংগ্ৰেছক ভোট দিছিল আৰু তেওঁলোকে যে এইসমূহ কাম কৰিছে সেই কথা মানুহক জনোৱাৰ ব্যৱস্থাও কৰিছিল। ৰাজনীতি-সচেতন অংশৰ সংগ্ৰামী মনোভাব স্পষ্ট হৈ উঠিছিল ১৯৪২ চনৰ বীৰত্বপূৰ্ণ সংগ্ৰামৰ মাজেদি আৰু একেই নিৰ্ভীকভাৱে আজাদ হিন্দ ফৌজৰ সৈনিক আৰু আৰ আই এনৰ নাৱিকসকলৰ প্ৰতি ছাত্ৰসকল আৰু অন্যান্যসকলে সংহতি প্ৰকাশ কৰিছিল তাৰ মাজেদিয়েই। জাতীয়তাবাদী আন্দোলনৰ সাফল্যৰ এক চিত্ৰলেখ আঁকিলে দেখা যাব যে এই আন্দোলনৰ প্ৰতি জনসমৰ্থন ক্ৰমশঃ বৃদ্ধি পাইছিল, জনসাধাৰণৰ ব্যাপক অংশৰ মাজত জাতীয়তাবাদী মনোভাব আৰু উৎসাহ-উদ্দীপনা বৃদ্ধি পাইছিল আৰু গভীৰ হৈছিল।

অনুৰূপভাৱে ব্ৰিটিছ ৰাজ কৰ্মচাৰীসকলৰ হতাশা আৰু ভাৰতীয় চৰকাৰী কৰ্মচাৰী আৰু ৰাজানুগতসকলৰ আনুগত্য পৰিবৰ্তনৰ চিত্ৰলেখ আঁকিলে পৰিস্ফুট হ’ব জাতীয়তাবাদৰ সাফল্যৰ একেই কাহিনী, অৱশ্যে ভিন্ন এটা ৰূপত। এই কাহিনীত জাতীয়তাবাদক এনেকুৱা এক শক্তি হিচাপে পোৱা নাযায় যাৰ সৰ্বব্যাপী উপস্থিতিৰ ফলত ব্ৰিটিছসকলৰ বাবে খোপনি দিবলৈ কোনো ঠাই খালী নৰৈছিল। বৰং এই কাহিনীৰপৰা বুজা যায়, জাতীয়তাবাদী আন্দোলনে এক সুনিৰ্দিষ্ট পথেদি সাম্ৰাজ্যবাদী প্ৰভাৱ দুৰ্বল কৰি পেলাইছিল, ঔপনিবেশিক কাঠামোৰ স্তম্ভসমূহক ভিতৰি লৰক-ফৰক কৰি পেলাইছিল আৰু ব্ৰিটিছ ৰাজনৈতিক ৰণকৌশলক নানা অন্তৰ্দ্বন্দ্বৰে পৰিপূৰ্ণ পানীমিঠৈলৈ পৰ্যবসিত কৰিছিল।

এটা মন কৰিবলগীয়া বিষয় হ’ল এই যে ব্ৰিটিছ শাসন আংশিকভাৱে বৰ্তি আছিল ভাৰতীয় জনসাধাৰণৰ ভালেমান অংশৰ সন্মতি বা অতি কমপক্ষেও মৌন সন্মতিৰ ভিত্তিত। ঔপনিবেশিক চৰকাৰৰ সামাজিক ভিত্তি আছিল জমিদাৰ আৰু উচ্চ শ্ৰেণী প্ৰভৃতিৰ মাজত; ব্ৰিটিছ অনুগ্ৰহ আৰু পদবীৰ সৰহখিনিয়েই লাভ কৰিছিল এই ‘ৰাজানুগত’ শ্ৰেণীসমূহে। এই ভাৰতীয়সকলেই প্ৰশাসনত কাৰ্যনিৰ্বাহ কৰিছিল, চৰকাৰী নীতি সমৰ্থন কৰিছিল আৰু ব্ৰিটিছসকলে অনিচ্ছাকৃতভাৱে তথা পলমকৈ যিসমূহ সংস্কাৰ প্ৰবৰ্তন কৰিছিল সেইসমূহক কাৰ্যত ৰূপায়িত কৰিছিল। ব্ৰিটিছ ন্যায়বিচাৰ আৰু সততা সম্পৰ্কে জনসাধাৰণৰ মাজত বিশ্বাস, ব্ৰিটিছ বিষয়াসকলেই জনসাধাৰণৰ দৰদী পালনকৰ্তা বুলি ধাৰণা তথা ইংৰাজৰ শ্ৰেষ্ঠত্বৰ প্ৰতি শ্ৰদ্ধা ব্ৰিটিছসকলে সফলভাৱে ভাৰতীয় জনসাধাৰণৰ মনত প্ৰোথিত কৰিব পাৰিছিল, আৰু তাৰ জৰিয়তেই তেওঁলোকে তেওঁলোকৰ শাসনৰ প্ৰতি জনসাধাৰণৰ সন্মতি সতৰ্কতাৰে আদায় কৰি লৈছিল। ‘ব্ৰিটিছৰাজৰ সদিচ্ছা’ৰ ওপৰত অতি কম লোকেই বিশ্বাস কৰিছিল, কিন্তু এই ৰাজৰ ভিত্তি অটল-অবিচল বুলি যি অলৌকিক ধাৰণা চৰকাৰে বিয়পাই দিবলৈ চেষ্টা কৰিছিল সি যদি জনসাধাৰণৰ মনত খোপনি পুতিব পাৰে তেন্তে সেয়াই ব্ৰিটিছসকলৰ বাবে যথেষ্ট আছিল। ব্ৰিটিছৰাজ বহুলাংশে টিকি আছিল নিজৰ মৰ্যাদাৰ ওপৰত ভিত্তি কৰি আৰু এই মৰ্যাদা মূৰ্ত হৈ উঠিছিল জিলা অফিচাৰসকলৰ মাজত। এই অফিচাৰসকল আছিল ভাৰতীয় চিভিল ছাৰ্ভিচৰ (আই চি এছ), ‘স্বৰ্গজাত প্ৰশাসনিক ব্যৱস্থা’ৰ লোক, যিটো ব্যৱস্থাক ‘ব্ৰিটিছৰাজৰ ইস্পাত কাঠামো’ বুলি অভিহিত কৰি গৰ্ব কৰা হৈছিল।

যেতিয়া ৰাজানুগতসকলে মাজবাটতে প্ৰস্থান কৰিবলৈ ধৰিলে, যেতিয়া মৰ্যাদা আঘাতপ্ৰাপ্ত হ’ল, যেতিয়া জিলা আৰু সচিবালয়ৰ বিষয়াসকলে গুৰিব’ঠা এৰি আঁতৰি যাবলৈ ধৰিলে তেতিয়া স্পষ্ট হৈ পৰিল যে জাহাজখন ডুবিবলৈ ধৰিছে, অতি খৰকৈ ডুবিছে। বছৰৰ পাছত বছৰ ধৰি দুই শিবিৰৰপৰা যি ধ্বংসকাৰ্য চলোৱা হৈছিল এয়া তাৰেই ফল – ভিতৰৰপৰা ক্ষয় আৰু বাহিৰৰপৰা প্ৰবল আঘাতৰ ফল।

আই চি এছত ইউৰোপীয় কৰ্মীৰ সংখ্যাল্পতা আৰু তাৰ সৈতে (অংশতঃ জনসাধাৰণৰ দাবীৰ ফলত) ভাৰতীয়সকলৰ নিয়োগৰ নীতি গ্ৰহণৰ ফলস্বৰূপে প্ৰথম বিশ্বযুদ্ধৰ কালছোৱাতেই আই চি এছৰ ওপৰত ব্ৰিটিছ আধিপত্যৰ অৱসান ঘটে। ১৯৩৯ চনত ব্ৰিটিছ আৰু ভাৰতীয় সদস্যসকলে সমমৰ্যাদা লাভ কৰিছিল। ভাৰসাম্য বজাই ৰখাৰ প্ৰয়োজনত প্ৰথমে সামগ্ৰিকভাৱে নিয়োগৰ পৰিমাণ হ্ৰাস কৰা হ’ল, আৰু পৰৱৰ্তী কালত ১৯৪৩ চনত বন্ধ কৰি দিয়া হ’ল। ১৯৪০ চনৰপৰা ১৯৪৬ চনৰ ভিতৰত আই চি এছ অফিচাৰৰ সংখ্যা ১২০১ৰপৰা হ্ৰাস হৈ হ’লগৈ ৯৩৯; ব্ৰিটিছ আই চি এছৰ সংখ্যা ৫৮৭ৰপৰা ৪২৯ পালেগৈ, ভাৰতীয় আই চি এছৰ সংখ্যা ৬১৪ৰপৰা ৫১০ পালেগৈ। ১৯৪৬ চনত বংগত ৬৫টা পদৰ বাবে ব্ৰিটিছ আই চি এছ অফিচাৰ আছিল মাত্ৰ ১৯জন। যিসকল আহিছিল তেওঁলোক আৰু পূৰ্বৰ দৰে অক্সফ’ৰ্ড বা কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ স্নাতক ডিগ্ৰিধাৰী আৰু অভিজাত পৰিয়ালৰ সন্তান নাছিল যাৰ দেউতাক-খুৰাকহঁত ‘ভাৰত-বিষয়ক বিভাগৰ উচ্চপদস্থ আমোলা’ আৰু ভাৰতৰ ‘শিশু জনসাধাৰণ’ক শাসন কৰাটো ব্ৰিটিছ জাতিৰ দৈৱ বুলি যিসকলে ভাবিছিল। ব্ৰিটিছ গ্ৰামাৰ স্কুল আৰু পলিটেকনিকৰপৰা পাছ কৰা ছাত্ৰৰ সংখ্যা এইসকলৰ মাজত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছিল; ব্ৰিটিছৰাজৰ অধীনত কাম কৰাটো তেওঁলোকৰ বাবে আছিল কেৰিয়াৰ মাত্ৰ, জীৱনৰ ব্ৰত নহয়। বিশ্বযুদ্ধই সমস্যাবিলাক আৰু জটিল কৰি তুলিছিল। ১৯৪৫ চনত যুদ্ধৰ ক্লান্তি প্ৰচণ্ডভাৱে বিয়পি পৰিছিল আৰু দীৰ্ঘকাল ধৰি ঘৰৰপৰা আঁতৰি থকাৰ ক্ষতিকৰ প্ৰভাৱ পৰিছিল তেওঁলোকৰ আত্মবিশ্বাসৰ ওপৰত। মুদ্ৰাস্ফীতিৰ ফলস্বৰূপে অৰ্থনৈতিক উৎকণ্ঠা বৃদ্ধি পাইছিল। অৱসৰ লোৱাৰ সময় কাষ চাপিছিল অনেকৰ, আশা কৰা হৈছিল যে অন্যসকলেও নিৰ্ধাৰিত সময়ৰ পূৰ্বেই আগতীয়া অৱসৰ গ্ৰহণৰ বাবে প্ৰস্তুত হৈ উঠিছিল। ৰৈ গৈছিল প্ৰায় নিঃশেষিত, যুদ্ধক্লান্ত, ১৯৪২ৰ আন্দোলনৰ আঘাতত ক্ষতবিক্ষত এক আমোলাতন্ত্ৰ।

সি যি নহওক, ব্ৰিটিছ অফিচাৰসকলৰ সংখ্যাল্পতাতকৈ অধিক পৰিমাণে আই চি এছ আৰু ব্ৰিটিছৰাজক দুৰ্বল কৰি তুলিছিল জাতীয়তাবাদ মোকাবিলাৰ ব্ৰিটিছ ৰণকৌশলত প্ৰকট হৈ উঠা অন্তৰ্বিৰোধসমূহে। ক্ৰমবৰ্ধমান জাতীয় আন্দোলনক দমাই ৰখাৰ বাবে ব্ৰিটিছসকলে বছৰৰ পাছত বছৰ ধৰি নিৰ্ভৰ কৰিছিল আপোচ-মীমাংসা আৰু দমন-পীড়নৰ দ্বৈত নীতিৰ ওপৰত। কিন্তু ১৯৪২ চনৰ ক্ৰিপছ মিছনৰ পাছত ক্ষমতা হস্তান্তৰ – অৰ্থাৎ পূৰ্ণ স্বাধীনতাৰ বাদে অন্য কোনো সুবিধা দিয়াৰ সুযোগেই বাকী ৰোৱা নাছিল। কিন্তু দেখা গ’ল, অহিংস গণ আন্দোলনৰ সৈতে সাংবিধানিক সংস্কাৰ প্ৰচেষ্টাৰ সমন্বয় সাধন কৰি বহুমুখী সংগ্ৰামৰ যি ৰণকৌশল জাতীয় আন্দোলনে গ্ৰহণ কৰিছিল সি আছিল এইসমূহৰ তুলনাত বহুগুণে শক্তিশালী। যেতিয়া অহিংস আন্দোলনৰ মোকাবিলা কৰিবলৈ দমন-পীড়নৰ আশ্ৰয় লোৱা হ’ল তেতিয়া চৰকাৰৰ মুখাৰ আঁৰৰ নগ্ন শক্তি প্ৰকট হৈ পৰিল। আৰু যদি চৰকাৰে ‘বিদ্ৰোহ’ দমন নকৰে, কিম্বা ১৯৩১ চনৰ গান্ধী-আৰউইন চুক্তিৰ দৰে সন্ধি কাৰ্যকৰী কৰে, কিম্বা ১৯৩৫ চনৰ ‘ভাৰত চৰকাৰ আইন’ অনুসাৰে প্ৰাদেশিক স্বশাসন মানি লয় তেতিয়াও এইটো প্ৰমাণিত হয় যে জনসাধাৰণক নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা চৰকাৰৰ নাই, যিটোৱে চৰকাৰৰ কৰ্তৃত্ব আৰু মৰ্যাদাত গভীৰ আঘাত হানিছিল। আনহাতে, ১৯৪২ চনৰ বৰ্বৰ দমন-পীড়নে নৰমপন্থী আৰু ৰাজানুগত উভয়ৰ অনুভূতিকেই আহত কৰিছিল। ঠিক একেই ঘটনা ঘটিছিল ১৯৪৩ চনৰ ফেব্ৰুৱাৰি-মাৰ্চত গান্ধীজীৰ ২১দিনীয়া অনশনৰ সময়ত, যেতিয়া গান্ধীজী মৰণাপন্ন হোৱা সত্ত্বেও চৰকাৰে তেওঁক মুক্তি দিবলৈ ৰাজী হোৱা নাছিল; আৰু নৰমপন্থী আৰু ৰাজানুগত উভয়ৰে ঐকান্তিক অনুৰোধক নস্যাৎ কৰি চৰকাৰে যেতিয়া আজাদ হিন্দ ফৌজৰ বিচাৰপ্ৰক্ৰিয়া আগ বঢ়াই নিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ব্ৰিটিছৰ বন্ধুসকল মানসিকভাৱে ভাগি পৰিছিল যেতিয়া তেওঁলোকে অনুভৱ কৰিছিল যে চৰকাৰে তাৰ শত্ৰুসকলক তোষামোদ কৰিছে – ১৯৪৫-৪৬ চনত তেনেকুৱাই ঘটিছিল, তেতিয়া চৰকাৰে কংগ্ৰেছক এটা আপোচ-মীমাংসালৈ আহিবলৈ তথা চৰকাৰত যোগদান কৰিবলৈ পতিয়ন নিওৱাৰ চেষ্টা কৰিছিল। কৰ্তৃত্বশীলসকলৰ অসহায় অৱস্থাই আতংকিত কৰি তুলিছিল ৰাজানুগতসকলক। কংগ্ৰেছৰ জোৰদাৰ বক্তৃতাৱলীয়ে আকাশ-বতাহ যেতিয়া কঁপাই তুলিছিল, চৰকাৰী কৰ্মচাৰীসকলে সেইসমূহ থিয় হৈ কাণ পাতি শুনিছিল। ব্ৰিটিছৰাজৰ শক্তিৰ ওপৰত থকা ৰাজানুগতসকলৰ বিশ্বাস ই লৰক-ফৰক কৰি পেলাইছিল।

ৰাজানুগতসকলৰ সংকট যদি আস্থাৰ সংকট আছিল, তেন্তে প্ৰশাসনৰ সংকট আছিল কৰ্মৰ সংকট। নীতি সুস্পষ্ট হ’লেহে কৰ্ম প্ৰয়োগ কৰিব পাৰি নিশ্চিতভাৱে – হয় দমন-পীড়ন নতুবা আপোচ-মীমাংসা, কিন্তু দুয়োটা একেলগে নহয়। নীতিৰ এই খেলিমেলিয়েই বহুতো সমস্যাৰ সৃষ্টি কৰাটো খাটাং, কিয়নো একেখিনি বিষয়া-কৰ্মচাৰীয়েই উভয়বিধৰ নীতি কাৰ্যকৰী কৰিব লাগিছিল। এই উভয়-সংকট প্ৰথমবাৰৰ বাবে দেখা দিছিল ত্ৰিছৰ দশকৰ মাজভাগত; তেতিয়া ৰাজ কৰ্মচাৰীসকলে জনসাধাৰণৰদ্বাৰা নিৰ্বাচিত চৰকাৰ গঠনৰ সম্ভাৱনাৰে বিচলিত হৈ পৰিছিল, কিয়নো আইন অমান্য আন্দোলনৰ সময়ত তেওঁলোকে যিসকল কংগ্ৰেছীৰ ওপৰত দমন-পীড়ন চলাইছিল প্ৰাদেশিক মন্ত্ৰীসভাসমূহত সেইসকলেই তেওঁলোকৰ ৰাজনৈতিক নিয়ন্তা হৈ উঠাৰ সম্ভাৱনা দেখা দিছিল। এই সম্ভাৱনা অচিৰেই বাস্তৱ হৈ উঠিছিল আঠখন প্ৰদেশত।

আগৰ গণ আন্দোলনৰ নিচিনাকৈয়ে নিয়মতান্ত্ৰিকতাই গভীৰভাৱে প্ৰশাসনৰ মনোবল ভাঙি দিছিল, যদিও কাচিৎহে এইটো উপলব্ধি কৰা হৈছিল। কৰ্তৃপক্ষ সম্পৰ্কে থকা ভীতি যেনেকৈ অহিংস গণ আন্দোলনে হ্ৰাস কৰিছিল, সেইদৰে ‘কংগ্ৰেছৰাজ’-এ সৃষ্টি কৰিছিল আস্থাৰ পৰিবেশ। মাদ্ৰাজৰ ব্ৰিটিছ মুখ্য সচিবে খাদী পৰিধান কৰিছিল, বা বোম্বাইত ৰাজস্ব মন্ত্ৰী মোৰাৰজী দেশাইৰ সৈতে ভ্ৰমণৰত ৰাজস্ব সচিবে নিজৰ প্ৰথম শ্ৰেণীৰ দবাৰপৰা প্লেটফৰ্মত নামি মন্ত্ৰী মহোদয়ৰ তৃতীয় শ্ৰেণীৰ দবাৰ দিশে দ্ৰুত গতিৰে ধাৱমান হৈছিল যাতে মাননীয় মন্ত্ৰীয়ে অপেক্ষা কৰি থাকিবলগা নহয় – এইবোৰ দৃশ্য মানুহৰ চকুত পৰিছিল। ভাৰতীয় অফিচাৰসকলৰ মাজত আনুগত্যহীনতা দেখা যোৱা নাছিল, কিন্তু যি ক্ষেত্ৰত পূৰ্বতে সাড়ম্বৰে ইংৰাজৰ প্ৰতি আনুগত্য প্ৰদৰ্শন কৰা হৈছিল ‘এতিয়া তাৰ মাধ্যমেৰে নিজৰ দেশপ্ৰেম জাহিৰ কৰা হ’ল, বা সম্ভৱ হ’লে আইন অমান্য আন্দোলনৰ সময়ত যে সম্পৰ্কীয় কোনোবা ভাই-ককাই এজন জে’ল খাটিবলগা হৈছিল সেই কথাও ঘোষণা কৰা হ’ল।’

কিন্তু যিটো কথা সবাতোকৈ গুৰুত্বপূৰ্ণ সেইটো হ’ল, পৰৱৰ্তী কংগ্ৰেছী আন্দোলনৰ মোকাবিলা কিধৰণে কৰা হ’ব সেই বিষয়ে আলোচনাৰ বেলিকা কংগ্ৰেছৰ ক্ষমতালৈ পুনৰ উভতি অহাৰ সম্ভাৱনা কিমান সেয়াও অফিচাৰসকলৰ বিবেচ্য বিষয় হৈ পৰিল। ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ নিৰ্দেশ পালনৰ বাবে অস্বীকাৰ কৰাৰ ঘটনা ক’তো ঘটা নাছিল; কিন্তু ১৯৪০ চনত উত্তৰ প্ৰদেশত ব্যক্তিগত আইন অমান্য আন্দোলনৰ সময়ত, আনকি ১৯৪২ চনত উত্তৰ প্ৰদেশৰ পূৰ্বাঞ্চল আৰু বিহাৰত বিদ্ৰোহীসকলৰ বিৰুদ্ধে অমনোযোগী ব্যৱস্থা গ্ৰহণ কৰা হৈছিল এই বিবেচনাৰপৰাই। তথাপি সাধাৰণভাৱে ১৯৪২ চনত কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল আৰু তাৰ ফলস্বৰূপে যুদ্ধৰ শেষত যেতিয়া কংগ্ৰেছীসকলক মুক্তি দিয়া হৈছিল আৰু প্ৰাদেশিক মন্ত্ৰীসভাসমূহৰ গঠনৰ সম্ভাৱনা প্ৰকট হৈ পৰিছিল তেতিয়া দমন-পীড়ন আৰু আপোচ-মীমাংসাৰ মাজত তেনেই জোটা-পোটা লাগি গৈছিল। কংগ্ৰেছীসকলে প্ৰশাসনৰ আতিশয্যৰ বিৰুদ্ধে তদন্তৰ দাবী জনাইছিল আৰু আহ্বান জনাইছিল তাৰ প্ৰতিশোধ লোৱাৰ বাবে। নিৰ্বাচনী প্ৰচাৰৰ সময়ত কিছু শিথিল কৰি দিয়াই ভাল, এই যুক্তিৰে চৰকাৰে যেতিয়া এইসমূহৰ বিৰুদ্ধে মোকৰ্দমা কৰিবলৈ ৰাজি হোৱা নাছিল। ইয়াৰ ফলস্বৰূপে অফিচাৰসকলৰ মনোবল একেবাৰে ভাগি পৰিছিল। পূৰ্বৱৰ্তী ভাইচেৰয় লিনলিথগ’ৱে প্ৰতিশ্ৰুতি দিছিল যে কোনোধৰণৰ তদন্ত কৰা নহ’ব। কিন্তু চৰকাৰে কংগ্ৰেছৰ চাপ সহ্য কৰিব পাৰিব বুলি আই চি এছ অফিচাৰসকলৰ কোনো আস্থা নাছিল। তেতিয়াৰ ভাইচেৰয় ৱাভেলে স্বীকাৰ কৰিছিল যে প্ৰাদেশিক মন্ত্ৰীসভাসমূহ গঠিত হোৱাৰ ফলত যিসমূহ সমস্যাই দেখা দিছিল তাৰ ভিতৰত সবাতোকৈ কঠিন আছিল তদন্তৰ সমস্যাটো।

যিসকল অফিচাৰ আৰু নীতিনিৰ্ধাৰকে ক্ষমতা আৰু কৰ্তৃত্বৰ গতিধাৰা বুলি পাইছিল তেওঁলোকৰ সন্মুখত বিশ্বযুদ্ধৰ শেষৰপিনলৈ অশুভ লক্ষণসমূহ জলজল-পটপট হৈ পৰিছিল। আজাদ হিন্দ ফৌজৰ সৈন্যসকলৰ প্ৰতি ক্ষমাশীলতা প্ৰদৰ্শনৰ দাবী উঠিছিল সেনাবাহিনীৰ ভিতৰৰপৰাই; বিদ্ৰোহ হৈছিল আৰ আই এন-ৰ একাংশৰ মাজত – এইসমূহ ঘটনাই দূৰদৰ্শী অফিচাৰসকলক বুজাই দিছিল যে এইবাৰ যিটো ধুমুহা আহিব ধৰিছে তাক বাধা দিয়াটো সহজসাধ্য নহ’ব। পূৰাপূৰি এটা বিদ্ৰোহ নোহোৱাপৰ্যন্ত উদ্ধত অফিচাৰসকলৰ পক্ষে অৱশ্যে এই কথাটো বুজা সম্ভৱ নাছিল। কাঠামোটো তেতিয়াও অক্ষত অৱস্থাতেই আছিল, কিন্তু ভয় হৈছিল নিৰ্বাচনৰ পাছত কংগ্ৰেছে যদি ১৯৪২ চনৰ নিচিনা গণ আন্দোলন এটা আৰম্ভ কৰি দিয়ে তেনেহ’লে প্ৰশাসন আৰু সশস্ত্ৰ বাহিনীৰ ওপৰত হয়তো আৰু ভৰসা কৰিব পৰা নাযাব। প্ৰাদেশিক মন্ত্ৰীসভাসমূহেতো এই আন্দোলনক নিয়ন্ত্ৰণ কৰাৰ কথাই নাহে, বৰং সহায়তাহে কৰিব। অদূৰ ভৱিষ্যতে কি ঘটিবলৈ গৈ আছে তাৰ সাৰ সংক্ষেপ কৰিছিল এইধৰণে : ‘আমি হয়তো এইধৰণৰ বিদ্ৰোহ এটা তেতিয়াও দমন কৰিব পাৰিম’, কিন্তু ‘তাৰ সলনি প্ৰতিষ্ঠাপিত কৰিবলৈ আমাৰ হাতত কোনো পথেই নাই; আমাক ঠেলি দিয়া হ’ব প্ৰায় পূৰাপূৰি এক আমোলাকেন্দ্ৰিক শাসনৰ পিনে, কিন্তু তাৰ বাবেও যিমানখিনি দক্ষ অফিচাৰৰ প্ৰয়োজন সেয়া আমাৰ হাতত নাই।’

পুৰণি কায়দাৰ ব্ৰিটিছ শাসন আৰু বেছি দিন চলাব পৰা নাযাব, এই কথা এবাৰ মানি লোৱাৰ পাছত ব্ৰিটিছ নীতিনিৰ্ধাৰকসকলৰ একমাত্ৰ লক্ষ্য হৈ উঠিল ক্ষমতা হস্তান্তৰৰ ৰীতি-পদ্ধতি আৰু ব্ৰিটেইন আৰু স্বাধীন ভাৰতৰ মাজৰ সম্পৰ্কৰ চৰিত্ৰ সম্বন্ধে বুজাবুজিত উপনীত হৈ কিদৰে মৰ্যাদাসহকাৰে ভাৰত ত্যাগ কৰি যাব পৰা যায়। ব্ৰিটিছ চৰকাৰৰ ওচৰত এইটো স্পষ্ট হৈ পৰিছিল যে ভৱিষ্যতে সুসম্পৰ্ক গঢ়ি তোলা আৰু গণ আন্দোলনৰ উঠি অহা দৈত্যটোক দমন কৰাৰ স্বাৰ্থতে এক আপোচ কৰিবই লাগিব। যিহেতু পৰাজয় মানি লোৱাটো সম্ভৱ নহ’ব, গতিকে সুযোগ-সুবিধাসমূহো এনেকুৱা হ’ব লাগিব যাতে কংগ্ৰেছৰ দাবীসমূহ মোটামুটিভাৱে পূৰ্ণ হয়। কংগ্ৰেছে যেতিয়া ব্ৰিটিছসকলৰ ভাৰত ত্যাগৰ দাবী জনাইছিল, ১৯৪৬ চনৰ মাৰ্চত কেবিনেট মিছনে ভাৰতলৈ যাত্ৰা কৰিছিল জাতীয় চৰকাৰ গঠন সম্পৰ্কে আলোচনা কৰিবলৈ আৰু ক্ষমতা হস্তান্তৰৰ এটা ব্যৱস্থা কৰিবলৈ। ১৯৪২ চনৰ ক্ৰিপছ মিছনৰ নিচিনা এইটো কোনো ফোঁপোলা আৱাজ নাছিল – অনেক পৰিকল্পনা কৰি প্ৰস্তুত হৈয়েই আহিছিল কেবিনেট মিছন।
…………………………………………………………

পৰিস্থিতিটো আপোচ-মীমাংসাৰ বাবে অনুকূল বুলি ভাব হৈছিল, কিয়নো সাম্ৰাজ্যবাদী শাসকসকলে আপোচৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছিল আৰু জাতীয়তাবাদী নেতাসকলেও বিচাৰিছিল তেওঁলোকৰ সৈতে আলোচনা কৰিবলৈ। কিন্তু ভাৰতৰ স্বাধীনতাৰ আগে তেজৰ নদী বৈ যাব, এই কথা ১৯৪৬ চনৰ আগভাগত পৰোক্ষভাৱে মানি লোৱা হৈছিল যদিও ১৯৪৭ চনৰ মাজভাগলৈ ই এটা বাস্তৱ সত্যত পৰিণত হৈছিল। ১৯৪৬ চনৰ আগভাগত নীতিগত স্তৰত সাম্ৰাজ্যবাদ আৰু জাতীয়তাবাদৰ মাজৰ সংঘাতৰ নিৰসন হৈছিল যদিও সি ধীৰে ধীৰে দৃষ্টিৰপৰা আঁতৰি গৈছিল। তাৰ ঠাইত সাম্ৰাজ্যবাদী শাসনৰ অৱসানৰ পাছত শাসনব্যৱস্থা কিধৰণৰ হ’ব তাক লৈ ব্ৰিটিছ, কংগ্ৰেছ আৰু মুছলিম লিগৰ দৃষ্টিভংগীৰ সংঘাতে প্ৰাধান্য বিস্তাৰ কৰিবলৈ ধৰিলে।

কংগ্ৰেছৰ দাবী আছিল যে এটা কেন্দ্ৰৰ হাতলৈ ক্ষমতা হস্তান্তৰ কৰিব লাগে, আনহাতে সংখ্যালঘুসকলৰ দাবী আছিল মুছলমানপ্ৰধান প্ৰদেশসমূহৰ স্বায়ত্ত শাসনৰপৰা আৰম্ভ কৰি ভাৰতীয় ইউনিয়নৰপৰা বিচ্ছিন্ন হোৱাৰ ভিত্তিত আত্মনিয়ন্ত্ৰণপৰ্যন্ত এটা কাঠামোৰ ভিতৰত – অৱশ্যে ব্ৰিটিছসকলৰ প্ৰস্থানৰ পাছত। ব্ৰিটিছসকল আছিল ঐক্যবদ্ধ ভাৰতৰ পক্ষত, যি ভাৰত ব্ৰিটেইনৰ প্ৰতি বন্ধুভাবাপন্ন হ’ব আৰু কমনৱেলথৰ প্ৰতিৰক্ষাৰ সক্ৰিয় সদস্য হ’ব। ভবা হৈছিল যে ভাৰত বিভক্ত হ’লে তাৰ প্ৰতিৰক্ষা ক্ষমতা দুৰ্বল হৈ পৰিব, যৌথ প্ৰতিৰক্ষাৰ পৰিকল্পনা ব্যৰ্থ হৈ পৰিব আৰু সি ব্ৰিটিছ কূটনীতিৰ কলংকত পৰিণত হ’ব। ব্ৰিটেইনে পাকিস্তানক তাৰ ভৱিষ্যতৰ স্বাভাৱিক মিত্ৰ হিচাপে গণ্য কৰা নাছিল, যদিও ১৯০৬ চনত লিগ গঠন হোৱাৰেপৰা তাক উৎসাহিত কৰাৰ চৰকাৰী নীতি আৰু সম্প্ৰতি পাকিস্তান আৰু পশ্চিমীয়া সাম্ৰাজ্যবাদী জোঁটৰ মাজৰ সহযোগিতাৰপৰা ইয়াৰ বিপৰীতটোহে সত্য যেন ভাব হয়।

পূৰ্বৰ ঘোষণাসমূহৰ বিপৰীতে ১৯৪৬ চনৰ ব্ৰিটিছ নীতি আছিল স্পষ্টভাৱে ঐক্যবদ্ধ ভাৰতৰ পক্ষে। ১৯৪৫ চনৰ জুন-জুলাইত সকলো মুছলমানকে মনোনীত কৰিব লাগে বুলি জেদ কৰি ছিমলা চুক্তি ভংগ কৰিবলৈ জিন্নাক ৱাভেলে সুযোগ দিছিল, তাৰ সৈতে ‘সংখ্যাগৰিষ্ঠসকলৰ অগ্ৰগতিৰ প্ৰশ্নত সংখ্যালঘুসকলক ভেটো দিয়াৰ অধিকাৰ দিয়া নহ’ব’ বুলি ১৯৪৬ চনৰ ১৫ মাৰ্চত এটলিয়ে কৰা বিবৃতিৰ দুস্তৰ ব্যৱধান বিদ্যমান। কেবিনেট মিছনৰ দৃঢ় ধাৰণা হৈছিল যে পাকিস্তান টিকি থাকিব নোৱাৰিব, গতিকে ঐক্যবদ্ধ ভাৰতৰ কাঠামোৰ ভিতৰতেই সংখ্যালঘুসকলৰ স্বায়ত্ত শাসন যি ৰূপতেই নহওক সুনিশ্চিত কৰিব লাগিব। কেবিনেট মিছনৰ পৰিকল্পনা অনুযায়ী ভাৰতৰ তিনিটা অংশ হ’ল : ক–মাদ্ৰাজ, বম্বে, উত্তৰ প্ৰদেশ, বিহাৰ, কেন্দ্ৰীয় প্ৰদেশ আৰু উৰিষ্যাক লৈ গঠিত; খ–পাঞ্জাব, উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশ আৰু সিন্ধু প্ৰদেশক লৈ গঠিত; গ–বংগ আৰু অসমক লৈ গঠিত। এইসমূহৰ প্ৰতিটো গোটেই পৃথকে পৃথকে মিলিত হৈ নিজা নিজা সমূহীয়া সংবিধান কিধৰণৰ হ’ব সেয়া ঠিক কৰিব। প্ৰতিৰক্ষা, বৈদেশিক পৰিক্ৰমা আৰু যোগাযোগ ব্যৱস্থা নিয়ন্ত্ৰণ কৰিব এটা উমৈহতীয়া কেন্দ্ৰই। প্ৰথমটো সাধাৰণ নিৰ্বাচনৰ পাছত যিকোনো প্ৰদেশেই তাৰ গোটৰপৰা বাহিৰ ওলাই যাব পাৰিব। দহ বছৰৰ পাছত যিকোনো প্ৰদেশে তাৰ গোষ্ঠীৰ বা কেন্দ্ৰৰ সংবিধানৰ পুনৰ্বিবেচনাৰ দাবী জনাব পাৰিব। কংগ্ৰেছে কৈছিল যে কোনো গোটৰপৰা ওলাই যোৱাৰ বাবে প্ৰথম নিৰ্বাচনলৈ বাট চোৱাৰ কোনো প্ৰয়োজন নাই, কোনো গোষ্ঠীত যোগদান নকৰাৰ অধিকাৰ প্ৰথমৰপৰাই প্ৰদেশসমূহক দিব লাগে। কংগ্ৰেছে এই প্ৰশ্নটো উত্থাপন কৰোতে তাৰ বিবেচনাত আছিল কংগ্ৰেছশাসিত অসম আৰু উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশৰ কথা (এই দুই প্ৰদেশ আছিল যথাক্ৰমে গ আৰু খ অংশত)। লিগে বিচাৰিছিল যে দহ বছৰ অপেক্ষাৰ প্ৰয়োজন নাই, এতিয়াৰপৰাই কেন্দ্ৰীয় সংবিধানক লৈ প্ৰশ্ন কৰাৰ অধিকাৰ প্ৰদেশসমূহৰ থকা উচিত। উক্ত গোটসমূহ বাধ্যতামূলক নে ঐচ্ছিক সেই লৈ কেবিনেট মিছনৰ পৰিকল্পনা আছিল দ্ব্যৰ্থবোধক যিটোৱে সমস্যাৰ সৃষ্টি কৰিছিল। কোৱা হৈছিল যে গ্ৰুপিং আছিল ঐচ্ছিক, কিন্তু অংশসমূহ বাধ্যতামূলক। অসম্ভৱক সম্ভৱ কৰি তোলাৰ আশাৰে কেবিনেট মিছনে এই দ্বন্দ্ব দূৰ কৰাৰ সলনি তাক লৈ ইচ্ছাকৃতভাৱে কথাৰ মেৰপেচ বঢ়াইহে তুলিছিল।

কংগ্ৰেছ আৰু লিগে মিছনৰ পৰিকল্পনাক নিজা নিজাধৰণে ব্যাখ্যা কৰিছিল, প্ৰত্যেকেই ভাবিছিল যে তেওঁলোকৰ অৱস্থানক সঠিক বুলি মানি লোৱা হৈছে। উদাহৰণস্বৰূপে, পেটেলে কৈছিল যে কেবিনেট মিছনৰ পৰিকল্পনা পাকিস্তানৰ বিৰুদ্ধে, তাত লিগৰ ভেটো প্ৰদান কৰাৰ ক্ষমতা নাই আৰু এখন সংবিধান পৰিষদ গঠনৰ কথা ভবা হৈছে। এই পৰিকল্পনা মানি লোৱাৰ কথা লিগে ঘোষণা কৰিলে ৬ জুন তাৰিখে, কিয়নো বাধ্যতামূলক গ্ৰুপিঙৰ জৰিয়তে এই পৰিকল্পনাত পাকিস্তান গঠনৰ ভিত্তিক স্বীকাৰ কৰি লোৱা হৈছে। এই পৰিকল্পনা সম্পৰ্কে কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বিশেষ ব্যাখ্যা সজোৰে উত্থাপন কৰি নেহৰুৱে ১৯৪৬ চনৰ ৭ জুলাইত এ আই চি চিৰ ভাষণত কৈছিল : “সংবিধান পৰিষদত যোগ দিয়াৰ বাদে আন কোনো কথাতে আমাৰ বাধ্যবাধকতা নাই।” ইয়াৰ অৰ্থ আছিল এইটোৱেই যে সংবিধান পৰিষদ হ’ব সাৰ্বভৌম আৰু শাসনকাৰ্য পৰিচালনাৰ নিয়মাৱলী সি নিজেই স্থিৰ কৰিব। নেহৰুৰ বক্তৃতাৰ ফলত যি সুযোগ সৃষ্টি হৈছিল তাক কামত লগাই জিন্নাই ১৯৪৬ চনৰ ২৯ জুলাই তাৰিখে ঘোষণা কৰিলে যে লিগে কেবিনেট মিছনৰ পৰিকল্পনাৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ কৰিছে।

চৰকাৰৰ সন্মুখত উভয় সংকটে দেখা দিলে : পৰিকল্পনা মতে আগুৱাই গৈ কংগ্ৰেছৰ সৈতে অন্তৰ্ৱৰ্তীকালীন চৰকাৰ গঠন কৰিব নে পৰিকল্পনাৰ প্ৰশ্নত লিগ একমত হোৱালৈকে অপেক্ষা কৰিব। এবছৰ পূৰ্বে ছিমলা সন্মিলনৰ ক্ষেত্ৰত কৰাৰ দৰে ৱাভেলে এইবাৰো দ্বিতীয় পথটোকে বাছি ল’লে। কিন্তু ব্ৰিটিছ চৰকাৰে, বিশেষকৈ ছেক্ৰেটাৰি অব ষ্টেটজনে যুক্তি প্ৰদৰ্শন কৰিলে যে কংগ্ৰেছৰ সহযোগিতা লাভ কৰাটো একান্তই প্ৰয়োজনীয়। সেইমতেই ১৯৪৬ চনৰ ২ ছেপ্টেম্বৰত কেৱল কংগ্ৰেছী সদস্যক লৈ অন্তৰ্ৱৰ্তী মন্ত্ৰীসভা গঠিত হ’ল আৰু নেহৰু হ’ল তাৰ বাস্তৱিক প্ৰধান। লিগে জেদ কৰিছিল যে সকলোধৰণৰ মীমাংসাই তাৰ বাবে গ্ৰহণযোগ্য হ’বই লাগিব, কিন্তু এই পদক্ষেপ আছিল লিগৰ স্থিতিৰ বিৰোধী। স্বৰাজোত্তৰ ভাৰতীয় উপমহাদেশত নিজৰ ৰণনৈতিক স্বাৰ্থৰ সৈতে সংগতি ৰাখি ব্ৰিটিছসকলে ১৯৪৬ চনত যিটো ভূমিকা গ্ৰহণ কৰিছিল, সি তাৰ পূৰ্বৰ সাম্প্ৰদায়িক শক্তিসমূহক উৎসাহিত কৰাৰ আৰু জাতীয়তাবাদৰ তথা কংগ্ৰেছৰ প্ৰতিনিধিত্বমূলক চৰিত্ৰৰ বৈধতা অস্বীকাৰ কৰাৰ দৃষ্টিভংগীৰপৰা সম্পূৰ্ণ বেলেগ। শাসন অব্যাহত ৰাখিবৰ বাবে প্ৰয়োজন আছিল এক দৃষ্টিভংগীৰ, আৰু সাম্ৰাজ্য ত্যাগ কৰাৰ পাছত সম্পৰ্ক বজাই ৰখাৰ বাবে প্ৰয়োজন হ’ল বিপৰীত এক দৃষ্টিভংগীৰ।

সি যি নহওক, ইংৰাজসকলক অতীতৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ দিয়াৰ কোনো ইচ্ছা জিন্নাৰ নাছিল। ইতিমধ্যেই তেওঁ এটলিক প্ৰায় খোলাখুলিকৈয়ে হুমকি দিছিল, ‘কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰি . . . মুছলমানসকলক তেজৰ নৈ বোৱাবলৈ বাধ্য কৰা উচিত নহয়’; প্ৰত্যক্ষ সংগ্ৰামৰ অস্ত্ৰও এতিয়া নিক্ষেপ কৰা হ’ল। জিন্না ‘ৰাস্তাৰ ব্যাপকতৰ নিৰ্বাচকমণ্ডলীৰ ওচৰত দায়বদ্ধ’ হৈ উঠিল। ‘লেকৰ ৰহেংগে পাকিস্তান, লড়কে লেংগে পাকিস্তান’ আৱাজ তুলি মুছলমান সাম্প্ৰদায়িক গোষ্ঠীসমূহে ১৯৪৬ চনৰ ১৬ আগষ্টত কলিকতাত সাম্প্ৰদায়িক উন্মত্ততাৰ সৃষ্টি কৰিলে। সমানভাৱে বিপৰীত আঘাত হানিলে হিন্দু সাম্প্ৰদায়িক গোষ্ঠীসমূহে আৰু প্ৰাণ গ’ল ৫০০০ লোকৰ। ব্ৰিটিছসকল খুবেই বিচলিত হৈ পৰিছিল যে যি ‘ফ্ৰাংকেনষ্টাই দৈত্য’ৰ সৃষ্টিত তেওঁলোকে ইন্ধন যোগাইছিল সেই দৈত্যৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ হেৰাই গৈছে আৰু তাক বশলৈ আনিবলৈও ইতিমধ্যে বহুত দেৰি হৈ গৈছে। জিন্নাই ইচ্ছা কৰিলে গৃহযুদ্ধ লগাই দিব পাৰে, এই ভয়তে ব্ৰিটিছে লিগৰ সৈতে আপোচ কৰিবলৈ বাধ্য হ’ল। ৱাভেলে ধীৰে ধীৰে চেষ্টা কৰি লিগক অন্তৰ্ৱৰ্তী চৰকাৰত চামিল কৰিবলৈ সক্ষম হৈছিল ১৯৪৬ চনৰ ২৬ অক্টোবৰত, কিন্তু কেবিনেট মিছন পৰিকল্পনাৰ হ্ৰস্বম্যাদী বা দীৰ্ঘম্যাদী কোনো চৰ্তকে লিগে মানি লোৱা নাছিল, আনকি প্ৰত্যক্ষ সংগ্ৰামৰ নীতিও পৰিত্যাগ কৰা নাছিল। ছেক্ৰেটাৰি অব ষ্টেটে যুক্তি দৰ্শাইছিল যে চৰকাৰত যদি লিগে যোগদান নকৰে তেন্তে গৃহযুদ্ধ অৱশ্যম্ভাৱী। ব্ৰিটিছক নিজৰ হাতৰ মুঠিত ৰখাত জিন্না সফলকাম হৈছিল।
লিগ সদস্যসকলে শপত লোৱাৰ সমান্তৰালভাৱেই কংগ্ৰেছে দাবী কৰিলে যে অন্তৰ্ৱৰ্তী চৰকাৰ সম্পৰ্কে লিগে হয় তাৰ মনোভাব সলনি কৰক নতুবা মন্ত্ৰীসভাৰপৰা পদত্যাগ কৰক। লিয়াকৎ আলি খাঁক বাদ দিলে লিগৰ অন্যান্য মনোনীত নেতাসকল আছিল দ্বিতীয় শাৰীৰ নেতা। ইয়াৰ জৰিয়তে ইংগিত দিয়া হ’ল যে দেশ চলোৱাৰ দায়িত্ব নহয়, আচলতে বিপন্ন হৈছে ক্ষমতা। জিন্নাই বুজি পাইছিল, প্ৰশাসনটো কংগ্ৰেছৰ হাতত এৰি দিলে তাৰ পৰিণতি হ’ব মাৰাত্মক। তেওঁ বিচাৰিছিল চৰকাৰত নিজৰ খোপনি অটুট ৰাখি পাকিস্তানৰ পক্ষে যুঁজ দিবলৈ। তেওঁৰ মানেকত অন্তৰ্ৱৰ্তী চৰকাৰ আছিল আন এটা ৰূপত গৃহযুদ্ধ চলাই যোৱা। কংগ্ৰেছী মন্ত্ৰীসকলে যিসমূহ পদক্ষেপ গ্ৰহণ কৰিছিল, যিসমূহ নিযুক্তি প্ৰদান কৰিছিল তাক লৈ লিগ মন্ত্ৰীসকলে প্ৰশ্ন উত্থাপন কৰিছিল। ৱাভেলক এৰাই চলি বিভিন্ন সিদ্ধান্ত গ্ৰহণৰ উদ্দেশ্যে নেহৰুৱে যিসমূহ অনানুষ্ঠানিক বৈঠকৰ আহ্বান কৰিছিল তাত যোগ দিবলৈ লিগ মন্ত্ৰীসকলে অস্বীকাৰ কৰিছিল। তেওঁলোকৰ এইসমূহ ঐক্যনাশক কাৰ্যকলাপৰ ফলস্বৰূপে কংগ্ৰেছী নেতাসকলৰ মনত দৃঢ় ধাৰণা জন্মিছিল যে কংগ্ৰেছ-লিগ সহযোগিতাৰ ক্ষেত্ৰ হিচাপে অন্তৰ্ৱৰ্তী চৰকাৰ কোনো কামত নাহে। তথাপি ১৯৪৭ চনৰ ৫ ফেব্ৰুৱাৰিপৰ্যন্ত তেওঁলোক সংযত হৈ থাকিল; সেইদিনা মন্ত্ৰীসভাৰ ন-জন সদস্যই ভাইচেৰয়লৈ চিঠি লিখি লিগ মন্ত্ৰীসকলৰ পদত্যাগৰ দাবী জনালে। সংবিধান পৰিষদৰ প্ৰথম বৈঠক বহিছিল ১৯৪৬ চনৰ ৯ ডিচেম্বৰত, লিগে এইবাৰ তাৰ শেষ অৱলম্বন হিচাপে এই পৰিষদ ভংগ কৰাৰ দাবী জনালে। ব্ৰিটিছ চৰকাৰৰ প্ৰতিশ্ৰুতি সত্ত্বেও লিগে ইয়াৰ পূৰ্বে সংবিধান পৰিষদত যোগদান কৰিবলৈ ৰাজি হোৱা নাছিল। ১৯৪৬ চনৰ ৬ ডিচেম্বৰৰ বিবৃতিত লিগে ঘোষণা কৰিলে যে গ্ৰুপিং সম্পৰ্কে ইয়াৰ নিজৰ ব্যাখ্যাই সঠিক। কেবিনেট মিছন পৰিকল্পনাৰ মাধ্যমেৰে নহয়, বৰং চিধাচিধি পাকিস্তানৰ দাবী জনোৱাৰ পণ এইবাৰ জিন্নাই ৰাখিব খুজিলে।

ক্ৰমবৰ্ধমান এই সংকট সাময়িকভাৱে শাম কটোৱাত সহায় কৰিলে ১৯৪৭ চনৰ ২০ ফেব্ৰুৱাৰিত পাৰ্লামেণ্টত দিয়া এটলিৰ এটা বক্তব্যই। ব্ৰিটিছসকলৰ ভাৰত ত্যাগৰ দিন ঠিক হ’ল ১৯৪৮ চনৰ ৩০ জুনত, আৰু লৰ্ড মাউণ্টবেটেনক নতুন ভাইচেৰয় হিচাপে মনোনীত কৰাৰ কথা ঘোষণা কৰা হ’ল। আশা কৰা হৈছিল যে এই দিন-বাৰ ঘোষণাই বিবদমান পক্ষকেইটাক প্ৰধান প্ৰধান প্ৰশ্নসমূহৰ ক্ষেত্ৰত মতৈক্যৰ পিনে ঠেলি দিব আৰু তাৰ জৰিয়তে সম্প্ৰতি দেখা দিয়া সাংবিধানিক সংকটৰ বিপদৰপৰা ৰেহাই পোৱা যাব। তাৰ উপৰি শেষপৰ্যন্ত ভাৰতীয়সকলৰ বিশ্বাস জন্মিব যে ব্ৰিটিছে আন্তৰিকতাৰেই স্বাধীনতা প্ৰদান কৰিব বিচাৰিছে। সি যি নহওক, ব্ৰিটিছ শাসন অৱসানৰ দিন-বাৰ ঘোষণাৰ পাছতেই এই দুই আশাৰ সঞ্চাৰ হৈছিল। ৱাভেলে মূল্যায়ন দাঙি ধৰিছিল যে চৰকাৰী কৰ্তৃত্বৰ পৰিবৰ্তনাতীত পতন আৰম্ভ হৈছে; এটলিৰ পক্ষে এই মূল্যায়নৰ সত্যতা অস্বীকাৰ কৰা সম্ভৱ নাছিল, সেয়ে তেওঁ চৰকাৰে যে এটা চূড়ান্ত দিন-বাৰ ঠিক কৰিব লাগে সেইটো মানি লৈছিল। ভাইচেৰয়জন বৰ হতাশাবাদী বুলি তেওঁক বৰ্খাস্ত কৰিব পৰা গ’লহেঁতেন, আৰু অত্যন্ত অশোভনভাৱে সেইটো কৰা হৈছিলো। ৱাভেলক জনোৱাৰ আগেয়েই নতুন দিল্লীত মানুহৰ মুখে মুখে এই খবৰটো বাগৰি ফুৰিছিল। কিন্তু তেওঁ যে সত্য কথা কৈছিল সেইটো অস্বীকাৰ কৰা সম্ভৱ নাছিল। তেনেদৰেই, ২০ ফেব্ৰুৱাৰিৰ বিবৃতিত বাস্তৱিকতে ভাৰতীয় পৰিস্থিতি সম্পৰ্কে বৰ্খাস্ত ভাইচেৰয় ৱাভেলৰ পৰ্যবেক্ষণ মানি লোৱা হৈছিল।

অহৰহ আভ্যন্তৰীণ কন্দলৰ ফলস্বৰূপে যি হতাশা পৰিলক্ষিত হৈছিল সাম্ৰাজ্যবাদী শাসনৰপৰা মুক্তিৰ প্ৰত্যাশাই তাৰ অৱসান ঘটালে। ব্ৰিটিছসকলে যে আন্তৰিকতাৰে ভাৰত এৰি যাব বিচাৰে তাৰ চূড়ান্ত প্ৰমাণ হিচাপে কংগ্ৰেছী মহলসমূহে এই বিবৃতিক গ্ৰহণ কৰিছিল। সংবিধান পৰিষদ যদি পূৰ্ণ প্ৰতিনিধিত্বমূলক নহয় (অৰ্থাৎ মুছলমানপ্ৰধান প্ৰদেশসমূহে যদি যোগদান নকৰে) তেনেহ’লে ক্ষমতা হস্তান্তৰ কৰা হ’ব একাধিক কেন্দ্ৰীয় চৰকাৰৰ হাতত – এই অনুবিধিৰ অৰ্থ হ’ল দেশ বিভাজন। কিন্তু এইটোকো আনকি কংগ্ৰেছে গ্ৰহণযোগ্য বুলি গ্ৰহণ কৰিছিল, কিয়নো ইয়াৰ অৰ্থ আছিল এই যে বিদ্যমান পৰিষদে কাম চলাই যাব পাৰিব আৰু যিসমূহ এলেকাৰ প্ৰতিনিধিত্ব ইয়াত আছে তাৰ বাবে এখন সংবিধান ৰচনা কৰিব পাৰিব। লিগে যে কেৱল সংবিধান পৰিষদত যোগ দিবলৈকে ৰাজি হোৱা নাছিল তেনে নহয়, এই পৰিষদ ভাঙি দিয়াৰ দাবীও জনাইছিল। ইয়াৰ ফলস্বৰূপে যি অচলাৱস্থা হৈছিল তাৰপৰা বাহিৰ ওলাই অহাৰ পথ ইয়াত আছিল। নেহৰুৱে লিয়াকৎ আলি খানৰ ওচৰত আবেদন জনাইছিল : ‘ব্ৰিটিছসকল দৃশ্যপটৰপৰা আঁতৰি গৈছে আৰু এই সিদ্ধান্তৰ ভাৰ এতিয়া পৰিব আমাৰ সকলোৰে কান্ধত। দূৰৰপৰা এজনে আনজনৰ বিৰুদ্ধে নকৈ সমানভাৱে এই সমস্যাৰ মোকাবিলা কৰাই বোধহয় বাঞ্ছনীয়।’ ‘ভাৰতৰ দুই ৰাজনৈতিক দলক একগোট হ’বলৈ বাধ্য কৰিব’, এটলিৰ এই আশা পূৰণ হোৱাৰ কিছু আশা দেখা গ’ল।

এয়া আছিল অলীক আশা, কিয়নো জিন্নাৰ দৃঢ় ধাৰণা জন্মিছিল যে লক্ষ্যত উপনীত হ’বৰ বাবে তেওঁ কেৱল অলপ সময় অপেক্ষা কৰিব লাগিব। ২০ বিবৃতিৰ পাছত ব্ৰিটিছ পাৰ্লামেণ্টত হোৱা বিতৰ্কত কনজাৰভেটিভ সদস্যসকলে যি ঘটিব বুলি সতৰ্ক কৰি দিছিল ঠিক সেইটোৱেই ঘটিছিল। ক্ৰিপছৰ বক্তৃতা সম্পৰ্কে গডফ্ৰে নিকলছনে কৈছিল : ‘কোনোবা বক্তৃতাই যদি মুছলিম লিগক পাকিস্তানৰ দাবীত খামুচি ধৰি থাকিবলৈ পোনপটীয়া আমন্ত্ৰণ জনাইছিল, তেনেহ’লে এইটোৱেই আছিল সেই বক্তৃতা।’ পাঞ্জাবৰ গভৰ্নৰ ইভান জেনকিন্সেও একেই জোৰদাৰে কৈছিল, ‘এই বিবৃতিক গণ্য কৰিব লাগিব সাম্প্ৰদায়িকতাবাদীসকলৰ চূড়ান্ত শক্তি প্ৰদৰ্শনৰ গৌড়চন্দ্ৰিকা হিচাপে’, যাতে প্ৰত্যেকেই চেষ্টা কৰিব ‘যিমান বেছি সম্ভৱ ক্ষমতা কুক্ষিগত কৰিবলৈ – দৰকাৰ হ’লে গাৰ জোৰেৰে’। জেনকিন্সৰ ভৱিষ্যৎবাণী অচিৰেই বাস্তৱ হৈ উঠিল; লিগে পাঞ্জাবত আৰম্ভ কৰিলে আইন অমান্য আন্দোলন আৰু খিজৰ হায়াত খানৰ নেতৃত্বৰ ইউনিয়নিষ্ট আকালি-কংগ্ৰেছ কোৱালিচন মন্ত্ৰীসভাক বাধ্য কৰিলে পদত্যাগ কৰিবলৈ। ১৯৪৭ চনৰ ১৩ মাৰ্চত ৱাভেলে তেওঁৰ ডায়েৰিত লিখিলে : ‘২০ ফেব্ৰুৱাৰিৰ বিবৃতিয়ে মূলতঃ খিজৰক পদত্যাগৰ পিনে ঠেলি দিছিল।’

এইটো পৰিস্থিতিতে ভাইচেৰয় হৈ ভাৰতলৈ আহিল মাউণ্টবেটেন। তেওঁ আছিল শেষ ভাইচেৰয় আৰু ১৯৪৮ চনৰ ৩০ জুনৰ ভিতৰত ব্ৰিটিছৰাজৰ টালি-টোপোলা বন্ধাৰ দায়িত্ব তেওঁৰ ওপৰত পৰিছিল। মাউণ্টবেটেনৰ দাবী, ২০ ফেব্ৰুৱাৰিৰ বিবৃতিত সময়সীমা তেৱেঁই অন্তৰ্ভুক্ত কৰিছিল : ‘মই ইয়াৰ ওপৰত বিশেষ জোৰ দিছিলো। সময়সীমাৰ কথাটো আমাৰ চিন্তাত আছিলেই, এই ক্ষেত্ৰত এটলিক ৰাজী কৰাবলৈ বৰ টান হৈছিল। মোৰ ধাৰণা আছিল, সময়সীমা অপৰিহাৰ্য। মোৰ বিশ্বাস, আমি যদি সময়সীমা নিৰ্দিষ্ট নকৰিলোহেঁতেন তেনেহ’লে এতিয়াও আমি সেই দেশতে থাকিব লাগিলেহেঁতেন।’ এই দাবীটো ইমানেই স্পষ্টতঃ মিছা যে তাক খণ্ডন কৰাৰ কোনো প্ৰয়োজন নাই। কিন্তু এককভাৱে ইতিহাস নিৰ্ধাৰণ কৰা বুলি মাউণ্টবেটেনৰ আত্মপ্ৰচাৰকেই লেপিয়েৰ আৰু কলিন্সে ‘Freedom at Midnight’ গ্ৰন্থত আৰু আন বহুতে অন্যত্ৰ ইতিহাস বুলি চলাই দিবলৈ চেষ্টা কৰিছে। সুনিৰ্দিষ্ট দিন-বাৰৰ ধাৰণা প্ৰথম জাগিছিল ৱাভেলৰ মনত, সেয়া আছিল ১৯৪৮ চনৰ ৩১ মাৰ্চ। তেওঁ আশা কৰিছিল, সেই দিনৰ পূৰ্বেই ক্ষমতাক বাদ দি দায়িত্বৰ এটা পৰ্যায় আৰম্ভ হৈ যাব। এটলিয়ে ভাবিছিল, ১৯৪৮ চনৰ মাজভাগটোৱেই লক্ষ্য হোৱা উচিত। মাউণ্টবেটেনে কেলেণ্ডাৰৰ এটা দিন ঠিক কৰাৰ ওপৰত জোৰ দিছিল, আৰু সেই দিনটো ঠিক হৈছিল ১৯৪৮ চনৰ ৩০ জুন।

মাউণ্টবেটেনে দাবী কৰিছিল যে তেওঁক পূৰ্ণ ক্ষমতা প্ৰদান কৰা হৈছিল, লণ্ডনৰ সৈতে আলোচনাৰ কোনো প্ৰয়োজনেই তেওঁৰ হোৱা নাছিল – এইটো দাবীও সমানেই বিভ্ৰান্তিকৰ। এই কথা ঠিক যে পূৰ্বৰ যিকোনো ভাইচেৰয়ৰ তুলনাত তেওঁৰ ক্ষমতা আছিল বহুখিনি বেছি আৰু তেওঁৰ মতামতক লেবাৰ চৰকাৰে যথেষ্ট গুৰুত্বসহকাৰে গ্ৰহণ কৰিছিল। তথাপি তেওঁ তেওঁৰ পৰিকল্পনাৰ কৰ্মবিকাশৰ প্ৰতিটো পৰ্যায়তে লণ্ডনৰ পৰামৰ্শ লৈছিল আৰু সহকাৰী ইছমেক লণ্ডনলৈ পঠাইছিল। অৱশেষত ৩ জুনৰ পৰিকল্পনাত এটলি আৰু তেওঁৰ মন্ত্ৰীসভাৰ সন্মতি আদায়ৰ নিমিত্তে তেওঁ নিজে গৈছিল।

ব্ৰিটিছ চৰকাৰৰপৰা মাউণ্টবেটেনে সুস্পষ্ট নিৰ্দেশনা লাভ কৰিছিল; তেওঁ দাবী কৰাৰ নিচিনাকৈ তেওঁ নিজৰ পথ নিজেই ঠিক কৰা নাছিল। ঐক্য আৰু বিভাজনৰ সম্ভাৱনা কিমান ১৯৪৭ চনৰ অক্টোবৰপৰ্যন্ত সেয়া অধ্যয়ন কৰাৰ নিৰ্দেশ তেওঁক দিয়া হৈছিল; তাৰ পাছত ক্ষমতা হস্তান্তৰৰ ৰূপটো কিধৰণৰ হ’ব সেই সম্পৰ্কে ব্ৰিটিছ চৰকাৰক পৰামৰ্শ দিব লাগিব। এই ক্ষেত্ৰতো তেওঁ অচিৰেই আৱিষ্কাৰ কৰিলে যে প্ৰকৃতাৰ্থত তেওঁ নিৰ্বাচন কৰিবলগাকৈ একো বাকী নাই। তেওঁ নিজৰ মত প্ৰকাশ কৰাৰ পূৰ্বেই দৃশ্যপটৰ এটা ব্যাপক ৰূপৰেখা স্পষ্ট হৈ উঠিছিল। ভাৰত আহি পোৱাৰ দুমাহৰ ভিতৰতেই মাউণ্টবেটেনে দেখিলে যে যিমানেই জোৰ-জবৰদস্তি নকৰক লাগে কেবিনেট মিছন পৰিকল্পনাক আৰু আগুৱাই নিয়া সম্ভৱ নহয়, সি ইতিমধ্যে এটা মৃতদেহত পৰিণত হৈছে। জিন্না আছিল আঁকোৰগোজ, সাৰ্বভৌম ৰাষ্ট্ৰৰ বিনে আন একোতেই মুছলমানসকল ৰাজি নহ’ব। মাউণ্টবেটেনে দেখিলে যে তেওঁ জিন্নাৰ মত তিলমানো লৰচৰ কৰিব নোৱাৰে : ‘তেওঁৰ মতি-গতি দেখি মোৰ ভাব হ’ল, তেওঁ আৰু কোনো কথাকেই কাণ নিদিয়ে। তেওঁৰ সৈতে যুক্তি-তৰ্ক কৰা বৃথা। . . . যেয়ে যি নকওক লাগিলে, পাকিস্তানৰ কথাত তেওঁ আছিল নাছোৰবান্দা।’

ভাৰতীয়সকলে একমত হৈ যি সমাধান ঠিক কৰিব সেইটো কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিবলৈ মনস্থ কৰিছিল ব্ৰিটিছসকলে। কিন্তু তেওঁলোকে সেই ভূমিকা নোলোৱা হ’লেহে ভাৰতক ঐক্যবদ্ধ ৰাখিব পাৰিলেহেঁতেন। ঐক্যৰ বাবে প্ৰয়োজন আছিল সদৰ্থক হস্তক্ষেপৰ, প্ৰয়োজন আছিল কঠোৰ হাতেৰে সাম্প্ৰদায়িক শক্তিসমূহক দমন কৰাৰ। কিন্তু তেওঁলোকে সেইটো নকৰিবলৈকে ঠিক কৰিছিল। এটলিয়ে পৰৱৰ্তী কালত লিখিছিল : ‘আমি বিচাৰিছিলো ঐক্যবদ্ধ ভাৰত। আপ্ৰাণ চেষ্টা কৰিও আমি সেইটো কৰিব নোৱাৰিলো।’ প্ৰকৃততে ব্ৰিটিছসকলে সহজ পথটো বাছি লৈছিল। ঐক্য অটুট ৰখাৰ বাবে প্ৰয়োজন আছিল আন্তৰিক চেষ্টাৰ : তাৰ বাবে যিসমূহ শক্তিয়ে ঐক্যৰ পোষকতা কৰে তেওঁলোকৰ পক্ষত থিয় দিব লাগিব আৰু যিসকল ঐক্যৰ বিৰোধী তেওঁলোকৰ বিৰোধিতা কৰিব লাগিব। সেইটো নকৰি ব্ৰিটিছে উভয় পক্ষই যাতে ৰণকৌশল আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ব্ৰিটেইনৰ সৈতে বন্ধুত্বপূৰ্ণ সহযোগিতা কৰে তাৰ বাবে উভয় পক্ষকে ভালৰি বোলোৱাটোকেই শ্ৰেয় বুলি বাছি ল’লে। ব্ৰিটিছে বিচাৰিছিল এক ঐক্যবদ্ধ ভাৰতীয় উপমহাদেশ যি কমনৱেলথৰ প্ৰতিৰক্ষাৰ এক শক্তিশালী মিত্ৰ হিচাপে ভূমিকা পালন কৰিব। কিন্তু এইবাৰ তেওঁলোকে সেই মনোভাব সংশোধন কৰি বিচাৰিলে দুখন ডমিনিয়ন; এই দুইখন ডমিনিয়নেই হ’ব ব্ৰিটেইনৰ মিত্ৰ আৰু ঐক্যবদ্ধ ভাৰতে যি উদ্দেশ্য সাধন কৰিব বুলি ভবা হৈছিল এতিয়া উভয়ে মিলি সেই উদ্দেশ্যই সাধন কৰিব। এতিয়া প্ৰশ্নটো হৈ উঠিল, কেনেকৈ ভাৰত আৰু পাকিস্তান উভয়ৰে বন্ধুত্ব অৰ্জন কৰা যাব?

মাউণ্টবেটেনৰ সূত্ৰ আছিল ভাৰত বিভাজন কৰা, কিন্তু যতদূৰসম্ভৱ ঐক্য বজাই ৰখা। দেশ বিভাজন কৰা হ’ব, লগতে পাঞ্জাব আৰু বংগকো বিভাজন কৰা হ’ব; ফলস্বৰূপে যি সীমিত পাকিস্তানৰ উদ্ভৱ হ’ব সি লিগ আৰু কংগ্ৰেছ উভয়ৰে দাবীক কিছু পৰিমাণে পূৰণ কৰিব। পাকিস্তান সম্পৰ্কে লিগৰ অভিমত পাকিস্তান গঠনপৰ্যন্ত মানি লোৱা হ’ব আৰু কংগ্ৰেছৰ ঐক্যৰ ধাৰণা মানি লৈ পাকিস্তানক কৰি ৰখা হ’ব যথাসম্ভৱ ক্ষুদ্ৰাকাৰ। কংগ্ৰেছে যিহেতু তাৰ প্ৰধান দাবী, অৰ্থাৎ ঐক্যবদ্ধ ভাৰতৰ দাবী, ত্যাগ কৰিব লাগিব গতিকে তাৰ আন সকলো দাবী মানি লোৱা হ’ব। দেশীয় ৰাজ্যসমূহৰ স্বাধীনতা বাতিল কৰাৰ বিষয়েই হওক বা বংগৰ ঐক্যৰ বিষয়েই হওক বা হায়দৰাবাদে ভাৰতৰ সলনি পাকিস্তানত যোগ দিয়াৰ বিষয়েই হওক, এইসমূহ প্ৰশ্নত মাউণ্টবেটেনে দৃঢ়তাৰে কংগ্ৰেছক সমৰ্থন জনাইছিল। তেওঁৰ যুক্তি আছিল ভাৰতক কমনৱেলথত ৰাখিবলৈ হ’লে কংগ্ৰেছৰ শুভেচ্ছাৰ একান্ত প্ৰয়োজন। এই কথা তেওঁ ব্ৰিটিছ চৰকাৰক পতিয়ন নিয়াবলৈ সক্ষম হৈছিল।

১৯৪৭ চনৰ ৩ জুনৰ পৰিকল্পনাক মাউণ্টবেটেন পৰিকল্পনা নামে জনা যায়। এই পৰিকল্পনাৰ জৰিয়তে ডমিনিয়ন ষ্টেটাছৰ ভিত্তিত দুই উত্তৰাধিকাৰী ৰাষ্ট্ৰ ভাৰত আৰু পাকিস্তানক আগতীয়াকৈ ক্ষমতা হস্তান্তৰ কৰিব বিচৰা হ’ল। কংগ্ৰেছে কিছু দিনলৈকে ডমিনিয়ন ষ্টেটাছ মানি ল’বলৈ ৰাজি আছিল কিয়নো তৎকালে পূৰ্ণ ক্ষমতা হাতত তুলি লৈ দৃঢ়তাৰে দেশৰ বিস্ফোৰক পৰিস্থিতি মোকাবিলা কৰিব লাগিব। নেহৰুৰ ভাষাত : ‘ৰাস্তাই-ঘাটে হত্যালীলা বিয়পি পৰিছে, আৰু ব্যক্তি আৰু জনতা উভয়েই আশ্ৰয় লৈছে আশ্চৰ্যজনক বৰ্বৰতাৰ।’ তদুপৰি ডমিনিয়ন ষ্টেটাছে নতুন প্ৰশাসনক থানথিত লগাৰ সময় দিব, কিয়নো ব্ৰিটিছ অফিচাৰসকল আৰু চিভিল ছাৰ্ভিচৰ অফিচাৰসকলে আৰু কিছু দিন ভাৰততে থাকিব তথা ভাৰতীয়সকলক নতুন কৰ্তৃত্বৰ পদবীসমূহত সমাসীন হোৱাত সহায় কৰিব। ব্ৰিটেইনৰ ক্ষেত্ৰত ডমিনিয়ন ষ্টেটাছে ভাৰতক সাময়িকভাৱে হ’লেও কমনৱেলথত ৰখাৰ সুযোগ দিছিল, এই সুযোগটো ব্ৰিটেইনে হেৰুৱাব খোজা নাছিল। জিন্নাই পাকিস্তানক কমনৱেলথৰ অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ দিছিল যদিও ব্ৰিটেইনৰ পক্ষে কমনৱেলথত ভাৰতৰ সদস্যপদ আছিল অধিক গুৰুত্বপূৰ্ণ। কিয়নো ভাৰতৰ অৰ্থনৈতিক শক্তি আৰু প্ৰতিৰক্ষাৰ সামৰ্থ্য বেছি নিৰ্ভৰযোগ্য বুলি ভবা হৈছিল, ভাৰতত ব্ৰিটেইনৰ বাণিজ্য আৰু লগ্নিৰ পৰিমাণো আছিল বেছি।

ক্ষমতা হস্তান্তৰৰ দিন আগুৱাই ১৯৪৭ চনৰ ১৫ আগষ্ট কৰাৰ আঁৰৰ যুক্তি আছিল, ইয়াৰ ফলস্বৰূপে কংগ্ৰেছক ডমিনিয়ন ষ্টেটাছৰ ক্ষেত্ৰত সন্মত কৰিব পৰা যাব। ইয়াৰ অতিৰিক্ত সুবিধা আছিল এই যে দ্ৰুতভাৱে অৱনতি ঘটিবলৈ ধৰা সাম্প্ৰদায়িক পৰিস্থিতিৰ দায়িত্বৰপৰা ব্ৰিটিছে ৰেহাই পাব। দৃশ্যপটটো এনে হৈ উঠিল যে কিছু অফিচাৰে টালি-টোপোলা বান্ধিবলৈকে বাট চাই আছিল, ভাৰতীয়সকলে পৰিস্থিতিটোৰপৰা কেনেকৈ নিজকে বচায় বচাওক। পেটেলে ভাইচেৰয়ক কৈছিল, পৰিস্থিতিটো এনেকুৱা যে ‘আপোনালোকে নিজেও শাসন নকৰে আৰু আমাকো শাসন কৰিবলৈ এৰি নিদিয়ে।’ ক্ষমতা হস্তান্তৰৰ তাৰিখ আগুৱাই ১৯৪৭ চনৰ ১৫ আগষ্ট কৰাৰ সপক্ষে মাউণ্টবেটেনে যুক্তি দিছিল এইবুলি যে পৰিস্থিতি এনে হৈ পৰিছে যে সি যিকোনো মুহূৰ্ততে নিয়ন্ত্ৰণৰ বাহিৰ হৈ যাব পাৰে যদিহে তেওঁলোকে যিমান সোনকালে পাৰি গুচি যাব নোৱাৰে। ভাইচেৰয়ৰ চিফ অব ষ্টাফ ইছমেৰ ধাৰণা হৈছিল, ১৯৪৭ চনৰ আগষ্ট সময়টো বহুত দেৰিহে হৈছে, সোনকাল হোৱাৰতো কথাই নাহে। ব্ৰিটিছ দৃষ্টিভংগীৰপৰা, খৰতকীয়া পশ্চাদপসৰণেই আছিল সম্ভৱতঃ সবাতোকৈ সুবিধাজনক পদক্ষেপ। কিন্তু মাউণ্টবেটেন আৰু ইছমেই বুজাব বিচৰাৰ দৰে সি অনিবাৰ্য পছন্দ হৈ উঠা নাছিল। চৰকাৰী কৰ্তৃত্বৰ ধীৰ ক্ষয়ীভৱন সত্ত্বেও ক্ষমতাৰ অবিহনে দায়িত্বৰ পৰিস্থিতি তেতিয়াও আছিল এটা সম্ভাৱনাহে, বাস্তৱ নহয়। তৎকালীন কংগ্ৰেছ সভাপতি কৃপালনিয়ে মাউণ্টবেটেনক সঠিকভাৱেই আঙুলিয়াই দিছিল যে ব্ৰিটিছে হ্ৰস্বম্যাদী ভিত্তিত তেওঁলোকৰ কৰ্তৃত্ব কায়েম ৰাখিব পাৰে, কিন্তু তেওঁলোকে সেইটো বিচৰা নাই। তদুপৰি পৰিস্থিতিয়ে দাবী কৰিছিল, কৰ্তৃত্ব ত্যাগ কৰাৰ সলনি কোনোৱে কৰ্তৃত্ব বহন কৰক।

দায়িত্ব ত্যাগ যদি নিৰ্মম ঘটনা আছিল তেন্তে যিটো দ্ৰুততাৰে তাক কাৰ্যকৰী কৰা হৈছিল সি পৰিস্থিতিটো অধিক শোচনীয় কৰি তুলিছিল। ক্ষমতা হস্তান্তৰ আৰু দেশ বিভাজন উভয়ৰ বাবে ১৯৪৭ চনৰ ৩ জুনৰপৰা ১৫ আগষ্টপৰ্যন্ত বাসত্তৰ-দিনীয়া সময়সূচী বিপৰ্যয়কৰ বুলি প্ৰমাণিত হৈছিল। পাঞ্জাবৰ গভৰ্নৰ জেনকিন্স আৰু সেনাবাহিনীৰ প্ৰধান অ’শ্চিনলেকৰ নিচিনা ভাৰতস্থ উচ্চপদস্থ অফিচাৰসকলে ভাবিছিল যে শান্তিপূৰ্ণভাৱে ভাৰত বিভাজন কৰিবলৈ হ’লে অতি কমপক্ষেও কিছু বছৰ লাগিব। কিন্তু ঘটনাটো যেনেকৈ ঘটিল, পাৰ্টিচন কাউন্সিলে মাত্ৰ কেইসপ্তাহমানৰ ভিতৰতে টাইপ ৰাইটাৰৰপৰা ছপাখানাপৰ্যন্ত সমস্ত সম্পদৰ ভাগ-বাটোৱাৰা কৰিবলগা হৈছিল। বিভাজনৰ ফলত সৃষ্ট সমস্যাসমূহৰ জঁট ভাঙিবৰ বাবে কোনোধৰণৰ অন্তৰ্ৱৰ্তীকালীন প্ৰাতিষ্ঠানিক কাঠামো নাছিল। মাউণ্টবেটেনে আশা কৰিছিল যে তেৱেঁই ভাৰত আৰু পাকিস্তানৰ উমৈহতীয়া গভৰ্নৰ জেনেৰেল হৈ প্ৰয়োজনীয় যোগসূত্ৰ হিচাপে কাম কৰিব, কিন্তু জিন্নাই সেই পদ নিজে বিচৰা বাবে সেইটো হৈ নুঠিল। ফলস্বৰূপে যৌথ প্ৰতিৰক্ষাৰ যি ব্যৱস্থা গঢ়ি তোলা হৈছিল ১৯৪৭ চনৰ ডিচেম্বৰৰ পাছত আৰু সি টিকি নাথাকিল। আৰু তেতিয়ালৈ কাশ্মীৰ ৰাজনৈতিক মীমাংসাৰ সলনি হৈ উঠিছিল সংঘাতৰ ক্ষেত্ৰ।

দেশ বিভাজনৰ সৈতে ঘটা পাঞ্জাবৰ গণহত্যা আছিল মাউণ্টবেটেনৰ বিৰুদ্ধে শেষ অভিযোগ। তেওঁৰ বিশ্বস্ত সহযোগী লৰ্ড ইছমেয়ে ১৯৪৭ চনৰ ১৬ ছেপ্টেম্বৰত তেওঁৰ পত্নীলৈ লিখিছিল : ‘আমাৰ মিছনে সাফল্যৰ দুৱাৰডলিত ভৰি দিছিলহি; কিন্তু দুখৰ বিষয় যে তাৰ পৰিসমাপ্তি ঘটিল এনেকুৱা এক ভয়ানক আৰু সম্পূৰ্ণ ব্যৰ্থতাৰ মাজেৰে।’ স্বাধীনতাৰ তাৰিখ আগুৱাই আনি ১৯৪৭ চনৰ ১৫ আগষ্ট কৰা আৰু সীমান্ত কমিছনৰ প্ৰস্তাৱ ঘোষণা কৰোতে দেৰি কৰা – মাউণ্টবেটেনে লোৱা এই উভয় সিদ্ধান্তই ইতিমধ্যে আৰম্ভ হোৱা ট্ৰেজেডিটো দুগুণে বঢ়াই তুলিছিল। পাঞ্জাবত নিযুক্ত উচ্চপদস্থ সামৰিক অফিচাৰ ব্ৰিগেডিয়াৰ ব্ৰিষ্টোৰ মতে, দেশ বিভাজন যদি এক বছৰমান পিছুৱাই দিয়া হ’লহেঁতেন তেন্তে পাঞ্জাবৰ এই ট্ৰেজেডি নঘটিলহেঁতেন। ১৯৪৭ চনৰ ১৫ আগষ্টৰপৰা ৩১ ডিচেম্বৰপৰ্যন্ত ভাৰতীয় সেনাবাহিনীৰ প্ৰধান পদত থকা লকহাৰ্টেও এই মত সমৰ্থন কৰিছিল : ‘চিভিল ছাৰ্ভিচৰ প্ৰতিটো স্তৰৰ অফিচাৰসকল আৰু সশস্ত্ৰ বাহিনীৰ সকলো কৰ্মী যদি স্বাধীনতাৰ পূৰ্বে তেওঁলোকৰ সংশ্লিষ্ট নতুন দেশত সষ্টম হৈ থাকিলহেঁতেন তেনেহ’লে হয়তো ব্যাপক বিশৃংখলতাক নিয়ন্ত্ৰণ কৰাৰ অধিক সুযোগ ওলালহেঁতেন।’ সীমান্ত কমিছনৰ ছুপাৰিছ ১৯৪৭ চনৰ ১২ আগষ্টৰ ভিতৰতেই প্ৰস্তুত হৈ উঠিছিল, কিন্তু মাউণ্টবেটেনে তাক স্বাধীনতা দিৱসৰ পাছতহে ঘোষণা কৰিব বুলি সিদ্ধান্ত লৈছিল যাতে ব্ৰিটিছসকলে কোনোধৰণে জবাবদিহি হ’বলগা নহয়। স্বাধীনতা দিৱসত পাঞ্জাব আৰু বংগত অদ্ভূত দৃশ্য দেখা গ’ল। লাহোৰ আৰু অমৃতসৰৰ গাঁওসমূহত ভাৰত আৰু পাকিস্তান উভয়ৰে পতাকা উৰুওৱা হ’ল, কিয়নো উভয় সম্প্ৰদায়ৰ মানুহেই ভাবিছিল যে তেওঁলোক সীমান্তৰ সঠিক দিশত আছে। স্বাধীনতা লাভৰ পিছদিনাখন তেওঁলোকে দেখিলে যে তেওঁলোক স্বভূমিতেই পৰবাসী, কাৰ্যবাহীসকলৰ ৰায় অনুসৰি নিৰ্বাসিত।
…………………………………………………………………………….

কংগ্ৰেছে কিয় আৰু কেনেকৈ দেশ বিভাজন মানি লৈছিল? লিগে শ্বাইলকৰ নিচিনাকৈ নিষ্ঠুৰভাৱে দেশৰ এটা অংশ লাভৰ বাবে জিদ ধৰিছিল, বা ব্ৰিটিছে নিজে তৈয়াৰ কৰা জালৰপৰা মুকলি হ’ব নোৱাৰি সেয়া মানি লৈছিল – এই কথা বুজি পোৱাটো সহজসাধ্য। কিন্তু ভাৰতীয়সকলক এক জাতি বুলি বিশ্বাস কৰা কংগ্ৰেছে কিয় দেশ বিভাজন মানি লৈছিল তাৰ উত্তৰ দিয়া কঠিন। কিয় নেহৰু আৰু পেটেলে ৩ জুনৰ প্ৰস্তাৱ মানি লোৱাৰ সপক্ষে মত প্ৰকাশ কৰিছিল আৰু কংগ্ৰেছ ৱৰ্কিং কমিটি আৰু এ আই চি চিয়ে কিয় তাৰ সপক্ষে প্ৰস্তাৱ পাছ কৰিছিল? সবাতোকৈ বিস্ময়কৰ কথাটো হ’ল, গান্ধীজীয়ে কিয় সেইটো নীৰৱে মানি লৈছিল? কোৱা হয় যে তৎক্ষণাৎ আৰু সহজে ক্ষমতা লাভ কৰাৰ বাসনাৰদ্বাৰা পৰিচালিত হৈয়েই নেহৰু আৰু পেটেলে দেশ বিভাজন মানি লৈছিল আৰু তাকে কৰি দেশৰ জনসাধাৰণৰ প্ৰতি বিশ্বাসঘাতকতা কৰিছিল। ভবা হয় যে গান্ধীজীৰ পৰামৰ্শ উপেক্ষিত হৈ ৰৈছিল, আৰু যুক্তি দৰ্শোৱা হয় যে নিজৰ শিষ্যসকলেই বিশ্বাসঘাতকতা কৰা বুলি গান্ধীজীৰ ভাব হৈছিল যাৰ বাবে তেওঁ নিজৰ জীৱনপৰ্যন্ত বিসৰ্জন দিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। কিন্তু সাম্প্ৰদায়িক উন্মত্ততাৰ বিৰুদ্ধে তেওঁ যুঁজ দিছিল অকলশৰে; মাউণ্টবেটেনৰ ভাষাত, তেওঁ আছিল ‘এজনীয়া সীমান্তৰক্ষী বাহিনী’।

এই কথা পাহৰি যোৱা যায় যে ১৯৪৭ চনত নেহৰু, পেটেল আৰু গান্ধীজীয়ে যিটো অৱশ্যম্ভাৱী সেইটো মাত্ৰ মানিহে লৈছিল। আৰু সেয়া যে অৱশ্যম্ভাৱী হৈ উঠিছিল তাৰ কাৰণ আছিল মুছলমান জনসাধাৰণক জাতীয় আন্দোলনটোত সমাবেশিত কৰাৰ ক্ষেত্ৰত কংগ্ৰেছৰ দীৰ্ঘকালীন ব্যৰ্থতা। মুছলমান সাম্প্ৰদায়িকতাৰ উত্তাল ঢৌক বাধা দিয়াৰ ক্ষেত্ৰত কংগ্ৰেছ সেয়ে সফল হ’ব পৰা নাছিল – বিশেষকৈ ১৯৩৭ চনৰপৰাই মুছলমান সাম্প্ৰদায়িকতাই ক্ৰমবৰ্ধমান উন্মত্ততাৰে বাৰম্বাৰ আঘাত কৰিবলৈ ধৰিছিল। এই ব্যৰ্থতা অতিকে স্পষ্ট হৈ পৰিছিল ১৯৪৬ চনৰ নিৰ্বাচনত – মুছলমান আসনৰ ৯০ শতাংশ লাভ কৰিছিল লিগে। জিন্নাৰ বিৰুদ্ধে যুঁজত কংগ্ৰেছে পৰাজয় বৰণ কৰিছিল ১৯৪৬ চনৰ আগভাগতেই, কিন্তু কলিকতা আৰু ৰাৱালপিণ্ডিৰ ৰাজপথ আৰু নোৱাখালি আৰু বিহাৰৰ গ্ৰামাঞ্চলত নিৰ্মম চৰম যুঁজ চলোৱাৰ পাছতহে সেই পৰাজয় মানি লোৱা হৈছিল। ১৯৪৭ চনৰ জুন মাহত কংগ্ৰেছ নেতাসকলৰ উপলব্ধি হৈছিল যে একমাত্ৰ তাৎক্ষণিক ক্ষমতা হস্তান্তৰেহে প্ৰত্যক্ষ সংগ্ৰাম আৰু সাম্প্ৰদায়িক দাংগাৰ প্ৰসাৰ ৰোধ কৰিব পাৰিব। অন্তৰ্ৱৰ্তী চৰকাৰ কাৰ্যতঃ ভাগি পৰাৰ ফলস্বৰূপেও পাকিস্তান এটা অপৰিহাৰ্য বাস্তৱতা হৈ উঠিছিল। ১৯৪৭ চনৰ ১৪ জুনত এ আই চি চিৰ বৈঠকত পেটেলে যুক্তি দিছিল : আমি এটা সত্যৰ মুখামুখি হ’বই লাগিব – পাঞ্জাব, বংগ আৰু আনকি অন্তৰ্ৱৰ্তী চৰকাৰৰ ভিতৰতো পাকিস্তানে কাম কৰি আছে। অন্তৰ্ৱৰ্তী চৰকাৰ এখন ৰণথলীলৈ পৰ্যবসিত হোৱা দেখি আতংকিত হৈ উঠিছিল নেহৰু। মন্ত্ৰীসকলৰ মাজত চলিছিল দন্দ-খৰিয়াল, সিদ্ধান্ত গ্ৰহণৰ উদ্দেশ্যে তেওঁলোকে সভা পাতিছিল বেলেগে বেলেগে। অৰ্থনৈতিক সদস্য হিচাপে লিয়াকৎ আলি খানে অন্যান্য দপ্তৰৰ কাম-কাজ বাধাগ্ৰস্ত কৰি তুলিছিল। গভৰ্নৰসকলে তোষণ কৰিছিল লিগক, অথচ সেই তোষণ বন্ধ কৰাৰ ক্ষমতা অন্তৰ্ৱৰ্তী চৰকাৰৰ নাছিল। দাংগা বন্ধ কৰাৰ ক্ষেত্ৰত বংগৰ প্ৰাদেশিক মন্ত্ৰীসভা আছিল নিষ্ক্ৰিয়, আনকি আত্মসন্তুষ্ট। এইসমূহ দেখি নেহৰুৰ মনত প্ৰশ্ন জাগিছিল, যি সময়ত জনসাধাৰণৰ ব্যাপক হত্যালীলা অহৰহ চলি আছে তেনে অৱস্থাত মিছাকৈ অন্তৰ্ৱৰ্তী চৰকাৰ চলাই থাকি কি লাভ? তাৎক্ষণিক ক্ষমতা হস্তান্তৰে অন্ততপক্ষে এনেকুৱা এখন চৰকাৰৰ গঠন সম্ভৱ কৰি তুলিব যি তাৰ নিয়ন্ত্ৰণ ক্ষমতা প্ৰয়োগ কৰিব পাৰিব – যিটো ভূমিকা পালন কৰাটো বৰ্তমানৰ অন্তৰ্ৱৰ্তী চৰকাৰৰ বাবে বাঞ্ছনীয়, কিন্তু বাস্তৱত অসম্ভৱ।

দুই ডমিনিয়নৰ হাতত তাৎক্ষণিকভাৱে শাসনক্ষমতা তুলি দিয়াৰ প্ৰস্তাৱৰ আঁৰত আৰু এটা চিন্তাই কাম কৰিছিল। দেশখন ভাগি টুকুৰা-টুকুৰ হৈ যোৱাৰ সম্ভাৱনা নাছিল, কিয়নো প্ৰদেশসমূহ আৰু দেশীয় ৰাজ্যসমূহক স্বাধীনতাৰ সুযোগ দিয়া হোৱা নাছিল। প্ৰকৃতপক্ষে, দেশীয় ৰাজ্যসমূহক সেইসমূহৰ প্ৰচণ্ড বিৰক্তি সত্ত্বেও ফুচুলনিৰে বা বল প্ৰয়োগেৰে দুই ডমিনিয়নৰ কোনো এখনত অন্তৰ্ভুক্ত হ’বলৈ বাধ্য কৰা হৈছিল। এয়াও কম কৃতিত্ব নাছিল। দেশীয় ৰাজ্যসমূহ যদি বাহিৰ হৈ গ’লহেঁতেন তেন্তে সেয়া ভাৰতীয় ঐক্যৰ পক্ষে পাকিস্তানতকৈও গুৰুতৰ আঘাত হ’লহেঁতেন।

গতিকে ১৯৪৭ চনত দেশ বিভাজন মানি লোৱাটো আছিল সাৰ্বভৌম মুছলমান ৰাষ্ট্ৰৰ বাবে লিগৰ আপোচবিহীন দাবীক ঢাপে ঢাপে স্বীকাৰ কৰি অহাৰ প্ৰক্ৰিয়াৰেই চূড়ান্ত পৰিণাম। মুছলমানপ্ৰধান প্ৰদেশসমূহৰ স্বায়ত্ত শাসন ১৯৪২ চনৰ ক্ৰিপছ মিছনৰ সময়তেই মানি লোৱা হৈছিল। ১৯৪৪ চনত জিন্নাৰ সৈতে আলোচনাৰ সময়ত গান্ধীজীয়ে আৰু এঢাপ আগুৱাই গৈ মুছলমানপ্ৰধান প্ৰদেশসমূহৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ মানি লৈছিল। ১৯৪৬ চনৰ জুন মাহত কংগ্ৰেছে মুছলমানপ্ৰধান প্ৰদেশসমূহত (কেবিনেট মিছন পৰিকল্পনা অনুসৰি দ্বিতীয় আৰু তৃতীয় গোষ্ঠীভুক্ত) স্বতন্ত্ৰ সংবিধান পৰিষদ গঠনৰ সম্ভাৱনা মানি লৈছিল, কিন্তু বাধ্যতামূলক গ্ৰুপিঙৰ বিৰোধিতা কৰিছিল আৰু উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশ আৰু অসমৰ ইচ্ছা নাথাকিলে সংশ্লিষ্ট গোষ্ঠীত যোগ নিদিয়াৰ অধিকাৰ সমৰ্থন কৰিছিল। কিন্তু সেই বছৰৰে শেষৰ পিনে নেহৰুৱে কৈছিল যে গোষ্ঠীভুক্ত হোৱাটো বাধ্যতামূলক নে ঐচ্ছিক সেই সম্পৰ্কে ফেডাৰেল ক’ৰ্টৰ ৰায় তেওঁ মানি ল’ব। গোষ্ঠীভুক্ত হোৱাটো বাধ্যতামূলক বুলি ১৯৪৬ চনৰ ডিচেম্বৰত ব্ৰিটিছ মন্ত্ৰীসভাই দিয়া স্পষ্টীকৰণ কংগ্ৰেছে বিনা আপত্তিৰে মানি লৈছিল। কংগ্ৰেছে অফিচিয়েলি দেশ বিভাজনৰ উল্লেখ কৰিছিল ১৯৪৭ চনৰ মাৰ্চ মাহৰ আগভাগত – কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে এটা প্ৰস্তাৱ পাছ কৰি কৈছিল যে যদি দেশ বিভাজন হয় তেন্তে পাঞ্জাবক (আৰু ইংগিতসূচকভাৱে বংগক) বিভাজিত কৰিব লাগিব। কংগ্ৰেছে শেষবাৰ লিগৰ দাবীৰ ওচৰত আত্মসমৰ্পণ কৰিলে ১৯৪৭ চনৰ জুনত – ৩ জুনৰ পৰিকল্পনা অনুযায়ী দেশ বিভাজন মানি লৈ।

নেতাসকলৰ সাহসিকতাপূৰ্ণ কথা-বাৰ্তাৰ সৈতে কংগ্ৰেছৰ মৰ্মান্তিক পশ্চাদপসৰণৰ সম্পূৰ্ণ বৈপৰীত্য প্ৰকট হৈ উঠিল। সংবিধান পৰিষদৰ সাৰ্বভৌমত্বৰ কথা সজোৰে উত্থাপন কৰিলেও কংগ্ৰেছে চুপে-চাপে বাধ্যতামূলক গ্ৰুপিং মানি লৈ উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশ পাকিস্তানৰ হাতত এৰি দিছিল। একেদৰে কংগ্ৰেছ নেতাসকলে শেষপৰ্যন্ত দেশ বিভাজন মানি লৈছিল প্ৰধানতঃ সাম্প্ৰদায়িক দাংগা বন্ধ কৰাত তেওঁলোকৰ অসমৰ্থতাৰ পৰিণতিস্বৰূপে, কিন্তু মুখেৰে তেওঁলোকে অহৰহ দাবী কৰিছিল যে হিংসাৰ ব্লেকমেইলৰ ওচৰত তেওঁলোকে কোনোপধ্যেই আত্মসমৰ্পণ নকৰে। ১৯৪৬ চনৰ ২২ আগষ্টত নেহৰুৱে ৱাভেললৈ লিখিছিল : ‘আমি হত্যা-হিংসা কেতিয়াও মানি নলওঁ বা তাক দেশৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰিবলৈ কোনোমতে এৰি নিদিওঁ।’

ক’বলৈ গ’লে, কংগ্ৰেছ নেতাসকলে এই বাস্তৱ সত্যক মানি ল’বলৈ অস্বীকাৰ কৰিছিল যে তেওঁলোকৰ অতীতৰ ব্যৰ্থতাৰ পৰিণামক তেওঁলোকৰ বৰ্তমান কথা বা কামেৰে সলনি কৰা সম্ভৱ নহয়। তদুপৰি সেই সময়ত ইয়াক লৈ অবাক হ’বলৈও একো নাছিল, কিয়নো ইমান দ্ৰুত গতিৰে এনেকুৱা এটা মৰ্মান্তিক ট্ৰেজেডি ঘটি যাব বুলি কোনেও কল্পনা কৰা নাছিল, বা সেই প্ৰক্ৰিয়াটোৰ যে একো সালসলনি এতিয়া ঘটাব পৰা নাযায় সেইটো মানি ল’বলৈও তেওঁলোক প্ৰস্তুত নাছিল। প্ৰকৃতপক্ষে, নতুন সীমান্তৰ উভয় দিশৰ লক্ষ লক্ষ মানুহে দেশ বিভাজনৰ ঘোষণাৰ পাছতো বহু দিন ধৰি ইয়াক চূড়ান্ত বুলি মানি ল’ব খোজা নাছিল, আৰু জন-বিনিময় যে ইমান উত্তেজনাপূৰ্ণ আৰু শেষ মুহূৰ্তৰ ব্যাপাৰ হৈ উঠিছিল তাৰ এটা প্ৰধান কাৰণো এইটো। ইচ্ছাপূৰণমূলক চিন্তা, যিটো আশা কৰি ভাল লাগে তাকে খামুচি ধৰি থকা আৰু সাম্প্ৰদায়িক মনোভাবৰ গতিশীলতা বুজি পোৱাত কিছু পৰিমাণে ব্যৰ্থতা – এইসমূহেই আছিল কংগ্ৰেছৰ, বিশেষকৈ নেহৰুৰ ভূমিকাৰ বৈশিষ্ট্য। বিচ্ছিন্ন হোৱাৰ অধিকাৰ কংগ্ৰেছে মানি লৈছিল, তাৰ কাৰণ আছিল, তেওঁলোকে ভাবিছিল যে ‘মুছলমানসকলে সেই অধিকাৰ প্ৰয়োগ নকৰিব, বৰং তাক নিজৰ সংশয় দূৰ কৰাৰ কামতহে লগাব।’ কিন্তু তেওঁলোকে এইটো বুজি পোৱা নাছিল যে ১৯৪০ দশকৰ মাজভাগত যি সাম্প্ৰদায়িকতাই দেখা দিছিল সি আৰু ১৯২০ৰ দশকৰ, আনকি ১৯৩০ৰ দশকৰ সাম্প্ৰদায়িকতাও নাছিল। এইবাৰ এক অদম্য নেতাৰ নেতৃত্বত এক জেদী ‘মুছলমান জাতি’য়ে যেন তেন প্ৰকাৰেণ স্বতন্ত্ৰ ৰাষ্ট্ৰ গঠন কৰিব বুলি দৃঢ়পণ হৈ অক্লান্তভাৱে সংখ্যালঘুসকলৰ মনত ভীতি ৰোপণ কৰিছিল। ফলস্বৰূপে, সাম্প্ৰদায়িকতাবাদীসকলৰ ভৰিৰ তলৰ মাটি আঁতৰাই দিয়াৰ সলনি কংগ্ৰেছৰ প্ৰতিটো কনচেছনেই তেওঁলোকৰ খোপনি অধিক সুদৃঢ়হে কৰি তুলিছিল, কিয়নো এই সাফল্যৰ লগে লগে ক্ৰমাৎ অধিকসংখ্যক মুছলমান তেওঁলোকৰ পিনে ধাৱিত হৈছিল। কংগ্ৰেছে আত্মসমৰ্পণ কৰা দেখি জিন্নায়ো তেওঁৰ দাবীৰ মাত্ৰা বৃদ্ধি কৰি নিছিল। হিন্দু সাম্প্ৰদায়িকতাবাদেও হিন্দু স্বাৰ্থৰ প্ৰকৃত ৰক্ষক হিচাপে নিজকে জাহিৰ কৰাৰ সুযোগ ওলাল। হিন্দু সাম্প্ৰদায়িকতাবাদীসকলে অভিযোগ কৰিলে যে ঐক্যৰ বেদীত কংগ্ৰেছে হিন্দু স্বাৰ্থক বিসৰ্জন দিছে।

কংগ্ৰেছে পোষণ কৰা আন এটা অবাস্তৱ আশা আছিল – ব্ৰিটিছসকল গুচি গ’লে বিৰোধৰ নিৰসন ঘটিব আৰু হিন্দু আৰু মুছলমান উভয়ে মিলি স্বাধীন ভাৰত গঢ়ি তুলিব। এই বিশ্বাসটোৰ আঁৰত সেই সময়ত সাম্প্ৰদায়িকতাৰ স্বায়ত্ততাক অস্বীকাৰ কৰাৰ প্ৰৱণতা লুকাই আছে – সাম্প্ৰদায়িকতাক এতিয়া আৰু কেৱল ব্ৰিটিছেই উৎসাহ যোগোৱা নাছিল; প্ৰকৃতপক্ষে সাম্প্ৰদায়িকতাই ব্ৰিটিছৰ সেই ঢোকা দলিয়াই দি স্বাধীনভাৱে দৃঢ়তাৰে থিয় দিছিল, আনকি সি ব্ৰিটিছৰো বিৰোধিতা কৰিছিল। তথাপি বহুতে ইচ্ছাপূৰণমূলকভাৱে আশা কৰিছিল যে দেশ বিভাজন এটা সাময়িক ব্যাপাৰ – হিন্দু আৰু মুছলমানসকলৰ বৰ্তমান মানসিকতাৰ বাবে সি অৱশ্যম্ভাৱী হৈ পৰিছে, কিন্তু সাম্প্ৰদায়িক উন্মাদনাৰ অৱসান ঘটি সুস্থ অৱস্থা ঘূৰি আহিলে এই সিদ্ধান্ত সলনি কৰিব পৰা যাব। গান্ধীজীয়ে প্ৰায়েই মানুহক কৈছিল যে মানুহে যদি অন্তৰেৰে দেশ বিভাজন মানি নলয় তেন্তে পাকিস্তান বেছি দিন টিকি থাকিব নোৱাৰে। নেহৰুৱে কাৰিয়াপ্পালৈ লিখিছিল : ‘কিন্তু এইটো মোৰ দৃঢ় বিশ্বাস যে শেষপৰ্যন্ত এখন ঐক্যবদ্ধ আৰু শক্তিশালী ভাৰত গঢ়ি উঠিব। সূৰ্যালোকিত পৰ্বত শিখৰত উপনীত হ’বলৈতো আমি প্ৰায়েই ছায়াঘন উপত্যকাৰ মাজেৰে পাৰ হৈ যাবলগা হয়।’

বাস্তৱত যি ঘটিছিল তাৰ পৰিপ্ৰেক্ষিতত দেশ বিভাজন যে শান্তিপূৰ্ণ হ’ব সেই বিশ্বাসটোৱেই আছিল আটাইতকৈ অবাস্তৱ। কোনো দাংগা হ’ব পাৰে বুলি ভবাই হোৱা নাছিল, জনসাধাৰণক স্থানান্তৰিত কৰাৰো কোনো পৰিকল্পনা নাছিল। ধৰি লোৱা হৈছিল যে পাকিস্তানৰ দাবী যিহেতু মানিয়েই লোৱা হৈছে গতিকে আৰু যুঁজ-বাগৰ হ’বলৈনো কিটো আছে? ১৯৪৬ চনৰ আগষ্ট মাহৰপৰা ভাৰতৰ বিভিন্ন অঞ্চলত দাংগা হোৱা সত্ত্বেও মানুহৰ শুভবুদ্ধিৰ ওপৰত নেহৰুৰ আস্থা অটুট ৰৈছিল ঠিক আগৰ দৰেই। আশা কৰা হৈছিল যে ভাল শল্য চিকিৎসাৰে এই পাগলামি দূৰ কৰিব পৰা যাব, কিন্তু শৰীৰ ইমান ৰোগাক্ৰান্ত হৈছিল যে যন্ত্ৰপাতিও তাৰদ্বাৰা সংক্ৰমিত হৈছিল যাৰ ফলস্বৰূপে শল্য চিকিৎসা হৈ পৰিছিল শোচনীয়ভাৱে বিফল। দেশ বিভাজনৰ আগৰ সময়ৰ তুলনাত অধিক ভয়ংকৰ ঘটনা ঘটিবলৈ ধৰিছিল বিভাজনৰ পাছত।

গান্ধীজীৰ প্ৰসংগটো কেনেধৰণৰ? গান্ধীজীৰ অসন্তোষ আৰু অসহায়তাৰ কথা প্ৰায়েই আলোচিত হৈ থাকে। তেওঁৰ নিষ্ক্ৰিয়তাৰ ব্যাখ্যা দাঙি ধৰা হয় এইবুলি যে কংগ্ৰেছৰ সিদ্ধান্ত গ্ৰহণকাৰী পৰিষদৰপৰা তেওঁ জোৰ কৰি আঁতৰি আহিছিল, আৰু নেহৰু আৰু পেটেলৰ দৰে তেওঁৰ শিষ্যসকলে ক্ষমতাৰ লালসাৰ ওচৰত নতি স্বীকাৰ কৰা সত্ত্বেও তেওঁ নিন্দা কৰা নাছিল কিয়নো তেওঁলোকে বিপুল ব্যক্তিগত আত্মত্যাগ কৰিও বহু বছৰ ধৰি তেওঁৰ পদাংক অনুসৰণ কৰি আহিছিল।

আমাৰ বোধেৰে, জিন্নাৰ আপোচহীন মনোভাব বা নিজৰ শিষ্যসকলৰ উল্লিখিত ক্ষমতাৰ লালসাৰ বাবে নহয়, বৰং দেশৰ জনসাধাৰণৰ সাম্প্ৰদায়িক হৈ উঠাটোহে গান্ধীজীৰ অসহায়তাৰ মূল কাৰণ। ১৯৪৭ চনৰ ৪ জুনৰ প্ৰাৰ্থনা সভাত তেওঁ ব্যাখ্যা দিছিল যে দেশৰ জনসাধাৰণে বিচাৰিছে বাবেই কংগ্ৰেছে দেশ বিভাজন মানি লৈছে : ‘দাবীটো মানি লোৱা হৈছে কাৰণ আপোনালোকে সেইটো বিচাৰিছে। কংগ্ৰেছে এইটো কেতিয়াও বিচৰা নাছিল। . . . কিন্তু কংগ্ৰেছে জনসাধাৰণৰ মনৰ ভাব বুজি পায়। ই উপলব্ধি কৰিছিল যে খালছা আৰু হিন্দু উভয়েই এইটো কামনা কৰে।’ হিন্দু আৰু শিখসকলৰ দেশ বিভাজনৰ প্ৰতি ইচ্ছাই তেওঁক অক্ষম, অন্ধ আৰু শক্তিহীন কৰি তুলিছিল। মুছলমানসকলে ইতিমধ্যেই তেওঁক শত্ৰু হিচাপে গণ্য কৰিছিল। জননেতাৰ সৈতে যেতিয়া জনসাধাৰণ নাথাকে তেতিয়া তেওঁৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাব কোনে? সাম্প্ৰদায়িক মনোভাবাপন্ন জনসাধাৰণৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ সাম্প্ৰদায়িকতা-বিৰোধী আন্দোলন চলাব কেনেকৈ? ১৯৪২ চনত ঘটাৰ দৰে, সংগ্ৰামৰ বাবে যেতিয়া সঠিক মুহূৰ্ত উপস্থিত হয় তেনে সময়ত তেওঁ নেতাসকলৰ পৰামৰ্শ মানি ল’বলৈ অমান্তি হ’ব পাৰে। কিন্তু তেওঁ ‘পৰিস্থিতি সৃষ্টি’ কৰিব নোৱাৰে। এন. কে. বসুৱে যেতিয়া পৰিস্থিতি সৃষ্টি কৰাৰ কথা কৈছিল তেতিয়া তেওঁ বিনীতভাৱে এই কথা স্বীকাৰ কৰিছিল। তেওঁৰ নিজৰ ভাষাতে, ‘কিহে জনসাধাৰণৰ হৃদয়ক আলোড়িত কৰিছে তাক অনুধাৱন কৰা’ আৰু ‘যিটো ইতিমধ্যেই আছে তাক সাকাৰ ৰূপ প্ৰদান কৰা’ৰ বিশেষ ক্ষমতা তেওঁৰ আছে। ১৯৪৭ চনত এনেকুৱা কোনো ‘শুভ শক্তি’ নাছিল যাৰ ওপৰত ‘ভৰসা কৰি’ গান্ধীজীয়ে এটা ‘কৰ্মসূচী তৈয়াৰ’ কৰিব পাৰিলেহেঁতেন – ‘এনেকুৱা কোনো শুভ মানসিকতাৰ চিন আজি আমি দেখিবলৈ পোৱা নাই। আৰু সেইবাবেই, উপযুক্ত সময় আহি নোপোৱা পৰ্যন্ত আমি অপেক্ষা কৰিব লাগিব।’ কিন্তু এজন ‘অন্ধ মানুহে . . . একাকী অন্ধকাৰৰ মাজত অকলে’ পোহৰ বিচাৰি নোপোৱা পৰ্যন্ত ৰাজনৈতিক ঘটনা-বিকাশ একে ঠাইতে ৰৈ নাথাকে। তেওঁৰ সন্মুখত আহি পৰিল মাউণ্টবেটেন পৰিকল্পনা। দেশখনৰ মুখত দাংগা-হাংগামাসমূহে যি কুৎসিৎ ক্ষত বহুৱাইছিল আৰু অন্তৰ্ৱৰ্তী চৰকাৰখন যি মৰণ-সংকোচত পৰিছিল সেয়া দেখি গান্ধীজীয়ে বুজি উঠিছিল যে দেশ বিভাজন অৱশ্যম্ভাৱী। তেওঁ সাহসেৰে ১৯৪৭ চনৰ ১৪ জুনৰ এ আই চি চিৰ সভাত উপস্থিত হৈ কংগ্ৰেছীসকলক কৈছিল যে বৰ্তমান পৰিস্থিতিত অনিবাৰ্য পৰিণতি হিচাপে দেশ বিভাজনক মানি ল’বই লাগিব, কিন্তু অন্তৰেৰে তাক গ্ৰহণ নকৰি শেষপৰ্যন্ত তাৰ বিৰুদ্ধে তেওঁলোকে যুঁজ দি যোৱা উচিত। তেওঁ মনে-প্ৰাণে দেশ বিভাজন মানি লোৱা নাছিল, আৰু ঠিক নেহৰুৰ দৰেই জনসাধাৰণৰ ওপৰত তেওঁৰ আস্থা আছিল। তেওঁ এক নিঃসংগ পথ বাছি লৈছিল আগ বাঢ়িবৰ বাবে – খালি ভৰিৰে ভ্ৰমণ কৰিছিল নোৱাখালিৰ গাঁও-ভূঁই, নিজে উপস্থিত থাকি আস্থা যোগাইছিল বিহাৰৰ মুছলমানসকলক, বুজাই-বঢ়াই আৰু অনশনৰ ভাবুকি দি দাংগা বন্ধ কৰিছিল কলিকতাত। ‘একলা চলো’ আছিল তেওঁৰ প্ৰিয় গান–‘যদি তোর ডাক শুনে কেউ না আসে একলা চলো রে’। তেৱোঁ ঠিক তাকেই কৰিছিল।

১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা ৰাতি পুৱাইছিল স্বাধীনতা আৰু দেশ বিভাজনৰ দ্বৈত বাস্তৱতা লৈ। সদায় ঘটাৰ দৰেই, গান্ধীজী আৰু নেহৰুৱে দুইধৰণে ভাৰতীয় জনসাধাৰণৰ মনোভাবক প্ৰতিবিম্বিত কৰিছিল। চলি থকা নৃশংস হত্যালীলা অৱসানৰ বাবে কলিকতাত প্ৰাৰ্থনা কৰিছিল গান্ধীজীয়ে। তেওঁৰ ঘনিষ্ঠ অনুগামী মৃদুলা সাৰাভায়ে বোম্বাইৰ কোনো এক স্থানত এটা ঘৰত বহি সান্ত্বনা দিছিল এজনী পোন্ধৰবছৰীয়া গৃহহীন, অপহৃত কিশোৰীক। গান্ধীজীৰ প্ৰাৰ্থনাই প্ৰতিবিম্বিত কৰিছিল অন্ধকাৰৰ নিন্দনীয় ঘটনাৰাজিক – হত্যালীলা, অপহৰণ আৰু বলাৎকাৰ। নেহৰুৰ দৃষ্টি আছিল দিগন্তত দেখা দিয়া আলোক-ৰেখাৰ ওপৰত, নতুন ঊষাৰ, স্বাধীন ভাৰতৰ জন্মৰ পিনে। ‘মাজনিশা সমগ্ৰ পৃথিৱী যেতিয়া নিদ্ৰামগ্ন তেতিয়া আলোক আৰু স্বাধীনতাৰ জোঁৰ হাতত লৈ জাগ্ৰত হৈ থাকিব ভাৰতবৰ্ষ।’ ‘বহু বছৰ পূৰ্বেই আমি ভাগ্যৰ সৈতে এক চুক্তি কৰিছিলো’ – তেওঁৰ এই কাব্যিক প্ৰকাশে মানুহক বুজাই দিছিল যে আজিৰ যন্ত্ৰণাময় বিভ্ৰান্তিখিনিয়েই একমাত্ৰ সত্য নহয়। তাত আছে এক মহত্তৰ সত্য – গৌৰৱময় সংগ্ৰাম, কঠিন যুদ্ধৰ মাজেদি বহু কষ্টেৰে জয় কৰা এক সংগ্ৰাম, ভাৰতবৰ্ষ এদিন স্বাধীন হ’ব সেই স্বপ্ন বুকুত বান্ধি যি সংগ্ৰামত ছহিদি বৰণ কৰিছিল, আত্মত্যাগ কৰিছিল অগণন মানুহে। সেই দিনটো এতিয়া আহি পালে। ভাৰতবৰ্ষৰ মানুহে সেইটোও দেখিছে, আৰু ১৫ আগষ্টৰ দিনা – দেশ বিভাজনৰ হৃদয় দহি নিয়া বেদনা সত্ত্বেও, অসীম আনন্দত মানুহে নাচি উঠিছে ৰাস্তাই-ঘাটে।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে