চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / ভোগবাদী সমাজ আৰু গণশিল্পী ভূপেন হাজৰিকাৰ গীত ৷৷ খগেশ সেন ডেকা৷৷

ভোগবাদী সমাজ আৰু গণশিল্পী ভূপেন হাজৰিকাৰ গীত ৷৷ খগেশ সেন ডেকা৷৷

ভোগবাদত আচ্ছন্ন সাম্প্ৰতিক অসমীয়া জন-মানসক এতিয়াৰ সংগীতৰ জগতখনে যেন ৰোগাক্ৰান্ত কৰি তুলিছে৷ পূৰ্বৰ মেলডিযুক্ত গীতৰ সলনি এতিয়া মাত্ৰ শুনা যায় বাদ্যযন্ত্ৰৰ অহেতুক কোলাহল ৷ এতিয়াৰ প্ৰায়ভাগ গীতৰ কথাবস্তু তথা শব্দ-চয়ন তেনেই নিশকতীয়া৷ গায়ক-গায়িকাসকলৰো সমাজৰ প্ৰতি কোনো দায়বদ্ধতা অনুভূত নহয়৷ সমাজ জীৱনলৈ অহা পৰিৱৰ্তন দুই ধৰণৰ : এবিধ কল্যাণকৰ আৰু আনবিধ ধ্বংসকামী ৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া সংগীতক আধুনিকতাৰ বাটত থিয় কৰাইছিল৷ ভূপেন হাজৰিকাকে ধৰি কেইবাগৰাকী গীতিকাৰে সেই ধাৰাটোক উজ্জীৱিত কৰি তোলাত বিশেষ অৰিহণা দি থৈ গৈছে ৷ সেই পৰিৱৰ্তন আছিল কল্যাণকামী ৷ সি সমাজত এক সুস্থ বাতাৱৰণ সৃষ্টি কৰাত সহায় কৰিছিল ৷ ইয়াৰ বিপৰীতে অতি সাম্প্ৰতিক কালৰ সংগীত যেন ক্ৰমান্বয়ে অধোমুখে গতি কৰিছে৷ অসমীয়া সমাজৰ মগংলাৰ্থে সংগতীৰ জগতখনক ভোগৰ বিপৰীতে জনমুখী কৰি তোলাটো এতিয়াৰ সময়ৰ দাবী ৷
.
অসমীয়া গীতি সাহিত্যত এক বদ্ধমূল ধাৰণা আছিল যে, গীত হ’বলৈ তাৰ শব্দ-চয়ন কোমল আৰু মধুৰ হোৱা আৱশ্যক৷ তেতিয়া গীতৰ কথাত সুৰ আৰোপন সহজ হয় আৰু শ্ৰুতিমধুৰ হয় ৷ আধুনিক অসমীয়া গীতি সাহিত্যত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাই কিছু পৰিমাণে সেই শৃংখল ছিঙি যুক্তাক্ষৰ যুক্ত কঠিন শব্দেৰে গীত ৰচি সিবোৰক উপযুক্ত সুৰেৰে বান্ধিছিল৷ জ্যোতি-বিষ্ণুৰ যথাক্ৰমে ‘বিশ্ব বিজয়ী ন জোৱান’, ‘বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে’ আদি গীত তাৰ প্ৰকৃষ্ট উদাহৰণ৷ তৎ পৰৱৰ্তী পাৰ্ৱতীপ্ৰসাদ বৰুৱা, কমলানন্দ ভট্টাচাৰ্য্য, আনন্দিৰাম দাস, ৰুদ্ৰ বৰুৱা, মুক্তিনাথ শৰ্মা বৰদলৈ, উমেশ চন্দ্ৰ চৌধাৰী, নিৰ্মলপ্ৰভা বৰদলৈ, তফজ্জুল আলি, নৱকান্ত বৰুৱা আদিৰ গীতত শব্দৰ কাঠিন্য খুব কমেইহে লক্ষ্য কৰা যায়৷ ভূপেন হাজৰিকা আছিল এই ক্ষেত্ৰত সম্পূৰ্ণ ব্যতিক্ৰম ৷ তেওঁ শব্দৰ সেই শৃংখল ভাঙি-ছিঙি-মোহাৰি, তাক নিজৰ আয়ত্তলৈ আনি গীতত প্ৰয়োগ কৰিছে ৷ এক কথাত ক’বলৈ গ’লে গীতিকাৰ-সুৰকাৰ হিচাপে ভূপেন হাজৰিকা শব্দৰ দ্বাৰা শাসিত নাছিল, বৰং তেওঁহে আছিল শব্দৰ শাসক বা নিয়ন্ত্ৰক৷ ভাব অনুযায়ী শব্দ-প্ৰয়োগত তেওঁ আছিল সিদ্ধহস্ত৷ গীতি সাহিত্যত শব্দ-প্ৰয়োগৰ প্ৰচলিত বিধিলৈ আওকাণ কৰি য’ত যি শব্দ দিলে ভাবৰ মুক্ত প্ৰকাশ সম্ভৱ হয়, তেনে শব্দ তেওঁ নিৰ্বাচন কৰি লৈছিল ৷ কেতিয়াবা সেই শব্দ আছিল অতিশয় কঠিন, সাধাৰণ অৰ্থত দাঁত ভঙা ৷ সেয়ে হ’লেও, সিবোৰক উপযুক্ত সুৰৰ বান্ধোনেৰে তেওঁ এনে ৰূপ দিছিল যে সি ওজঃগুণসম্পন্ন হোৱাৰ উপৰি গুণগুণাবলৈ সকলো স্তৰৰ মানুহৰ বাবে সহজসাধ্য হৈ উঠিছিল ৷

ওপৰত উল্লেখ কৰা কঠিন শব্দৰ বিপৰীতে ভূপেন হাজৰিকাৰ এনে বহু গীত আছে যিবোৰৰ শব্দ-চয়ন তেনেই সহজ; য’ত এটাও জটিল বা যুক্তাক্ষৰ যুক্ত কঠিন শব্দৰ প্ৰয়োগ পাবলৈ নাই ৷ ‘মিঠা মিঠা ব’হাগৰ’ তেনে এটি উল্লেখযোগ্য গীত ৷ পাঠকৰ অৱগতিৰ অৰ্থে গীতটোৰ পূৰ্ণপাঠ তলত উল্লেখ কৰা হ’ল :

“মিঠা মিঠা ব’হাগৰ
গীত এটিকে ৰচোঁ বুলি ভাবিলোঁ
তেনেতে চুচুক চামাককৈ কাষ চাপিলা
মই যেন ভাষা পালোঁ ৷
লুইততে তিওৱা আমাৰে দেহা
মাহ আৰু হালধিৰ সুবাস ঘঁহা
নিচেই কাষতে পোৱাৰ পিছত
সুৰ যেন হাততে পালোঁ ৷

মোৰ ব’হাগ যেন এটি সৰু বিহুগীত
ক’ৰবাত হেৰাই যোৱা
আজি যেন হঠাতে পোৱা
এক জাক গাভৰুৱে হঠাতে হঁহা
এক জাক বগলী বলিয়া হোৱা
বিহুৱা আৱেশে আজি মোক জোকোৱাত
মই যেন ধুমুহা হ’লোঁ ৷”

নক’লেও চলে, এই গীতটোত প্ৰয়োগ হোৱা ৬৬ টা শব্দৰ মাজত এটাও কঠিন শব্দ নাই ৷ শ্ৰুতিমধুৰ কোমল কোমল শব্দৰ প্ৰয়োগৰে গীতটো ৰচনা কৰা হৈছে আৰু তাৰ উপযোগীকৈ এটি মিঠা সুৰ আৰোপ কৰা হৈছে ৷ তৎকালীনভাৱে যে গীতটো যথেষ্ট জনপ্ৰিয় হৈছিল তাৰ উল্লেখ বাহুল্য মাথোন৷ ভূপেন হাজৰিকা ৰচিত, সুৰাৰোপিত আৰু তেওঁ অননুকৰণীয় গায়ন শৈলীৰে দেহ-মন চুই যোৱাকৈ কণ্ঠ নিগৰোৱা এইটোৰ লেখীয়া অলেখ গীত আছে যিবোৰত তেওঁ কোমল কোমল তদ্ভৱ শব্দৰ সাৰ্থক ব্যৱহাৰ কৰিছে ৷

তেওঁ আছিল গণশিল্পী ৷ মানৱতা আছিল তেওঁৰ সমস্ত সংগীত কলাৰ মূল বিষয় (Theme)৷ ‘অ’ মোৰ প্ৰিয় জনগণ’ গীতটিত তেওঁ নিজেই সেই কথা উল্লেখ কৰি থৈ গৈছে :
“মানৱতা মোৰ প্ৰিয় বিষয়
ভাবিলেও সুখ আনন্দ হয়
যেন ওৰেটো জীৱন
গাই মানুহৰ গান
মানুহক দিওঁ সন্মান ৷”

তেওঁৰ ‘মানুহে মানুহৰ বাবে’ গীতটো বিশ্বজুৰি সমাদৃত হোৱাৰ কথা উল্লেখ নকৰিলেও হ’ব নিশ্চয়, য’ত আছে মানৱতাৰ জয়গান ৷ গংগাৰ পৰা মিছিছিপি হৈ ভল্গালৈ, অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছলৈ, অৰ্থাৎ সমগ্ৰ পৃথিৱী জুৰি পৰিব্যাপ্ত আছিল তেওঁৰ যাযাবৰী শৈল্পিক পৰিক্ৰমা ৷ ইলোৰাৰ ৰং নি সুদূৰ চিকাগো চহৰত বিলোৱাৰ হেঁপাহো তেওঁ অন্তৰত পুহি ৰাখিছিল ৷ ভাৰত চৰকাৰে তেওঁক ‘ভাৰত ৰত্ন’ উপাধি দিবলৈ সংকোচ কৰিলেও বিশ্বৰ মানৱ সমাজে কিন্তু তেওঁক, তেওঁৰ সংগীত শিল্পক যথোপযুক্ত আদৰ-সন্মান দিছে ৷ তাত কোনো জবৰদস্তি নাই, সেয়া স্বতঃস্ফূৰ্ত ৷ আমেৰিকাৰ জনৈক ভদ্ৰলোকে হেনো প্ৰতিদিনে তেওঁৰ গাড়ীৰ মিউজিক চিষ্টেমত এটা গীত মূৰ দুপিয়াই দুপিয়াই শুনি থাকে ৷ পাছত গম পোৱা গ’ল সেইটো ভূপেন হাজৰিকাই গোৱা এটা বাংলা গীত ৷ ভদ্ৰলোকে প্ৰথমে গীতটোৰ সুৰৰ মায়াজালত মোহিত হৈ পাছলৈ কোনোবা বাংলাভাষী বন্ধুৰ হতুৱাই গীতটো ইংৰাজীলৈ তৰ্জমা কৰাই লৈছিল ৷ গীতটোৱে হেনো সেই চাহাবজনাৰ সকলো ধৰণৰ চাঁপ লাঘৱ কৰে ৷ মূল অসমীয়া গীতটো গাইছিল দৰদী গায়ক জয়ন্ত হাজৰিকাই ৷ ৰচনা ভূপেন হাজৰিকাৰ ৷ বাংলা অনুবাদ শিবদাস বন্দ্যোপাধ্যায়ৰ৷ অসমীয়া গীতটোৰ প্ৰথম কলিটো আছিল এনে ধৰণৰ :

“আজি জীৱন বুটলিবি হাঁহি হাঁহি আহ
আজি মৰণ পাহৰিবি হাঁহি হাঁহি আহ
হাঁহিটি লৈ আহ আৰু বাঁহীটি লৈ আহ
আজি যুগৰ নতুন দিগন্তলৈ ওলাই ওলাই আহ ৷”

ইয়াৰ বাংলা অনুবাদ হ’ল—
“আজ জীৱন খুজে পাবি চুটে চুটে আয়
আজ মৰণ ভুলে গিয়ে চুটে চুটে আয়
হাসি নিয়ে আয় আৰ বাশী নিয়ে আয়
আজ যুগেৰ নুতন দিগন্তে সব চুটে চুটে আয় ৷”

ঘটনাটোৱে ভূপেন হাজৰিকাৰ সংগীতৰ মাহাত্ম্য আৰু বিশ্বজোৰা জনপ্ৰিয়তাকে সূচায় নিশ্চয় ৷

ভাৰতীয় গণনাট্য সংঘৰ সৈতে জড়িত হোৱাৰ সময়তে লেখা আৰু গুৰু-গম্ভীৰ কণ্ঠেৰে গোৱা একালৰ অতি জনপ্ৰিয় গীত ‘দোলা হে দোলা’ আজিও সমানেই আদৰণীয়, সমানেই হৃদয়গ্ৰাহী ৷ আমেৰিকাত কৃষ্ণাংগ প্ৰতিবাদকাৰীৰ মুখত দোলা ডলাৰলৈ ৰূপান্তৰিত হোৱাটো এক উল্লেখযোগ্য ঘটনা ৷ দোলাৰ ঠাইত ‘অ’ ডলাৰ’, ‘অ’ ডলাৰ’ বুলি গোৱা এই গীতটি আমেৰিকাত এসময়ত ৰাজপথত প্ৰতিবাদৰ গীত হিচাপে ব্যৱহাৰ হৈছিল৷ অভিব্যক্তি একেই, মাত্ৰ প্ৰকাশৰ মাধ্যম বা ভাষা ভিন্ন৷ কলম্বিয়া বিশ্ববিদ্যালয়ত মাছ কমিউনিকেশ্যনৰ ডক্টৰেট পৰ্যায়ৰ গৱেষণা কৰিবলৈ যাওঁতে তেওঁ ওচৰা-উচৰিকৈ থকা গণশিল্পী প’ল ৰবছনৰ সান্নিধ্যলৈ আহিছিল ৷ এইজনা শিল্পীৰ সান্নিধ্যই তেওঁৰ গীতি সাহিত্যত যথেষ্ট প্ৰভাৱ পেলাইছিল ৷ ‘বিস্তীৰ্ণ পাৰৰে’ গীতটি সেই সময়ৰে ৰচনা ৷ এইটো গীতত তেওঁ ভালেমান কঠিন শব্দ প্ৰয়োগ কৰিছে ৷ কিন্তু সেইবোৰ গীতটোৰ সুৰত এনেদৰে আবদ্ধ যে গাই যাওঁতে উচ্চাৰণত সামান্য অসুবিধাও পোৱা নাযায়৷ উল্লেখনীয় যে বিদেশত অধ্যয়নৰ বাবে চৰকাৰে দিয়া জলপানিৰ ধনে নোজোৰাত তেওঁ হেনো লিফট্ মেনৰ কামো কৰিছিল ৷

একালৰ বৃহত্তৰ ৰূপহী অসমৰ সকলো জনগোষ্ঠীৰ সাংস্কৃতিক জীৱন আৰু মানুহক লৈ ভূপেন হাজৰিকাই অসংখ্য গীত ৰচনা কৰিছিল ৷ তেনে গীতত তেওঁ সংশ্লিষ্ট জনগোষ্ঠীবোৰৰ সাংস্কৃতিক জীৱন-পৰিক্ৰমাৰ বাস্তৱ চিত্ৰ অংকন কৰাৰ লগে লগে তেওঁলোকৰ মাজত প্ৰচলিত ভাষাৰ শব্দও নিয়াৰিকৈ ব্যৱহাৰ কৰিছে ৷ সেই শব্দবোৰৰ অৰ্থ সতকাই বুজা নগ’লেও, গীতবোৰৰ জনপ্ৰিয়তাত সি কোনো ধৰণৰ হেঙাৰ বন্ধা নাই ৷ উদাহৰণ স্বৰূপে ‘টিৰাপ সীমান্ত’ গীতটিত ব্যৱহৃত ৱাংচু, পাফমু, কাচান, ফানাত, চোৱান, লিছা, জেমচং, খকব আদি শব্দৰ কথা উল্লেখ কৰিব পাৰি ৷ তাৰ লগে লগে গীতটোত টিৰাপৰ জনগোষ্ঠীসমূহৰ জীৱন-ধাৰাৰ একোখনকৈ খণ্ডচিত্ৰও তেওঁ অংকন কৰি গৈছে ৷ উদাহৰণ স্বৰূপে একালৰ বৰ অসমৰ এক বিশেষ জনগোষ্ঠী নক্টেসকলৰ কথা ক’ব পাৰি ৷ এই জনগোষ্ঠীটোৱে অতীতত পাহাৰৰ বুকুত পুং খান্দি তাৰ পৰা অতি কষ্টেৰে খনিজ লোণৰ পানী সংগ্ৰহ কৰি, বাঁহৰ চুঙাত তপতাই, গোটা লোণৰ ৰূপ দি ভৈয়ামৰ বজাৰত বিনিময় প্ৰথাৰে নিজৰ লাগতিয়াল বস্তু সংগ্ৰহ কৰি লৈছিল ৷ সেই দিনত লোণ আছিল অতি মহঙা অথচ নিত্য ব্যৱহাৰ্য সামগ্ৰী ৷ নক্টেসকলৰ প্ৰায় সকলো মানুহ লোণ আহৰণ-প্ৰক্ৰিয়াত জড়িত আছিল ৷ কাৰণ ই আছিল তেওঁলোকৰ জীৱন-জীৱিকাৰ ঘাই অৱলম্বন৷ ভূপেন হাজৰিকাই উল্লিখিত গীতটোত তাৰ ইংগিত এনেদৰে দাঙি ধৰিছে—

“সৌৱা সুঠাম নক্টে ডেকাটি
গাত পিন্ধি জেমচং চোলাটি
মূৰত বেঁতৰে খকব শোভে
আৰু কঁকালত ৰঙীণ খাপৰি
সি লোণৰ পুঙতে ব্যস্ত ৷”
*** *** *** ***
“আহোম স্বৰ্গদেৱৰ দিনতে
লোণ বান্ধি নামিছিল নক্টে ৷” ইত্যাদি

তেনেদৰে ‘বোলো অ’ মিচিং ডেকাটি’ গীতৰ পেম্পাটি, মিবু গালোক, পেৰে ৰুবং, এগে, ৰিয়া, গোংগাং আদি শব্দৰ যথাৰ্থ প্ৰয়োগৰ জৰিয়তে তেওঁ অসমৰ মিচিং জনগোষ্ঠীৰ সাংস্কৃতিক পৰিচয় দাঙি ধৰাৰ প্ৰয়াস কৰিছে ৷ উল্লিখিত শব্দবোৰ নুবুজা যেন লাগিলেও, গীতৰ প্ৰসংগ আৰু অনুষংগই সিবোৰৰ অৰ্থবোধত সহায় কৰে ৷ এই গীতটিৰ মাজৰে তেওঁ অসমৰ স্কট, উপন্যাস সম্ৰাট ৰজনী কান্ত বৰদলৈৰ মিৰি জীয়ৰী উপন্যাসত বৰ্ণিত জংকী-পানেইৰ প্ৰেমৰ কাহিনীৰ অনুষংগৰ উল্লেখেৰ মিছিং সমাজ মূল অসমীয়া জাতিৰ সৈতে মিলি যাব বুলি আশা কৰিছে৷ ভূপেন হাজৰিকাৰ গীতত একালৰ বৃহত্তৰ অসমৰ প্ৰতিফলনৰ এইবোৰ উদাহৰণৰ মাজেৰে লক্ষ্য কৰিব পাৰি ৷ সেয়ে হ’লেও, অৰ্থাৎ দেখাত এইবোৰ বিষয় নিতান্তই আঞ্চলিক হ’লেও, তাৰ মাজেৰেই মানৱতাৰ আন্তৰ্জাতিক সুৰ স্পষ্ট হৈ জিলিকি আছে ৷ উত্তৰ-পূব ভাৰতৰ লোক সংগীতৰ অন্তঃশ্রাৱী সুৰ এটা প্ৰতিধ্বনিত হোৱাটো ভূপেন হাজৰিকাৰ প্ৰায়বোৰ গীতৰ এক উল্লেখযোগ্য বিশেষত্ব৷ এই ক্ষেত্ৰত তেওঁৰ গীতৰ শব্দ-চয়নে প্ৰত্যক্ষ ভূমিকা পালন কৰিছে ৷ উল্লেখনীয় যে তেওঁৰ গীতত বৰ অসমৰ নদ-নদী, পাহাৰ-পৰ্বত সকলোৱে প্ৰাণ পাই উঠিছে ৷ লুইত আছিল তেওঁৰ প্ৰিয় শব্দ, প্ৰিয় নৈ ৷ এই ‘লুইততে নাও মেলি’ তেওঁ ‘পদ্দাৰ ভাটিয়ালী’ ৰচিছিল ৷

অসমীয়াত এষাৰ কথা আছে— ‘যি মূলা বাঢ়ে তাৰ দুপাততে চিন’৷ ভূপেন হাজৰিকা তাৰ এক এক আদৰ্শ উদাহৰণ ৷ মাত্ৰ দহ বছৰ বয়সতে তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সান্নিধ্যত সংগীত জগতত ভৰি দিছিল, কলকাতা মহানগৰীলৈ গৈ গীতৰ ৰেকৰ্ডিং কৰিছিল ৷ জ্যোতিৰ ‘ইন্দ্ৰমালতী’ চলচিত্ৰত তেওঁ দুটাকৈ গীতো গাইছিল ৷ তেৰ বছৰ বয়সতে তেওঁ ‘অগ্নিযুগৰ ফিৰিঙতি মই’-ৰ দৰে দেশাত্মবোধক গীত ৰচিবলৈ সমৰ্থ হৈছিল ৷ তাৰ পৰা তেওঁ আৰু উভতি চাবলগীয়া হোৱা নাই ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপনাৰ বৃত্তি এৰি তেওঁ হৈছিল সংস্কৃতিৰ সাধক ৷ সামান্য অজুহাতত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তেওঁৰ তিনি দিনৰ দৰমহা কৰ্তন কৰা ঘটনাটো সকলোৰে অৱগত৷ তাতেই ক্ষুণ্ণ হৈ তেওঁ বিশ্ববিদ্যালয়ৰ অধ্যাপনা বৃত্তি ইস্তফা দি কলকাতা মহানগৰীলৈ ঢাপলি মেলে ৷ এই ঘটনাটোক ভূপেন হাজৰিকাৰ জীৱনৰ টাৰ্ণিং পইণ্ট আখ্যা দিয়া হয়৷ আচলতে ভূপেন হাজৰিকাক প্ৰকৃতিয়ে অধ্যাপকৰ পৰিৱৰ্তে এজন সংগীতৰ সাধক হোৱাটো বিচাৰিছিল৷ অৱশেষত সেয়ে হ’ল৷ নিজৰ ঘৰ এৰি কলকাতা মহানগৰীৰ তালিগঞ্জত বসবাস কৰিবলৈ লোৱাৰে পৰা লাহে লাহে তেওঁ সংগীত জগতৰ এক ভোটাতৰা হৈ উঠে ৷ বিশ্ববিদ্যালয়ৰ চাকৰি এৰি কলকাতালৈ গুচি নোযোৱা হ’লে হয়তো আজিৰ ভূপেন হাজৰিকাজন সৃষ্টি হ’লহেঁতেন নে নাই, সেয়া সন্দেহৰ বিষয় ৷ সি যি কি নহওক, প্ৰবাসী হ’লেও, মাতৃভূমিৰ প্ৰতি, গুৱাহাটীৰ নিজৰা পাৰত থকা ঘৰখনৰ প্ৰতি তেওঁৰ আছিল দুৰ্বাৰ আকৰ্ষণ ৷ নিজৰ মাটিৰ প্ৰতি তেওঁৰ সেই আকৰ্ষণ মৃত্যুৰ পৰলৈ অটুট আছিল ৷ শেষ বয়সত তেওঁ মুম্বাইত থাকিবলৈ লৈছিল আৰু তাতেই তেওঁৰ মহাপ্ৰয়াণ ঘটে৷

অসমীয়া বোলছবি জগতৰ সৈতেও ভূপেন হাজৰিকাৰ আত্মিক সম্পৰ্ক আছিল৷ এৰা বাটৰ সুৰ, প্ৰতিধ্বনি, শকুন্তলা, ৰাজা হৰিশ্চন্দ্ৰ, লটিঘটি, চিকমিক বিজুলী, পিয়লি ফুকন, মণিৰাম দেৱান আদি চিনেমাৰ কথা কোনো অসমীয়াই পাহৰিব নোৱাৰে৷”এৰাবাটৰ সুৰ”-ৰ ‘সাগৰ সংগমত কতনা সাঁতুৰিলোঁ’, “প্ৰতিধ্বনি”-ৰ ‘জোনাকৰে ৰাতি’, “মণিৰাম দেৱান”-ৰ ‘বকু হম হম কৰে’ আদি গীতৰ শব্দাৱলী আৰু সুৰ চিৰ যুগমীয়া হৈ ৰ’ব ৷ উল্লেখনীয় যে “চামেলি মেমচাব” শীৰ্ষক অসমীয়া কথাছবিৰ জৰিয়তে তেওঁ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা আজুৰি আনিবলৈ সমৰ্থ হৈছিল ৷ এইখন কথাছবিত তেওঁৰ দ্বাৰা ৰচিত আৰু সুৰাৰোপিত ‘অসম দেশৰ বাগিছাৰে’ আৰু ‘অ’ বিদেশী বন্ধু’-ৰ আবেদন কোনো সংগীত প্ৰেমীৰ পক্ষে পাহৰি যোৱা সম্ভৱ নহয় ৷ চলচিত্ৰ জগতলৈ তেওঁ দি যোৱা মহৎ অৱদানৰ স্বীকৃতি হিচাপে তেওঁক সেই কলাৰ শ্ৰেষ্ঠ সন্মান ‘দাদা চাহেব ফাল্কে’ বঁটাৰেও অলংকৃত কৰা হৈছিল ৷ ‘পদ্মশ্ৰী’ আদিৰ কথা নক’লোৱেই বা৷ অকল ফিল্ম ষ্টুডিঅ’ আৰু আৰ্ট গেলেৰী স্থাপনৰ বাবেই তেওঁ সংসদীয় ৰাজনীতিৰ পথাৰত ভৰি দি এম এল এ হৈছিল হেনো ৷ লেখাটোৰ প্ৰসংগ ভিন্ন হোৱা হেতুকে সেইবোৰ কথা ইমানতে এৰিলোঁ৷

আলোচনাটিৰ বাবে মই দুটা বিশেষ গীত নিৰ্বাচন কৰি লৈছিলোঁ ৷ কঠিন যুক্তাক্ষৰ মুক্ত তথা কোমল শব্দেৰে গঁথা গীতটো ইতিমধ্যে উল্লেখ কৰিলোঁ ৷ এতিয়া কঠিন শব্দেৰে ভৰা অথচ শুনিবলৈ অতি শুৱলা গীতটিলৈ আহোঁ ৷ এই বিশেষ গীতটি হ’ল তেওঁৰেই আন এক অমৰ সৃষ্টি ‘স্নেহে আমাৰ শত শ্ৰাৱণৰ’ ৷ সহজে বুজিবৰ বাবে গীতটিৰ কথাবস্তু তলত উল্লেখ কৰা হ’ল :

“স্নেহে আমাৰ শত শ্ৰাৱণৰ
ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনে
যৌৱন বাসনাৰ ৰিক্তোপকূল
পূৰ্ণ কৰে উন্মত্ত বানে ৷
নিৰ্জন স্তব্ধ তিমিৰৰ পাৰ ভাঙি
উচ্ছল জীৱনৰ জোঁৱাৰ আনে
অপৰূপ বাৰিষাৰ তৰংগৰাশিয়ে
নাচে নৱ সৃষ্টিৰ গানে ৷
বিদ্যুৎ ক্ষীপ্ৰ নয়নে তোমাৰ
মৌন ভাষাৰ উন্মাদনা সানে
নিশ্বাসে মোৰ আশাৰ আশ্বাসত
তৃপ্তিৰ পৰিধি নেমানে ৷
প্ৰীতি দিগবলয়ত গতিশীল গীত গাওঁ
বজ্ৰৰ গৰ্জনে হাৰ মানে
বৃষ্টিৰ তৃষ্ণাই মৌচুমী খেদি যায়
আমাৰ দৃষ্টিয়েও লক্ষ্য জানে ৷”

জীৱন-যৌৱনৰ ৰিক্ত উপকূল স্নেহ, মৰম, ভালপোৱাই পূৰ্ণ কৰে৷ সেই মৰম, ভালপোৱা অপৰূপ বাৰিষাৰ উন্মত্ত বানৰ দৰে, যিয়ে নতুন সৃষ্টিৰ সম্ভাৱনা মুকলি কৰে ৷ তাৰ সমুখত বজ্ৰৰ গৰ্জনেও হাৰ মানিবলৈ বাধ্য ৷ মুঠতে বাৰিষাৰ অনুষংগেৰে গীতটিত মূলতঃ প্ৰেমৰ জয়গান গোৱা হৈছে ৷

গীতটোত প্ৰতিটোতে চাৰিটাকৈ শাৰীৰ মুঠ চাৰিটা স্তৱক আছে ৷ শব্দ সংখ্যা মুঠ ৬৫ টা ৷ প্ৰথম স্তৱকত ১৫, দ্বিতীয়ত ১৭, তৃতীয়ত ১৫ আৰু চতুৰ্থ স্তৱকত ১৮ টাকৈ শব্দ আছে ৷ গোটেই গীতটোত তৎসম শব্দ আছে ৩৮ টা ৷ তাৰে ২৮ টা কঠিন যুক্তাক্ষৰ যুক্ত শব্দ, বাকীকেইটা যুক্তাক্ষৰহীন কোমল ৷ গীতটিৰ ছন্দৰ ক্ষেত্ৰত অন্ত্যানুপ্ৰাসৰ সৃষ্টি হৈছে নে-ৰ জৰিয়তে (আনে, বানে; আনে, গানে; সানে, নেমানে; মানে, জানে) ৷ সমগ্ৰ গীতটিত ‘ৰ’ আৰু ‘ন’ তথা সিবোৰৰ সমগোত্ৰীয় ধ্বনি সবাতো অধিক প্ৰয়োগ হৈছে ৷ এই দুই ধ্বনিয়ে গীতটোৰ সুৰ আৰোপনত মুখ্য ভূমিকা লোৱা বুলি ক’ব পাৰি ৷ উল্লেখনীয় যে গীতিকাৰে নিশ্চয়কৈ গীতটোৰ সৃষ্টিত কঠিন শব্দ আৰু ৰ, ন-ৰ অনুপ্ৰাস ইচ্ছাকৃতভাৱে ব্যৱহাৰ কৰা নাছিল ৷ সেয়া নিঃসন্দেহে আছিল স্বতঃস্ফূৰ্ত ৷ তেওঁ আছিল একাধাৰে গীতিকাৰ, সুৰকাৰ, সংগীত ব্যৱস্থাপক ৷ তেওঁৰ ভাষাজ্ঞানো আছিল অতুলনীয় ৷ গতিকে কাঠিন্যক কোমলতালৈ আনিব পৰা গুণো স্বভাৱসিদ্ধভাৱেই তেওঁ আয়ত্ত কৰি লৈছিল ৷ তেওঁৰ গীতৰ আন এক বৈশিষ্ট্য হ’ল প্ৰায় প্ৰতিটো গীতেই চাৰিটা পংক্তি যুক্ত আৰু তিনি নং পংক্তিটোৰ সুৰ সদায়ে ভিন্ন হয় ৷ ফলত গীতবোৰত একঘেয়ামি সমূলি নাথাকে ৷ আলোচ্য গীত দুটাৰ ক্ৰমে —
“মোৰ ব’হাগ যেন এটি সৰু বিহুগীত” আৰু “বিদ্যুৎ ক্ষীপ্ৰ নয়নে তোমাৰ” ফাঁকি দুটা উল্লেখযোগ্য উদাহৰণ ৷

পৃথিৱীৰ সকলো সংগীতেই সপ্তস্বৰত বন্ধা৷ ভাৰতীয় সংগীতো তাৰ ব্যতিক্ৰম নহয় ৷ ভাৰতীয় ধ্ৰুপদী সংগীতৰ মুখ্য ধাৰা দুটা—হিন্দুস্থানী আৰু কৰ্ণাটকী৷ দুয়োটা ধাৰাৰ ঘাই পাৰ্থক্য গমক বা কম্পনত ৷ কৰ্ণাটকী শৈলীত হিন্দুস্থানীৰ তুলনাত গমকৰ মাত্ৰা অনেক গুণে বেছি ৷ বিষ্ণুপ্ৰসাদ ৰাভাই পূৰ্বাঞ্চলত হিন্দুস্থানীতকৈ সামান্য পৃথক সংগীতৰ আন এটা ধাৰাৰ অৱস্থিতিৰ কথা উল্লেখ কৰিছিল ৷ তেওঁ ইয়াৰ নাম দিছিল কামৰূপী ধাৰা ৷ এই ধাৰাৰ প্ৰতিনিধি আছিল চৰ্যাপদ আৰু তৎ পৰৱৰ্তী বৰগীতসমূহ ৷ চৰ্যাপদ আৰু বৰগীতসমূহত ধ্ৰুপদী চৰিত্ৰ বিদ্যমান ৷ কাৰণ এইবোৰৰ প্ৰতিটো গীতেই নিৰ্দিষ্ট ৰাগ আৰু তালত বন্ধা ৷

ভূপেন হাজৰিকাই হেনো বেনাৰস হিন্দু ইউনিভাৰ্ছিটিত ৰাজনীতি বিজ্ঞান বিষয়ত এম এ পঢ়ি থাকোঁতে ওস্তাদ বিছমিল্লা খাঁৰ ঘৰৰ দুৱাৰডলিত ৰৈ তেওঁৰ ৰেৱাজ শুনি শুনি ধ্ৰুপদী সংগীত শিকিছিল ৷ উল্লিখিত গীতটিত মালকোশ ৰাগৰ প্ৰতিধ্বনি শুনা যায় ৷ এই ৰাগত ষোল্ল মাত্ৰাৰ ত্ৰিতাল পৰে ৷ প্ৰয়োজন সাপেক্ষে তাক আঠ মাত্ৰালৈ হ্ৰাস কৰিব পাৰি ৷ মই সংগীত-বিশেষজ্ঞ নহওঁ ৷ বিজ্ঞসকলে গীতটোৰ এইবোৰ দিশ বিচাৰ কৰিব ৷

মুঠতে ভূপেন হাজৰিকাৰ গীত অসমীয়া সাহিত্য আৰু সংগীত উভয় জগতৰ অনুপম সম্পদ ৷ তেওঁ আছিল শব্দ-নিৰ্বাচনৰ ক্ষেত্ৰত অতিশয় সিদ্ধহস্ত ৷ কঠিন আৰু কোমল সকলো শব্দই তেওঁৰ সুৰৰ সন্মোহিনী শক্তিৰ আগত হাৰ মানিছিল ৷ তেওঁ গীত ৰচিছিল, সিবোৰক সুৰৰ মায়াজালেৰে বান্ধিছিল আৰু অননুকৰণীয় শৈলীৰে তাত কণ্ঠদান কৰিছিল ৷ উল্লিখিত গীত দুটি তাৰেই প্ৰকৃষ্ট উদাহৰণ৷

সংগীত তথা সুৰৰ সাগৰত অৱগাহন কৰিবলৈ যাওঁতে ভূপেন হাজৰিকা হৈ পৰিছিল বিশ্ব পৰিভ্ৰমণকাৰী গৃহহীন “এক যাযাবৰ” ৷ বিশ্বৰ বিভিন্ন দেশৰ লোক সংগীতৰ সুৰ বুটলি সিবোৰক অসমীয়া ৰূপ দি তেওঁ নিজৰ প্ৰতিভাৰে সজাই পৰাই তুলিছিল ৷ বৈদিক স্তোত্ৰসমূহৰ আবৃত্তিৰ কোৰাচ পদ্ধতিও তেওঁ কোনো কোনো গীতত প্ৰয়োগ কৰিছে ৷ ‘এৰা বাটৰ সুৰ’ বোলছবিত হেমন্ত মুখাৰ্জীৰ সৈতে দ্বৈত কণ্ঠত গোৱা ‘গুম গুম গুম গুম মেঘে গৰজিলে’ গীতটো তাৰ উৎকৃষ্ট নিদৰ্শন ৷ বাংলা ভাষাতো দুয়োজনে মিলি গাইছে :
“গুম গুম গুম গুম
মেঘ ঐ গৰজায়
জীৱন তৰী বেয়ে যায়
অজানায় ৷”

এইলেখীয়া আন এটি গীত হ’ল ‘প্ৰতিধ্বনি’ বোলছবিত তালাত মামুদৰ সতে দ্বৈত কণ্ঠত গোৱা ‘লিয়েমাকাও’৷

গুণীৰ গুণ বুজা হিন্দী গীতিকাৰ গুলজাৰে সম্ভৱতঃ ভূপেন হাজৰিকাৰ গীতৰ এনে বহুমুখিতালৈ লক্ষ্য কৰি সমুচিত মন্তব্যকে দিছে যে, “ভূপেন হাজৰিকাৰ গান এক সম্পূৰ্ণ লেণ্ডস্কেপ” ৷ উল্লেখনীয় যে হিন্দী চলচিত্ৰ জগতৰ অন্যতম পুৰোধা এইজনা গীতিকাৰেও ভাব-ভাষাৰ বিশেষ হানি-বিঘিনি নোহাৱাকৈ ভূপেন হাজৰিকাৰ ভালেমান গীত হিন্দীলৈ তৰ্জমা কৰিছে ৷ ইয়াৰে কেতবোৰ গীতক পুনঃসৃষ্টি (Recreation) বোলা সমীচীন হয় ৷

ভাষা একোটাৰ ঘাই বিশেষত্ব নিহিত থাকে তাৰ জতুৱা প্ৰকাশ-ভংগীত ৷ তাক ভাষাৰ কালিকা বুলি কোৱা হয় ৷ ভূপেন হাজৰিকা এই দিশত আছিল অতিশয় সজাগ৷ এটা ভাষাৰ বিষয় আন এটালৈ অনুবাদ কৰোঁতে এই জতুৱা প্ৰকাশ ভংগীৰ অনুবাদ অসম্ভৱ হৈ পৰা দেখা যায় ৷ ভূপেন হাজৰিকাৰ সৰহভাগ গীত বাংলালৈ অনুবাদ কৰিছে শিবদাস বন্দ্যোপাধ্যায়ে৷ এইজনা বিশিষ্ট অনুবাদকে সৰহভাগ ক্ষেত্ৰতে ভূপেন হাজৰিকাৰ গীতৰ মূল স্পিৰিট ধৰি ৰাখিবলৈ সমৰ্থ হৈছে বুলিব পাৰি ৷ বাংলা সংগীত জগতত, আনপক্ষে বিশ্বৰ দৰবাৰত ভূপেন হাজৰিকাৰ প্ৰতিষ্ঠাত এইজনা ব্যক্তিৰ অনবদ্য ভূমিকা আছে ৷ ভূপেন হাজৰিকাৰ ভালেমান গীতক তেওঁ ভাব-ভাষাৰ পৰিৱৰ্তনেৰে নৱৰূপ দিয়াও লক্ষ্য কৰা যায় ৷ “টিৰাপ সীমান্ত”, “বোলো অ’ মিচিং ডেকাটি”, “বুকু হম হম কৰে” আদি গীতৰ বাংলা ৰূপান্তৰ “এ শহৰ প্ৰান্ত”, “অ’ পাহাৰী বন্ধু গো”, “চোখ চল চল কৰে অগো মা” এই বিষয়ৰ কেইটিমান উল্লেখযোগ্য উদাহৰণ ৷ মূল অসমীয়া গীতৰ সুৰ একে ৰাখি ভাব-ভাষা সলনি কৰা তেওঁৰ এনে গীত হিন্দী ভাষাটো ভালেমান আছে ৷ এই গীতবোৰত মূলৰ সুৰ অক্ষুণ্ন ৰখা হৈছে যদিও সিবোৰৰ কথা বস্তু সম্পূৰ্ণ ভিন্ন ৷ মুঠতে ভূপেন হাজৰিকাৰ প্ৰতিষ্ঠাত পৰোক্ষভাৱে হ’লেও অৰিহণা যোগোৱা শিবদাস বন্দ্যোপাধ্যায়, গুলজাৰ প্ৰমুখ্যে তেওঁৰ গীতৰ অনুবাদকসকলৰ ওচৰত অসমীয়া সমাজ চিৰকাল কৃতজ্ঞ হৈ ৰ’ব ৷ পৰিশেষত অনুবাদ, বিশেষকৈ গীতৰ অনুবাদ কেনে জটিল তথা দুৰূহ, সেই কথা ভূপেন হাজৰিকাৰ গীতৰ এটা মাত্ৰ সৰু উদাহৰণেৰে এই আলোচনা সামৰিবৰ যত্ন কৰিম ৷

ভূপেন হাজৰিকাৰ একালৰ অতি জনপ্ৰিয় এটি গীত হৈছে ‘ফুট গধূলিতে’ ৷ গীতটোৰ প্ৰথম ফাঁকিটো এনে ধৰণৰ—
“ফুট গধূলিতে কপিলী খুঁটিত
কোন গুৰ্খালি গাভৰুৰে গাইজনী হেৰায় ৷”
এ গাইজনীনো কেনে তুলনা যে নাই
হেনো সেই চাপৰিত তাইৰ মান গাখীৰতী নাই ৷”
ইয়াৰ বাংলা অনুবাদটিৰ কথা এনে ধৰণৰ—
“ঠিক গধূলিতে কপিলী গাঞে
কোন গুৰ্খালি যুৱতীৰ গাই হাৰালো
গাইটিৰ কোনো তুলনাতো নাই
আ সেই গাঞে তাইৰ মত দুগ্ধবতী নাই ৷”

মন কৰিবলগীয়া যে, বাংলাত অসমীয়াৰ দৰে ‘ফুট গধূলি’, ‘খুঁটি’, ‘চাপৰি’, ‘গাভৰু’, ‘গাখীৰতী, আদি শব্দ বা শব্দগুচ্ছৰ অভাৱ৷ অনুবাদটিত অসমীয়াৰ ওচৰ চপাকৈ সিবোৰৰ ঠাইত ‘ঠিক গধূলি’, ‘গাঞে’, ‘যুৱতী’, ‘দুগ্ধৱতী’ আদি শব্দ প্ৰয়োগ কৰা হৈছে ৷ অসমীয়া লোক জীৱনৰ পৰা আহৰিত এনেবোৰ শব্দৰ সঠিক অনুবাদ একোপধ্যেও সম্ভৱ নহয় ৷ সেই শব্দবোৰে আনি দিয়া অনুষংগ তথা পৰিৱেশ সৃষ্টি কৰিবলৈ যে অনুবাদকে যৎ পৰোনাস্তি চেষ্টা কৰিছে, তাৰ উল্লেখ বাহুল্য মাথোন৷ গীতিকাৰ-সুৰকাৰ হিচাপে ভূপেন হাজৰিকাৰ কৃতিত্বও সেইখিনিতে ৷ এনেদৰে এক অননুকৰণীয় শব্দ-চয়ন আৰু বিশেষ প্ৰকাশ-ভংগিমাৰে আধুনিক অসমীয়া গীতি-সাহিত্যক ভূপেন হাজৰিকাই অনবদ্য ৰূপ দি থৈ গৈছে ৷

ভূপেন হাজৰিকাৰ প্ৰায়বোৰ গীতত গৱেষণাৰ দক্ষ হাতৰ পৰশ অনুভৱ কৰা যায় ৷ শব্দ-চয়ন তাৰেই অন্যতম অংগ ৷ বহু সময়ত ভূপেন হাজৰিকাই গদ্যভংগীৰেও কেতবোৰ গীত ৰচনা কৰা আৰু সিবোৰক ভিন্ন শৈলীৰ সুৰেৰে বন্ধা লক্ষ্য কৰা যায়৷ তেনে গীতে আনবোৰৰ দৰেই সমানেই সফলতা অৰ্জন কৰাটো তেওঁৰ গীতি সাহিত্যৰ আন এক মন কৰিবলগীয়া বিশেষত্ব৷ ‘যুৱতী অনামিকা গোস্বামী’, ‘প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক’ আদি তেনে কেতবোৰ গীতৰ উদাহৰণ৷ অন্ত্যমিলৰ দিশৰ পৰা ছন্দোবদ্ধ হ’লেও, এইবোৰ গীতৰ, বিশেষকৈ পিছৰ গীতটোৰ গায়ন-শৈলী প্ৰায় আবৃত্তি কলাৰ ওচৰ চপা ৷ কঠিন যুক্তাক্ষৰ যুক্ত শব্দেৰে সৃষ্ট এই শ্ৰেণীৰ গীতে সৰ্ব সাধাৰণৰ হৃদয় জয় কৰিব পৰাটো ভূপেন হাজৰিকাৰ আন এক কৃতিত্ব ৷ ওপৰত উল্লেখ কৰা দ্বিতীয়টো গীতৰ প্ৰথম দুটা কলি এনে ধৰণৰ :
“প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক তোমাৰ প্ৰাপ্য কি কোৱা?
মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক’লোঁ তোমাৰ শক্তিখিনি দিয়া।
বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক’লে তোমাৰ কাম্য কি কোৱা?
মই ক’লোঁ বজ্ৰক,তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া।
এদিন আকাশে ক’লে জনৈক গীতিকাৰে অকণি আকাশ দেখোঁ মাগে।
তুমি কিয় আজি বাৰু কম্পিত কণ্ঠেৰে মাগিছা সৰ্বাকাশ সত্তা ?
মই ক’লোঁ,তুমিয়েতো কৈছিলা ৰাতিপুৱা যিমানে বিলাই দিবা,সিমানে মহান হ’বা,
তাৰে নাম সঁচা উদাৰতা ৷”

মুঠতে, ভূপেন হাজৰিকাৰ দৰে প্ৰতিভা অকল অসম তথা ভাৰততে নহয়, সমগ্ৰ বিশ্বতে বিৰল৷ তেওঁৰ গীতৰ যি বৈচিত্ৰ্য, সেয়া তেওঁৰ স্বকীয় সম্পদ৷ আন কাৰো সতে তাৰ তুলনা নহয়৷ ভূপেন হাজৰিকা মঞ্চত উঠি আজিকালিৰ দৰে বিচাৰি বিচাৰি হাত তালি লোৱা গায়ক নাছিল৷ যিসকলে তেওঁৰ মঞ্চানুষ্ঠান দেখিছে, তেওঁলোকে জানে তেওঁৰ মুখৰ কথাও একো একোটা গীত সদৃশ৷ সেই কথাৰ মাজেৰে প্ৰকাশ পাইছিল তেওঁৰ অধ্যয়ন আৰু অভিজ্ঞতাৰ বহল পৃথিৱী এখন৷ বুদ্ধিদীপ্ত তেনে কথাৰে তেওঁ দৰ্শক-শ্ৰোতাক সদায়ে সন্মোহিত কৰি ৰাখিব পাৰিছিল৷

সম্প্ৰতি প্ৰায়বোৰ অসমীয়া গীত সমাজ-বিচ্ছিন্ন, বাদ্যযন্ত্ৰ সৰ্বস্ব অসংগীতলৈ ৰূপান্তৰিত হোৱা দেখা গৈছে  সমাজ জীৱনৰ অহিত সাধন কৰা পৰিৱৰ্তন নিশ্চয়কৈ কাৰো কাম্য নহয় ৷ ভোগসৰ্বস্ব চিন্তাৰ অৱসান ঘটাবলৈ আমাক ভূপেন হাজৰিকাই দি থৈ যোৱা শব্দ আৰু সুৰৰ মিলনেৰে মানুহৰ জয়গান গোৱা সুস্থ আৰু সুষম সংগীতৰ ধাৰাটোৰ একান্ত আৱশ্যক ৷

“ভোগৰ বিপৰীতে মানৱতাৰ জয়গান’’—এয়াই ভূপেন হাজৰিকাৰ গীতৰ মূল-মন্ত্ৰ৷

(স্মৃতিৰ আধাৰত লিখা হেতুকে তথ্যগত বিভ্ৰান্তি ৰৈ যোৱা অসম্ভৱ নহয় ৷ তেনে অনিচ্ছাকৃত ভুলৰ বাবে ক্ষমাপ্ৰাৰ্থী ৷)

এটা মন্তব্য

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে