দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / কথাশিল্প / নাঙঠ পথাৰৰ পদ্য ৷৷ মিন্টুল হাজৰিকা৷৷

নাঙঠ পথাৰৰ পদ্য ৷৷ মিন্টুল হাজৰিকা৷৷

পথাৰে সেউজীয়া পোছাক পিন্ধে
সেউজীয়াবোৰ গৈ এদিন কেঁচাসোণ বৰণীয়া হৈ
দুপৰীয়াৰ পূৰঠ বেলিৰ আলিংগনত জুয়ে পোৰা সোণ হৈ হাঁহে

এদিন পথাৰখনৰ ৰংটো দেউতাৰ কান্ধত উঠি চোতাল পায়
আৰু পথাৰখন উকা হৈ পৰে
ঠিক বৃদ্ধ গণিকাৰ কঁপালখনৰ দৰে

কিদৰে হালধীয়াবোৰ পথাৰখনৰ বুকুত বহি
যৌৱন বেহাই আৰু উটুৱাই ক্ৰমশঃ পথাৰৰ বুকুফালি কলিজাখন লৈ গ’ল?

–ইয়াৰ উত্তৰ কোনে দিব?
–কাঁচিখনে
–নে? ক্ষুধাতুৰ নৰাবোৰে!

ক্ৰমান্ময়ে পথাৰখন নাঙঠ হৈ গৈ থাকিল
আৰু এদিন পথাৰখনে
নিয়ৰৰ আঁৰত চকুলো লুকাই ৰাখিল
প্ৰতিটো দিন
প্ৰতিটো ৰাতি!!

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে