দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / ইত্যাদি / নাৰীয়ে কিয় মদ খাব লাগে ? ( জিতেন বেজবৰুৱা )

নাৰীয়ে কিয় মদ খাব লাগে ? ( জিতেন বেজবৰুৱা )

নাৰীয়ে মদ খাব লাগে৷ লুকাই-চুৰকৈ নহয়, সকলোৱে দেখাকৈ খাব লাগে৷ কেতিয়াবা বমি কৰাকৈও খাব লাগে৷ কেতিয়াবা খালে-ডোঙে পৰি থকাকৈও খাব লাগে৷ মদ খাই ৰাজহুৱা জেগাত বমি কৰি দিবলৈ বা পৰি থাকিবলৈ দম লাগে৷ সেয়া এতিয়া একমাত্ৰ পুৰুষৰহে আছে৷ নাৰীৰ সিমানখিনি দম নাই – তেওঁলোকে সিমানখিনি ৰিস্ক ল’ব নোৱাৰে, তেওঁলোক সিমানখিনি ডেমকেয়াৰ হ’ব নোৱাৰে, সিমানখিনি দায়িত্বজ্ঞানহীন হ’ব নোৱাৰে৷ জাতীয় সংস্কৃতি ৰক্ষাৰ গধুৰ বোজাই নাৰীক কোঙা কৰি ৰাখিছে৷ নাৰীয়ে মদ খোৱা আৰু খাই মাতলামি কৰাৰ অৰ্থ সেয়ে জাতীয় সংস্কৃতিৰ পতন৷ আৰু সেইবাবেই নাৰীয়ে মদ খাব লাগে৷ নাৰীয়ে মদ খাই ৰাস্তাত নিশ্চিন্তে পৰি থাকিব পৰা অৱস্থা এটা সমাজত যেতিয়ালৈকে নহয় – তেতিয়ালৈকে আন দিশত যিমানেই যি নঘটক, নাৰীৰ শোষণ-অৱদমনৰ অন্ত পৰা বুলি কোনোমতেই ক’ব পৰা নাযাব৷

কিন্তু অকল মদ খালেই নহ’ব৷ নাৰীয়ে যি যি কাম কৰিব নালাগে বা নোৱাৰে বুলি কোৱা হয়, সেই সকলোবোৰেই তেওঁলোকে কৰিব লাগে৷ হাল-কোৰ বাব লাগে, ট্ৰাক-বাছ চলাব লাগে, গাড়ী মেৰামতি কৰিব লাগে, ইলেক্ট্ৰিচিটিৰ কাম কৰিব লাগে, কাঠমিস্ত্ৰী-ৰাজমিস্ত্ৰীৰ কাম কৰিব লাগে, গাহৰি কাটিব লাগে, ঠিকাদাৰি কৰিব লাগে, দাদাগিৰি কৰিব লাগে৷ চহৰ এখনৰ চাৰিওফালে এপাক চাই দিলে যিমানবোৰ বস্তু চকুত পৰে (ধৰক, ডাঙৰ ডাঙৰ বিল্ডিং, ডাঙৰ ডাঙৰ ৰাস্তা, পাৰ্ক, মল, গাড়ী), সেইবোৰ বস্তু বনোৱাত নাৰীৰ প্ৰায় প্ৰত্যক্ষ অৱদান নাই বুলিলেও হয়৷ মোৰ ভাব হয়, নাৰী হোৱা হ’লে মোৰ আটাইতকৈ বেছি দুখ আৰু ক্ৰোধৰ কাৰণ সেইটোৱেই হ’লহেঁতেন৷ বাহিৰৰ পৃথিৱীখনৰ দায়িত্ব আৰু ৰিস্ক পুৰুষে লয়৷ নাৰীয়ে তাৰ নিৰ্বাচিত কিছুমান জেগাতহে আৰু পূৰ্বনিৰ্ধাৰিত ভূমিকাতহে অৱতীৰ্ণ হ’বলৈ পায়৷ সেইবাবে পুৰুষে তেওঁলোকৰ ওপৰত ডেমাকি দেখাব পাৰে৷ পুৰুষৰ ডেমাকি ওফৰাবলৈ নাৰীয়েও বাহিৰৰ পৃথিৱীখন দখল কৰিব লাগিব – দায়িত্ব আৰু ৰিস্ক ল’ব লাগিব৷ লেডিজ ফাৰ্ষ্ট বুলি আৰামত একো পোৱা নাযায়৷ সেয়ে নাৰীয়েও ডেমাকি দেখাবলৈ শিকিব লাগে৷ তাচ খেলিব লাগে, জুৱা খেলিব লাগে, নিশা দেৰিকৈ ঘৰলৈ উভতিব লাগে৷ মুকলি ঠাইত পেচাব কৰিব লাগে৷ নাৰীয়ে গাঁৱতেই হওক বা নগৰ-চহৰতেই হওক, পেচাব কৰিবলৈ গোটেইখন ঘুৰ্মুটিয়াই ফুৰিব লাগে৷ কিন্তু পুৰুষৰ ন’ টেনচন – অকণমান ইফালে-সিফালে চাই আৰামত চেইন খুলি এৰি দিয়া৷ নাৰী অৱদমনৰ এইটো আটাইতকৈ জ্বলন্ত প্ৰমাণ৷ যিদিনা নাৰীয়ে মুকলিকৈ পেচাব কৰিবলৈ ধৰিব, পুৰুষৰ বিশেষাধিকাৰ মাৰ খাই যাব৷ নাৰীয়ে নিজৰ মাজত চুলিয়াচুলি লাগে, পুৰুষক চৰ শোধায়৷ এইবোৰ নাৰীসুলভ কাৰবাৰ, সেয়ে পুৰুষে পাত্তাই নিদিয়ে৷ নাৰীয়ে ঘুচিয়াবলৈ, কিক দিবলৈ শিকিব লাগে৷ ঘোচাটো শাৰীৰিক বস্তু, কিন্তু চৰটো মৰ্যাদাৰ বস্তু৷ অৰ্থাৎ ঘুচিয়ালে শৰীৰত দুখ পায়, কিন্তু চৰিয়ালে সন্মান যায়৷ নাৰীয়ে চৰ দি কেৱল সন্মান যোৱাব পাৰিলেই নহ’ব, ঘুচিয়াই গিৰাই দিবও পাৰিব লাগিব৷ মদ খাই ঘৈণীয়েকক অত্যাচাৰ কৰা পুৰুষকেইটাক বা লাভ জিহাদ বিচাৰি ফুৰা গেৰুৱা বান্দৰবিলাকক নাৰীয়ে কিক দি খেদাব পাৰিব লাগিব৷

নাৰীয়ে যি যি ঠাইলৈ যাব নালাগে বা নোৱাৰে বুলি কোৱা হয়, সেই সকলোবোৰ ঠাইলৈকে তেওঁলোক যাব লাগে৷ নামঘৰত যদি সোমাবলৈ দিয়ে ভাল কথা৷ মাহেকীয়া স্ৰাৱৰ সময়ত যদি সোমাবলৈ নিদিয়ে, তেতিয়াও সোমাব লাগে৷ মণিকূটত সোমাবলৈ নিদিয়ে যদি তাতো সোমাব লাগে৷ সত্ৰত যদি নিদিয়ে তাত সোমাব লাগে৷ মছজিদত যদি নিদিয়ে তাত সোমাব লাগে৷ যত যি মন্দিৰ আছে নাৰী সোমাব নোৱৰা, সেই সকলোতে সোমাব লাগে৷ নগৰ-চহৰৰ ভিতৰুৱা বহু ঠাই থাকে, বহু দোকান-পোহাৰ থাকে য’ত অলিখিত নিময় মতে নাৰী যাব নোৱাৰে৷ সেই সকলোবিলাকলৈ নাৰী যাব লাগে৷ ক’ৰবাত যদি এফুটীয়া চালি এখনত নাৰী সোমাব নালাগে বুলি লিখা আছে, তেন্তে তাত তুৰন্তে সোমাব লাগে৷ ক’ৰবাত যদি খুঁটা এটাত নাৰী উঠিব নালাগে বুলি লিখা আছে, তেন্তে তাত তুৰন্তে উঠিব লাগে৷ কোনোবা বিশ্ববিদ্যালয়-কলেজত যদি মেখেলা-চাদৰ পিন্ধিব লাগে বুলি অলিখিত-লিখিত নিয়ম আছে, তেন্তে সেইটো আজিয়েই ভাঙিব লাগে৷ মেখেলাৰ তলত লুকাই থকা জাতীয় সংস্কৃতিটোক আজিয়েই লাথ মাৰি উলিয়াই দিব লাগে৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে