চ’ৰাঘৰ / ৰসবিতান / হনুমানৰ পেঞ্চন৷৷ টুনুজ্যোতি গগৈ ৷৷

হনুমানৰ পেঞ্চন৷৷ টুনুজ্যোতি গগৈ ৷৷

আজিৰ তাৰিখত ভাৰতৰ সপ্ত অমৰ চৰিত্ৰৰ ভিতৰত হনুমানেই আটাইতকৈ সুখী৷ সুখী হ’বৰে কথা – তেওঁৰ পৰম পূজনীয় ৰামৰ আদৰ্শৰে পৰিচালিত দল এটাই ভাৰতত শাসনভাৰ চলাই আছে৷ আজিকালি তেওঁৰ দৰে বহুতেই কথাই কথাই ৰামৰ নাম লয়৷ আকাশে-বতাহে কেৱল ভাহি থাকে– ‘জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম’৷ শেহতীয়াকৈ অসমতো ‘জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম’ শব্দকেইটা বেছিকৈ শুনা গৈছে৷ হনুমানে ভাবিলে, এবাৰ অসমখন ফুৰি অহা যাওক৷ বনে বনে আৰু কিমান ঘূৰি ফুৰিব? বয়সো বহুত হাজাৰ বছৰ হৈছে যেতিয়া পাৰিলে অসমতেই বৃদ্ধ পেঞ্চন এটাও যোগাৰ কৰি ল’ব৷ পেঞ্চন এটা পালে খোৱা-বোৱাৰ কোনো চিন্তাই নাথাকিব৷ তেওঁ শুনা পাইছে, অসমৰ সৰ্ব সাধাৰণে এতিয়া সুখে-সন্তোষেৰে দিন পাৰ কৰিছে৷ অসমৰ অৱস্থা বোলে অযোধ্যাৰ ৰামৰাজ্যৰ দৰেই জয় জয় ময় ময়৷ অসমৰ পৰা দুৰ্নীতি-ভ্ৰষ্টাচাৰ-অনিয়ম সকলো দূৰ হৈ গ’ল৷ এক সুন্দৰ পৰিৱৰ্তনৰ সোৱাদ অসমবাসীয়ে লাভ কৰিছে৷

অসমত উপস্থিত হৈ হনুমানে দুদিনমান আনন্দ মনেৰে ঘূৰি ফুৰিলে৷ এসময়ত জাতীয়তাবাদী বুলি কোৱা মানুহসকলৰ মুখতো পৰম পূজনীয় ৰামৰ নাম শুনি তেওঁ বৰ সন্তোষ পালে৷ এদিন তেওঁ বৃদ্ধ পেঞ্চনৰ কাৰ্যালয়ত উপস্থিত হৈ পেঞ্চনৰ বাবে আবেদন জনালে৷ কেৰাণী এজনক ক’লে, সীতা উদ্ধাৰ অভিযানত তেওঁ সক্ৰিয়ভাবে জড়িত আছিল বাবে পেঞ্চন এটা সোনকালেই পাব লাগে৷ কেৰাণীয়ে জনালে যে নগদ দুহেজাৰ টকীয়া দুখনমান দিলে তেওঁ পেঞ্চনৰ ফাইল লগে লগেই ৰেডী কৰি দিব৷ পৰম ৰামভক্ত এজনৰ পৰাও কেৰাণীয়ে উৎকোচ বিচৰাত হনুমানৰ খুবেই খং উঠিল৷ অসমৰ পৰা দুৰ্নীতি-ভ্ৰষ্টাচাৰ দূৰ হ’ল বুলি মিছাতে প্ৰচাৰ চলাই থকা সাংবাদিক কেইজনৰ হালধীয়া ৰূপটো কল্পনা কৰি তেওঁৰ দুখো লাগিল৷ তথাপি তেওঁ কেৰাণীক ক’লে– ‘বোপাই, মই বনৰ ফল-মূল খাই ফুৰা এটা বান্দৰ৷ নগদ টকা ক’ত পাম?

কেৰাণীৰ উত্তৰ – ‘তেন্তে তোমাৰ দীঘল নেজডালৰ এটুকুৰাকে কাটি দিয়া৷ আন্তঃৰাষ্ট্ৰীয় বজাৰত বান্দৰৰ নেজৰ মূল্য বহুত৷ মই তোমাৰ ফাইল সিখন টেবুললৈ পঠাই দিম৷’

হনুমানে ভাবিলে, ইমান দীঘল নেজডালৰ অলপ কাটিয়েই দিয়া যাওক, পেঞ্চন হ’বই যেতিয়া৷ কিন্তু, সিখন টেবুলৰ গৰাকীকো হনুমানে নেজৰ অলপ কাটি দিব লগা হ’ল৷ হনুমানৰ পেঞ্চনৰ ফাইল বিশখন টেবুললৈ গ’ল আৰু প্ৰতিখন টেবুলৰ গৰাকীক তেওঁ নেজৰ এটুকুৰাকৈ কাটি দিব লগা হ’ল৷ এইবাৰ তেওঁ শেষ টেবুলখনত বহা বিষয়াজনৰ মুখামুখি হ’ল৷ ওখখাপৰ বিষয়াজনে তেওঁৰ অৱশিষ্ট নেজকণ উৎকোচ হিচাবে লোৱাৰ পাছতে প্ৰশ্ন কৰিলে– ‘তুমি যে সীতা উদ্ধাৰ অভিযানত জড়িত সেই বিখ্যাত হনুমান হয়, তাৰ কি প্ৰমাণ আছে? লংকা দাহ কৰা তোমাৰ দীঘল নেজডাল ক’ত?’

– কি বেইমানীহে তোমালোক ? ৰামৰ পৰমভক্ত এজনৰ লগত এইেবাৰ কি ধেমালি? মোৰ নেজডাল দেখোন তোমালোকৰ অফিচতেই টুকুৰা-টুকুৰকৈ কাটি দিলো৷ – খং-অপমান-দুখত হনুমান কঁপি উঠিল৷

– আৰে, তুমি নাজানা নেকি, এতিয়া এখন দুৰ্নীতি-ভ্ৰষ্টাচাৰমুক্ত চৰকাৰৰ সুশাসন চলি আছে৷ এতিয়া উপযুক্ত প্ৰমাণ-পত্ৰ নহ’লে কোনো কাম নহয়৷ এইখন আগৰ ভ্ৰষ্টাচাৰী চৰকাৰ নহয়৷ তোমাৰ ফাইলত চহী কৰিলে বিৰোধীয়ে হুলস্থুল লগাই দিব৷ ক’ব, নেজ নোহোৱা বান্দৰ এটাকে চৰকাৰে হনুমান সজাই পেঞ্চন দিছে৷ তুমি পেঞ্চন পালে মোৰো চাকৰি যাব৷ যোৱা, তুমি মোৰ ৰূমৰ পৰা ওলাই যোৱা৷ গেট আউট৷

[এটা পুৰণি হিন্দী গল্পৰ ছাঁ লৈ]

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে