বৃহস্পতিবাৰ , জুলাই 19 2018
চ’ৰাঘৰ / সমকাল / ‘অসৰ’(ASER)’ ৰ শেহতীয়া প্ৰতিবেদন আৰু শৈক্ষিক ক্ষেত্ৰৰ বাস্তৱ অৱস্থা ৷৷ ভবেশ নাথ৷৷

‘অসৰ’(ASER)’ ৰ শেহতীয়া প্ৰতিবেদন আৰু শৈক্ষিক ক্ষেত্ৰৰ বাস্তৱ অৱস্থা ৷৷ ভবেশ নাথ৷৷

আমাৰ দেশত প্ৰতি দহগৰাকী ব্যক্তিৰ ভিতৰত একোজনকৈ চৈধ্যৰ পৰা ওঠৰ বছৰ বয়সৰ ব্যক্তি পোৱা যায়। ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা যদি এশ ত্ৰিশ কোটি বুলিও আমি ধৰি লওঁ, তেন্তে চৈধ্যৰ পৰা ওঠৰ বছৰ বয়সৰ প্ৰায় তেৰ কোটি ব্যক্তি আমাৰ দেশত বৰ্তমানেও আছে। আপাতদৃষ্টিত বয়সৰ ফালৰ পৰা এই সকল ব্যক্তিক আমি ছাত্ৰ বা ছাত্ৰী হিচাপেই অভিহিত কৰোঁ। দেশৰ ভবিষ্যতো নিৰ্ভৰ কৰে এনে বয়সৰ ব্যক্তিসকলৰ ওপৰতেই। কিয়নো চৈধ্যৰ পৰা ওঠৰ বছৰ বয়সৰ এই সকল ব্যক্তি হৈছে দেশৰ ছাত্ৰ, যুৱ শক্তিৰ এক প্ৰধান সমল। বিশাল সংখ্যক এই  ছাত্ৰ-যুৱ শক্তিক উপযুক্ত মানৱ সম্পদ হিচাপে গঢ় দিব পাৰিলেহে হয়তো দেশখনে বিকাশৰ ক্ষেত্ৰত এখোজ আগবাঢ়ি যাব পাৰিব। কিন্তু দুখৰ বিষয় এইটোৱেই যে আমাৰ দেশ ভাৰতবৰ্ষই মানৱ সম্পদৰ বিকাশৰ ক্ষেত্ৰত এতিয়াও পৃথিৱীৰ বহু উন্নত দেশৰ তুলনাত যথেষ্ট পিছ পৰি আছে আৰু বৰ্তমানেও এই ধাৰা অব্যাহত আছে। ২০১৫ বৰ্ষৰ মানৱ উন্নয়ন সূচাংকত পৃথিৱীৰ ১৮৮ খন দেশৰ ভিতৰত ভাৰতবৰ্ষ ই ১৩১ সংখ্যক স্থান ল’বলৈহে সক্ষম হৈছিল। চুবুৰীয়া শ্ৰীলংকাই ৭৩ সংখ্যক স্থানেৰে এই ক্ষেত্ৰত আমাৰ দেশতকৈ ওপৰত স্থান পাইছিল।
শেহতীয়া ভাৱে কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰালয়ৰ তত্ত্বাৱধানত দেশৰ প্ৰতিখন ৰাজ্যৰ গ্ৰাম্যাঞ্চলৰ শিক্ষানুষ্ঠান আৰু গ্ৰাম্য পৰিয়ালক সামৰি দেশৰ শৈক্ষিক মানৰ বাৰ্ষিক প্ৰতিবেদন ( Annual Status of Education Report, ASER) চমুকৈ ‘ অসৰ’ নামৰ এক প্ৰতিবেদন প্ৰকাশ পাইছে, য’ত চৈধ্যৰ পৰা ওঠৰ বছৰ বয়সৰ ল’ৰা- ছোৱালীৰ শৈক্ষিক মানৰ এক নেতিবাচক প্ৰতিচ্ছবিহে প্ৰতিফলিত হৈছে। উল্লেখ্য যে ২০০৫ বৰ্ষৰ পৰাই বিভিন্ন চৰকাৰী, বেচৰকাৰী এজেন্সি, এন. জি. অ. ৰ সহযোগত “প্ৰথম ইডুকেচন ফাউণ্ডেচন” নামৰ সংস্থাটোৱে এই সমীক্ষা চলাই আহিছে। বিদায়ী বৰ্ষটোত দেশৰ ২৪ খন ৰাজ্যৰ ২৬ খন জিলাক সামৰি চৈধ্যৰ পৰা ওঠৰ বছৰ বয়সৰ ল’ৰা-ছোৱালীৰ মাজত এই সমীক্ষা চলোৱা হৈছিল। আমাৰ ৰাজ্যখনৰ কামৰূপ গ্ৰাম্য জিলা খনো এই সমীক্ষাৰ অন্তৰ্ভুক্ত আছিল।
সমীক্ষাত প্ৰকাশিত তথ্য অনুসৰি দেশৰ গ্ৰামাঞ্চলৰ চৈধ্যৰ পৰা ওঠৰ বছৰ বয়সৰ প্ৰায় চৈধ্য শতাংশ ল’ৰা- ছোৱালী বিদ্যালয়/ মহাবিদ্যালয়ত অধ্যয়ন নকৰে। ওঠৰ বছৰ বয়সৰ বত্ৰিশ শতাংশ ছোৱালী আৰু আঠাইশ শতাংশ ল’ৰাই হয় বিদ্যালয় এৰিছে, নহয় বিদ্যালয়লৈ নোযোৱাকৈ আছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে জীৱিকা বা অন্যান্য কামত ব্যস্ত হবলগীয়া হয় প্ৰায় বিয়াল্লিশ শতাংশ ছাত্ৰ- ছাত্ৰী। বিদ্যালয়, মহাবিদ্যালয়ত অধ্যয়নৰত প্ৰায় উনচল্লিশ শতাংশ ছাত্ৰ-ছাত্ৰীয়েই কৰ্মৰত। তাদুপৰি গ্ৰামাঞ্চলৰ চৈধ্য শতাংশ ল’ৰা- ছোৱালীয়ে নাজানে দেশৰ মানচিত্ৰ। আনকি নিজৰ ৰাজ্য খনৰ নাম নজনা ল’ৰা- ছোৱালীৰ সংখ্যা প্ৰায় একৈশ শতাংশ। ছয়ত্ৰিশ শতাংশ ল’ৰা-ছোৱালীয়ে নাজানে দেশৰ ৰাজধানীৰ নাম। বিয়াল্লিশ শতাংশ ল’ৰা-ছোৱালীয়ে ইংৰাজী বাক্য ভালদৰে পঢ়িব নাজানে, কিন্তু বিপৰীতে তেসত্তৰ শতাংশ ল’ৰা-ছোৱালীয়েই মোবাইল ব্যৱহাৰ কৰে।
সমগ্ৰ দেশৰ চৈধ্যৰ পৰা ওঠৰ বছৰ বয়সৰ ল’ৰা-ছোৱালীৰ এনে প্ৰতিচ্ছবিৰ সৈতে আমাৰ ৰাজ্যখনৰ কামৰূপ গ্ৰাম্য জিলাখনৰো অৱস্থা প্ৰায় একে বুলিব পাৰি। জিলাখনৰ বিদ্যালয়লৈ নোযোৱা ল’ৰাৰ সংখ্যা প্ৰায় সাত দশমিক দুই শতাংশ । সোতৰৰ পৰা ওঠৰ বছৰ বয়সৰ প্ৰায় ন দশমিক সাত শতাংশ ল’ৰা-ছোৱালী মহাবিদ্যালয়লৈ নাযায়। প্ৰায় বাৰ শতাংশ ছোৱালী আধাতে বিদ্যালয় এৰিছে। সোতৰৰ পৰা ওঠৰ বছৰ বয়সৰ মাত্ৰ পোন্ধৰ শতাংশ ল’ৰা-ছোৱালী বৃত্তিমূলক শিক্ষাৰ লগত জড়িত। চৈধ্যৰ পৰা ওঠৰ বছৰ বয়সৰ প্ৰায় তেত্ৰিশ শতাংশ ল’ৰা-ছোৱালী মাহটোৰ পোন্ধৰ দিনেই বিভিন্ন কামত নিয়োজিত। প্ৰায় আঠাইশ শতাংশ ছাত্র-ছাত্ৰীয়ে পঢ়িব নাজানে দ্বিতীয় শ্ৰেণীৰ পাঠ্যপুথি। ছয়সত্তৰ শতাংশ ছাত্র-ছাত্ৰীয়ে নাজানে টকা-পইচাৰ হিচাপ, পঞ্চাশ শতাংশ ছাত্ৰ-ছাত্ৰীৰ নাই কোনো সময়ৰ ধাৰণা। ছয়ত্ৰিশ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে নাজানে দেশৰ ৰাজধানীৰ নাম। আনকি পচিশ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ৰাজ্যখনৰ নামো নাজানে।
এয়াই হৈছে দেশৰ ভবিষ্যত গঢ়োতাসকলৰ বাস্তৱ প্ৰতিচ্ছবি। দেশ এখনৰ ভবিষ্যত গঢ়োতাসকলৰ অৱস্থা যদি এনেধৰণৰ হয়, তেনেহলে ভাবক সেইখন দেশৰ বিকাশ কেনে পৰ্যায়ত আছে ! সমীক্ষাত প্ৰকাশিত তথ্যই প্ৰমাণ কৰে যে দেশৰ প্ৰচলিত শিক্ষা ব্যৱস্থা আৰু অৰ্থনৈতিক নীতিয়ে দেশৰ ছাত্ৰ, যুৱ শক্তিক উপযুক্ত মানৱ সম্পদ হিচাপে গঢ় দিয়াত ব্যৰ্থ হৈছে। শিশু অৱস্থাৰ পৰাই যদি ছাত্র-ছাত্ৰীসকলক গুণগত শিক্ষাৰে শিক্ষিত কৰিব পৰা নাযায়, তেনেহ’লে বাস্তৱত এই ধৰণৰ এক প্ৰতিচ্ছবিয়েই দেখিবলৈ পোৱাটো নিশ্চিত। আপোনালোক আটাইৰে জ্ঞাত যে ছয় পৰা চৈধ্য বছৰ বয়সৰ ছাত্ৰ ছাত্ৰী সকলক সমগ্র দেশতে সৰ্বশিক্ষাৰ অধীনত বিনামূলীয়া শিক্ষা প্ৰদান কৰি থকা হৈছে। সৰ্বশিক্ষাৰ অধীনত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত অবিৰত মূল্যায়নৰ ব্যৱস্থা কৰা হৈছে যদিও এই ব্যৱস্থাত কোনো শিক্ষাৰ্থীকে অনুত্তীৰ্ণ বুলি ঘোষণা কৰিব পৰা ব্যৱস্থা নথকাত শিক্ষাৰ গুণগত মানৰ বিকাশ নোহোৱাকৈয়ে ছাত্ৰ-ছাত্ৰী সকলক উচ্চ শ্ৰেণীলৈ পদোন্নতি দিবলৈ শিক্ষক সকল বাধ্য হয়। ফলস্বৰূপে কোনো ধৰণৰ পঠন, লিখন সাংখ্যিক জ্ঞান নোহোৱাকৈয়ে ছাত্ৰ- ছাত্ৰীসকল মাধ্যমিক পৰ্যায়ত নামভৰ্তি কৰে। যাৰ পৰিণতিত নৱম বা দশম শ্ৰেণীত অধ্যয়নৰত চৈধ্য-পোন্ধৰ বছৰীয়া শিক্ষাৰ্থী এজনেও দ্বিতীয় শ্ৰেণীৰ পাঠ্যপুথি ভালদৰে পঢ়িব নোৱাৰা অৱস্থা এটা আহি পৰিছে। প্ৰায় সকলোবোৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত এনে এক অৱস্থা পৰিলক্ষিত হয়। এনেবোৰ ছাত্ৰ-ছাত্ৰীয়েই পৰৱৰ্তী পৰ্যায়ত হয় বিদ্যালয় এৰে নহয় অন্য কামত নিয়োজিত হ’বলৈ বাধ্য হয়। আজিৰ চৈধ্যৰ পৰা ওঠৰ বছৰ বয়সৰ ল’ৰা ছোৱালীৰ এনে এক অৱস্থাৰ বাবে দায়ী দৰাচলতে আমাৰ দেশৰ প্ৰাথমিক শিক্ষাৰ ব্যৱস্থাটো। আৰম্ভণিতেই আমাৰ ল’ৰা-ছোৱালীয়ে একো নজনাকৈয়ে মাধ্যমিক পৰ্যায় পায়হি। সেয়ে তেনে লৰা ছোৱালীয়ে দেশৰ ৰাজধানী, ৰাজ্যৰ নাম নজনাটো একো অস্বাভাৱিক কথা নহয়।
এনে এক প্ৰেক্ষাপটত দেশৰ ছাত্ৰ আৰু যুৱ শক্তিক উপযুক্ত মানৱ সম্পদ হিচাপে গঢ় দিবলৈ হ’লে দেশৰ প্ৰাথমিক শিক্ষাৰ গুণগত মানৰ বিকাশ কৰাৰ প্ৰয়োজনীয়তা আছে। তদুপৰি আমাক এনে এক অৰ্থনৈতিক নীতিৰ প্ৰয়োজন, য’ত ব্যক্তিগত খণ্ডৰ শিক্ষা ব্যৱস্থাতকৈয়ো চৰকাৰী খণ্ডৰ শিক্ষা ব্যৱস্থাই অধিক প্ৰাধান্য পায়। তেতিয়াহে হয়তো ভবিষ্যতে ভাৰতবৰ্ষ ই পৃথিৱীৰ অন্যান্য দেশৰ মানৱ সম্পদৰ বিকাশৰ ক্ষেত্ৰত সমানে ফেৰ মাৰিবলৈ সক্ষম হ’ব, অনথ্যা ইয়াতকৈয়ো নিম্ন মানদণ্ডৰ প্ৰতিচ্ছবিহে আমি হয়তো ভবিষ্যতে দেখিবলৈ পাম।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে