চ’ৰাঘৰ / শিল্প / শিল্পী ধ্রুৱ ডেকাৰ সোঁৱৰণত ॥ জ্ঞানেন্দ্ৰ বৰকাকতি ॥

শিল্পী ধ্রুৱ ডেকাৰ সোঁৱৰণত ॥ জ্ঞানেন্দ্ৰ বৰকাকতি ॥

যেন স্মৃতিৰ সাগৰত ডুবাই থৈ আঁতৰি গ’ল অন্তৰংগ বন্ধুজন৷ সত্তৰৰ দশকৰ মাজ ভাগতে শান্তি নিকেতনৰ পৰা গুৱাহাটীলৈ আহিয়েই প্ৰয়াত শিল্পী ৰাজেন হাজৰিকাৰ জৰিয়তে ধ্রুৱ ডেকাৰ সৈতে চিনাকি হৈছিলো জজ ফিল্ডত থকা স্বনামধন্য শিল্পী নীলপৱন বৰুৱা দাৰ আস্থান তথা অসম চাৰুকলা পৰিষদৰ সেই ঐতিহাসিক ঘৰটোৰ মজিয়াত। প্ৰথম সাক্ষাৎ আৰু পৰিচয় কালতে ধ্রুৱৰ অমায়িক ব্যৱহাৰ আৰু সুদৰ্শন চেহেৰাৰ শিল্পী গৰাকীৰ প্ৰতি এক বিশেষ আকৰ্ষণ অনুভৱ কৰিছিলো। ধ্রুৱৰ সৈতে একে সময়তে পৰিচয় হৈছিল শিল্পী বন্ধু ননী বৰপূজাৰী, আমিনুল হক, বীৰেন সিংহ, ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য আদি সমসাময়িক শিল্পীসকলৰ সৈতে। বিশেষকৈ ৰাজেন আৰু ধ্রুৱৰ উদ্যোগত আৰু আমাৰ সকলোৰে অগ্ৰজ তথা অনুসৰণীয় শ্ৰদ্ধাৰ শিল্পী বেণুদাৰ পৰিকল্পনা আৰু নেতৃত্বত আমি সপোন দেখিবলৈ লৈছিলো গুৱাহাটী আৰ্টিষ্ট’ছ গীল্ডৰ। গীল্ড প্ৰতিস্হাৰ মহানায়কসকলৰ অন্যতম প্ৰতিস্থাপক সদস্য আছিল ধ্রুৱ ডেকা। তেওঁ কোনো দিনে কেতিয়াও জীৱিকাৰ বাবে চাকৰিৰ সন্ধান কৰা নাছিল। অকল আৰ্টিষ্ট’ছ গীল্ডক সু-প্ৰতিষ্ঠিত কৰাই যেন আছিল শিল্পী গৰাকীৰ অন্যতম লক্ষ্য। সময়ত সদস্য শিল্পী সকলৰ অশেষ কষ্টৰ ফলস্বৰূপে স্ব-মহিমাৰে প্ৰাণ পাই উঠিছিল গীল্ডে ।

ধ্রুৱ ডেকাই এই গীল্ডৰ মজিয়াতেই যেন একক প্ৰচেষ্টাৰে নিজ হাতে আলফুলে তালিম দি গঢ় দিছিল আজিৰ নিখিলেশ্বৰ বৰুৱা, কিশোৰ দাস , ৰাজকুমাৰ মজিন্দাৰ আদিৰ দৰে দেশৰ সমসাময়িক প্ৰতিষ্ঠিত অনুজ প্ৰতিম শিল্পীসকলক। আনহাতে ধ্রুৱ নিজেই আছিল এগৰাকী অসামন্য প্ৰতিভাৰ portrait painter তথা drawing আৰু water colour মাধ্যমৰ সুদক্ষ শিল্পী। তেওঁৰ সৃষ্ট অসংখ্য cover design আৰু অনিন্দ সুন্দৰ logo বা প্ৰতীক চিত্রই অসমত এক নজিৰ সৃষ্টি কৰিছে বুলি কলেও বঢ়াই কোৱা নহ’ব। এক অকল্পনীয় অকাল মৃত্যুক সাৱটিব লগা হোৱা অতি সংবেদনশীল আৰু মানৱ দৰদী শিল্পী বন্ধু গৰাকীক হেৰুৱাৰ দুখ হয়টো বহন কৰিব লাগিব চিৰদিন – চিৰকাল।

মহান শিল্পী গৰাকীৰ স্মৃতিত আজি একাঁজলি শ্ৰদ্ধাৰে …..

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে