চ’ৰাঘৰ / কথাশিল্প / অনুভৱ / সাঁথৰৰ ৰং ( কৰিশ্মা হাজৰিকা )

সাঁথৰৰ ৰং ( কৰিশ্মা হাজৰিকা )

ৰঙা। মোৰ বাবে সদায় এটা দোদুল্যমানৰ ৰং। কাষ চপাম নে আঁতৰাই ৰাখিম, আজিলৈ নিজক বুজাব নোৱাৰিলোঁ। কেতিয়াবা তীব্ৰ কৌতূহল,কেতিয়াবা তীব্ৰ বিতৃষ্ণা। ৰঙা হেনো শক্তিৰ প্ৰতীক। ৰঙা ফোঁটৰ দীঘল ৰেঘা আঁকি ধৰ্মৰ ভয় দেখুওৱা মানুহবোৰক কিন্তু বৰ দুৰ্বল বুলি ক’বলৈ মন যায় মোৰ। অতি হিন্দুত্ববাদী হৈ যোৱাৰ ভয়ত সেয়ে আজিকালি মন্দিৰলৈ গ’লে পূজাৰীক ফোঁটটো সৰুকৈ দিবলৈ অনুৰোধ কৰোঁ। অনুষ্টুপীয়া ভক্তিখিনি মোৰ, কেৱল কুশলৰ বাবেহে থওঁ।

ৰঙা তেজ হেনো শক্তি। সুধাকণ্ঠই নিজৰ পুত্ৰৰ নাম কেৱল তেন্তে ৰংটোৰ বাবেই দিয়া নাছিল – ‘পূৰ্ণাংগ তেজ’। শক্তি বুলি ভাবি ল’লেও পিছ মুহূৰ্ততে ব্যস্ত ৰাজপথত গাড়ীয়ে মহতিয়াই নিওঁতে লাভাৰ দৰে ওলাই অহা ৰঙাৰ অকাল ৰংটো হঠাৎ ভাল নলগা হৈ থাকেগৈ। শক্তি জানো বীভৎস? শক্তি জানো ভয়ৰ উৎস? যদি নহয়, বিপদৰ সাংকেতিক চিহ্ন কিয় ৰঙাৰে চিহ্নিত ?

ৰঙা ৰঙে অৱশ্যে আকৰ্ষণ কৰে। হয় । আচ্ছন্ন কৰি দিব পৰা ধুনীয়া বটলৰ ৰেড ৱাইনখিনিয়ে, যৌৱনৰ কথা কোৱা ক্ৰিচেনথিমামৰ ৰঙা পাহিবোৰে, সন্ধ্যাতৰাক এচকল হেঙুল সানি যোৱা আবেলিৰ ৰঙা বেলিটোৱে, জেতুকাৰে বোলোৱা সপোন পিপাসী ৰঙা হাত দুখনে, চহা জীৱনৰ এজেবামান কাহিনী লৈ অনা কাম চৰাইৰ ৰঙা ঠোঁটটোৱে, প্ৰিয়জনৰ ডিঙিৰ পৰা বুকুলৈ বিয়পি অনৰ্গল কথা কৈ থকা ৰঙা আৰণাই খনে…দুৰ্বাৰ আকৰ্ষণ কৰে। ৰঙা সাজ পৰিহিতা গৰাকীলৈয়ো চকু নোযোৱাকৈ নাথাকে। তাতে যদি ৰঙা লিপষ্টিক্ লয় ওঁঠত, উচ্ছল হাঁহিটোও যেন ৰঙচুৱা আভাত প্ৰাণময় হৈ উঠিব খোজে। এইখিনিতে এই ৰং টো ভাল লাগিবলৈ আৰম্ভ কৰি দিয়ে। কিন্তু একে সময়তে মদাৰলৈয়ো মনত পৰি যায়। কি কামত আহে? খন্তেকীয়া ৰং বুলি মনটো তৎক্ষণাৎ উচাট্ মাৰি গুচি আহে। আকৰ্ষণ কেতিয়াবা ক্ষোভৰো হয় কাৰণ। গাত ৰঙা ৰং দেখিয়েই পবিতৰাৰ এটা শান্ত গঁড়্ হঠাৎ অশান্ত হৈ উঠিব পাৰে। সেই হিংস্ৰতাও এদিন নিজ চকুৰে দেখিছোঁ।

ৰঙা ৰং হেনো ভালপোৱাৰ প্ৰতীক। ( ঠিক ভালপোৱাৰ নহয়, প্ৰেমৰ। ভালপোৱাৰ কথাবোৰ অলপ বেলেগ। ভালপোৱাৰ কোনো ৰং থাকিব নোৱাৰে নিৰ্দিষ্টকৈ, ই স্বচ্ছ। ) ৰঙা প্ৰতীকেৰে প্ৰেমে সঁচাকৈ আকৰ্ষণেই কৰে। পিছে বিচ্ছেদৰ বেলিকা? ওহোঁ। ভালপাব নোৱাৰি আৰু এই ৰং। কিন্তু ইয়াৰ পিছতো চাদৰ-মেখেলা পিন্ধি, অকণো প্ৰসাধন নকৰাকৈ যেতিয়া অকল ৰঙা ফোঁটটো পিন্ধি লওঁ, আচৰিত ভাৱে নিজকে ধুনীয়া দেখোঁ। সমস্ত অৱয়বে যেন এই সৰু গোলাকাৰ পৃথিৱীৰ মায়াৰ বশ্যতা স্বীকাৰ কৰি ল’ব খোজে। আকৌ কৌতূহলত সোমাই পৰোঁ। অৱশ্যে, সেন্দূৰ যিমান ধুনীয়া ৰঙা নহওক কিয়, তাৰ প্ৰতি আকৰ্ষণ সমূলি অনুভৱ কৰিব পৰা নাই আজিলৈ। কাৰণ এটাই, ই ভাগ কৰে দুটা শ্ৰেণীক – সধৱা আৰু বিধৱা। যেন অঘোষিত সতৰ্কবাণী। তাই সেন্দূৰ পিন্ধিছে, চকু নিদিবি। তাইৰ সেন্দূৰ মচা গ’ল, ….পাৰি। নিৰাপত্তা আৰু নিৰাপত্তাহীনতাৰ মাজত ৰঙা সেন্দূৰৰ কি নিষ্ঠুৰ খেল ! নিজৰ আইতা আৰু দেখিছোঁ বহুতক, দুৱচা বয়সতো বগা সাজ পিন্ধি সমাজে মচি দিয়া সেন্দূৰকণ দুনাই নিপিন্ধাকৈ বৈধৱ্যৰ বহু বছৰ গণি গণি কটোৱা। মামণি ৰয়ছমৰ ‘নীলকণ্ঠী’তো দেখিছোঁ, বৈধৱ্যৰ বজ্ৰাঘাত। সেন্দূৰে দুৰ্বল কৰে নাৰীক। (মাত্ৰ এটা শ্ৰেণীৰ অলংকাৰবিধক সমগ্ৰ নাৰীসত্তাৰ ‘শক্তি- ঐশ্বৰ্য- বৈভৱ’ বুলি ক’বলৈ টান পাওঁ। আৰু বহু সময়ত ই মাত্ৰ এটা নিয়ম। আৱেগহীন নিয়ম।) সেন্দূৰ যদি প্ৰেমৰ প্ৰতীক হয়, তাত আপত্তি নাই। কিন্তু এটা চৰ্তত। মৃত্যু পৰ্যন্ত ইয়াক কঢ়িয়াব পাৰিব লাগিব। বেহু ভাঙি অটল গহ্বৰলৈকে ই পোহৰ লৈ যাব পাৰিব লাগিব। তেতিয়াহে বুজিম ইয়াৰ ৰং কিমান গভীৰ। বাকী, সকলোতে কেৱল নিয়মৰ সংযুতিয়েইতো আৰু জীৱনৰ নীতি বুলি ক’লে নহ’ব। নিয়মৰ আঁৰৰ নিয়ম বোৰ যে আৰু বেছি জীৱন্ত, সেই কথা কোনে বুজিব?

যুক্তি আৰু প্ৰত্যুত্তৰ । তুলাচনীত এনেকৈ জুখি থাকোঁ ৰংটোক।

: উজ্জ্বল ৰঙাই ৰঙীন কৰে মন, লৈ আহে উছাহ আৰু উদযাপন ।
: বেদনাদায়ক ঋতুস্ৰাৱৰ বেলিকা পিছে ?
: বেদনাতো প্ৰসৱতো থাকে । ৰঙাইতো জীৱনো আনে। ই সৃষ্টি ।
: গৰ্ভপাতৰ বেলিকা ? ঢাঁহি-মোহাৰি কিয় গুচি যায় তেন্তে ৰঙাৰ নৈ ?

এনেদৰেই মোৰ পাকঘূৰ্ণিৰ চাকনৈয়াত এটা প্ৰকৃতিৰ উৎপত্তি, এটা মীথৰ উৎপত্তি। উচ্চকাংক্ষাত, বাসনাত, তীব্ৰতাত ৰঙাৰ একেধাৰে ইমান বিজ্ঞাপন! পাটৰাণীৰো অহংকাৰী ৰং – ৰঙা । ধ্বংসতো নিষ্প্ৰভ নোহোৱা ৰং – ৰঙা ! স্পৰ্ধা নাই, আছে কেৱল কথাবোৰৰ মাজেৰে পিয়াপি দি ঘূৰি ফুৰা এক দুৰ্লংঘ্য কৌতূহল । ঠিক অয়স্কান্তৰ দৰে ।সমান্তৰালত বিকৰ্ষণো, সেয়ে – চুম্বকীয় । যেন সাঁথৰ । সাঁথৰৰ ৰঙো চাগে বুজিব নোৱাৰাকৈ – ৰঙা ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে