চ’ৰাঘৰ / শিল্প / সোঁৱৰণী বাটৰ খোজ : জোন (ধ্ৰুৱ ডেকা )ৰ সৈতে ( আমিনুল হক )
Self portrait of artist Dhruba Deka, in 1981

সোঁৱৰণী বাটৰ খোজ : জোন (ধ্ৰুৱ ডেকা )ৰ সৈতে ( আমিনুল হক )

এজন সহ শিল্পী হিচাপে বন্ধু ধ্ৰুৱ ডেকাৰ লগত এক দীঘলীয়া স্মৃতি জড়িত হৈ আছে। এজন সুদৰ্শন যুৱক — মাৰ্জিত ব্যৱহাৰে মন আকৰ্ষণ কৰাই নহয়, তেওঁৰ সান্নিধ্যলৈ অহা সকলোকে মোহিত কৰিছিল। এক সৰল আন্তৰিকতাৰে ঘাত-প্ৰতিঘাতৰ সমস্যা সমাধান কৰিব পাৰিছিল। শৃংখল, চৌখিন, অতিথিপৰায়ণ তেওঁৰ ব্যক্তিত্বৰ পৰিলক্ষিত গুণ। তেওঁৰ কোনো উচ্চ অভিলাষ নাছিল। কেৱল মানৱ দৰদী হৈ জনসম্পৰ্ক ৰক্ষা কৰা, শিল্প সাধনা কৰা আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডক এক সুস্থ সংগঠন হিচাপে প্ৰতিষ্ঠিত কৰাটোৱে জীৱনৰ ব্ৰত হিচাপে মানি লৈছিল।

লেখকৰ সৈতে ধ্ৰুব ডেকা

কলেজীয়া জীৱনৰ আৰম্ভণিতে ধ্ৰুৱ ডেকাৰ লগত মোৰ পৰিচয় ঘটিছিল। শিল্পকলাৰ অনুৰাগী হিচাপে দুয়োৰে বন্ধুত্ব দৃঢ় হৈ উঠিছিল আৰু সংগী হিচাপে হাতত তুলিকা লৈ শিল্পৰ পৃথিৱীত বাট বুলিছিলোঁ। শ্বিলঙৰ এডমাণ্ড কলেজৰ পৰা গুৱাহাটী বি বৰুৱা কলেজত নাম ভৰ্তি কৰিছিল। মই আৰ্য বিদ্যাপীঠ কলেজত অধ্যয়ন কৰিছিলোঁ আৰু দুয়ো কলেজ পৰ্যায়ত চিত্ৰশিল্পী হিচাপে পৰিচিত হ’বলৈ ধৰিলোঁ। অসমত সেই সময়ত হোৱা ভাষা আন্দোলনৰ শ্বহীদ অনিল, মোজাম্মিল আদিৰ প্ৰতিকৃতি অংকন কৰি দক্ষতা প্ৰকাশ কৰিছিলোঁ। ১৯৭২-৭৩ মানৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা যুৱ মহোৎসৱত সুকুমাৰ কলা প্ৰতিযোগিতাত ধ্ৰৱ ডেকা , ননী বৰপূজাৰী আৰু মই সোণ , ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিছিলো একাধিকবাৰ।

নগাঁও মহাবিদ্যালয়ৰ পৰা অংশগ্ৰহণ কৰা ননী বৰপূজাৰীয়ে পৰৱৰ্তী কালত গান্ধীবস্তিত থিতাপি লৈছিল। শিল্পী ৰাজেন হাজৰিকাৰ ঘৰো আছিল গান্ধীবস্তিত ।সেই সূত্ৰে আমাৰ মাজত আত্মীয়তা গঢ়ি উঠিছিল।গুৱাহাটী বিশ্ববিদ্যালয় যুব মহোৎসৱত বিভিন্ন প্ৰান্তৰ পৰা অহা বহুজন গায়ক, নাট্যকৰ্মী আৰু চিত্ৰশিল্পীৰ লগত পৰিচিত হৈ পৰৱৰ্তী কালত যোগাযোগ ৰক্ষা কৰিছিলোঁ। বিশ্ববিদ্যালয়ৰ পৰা ঘৰলৈ আমি সুদীৰ্ঘ বাট খোজ কাঢ়ি আহিছিলো নতুন উদ্যমেৰে বিভিন্ন বিষয়ৰ কথা পাতি পাতি। ইতিমধ্যে ধ্ৰুৱই বি বৰুৱা কলেজৰ আলোচনীৰ বেটুপাত আৰু মই আৰ্য বিদ্যাপীঠ কলেজৰ আলোচনীৰ বেটুপাত অলংকৰণ কৰি বন্ধু বান্ধৱী আৰু শুভাকাংক্ষীৰ পৰা প্ৰশংসা লাভ কৰিছিলোঁ। আমাৰ ক্ৰমে বন্ধু বান্ধৱীৰ সংখ্যা বাঢ়িছিল।তেওঁলোকৰ লগত কেৱল আড্ডাই নহয় তেওঁলোকৰ ঘৰলৈ গৈ এক ঘৰুৱা সম্পৰ্কও ঘটিছিল৷ ধ্ৰুৱই প্ৰায়ে মোক লগত লৈ বন্ধু-বান্ধৱীৰ ঘৰত অনুষ্ঠিত হোৱা বিবাহৰ তোৰণ সজা , মৰল অঁকা ,আল্পনা কৰি বহু সন্ধিয়া পাৰ কৰিছিলোঁ। উল্লেখনীয় কথা যে টি চি বালিকা বিদ্যালয়কে আদি কৰি বিভিন্ন প্ৰতিষ্ঠানত চমক লগা ধৰণে তোৰণ-দৃশ্যসজ্জাৰ কাম কৰি আমোদ লভিছিলোঁ, বিশেষকৈ সৰস্বতী পূজাত। সেই সময়ত বিদ্যালয় মহাবিদ্যালয়ৰ দৰ্শকক আকৰ্ষণ কৰিব পৰাকৈ এক প্ৰতিযোগিতা আৰম্ভ হৈছিল।

শিলপুখুৰীৰ কঁপিলী হোটেলত ধ্ৰৱ, মই, ৰাজেন হাজৰিকা আৰু মাজে মাজে ননীয়ে চাহ চিঙৰা খাই প্ৰায়ে ৰাওনা হৈছিলো নাতিদূৰত থকা শিল্পী পুলক গগৈৰ ঘৰলৈ।তাতেই লগ পাইছিলো কৰ্মপটু শিল্পী যোগেন শীলক। কেতিয়াবা গোস্বামী চাৰ্ভিচৰ সমীপত থকা শ্ৰদ্ধাৰ শিল্পী বেণু মিশ্ৰৰ অফিচ অৰ্থাৎ অসম চৰকাৰৰ জনসংযোগ বিভাগত লগ পাইছিলোঁ গোপাল প্ৰধান, ৰমেশ ঘোষ আৰু বিভিন্ন কলা কুশলীক। অসম চৰকাৰৰ জনসংযোগ বিভাগে আয়োজন কৰা বাণিজ্যিক প্ৰদৰ্শনীত বেণুদাই বিভিন্ন শিল্পকৰ্মত আমাক আত্মনিয়োগ কৰাৰ সুবিধা দিছিল। পৰৱৰ্তী কালতো ব্যক্তিগত ভাৱে আমি আৰু আৰ্টিষ্টছ গীল্ডৰ হৈ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা , অসম সাহিত্য সভা , কংগ্ৰেছ মহাসভা আদিত নক্সা কৰি, প্ৰদৰ্শনীৰ স্থল নিৰ্মাণ, দেৱাল চিত্ৰ অঁকা আদি বিভিন্ন ধৰণৰ কাম কৰি বহু কষ্টৰ সময় অতিবাহিত কৰিছিলোঁ। এবাৰ খানাপাৰাৰ জৱাহৰ নগৰত কংগ্ৰেছ মহাসভাৰ কাম সম্পূৰ্ণ কৰি ঘূৰি আহোতে চিটি বাছতে ঢলি পৰিছিল ধ্ৰুৱই। মোৰো লেবেজান অৱস্থা । তাৰ কাৰণ আছিল ভাগৰ, অনিদ্ৰা, অনাহাৰ।

অসমত সেই সময়ছোৱাত পুথি বা কিতাপৰ ছপা কাম, অলংকৰণ, বেটুপাত আদি কলিকতাৰ মুদ্ৰাণালয় আৰু তাৰ শিল্পীৰ দ্বাৰাই সমাপন কৰিছিল। ফলত অসমৰ শিল্পীসকলে জীৱিকাৰ বাট বিচাৰি নাপাইছিল। এই ক্ষেত্ৰত শ্ৰদ্ধেয় বেণু মিশ্ৰ, ত্ৰৈলোক্য দত্ত আদি কেইবাজনো শিল্পীৰ উদ্যোগত ছপা আৰু পুথি প্ৰকাশৰ কাম আৰম্ভ হ’বলৈ ধৰে। গুৱাহাটীৰ কেইবাটাও মুদ্ৰাণালয়ৰ ৰঙীন বেটুপাত অলংকৰণৰ কামত আমি অংশগ্ৰহণ কৰিছিলোঁ। ননীয়ে শৰাইঘাট প্ৰেছত কাম কৰিছিল আৰু আমি প্ৰায়েই তালৈকেও গৈছিলোঁ। ধ্ৰুৱৰ হাতৰ আখৰ সুন্দৰ। গতিকে ডিজাইন, লে-আউট আদি কামতো পাৰ্গত আছিল। সেই সময়ত বিভিন্ন আলোচনী, কিতাপ আদিত সুন্দৰ বেটুপাত অংকন কৰি উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। সত্তৰ দশকতে অসমৰ সংস্কৃতি জগতত এক সোণালী অধ্যায় আৰম্ভ হয়। সংগীত, নাটক, বোলছবি আৰু চিত্ৰ প্ৰদৰ্শনী আদিৰ এক সুস্থ বাতাবৰণ তৈয়াৰ হৈছিল। সেই সময়ত চিনে ক্লাৱৰ বিদেশৰ চিনেমাৰ লগত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ সৌভাগ্য হৈছিল। বিভিন্ন প্ৰতিষ্ঠিত সাহিত্যিক, বোলছবি, নাট্যশিল্পী, কবিৰ লগত আমাৰ আন্তৰিক আলাপ হৈছিল। উলুবাৰীৰ ফ্ৰেণ্ড এণ্টাৰপ্ৰাইজ, পাণবজাৰৰ কল্পনা, পিকাডেলি হোটেল আৰু নীলপৱন বৰুৱাৰ নেতৃত্বত স্থাপন হোৱা অসম ফাইন আৰ্টছ এণ্ড ক্ৰাফট চ’ছাইটি আছিল আমাৰ আড্ডাৰ থলী। ধ্ৰুৱ অবিহনে এনে যোগাযোগ সম্ভৱ নহ’লহেঁতেন।

১৯৭৬ চনত বেণুদাৰ নেতৃত্বত ৰাজেন হাজৰিকাৰ উদ্যোগত আৰু ধ্ৰুৱ ডেকাই দায়িত্ব লৈ গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ জন্ম দিলে লোকশিল্পৰ গৱেষক শ্ৰদ্ধাৰ বীৰেন্দ্ৰ নাথ দত্তৰ গৃহত। উদ্দেশ্য আছিল যাতে শিল্পীসকলে সামূহিকভাৱে গীল্ড হিচাপে শিল্পকৰ্মৰ যোগেৰে স্বাৱলম্বীতা আনিব পাৰে আৰু সুকুমাৰ কলাক জনসাধাৰণৰ মাজলৈ নি এক শিল্প বিপ্লৱৰ সূচনা কৰিব পাৰে। পৰ্যায়ক্ৰমে গীল্ডত – প্ৰবন্ধত উল্লেখ কৰা শিল্পী বন্ধুৰ বাহিৰেও শান্তিনিকেতনৰ পৰা পাছ কৰি অহা শিল্পী তপন বৰদলৈ, জ্ঞানেন্দ্ৰ বৰকাকতি, প্ৰণবিন্দু বিকাশ ধৰ, বিদ্যাৱতী সিং আদিকে কৰি শ্ৰদ্ধাৰ শিল্পী আশুদেৱ, বীৰেণ সিংহ, ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য, শৰৎ বৰুৱা, নৱকুমাৰ চৌধুৰী সদস্যভুক্ত হয়। শ্ৰীযুত বীৰেন্দ্ৰ নাথ দত্ত, নৱকান্ত বৰুৱা, যুগল দাস, কবি হীৰেন ভট্টাচাৰ্যৰ আশীৰ্বাদ আৰু কলা আলোচনী “চিহ্ন”ৰ প্ৰকাশত গীল্ডে প্ৰাণ পাই উঠিছিল। সেয়া এক অন্য অধ্যায় ।

আসাম ত্ৰিবিউনৰ পিছফালে পেঞ্চন পাৰাত ধ্ৰুৱ ডেকাৰ কোঠাত ছবি, কিতাপ, এখন বেহেলা আছিল আৰু তেওঁৰ SLR কেমেৰাত বন্দী কৰিছিল গীল্ডৰ কাৰ্যক্ৰমণিকাৰ শুভ মুহূৰ্তবোৰ৷ তাতো গীল্ডৰ সদস্য, নৱীন ছাত্ৰ-ছাত্ৰীক আহাৰ, জলপান দিয়াৰ উপৰি বিভিন্ন উপদেশ মূলক কিতাপ পঢ়িবলৈ দি শিল্পৰ লগত চিনাকি কৰি দিয়াই নহয় সকলোকে লগত লৈ মাজে মাজে নৈসৰ্গিক চিত্ৰৰ অনুশীলন কৰাইছিল। এবাৰ তেওঁ বহুতো জল ৰঙৰ ছবি লৈ কবি চিত্ৰ সমালোচক শ্ৰীযুত নীলমণি ফুকনকো দৰ্শন কৰাইছিল।এনেবোৰ কাৰণতে শিল্পীসকলৰ মাজত , উঠি অহা নৱীন চিত্ৰশিল্পী সকলৰ মাজত বিশেষ প্ৰভূত্ব লাভ কৰিছিল।

আজি গুৱাহাটী আৰ্টিষ্টছ গীল্ডে ৪০ টা বছৰ অতিক্ৰম কৰিলে।গীল্ডৰ এই সুদীৰ্ঘ যাত্ৰাৰ অন্তৰালত আছিল ধ্ৰুৱৰ ত্যাগ আৰু সহিষ্ণুতা। চান্দমাৰি উৰণীয়া সেঁতুৰ লগতে গীল্ডৰ স্থায়ী ভৱন হ’ল। তেওঁ নিজৰ জীৱিকাৰ বাবে ক’তো চাকৰি নকৰিছিল। চান্দমাৰিত থকা তেওঁৰ নিজ বাসভৱনতে “ধ্ৰুপদ” নামে এক কলা অনুষ্ঠান গঢ়ি জীৱন নিৰ্বাহ কৰিছিল।

মৃত্যুৰ আগমুহূৰ্তলৈকে গীল্ডৰ সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰি এক সুস্থ পৰিচালনা কৰিছিল ।ধ্ৰুৱ ডেকাৰ মৃত্যুৱে মোৰ হৃদয়ত দি গ’ল এক দীঘলীয়া স্মৃতি আৰু বিষাদ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে