বৃহস্পতিবাৰ , জুলাই 19 2018
চ’ৰাঘৰ / কথাশিল্প / কথাৰ কথকতা ( মদাৰজ্যোতি )

কথাৰ কথকতা ( মদাৰজ্যোতি )

কথাবোৰ আৰু কথা হৈ নাথাকিব
গহৰা কথাৰ লতাই চানিব সাধুকথাৰ ডাল-পাত
পাত হালধীয়া হ’ব
পচিব

মাটিৰ খনিজ কমি আহিব
ৰ’দৰ ৰাইয’বিয়ামো
সেউজীয়া গ্ৰহ এটাৰ সন্তুলনো

পাণ্ডুৰোগীৰ বৰণ ল’ব সেউজীয়াই
সোণাৰু সূৰুয ৰঙা দৈত্য

বোৱতী কথাত উটিব জাঁজি
জঁট বাঢ়িব সংস্কৃত কথাত
কথাৰ ভেৰণিত ককবকাব ভালপোৱাৰ
মসৃণ শব্দ
এই কথা গমিবলৈ প্ৰয়োজন
ঋকলৈ উভটনিৰ

অতীতলৈ নভটিয়াই কোনো
অতএব সত্যৰ পিঠিত শেলুৱৈ

ভবিতব্যৰ কাল স্থবিৰ ৰাখি চোৱা
শ্ৰোতাই বুজা নাই
বক্তাৰ হিবিজিবি কথা
শ্ৰোতাই বুজা নাই
বক্তাৰ শৰীৰী ভাষা
পুৰণি পৃথিৱীৰ আত্মিক ভাৱ-প্ৰবাহ

কথাবোৰ আৰু তোমাৰ হৈ নাথাকিব
বিকল হৈ আহিব বাণীবন্ধনৰ সঁজুলি
মহৎ বাণীবোৰ পোত যাব ইথাৰত

বোকা-বালিত সন্ধান কৰাৰ দৰেই মাণিক
নতুন পৃথিৱীৰ বাসিন্দাই খুঁচৰিব
শব্দ-তৰংগত কথাৰ বুৰঞ্জী

উপসংহাৰঃ

এসময়ত জীৱৰ উপযোগী এটা গ্ৰহ আছিল
তাত মানুহ বুলি পৰিচিত প্ৰজাতিটো
মানুহ নাছিল

উৎসৰ্গঃ “কথা” কবিতাৰ কবি অৰুণিমা দেৱীৰ হাতত ৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে