চ’ৰাঘৰ / সমকাল / বিজ্ঞান বচোৱাৰ আন্দোলন ( কৌশিক তালুকদাৰ )

বিজ্ঞান বচোৱাৰ আন্দোলন ( কৌশিক তালুকদাৰ )

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিয়েই আধুনিক ৰাষ্ট্ৰ এখনৰ প্ৰগতি নিৰ্ধাৰণ কৰে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, ৰাছিয়া, জাপান, ছুইদেন, ডেনমাৰ্ক, নিউজিলেণ্ড, জাৰ্মানী, কানাডা, কোৰিয়া, চীন, ইজৰাইল, ছিংগাপুৰ, কিউবা আদি সকলোবোৰ উন্নত দেশেই বিজ্ঞান-প্ৰযুক্তিত আধিপত্য বিস্তাৰ কৰি আহিছে ৷ ভাৰতবৰ্ষৰ দৰে উন্নয়ণশীল ৰাষ্ট্ৰ এখনে বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰে বিশ্বজয় কৰাৰ প্ৰবল সম্ভাৱনা থকা স্বত্ত্বেও কেতবোৰ ৰাজনৈতিক আৰু শৈক্ষিক নীতিৰ প্ৰভাৱত সেয়া হৈ উঠা নাই ৷ ভাৰতীয় মূলৰ বহুতো বিজ্ঞানীয়ে বিদেশত থাকি অতি উন্নত মানৰ গৱেষণা কৰি, অভিনৱ প্ৰযুক্তিৰ উদ্ভাৱন কৰি ভাৰতীয় লোকৰ প্ৰতিভা আৰু মেধাৰ কথা বিশ্বৰ আগত সদম্ভে ঘোষণা কৰি আহিছে যদিও ভাৰতীয় বিজ্ঞানক্ষেত্ৰখনে অনুৰূপ চমৎকাৰ বা সফলতা দেখুৱাব পৰা নাই যাৰ ফলত ভাৰতে আজিও বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰখনত উন্নত দেশবোৰৰ সমান আগবাঢ়িব পৰা নাই ৷ অৱশ্যে সময়ে সময়ে ভাৰতে বিজ্ঞান-প্ৰযুক্তিৰ সাফল্যৰে বিশ্ববাসীক চমক খুৱাবলৈ সক্ষম হৈছে যদিও সেয়া যথেষ্ট নহয় ৷ আনহাতে, ৰক্ষণশীল, বিজ্ঞানবিৰোধী চৰকাৰ তথা সংগঠন কিছুমানে ভাৰতীয় ঐতিহ্যৰ প্ৰেমত অন্ধহৈ আমাৰ শিক্ষা-ব্যৱস্থাত কেতবোৰ ভিত্তিহীন কল্পকাহিনী আৰু অপবিজ্ঞানৰ অন্তৰ্ভূক্তিৰে প্ৰকৃত বিজ্ঞানমনস্কতা আৰু বিশুদ্ধ বিজ্ঞানক একপ্ৰকাৰ কোঙা কৰি পেলাইছে ৷

কেন্দ্ৰত বিজেপি চৰকাৰ গঠন হোৱাৰ পিচত অবৈজ্ঞানিক শিক্ষা প্ৰচাৰ আৰু প্ৰসাৰৰ ধাৰাটো বেছি শক্তিশালী হৈ আহিছে ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰাচীন ভাৰতীয় বিজ্ঞানৰ গৌৰৱশালী ইতিহাসৰ কথা ক’বলৈ গৈ কেতবোৰ অবৈজ্ঞানিক কথা কৈছে যাৰ ফলত সমগ্ৰ বিশ্বৰ আগত ভাৰতৰ বিজ্ঞান ক্ষেত্ৰখন হাঁহিয়াতৰ পাত্ৰ হ’বলগীয়া হৈছে ৷ কোনো তথ্য-প্ৰমাণ তথা বৈজ্ঞানিক যুক্তি নোহোৱাকৈ হিন্দু মাইথ’ল’জীৰ কাহিনী কিছুমানক বিজ্ঞান হিচাপে প্ৰক্ষেপ কৰাটো দুৰ্ভাগ্যজনকে নহয়, প্ৰকৃত বিজ্ঞানক সমাধিস্থ কৰি অপবিজ্ঞান প্ৰতিষ্ঠা কৰাৰ আত্মঘাতী কৌশলো ৷ হিন্দু ধৰ্মশাস্ত্ৰত উল্লেখ থকা কেতবোৰ কথা বা ঘটনা, যেনে- পুস্কৰ বিমান, গণেশ দেৱতা, গান্ধাৰীৰ এশপুত্ৰৰ জন্ম-ৰহস্য আদিৰ আলমত, কোনো বিজ্ঞানসন্মত তথ্য-প্ৰমাণ আৰু যুক্তি নোহোৱাকৈয়ে প্ৰাচীন ভাৰতত বিমান উৰোৱা, প্লাষ্টিক ছাৰ্জাৰী কৰা, ‘টেষ্টটিউব’ শিশুৰ জন্ম দিয়া হৈছিল বুলি এচাম বিজ্ঞানবিৰোধীলোকে ভাৰতীয় ঐতিহ্যৰ অন্ধ উপাসনা কৰা শাসকৰ অনুগ্ৰহত প্ৰচাৰ চলাই আহিছে ৷ ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ অধিবেশনত আনকি আধুনিক বিজ্ঞানেৰে ব্যাখ্যা কৰিব নোৱাৰা কেতবোৰ অপবিজ্ঞানকে বিজ্ঞান বুলি প্ৰচাৰ কৰি ভাৰতৰ বিজ্ঞানপ্ৰেমী মহলক চিন্তিত আৰু শংকিত কৰি তুলিছে ৷ সেয়েহে নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ বিজ্ঞানী ভেংকটৰমণ ৰামাকৃষ্ণনে বিজ্ঞান কংগ্ৰেছৰ অধিবেশনক ইতিমধ্যে ‘চাৰ্কাছ’ বুলি অভিহিত কৰিছে ৷ সচেতন আৰু বিজ্ঞানমনস্ক ভাৰতীয়ৰ প্ৰতিবাদৰ পিচতো চৰকাৰে কাণ-সাৰ নকৰি হিন্দু ধৰ্মীয় উপাখ্যানৰ কাহিনী কিছুমানক বিজ্ঞান বুলি প্ৰতিষ্ঠা কৰিবলৈ উঠি পৰি লাগি আছে৷ এহাতে বিজ্ঞান-প্ৰযুক্তিৰ গৱেষণাৰ বাবে পুঁজিৰ আবণ্টন কমাই দিছে আৰু অন্যহাতে, অপবিজ্ঞানক বিজ্ঞান বুলি প্ৰচাৰ কৰাৰ এজেণ্ডা হাতত লৈছে ৷ এয়া নিশ্চয়কৈ চৰকাৰৰ প্ৰগতিবিৰোধী, বিজ্ঞানবিৰোধী এজেণ্ডা ৷

উল্লেখযোগ্য যে বৈজ্ঞানিক অনুসন্ধান আৰু গৱেষণাৰ বাবে ভাৰতে মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ৰ মাত্ৰ ০.৮%-০.৯% ব্যয় কৰে ৷ কিন্তু বেছিভাগ উন্নত দেশেই ৩%তকৈ বেছি খৰছ কৰে ৷ উদাহৰণস্বৰূপে, বিজ্ঞান-প্ৰযুক্তিৰ গৱেষণাৰ বাবে দক্ষিণ কোৰিয়াই খৰছ কৰে ৪.১৫%, জাপানে ৩.৪৭%, ছুইডেনে ৩.১৬% আৰু ডেনমাৰ্কে ৩.০৮% ৷ সেয়ে ভাৰতৰ বিজ্ঞান-প্ৰযুক্তিৰ লগত জড়িত সকলো লোকেই (বিজ্ঞানী, গৱেষক-গৱেষিকা, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু কিছু সচেতন নাগৰিক) গৱেষণাৰ বাবে অতি কমেও জিডিপিৰ ৩% পুঁজি ধাৰ্য কৰাৰ বাবে দাবী জনাই ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে ৷ যোৱা ৯ আগষ্টত দেশৰ বহুকেইখন চহৰত (প্ৰায় ২৫ খন) বিজ্ঞান বচোৱাৰ বাবে বিজ্ঞানপ্ৰেমীসকলে ‘India March for Science’ নামৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ৷ কোৱা বাহুল্য, বিজ্ঞানমনস্ক আৰু প্ৰগতিশীল শিক্ষা-ব্যৱস্থাইহে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ মূল ভেটি তৈয়াৰ কৰে ৷ গতিকে বিজ্ঞান আৰু প্ৰযুক্তিৰে বিশ্বজয় কৰিবলৈ হ’লে পোনপ্ৰথমে চৰকাৰে শিক্ষা-ব্যৱস্থাৰ উন্নতিৰ বাবে পৰ্যাপ্ত পুঁজি যোগান ধৰাৰ লগতে তথ্য-প্ৰমাণভিত্তিক, আধুনিক আৰু বিজ্ঞানসন্মত পাঠ্যক্ৰম তৈয়াৰ কৰিব লাগিব ৷ ভাৰতবৰ্ষই শিক্ষাৰ বাবে জিডিপিৰ প্ৰায় ৩.৬% ব্যয় কৰাৰ পৰিৱৰ্তে আমেৰিকা যুক্তৰাষ্ট্ৰই ৬.৪%, নিউজিলেণ্ডে ৬.৯%, উত্তৰ কোৰিয়াই ৬.৭%, ন’ৰৱেই ৬.৫%, ইজৰাইলে ৬.৫%, ডেনমাৰ্কে ৮.৭%, বেলজিয়ামে ৬.৬%, ফিনলেণ্ডে ৬.৮% আৰু কিউবাই ১২.৪% ব্যয় কৰে ৷ সেয়ে ভাৰতত বিজ্ঞানসন্মত শিক্ষা-ব্যৱস্থাৰ ভেটি সুদৃঢ় কৰাৰ বাবে আৰু আন্তঃগাঠনি উন্নত কৰাৰ উদ্দেশ্যে চৰকাৰে জিডিপিৰ অতি কমেও ১০% ব্যয় কৰিব লাগে বুলি বিজ্ঞানীমহলে প্ৰধানমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰিছে ৷ আশা কৰিছোঁ, বিজ্ঞানীমহলৰ এই প্ৰচেষ্টাই প্ৰধানমন্ত্ৰী তথা চৰকাৰৰ জ্ঞানচকু মুকলি কৰিব ৷ অন্যথা স্বয়ং চৰকাৰেই প্ৰকৃত বিজ্ঞানৰ মুখাগ্নি কৰি ভাৰতীয় সমাজক মান্ধাতাযুগলৈ লৈ যাব যে সেয়া ধুৰূপ ৷

(‘নিয়মীয়া বাৰ্তা’ত পূৰ্ব প্ৰকাশিত)

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে